13.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অনেক দেহধাৰীৰ পৰা প্ৰীতি আঁতৰাই এক বিদেহী পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ সকলো অংগ শীতল হৈ যাব”

প্ৰশ্ন:
যিসকল দৈৱীকুলৰ আত্মা, তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
1) দৈৱীকুলৰ আত্মাসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি সহজে বৈৰাগ্য জন্মিব। 2) তেওঁলোকৰ বুদ্ধি বেহদত থাকিব। শিৱালয়লৈ যাবৰ কাৰণে তেওঁলোকে পাৱন ফুল হ’বলৈ পুৰুষাৰ্থ কৰিব। 3) কোনো আসুৰিক আচৰণ নকৰিব। 4) নিজৰ খতিয়ান ৰাখিব যে কোনো আসুৰিক কৰ্মতো নকৰিলোঁ? পিতাক সঁচা কথা শুনাব। একোৱে লুকুৱাই নাৰাখিব।

গীত:
ন ৱহ হমসে জুদা হোঙ্গে, ন উলফত দিল সে নিকলেগী... (তেওঁ আমাৰ পৰা বিচ্ছেদ নহ’ব আৰু আমাৰ অন্তৰৰ পৰা মৰম আঁতৰি নাযাব…...)

ওঁম্শান্তি।
এতিয়া এইবোৰ হৈছে বেহদৰ কথা। হদৰ কথাবোৰ শেষ হৈ যায়। জগতততো বহুতক স্মৰণ কৰা হয়, অনেক দেহধাৰীৰ সৈতে প্ৰীতি আছে। বিদেহী এজনেই, যাক “পৰমপিতা পৰমাত্মা শিৱ” বুলি কোৱা হয়। তোমালোকে এতিয়া তেওঁৰ সৈতেই বুদ্ধিৰে যোগযুক্ত হ’ব লাগে। কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। ব্ৰাহ্মণ আদিক খুউৱা, এই সকলোবোৰ হ’ল কলিযুগৰ নীতি-নিয়ম। তাৰ নীতি-নিয়ম আৰু ইয়াৰ নীতি-নিয়ম একেবাৰে পৃথক। ইয়াত কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। যেতিয়ালৈকে সেইটো অৱস্থা নাহে তেতিয়ালৈকে পুৰুষাৰ্থ চলি থাকে। পিতাই কয় - যিমান সম্ভৱ পুৰণি সৃষ্টিৰ পৰা যিসকল গ’ল বা যিসকল আছে সেই সকলোকে পাহৰি যাব লাগে। গোটেই দিন বুদ্ধিত এয়াই মন্থন চলি থাকিব লাগে যে কাৰোবাক কি বুজাম। সকলোকে ক’ব লাগে যে আহি বিশ্বৰ অতীত, বৰ্তমান আৰু ভবিষ্যতক বুজি লওঁক, যাৰ বিষয়ে কোনেও নাজানে। অতীত অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হ’ল। বৰ্তমান এতিয়া কি হৈ আছে। আৰম্ভ হৈছে সত্যযুগৰ পৰা। গতিকে সত্যযুগৰ পৰা এতিয়ালৈকে আৰু ভৱিষ্যতে কি হ’ব – সেয়া জগতৰ লোকে একেবাৰেই নাজানে। তোমালোক সন্তানসকলে জানা সেইকাৰণে চিত্ৰ আদি অংকন কৰা। এইখন হৈছে বেহদৰ বিশাল নাটক। সেই মিছা হদৰ নাটকতো বহুত ৰচনা কৰে। কাহিনী লিখোঁতাজন বেলেগ হয় আৰু নাটকৰ দৃশ্যপট প্ৰস্তুত কৰোঁতা বেলেগ থাকে। এই সকলো ৰহস্য এতিয়া তোমালোকৰ বুদ্ধিত আছে। এতিয়া যি কিছু দেখিবলৈ পোৱা সেয়া নাথাকিবগৈ। বিনাশ হৈ যাব। সেয়েহে তোমালোকে সত্যযুগৰ দৃশ্যপট বহুত ভালকৈ দেখুৱাবলগীয়া হয়। যেনেকৈ আজমেৰত সোণৰ দ্বাৰকা আছে, গতিকে তাৰ পৰাও দৃশ্যপট লৈ বেলেগে নতুন সৃষ্টি তৈয়াৰ কৰি দেখুওৱা। এই পুৰণি সৃষ্টিত জুই লাগিব, ইয়াৰো নক্সাতো আছে নহয়। আৰু এয়া নতুন সৃষ্টি উদিত হৈ আছে। এনেকুৱা খেয়াল কৰি ভালকৈ তৈয়াৰ কৰিব লাগে। এয়াতো তোমালোকে বুজি পোৱা। এই সময়ত মনুষ্য যেন একেবাৰে পাথৰ (পতিত) বুদ্ধিৰ। তোমালোকে কিমান বুজোৱা তথাপিও বুদ্ধিত ধাৰণ নহয়। যেনেকৈ নাটকৰ কৰ্মীসকলে সুন্দৰ দৃশ্যপট প্ৰস্তুত কৰে, তেনেকৈ কাৰোবাৰ সহায় লৈ স্বৰ্গৰ দৃশ্যপট অতি সুন্দৰকৈ প্ৰস্তুত কৰিব লাগে। তেওঁলোকে ভাল ধাৰণা দিব। সেয়া প্ৰস্তুত কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে ক’ব। তেওঁলোকক বুজাই ইমান সুন্দৰকৈ প্ৰস্তুত কৰিব লাগে যাতে মনুষ্যই আহি বুজে। যথাযথ সত্যযুগততো এটাই ধৰ্ম আছিল। তোমালোক সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰি আছে যাৰ ধাৰণা হয়। দেহ-অভিমানী বুদ্ধিক ছিঃ ছিঃ বুলি কোৱা হয়। দেহী-অভিমানীক ফুল বুলি কোৱা হয়। এতিয়া তোমালোক ফুল হৈ আছা। দেহ-অভিমানী হৈ থাকিলে কাঁইট কাঁইটেই হৈ থাকি যায়। তোমালোক সন্তানসকলৰতো এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। তোমালোকৰ হৈছে বেহদৰ বুদ্ধি, বেহদৰ বৈৰাগ্য। আমি এই বেশ্যালয়ক বহুত ঘিণ কৰোঁ। এতিয়া আমি শিৱালয়লৈ যাবলৈ ফুল হৈ আছোঁ। ফুল হৈ থাকোঁতেও যদি কোনোবাই এনেকুৱা বেয়া আচৰণ কৰে তেন্তে বুজা যায় যে তেওঁলোকৰ ভিতৰত এতিয়াও ভূত প্ৰৱেশ হৈ আছে। একেখন ঘৰতে পতি হংস হৈ আছে, পত্নীয়ে যদি বুজি নাপায় তেন্তে বহুত কঠিনতা হয়। সহন কৰিবলগীয়া হয়। বুজা যায় এওঁৰ ভাগ্যত নাই। সকলোৱেতো দেৱকুলৰ নহ’ব, যিসকল হ’বলগীয়া আছে, তেওঁলোকহে হ’ব। বহুতৰে বেয়া আচৰণৰ খবৰ আহে। এইটো এইটো আসুৰিক গুণ আছে সেইকাৰণে বাবাই নিতৌ বুজায়, ৰাতি নিজৰ খতিয়ান চাবা যে আজি মই কোনো আসুৰিক কামতো নকৰিলোঁ? বাবাই কয় - গোটেই আয়ুস (জীৱনত) যি ভুল কৰিছা সেইবোৰ কৈ দিয়া। যদি কিবা বিষম ভুল কৰে তেন্তে ছাৰ্জনক ক’বলৈ লাজ কৰে কিয়নো সন্মান হানি হ’ব। নক’লে আকৌ লোকচান হৈ যায়। মায়াই এনেকৈ থাপৰ মাৰে যে একেবাৰে সৰ্বনাশ কৰি দিয়ে। মায়া বৰ শক্তিশালী। 5 বিকাৰৰ ওপৰত বিজয়ী হ’ব নোৱাৰিলে তেন্তে পিতায়ো কি কৰিব।

পিতাই কয় – মই কৰুণাময়ো হওঁ আকৌ কালৰো কালো (মহাকাল) হওঁ। মোক আহ্বানেই জনাইছে - হে পতিত পাৱন আহি পাৱন কৰি তোলক। মোৰ নামতো দুয়োটাই হয় নহয়। কেনেকৈ কৰুণাময় হওঁ, আকৌ কালৰো কাল হওঁ, সেই ভূমিকা এতিয়া পালন কৰি আছোঁ। কাঁইটক ফুল কৰি তোলোঁ সেয়েহে তোমালোকৰ বুদ্ধিত সেইটো আনন্দ আছে। অমৰনাথ পিতাই কয় - তোমালোক সকলো পাৰ্বতী। এতিয়া তোমালোকে মামেকম্‌ (কেৱল মোক) স্মৰণ কৰিলে অমৰপুৰীলৈ গুচি যাবাগৈ। আৰু তোমালোকৰ পাপ নাশ হৈ যাব। সেই (পাৰ্থিৱ তীৰ্থ) যাত্ৰা কৰিলে তোমালোকৰ পাপ নাশতো নহয়। এয়া হৈছে ভক্তিমাৰ্গৰ যাত্ৰা। বহুত লোকে সন্তানসকলক এইটো প্ৰশ্নও সোধে যে খা-খৰচ কেনেকৈ যোগাৰ হয়। কিন্তু কোনেও বাবাক এইটো খবৰ নিদিয়ে যে মই এনেকৈ সঁহাৰি জনালোঁ। ইমানবিলাক ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ আছে গতিকে আমিয়েই নিজৰ কাৰণে খৰচ বহন কৰিম নহয়। ৰাজ্যও শ্ৰীমতৰ আধাৰত আমি স্থাপনা কৰি আছোঁ নিজৰ কাৰণে। ৰাজত্বও আমি কৰিম। ৰাজযোগ আমি শিকোঁ তেন্তে খৰচো আমিয়ে বহন কৰিম। শিৱবাবাইতো অবিনাশী জ্ঞান ৰত্ন দান কৰে, যাৰ দ্বাৰা আমি ৰজাৰো ৰজা হওঁগৈ। যিসকল সন্তানে পঢ়িব তেওঁলোকেই খৰচ বহন কৰিব নহয়। বুজোৱা উচিত যে আমি নিজৰ খৰচ নিজে বহন কৰোঁ, আমি কোনো ভিক্ষা বা দান নলওঁ। কিন্তু সন্তানসকলে কেৱল লিখি পঠিয়ায় যে এইটোও সোধে সেইকাৰণে পিতাই কৈছিল - যিসকলে গোটেই দিন সেৱা কৰে তেওঁলোকে সন্ধিয়া খতিয়ান দিয়া উচিত। ইয়াৰো বিচাৰপীঠ থাকিব লাগে। বাকী আহোঁতেতো বহুতেই আহে। তেওঁলোক সকলো প্ৰজা হয়গৈ, উচ্চপদ প্ৰাপ্ত কৰোঁতাৰ সংখ্যা বহুত কম। ৰজা কমসংখ্যক হয়, চহকীও কমসংখ্যক হয়। বাকী গৰিব বহুত। ইয়াতো এনেকুৱা গতিকে দৈৱী সৃষ্টিতো এনেকুৱাই হ’ব। ৰাজধানী স্থাপনা হয়, তাত ক্ৰমানুসৰি সকলোৰে প্ৰয়োজন। পিতা আহি ৰাজযোগ শিকাই আদি সনাতন দৈৱী ৰাজধানী স্থাপনা কৰায়। দৈৱী ধৰ্মৰ ৰাজধানী আছিল, এতিয়া নাই। পিতাই কয়, মই পুনৰ স্থাপনা কৰোঁ। গতিকে কাৰোবাক বুজাবলৈ চিত্ৰও এনেকুৱা লাগে। বাবাৰ মুৰুলী শুনিবা, সেইমতে কৰিবা। দিনে-প্ৰতিদিনে শুধৰণিওতো হৈ থাকে। তোমালোকে নিজৰ অৱস্থাকো লক্ষ্য কৰি থাকিবা কিমান শুধৰণি হৈ গৈ থাকে। পিতা আহি আৱৰ্জনাৰ পৰা উদ্ধাৰ কৰে, যিয়ে যিমানে বহুতক উদ্ধাৰ কৰাৰ সেৱা কৰিব সিমানে উচ্চ পদ পাব। তোমালোক সন্তানসকলতো একেবাৰে ক্ষীৰখণ্ড হৈ থকা উচিত। পিতাই তোমালোকক সত্যযুগতকৈও ইয়াত অধিক উচ্চ কৰি তোলে। পিতা ঈশ্বৰে পঢ়ায় গতিকে তেওঁক নিজৰ পঢ়াৰ চমৎকাৰ দেখুৱাব লাগে তেতিয়াতো পিতাও উৎসৰ্গিত হৈ যাব। অন্তৰত উদয় হ’ব লাগে – বচ্‌, এতিয়াতো আমি ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ বেপাৰেই কৰিম। এই চাকৰি আদি কৰা, সেয়াতো কৰি থাকিবা। প্ৰথমে নিজৰ উন্নতিৰ বাবেতো কৰা। হওঁতে বহুত সহজ। মনুষ্যই সকলো কৰিব পাৰে। গৃহস্থালিত থাকি ৰজাৰ পদ পাব লাগে সেইকাৰণে নিতৌ নিজৰ খতিয়ান উলিয়াবা। গোটেই দিনটোৰ লাভ আৰু লোকচানৰ খতিয়ান উলিয়াবা। খতিয়ান নুলিয়ালে শুধৰণি হোৱা বহুত কঠিন। পিতাৰ কথা নামানে। নিতৌ লক্ষ্য কৰা উচিত - মই কাৰোবাক দুখতো নিদিলোঁ? পদ বহুত উচ্চ, প্ৰচুৰ উপাৰ্জন আছে। নহ’লে পাছত কান্দিব লাগিব। দৌৰ হয় নহয়। কোনোৱেতো লাখ টকা উপাৰ্জন কৰে, কোনোবা কঙাল আকৌ কঙাল হৈয়ে থাকি যায়।

এতিয়া তোমালোকৰ হৈছে ঈশ্বৰীয় দৌৰ, ইয়াত কোনো দৌৰ আদি মাৰিব নালাগে মাত্ৰ বুদ্ধিৰে মৰমৰ পিতাক স্মৰণ কৰিব লাগে। কিবা ভুল হ’লে ততালিকে শুনাই দিয়া উচিত। বাবা, মোৰ দ্বাৰা এইটো ভুল হ’ল। কৰ্মেন্দ্ৰিয়ৰে এইটো ভুল কৰিলোঁ। পিতাই কয় – ভুল-শুদ্ধতো বিচাৰ কৰাৰ বুদ্ধি পাইছা গতিকে এতিয়া ভুল কাম কৰিব নালাগে। যদি ভুল কাম কৰি দিয়া তেন্তে অনুতাপ কৰিব লাগে - বাবা তৌবা তৌবা, ক্ষমা কৰিব, কিয়নো পিতা এতিয়া ইয়াত শুনিবৰ কাৰণে বহি আছে। যি বেয়া কাম হৈ যায় ততালিকে কৈ দিবা বা লিখিবা – বাবা, এইটো বেয়া কাম হ’ল, তেতিয়া তোমালোকৰ আধা দোষ মাৰ্জনা হৈ যাব। এনেকুৱা নহয় যে মই কৃপা কৰিম। ক্ষমা বা কৃপা এক পইচাও নহ’ব। সকলোৱে নিজকে শুধৰাব লাগে। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ হ’ব। অতীতৰো বিকৰ্ম যোগবলৰ দ্বাৰা খণ্ডন হৈ গৈ থাকিব। পিতাৰ হৈ আকৌ পিতাৰ নিন্দা নকৰাবা। সৎগুৰুৰ নিন্দকে উচ্চ পদ নাপায়। তোমালোকে পদ পোৱা - বহুত উচ্চ। অন্য গুৰুসকলৰ ওচৰত কোনো ৰাজকীয় পদ আছে জানো। ইয়াত তোমালোকৰ লক্ষ্য-উদ্দেশ্য আছে। ভক্তিমাৰ্গত কোনো লক্ষ্য-উদ্দেশ্য নাথাকে। যদি থাকেও তেন্তে সেয়া অলপ সময়ৰ কাৰণে। ক’ত 21 জন্মৰ সুখ, ক’ত পাই-পইচাৰ অলপ সুখ। এনেকুৱা নহয় যে ধনেৰে সুখ হয়। দুখো কিমান হয়। বাৰু – ধৰি লোৱা কোনোবাই হস্পিতেল স্থাপনা কৰি দিলে তেন্তে পৰৱৰ্তী জন্মত ৰোগ কম হ’ব। এনেকুৱাতো নহয় যে বহুত শিক্ষা পাব। ধনো বহুত পাব। তাৰ কাৰণেতো আকৌ সকলোবোৰ কৰা। কোনোবাই ধৰ্মশালা স্থাপনা কৰি দিলে তেন্তে পৰৱৰ্তী জন্মত মহল পাব। এনেকুৱা নহয় যে স্বাস্থ্যৱান (নিৰোগী) হৈ থাকিব। নহয়। গতিকে পিতাই কিমান কথা বুজায়। কোনোৱেতো ভালদৰে বুজি লৈ আনক বুজায়, কোনোৱেতো বুজিয়ে নাপায়। গতিকে সদায় খতিয়ান উলিয়াবা। আজি কি পাপ কৰিলোঁ? এইটো কথাত অকৃতকাৰ্য হ’লোঁ। পিতাই ৰায় দিব যে এনেকুৱা কাম কৰা উচিত নহয়। তোমালোকে জানা যে আমিতো এতিয়া স্বৰ্গলৈ যাম। সন্তানসকল ইমান আনন্দিত হৈ নাথাকে। বাবা (ব্ৰহ্মাবাবা) কিমান আনন্দিত হয়। মই বুঢ়া, এই শৰীৰ এৰি মই ৰাজকুমাৰ হ’বলৈ গৈ আছোঁ। তোমালোকেও পঢ়া গতিকে আনন্দৰ সীমা থাকিব নালাগে। কিন্তু পিতাক স্মৰণেই নকৰে। পিতাই কিমান সহজকৈ বুজায়, তেওঁলোকে ইংৰাজী আদি পঢ়াত কিমান মগজ নষ্ট কৰে। বহুত কঠিনতাৰ সন্মুখীন হয়। এয়াতো বহুত সহজ। এই আত্মিক পঢ়াৰ দ্বাৰা তোমালোক শীতল হৈ যোৱা। ইয়াততো কেৱল পিতাক স্মৰণ কৰি থাকিলে অংগ একেবাৰে শীতল হৈ যাব। শৰীৰতো তোমালোকৰ আছে নহয়। শিৱবাবাৰতো শৰীৰ নাই। শ্ৰীকৃষ্ণৰ কৰ্মেন্দ্ৰিয় আছে। তেওঁৰ কৰ্মেন্দ্ৰিয়তো শীতল হয়েই সেইকাৰণে তেওঁৰ নাম ৰাখি দিছে। এতিয়া তেওঁৰ সংগ কেনেকৈ পোৱা যাব। তেওঁতো থাকেই সত্যযুগত। তেওঁৰো কৰ্মেন্দ্ৰিয় এনেকুৱা শীতল কোনে কৰিলে? এয়া তোমালোকে এতিয়া বুজি পোৱা। সেয়েহে এতিয়া তোমালোক সন্তানসকলেও ইমান ধাৰণা কৰিব লাগে। হাই-কাজিয়া মুঠেও কৰিব নালাগে। সঁচা কথা ক’ব লাগে। মিছা কথা ক’লে সৰ্বনাশ হৈ যায়।

পিতাই তোমালোক সন্তানসকলক আদিৰ পৰা অন্তলৈকে সকলো কথা বুজায়। চিত্ৰও ভাল ভাল অংকন কৰা যিবোৰ সকলোৰে ওচৰলৈ পঠিয়াই দিব পাৰি। ভাল বস্তু দেখিলে ক’ব - ব’লা গৈ চাওঁ। বুজোৱাসকলো বিচাৰ বুদ্ধি সম্পন্ন হ’ব লাগে। সেৱা কৰিবলৈও শিকিব লাগে। ভাল ব্ৰাহ্মণীও লাগে যিয়ে নিজৰ সমান কৰি গঢ়ি তুলিব পাৰে। যিয়ে নিজৰ সমান পৰিচালক কৰি গঢ়ি তোলে তেওঁলোকক ভাল ব্ৰাহ্মণী বুলি কোৱা হ’ব। তেওঁলোকে পদো উচ্চ পাব। শিশুসুলভ বুদ্ধিও হ’ব নালাগে, নহ’লেতো উঠাই লৈ যাব। ৰাৱণ সম্প্ৰদায় আছে নহয়। এনেকুৱা ব্ৰাহ্মণী তৈয়াৰ কৰা যিয়ে পৰৱৰ্তী সময়ত সেৱাকেন্দ্ৰৰ তত্বাৱধান ল’ব পাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাক নিজৰ পঢ়াৰ চমৎকাৰ দেখুৱাব লাগে। ভাৰতক স্বৰ্গ কৰি তোলাৰ বেপাৰত লাগি যাব লাগে। প্ৰথমে নিজৰ উন্নতিৰ খেয়াল কৰিব লাগে। মিলা-প্ৰীতিৰে থাকিব লাগে।

(2) কিবা ভুল হ’লে পিতাৰ ওচৰত ক্ষমা বিচাৰি নিজেই নিজক শুধৰাব লাগে। পিতাই কৃপা নকৰে, পিতাৰ স্মৃতিৰে বিকৰ্ম নাশ কৰিব লাগে, নিন্দনীয় কোনো কৰ্ম কৰিব নালাগে।

বৰদান:
জ্ঞানৱানৰ বিশেষত্বৰে সংস্কাৰৰ সংঘাতৰ পৰা হাত সাৰি থাকোঁতা পদুম ফুলৰ দৰে উৰ্দ্ধত আৰু সাক্ষী হোৱা

সংস্কাৰতো অন্তলৈকে কাৰোবাৰ দাসীৰ থাকিব, কাৰোবাৰ ৰজাৰ। সংস্কাৰ সলনি হোৱাৰ অপেক্ষা নকৰিবা। কিন্তু মোৰ ওপৰত যাতে কাৰো প্ৰভাৱ নপৰে, কিয়নো এটাতো প্ৰত্যেকৰে সংস্কাৰ ভিন্ন, দ্বিতীয়তে মায়াৰো ৰূপ হৈ আহে, সেই কাৰণে যিকোনো কথাৰ নিৰ্ণয় মৰ্যাদা ৰেখাৰ ভিতৰত থাকি কৰা, সংস্কাৰ ভিন্ন ভিন্ন হোৱা সত্ত্বেও যাতে সংঘাত নহয় তাৰ বাবে জ্ঞানৱান হৈ পদুম ফুলৰ দৰে উৰ্দ্ধত থাকা আৰু সাক্ষী হোৱা।

স্লোগান:
জোৰ কৰি কৰা বা পৰিশ্ৰম কৰাৰ সলনি ৰমণীয়তাৰে পুৰুষাৰ্থ কৰা।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পৱিত্ৰতা হৈছে সুখ-শান্তিৰ জননী। য’ত পৱিত্ৰতা আছে ত’ত দুখ-অশান্তি আহিব নোৱাৰে। সেয়েহে পৰীক্ষা কৰা সদায় সুখৰ শৰ্যাত আৰামত অৰ্থাৎ শান্ত স্বৰূপত বিৰাজমান হৈ আছানে? ভিতৰত ‘কিয়’, ‘কি’ আৰু ‘কেনেকৈ’ৰ বিভ্ৰান্তি সৃষ্টি হয় নে এই বিভ্ৰান্তিৰ পৰা উৰ্দ্ধত সুখ স্বৰূপ স্থিতি থাকে?