13.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল প্ৰথমে প্ৰত্যেককে এইটো মন্ত্ৰ দোহৰাই দোহৰাই দৃঢ় কৰোৱা যে আপুনি আচলতে আত্মা, আপুনি পিতাক স্মৰণ কৰিব লাগে, স্মৃতিৰেহে পাপ খণ্ডন হব

প্ৰশ্ন:
সঁচা সেৱা কি? যিটো তোমালোকে এতিয়া কৰি আছা?

উত্তৰ:
ভাৰত যি পতিত হৈ গল, সেই ভাৰতক পাৱন কৰি তোলা এইটোৱে হৈছে সঁচা সেৱা। জগতৰ লোকে সোধে আপোনালোকে ভাৰতৰ কি সেৱা কৰে? তোমালোকে তেওঁলোকক কোৱা যে আমি শ্ৰীমতত ভাৰতৰ সেই আত্মিক সেৱা কৰোঁ যাৰ দ্বাৰা ভাৰত দ্বৈত মুকুটধাৰী হয়। ভাৰতত যি শান্তি সমৃদ্ধি আছিল, আমি সেয়া স্থাপনা কৰি আছোঁ।

ওঁম্শান্তি।
প্ৰথম প্ৰথম পাঠটি হল সন্তানসকল, নিজক আত্মা বুলি বুজা অথবা মনমনাভৱ, এইটো সংস্কৃত শব্দ। এতিয়া সন্তানসকলে যেতিয়া সেৱা কৰে তেতিয়া প্ৰথমতে তেওঁলোকক অল্‌ফ (পিতাৰ) বিষয়ে পঢ়াব লাগে। যেতিয়াই কোনোবা আহে তেতিয়া শিৱবাবাৰ চিত্ৰৰ আগলৈ লৈ যাব লাগে, আন কোনো চিত্ৰৰ আগলৈ নহয়। প্ৰথমতে পিতাৰ চিত্ৰৰ আগত তেওঁলোকক কব লাগে বাবাই কয়, নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। মই তোমালোকৰ পৰম পিতাও হওঁ, পৰম শিক্ষকো হওঁ, পৰম গুৰুও হওঁ। সকলোকে এই পাঠটি শিকাব লাগে। আৰম্ভণিয়েই তাৰ পৰা কৰিব লাগে। নিজক আত্মা বুলি বুজা আৰু মোক পিতাক স্মৰণ কৰা কিয়নো তোমালোক যিসকল পতিত হৈছা পুনৰ পাৱন সতোপ্ৰধান হব লাগে। এই পাঠটিতে সকলো কথা আহি যায়। কিন্তু সকলোৱে এনেকুৱা নকৰে। বাবাই কয় - প্ৰথমতে শিৱবাবাৰ চিত্ৰৰ ওচৰলৈকে লৈ যাব লাগে। এওঁ হৈছে বেহদৰ বাবা। বাবাই কয় মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। নিজক আত্মা বুলি বুজা তেতিয়া নাও পাৰ হব। স্মৰণ কৰি কৰি পৱিত্ৰ সৃষ্টিত উপস্থিত হৈয়েই যাবা। এই পাঠটি অতিকমেও প্ৰতি 3 মিনিটত বাৰে বাৰে দৃঢ় কৰিব লাগে। পিতাক স্মৰণ কৰিলানে? বাবা, বাবাও হয়, ৰচনাৰ ৰচয়িতাও হয়। তেওঁ ৰচনাৰ আদি-মধ্য-অন্তক জানে কিয়নো মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। প্ৰথমেতো এইটো নিশ্চয় জন্মাব লাগে। পিতাক স্মৰণ কৰেনে? এই জ্ঞান পিতাইহে দিয়ে। আমিও পিতাৰ পৰা জ্ঞান লৈছোঁ, যি আপোনালোকক শুনাওঁ। প্ৰথমতে এইটো মন্ত্ৰ দৃঢ় কৰাব লাগে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক তেতিয়া প্ৰভুৰ হৈ যাব। ইয়াৰ ওপৰতে বুজাব লাগে। যেতিয়ালৈকে এইটো নুবুজে তেতিয়ালৈ এখোজো আগবঢ়াব নালাগে। এনেকৈ পিতাৰ পৰিচয়ৰ ওপৰত দুই-চাৰিখন চিত্ৰ থকা উচিত। তেতিয়া ইয়াৰ ওপৰত ভালদৰে বুজালে তেওঁলোকৰ বুদ্ধিত উদয় হব আমি পিতাক স্মৰণ কৰিব লাগে, তেৱেঁই সৰ্বশক্তিমান, তেওঁক স্মৰণ কৰিলে পাপ খণ্ডন হব। পিতাৰ মহিমাতো স্পষ্ট। প্ৰথমতে এইটো নিশ্চয় বুজোৱা উচিত নিজক আত্মা বুলি বুজি মামেকম্‌ স্মৰণ কৰক। দেহৰ সকলো সম্বন্ধ পাহৰি যাওঁক। মই শিখ, মই অমুক এয়া ত্যাগ কৰি এজন পিতাক স্মৰণ কৰিব লাগে। প্ৰথমেতো বুদ্ধিত এইটো মুখ্য কথা ধাৰণ কৰা। সেইজন পিতাই হৈছে পৱিত্ৰতা, সুখ, শান্তিৰ উত্তৰাধিকাৰ দিওঁতা। পিতাইহে চৰিত্ৰ শুধৰণি কৰে। সেয়েহে বাবাৰ খেয়াল আহিল প্ৰথম পাঠটি এইটো ৰীতিৰে দৃঢ় নকৰায়, যিটো একেবাৰে দৰকাৰী। যিমানে এইটো ভালদৰে বিশ্লেষণ কৰিব সিমানে বুদ্ধিত স্মৃতি থাকিব। পিতাৰ পৰিচয় দিওঁতে লাগিলে 5 মিনিট লাগি যাওঁক, পিছুৱাই আহিব নালাগে। বহুত ৰুচিৰে পিতাৰ মহিমা শুনিব। পিতাৰ এই চিত্ৰ হৈছে মুখ্য । মনুষ্যৰ শাৰী এইখন চিত্ৰৰ সন্মুখতে হোৱা উচিত। পিতাৰ বাৰ্তা সকলোকে দিব লাগে। তাৰপাছত হৈছে ৰচনাৰ জ্ঞানৰ এই চক্ৰ কেনেকৈ ঘূৰে। যেনেকৈ মছলা গুৰি কৰি কৰি একদম মিহি কৰা হয় নহয়। তোমালোক ঈশ্বৰীয় অভিযানত আছা, গতিকে ভালদৰে এটি এটি কথা বুদ্ধিত ধাৰণ কৰিব লাগে কিয়নো পিতাক নজনা বাবে সকলো অনাথ হৈ গৈছে। পৰিচয় দিব লাগে - বাবা হৈছে পৰম পিতা, পৰম শিক্ষক, পৰম গুৰু। তিনিওজনেই বুলি কলে সৰ্বব্যাপিৰ ধাৰণাটি বুদ্ধিৰ পৰা আঁতৰি যাব। এইটো প্ৰথমতে বুদ্ধিত ধাৰণ কৰা। পিতাক স্মৰণ কৰা তেতিয়াহে তোমালোক পতিতৰ পৰা পাৱন হব পাৰিবা। দৈৱী গুণো ধাৰণ কৰিব লাগে। সতোপ্ৰধান হব লাগে। তোমালোকে তেওঁলোকক পিতাৰ স্মৃতি সোঁৱৰাই দিলে, তাত তোমালোক সন্তানসকলৰো কল্যাণ হয়। তোমালোকো মনমনাভৱ হৈ থাকিবা।

তোমালোক পয়গম্বৰ (বাৰ্তাবাহক) সেয়েহে পিতাৰ পৰিচয় দিব লাগে। এগৰাকীও মনুষ্য নাই, যিয়ে এইটো জানে যে বাবা আমাৰ পিতাও হয়, শিক্ষক আৰু গুৰুও হয়। পিতাৰ পৰিচয় শুনিলে তেওঁলোক বহুত আনন্দিত হৈ যাব। ভগৱানুবাচ মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। এয়াও তোমালোকে জানা। গীতাৰ লগত আকৌ মহাভাৰতৰ যুদ্ধও দেখুৱাইছে। এতিয়া অন্যতো কোনো যুদ্ধৰ কথা নায়েই। তোমালোকৰ যুদ্ধ হৈছেই পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰত। পঢ়াতো হৈছে বেলেগ, বাকী যুদ্ধ হয় স্মৃতিত থকাৰ ক্ষেত্ৰত কিয়নো সকলো দেহ-অভিমানী। তোমালোক এতিয়া দেহী-অভিমানী হোৱা। পিতাক স্মৰণ কৰোঁতা। প্ৰথমতে এইটো দৃঢ় কৰোৱা, তেওঁ পিতা, শিক্ষক, গুৰু হয়। এতিয়া আমি তেওঁৰ কথা শুনিম নে তোমালোকৰ শুনিম? পিতাই কয় সন্তানসকল, এতিয়া তোমালোক শ্ৰেষ্ঠ হবৰ বাবে পূৰা পূৰা শ্ৰীমতত চলিব লাগে। আমি এয়াই সেৱা কৰোঁ। ঈশ্বৰীয় মতত চলা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হব। পিতাৰ শ্ৰীমত হল - মামেকম্‌ স্মৰণ কৰা। সৃষ্টি চক্ৰৰ বিষয়ে যি বুজায়, এয়াও তেওঁৰ মত। তোমালোকো পৱিত্ৰ হলে আৰু পিতাক স্মৰণ কৰিলে তেতিয়া পিতাই কয় - মই লগত লৈ যাম। বাবা বেহদৰ আত্মিক পাণ্ডাও হয়। তেওঁক আহ্বান জনায় হে পতিত-পাৱন, আমাক পাৱন কৰি এই পতিত সৃষ্টিৰ পৰা লৈ যাওঁক। তেওঁলোক হল পাৰ্থিৱ পাণ্ডা, এওঁ হল আত্মিক পাণ্ডা। শিৱবাবাই আমাক পঢ়ায়। পিতাই তোমালোক সন্তানসকলকো কয় চলোঁতে, ফুৰোঁতে, উঠোঁতে পিতাক স্মৰণ কৰি থাকা। এই ক্ষেত্ৰত নিজে ভাগৰি পৰাৰো দৰকাৰ নাই। বাবাই দেখিবলৈ পায় কেতিয়াবা কেতিয়াবা সন্তানসকলে ৰাতিপুৱাতে আহি বহে তেন্তে নিশ্চয় ভাগৰি যায় চাগৈ। এয়াতো হৈছে সহজ মাৰ্গ। বলপূৰ্বক বহিব নালাগে। লাগিলে পৰিক্ৰমা লগোৱা, ঘূৰা-ফুৰা, বহুত ৰুচিৰে পিতাক স্মৰণ কৰা। ভিতৰৰ পৰা বাবা বাবা বুলি জপিয়াই থাকিব লাগে। জপিয়াই তেওঁলোক থাকিব যিসকলে অনবৰত পিতাক স্মৰণ কৰি থাকে। বুদ্ধিত কিবা নহয় কিবা যি অন্য কথাৰ স্মৃতি আছে, সেয়া আঁতৰাই দিয়া উচিত। পিতাৰ প্ৰতি যাতে অতি স্নেহ থাকে, সেই অতীন্দ্ৰিয় সুখৰ যাতে অনুভৱ হৈ থাকে। যেতিয়া তোমালোক পিতাৰ স্মৃতিত থাকিবলৈ লাগি যাবা তেতিয়াহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তেতিয়া তোমালোকৰ আনন্দৰ সীমা নোহোৱা হব। এই সকলো কথাৰ বৰ্ণনা ইয়াতে কৰা হয় সেইবাবে গায়নো আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীনীসকলক সোধা, যাক ভগৱান পিতাই পঢ়ায়।

ভগৱানুবাচ মোক স্মৰণ কৰা। পিতাৰে মহিমা শুনাব লাগে। সৎগতিৰ উত্তৰাধিকাৰতো একমাত্ৰ পিতাৰ পৰা পোৱা যায়। সকলোৱে সৎগতি নিশ্চয় পায়। প্ৰথমে সকলো শান্তিধামলৈ যাব। এইটো বুদ্ধিত থাকিব লাগে যে পিতাই আমাক সৎগতি দি আছে। শান্তিধাম, সুখধাম কাক কোৱা হয় এয়াতো বুজাইছে। শান্তিধামত সকলো আত্মা থাকে। সেয়া হল মৰমৰ ঘৰ, শান্তিৰ ঘৰ। শান্তিৰ শিখৰ। সেয়া এই দুচকুৰে কোনেও চাব নোৱাৰে। সেই বৈজ্ঞানীসকলৰ বুদ্ধিতো ইয়াতে এই দুচকুৰে যিবোৰ বস্তু দেখিবলৈ পোৱা যায় তাতেই চলে। আত্মাকতো এই দুচকুৰে কোনেও দেখা নাপায়। উপলব্ধি কৰিব পাৰে। যেতিয়া আত্মাকেই চাব নোৱাৰে তেন্তে পিতাক আকৌ কেনেকৈ চাব পাৰে। এয়া বুজিবলগীয়া কথা নহয় জানো। এই দুচকুৰে দেখা নাযায়। ভগৱানুবাচ মোক স্মৰণ কৰা তেতিয়া পাপ ভস্ম হব। এয়া কোনে কলে? পূৰা বুজিব নোৱাৰে সেয়েহে শ্ৰীকৃষ্ণৰ বাবে কৈ দিয়ে। শ্ৰীকৃষ্ণকতো বহুত স্মৰণ কৰে। দিনে-প্ৰতিদিনে ব্যাভিচাৰী হৈ গৈ থাকে। ভক্তিতো প্ৰথমে এক শিৱৰ ভক্তি কৰে। সেয়া হৈছে অব্যভিচাৰী ভক্তি তাৰপাছত লক্ষ্মী-নাৰায়ণৰ ভক্তি উচ্চতকৈও উচ্চ হৈছে ভগৱান। তেৱেঁই এই বিষ্ণু হোৱাৰ উত্তৰাধিকাৰ দিয়ে। তোমালোক শিৱ বংশী হৈ আকৌ বিষ্ণুপুৰীৰ মালিক হোৱাগৈ। মালা তেতিয়াহে গঁথা হয় যেতিয়া প্ৰথম পাঠটি ভালদৰে পঢ়ে। পিতাক স্মৰণ কৰাতো কোনো মাহী ঘৰলৈ যোৱাৰ নিচিনা সহজ কথা নহয়। মন-বুদ্ধিক সকলো ফালৰ পৰা আঁতৰাই এজনৰ সৈতে লগাব লাগে। এই দুচকুৰে যি দেখিবলৈ পোৱা তাৰ পৰা বুদ্ধিযোগ আঁতৰাই দিয়া।

পিতাই কয় মামেকম্‌ স্মৰণ কৰা, এই ক্ষেত্ৰত বিভ্ৰান্ত হব নালাগে। পিতা এই ৰথত বহি আছে, তেওঁৰ মহিমা কৰে তেওঁ হৈছে নিৰাকাৰ। এওঁৰ দ্বাৰা তোমালোকক বাৰে বাৰে এইটো স্মৃতি সোঁৱৰাই দিয়ে তোমালোক মনমনাভৱ হৈ থাকা। তাৰমানে তোমালোকে সকলোৰে উপকাৰ কৰা। তোমালোকে ভোজন ৰন্ধাসকলকো কোৱা শিৱবাবাক স্মৰণ কৰি ভোজন ৰান্ধা তেতিয়া খাওঁতাসকলৰ বুদ্ধি শুদ্ধ হৈ যাব। ইজনে-সিজনক সোঁৱৰাই দিব লাগে। প্ৰত্যেকে অলপ নহয় অলপ সময় স্মৰণ কৰে। কোনোবা আধা ঘণ্টা বহে, কোনোবা 10 মিনিট বহে। বাৰু, 5 মিনিটো স্নেহেৰে পিতাক স্মৰণ কৰিলে তেতিয়াও ৰাজধানীলৈ আহি যাবা। ৰজা-ৰাণীয়ে সদায় সকলোকে স্নেহ কৰে। তোমালোকো স্নেহৰ সাগৰ হোৱা, সেইবাবে সকলোৰে প্ৰতি স্নেহ ৰাখিব লাগে। স্নেহেই স্নেহ। পিতা স্নেহৰ সাগৰ সেয়েহে সন্তানসকলৰো নিশ্চয় এনেকুৱা স্নেহ থাকিব, তেতিয়া তাতো এনেকুৱা স্নেহ থাকিব। ৰজা-ৰাণীৰো বহুত স্নেহ থাকে। সন্তানসকলৰো বহুত স্নেহ থাকে। সেই স্নেহো বেহদৰ। ইয়াততো স্নেহৰ নামেই নাই, মৰামৰিহে কৰে। তাত এই কাম কটাৰীৰ হিংসাও নাথাকে, সেইবাবে ভাৰতৰ মহিমা অপৰমঅপাৰ বুলি গোৱা হৈছে। ভাৰতৰ নিচিনা পৱিত্ৰ দেশ অন্য নাই। এয়া সকলোতকৈ ডাঙৰ তীৰ্থ। পিতা ইয়ালৈ (ভাৰতলৈ) আহি সকলোৰে সেৱা কৰে, সকলোকে পঢ়ায়। মুখ্য হৈছে পঢ়া। তোমালোকক কোনো-কোনোৱে সোধে আপোনালোকে ভাৰতৰ কি সেৱা কৰে? তেওঁলোকক কোৱা আপোনালোকে বিচাৰে যে ভাৰত পৱিত্ৰ হওঁক, এতিয়া পতিত নহয় জানো, সেয়েহে আমি শ্ৰীমতত ভাৰতক পৱিত্ৰ কৰি তোলোঁ। সকলোকে কওঁ পিতাক স্মৰণ কৰক, তেতিয়া পতিতৰ পৰা পাৱন হৈ যাব। আমি এয়া আত্মিক সেৱা কৰি আছোঁ। ভাৰত যি শিৰৰ মুকুট আছিল, শান্তি, সমৃদ্ধি আছিল সেয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি পুনৰ স্থাপনা কৰি আছোঁ। এই কথাষাৰ পূৰা স্মৃতিত ৰাখা। মনুষ্যই বিচাৰেও বিশ্বত শান্তি হওঁক। সেয়া আমি কৰি আছোঁ। ভগৱানুবাচ পিতাই আমাক সন্তানসকলক বুজাই থাকে মোক পিতাক স্মৰণ কৰা। এইটোও বাবাই জানে তোমালোকে জানো বাবাক ইমান স্মৰণ কৰা। এই ক্ষেত্ৰতে পৰিশ্ৰম কৰিবলগীয়া হয়। স্মৃতিৰ দ্বাৰাই তোমালোকৰ কৰ্মাতীত অৱস্থা আহিব। তোমালোক স্বদৰ্শন চক্ৰধাৰী হব লাগে। ইয়াৰ অৰ্থও কাৰো বুদ্ধিত নাই। শাস্ত্ৰবোৰততো কিমান কথা লিখি দিছে। এতিয়া পিতাই কয় যি পঢ়িছা সেই সকলো পাহৰি যাব লাগে, নিজক আত্মা বুলি বুজিব লাগে। সেয়াই লগত যাব, বাকী একো লগত নাযায়। এয়া পিতাই পঢ়োৱা পাঠ যি লগত যাব। তাৰ বাবে চেষ্টা কৰি আছা।

সৰু সৰু সন্তানসকলকো কম বুলি নাভাবিবা। যিমানে সৰু সিমানে বহুত নাম প্ৰসিদ্ধ কৰিব পাৰে। সৰু সৰু কন্যাসকলে বহি ডাঙৰ ডাঙৰ বয়োজ্যেষ্ঠসকলক বুজালে চমৎকাৰ কৰি দেখুৱাব। তেওঁলোককো নিজৰ সমান কৰি তুলিব লাগে। কিবা প্ৰশ্ন সুধিলে যাতে সঁহাৰি (উত্তৰ) জনাব পাৰে, এনেকৈ তৈয়াৰ কৰা। আকৌ যত যত সেৱাকেন্দ্ৰ আছে বা সংগ্ৰহালয় আছে তেওঁলোকক পঠিয়াই দিয়া। এনেকুৱা দল তৈয়াৰ কৰা। সময়তো এয়াই। এনেকৈ সেৱা কৰা। ডাঙৰ বয়োজ্যেষ্ঠসকলকো সৰু সৰু কুমাৰীসকলে বহি বুজালে তেতিয়া চমৎকাৰ হয়। কোনোবাই যদি সোধে তোমালোক কাৰ সন্তান? তেতিয়া তেওঁলোকক কোৱা আমি শিৱবাবাৰ সন্তান। তেওঁ নিৰাকাৰ। ব্ৰহ্মাৰ শৰীৰত আহি আমাক পঢ়ায়। এই পঢ়াৰ দ্বাৰাই আমি এই লক্ষ্মী-নাৰায়ণ হব লাগে। সত্যযুগৰ আদিত এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল নহয়। এওঁলোকক এনেকৈ কোনে গঢ়ি তুলিলে? নিশ্চয় এনেকুৱা কৰ্ম কৰিছিল। পিতাই বহি কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি শুনায়। শিৱবাবাই আমাক পঢ়ায়। তেৱেঁই পিতা, শিক্ষক, গুৰু। সেয়েহে পিতাই বুজায় প্ৰধানকৈ এটা কথাৰ ওপৰতে বুজাব লাগে। প্ৰথমতে অল্‌ফ (পিতা), অল্‌ফক বুজি গলে আকৌ ইমান প্ৰশ্ন আদি কোনেও নুসুধিবই। অল্‌ফক নুবুজিলে তোমালোকে আন চিত্ৰবিলাকৰ ওপৰত বুজালে তেতিয়া মগজ নষ্ট কৰি দিব। প্ৰথম কথা হল অল্‌ফৰ। আমি শ্ৰীমতত চলোঁ। এনেকুৱাও ওলাব যিসকলে কব অল্‌ফকতো বুজি পালোঁ, বাকী এই চিত্ৰ আদিবোৰ চাবলৈ কি আছে। আমি অল্‌ফক জনা বাবে সকলো বুজি ললোঁ। ভিক্ষা পালে আৰু গল। তোমালোকে অতি উত্তম ভিক্ষা দিয়া। পিতাৰ পৰিচয় দিলেহে পিতাক যিমান স্মৰণ কৰিব তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হবগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰাৰ বাবে ভিতৰি বাবা বাবা বুলি জপিয়াই থাকিব লাগে। জোৰ কৰি নহয়, ৰুচিৰে পিতাক চলোঁতে-ফুৰোঁতে স্মৰণ কৰা। বুদ্ধি সকলোফালৰ পৰা আঁতৰাই এজনৰ সৈতে লগোৱা।

(2) যেনেকৈ পিতা স্নেহৰ সাগৰ, তেনেকৈ পিতাৰ সমান স্নেহৰ সাগৰ হব লাগে। সকলোৰে উপকাৰ কৰিব লাগে। পিতাৰ স্মৃতিত থাকিব লাগে আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে।

বৰদান:
শান্তিৰ শক্তিৰ সাধনৰ দ্বাৰা বিশ্বক শান্ত কৰোঁতা আত্মিক অস্ত্ৰধাৰী হোৱা

শান্তি শক্তিৰ সাধন হৈছে শুভ-সংকল্প, শুভ-ভাৱনা আৰু নয়নৰ ভাষা। যেনেকৈ মুখৰ ভাষাৰ দ্বাৰা পিতাৰ বা ৰচনাৰ পৰিচয় দিয়া তেনেকৈ শান্তিৰ শক্তিৰ আধাৰত নয়নৰ ভাষাৰে নয়নৰ দ্বাৰা পিতাৰ অনুভৱ কৰাব পাৰা। স্থূল সেৱাৰ সাধনসমূহতকৈ শান্তিৰ শক্তি অধিক শ্ৰেষ্ঠ। আত্মিক সেনাৰ এয়াই বিশেষ অস্ত্ৰ - এই অস্ত্ৰৰ দ্বাৰা অশান্ত বিশ্বক শান্ত কৰি তুলিব পাৰা।

স্লোগান:
নিৰ্বিঘ্ন হৈ থকা আৰু ৰ্নিবিঘ্ন কৰি তোলা এয়াই সঁচা সেৱাৰ প্ৰমাণ।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোক সকলোৱে নিজৰ প্ৰাপ্তিৰ আধাৰত, স্মৃতিৰ আধাৰত অনুভৱী হৈ আনক অনুভৱ কৰাব লাগে এয়াই হৈছে বাস্তৱিক সহজ ৰাজযোগ বা কৰ্মযোগৰ পৰিভাষা। নিজে শান্তিৰ বা শক্তিৰ অনুভৱ কৰিলা এয়া কোনো ডাঙৰ কথা নহয় কিন্তু নিজৰ স্মৃতিৰ শক্তিৰে এতিয়া বিশ্বত প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডল গঢ়ি তোলা তেতিয়া এক নম্বৰ সহজ ৰাজযোগী, কৰ্মযোগী বুলি কোৱা হব।


 
`