13.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই বেহদৰ খেলখনত তোমালোক আত্মাৰূপী ভাৱৰীয়া ভূমিকা পালন কৰোঁতা হোৱা, তোমালোকৰ নিবাস স্থান হৈছে - মৰমৰ শান্তিৰ ঘৰ, য’লৈ এতিয়া যাব লাগে”

প্ৰশ্ন:
যিসকলে ড্ৰামাৰ খেলখনক যথাৰ্থ ৰীতি জানে তেওঁলোকৰ মুখৰে কেনেকুৱা শব্দ উচ্চাৰিত হ’ব নোৱাৰে?

উত্তৰ:
এইটো এনেকুৱা নোহোৱাহেঁতেন এনেকুৱা হ’লহেঁতেন… এইটো হোৱা উচিত নহয় - এনেকুৱা শব্দবোৰ ড্ৰামাৰ খেলখনক জানোঁতাসকলে উচ্চাৰণ নকৰিব। তোমালোক সন্তানসকলে জানা এই ড্ৰামাৰ খেলখন ওকণিৰ দৰে (ধীৰ গতিৰে) চলি থাকে, যিবোৰ হয় সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, কোনো চিন্তা কৰিবলগীয়া কথা নাই।

ওঁম্শান্তি।
পিতাই যেতিয়া নিজৰ পৰিচয় সন্তানসকলক দিয়ে তেতিয়া সন্তানসকলে নিজৰ পৰিচয়ো পাই যায়। সকলো সন্তান বহু সময় ধৰি দেহ-অভিমানী হৈ থাকে। দেহী-অভিমানী হ’লে তেতিয়া পিতাৰ যথাৰ্থ পৰিচয় থাকিব। কিন্তু ড্ৰামাত এনেকৈ নাই। যদিও এনেকৈ কয়ো যে ভগৱান ঈশ্বৰ পিতা হয়, ৰচয়িতা হয়, কিন্তু নাজানেই। শিৱলিঙ্গৰ চিত্ৰও আছে, কিন্তু ইমান ডাঙৰতো তেওঁ নহয়। যথাৰ্থ ৰীতিৰে নজনা কাৰণে পিতাক পাহৰি যায়। পিতা হয়ো ৰচয়িতা, নিশ্চয় নতুন সৃষ্টিয়ে ৰচিব, গতিকে আমি সন্তানসকলে নিশ্চয় নতুন সৃষ্টিৰ ৰাজধানীৰ উত্তৰাধিকাৰ পোৱা উচিত। ‘স্বৰ্গ’ নামটিও ভাৰতত প্ৰসিদ্ধ, কিন্তু একোৱেই বুজি নাপায়। এনেকৈ কয় যে অমুক মৰিল স্বৰ্গলৈ গ’ল। এতিয়া এনেকুৱা কেতিয়াবা হয় জানো। এতিয়া তোমালোকে বুজি পোৱা যে আমি সকলো তুচ্ছ বুদ্ধিৰ আছিলোঁ, ক্ৰমানুসৰি বুলিতো কোৱা হ’ব নহয়। প্ৰথম মুখ্যজনৰ প্ৰসংগতে বুজোৱা হয় যে মই এওঁৰ বহুত জন্মৰ অন্তিম শৰীৰত আহোঁ। এওঁ হ’ল প্ৰথম নম্বৰৰ। সন্তানসকলে বুজি পায় যে এতিয়া আমি তেওঁৰ সন্তান ব্ৰাহ্মণ হৈ গ’লোঁ। এয়া সকলো হ’ল বোধ শক্তিৰ কথা। পিতাই ইমান সময়ৰ পৰা বুজায়েই থাকে। নহ’লেতো পিতাক চিনি পোৱাতো ছেকেণ্ডৰ কথা। পিতাই কয় - মোক স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। নিশ্চয়তা জন্মি গ’লে তেতিয়া কোনো কথাতে প্ৰশ্ন আদি উঠিব নোৱাৰে। পিতাই বুজাইছে - তোমালোক যেতিয়া শান্তিধামত আছিলা তেতিয়া পাৱন আছিলা। এই কথাবোৰো তোমালোকেহে পিতাৰ দ্বাৰা শুনা। অন্য কোনেও শুনাব নোৱাৰে। তোমালোকে জানা যে আমি আত্মাসকল ক’ৰ নিবাসী। যেনেকৈ নাটকৰ ভাৱৰীয়াই ক’ব মই ইয়াৰ নিবাসী, কাপোৰ সলনি কৰি মঞ্চত আহি যাব। এতিয়া তোমালোকে বুজি পোৱা আমি ইয়াৰ নিবাসী নহয়। এইখন এখন নাট্যশালা। এইটো এতিয়া বুদ্ধিত উদয় হৈছে যে আমি মূললোকৰ নিবাসী যাক মৰমৰ শান্তিৰ ঘৰ বুলি কোৱা হয়। ইয়াকেই সকলোৱে বিচাৰে কিয়নো আত্মা দুখী হয় নহয়। সেয়েহে কয় - আমি কেনেকৈ ঘৰলৈ উভতি যাম। ঘৰৰ ঠিকনা নোহোৱাৰ বাবে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। এতিয়া তোমালোক দিগভ্ৰান্ত হৈ ফুৰাৰ পৰা মুক্ত হ’লা। সন্তানসকলে গম পাই গৈছে, এতিয়া তোমালোক সঁচাকৈয়ে ঘৰলৈ যাব লাগে। মই আত্মা কিমান সূক্ষ্ম বিন্দু। এইটোও আশ্চৰ্য যাক প্ৰকৃতি (ঐশ্বিক) বুলি কোৱা হয়। ইমান সূক্ষ্ম বিন্দুত ইমান ভূমিকা নিহিত হৈ আছে। পৰমপিতা পৰমাত্মাই কেনেকৈ ভূমিকা পালন কৰে, এইটোও তোমালোকে জানি গ’লা। সকলোতকৈ মুখ্য ভূমিকা পালন কৰোঁতা হৈছে তেওঁ, ‘কৰণকৰাৱণহাৰ’ হয় নহয়। তোমালোক অতি মৰমৰ সন্তানসকলে এইটো এতিয়া বুজি পালা যে আমি আত্মাসকল শাক্তিধামৰ পৰা আহোঁ। আত্মাসকল জানো নতুনকৈ ওলায়, যিয়ে শৰীৰত প্ৰৱেশ কৰে। নহয়। সকলো আত্মা মৰমৰ ঘৰত থাকে। তাৰ পৰা ভূমিকা পালন কৰিবলৈ আহে। সকলোৱে ভূমিকা পালন কৰিব লাগে। এইখন হৈছে খেল। এই সূৰ্য, চন্দ্ৰ, তৰা আদিবোৰ কি! এই সকলোবোৰ হৈছে প্ৰদীপ, যাৰ দ্বাৰা ৰাতি আৰু দিনৰ খেলখন চলে। বহুতে কয় সূৰ্য দেৱতায়ে নমঃ, চন্দ্ৰমা দেৱতায়ে নমঃ….… কিন্তু বাস্তৱত এয়া কোনো দেৱতা নহয়। এই খেলখনৰ বিষয়ে কোনেও গম নাপায়। সূৰ্য চন্দ্ৰকো দেৱতা বুলি কৈ দিয়ে। বাস্তৱত এয়া গোটেই বিশ্ব নাটকৰ কাৰণে প্ৰদীপ। আমি মৰমৰ শান্তিৰ ঘৰৰ নিবাসী। ইয়াত আমি ভূমিকা পালন কৰি আছোঁ, ওকণিৰ দৰে (ধীৰ গতিৰে) এই চক্ৰ ঘূৰি থাকে, যি হয় সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এনেকৈ কোৱা উচিত নহয় যে এনেকুৱা নোহোৱাহেঁতেন তেতিয়া এনেকুৱা হ’লহেঁতেন। এইখনতো ড্ৰামা হয় নহয়। উদাহৰণ স্বৰূপে যেনেকৈ তোমালোকৰ মা (জগদ অম্বা) আছিল, এইটো খেয়ালতো নাছিল যে গুচি যাব। শৰীৰ এৰি দিলে - ড্ৰামা। এতিয়া নিজৰ নতুন ভূমিকা পালন কৰি আছে। চিন্তাৰ কোনো কথা নাই। ইয়াত তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি ভাৱৰীয়া, এইখন হৰা-জিকাৰ খেল। এই হৰা-জিকাৰ খেলখন মায়াৰ ওপৰত আধাৰিত। মায়াৰ হাতত হৰা মানেই পৰাজয় আৰু মায়াক জয় কৰা মানেই জয়। এনেকৈতো সকলোৱে গায় কিন্তু বুদ্ধিত জ্ঞান অলপো নাই। তোমালোকে জানা যে মায়া কি বস্তু, এয়াতো ৰাৱণ হয়, যাক মায়া বুলি কোৱা হয়। ধনক সম্পত্তি বুলি কোৱা হয়। ধনক মায়া বুলি কোৱা নহয়। মনুষ্যই ভাবে এওঁৰ ওচৰত বহুত ধন আছে তেতিয়া কৈ দিয়ে এয়া মায়াৰ নিচা। কিন্তু মায়াৰ নিচানো কি! মায়াকতো আমি জিনিবলৈ চেষ্টা কৰোঁ। গতিকে এই ক্ষেত্ৰত কোনো কথাতে সংশয় আনিব নালাগে। অপৰিপক্ক অৱস্থা হোৱাৰ কাৰণেই সংশয় উদয় হয়। এতিয়া ভগৱানুবাচ - কাৰ প্ৰতি? আত্মাসকলৰ প্ৰতি। ভগৱানতো নিশ্চয় শিৱই হ’ব লাগিব যিয়ে আত্মাসকলৰ প্ৰতি কয়। শ্ৰীকৃষ্ণতো দেহধাৰী। তেওঁ আত্মাসকলৰ প্ৰতি কেনেকৈ ক’ব। তোমালোকক কোনো দেহধাৰীয়ে জ্ঞান নুশুনায়। পিতাৰতো দেহ নায়েই। আন সকলোৰেতো দেহ আছে, যাক পূজা কৰে তেওঁক স্মৰণ কৰাতো সহজ। ব্ৰহ্মা, বিষ্ণু, শংকৰক দেৱতা বুলি কোৱা হ’ব। শিৱক ভগৱান বুলি কয়। উচ্চতকৈও উচ্চ হৈছে ভগৱান, তেওঁৰ দেহ নাই। এইটোও তোমালোকে জানা যে যেতিয়া মূললোকত আত্মাসকল আছিল তেতিয়া তোমালোকৰ দেহ আছিলনে? নাছিল। তোমালোক আত্মাসকল আছিলা। এই (শিৱ) বাবাও আত্মা। কেৱল তেওঁ পৰম, তেওঁৰ ভূমিকাৰ গায়ন কৰা হৈছে। ভূমিকা পালন কৰি গৈছে, সেইবাবেতো পূজা হয়। কিন্তু এজনো মনুষ্য নাই যিয়ে এইটো গম পায় যে 5 হাজাৰ বছৰ পূৰ্বেও পৰমপিতা পৰমাত্মা ৰচয়িতা আহিছিল, তেওঁ হয়েই স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত কল্পৰ সংগমত তেওঁ আহে, কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ কাৰণে সকলো পাহৰি গৈছে। তোমালোক সন্তানসকলক পিতাই বহি বুজায়, তোমালোকে নিজেই কোৱা - বাবা আমি আপোনাৰ সৈতে কল্পই কল্পই মিলিত হওঁ আৰু আপোনাৰ পৰা উত্তৰাধিকাৰ লওঁ, আকৌ কেনেকৈ হেৰুৱাই পেলাওঁ - এইটো বুদ্ধিত আছে। জ্ঞানতো অনেক প্ৰকাৰৰ আছে কিন্তু জ্ঞানৰ সাগৰ বুলি ভগৱানকহে কোৱা হয়। এতিয়া এইটোও সকলোৱে বুজি পায় যে বিনাশ নিশ্চয় হ’ব। আগতেও বিনাশ হৈছিল। কেনেকৈ হৈছিল - এইটো কোনেও গম নাপায়। শাস্ত্ৰততো বিনাশৰ বিষয়ে কি কি লিখি দিছে। পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধ কেনেকৈ হ’ব পাৰে!

এতিয়া তোমালোক সংগমযুগত ব্ৰাহ্মণ হোৱা। ব্ৰাহ্মণসকলৰতো কোনো যুদ্ধ নহয়। পিতাই কয় - তোমালোক মোৰ সন্তান অহিংসক, দ্বৈত অহিংসক। এতিয়া তোমালোক নিৰ্বিকাৰী হৈ আছা। তোমালোকেই পিতাৰ পৰা কল্পই কল্পই উত্তৰাধিকাৰ লোৱা। ইয়াত কোনো কষ্টৰ কথা নাই। জ্ঞান বৰ সহজ। 84 জন্মৰ চক্ৰ তোমালোকৰ বুদ্ধিত আছে। এতিয়া নাটক পূৰা হ’বৰ হ’ল, বাকী অলপ সময় আছে। তোমালোকে জানা - এতিয়া এনেকুৱা সময় আহিব যে চহকীসকলেও খাদ্য-শস্য নাপাব, পানী নাপাব। ইয়াক কোৱা হয় দুখৰ পাহাৰ, অনাহকতে তেজৰ খেল হয় নহয়। ইমানবিলাক সকলো নাশ হৈ যাব। কোনোবাই ভুল কৰিলে তেওঁ শাস্তি পায়, এওঁলোকে কি ভুল কৰিলে? কেৱল এটাই ভুল কৰিলে যে পিতাক পাহৰি গ’ল। তোমালোকেতো পিতাৰ পৰা ৰাজ্য-ভাগ্য লৈ আছা। বাকী মনুষ্যইতো ভাবে এতিয়া মৃত্যু সমাগত। মহাভাৰতৰ যুদ্ধ অলপ আৰম্ভ হ’লেই মৰি যাব। তোমালোকতো জীয়াই থাকা নহয়। তোমালোক এই পঢ়াৰ শক্তিৰে স্থানান্তৰ হৈ অমৰলোকলৈ গুচি যোৱা। পঢ়াক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। শাস্ত্ৰৰো পঢ়া আছে, তাৰেও উপাৰ্জন হয় কিন্তু সেই পঢ়া হৈছে ভক্তিৰ। এতিয়া পিতাই কয় - মই তোমালোকক এই লক্ষ্মী-নাৰায়ণৰ দৰে গঢ়ি তোলোঁ। তোমালোক এতিয়া স্বচ্ছ বুদ্ধিৰ হৈ যোৱা। তোমালোকে জানা যে আমি উচ্চতকৈও উচ্চ হৈ যাওঁ, আকৌ পুনৰ্জন্ম লৈ লৈ অৱনমিত হওঁ। নতুনৰ পৰা পুৰণা হয়। ছিৰি নিশ্চয় নামিব লাগে নহয়। এতিয়া সৃষ্টিৰো অৱৰোহণ কলা। আৰোহণ কলা যেতিয়া আছিল তেতিয়া এই দেৱতাসকলৰ ৰাজত্ব আছিল, স্বৰ্গ আছিল। এতিয়া নৰক। এতিয়া তোমালোকে স্বৰ্গবাসী হ'বলৈ পুনৰ পুৰুষাৰ্থ কৰি আছা। ‘বাবা বাবা’ কৰি থাকা।

“হে ঈশ্বৰ পিতা” বুলি আহ্বান জনায় কিন্তু এইটো জানো বুজি পায় যে তেওঁ আত্মাসকলৰ পিতা উচ্চতকৈও উচ্চ, আমি তেওঁৰ সন্তানসকল আকৌ দুখী কিয়? এতিয়া তোমালোকে বুজি পোৱা যে দুখীও হ'বই লাগে। এইখন সুখ আৰু দুখৰ খেল নহয় জানো। জিকিলে সুখ, হাৰিলে দুখ। পিতাই ৰাজ্য দিলে, ৰাৱণে কাঢ়ি নিলে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ পাই থাকোঁ। পিতাৰ আগমন হৈছে, এতিয়া কেৱল পিতাক স্মৰণ কৰিব লাগে তেতিয়া পাপ খণ্ডন হ’ব। শিৰত জন্ম-জন্মান্তৰৰ বোজা আছে নহয়। এইটোও তোমালোকে জানা, তোমালোক কোনো বহুত দুখী নোহোৱা। কিছু সুখো আছে - আটাত নিমখৰ পৰিমাণৰ দৰে। যাক কাগ (কাউৰীৰ) বিষ্ঠাৰ সমান সুখ বুলি কোৱা হয়। তোমালোকে জানা সকলোৰে সৎগতি দাতা এজনেই পিতা। জগতৰ গুৰুও এজনেই। বানপ্ৰস্থ অৱস্থাত গুৰুৰ শৰণাপন্ন হয়। এতিয়াতো সৰু ল’ৰা-ছোৱালীকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে যাতে যদি মৃত্যু হৈ যায় তেন্তে সৎগতি লাভ কৰে। পিতাই কয় – বাস্তৱত কাকোৱে গুৰু বুলি ক'ব নোৱাৰি। গুৰু সেইজন যিয়ে সৎগতি দিয়ে। সৎগতি দাতাতো এজনেই। বাকী যীশুখ্ৰীষ্ট, বুদ্ধ আদি কোনো গুৰু নহয়। তেওঁলোক আহিলে তেতিয়া সকলোৱে সৎগতি লাভ কৰে জানো। যীশুখ্ৰীষ্ট আহিল, তেওঁৰ পাছত যিসকল সেই ধৰ্মৰ আছিল সকলো আহিব ধৰিলে। তেনেস্থলত তেওঁক গুৰু বুলি কেনেকৈ কোৱা হ’ব যিহেতু লৈ অনাৰ কাৰণে নিমিত্ত হৈছে। পতিত-পাৱন বুলি এজন পিতাকে কোৱা হয়, তেওঁ সকলোকে ওভতাই লৈ যাওঁতা হয়। স্থাপনাও কৰে, কেৱল সকলোকে যদি লৈ যায় তেন্তে প্ৰলয় হৈ যাব। প্ৰলয়তো নহয়। সৰ্ব শাস্ত্ৰৰ শিৰোমণি ‘শ্ৰীমদ্ভাগৱত গীতা’ৰ গায়ন কৰা হৈছে। গায়ন আছে - য়দা য়দাহি .....। ভাৰততে পিতা আহে। স্বৰ্গৰ বাদশ্বাহী দিওঁতা হৈছে পিতা তেওঁকো সৰ্বব্যাপি বুলি কৈ দিয়ে। এতিয়া তোমালোক সন্তানসকল আনন্দিত হোৱা যে নতুন সৃষ্টিত গোটেই বিশ্বত একমাত্ৰ আমাৰেই ৰাজত্ব হ'ব। সেই ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। ইয়াততো এটা এটা খণ্ডক লৈ পৰস্পৰ কিমান যুদ্ধ কৰি থাকে। তোমালোকৰ কাৰণেতো মজাৰ কথা। আনন্দত জপিয়াই থাকিব লাগে। কল্পই কল্পই বাবাৰ পৰা আমি উত্তৰাধিকাৰ লওঁ তেন্তে কিমান আনন্দিত হোৱা উচিত। পিতাই কয় - মোক স্মৰণ কৰা তথাপিও পাহৰি যোৱা। কয় - বাবা যোগ খণ্ডিত হৈ যায়। বাবাই কয় – ‘যোগ’ শব্দটি আঁতৰাই দিয়া। সেইটোতো শাস্ত্ৰৰ শব্দ। পিতাই কয় - মোক স্মৰণ কৰা। যোগ শব্দটি ভক্তিমাৰ্গৰ। পিতাৰ পৰা স্বৰ্গৰ বাদশ্বাহী পোৱা যায়, তেওঁক যদি তোমালোকে স্মৰণ নকৰা তেন্তে বিকৰ্ম কেনেকৈ বিনাশ হ'ব। ৰাজ্য-ভাগ্য কেনেকৈ পাবা। স্মৰণ নকৰিলে তেতিয়া পদো কম হৈ যাব, শাস্তিও খাবা। এইখিনি বুদ্ধিও নাই। ইমান অবোধ হৈ গৈছে। মই কল্পই কল্পই তোমালোকক কওঁ – মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা। জীৱন্তে এই জগতৰ পৰা মৰি যোৱা। পিতাৰ স্মৃতিৰে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক বিজয় মালাৰ মণি হৈ যাবাগৈ। কিমান সহজ। উচ্চতকৈও উচ্চ শিৱবাবা আৰু ব্ৰহ্মা দুয়োগৰাকী সৰ্বোচ্চ। তেওঁ পাৰলৌকিক আৰু এওঁ অলৌকিক। একেবাৰে সাধাৰণ শিক্ষক। সেই শিক্ষকসকলে তথাপিও শাস্তি দিয়ে, এওঁতো মৰমেৰে বুজাই থাকে। কয় - মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰা, সতোপ্ৰধান হ'ব লাগে। পতিত-পাৱন এজনেই পিতা। গুৰুও তেৱেঁই অন্য কোনো গুৰু হ’ব নোৱাৰে। এনেকৈ কয় যে বুদ্ধ সিপাৰে নিৰ্বাণত গ'ল - এয়া সকলো মিছা কথা। এজনো উভতি যাব নোৱাৰে। সকলোৰে ড্ৰামাত ভূমিকা আছে। কিমান বিশাল বুদ্ধি আৰু আনন্দত থাকিব লাগে। ওপৰৰ পৰা ধৰি গোটেই জ্ঞান বুদ্ধিত আছে। ব্ৰাহ্মণেই জ্ঞান লয়। শূদ্ৰসকলৰো এই জ্ঞান নাই আৰু দেৱতাসকলৰো নাই। এতিয়া বুজোঁতাজনে বুজিব। যিসকলে নুবুজে তেওঁলোকৰ বাবে মৃত্যু। পদো কম হৈ যাব। স্কুলতো নপঢ়িলে পদ কম হৈ যায়। ‘অল্‌ফ’ বাবা, ‘বে’ বাদশ্বাহী। আমি পুনৰ নিজৰ ৰাজধানীলৈ গৈ আছোঁ। এই পুৰণি সৃষ্টি নাশ হৈ যাব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই আমাক এনেকুৱা নতুন বিশ্বৰ বাদশ্বাহী দিয়ে যাক কোনেও কাঢ়ি নিব নোৱাৰে - এইটো আনন্দত জপিয়াই থাকিব লাগে।

(2) বিজয় মালাৰ মণি হ'বৰ কাৰণে জীৱন্তে এই পুৰণি সৃষ্টিৰ পৰা মৰি যাব লাগে। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ কৰিব লাগে।

বৰদান:
নিজৰ শক্তিশালী স্থিতিৰে সকলোৰে শুভ কামনা পূৰ্ণ কৰোঁতা মহাদানী হোৱা

পাছত অহা আত্মাসকল অলপতে সন্তুষ্টি হ’ব, কিয়নো তেওঁলোকৰ ভূমিকাই খুদ-কণ লোৱাৰ। সেয়েহে এনেকুৱা আত্মাসকলৰ তেওঁলোকৰ ভাৱনাৰ ফল প্ৰাপ্ত হওঁক, কোনেও যাতে বঞ্চিত নহয়, ইয়াৰ বাবে এতিয়াৰে পৰা নিজৰ মাজত সৰ্ব শক্তি জমা কৰা। যেতিয়া তোমালোক নিজৰ সম্পূৰ্ণ শক্তিশালী, মহাদানী অৱস্থাত উপনীত হ’বা তেতিয়া যিকোনো আত্মাক নিজৰ সহযোগেৰে, মহাদান দিয়াৰ কৰ্তব্যৰ আধাৰত, শুভ-ভাৱনাৰ বুটাম সক্ৰিয় কৰিয়েই দৃষ্টিৰে ভৰপূৰ কৰি দিবা।

স্লোগান:
সদায় ঈশ্বৰীয় মৰ্যাদাত চলি থাকা তেতিয়া মৰ্যাদা পুৰুষোত্তম হৈ যাবা।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

যেতিয়া সেৱাৰ মঞ্চত যোৱা তেতিয়া এইটো অনুভৱ হোৱা উচিত যে এই আত্মাসকল বহু সময়ৰ অন্তৰ্মুখিতাৰ, আত্মিকতাৰ গুহাৰ পৰা বাহিৰ হৈ সেৱাৰ বাবে আহিছে। তপস্বী ৰূপ দেখা দিব লাগে। বেহদৰ বৈৰাগ্যৰ ৰেখা চেহেৰাত দেখা দিব লাগে। যিমানেই বেছি আত্মিক নিচা সিমানেই বেছি দয়া। এতিয়া এনেকুৱা সেৱাৰ সময়।