13.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে গোটেই জগতৰ পৰা বিকাৰৰ তাপ দূৰ কৰি সকলোকে শীতল কৰি তুলিবলৈ, জ্ঞানৰ
বৰ্ষাই শীতল কৰি দিয়ে”
প্ৰশ্ন:
কেনে ধৰণৰ তাপে
গোটেই জগতখনক দহি আছে?
উত্তৰ:
কাম বিকাৰৰ তাপে গোটেই জগতখনক দহি আছে। সকলো কাম অগ্নিত জ্বলি ক'লা হৈ গৈছে। পিতাই
জ্ঞানৰ বৰ্ষাৰে তেওঁলোকক শীতল কৰি তোলে। যেনেকৈ বৰষুণ পৰিলে ধৰা শীতল হৈ যায় তেনেকৈ
এই জ্ঞানৰ বৰ্ষাৰে 21 জন্মৰ বাবে তোমালোক শীতল হৈ যোৱা। কোনো ধৰণৰ তাপ (বিকাৰৰ
প্ৰৱণতা) নাথাকে। তত্ত্বও সতোপ্ৰধান হৈ যায়। কোনোৱেই দহি নাথাকে।
ওঁম্শান্তি।
আত্মিক
সন্তানসকল কাৰ স্মৃতিত বহি আছা? নিশ্চয় নিজৰ আত্মিক পিতাৰ স্মৃতিত বহি আছে। আত্মাই
নিজৰ পৰমপিতা পৰমাত্মাৰ স্মৃতিত বহি আছে যে আমাক আত্মিক পিতা আহি সজীৱ কৰি শীতল কৰি
তোলক, কিয়নো কাম চিতাত বহি ভাৰত জ্বলি পুৰি মৰিছে। গায়নো কৰে তাপ দূৰ কৰক। কিহৰ তাপ?
কাম চিতাৰ। বহুত গৰম পৰিলে তেতিয়া মনুষ্য মৃত্যু মুখত পৰে। এই কাম চিতাৰ তাপত ভাৰত
একেবাৰে দহি মৰিছে সেয়েহে পিতাক স্মৰণ কৰে যে আহি শীতল কৰি তোলা। বৰষুণ পৰিলে শীতল
হৈ যায়। ধৰা শীতল হৈ যায়। এয়াতো হৈছে জ্ঞানৰ বৰষুণ। এবাৰেই আহি ইমান শীতল কৰি তোলে।
সকলোবোৰ ইমান দি দিয়ে যে সত্যযুগত কোনো বস্তুৰ প্ৰতি ব্যগ্ৰতা নাথাকে। আধাকল্প
ব্যগ্ৰতাত থাকি আহিছা - বাবা আহি শীতল কৰি তোলক। পতিত-পাৱন পিতা আহি আমাক শীতল কৰি
তোলক। এই জ্ঞান বৰ্ষাৰ দ্বাৰা ভাৰত অথবা গোটেই জগত শীতল হৈ যায়। তোমালোক স্বৰ্গৰ
মালিক হৈ যোৱা। মনুষ্য মৰিলে তেতিয়া কয় স্বৰ্গবাসী হ'ল। তেওঁলোকেতো কেৱল মুখ মিঠা
কৰে। তোমালোকে জানা স্বৰ্গৰ এতিয়া স্থাপনা হৈ আছে। বাবা আহিছে, এই জ্ঞানৰ বৰ্ষা বৰষি
আছে। শীতলতাৰ প্ৰভাৱ 21 জন্ম থাকে। তাত বৰষুণো নাথাকে, কোনো বস্তুৰ প্ৰতি ইচ্ছাও
নাথাকে। সদায় বসন্ত ঋতুৱেই থাকে। তাত কোনো প্ৰকাৰৰ দুখ নাথাকে। সূৰ্যও সতোপ্ৰধান হৈ
যায়। কেতিয়াও উত্তাপ নিদিয়ে। তোমালোক গোটেই বিশ্বৰ মালিক হৈ যোৱা। এতিয়াতো গোলাম
হোৱা হয় নহয়। গায়নো কৰে মই গোলাম, মই গোলাম তোমাৰ..., পিতাক স্মৰণ কৰে। এতিয়া পিতাই
কয় - তোমালোকৰ সেৱাত মই আহি তোমালোকৰ গোলাম হৈছোঁ। তোমালোক সন্তানসকলৰ সেৱা কৰোঁ।
পৰৰ, পতিত দেশত, পতিত শৰীৰত মই আহোঁ। এই পতিত সৃষ্টিত এজনো পাৱন থাকিব নোৱাৰে।
সত্যযুগক পাৱন, কলিযুগক পতিত বুলি কোৱা হয় কিয়নো সকলো বিকাৰী। ভাৰতবাসীয়েহে এই
জ্ঞানক বুজিব। যিসকলে 84 জন্ম লৈছে তেওঁলোকেই এই জ্ঞান শুনিব বা যিসকল
সত্যযুগ-ত্ৰেতাত আহোঁতা হ'ব তেওঁলোকেই আহি ব্ৰাহ্মণ হ'ব, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি।
পিতাই বুজাইছে এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণত আছা পুনৰ তোমালোকেই দেৱতা বৰ্ণত আহিবা।
ব্ৰাহ্মণ বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ পিতা আহে। ব্ৰহ্মাই, ব্ৰাহ্মণ
ধৰ্ম প্ৰতিষ্ঠা কৰে। এনেকৈ কোৱা নহ'ব যে পৰমপিতা পৰমাত্মা আহি শূদ্ৰসকলক ব্ৰাহ্মণ
কৰি তোলে। এয়া তোমালোকৰ ‘বাজোলী’ৰ (লুটি বাগৰ মৰা) খেল চলে। এইটোতো বহুত সহজ।
তোমালোকে জানা এই চক্ৰ কেনেকৈ ঘূৰে? বিৰাট ৰূপত ব্ৰাহ্মণৰ টিকনি (উচ্চ ব্ৰাহ্মণক)
আৰু শিৱবাবাক পাহৰি গ'ল। কয় দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ...... পুনৰ শূদ্ৰৰ পৰা
দেৱতা। এতিয়া ব্ৰাহ্মণসকল ক'লৈ গ'ল? ব্ৰাহ্মণ লোকসকলে গায়নো কৰে ব্ৰাহ্মণ দেৱতায়ে
নমঃ। তেন্তে প্ৰজাপিতা ব্ৰহ্মাৰ বংশাৱলী ক'লৈ গ'ল? প্ৰজাপিতা ব্ৰহ্মাৰ নাম কিমান
প্ৰসিদ্ধ। চিত্ৰসমূহতো কিমান ভুল কৰি দিছে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তানৰ কোনো
নাম-চিহ্ন নাই। স্কুলত শিক্ষকে পঢ়ায়। সেয়া তথাপিও উপাৰ্জনৰ উৎস। লক্ষ্য-উদ্দেশ্যতো
নিশ্চয় লাগে। তোমালোক সন্তানসকলে জানা সেই পঢ়াৰ দ্বাৰাহে পদবী প্ৰাপ্ত হয়। পতিত
সৃষ্টিত ভগৱান আহি পতিতসকলক পঢ়ায়। পিতাই কয় - মই তোমালোক সন্তানসকলক পঢ়াই পাৱন কৰি
তোলোঁ। এই পঢ়াৰ দ্বাৰা চোৱা উপাৰ্জন কিমান অধিক হয়। আধাকল্পৰ বাবে তোমালোকে ভাগ্য
গঢ়া। ভাৰতত 21 প্ৰজন্মৰ গায়ন কৰা হৈছে, এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা 21 প্ৰজন্ম
বেহদৰ উত্তৰাধিকাৰ পোৱা। লৌকিক পিতাৰ হৈছে অল্পকালৰ ক্ষণভঙ্গুৰ উত্তৰাধিকাৰ। এই
পিতাৰ পৰা তোমালোকে এনেকুৱা উত্তৰাধিকাৰ পোৱা যে প্ৰজন্মৰ পাছত প্ৰজন্ম তোমালোকৰ
দুখ নাথাকিব। ভাৰততেই বেহদৰ সুখ আছিল। এই জ্ঞান আৰু কাৰো বুদ্ধিত নাই। ইয়াক জ্ঞান
দিওঁতা পিতাই জানে আৰু যিসকলক দিয়ে তেওঁলোকে জানে, আৰু কোনেও নাজানে। ‘গ্ৰন্থ’তো
তেওঁৰ মহিমাৰ গায়ন কৰা হৈছে। এক ঔংকাৰ....নিৰাকাৰ, নিৰ-অহংকাৰ। ইয়াৰ অৰ্থও এতিয়া
তোমালোকে বুজি পোৱা। তেওঁলোকেতো কেৱল গায়ন কৰে নিৰহংকাৰী। ইমান উচ্চ হৰ্তা-কৰ্তা
হৈও তেওঁৰ কোনো অহংকাৰ নাই। ইয়াত অলপো পদমৰ্যাদাৰ অধিকাৰী হ’লে তেতিয়া তেওঁলোকৰ
কিমান নিচা (অহংকাৰ) থাকে। সেয়া হৈছে অল্পকালৰ পদবীৰ নিচা যে মই অমুক হওঁ......
এতিয়া তোমালোকৰ এই আত্মিক পঢ়াৰ নিচা আছে। তোমালোক আত্মাই এতিয়া জানা - আত্মা-অভিমানী
হ'ব লাগে তেতিয়াহে পিতাক স্মৰণ কৰিব পাৰিব। পিতাৰ পৰা যোগসূত্ৰ ছিঙাৰ বাবে মায়াৰ
গুলি লাগি যায়, বিবুদ্ধিত পৰি যায়। স্মৰণ কৰি থাকিলে তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী
হৈ থাকিব। কোনোবা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তেতিয়া আনন্দিত হয়। বুজি পায় বচ্
ইয়াৰ ওপৰত আৰু কোনো পঢ়া নাই। তোমালোকেও জানা আমাৰ এই পঢ়াৰ ওপৰত আৰু কোনো উচ্চ পঢ়া
নাই। এওঁলোক লক্ষ্মী-নাৰায়ণে নিশ্চয় অতীতত এনেকুৱা পঢ়া পঢ়িছিল। ৰাজযোগ শিকিছিল
সেইবাবে মহাৰজা-মহাৰাণী হৈছে। ৰাজযোগতো প্ৰসিদ্ধ। পৰমপিতা পৰমাত্মা আহি ৰাজযোগ
শিকায় - স্বৰ্গৰ বাবে। কয়ো অতীতত এনেকুৱা কৰ্ম কৰিছা সেয়েহে এনেকুৱা (পতিত) হৈছা।
তোমালোকে জানা - এইটো
জন্মত আমি এনেকুৱা কৰ্ম শিকোঁ যাৰ ফলত ভৱিষ্যতলৈ 21 জন্মৰ বাবে ৰাজত্ব কৰিম বা
স্বৰ্গত বিৰাজমান হ'ম। যথা ৰজা-ৰাণী তথা প্ৰজাও হয় নহয়। ৰাজধানী হয়। পিতা আহিছে -
ৰাজধানী স্থাপন কৰিবলৈ। পুনৰ তোমালোক গৈ 21 জন্মৰ কাৰণে প্ৰতিপালন কৰিবা। 63 জন্মতো
দুখ ভোগ কৰিছা। সেই সকলোবোৰ শেষ হৈ যাব। ভাৰতক স্বৰ্গ বুলি কোৱা হয়, এতিয়াতো নৰক।
সৃষ্টি কিমান সলনি হৈ গৈছে। সেই ৰাজত্ব ক'লৈ গ'ল? ৰাৱণৰাজ্য আৰম্ভ হোৱাৰ বাবে পুনৰ
তোমালোক পতিত হৈ যোৱা। পিতাই কয় - তোমালোকে নিজৰ 84ৰ চক্ৰক নাজানা। এতিয়া তোমালোক
সন্তানসকলক বাৰে বাৰে বুজোৱা হয়। তোমালোকে 84 জন্মৰ চক্ৰ পূৰা কৰিছা। এতিয়া
তোমালোকৰ এইটো অন্তিম জন্ম। এতিয়া পুনৰ নিজৰ উত্তৰাধিকাৰ ল'ব লাগে। তোমালোক
মুক্তিধামত বহি যাব নালাগে। তোমালোকৰ আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। এনেকুৱা বহুত
আছে যিসকল সত্যযুগৰ পৰা আৰম্ভ কৰি দ্বাপৰ কলিযুগলৈকেও মুক্তিধামত থাকে। এনেকৈ কোৱা
নহ'ব যে ইয়ালৈ অহাতকৈ মুক্তিধামেই ভাল। সেয়াতো মহৰ সদৃশ হৈ গ'ল। আহিল আৰু এয়া গ'ল।
মনুষ্যৰ মহিমাৰ গায়ন কৰা হয়। এই মন্দিৰ কাৰ? যিসকলে আৰম্ভণিৰ পৰা ভূমিকা পালন কৰি
আহিছে, তেওঁলোকৰহে স্মাৰক তৈয়াৰ হৈ আহিছে। পাছলৈ যিসকল আহে তেওঁলোকৰ স্মাৰক আছে জানো?
একোৱেই নাই। তোমালোকৰ কিমান শ্ৰেষ্ঠ স্মাৰক আছে। সকলোতকৈ অধিক ভূমিকা তোমালোকে পালন
কৰা। তোমালোকে নিজৰ প্ৰালব্ধৰ সময় পূৰ্ণ কৰি যেতিয়া ভক্তিমাৰ্গত আহা তেতিয়া
তোমালোকৰ স্মাৰক তথা শিৱবাবাৰ মন্দিৰ নিৰ্মাণ হ’বলৈ আৰম্ভ হয়, পুনৰ অন্য ধৰ্ম আহে।
তেওঁলোকৰ ধৰ্ম প্ৰতিষ্ঠা হয়। তোমালোকে নিজৰ ইতিহাস-ভূগোলো জানা আৰু সকলো
ধৰ্মাৱলম্বীসকলৰো জানা। 84 জন্মৰ ছিৰি। প্ৰথমে আমি স্বৰ্গলৈ আহোঁ আকৌ অৱনমিত কেনেকৈ
হওঁ – এইটো তোমালোকৰ বুদ্ধিত আছে। প্ৰত্যেকটো জন্মত ভিন্ন নাম-ৰূপধাৰী
মিত্ৰ-সম্বন্ধীয় আদিক পাইছা। ড্ৰামাত তোমালোকৰ এই সকলোবোৰ ভূমিকা প্ৰথমৰ পৰাই
নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে বেহদৰ ড্ৰামা, যিখন হুবহু পুনৰাবৃত্তি হয়। তোমালোকে জানা
আমিয়েই সেই দেৱী-দেৱতা আছিলোঁ যিসকলে 84 জন্ম লৈ শূদ্ৰ হ'লোঁ। পুনৰ আমিয়েই সেই
দেৱী-দেৱতা হওঁগৈ। মনুষ্যইতো কৈ দিয়ে আত্মাই পৰমাত্মা। বাস্তৱত ‘আমিয়েই সেয়া’ৰ অৰ্থ
এইটো। তেওঁলোকে আকৌ কৈ দিয়ে আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। ৰাতি-দিনৰ পাৰ্থক্য
নহয় জানো। এতিয়া তোমালোকে এই সকলোবোৰ কথা জানা। তোমালোক এতিয়া পাণ্ডৱ হৈছা।
কৌৰৱ-পাণ্ডৱ ভাই ভাই আছিল নহয়। এতিয়া পিতাক পাইছা সেয়েহে তোমালোক কৌৰৱৰ পৰা পাণ্ডৱ
হৈছা। পিতাই তোমালোকক দুখৰ পৰা মুক্ত কৰি মাৰ্গ-দৰ্শক হৈ লৈ যায়। ঘৰৰ বিষয়েতো কোনেও
নাজানে। তেওঁলোকে কয় আত্মা ব্ৰহ্মত লীন হৈ যাব। তেন্তে ঘৰ হ'ল জানো। ঘৰততো নিবাস কৰা
হয়। সেইখনক নিৰাকাৰী জগত বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে জানা - আমি
নিৰাকাৰী আত্মাসকল নিৰাকাৰী সৃষ্টিত বিন্দু সদৃশ নিবাস কৰোঁ। তাতো নিৰাকাৰী বৃক্ষ
আছে। এয়া ড্ৰামা ৰচি থোৱা আছে। বীজ আৰু বৃক্ষক জানিব লাগে। ইয়াৰ নামেই হৈছে বিভিন্ন
ধৰ্মৰ বৃক্ষ, এয়া মনুষ্য সৃষ্টি। ইয়াৰ বীজৰূপ হৈছে পিতা, কিমান ভিন্নতা আছে।
প্ৰত্যেক ধৰ্মাৱলম্বীৰ বৈশিষ্ট্য অনন্য আকৌ ইয়াতো এজনৰ চেহেৰা আনজনৰ সৈতে নিমিলে।
এয়াও ড্ৰামা ৰচি থোৱা আছে। কল্প বৃক্ষৰ আয়ুস 5 হাজাৰ বছৰ - এইটো পিতাইহে বুজায়।
মনুষ্য হ’ল ভাৱৰীয়া, ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। এয়া হৈছে মঞ্চ, আলোকিত কৰিবৰ
বাবে সূৰ্য, চন্দ্ৰ আদি আছে। এওঁলোক কোনো দেৱতা জানো, এয়াতো হৈছে দীপক। কিন্তু সেৱা
কৰে, সেয়েহে দেৱতা বুলি কৈ দিয়ে। বাস্তৱত দেৱতাসকলে কোনোধৰণৰ সেৱা নকৰে, সেৱাতো
তোমালোক সন্তানসকলে কৰা। পিতা আজ্ঞাকাৰী সেৱক। সন্তানসকল দুখী হয়, তেতিয়া পিতাৰ দয়া
ওপজে। পিতা বুজাবলৈ আহিছে। তোমালোক সন্তানসকলক পুনৰাই সেয়াই দেৱী-দেৱতাৰ পদ প্ৰাপ্ত
কৰাবলৈ আহোঁ। প্ৰতিটো বস্তুৰ আৰোহণ কলা, অৱৰোহণ কলা থাকে। পুৰণি সৃষ্টিক তমোপ্ৰধান,
নতুন সৃষ্টিক সতোপ্ৰধান বুলি কোৱা হয়। প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণি হয়। আত্মাই কয়
- এই শৰীৰো তমোপ্ৰধান পতিত। সত্যযুগত এই আত্মা আৰু শৰীৰ সতোপ্ৰধান আছিল। মগজ
নখটুৱাইছিল। আত্মাই এতিয়া জ্ঞান পাইছে। স্মৃতিলৈ আহিছে, আমি 84 জন্ম লওঁ। এইটো
ৰহস্য বেহদৰ পিতাই বুজায়। দুখত পিতাকেই আহ্বান জনাই থাকে। হে দুখ হৰ্তা সুখ কৰ্তা
দয়া কৰা.... ভাৰতেই সকলোতকৈ সুখী আছিল নহয়। ভাৰতৰ দৰে পৱিত্ৰ খণ্ড আৰু একো হ'ব
নোৱাৰে। এতিয়া পিতাই তোমালোক সন্তানসকলৰ জোলোঙা অবিনাশী জ্ঞান ৰত্নৰে ভৰপূৰ কৰে।
কেতিয়াবা এনেকুৱা পিতাকক দেখিছা জানো। কয় সন্তানসকল, মই তোমালোকৰ বাবে বৈকুণ্ঠ
উপহাৰ হিচাপে লৈ আহিছোঁ। তোমালোক স্বৰ্গবাসী আছিলা, এতিয়া পতিত নৰকবাসী হৈ গৈছা।
পাৱন তেওঁলোকক কোৱা হয় যিসকল বিকাৰগ্ৰস্ত নহয়। সত্যযুগত সম্পূৰ্ণ নিৰ্বিকাৰী হয়। এই
সময়ত হৈছে - সম্পূৰ্ণ বিকাৰী। পিতাই কয় - তোমালোকো সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। এতিয়া
সম্পূৰ্ণ বিকাৰী হৈ গৈছা, পুনৰ পিতাৰ স্মৃতিত থাকি সম্পূৰ্ণ নিৰ্বিকাৰী দেৱতা পদ
প্ৰাপ্ত কৰিব লাগে। শব্দটো চোৱা কিমান ভাল – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা
শিৱক স্মৰণ কৰা)। মোক পিতাক স্মৰণ কৰিলে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা।
মই সৰ্বশক্তিমান হওঁ নহয়। মোক স্মৰণ কৰা। স্মৃতিকহে যোগ অগ্নি বুলি কোৱা হয়, যাৰ
দ্বাৰা তোমালোকৰ পাপ দগ্ধ হ'ব। তোমালোক পৱিত্ৰ হৈ যাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক
পঢ়াৰ নিচাত থাকিব লাগে। পিতাৰ সমান নিৰহংকাৰী হ'ব লাগে। পদমৰ্যাদা আদিৰ অহংকাৰ
থাকিব নালাগে।
(2) নিজৰ জোলোঙা
জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী হৈ দেৱতা পদ প্ৰাপ্ত কৰিব লাগে।
কেতিয়াও বিবুদ্ধিত পৰিব নালাগে।
বৰদান:
স্থূল আৰু
সূক্ষ্ম দুয়োটা ৰীতিৰে নিজক ব্যস্ত কৰি ৰাখোঁতা মায়াজিৎ বিজয়ী হোৱা
নিজক সেৱাধাৰী বুলি
বুজি নিজৰ ৰুচি, উৎসাহেৰে সেৱাত ব্যস্ত হৈ থাকা তেতিয়া মায়াই সুযোগ নাপাব। যেতিয়া
সংকল্পৰে, বুদ্ধিৰে, আনকি স্থূল কৰ্মৰ পৰাও মুক্ত হৈ থাকা তেতিয়া মায়াই সুযোগ লৈ লয়।
কিন্তু স্থূল আৰু সূক্ষ্ম দুয়োটা ৰীতিৰে আনন্দেৰে সেৱাত ব্যস্ত হৈ থাকিলে তেতিয়া
আনন্দৰ কাৰণে মায়াই মুখামুখী হোৱাৰ সাহস কৰিব নোৱাৰে, সেইবাবে নিজেই শিক্ষক হৈ
বুদ্ধি ব্যস্ত কৰি ৰখাৰ দৈনিক কাৰ্যসূচী হাতত লোৱা তেতিয়া মায়াজিৎ, বিজয়ী হৈ যাবা।
স্লোগান:
নিশ্চয়তা আৰু নিচাৰে কোৱা – “বাবা মোৰ লগত আছে” তেতিয়া মায়া সমীপত আহিব নোৱাৰে।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
বাপদাদাই সকলো
সন্তানৰ চলন আৰু চেহেৰাত, বাণী আৰু কৰ্মত সৰলতা আৰু মধুৰতা চাব বিচাৰে। যদি উত্তেজনা
বা ক্লান্তিৰ কাৰণে সামান্যতমো বাণী মধুৰ নহয়, চেহেৰা মধুৰ নহয়, অতি গম্ভীৰ হৈ
থাকা, তেন্তে গুণসম্পন্ন বুলি কোৱা নহ’ব। পৰিস্থিতি যেনেকুৱাই নহওক কিয়, কিন্তু মোৰ
যি গুণ, সেই মোৰ গুণ জাগ্ৰত হ’ব লাগে। যেনেকুৱা বাপদাদা, হুবহু সেয়াই গুণ, সেয়াই
কৰ্তব্য, সেয়াই কথা, সেয়াই সংকল্প অনুভৱ হওক, যাতে সকলোৰে মুখৰ পৰা উচ্চাৰিত হয় -
এওঁলোক তেওঁৰ নিচিনাই।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]