13.11.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই ড্ৰামাত তোমালোক নায়ক-নায়িকাৰ ভূমিকা পালন কৰোঁতা হোৱা, গোটেই কল্পত তোমালোকৰ নিচিনা শ্ৰেষ্ঠ ভূমিকা আৰু কাৰোৱেই নাই”

প্ৰশ্ন:
মনুষ্যৰ পৰা দেৱতা হোৱাৰ পৰীক্ষাত কোন উত্তীৰ্ণ হ’ব পাৰে?

উত্তৰ:
যিয়ে পিতাক অনুসৰণ কৰি পিতাৰ সমান পৱিত্ৰ হয় তেওঁলোকেই এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। 21 জন্মৰ বেহদৰ উত্তৰাধিকাৰ পোৱা যায় গতিকে নিশ্চয় কিছু পৰিশ্ৰম কৰিব লাগিব। এতিয়া যদি পৰিশ্ৰম নকৰা তেন্তে কল্প-কল্পান্তলৈ নকৰিবা তেতিয়া উচ্চ পদ কেনেকৈ পাবা। পৱিত্ৰ হ’লে তেতিয়া ভাল পদ পাবা। নহ’লে শাস্তি খাব লাগিব।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলৰ সৈতে বাবাই সন্মুখত বাৰ্তালাপ কৰি আছে। সন্তানসকলে বুজি পায় চাগৈ যে আমাৰ সৈতে বেহদৰ পিতাই বাৰ্তালাপ কৰি আছে। যিজন সকলোতকৈ মিঠা (মৰমিয়াল)। পিতাও মিঠা হয়, শিক্ষকো মিঠা হয় কিয়নো দুয়োৰে পৰা উত্তৰাধিকাৰ পোৱা যায়। গুৰুৰ পৰা ভক্তিৰ উত্তৰাধিকাৰ পোৱা যায়। ইয়াততো এজনৰ পৰাই তিনিওটা পোৱা যায়। আনন্দিতও হয়। তোমালোক তেওঁৰ সন্মুখত বহি আছা। তোমালোকে জানা বেহদৰ পিতা যাক পতিত-পাৱন বুলি কোৱা হয়, তেৱেঁই মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। সেই বীজ হৈছে জড়। এয়া হৈছে চৈতন্য। এওঁক সত্য-চৈতন্য-আনন্দ স্বৰূপ বুলি কোৱা হয় আকৌ তেওঁৰ মহিমাও আছে। তেওঁ জ্ঞানৰ সাগৰ হয় কিন্তু তেওঁৰ পৰা কি জ্ঞান পোৱা যায়, এয়া কোনেও গম নাপায়। তোমালোকে জানা যিসকলক পিতাই জ্ঞান দি আছে, তেওঁলোকেই ভক্তিমাৰ্গত এওঁৰ ইমান মন্দিৰ নিৰ্মাণ কৰে, শাস্ত্ৰ আদি ৰচনা কৰে। এইটোও তোমালোকে জানা যে যথাযথ প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত এই কল্পৰ সংগম আহে। ইয়াক কোৱা হয় আত্মিক অবিনাশী পুৰুষোত্তম সংগমযুগ। এনেয়েতো উত্তম পুৰুষ বহুতেই আছে। কিন্তু তেওঁলোক এটা জন্মত উত্তম পুৰুষ হয়, আকৌ মধ্যম কনিষ্ঠ হৈ যায়। এই লক্ষ্মী-নাৰায়ণক চোৱা কিমান উত্তম পুৰুষ। এওঁলোক হ’ল পুৰুষোত্তম আৰু পুৰুষোত্তমনী। দুয়োকে এনেকুৱা উত্তম কোনে কৰি তুলিলে? গায়ন কৰা হয় উচ্চতকৈও উচ্চ ভগৱান, তেওঁ ওপৰত থাকে। মনুষ্য সৃষ্টিত উচ্চতকৈও উচ্চ হৈছে এই বিশ্ব মহাৰজা মহাৰাণী। উচ্চতকৈও উচ্চ ভাৰতত ৰাজত্ব কৰিছিল। এতিয়া সেই ৰাজ্য তেওঁলোকে কেনেকৈ পালে! এইটো কোনেও গম নাপায়। এনেহেন পিতাক যিয়ে তোমালোকক ইমান উচ্চ কৰি গঢ়ি তোলে, তেওঁক কিমান ভাল পাব লাগে। তেওঁৰ মতত চলিব লাগে। এনেকুৱা উচ্চ বিশ্বৰ মালিক কৰি তোলোঁতা পিতাই কিমান সাধাৰণ ৰীতিৰে পঢ়ায়। এইটোও তোমালোকে জানা যে বেহদৰ পিতা ভাৰতলৈ আহে। শিৱ জয়ন্তীও পালন কৰে। ভাৰতক আহি স্বৰ্গ কৰি গঢ়ি তোলে। এতিয়া স্মৃতি উদয় হৈছে যে আমি স্বৰ্গবাসীসকলে 84 জন্ম ভোগ কৰি নৰকবাসী হৈছোঁ। আকৌ বাবা আহিছে স্বৰ্গবাসী কৰি তুলিবলৈ। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বা। সতোপ্ৰধান নোহোৱাকৈ কোনেও উভতি যাব নোৱাৰে। নহ’লেতো শাস্তি খাব লাগিব। শাস্তিও আত্মাই পায় নহয় জানো। গৰ্ভ কাৰাগাৰত শৰীৰ ধাৰণ কৰাই আকৌ শাস্তি দিয়ে। সন্তানসকলে বহুত দুখ ভোগ কৰিবলগীয়া হয়। ত্ৰাহি ত্ৰাহি কৰে। কয় - পুনৰ পাপ নকৰোঁ। তোমালোক সন্তানসকলতো গৰ্ভ কাৰাগাৰত যাব নালাগে। তাত গৰ্ভ মহল হয় কিয়নো পাপ নহয়। ইয়াত ৰাৱণ ৰাজ্যত পাপ হয় সেইবাবেতো ৰাম ৰাজ্য বিচাৰে। কিন্তু এইটো নাজানে যে ৰাৱণ ৰাজ্য কি বস্তু। যিহেতু জ্বলায় গতিকে শেষ হৈ যাব লাগে। বাৰে বাৰে জ্বলায়, মানে মৰা নাই। তেন্তে এই সকলোবোৰ কৰি লাভ কি? সেই লোকসকলে গৈ লঙ্কা লুটি আনে। যেতিয়া এজোপা গছত বেমাৰ লাগে (পৰজীৱী স্বৰ্ণলতাই বেৰি ধৰে), তাকে সোণ বুলি লৈ আহে। বাস্তৱত তোমালোক এই সময়ত ৰাৱণৰ ওপৰত বিজয়ী হোৱা আৰু সোণালী যুগৰ মালিক হোৱা। আজমেৰত বৈকুণ্ঠৰ আৰ্হি তৈয়াৰ কৰিছে। এতিয়া তোমালোকে জানা যে সন্তানসকলক পুনৰ স্বৰ্গৰ মালিক কৰি তুলিবলৈ পিতা আহিছে। হীৰা মুকুতাৰ মহলত আমি ৰাজত্ব কৰিমগৈ।

এতিয়া তোমালোক সন্তানসকল যোগবলেৰে নিৰ্বিকাৰী সতোপ্ৰধান হোৱা। আত্মা সম্পূৰ্ণ নিৰ্বিকাৰী হৈ আকৌ শান্তিধামলৈ গুচি যাব, তাত দুখৰ কথা নাই। পিতাই বুজাইছে - এই ড্ৰামাত তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠ নায়ক-নায়িকাৰ শ্ৰেষ্ঠ ভূমিকা আছে। ৰাজ্য লোৱা আৰু হেৰুওৱা – এয়া খেল। নায়ক-নায়িকা হৈছা তোমালোক। নায়ক-নায়িকাৰ অৰ্থ হৈছে শ্ৰেষ্ঠ ভূমিকা পালন কৰোঁতা। তোমালোক সোণালী যুগত পৱিত্ৰ গৃহস্থ আশ্ৰমত আছিলা। লৌহযুগত হৈছে অপৱিত্ৰ গৃহস্থ ব্যৱহাৰ। এতিয়া বাবাই সোণালী যুগলৈ লৈ যাব। তাত লক্ষ্মী-নাৰায়ণ সূৰ্যবংশীসকলৰ ৰাজত্ব হ’ব। তেওঁলোকে পুনৰ্জন্ম লৈ চন্দ্ৰবংশীত আহিব, বৃদ্ধি হৈ গৈ থাকিব। এতিয়া কিমান কোটি হৈ গ’ল। এতিয়া কয় - জন্ম কমকৈ হওক। যিসকলৰ এটি-দুটি সন্তান থাকিব তেওঁলোকে জানো বন্ধ কৰিব। এতিয়া তোমালোকেতো জনাই দিব পাৰা যে জনসংখ্যা কম কৰা এইটোতো পিতাৰ ওপৰত। পিতাই জানে মনুষ্য অধিক হ’লে তেতিয়া মৰিব। মই আহিছোঁ সকলোকে নাশ কৰি এক ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। তাত 9 লাখ জনসংখ্যা হ’ব। “ছু মন্ত্ৰ” (যাদু) হ’ল নহয় জানো। কলিযুগ ৰূপী ৰাত্ৰি পূৰা হৈ দিন আৰম্ভ হৈ যাব। জন্ম নিয়ন্ত্ৰণত কিমান খৰচ কৰে। পিতাৰ কোনো খৰচ নাই। প্ৰাকৃতিক দুৰ্যোগ হ’ব, সকলো নাশ হৈ যাব, ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সেই লোকসকলে যি পৰিকল্পনা কৰি আছে, সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইউৰোপবাসী যাদৱ, ভাৰতবাসী কৌৰৱ আৰু পাণ্ডৱ। তেওঁলোক সকলো এফালে, এইফালে দুই ভাই ভাই। ভাৰতত ভ্ৰাতৃসংঘ হয়। এই ভ্ৰাতৃসংঘ কলিযুগৰ তোমালোক এতিয়া তাৰপৰা সংগমত ওলাই আহিছা। কৌৰৱ আৰু পাণ্ডৱ একেখন ঘৰৰেই আছিল। আত্মা আচলতে ভাই ভাই হয়। তোমালোক আত্মাসকলৰ সৈতেই পোন প্ৰথমে পিতা মিলিত হৈছে। দৌৰত যি প্ৰথমত যায় তেওঁ পুৰস্কাৰ পায়। তোমালোকৰ হ’ল স্মৃতিৰ দৌৰ। এয়া কোনো শাস্ত্ৰত নাই। পিতাই কয় - মোৰ সৈতে যোগযুক্ত হৈ থাকা। এই যোগৰ যাত্ৰা এই সময়তহে হয়। এই যাত্ৰা অন্য কোনেও শিকাব নোৱাৰে। সত্যযুগত আত্মিক যোগো নাথাকে, পাৰ্থিৱ যোগো নাথাকে – তাত দৰকাৰেই নাই। এই সময়ত তোমালোকৰ বুদ্ধিত ধাৰণ হয়। ড্ৰামাত এটি এটি চেকেণ্ডৰ কৰ্ম-কাণ্ড বুজোৱা হৈছে ইয়াক স্বদৰ্শন চক্ৰ বুলি কোৱা হয়। বাস্তৱত স্বদৰ্শন চক্ৰধাৰী এতিয়া তোমালোক হোৱা। 84 জন্মৰ অথবা সৃষ্টি চক্ৰৰ জ্ঞান তোমালোকৰ আছে। ‘স্ব’ মানে আত্মা। আত্মাৰ এই জ্ঞান আছে গতিকে এতিয়া তোমালোক সন্তানসকল স্বদৰ্শন চক্ৰধাৰী হৈছা। মই তোমালোকক ক’ম - আত্মিক সন্তানসকল। স্বদৰ্শন চক্ৰধাৰী ব্ৰাহ্মণ কুল ভূষণ। এই শব্দবোৰৰ অৰ্থ কোনো নতুনে বুজিব নোৱাৰে। এই অলংকাৰ তোমালোকক নিদিয়ে কিয়নো তোমালোকৰ ভিতৰত কোনোবা আঁতৰি গুচি যায়। এতিয়া তোমালোকৰ বুদ্ধিত 84 ৰ চক্ৰ আছে। এতিয়া প্ৰথম নম্বৰত যাম। প্ৰথমে ঘৰলৈ গৈ আকৌ দেৱতা হ’ম। পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ’ম। কিমান বোধশক্তিৰ কথা। ইমানখিনিও যদি কোনোবাই স্মৰণ কৰে তেতিয়াও অতি সৌভাগ্যৰ কথা। বাকী অলপ সময় আছে আকৌ আমি স্বৰ্গলৈ যাম। বাকী শাস্ত্ৰবোৰততো বহুত মুখৰোচক কথা লিখি দিছে। কৃষ্ণ যি সকলোৰে মৰমৰ হয়, তেওঁৰ বাবেও লিখি দিছে যে সৰ্পই দংশন কৰিলে, এইটো হ’ল… কৃষ্ণ, ৰাধাতকৈও মৰমৰ হয় কিয়নো মুৰুলী বজায়। এয়া বাস্তৱত হৈছে জ্ঞানৰ কথা। তোমালোক এই সময়ত হৈছা জ্ঞান-জ্ঞানেশ্বৰী। আকৌ পঢ়ি ৰাজ-ৰাজেশ্বৰী হোৱা। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। তোমালোকক কোনোবাই সোধে ইয়াৰ (এই সংস্থাটিৰ) উদ্দেশ্য কি? তেতিয়া ক’বা - মনুষ্যৰ পৰা দেৱতা হোৱা। আমিয়েই সেই দেৱতা আছিলোঁ। 84 জন্মৰ পাছত শূদ্ৰ হ’লোঁ, এতিয়া পুনৰ ব্ৰাহ্মণ হৈছোঁ, আকৌ দেৱতা হ’মগৈ। পঢ়াওঁতাজন হৈছে জ্ঞানৰ সাগৰ পৰমাত্মা, কৃষ্ণ নহয়। এই ৰাজযোগ কোনেও শিকাব নোৱাৰে। তোমালোকে কোৱা - বাবা আমি কল্পই কল্পই আহি আপোনাৰ পৰা ৰাজ্য-ভাগ্য লওঁ। এইটোও তোমালোকে জানা। এই ভয়ানক মহাভাৰতৰ যুদ্ধৰ দ্বাৰাহে স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। বাবা আহি ৰাজযোগ শিকায় তেন্তে নিশ্চয় স্বৰ্গ লাগে। নৰক নাশ হোৱা উচিত। এই ভয়ানক মহাভাৰতৰ যুদ্ধৰ বিষয়ে শাস্ত্ৰত আছে।

(কাহিলে) এয়া কোনে কাহিলে? শিৱবাবাই নে ব্ৰহ্মাবাবাই? (ব্ৰহ্মাবাবাই) এয়া কৰ্মভোগ। অন্তলৈকে হৈ থাকিব। যেতিয়ালৈ সম্পূৰ্ণ হৈ যাব তেতিয়া এই শৰীৰো নাথাকিব। তেতিয়ালৈকে কিবা নহয় কিবা হৈ থাকিব, ইয়াক কৰ্মভোগ বুলি কোৱা হয়। সত্যযুগত কৰ্মভোগ নাথাকে। কোনো বেমাৰ আদি নহয়। আমি সৰ্বদা স্বাস্থ্যবান-সম্পত্তিমান হওঁ। সৰ্বদা হৰ্ষিত হৈ থাকে কিয়নো বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। আকৌ আধাকল্পৰ পাছত দুখ আৰম্ভ হয়। সেয়াও যেতিয়া ভক্তি ব্যভিচাৰী হৈ যায় তেতিয়া দুখ বেছি হয়, তেতিয়া ত্ৰাহি ত্ৰাহি কৰে আকৌ বিনাশ হয়। এতিয়া তোমালোকে সন্মুখত শুনা গতিকে কিমান মজা লাগে। জানা যে এওঁ আমাৰ সঁচা পিতা, সঁচা শিক্ষক, সঁচা সৎগুৰু হয়। এই মহিমা এজন নিৰাকাৰ পিতাৰেই হয়। তেওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। সেইজন পিতাক স্মৰণ কৰা তেতিয়া উচ্চ পদ পাবা। এয়া কোনো সাধু-সন্ত মহাত্মাতো আসনত বহি থকা নাই। কেতিয়াও চৰণত পৰিবলৈও নিদিয়ে। পিতাই কয় – মই তোমালোকৰ একান্ত বাধ্য সেৱক। মোৰ ভৰি ক’ত আছে? তোমালোকে কাৰ আগত মূৰ দোৱাবা? বহুত গুৰুৰ আগত মূৰ দোৱাওঁতে দোৱাওঁতে তোমালোকৰ কপালেই ক্ষয় গৈছে। ভক্তিমাৰ্গত যিবোৰ হয় সেয়া জ্ঞানমাৰ্গত হ’ব নোৱাৰে। ভক্তিমাৰ্গত কয় - হে ৰাম… পিতাই কয় - ইয়াত কোনো আৱাজ (শব্দ) কৰিব নালাগে। নিজক আত্মা বুলি বুজি গুপ্ত পিতাক স্মৰণ কৰিব লাগে। “হে শিৱ…” বুলিও ক’ব নালাগে। তোমালোক আৱাজৰ সিপাৰে যাব লাগে। সন্তানসকলৰ ভিতৰি পিতাৰ স্মৃতি থাকে। আত্মাই জানে যে এওঁ আমাৰ বাবা হয়। তোমালোকে ভিতৰি গুপ্তভাৱে স্মৰণ কৰিব লাগে, ইয়াক অজপা (শব্দ ৰহিত) জপ বুলি কোৱা হয়। জপ কৰিব নালাগে। মালা মনৰ ভিতৰতে ঘূৰোৱা (জপা) বা বাহিৰতে ঘূৰোৱা কথা একেটাই। ভিতৰত ঘূৰোৱাতো কোনো গুপ্ত নহয়। গুপ্ত কথা হ’ল – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। সেয়া শিৱবাবা এয়া প্ৰজাপিতা ব্ৰহ্মা। তোমালোকে দ্বৈত ইঞ্জিন পাইছা, অলংকৃত হ’বলৈ। এওঁৰ আত্মাও অলংকৃত হৈ আছে। আকৌ সকলো নিজৰ পিতাৰ ঘৰলৈ যাবগৈ। তাৰ পৰা আকৌ শহুৰৰ ঘৰ বিষ্ণুপুৰীলৈ আহিব। এয়া হ’ল দ্বৈত পিতাৰ ঘৰ অলৌকিক, সেয়া লৌকিক আনখন পাৰলৌকিক। এই অলৌকিক পিতাক কোনেও নাজানে, সেইবাবে কয় - এই দাদাক কিয় বহুৱাইছে। এইটো কোনেও গম নাপায় যে এইটো শৰীৰৰ দ্বাৰা পৰমাত্মাই পঢ়ায়। এওঁ বহুত জন্মৰ অন্তত পূজ্যৰ পৰা পূজাৰী হৈছে। ৰজাৰ পৰা ভিকহু হৈছে। বাবাই বুজায় – এই শৰীৰত মই প্ৰৱেশ কৰোঁ। তথাপিও কাৰো বুদ্ধিত ধাৰণ নহয়। মন্দিৰত ষাঁড় গৰু ৰাখি দিছে। এতিয়া শঙ্কৰতো হ’ল সূক্ষ্মবতনবাসী। সূক্ষ্মবতনত ষাঁড় আদিতো নাথাকে। ষাঁড় অৰ্থাৎ পুৰুষ। ভাগীৰথক পুৰুষ দেখুৱায়। মনুষ্যতো একেবাৰে অবুজ হৈ গৈছে। পিতাই কয় – ৰাৱণে অবুজ কৰি দিলে। নিজেই কয় যে ৰামৰাজ্য লাগে। এতিয়া ৰামৰাজ্যতো সত্যযুগত হয়। কলিযুগত হৈছে ৰাৱণ ৰাজ্য। ৰাম আৰু ৰাৱণ ভাৰতত থাকে। শিৱ জয়ন্তীও ভাৰতত পালন কৰে, ৰাৱণ জয়ন্তী পালন নকৰে কিয়নো শত্ৰু হয়। জয়ন্তী সেইসকলৰ পালন কৰে যিয়ে সুখ দিয়ে। এতিয়া শিৱবাবা আহি জ্ঞান শুনায় আৰু ৰাৱণৰ ওপৰত বিজয়ী কৰি তোলে। এতিয়া তোমালোকে জানা ৰাৱণ কি বস্তু! কেতিয়া আহে! সঠিক হিচাপ শুনোৱা হয়। এই কথাবোৰ ভালদৰে ধাৰণ কৰা। পাহৰি নাযাবা। জ্ঞান সাগৰৰ ওচৰলৈ ডাৱৰ হৈ আহিছা। ভৰপূৰ হৈ বৰষিব লাগে, ধাৰণা বহুত ভাল হ’ব লাগে। ইয়াত তোমালোক সন্মুখত বহি আছা। অনুভৱ হয় আমি বেহদৰ পিতাৰ সন্মুখত, ঘৰত বহি আছোঁ। ব্ৰাহ্মণ কুল ভূষণো আছে। মম্মা বাবাও আছে। বাবাই আমাক শিক্ষকৰ ৰূপত পঢ়াই আছে। সৎগুৰুৰ ৰূপত লগত লৈ যাব। সেই গুৰুসকলে লৈ নাযায়। গুৰুৰ কাম হ’ল শিষ্যসকলক লগত লৈ যোৱা। বাস্তৱত তেওঁলোক শিষ্যও (অনুগামীও) নহয়। তেওঁলোক সন্ন্যাসী, তেওঁলোক গৃহস্থী তেন্তে শিষ্য (অনুগামী) কেনেকৈ হ’ল। তোমালোকে শিৱবাবাকো অনুসৰণ কৰা, ব্ৰহ্মাবাবাকো অনুসৰণ কৰা। যেনেকৈ এওঁ হয়, তোমালোকো হোৱা। আমি আত্মা পৱিত্ৰ হৈ বাবাৰ ওচৰলৈ গুচি যাম। বাবাই কয় – মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। সঁচা অনুগামী তোমালোক হোৱা।

পিতাই কয় – মই আহিছোঁ তোমালোকক লৈ যাবলৈ। এতিয়া জ্ঞান চিতাত বহা তেতিয়া লৈ যাম। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, সেই সময়ত অন্য সকলো ধৰ্ম শান্তিধামত আছিল। এই কথাবোৰ বৰ সহজ। বাবাৰ অনুগামী হোৱা। যিমান পৱিত্ৰ হ’বা, ভাল পদ পাবা, নহ’লে শাস্তি খাব লাগিব। যাবতো নিশ্চয় লাগিব 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায় গতিকে কিয়নো পৰিশ্ৰম কৰিব নালাগে। এতিয়া যদি পৰিশ্ৰম নকৰা তেন্তে কল্প-কল্পান্তৰলৈ নকৰিবা। তেতিয়া উচ্চ পদ কেনেকৈ পাবা। এয়া বিশাল অসীমিত ক্লাছ। এটাই পৰীক্ষা। মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ সঁচা অনুগামী হৈ পূৰা পৱিত্ৰ হ’ব লাগে। 21 জন্মৰ উত্তৰাধিকাৰ লোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।

(2) মুখেৰে “হে শিৱবাবা” বুলিও ক’ব নালাগে। আৱাজৰ সিপাৰে যাব লাগে। নিজক আত্মা বুলি বুজি ভিতৰি পিতাক স্মৰণ কৰিব লাগে।

বৰদান:
সদায় নিজৰ অভিজাত কুলৰ স্মৃতিৰ দ্বাৰা উচ্চ স্থিতিত থাকোঁতা গুণমূৰ্ত হোৱা

যিসকল অভিজাত কুলৰ হয়, তেওঁলোকে কেতিয়াও ধৰণীত, মাটিত ভৰি নিদিয়ে। ইয়াত দেহ-অভিমান হৈছে মাটি, ইয়াত তললৈ নাহিবা, এই মাটিৰ পৰা সদায় দূৰৈত থাকিবা। সদায় যাতে স্মৃতি থাকে যে উচ্চতকৈও উচ্চ পিতাৰ অভিজাত পৰিয়ালৰ, উচ্চ স্থিতিধাৰী সন্তান হওঁ, তেতিয়া তললৈ দৃষ্টি নাযাব। সদায় নিজক গুণমূৰ্ত হিচাপে চাই উচ্চ স্থিতিত স্থিৰ হৈ থাকা। দুৰ্বলতা চাই সেয়া সমাপ্ত কৰি গৈ থাকা। সেয়া বাৰে বাৰে ভাবি থাকিলে দুৰ্বলতা থাকি যাব।

স্লোগান:
অভিজাত তেৱেঁই যিয়ে নিজৰ হৰ্ষিত মুখেৰে পৱিত্ৰতাৰ আভিজাত্যৰ অনুভৱ কৰায়।


অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:

যেতিয়া স্থূল আৰু সূক্ষ্ম দুয়োটাৰ অন্তৰ নোহোৱা হৈ যাব, তেতিয়া সম্পূৰ্ণ স্থিতিৰ সমীপত আহিবা। এই ব্যক্ত দেশ অব্যক্ত দেশ হৈ যাব। যেনেকৈ বাপদাদা ব্যক্তত আহে, তেতিয়াও অব্যক্ত ৰূপৰ অব্যক্ত দেশৰ অব্যক্ত প্ৰৱাহত থাকে। সেইটোৱেই সন্তানসকলক অনুভৱ কৰায়, সেয়ে তোমালোকেও নিজৰ অব্যক্ত স্থিতিৰ অনুভৱ আনক কৰোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]