14.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
একমাত্ৰ পিতাহে প্ৰথম নম্বৰৰ ভাৱৰীয়া যিয়ে পতিতসকলক পাৱন কৰি তোলাৰ ভূমিকা পালন কৰে,
পিতাৰ দৰে ভূমিকা কোনেও পালন কৰিব নোৱাৰে”
প্ৰশ্ন:
সন্ন্যাসীসকলৰ
যোগ পাৰ্থিৱ (শাৰীৰিক) যোগ, আত্মিক যোগ পিতাইহে শিকায়, কেনেকৈ?
উত্তৰ:
সন্ন্যাসীয়ে ব্ৰহ্ম তত্ত্বৰ সৈতে যোগযুক্ত হ’বলৈ শিকায়। এতিয়া সেয়াতো হ’ল থকা স্থান।
গতিকে সেয়া পাৰ্থিৱ যোগ হৈ গ’ল। তত্ত্বক পৰম বুলি কোৱা নহয়। তোমালোক সন্তানসকল পৰম
আত্মাৰ সৈতে যোগযুক্ত হোৱা সেইবাবে তোমালোকৰ যোগ আত্মিক যোগ। এই যোগ পিতাইহে শিকাব
পাৰে, আন কোনেও শিকাব নোৱাৰে কিয়নো তেৱেঁই তোমালোকৰ আত্মিক পিতা।
গীত:
তু প্যাৰ কা
সাগৰ হে....... (তুমি প্ৰেমৰ সাগৰ…)
ওঁম্শান্তি।
সন্তানসকল,
বহুলোকে কয় ‘ওঁম্ শান্তি’ অৰ্থাৎ নিজ আত্মাৰ পৰিচয় দিয়ে। কিন্তু নিজে বুজিব নোৱাৰে।
‘ওঁম্ শান্তি’ৰ বহুত অৰ্থ উলিয়ায়। কোনোবাই কয় ‘ওঁম্’ মানে ভগৱান। কিন্তু নহয়, এনেকৈ
আত্মাই কয় ‘ওঁম্ শান্তি’। মই আত্মা মোৰ স্বধৰ্ম হয়েই শান্ত সেইবাবে কয় - মই শান্ত
স্বৰূপ হওঁ। এয়া মোৰ শৰীৰ যাৰ দ্বাৰা মই কৰ্ম কৰোঁ। কিমান সহজ। তেনেকৈ পিতায়ো কয় –
‘ওঁম্ শান্তি’। কিন্তু মই সকলোৰে পিতা হোৱা বাবে, বীজৰূপ হোৱা বাবেও যি ৰচনা ৰূপী
বৃক্ষ আছে, কল্পবৃক্ষ তাৰ আদি-মধ্য-অন্তক জানো। যেনেকৈ তোমালোকে যি কোনো বৃক্ষ
দেখিলে তাৰ আদি-মধ্য-অন্তক জানি যোৱা, সেই বীজতো জড় হয়। গতিকে পিতাই বুজায় – এয়া
হৈছে কল্পবৃক্ষ, ইয়াৰ আদি-মধ্য-অন্তক তোমালোকে জানিব নোৱাৰা, মই জানো। মোক জ্ঞানৰ
সাগৰ বুলি কয়েই। মই তোমালোক সন্তানসকলক বহি আদি-মধ্য-অন্তৰ ৰহস্য বুজাই আছোঁ। এয়া
যি নাটক, যাক ‘ড্ৰামা’ বুলি কোৱা হয়, যাৰ তোমালোক ভাৱৰীয়া হোৱা, পিতাই কয় - ময়ো
ভাৱৰীয়া। সন্তানসকলে কয় - হে বাবা পতিত- পাৱন ভাৱৰীয়া হৈ আহা, আহি পতিতসকলক পাৱন কৰি
তোলা। এতিয়া পিতাই কয় – মই ভূমিকা পালন কৰি আছোঁ। মোৰ ভূমিকা কেৱল এই সংগমৰ সময়ত।
তাকো মোৰ নিজৰ শৰীৰ নাই। মই এইটো শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ। মোৰ নাম হৈছে শিৱ।
সন্তানসকলকহে বুজাব নহয়। পাঠশালা কোনো বান্দৰ বা জন্তুৰ নাথাকে। কিন্তু পিতাই কয় যে
এই পাঁচ বিকাৰ থকা বাবে চেহেৰাতো মনুষ্যৰ নিচিনা কিন্তু কৰ্তব্য বান্দৰৰ দৰে।
সন্তানসকলক পিতাই বুজায় যে পতিত বুলিতো সকলোৱে নিজক কয়েই। কিন্তু এইটো নাজানে যে
আমাক পতিত কোনে কৰে আকৌ কোনে আহি পাৱন কৰি তোলে? পতিত পাৱন কোন? যাক আহ্বান জনায়,
একোৱে বুজিব নোৱাৰে। এইটোও নাজানে যে আমি সকলো ভাৱৰীয়া। আমি আত্মাই এই পোছাক ধাৰণ
কৰি ভূমিকা পালন কৰোঁ। আত্মা পৰমধামৰ পৰা আহে, আহি ভূমিকা পালন কৰে। ভাৰতৰ ওপৰতে
গোটেই খেল ৰচি থোৱা আছে। ভাৰতক পাৱন, ভাৰতক পতিত কোনে কৰিলে? ৰাৱণে। গায়নো কৰে যে
ৰাৱণৰ লংকাত ৰাজত্ব আছিল। পিতাই বেহদত লৈ যায়। হে সন্তানসকল, এই গোটেই সৃষ্টিখন এটা
বেহদৰ দ্বীপ। সেয়াতো হ'ল হদৰ লংকা। এই বেহদৰ দ্বীপত ৰাৱণৰ ৰাজত্ব। প্ৰথমতে ৰামৰাজ্য
আছিল এতিয়া ৰাৱণৰাজ্য। সন্তানসকলে কয় - বাবা ৰামৰাজ্য ক'ত আছিল? পিতাই কয় -
সন্তানসকল সেয়াতো ইয়াতেই আছিল নহয়, যাক সকলোৱে বিচাৰে।
তোমালোক ভাৰতবাসী আদি
সনাতন দেৱী-দেৱতা ধৰ্মৰ হোৱা, হিন্দু ধৰ্মৰ নহয়। অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ
পোৱা সন্তানসকল, তোমালোকেই প্ৰথমতে ভাৰতত আছিলা। তোমালোকক সেই সত্যযুগৰ ৰাজ্য কোনে
দিছিল? নিশ্চয় স্বৰ্গীয় ঈশ্বৰ পিতাইহে এই উত্তৰাধিকাৰ দিব। পিতাই বুজায় যে কিমান
বেলেগ বেলেগ ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ'ল। মুছলমানসকলৰ যেতিয়া ৰাজ্য আছিল তেতিয়া
বহুতকে মুছলমান কৰিলে। যেতিয়া খ্ৰীষ্টানসকলৰ ৰাজ্য আছিল তেতিয়া বহুতকে খ্ৰীষ্টান
কৰিলে। বৌদ্ধীসকলৰতো ইয়াত ৰাজ্যই হোৱা নাছিল তথাপিও বহুতকে বৌদ্ধী কৰিলে। নিজৰ
ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছে। আদি সনাতন ধৰ্ম যেতিয়া প্ৰায় লোপ হৈ যায় তেতিয়াহে পুনৰ
সেই ধৰ্ম প্ৰতিষ্ঠা হ’ব। গতিকে পিতাই তোমালোক সকলো ভাৰতবাসীক কয় যে মৰমৰ সন্তানসকল,
তোমালোক সকলো আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলা। তোমালোকে 84 জন্ম ল’লা। ব্ৰাহ্মণ,
দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ বৰ্ণত আহিলা। এতিয়া পুনৰ ব্ৰাহ্মণ বৰ্ণত আহিছা দেৱতা
বৰ্ণত যাবলৈ। গায়নো কৰে - ব্ৰাহ্মণ দেৱতায়ে নমঃ, প্ৰথমতে ব্ৰাহ্মণৰ নাম লয়।
ব্ৰাহ্মণসকলেহে ভাৰতক স্বৰ্গ কৰি গঢ়িছে। এয়া হয়েই ভাৰতৰ প্ৰাচীন যোগ। প্ৰথমতে যি
ৰাজযোগ আছিল, যাৰ বৰ্ণনা গীতাত আছে। গীতাৰ যোগ কোনে শিকাইছিল? এইটো ভাৰতবাসীয়ে পাহৰি
গৈছে। পিতাই বুজায় যে সন্তানসকল যোগতো মই শিকাইছিলোঁ। এয়া হ'ল আত্মিক যোগ। বাকী সকলো
হ'ল পাৰ্থিৱ যোগ। সন্ন্যাসী আদিয়ে পাৰ্থিৱ যোগ শিকায় যে ব্ৰহ্মৰ লগত যোগযুক্ত হোৱা।
সেয়াতো ভুল হৈ যায়। ব্ৰহ্ম তত্ত্বতো হৈছে থকা স্থান। সেয়া কোনো পৰম আত্মা নহ’ল।
পিতাক পাহৰি গৈছে। তোমালোকেও পাহৰি গৈছিলা। তোমালোকে নিজৰ ধৰ্মক পাহৰি গ’লা। এয়াও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিলাতত যোগ নাছিল। হঠযোগ আৰু ৰাজযোগ ইয়াতেই আছে। সেই
নিবৃত্তি মাৰ্গৰ সন্ন্যাসীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। যিয়ে জানে তেওঁহে শিকাব।
সন্ন্যাসীসকলেতো ৰাজপাটো এৰি দিয়ে। গোপিচন্দ ৰজাৰ দৃষ্টান্ত আছে নহয়। ৰাজপাট এৰি
জংঘললৈ গুচি গ'ল। তাৰো কাহিনী আছে। সন্ন্যাসীতো ৰাজপাট ত্যাগ কৰাওঁতা হয়, তেওঁলোকে
আকৌ ৰাজযোগ কেনেকৈ শিকাব পাৰে। এই সময়ত গোটেই বৃক্ষ জৰ্জৰিত হৈ গৈছে। এতিয়া বাগৰি
পৰোঁ পৰোঁ অৱস্থা। যেতিয়া কোনো বৃক্ষৰ জৰ্জৰিত অৱস্থা হৈ যায় তেতিয়া শেষত গৈ তাক
বগৰাই দিবলগীয়া হয়। সেইদৰে এই মানুষ্য সৃষ্টিৰূপী বৃক্ষও তমোপ্ৰধান হৈ গৈছে, ইয়াত
একো সাৰ নাই। ইয়াৰ নিশ্চয় বিনাশ হ’ব। ইয়াৰ পূৰ্বে ইয়াত আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম
প্ৰতিষ্ঠা কৰিব লাগিব। সত্যযুগত কোনো দুৰ্গতিত নাথাকে। এওঁলোক বিলাতলৈ গৈ যোগ শিকায়
কিন্তু সেয়া হ'ল হঠযোগ। জ্ঞান একেবাৰে নাই। অনেক প্ৰকাৰৰ হঠযোগ আছে। এয়া হ'ল ৰাজযোগ,
ইয়াক আত্মিক যোগ বুলি কোৱা হয়। সেই সকলোবোৰ হ'ল পাৰ্থিৱ। মনুষ্যই, মনুষ্যক শিকায়।
পিতাই সন্তানসকলক বুজায় যে মই তোমালোকক এবাৰেই এই ৰাজযোগ শিকাওঁ আৰু কোনেও কদাপি
শিকাব নোৱাৰে। আত্মিক পিতাই আত্মিক সন্তানসকলক শিকায় যে মামেকম্ (কেৱল মোক) স্মৰণ
কৰা তেতিয়া তোমালোকৰ সকলো পাপ খণ্ডন হৈ যাব। হঠযোগীয়ে কেতিয়াও এনেকৈ ক’ব নোৱাৰে।
পিতাই আত্মাসকলক বুজায়। এয়া হ’ল নতুন কথা। পিতাই এতিয়া তোমালোকক দেহী-অভিমানী কৰি
আছে। পিতাৰ দেহ নাই। এওঁৰ শৰীৰত আহে, এওঁৰ নাম সলনি কৰি দিয়ে কিয়নো জীৱন্তে মৃত হৈ
গৈছে। যেনেকৈ গৃহস্থী যেতিয়া সন্ন্যাসী হয় তেতিয়া জীৱন্তে মৃত হয়, গৃহস্থ আশ্ৰম এৰি
নিবৃত্তি মাৰ্গক আকোৱালি ল’লে। গতিকে তোমালোকো জীৱন্তে মৃত হৈ গ’লে নাম সলনি হৈ যায়।
প্ৰথমতে আৰম্ভণিত সকলোৰে নাম (ধ্যানত গৈ পিতাৰ পৰা নামৰ তালিকা) আনিছিল আকৌ
সেইসকলেই আশ্চৰ্যজনকভাৱে শুনিলে, ক’লে, আঁতৰি গুচি গ’ল গতিকে নাম অনা বন্ধ হৈ গ’ল
সেইবাবে এতিয়া পিতাই কয় যে নাম দিয়াৰ পাছত আঁতৰি গুচি গ’লে তেতিয়া অথলে যায়। প্ৰথমতে
অহাসকলৰ যি নাম ৰখা হ’ল সেয়া বহুত ৰমণীয় আছিল। এতিয়া নাৰাখে। তেওঁলোকৰ ৰাখিব যিসকল
সদায় স্থায়ীভাৱে ইয়াত থাকিব। বহুতৰে নাম ৰাখিলে আকৌ পিতাক এৰি গুচি গ’ল সেইবাবে
এতিয়া নাম সলনি নকৰে। পিতাই বুজায় যে এই জ্ঞান খ্ৰীষ্টানসকলৰ বুদ্ধিত ধাৰণ নহ’ব।
ইমানখিনি বুজিব যে ভাৰতত যোগ নিৰাকাৰ পিতাইহে আহি শিকাইছিল। পিতাক স্মৰণ কৰিলে পাপ
ভস্ম হ’ব আৰু আমি নিজৰ ঘৰলৈ গুচি যাম। যিসকল এইটো ধৰ্মৰ হ’ব আৰু অন্য ধৰ্মলৈ
ধৰ্মান্তৰিত হৈ গৈছিল সেইসকল ইয়াত স্থায়ীভাৱে থাকি যাব। তোমালোকে জানা যে মনুষ্যই
মনুষ্যৰ সৎগতি কৰিব নোৱাৰে। এই দাদাও (ব্ৰহ্মাও) মনুষ্য, এওঁ কয় যে মই কাৰো সৎগতি
কৰিব নোৱাৰোঁ। এয়াতো বাবাই আমাক শিকায় যে তোমালোকৰ সৎগতি স্মৃতিৰ দ্বাৰা হ’ব। পিতাই
কয় - সন্তানসকল, হে আত্মাসকল মোৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা তেতিয়া তোমালোকৰ বিকৰ্ম
বিনাশ হ’ব। তোমালোক প্ৰথমতে স্বৰ্ণযুগী বিশুদ্ধ আছিলা আকৌ খাদ পৰি গ’ল। যিসকল
দেৱী-দেৱতা প্ৰথমে 24 কেৰেট সোণ আছিল, এতিয়া লৌহযুগত আহি উপস্থিত হৈছে। এই যোগ
কল্পই কল্পই তোমালোকে শিকিবলগীয়া হয়। তোমালোকে জানা যে তাৰ ভিতৰতো কিছুমানে পূৰা
জানে, কিছুমানে কমকৈ জানে। কিছুমানেতো এনেয়ে চাবলৈ আহে যে ইয়াত কি শিকায়।
ব্ৰহ্মাকুমাৰ-কুমাৰী ইমান অনেক সন্তান আছে। নিশ্চয় প্ৰজাপিতা ব্ৰহ্মা থাকিব যাৰ
ইমানবিলাক সন্তান হৈছেহি, নিশ্চয় কিবা থাকিব গতিকে গৈ তেওঁলোকক সোধোঁচোন। তোমালোকে
প্ৰজাপিতা ব্ৰহ্মাৰ পৰা কি পোৱা? এনেকৈ সুধিব লাগে নহয়! কিন্তু ইমানখিনি বুদ্ধিও
নাই। ভাৰতৰ বাবে বিশেষকৈ কোৱা হয়। গায়নো কৰা হয় - পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধি।
পাৰসবুদ্ধিৰ পৰা পাথৰবুদ্ধি। সত্যযুগ ত্ৰেতাত পাৰসবুদ্ধি স্বৰ্ণযুগ আছিল পুনৰ
ৰূপালীযুগ দুটা কলা কম হ’ল সেইবাবে নাম হ’ল চন্দ্ৰবংশী কিয়নো অনুত্তীৰ্ণ হ’ল। এয়াও
পাঠশালা। 33 নম্বৰতকৈ কম নম্বৰ পোৱাসকল অনুত্তীৰ্ণ হৈ যায়। ৰাম সীতা আৰু তেওঁলোকৰ
ৰাজবংশ সম্পূৰ্ণ নহয় সেইবাবে সূৰ্যবংশী হ’ব নোৱাৰে। অনুত্তীৰ্ণতো কোনোবা হ’ব নহয়
কিয়নো পৰীক্ষাও বহুত উচ্চ। আগতে চৰকাৰৰ আই.চি.এচ্.ৰ বৰ উচ্চ পৰীক্ষা হৈছিল। সকলোৱে
জানো পঢ়িব পাৰিছিল। কোটিৰ মাজত কোনোবা ওলাইছিল। কোনোবাই যদি বিচাৰে যে আমি সূৰ্যবংশী
মহাৰজা মহাৰাণী হ’ম তেন্তে সেই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মম্মা বাবায়ো
শ্ৰীমতত পঢ়ি আছে। তেওঁলোকে প্ৰথম নম্বৰত পঢ়ে আকৌ যিসকলে মাতা-পিতাক অনুসৰণ কৰে
সেইসকলেই তেওঁলোকৰ আসনত বহিব। সূৰ্যবংশী 8 (আঠ) প্ৰজন্ম চলে। যেনেকৈ এড্ৱাৰ্ড প্ৰথম,
দ্বিতীয় চলে। তোমালোকৰ সংযোগ এই খ্ৰীষ্টানসকলতকৈ বেছি। খ্ৰীষ্টানসকলে ভাৰতৰ ৰাজপাট
কাঢ়ি নিলে। ভাৰতৰ প্ৰচুৰ ধন লৈ গ’ল আকৌ বিচাৰ কৰা তেন্তে সত্যযুগত কিমান প্ৰচুৰ ধন
থাকিব। তাৰ তুলনাততো ইয়াত একোৱেই নাই। তাত সকলো খনি ভৰপূৰ হৈ যায়। এতিয়াতো সকলো
বস্তুৰ খনি খালী হৈ গৈ থাকে। পুনৰ চক্ৰ পুনৰাবৃত্তি হ’লে আকৌ সকলো খনি ভৰপূৰ হৈ যাব।
মৰমৰ সন্তানসকল তোমালোকে এতিয়া ৰাৱণৰ ওপৰত বিজয়ী হৈ বাদশ্বাহী লৈ আছা পুনৰ আধাকল্পৰ
পাছত এই ৰাৱণ আহিব পুনৰ তোমালোকে বাদশ্বাহী হেৰুৱাবা। এতিয়া ভাৰতবাসী তোমালোক
কড়িতুল্য হৈ গৈছা। মই তোমালোকক হীৰাতুল্য কৰি তুলিলোঁ। ৰাৱণে তোমালোকক কড়িতুল্য কৰি
দিলে। বুজি নাপায় যে এই ৰাৱণ কেতিয়া আহিল? আমি কিয় ৰাৱণক জ্বলাওঁ। কয় যে ৰাৱণতো
পৰম্পৰাগতভাৱে চলি আহিছে। পিতাই বুজায় যে আধাকল্পৰ পাছত এই ৰাৱণ ৰাজ্য আৰম্ভ হয়।
বিকাৰী হোৱাৰ বাবে নিজক দেৱী-দেৱতা বুলি ক'ব নোৱাৰে। বাস্তৱত তোমালোক দেৱী-দেৱতা
ধৰ্মৰ আছিলা। তোমালোকৰ সমান সুখ কোনেও দেখা পাব নোৱাৰে। সকলোতকৈ অধিক গৰিব তোমালোক
হৈছা। অন্য ধৰ্মাৱলম্বীসকল পাছলৈ বৃদ্ধি হৈ থাকে। যীশুখ্ৰীষ্ট আহিল, প্ৰথমেতো বহুত
কম আছিল। যেতিয়া বহুত হৈ যায় তেতিয়াহে ৰাজ্য কৰিব পাৰে। তোমালোকেতো প্ৰথমে ৰাজ্য
পোৱা। এয়াতো সকলো জ্ঞানৰ কথা। পিতাই কয় হে আত্মাসকল, মোক; পিতাক স্মৰণ কৰা। আধাকল্প
তোমালোক দেহ-অভিমানী হৈ থাকিলা। এতিয়া দেহী-অভিমানী হোৱা। বাৰে বাৰে এইটো পাহৰি যোৱা
কিয়নো আধাকল্পৰ মামৰ লাগি আছে। এই সময়ত তোমালোক হৈছা ব্ৰাহ্মণ, টিকণি। তোমালোক হ'লা
সকলোতকৈ উচ্চ। সন্ন্যাসীসকলে ব্ৰহ্মৰ লগত যোগসূত্ৰ গঢ়ে তাৰ দ্বাৰা বিকৰ্ম বিনাশ নহয়।
প্ৰত্যেকেই সতো, ৰজো, তমোত নিশ্চয় আহিব লাগে। উভতি কোনেও যাব নোৱাৰে। যেতিয়া সকলো
তমোপ্ৰধান হৈ যায় তেতিয়া পিতা আহি সকলোকে সতোপ্ৰধান কৰি তোলে অৰ্থাৎ সকলোৰে জ্যোতি
জ্বলি উঠে। প্ৰত্যেক আত্মাই নিজৰ নিজৰ ভূমিকা পাইছে। তোমালোক হৈছা নায়ক-নায়িকাৰ
ভূমিকা পালন কৰোঁতা। তোমালোক ভাৰতবাসী সকলোতকৈ উচ্চ যিসকলে ৰাজ্য লোৱা পুনৰ হেৰুওৱা
আৰু কোনেও ৰাজ্য নলয়। তেওঁলোকে ৰাজ্য লয় বাহুবলেৰে। বাবাই বুজাইছে - যিসকল বিশ্বৰ
মালিক আছিল তেওঁলোকেই হ'ব। গতিকে সঁচা ৰাজযোগ পিতাৰ বাহিৰে কোনেও শিকাব নোৱাৰে। যি
শিকায় সেয়া সকলো অযথাৰ্থ যোগ। উভতিতো কোনেও যাব নোৱাৰে। এতিয়া হ'ল অন্ত। সকলোৱে
দুখৰ পৰা মুক্ত হয় পুনৰ একাদিক্ৰমে আহিব লাগে। প্ৰথমে সুখ দেখিবা পুনৰ দুখ দেখিবা।
এই সকলোবোৰ বুজিবলগীয়া কথা। কোৱা হয় হাতেৰে কৰ্ম কৰা অন্তৰেৰে পিতাক স্মৰণ কৰা।
কৰ্ম কৰি থাকা বাকী বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে ৰাখা।
তোমালোক আত্মাসকল হৈছা
এজন প্ৰেমিকৰ প্ৰেমিকা। এতিয়া সেই প্ৰেমিকৰ আগমন হৈছে। সকলো আত্মাক (প্ৰেয়সীসকলক)
সুন্দৰ কৰি লৈ যাব। বেহদৰ প্ৰেমিক বেহদৰ প্ৰেমিকাসকল। কয় যে মই সকলোকে লৈ যাম। পুনৰ
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি গৈ পদবী পাবা। লাগিলে গৃহস্থ ব্যৱহাৰত থাকা, সন্তানৰ
তত্ত্বাৱধান লোৱা। হে আত্মাসকল তোমালোকৰ অন্তৰ পিতাৰ ফালে থাকক। এয়াই স্মৃতিৰ
অভ্যাস কৰি থাকা। সন্তানসকলে জানে এতিয়া আমি পিতাক স্মৰণ কৰিলে স্বৰ্গবাসী হওঁ।
বিদ্যাৰ্থীসকলতো বহুত আনন্দিত হৈ থাকিব লাগে। এয়াতো বহুত সহজ। নাটক অনুসৰি সকলোকে
ৰাস্তা দেখুৱাব লাগে। কাৰো সৈতে তৰ্ক কৰাৰ দৰকাৰ নাই। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই
জ্ঞান আহি গৈছে। মনুষ্যই বেমাৰৰ পৰা আৰোগ্য হ’লে অভিনন্দন জনায়। ইয়াততো গোটেই
জগতখনেই ৰোগী। অলপ সময়তে জয়জয়কাৰ হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সঁচা
প্ৰেমিকা হৈ হাতেৰে কাম কৰি বুদ্ধিৰে প্ৰেমিকক স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে। পিতাৰ
স্মৃতিৰে আমি স্বৰ্গবাসী হৈ আছোঁ, এইটো আনন্দত থাকিব লাগে।
(2) সূৰ্যবংশী
ৰাজবংশত সিংহাসনত অধিষ্ঠিত হ’বলৈ মাতা-পিতাক পূৰা পূৰা অনুসৰণ কৰিব লাগে। পিতাৰ
সমান জ্ঞানৱান হৈ সকলোকে ৰাস্তা দেখুৱাব লাগে।
বৰদান:
সিংহাসন আৰু
তিলক ধাৰণ কৰি বাপদাদাৰ সহায়কাৰী হওঁতা অন্তৰ আসনত অধিষ্ঠিত হোৱা
যেতিয়া কোনোবা
সিংহাসনত বহে, তেতিয়া তিলক আৰু সিংহাসন তেওঁৰ চিন হয়। তেনেকৈয়ে যিসকল অন্তৰ আসনত
অধিষ্ঠিত তেওঁলোকৰ মস্তকত সদায় অবিনাশী আত্মাৰ স্থিতিৰ তিলক দূৰৈৰ পৰাই জিলিকি থকা
দেখা যায়। সকলো আত্মাৰ কল্যাণৰ শুভ ভাৱনা তেওঁলোকৰ নয়ন আৰু মুখমণ্ডলত দৃষ্টিগোচৰ
হয়। তেওঁলোকৰ প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম পিতাৰ সমান হয়।
স্লোগান:
সহজ স্মৃতিৰ বাবে সৰলতাৰ গুণ ধাৰণ কৰা, সংস্কাৰবোৰ সৰল কৰি তোলা।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
বিজয়ী হোৱাৰ আধাৰ
হ’ল “নিশ্চয়তা”, যদি আধাৰ দৃঢ় তেন্তে ঘৰ লৰচৰ কৰিব নোৱাৰে, নিশ্চিন্ত হৈ থাকে।
কিন্তু কেৱল পিতাৰ প্ৰতি নিশ্চয়তা নহয়, নিজৰ প্ৰতিও নিশ্চয়তা আৰু ড্ৰামাৰ প্ৰতিও
নিশ্চয়তা। বাঃ! ড্ৰামা বাঃ! যদি ড্ৰামাৰ প্ৰতি নিশ্চয়তা থাকে তেন্তে অকল্যাণৰ কথাও
কল্যাণলৈ সলনি হৈ যাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]