14.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সুখ আৰু দুখৰ খেলখনক তোমালোকেহে জানা, আধাকল্প হ’ল সুখ আৰু আধাকল্প হ’ল দুখ, পিতা দুখ হৰণ কৰি সুখ দিবলৈ আহে”

প্ৰশ্ন:
বহুত সন্তানে কোনটো কথাত আন্তৰিক সন্তোষ লাভ কৰি নিজকে বৰ বুদ্ধিমান বুলি ভাবে?

উত্তৰ:
বহুতে ভাবে যে মই সম্পূৰ্ণ হৈ গলোঁ, মই সম্পূৰ্ণভাৱে তৈয়াৰ হৈ গলোঁ। এনেকৈ ভাবি নিজেই আন্তৰিক সন্তোষ লাভ কৰি থাকে। এয়াও হৈছে নিজকে বৰ বুদ্ধিমান বুলি ভবা। বাবাই কয় – মৰমৰ সন্তানসকল এতিয়া বহুত পুৰুষাৰ্থ কৰিব লাগে। তোমালোক পাৱন হৈ গ’লে তেতিয়া আকৌ সৃষ্টিও পাৱন লাগে। ৰাজধানী স্থাপনা হ’ব, এজনতো যাব নোৱাৰে।

গীত:
তুম্হী হো মাতা, তুম্হী পিতা হো... (তুমিয়ে মাতা, পিতা তুমিয়ে...)

ওঁম্শান্তি।
এয়া সন্তানসকলে নিজৰ পৰিচয় পায়। পিতায়ো এনেকৈ কয় – আমি সকলো আত্মা, সকলো মনুষ্যই হয়। ডাঙৰে হওঁক বা সৰুৱেই হওঁক, ৰাষ্ট্ৰপতি, ৰজা-ৰাণী সকলো মনুষ্য। এতিয়া পিতাই কয় – সকলো আত্মা, মই আকৌ সকলো আত্মাৰ পিতা সেইবাবে মোক পৰমপিতা পৰমাত্মা অৰ্থাৎ সৰ্বোচ্চ বুলি কয়। সন্তানসকলে জানে যে আমাৰ অৰ্থাৎ আত্মাসকলৰ তেওঁ পিতা হয়, আমি সকলো ভাই ভাই। আকৌ ব্ৰহ্মাৰ দ্বাৰা ভাই-ভনীৰ উচ্চ নীচ কুল হয়। আত্মাসকলতো সকলো আত্মাই হয়। এয়াও তোমালোকে বুজি পোৱা। মনুষ্যইতো একো বুজি নাপায়। তোমালোকক পিতাই বহি বুজায় – পিতাকতো কোনেও নাজানে। মনুষ্যই গায় – হে ভগৱান, হে মাতা-পিতা কিয়নো উচ্চতকৈও উচ্চতো এজন হোৱা উচিত। তেওঁ হৈছে সকলোৰে পিতা, সকলোকে সুখ দিওঁতা। সুখ আৰু দুখৰ খেলকো তোমালোকে জানা। মনুষ্যইতো ভাবে, এতিয়াই সুখ, এতিয়াই দুখ। এইটো নুবুজে যে আধাকল্প সুখ, আধাকল্প দুখ হয়। সতোপ্ৰধান, সতো, ৰজো, তমো হয় নহয়। শান্তিধামত আমি আত্মাসকল থাকো গতিকে তাত সকলো সঁচা সোণ হৈ থাকে। বিকাৰৰ লেপ তাত থাকিব নোৱাৰে। যদিও নিজা নিজা ভূমিকা আত্মাত নিহিত হৈ থাকে কিন্তু সকলো আত্মা পৱিত্ৰ হৈ থাকে। অপৱিত্ৰ আত্মা থাকিব নোৱাৰে। এই সময়ত আকৌ কোনো পৱিত্ৰ আত্মা ইয়াত থাকিব নোৱাৰে। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলো পৱিত্ৰ হৈ আছা। তোমালোকে এতিয়া নিজক দেৱতা বুলি ক’ব নোৱাৰা। তেওঁলোক (দেৱতাসকল) হ’ল সম্পূৰ্ণ নিৰ্বিকাৰী। তোমালোকক জানো সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা হ’ব। শংকৰাচাৰ্যই হওঁক অথবা যিয়েই নহওঁক দেৱতাসকলৰ বাহিৰে আন কাকো সম্পূৰ্ণ নিৰ্বিকাৰী বুলি ক’ব নোৱাৰি। এই কথাবোৰো জ্ঞান সাগৰৰ মুখেৰে তোমালোকেহে শুনা। এইটোও জানা যে জ্ঞান সাগৰ এবাৰেই আহে। মনুষ্যইতো পুনৰ্জন্ম লৈ আকৌ আহে। যদি কোনোবাই জ্ঞান শুনি গৈছে, সংস্কাৰ লৈ গৈছে তেন্তে পুনৰ আহে, আহি শুনে। উদাহৰণ স্বৰূপে কোনোবা 6-8 বছৰীয়া হ’লেও ভালদৰে বুজিব পৰা হৈ যায়। আত্মাতো সেইটোৱে নহয় জানো। তেওঁলোকৰ শুনি ভাল লাগে। আত্মাই বুজি পায় আমি পুনৰ পিতাৰ সেই জ্ঞান পাই আছোঁ। আন্তৰিক আনন্দ থাকে, আনকো শিকোৱাত লাগি যায়। তীব্ৰতাৰে লাগি যায়। যেনেকৈ যুদ্ধ কৰোঁতাসকলে সেই সংস্কাৰ লৈ যায় তেতিয়া সৰুকালতেই সেইটো কামত আনন্দেৰে লাগি যায়। এতিয়া তোমালোকেতো পুৰুষাৰ্থ কৰি নতুন সৃষ্টিৰ মালিক হ’ব লাগে। তোমালোকে সকলোকে বুজাব পাৰা যে হয়তো নতুন সৃষ্টিৰ মালিক হ’ব পাৰে নতুবা শান্তিধামৰ মালিক হ’ব পাৰে। শান্তিধাম হৈছে তোমালোকৰ ঘৰ – য’ৰ পৰা তোমালোক ইয়ালৈ ভূমিকা পালন কৰিব আহিছা। এয়াও কোনেও নাজানে কিয়নো আত্মাৰ বিষয়েই নাজানে। তোমালোকেও জানো আগতে এইটো জানিছিলা যে আমি নিৰাকাৰী লোকৰ পৰা ইয়ালৈ আহিছোঁ। আমিও বিন্দু হওঁ। সন্ন্যাসীসকলে যদিও কয় যে ভ্ৰূকুটিৰ মাজত আত্মা তৰা থাকে, তথাপিও বুদ্ধিত ডাঙৰ ৰূপ আহি যায়। শালগ্ৰাম বুলি কোৱা বাবে ডাঙৰ ৰূপ বুলি ভাবি লয়। আত্মা শালগ্ৰাম হয়। যেতিয়া যজ্ঞ ৰচে তেতিয়া তাতো ডাঙৰ ডাঙৰ শালগ্ৰাম সাজে। পূজা কৰাৰ সময়ত শালগ্ৰামৰ ডাঙৰ ৰূপহে বুদ্ধিত থাকে। পিতাই কয় – এয়া সকলো অজ্ঞানতা। জ্ঞানতো মইহে শুনাওঁ, জগতত আন কোনেও শুনাব নোৱাৰে। এইটো কোনেও নুবুজায় যে আত্মাও বিন্দু, পৰমাত্মাও বিন্দু। তেওঁলোকেতো অখণ্ড জ্যোতিস্বৰূপ ব্ৰহ্ম বুলি কৈ দিয়ে। ব্ৰহ্মকে ভগৱান বুলি ভাবি লয় আকৌ পাছত নিজকে ভগৱান বুলি কৈ দিয়ে। তেওঁলোকে কয় – আমি ভূমিকা পালন কৰিবলৈ সূক্ষ্ম আত্মাৰ ৰূপ ধাৰণ কৰোঁ। তাৰ পাছত ডাঙৰ জ্যোতিত লীন হৈ যাওঁ। লীন হৈ গ’ল তাৰ পাছত কি! ভূমিকাও লীন হৈ যাব। কিমান ভুল হৈ যায়।

এতিয়া পিতা আহি ছেকেণ্ডত জীৱনমুক্তি দিয়ে আকৌ আধাকল্প পাচত ছিৰি নামি (অৱনমিত হৈ) জীৱন বন্ধনত আহে। আকৌ পিতা আহি জীৱনমুক্ত কৰে, সেইবাবে তেওঁক সকলোৰে সৎগতি দাতা বুলি কোৱা হয়। গতিকে যিজন পতিত-পাৱন পিতা তেওঁকে স্মৰণ কৰিব লাগে, তেওঁৰ স্মৃতিৰেহে তোমালোক পাৱন হ’বা। নহ’লে হ’ব নোৱাৰা। উচ্চতকৈও উচ্চ এজনে পিতা। বহুত সন্তানে ভাবে – আমি সম্পূৰ্ণ হৈ গলোঁ। আমি সম্পূৰ্ণকৈ তৈয়াৰ হৈ গলোঁ। এনেকৈ ভাবি আন্তৰিক সন্তোষ লাভ কৰে। এয়াও হৈছে নিজক বৰ বুদ্ধিমান বুলি ভবা। বাবাই কয় – মৰমৰ সন্তানসকল, এতিয়া বহুত পুৰুষাৰ্থ কৰিব লাগে। পাৱন হৈ গ’লে তেতিয়া আকৌ সৃষ্টিও পাৱন লাগিব। এজনতো যাব নোৱাৰে। কোনোবাই যিমানে চেষ্টা নকৰক যে আমি সোনকালে কৰ্মাতীত হৈ যাওঁ - কিন্তু সেয়া নহ’ব। ৰাজধানী স্থাপনা হ’ব লাগে। যদিও কোনোবা বিদ্যাৰ্থী পঢ়াত বহুত হুচিয়াৰ হৈ যায় কিন্তু পৰীক্ষাতো সময়ত হ’ব নহয় জানো। পৰীক্ষাতো সোনকালে হ’ব নোৱাৰে। এয়াও এনেকুৱা। যেতিয়া সময় হ’ব তেতিয়া তোমালোকৰ পঢ়াৰ ফলাফল ওলাব। যিমানে ভাল পুৰুষাৰ্থী নহওঁক, এনেকৈ ক’ব নোৱাৰে যে মই কম্পলিট তৈয়াৰ হৈ গলোঁ। নহয়, কোনো আত্মাই এতিয়া 16 কলা সম্পূৰ্ণ হ’ব নোৱাৰে। বহুত পুৰুষাৰ্থ কৰিব লাগে। কেৱল নিজৰ অন্তৰক আনন্দিত কৰিব নালাগে যে মই সম্পূৰ্ণ হৈ গলোঁ। নহয়, সম্পূৰ্ণ অন্তিমতহে হ’বাগৈ। নিজকে বৰ বুদ্ধিমান বুলি ভাবিব নালাগে। এয়াতো গোটেই ৰাজধানী স্থাপনা হ’ব লাগে। অৱশ্যে হয় ইমানখিনি বুজি পায় যে বাকী অলপ সময় আছে। ক্ষেপণাস্ত্ৰও উদ্ভাৱন হৈ গৈছে। আগতে এইবোৰ তৈয়াৰ কৰিবলৈও সময় লাগিছিল পাছলৈ অভ্যাস হৈ যায় তেতিয়া তৎক্ষণাৎ তৈয়াৰ কৰি দিয়ে। এয়াও সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিনাশৰ বাবে বোমা তৈয়াৰ কৰি থাকে। গীতাতো ক্ষেপণাস্ত্ৰ শব্দটি আছে। শাস্ত্ৰত আকৌ লিখি দিছে যে পেটেৰে লোহা ওলাল, পাছত এয়া হ’ল। এই সকলোবোৰ মিছা কথা নহয় জানো। পিতা আহি বুজায় – তাকে ক্ষেপণাস্ত্ৰ বুলি কোৱা হয়। এতিয়া এই বিনাশৰ পূৰ্বে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। সন্তানসকলে জানে – আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। সঁচা সোণ আছিলোঁ। ভাৰতক সঁচা খণ্ড বুলি কয়। এতিয়া মিছা খণ্ড হৈ গৈছে। সোণো আচল আৰু নকল থাকে নহয়। এতিয়া তোমালোক সন্তানসকলে জানি গৈছা যে পিতাৰ মহিমা কি! তেওঁ মনুষ্য সৃষ্টিৰ বীজৰূপ, সত্য, চৈতন্য। আগতেতো কেৱল গায়ন কৰিছিলা। এতিয়া তোমালোকে বুজি পোৱা যে আমি পিতাৰ সকলো গুণ আমাৰ মাজত ধাৰণ কৰি আছোঁ। পিতাই কয় যে প্ৰথমে স্মৃতিৰ যাত্ৰা কৰা, মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। মোৰ নামেই হৈছে পতিত-পাৱন। গায়নো কৰে – হে পতিত-পাৱন আহক, কিন্তু তেওঁ আহি কি কৰিব, এয়া নাজানে। এগৰাকীয়েতো সীতা নহয়। তোমালোক সকলো সীতা।

পিতাই তোমালোক সন্তানসকলক বেহদলৈ লৈ যাবলৈ বেহদৰ কথা শুনায়। তোমালোকে বেহদৰ বুদ্ধিৰে জানা যে পুৰুষ আৰু স্ত্ৰী সকলো সীতা। সকলো ৰাৱণৰ কাৰাগাৰত আছে। পিতা (ৰাম) আহি সকলোকে ৰাৱণৰ কাৰাগাৰৰ পৰা উলিয়ায়। ৰাৱণ কোনো মনুষ্য নহয়। এয়া বুজোৱা হয় – প্ৰত্যেকৰে 5 বিকাৰ আছে, সেইবাবে ৰাৱণ ৰাজ্য বুলি কোৱা হয়। নামেই হ’ল বিকাৰী সৃষ্টি, সেয়া হ’ল নিৰ্বিকাৰী সৃষ্টি, দুয়োটা বেলেগ বেলেগ নাম। এয়া বেশ্যালয় আৰু সেয়া শিৱালয়। এই লক্ষ্মী-নাৰায়ণ নিৰ্বিকাৰী বিশ্বৰ মালিক আছিল। এওঁলোকৰ আগত গৈ বিকাৰী মনুষ্যই মূৰ দোঁৱায়। বিকাৰী ৰজাসকলে সেই নিৰ্বিকাৰী ৰজাসকলৰ আগত মূৰ দোঁৱায়। এয়াও তোমালোকে জানা। মনুষ্যইতো কল্পৰ আয়ুসৰ বিষয়েই নাজানে তেন্তে কেনেকৈ বুজিব পাৰিব যে ৰাৱণৰাজ্য কেতিয়া আৰম্ভ হয়। আধা আধা হোৱা উচিত। ৰামৰাজ্য, ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হয় তাক লৈ বিভ্ৰান্তিত পেলাই দিছে।

এতিয়া পিতাই বুজায় – এই 5 হাজাৰ বছৰৰ চক্ৰ ঘূৰিয়েই থাকে। এতিয়া তোমালোকে জানা যে আমি 84 জন্মৰ ভূমিকা পালন কৰোঁ। আকৌ আমি ঘৰলৈ যাওঁ। সত্যযুগ ত্ৰেতাতো পুনৰ্জন্ম লয়। সেয়া হৈছে ৰামৰাজ্য আকৌ ৰাৱণৰাজ্যত আহিব লাগে। এয়া হৰা-জিকাৰ খেল। তোমালোক জয়ী হ’লে স্বৰ্গৰ মালিক হোৱা। পৰাজিত হ’লে নৰকৰ মালিক হোৱা। স্বৰ্গ বেলেগ, কোনোবা মৰিলে তেতিয়া কয় – স্বৰ্গলৈ গমন কৰিলে। এতিয়া তোমালোকে জানো তেনেকৈ ক’বা কিয়নো তোমালোকে জানা যে স্বৰ্গ কেতিয়া হ’ব। তেওঁলোকেতো কৈ দিয়ে জ্যোতি জ্যোতিত (আত্মা পৰমাত্মাত) সমাহিত হৈ গ’ল বা নিবাৰ্ণত গ’ল। তোমালোকে ক’বা কোনেওতো ‘জ্যোতি জ্যোতিত’ সমাহিত হৈ যাব নোৱাৰে। সকলোৰে সৎগতি দাতা বুলি এজনৰে গায়ন কৰা হয়। সত্যযুগক স্বৰ্গ বুলি কোৱা হয়। এতিয়া হৈছে নৰক। ভাৰতৰে কথা। বাকী ওপৰত একো নাই। দেলৱাড়া মন্দিৰত ওপৰত স্বৰ্গ দেখুৱাইছে গতিকে মনুষ্যই বুজি লয় যে যথাযথ স্বৰ্গ ওপৰতে আছে। হেৰ’ ওপৰৰ ছাদত মনুষ্য কেনেকৈ থাকিব, বুদ্ধিহীন নহ’ল জানো। এতিয়া তোমালোকে স্পষ্টকৈ বুজোৱা। তোমালোকে জানা যে ইয়াতে স্বৰ্গবাসী আছিল, ইয়াতে আকৌ নৰকবাসী হয়। এতিয়া পুনৰ স্বৰ্গবাসী হ’ব লাগে। এই জ্ঞান হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ বাবে। কথাও (কাহানীও) সত্য-নাৰায়ণ হোৱাৰে শুনায়। ৰাম-সীতাৰ কথা বুলি নকয়, এয়া হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা। উচ্চতকৈ উচ্চ পদ হৈছে লক্ষ্মী-নাৰায়ণৰ। তেওঁলোকৰ (ৰাম-সীতাৰ) তথাপি দুটা কলা কম হৈ যায়। পুৰুষাৰ্থ উচ্চ পদ পাবলৈ কৰা হয় যদি নকৰে তেন্তে চন্দ্ৰবংশী হয়গৈ। ভাৰতবাসী পতিত হয় সেয়েহে নিজৰ ধৰ্মক পাহৰি যায়। খ্ৰীষ্টানসকলে যদিও সতোৰ পৰা তমোপ্ৰধান হয় তথাপিও খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ নহয় জানো। আদি সনাতন দেৱী-দেৱতা সম্প্ৰদায়ৰ লোকসকলেতো নিজকে হিন্দু বুলি কৈ দিয়ে। এয়াও বুজি নাপায় যে আমি দৰাচলতে দেৱী-দেৱতা ধৰ্মৰ। আচৰিত কথা নহয় জানো। তোমালোকে সোধা – হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? তেতিয়া বিবুদ্ধিত পৰে। দেৱতাসকলৰ পূজা কৰে তেন্তে দেৱতা ধৰ্মৰ নহ’ল জানো। কিন্তু বুজি নাপায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। তোমালোকে জানা – আমি প্ৰথমতে সূৰ্যবংশী আছিলোঁ পাছত আন ধৰ্মবোৰ আহে। আমি পুনৰ্জন্ম লৈ আহি থাকোঁ। তোমালোকৰ মাজতো কোনোবাই যথাৰ্থ ৰীতিৰে জানে। স্কুলতো কোনোবা বিদ্যাৰ্থীৰ বুদ্ধিত ভালকৈ ধাৰণ হয়, কাৰোবাৰ বুদ্ধিত কমকৈ ধাৰণ হয়। ইয়াতো যিসকল অকৃতকাৰ্য হয় তেওঁলোকক ক্ষত্ৰিয় বুলি কোৱা হয়। চন্দ্ৰবংশীত গুচি যায়। দুটা কলা কম হৈ গ’ল নহয়। সম্পূৰ্ণ হ’ব নোৱাৰে। তোমালোকৰ বুদ্ধিত এতিয়া বেহদৰ বুৰঞ্জী-ভূগোলৰ জ্ঞান আছে। সেই স্কুলততো হদৰ বুৰঞ্জী-ভূগোল পঢ়ে। তেওঁলোকে জানো মূললোক, সূক্ষ্মলোকক জানে। সাধু-সন্ত আদি কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিত আছে – মূললোকত আত্মাসকল থাকে। এয়া হৈছে স্থূললোক। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। এয়া স্বদৰ্শন চক্ৰধাৰী সেনা বহি আছে। এই সেনাই পিতাক আৰু চক্ৰক স্মৰণ কৰে। তোমালোকৰ বুদ্ধিত জ্ঞান আছে। বাকী কোনো অস্ত্ৰ আদি নাই। জ্ঞানৰ দ্বাৰা নিজৰ দৰ্শন হৈছে। পিতাই, ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান দিয়ে। এতিয়া পিতাৰ আজ্ঞা হৈছে যে ৰচয়িতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। যিয়ে যিমান স্বদৰ্শন চক্ৰধাৰী হয়, আনকো তেনেকুৱা কৰি তোলে, যিয়ে বেছি সেৱা কৰে তেওঁলোকে বেছি ভাল পদ পাব। এয়াতো সাধাৰণ কথা। গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ বাবেই পিতাক পাহৰি গ’ল। শ্ৰীকৃষ্ণক ভগৱান বুলি ক’ব নোৱাৰি। তেওঁক পিতা বুলি কোৱা নহ’ব। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। পতিত-পাৱন বুলি পিতাক কোৱা হয়, তেওঁ যেতিয়া আহিব তেতিয়া আমি শান্তিধামলৈ উভতি যাম। মনুষ্যই মুক্তিৰ বাবে কিমান মগজ খটুৱাই থাকে। তোমালোকে কিমান সহজকৈ বুজোৱা। তেওঁলোকক কোৱা – পতিত-পাৱনতো পৰমাত্মা হয় তেন্তে গংগা স্নান কৰিবলৈ কিয় যোৱা! গংগাৰ পাৰত গৈ বহে যাতে তাতেই মৃত্যু হয়। আগতে বংগত যেতিয়া কোনোবা মৰিবৰ সময় হয় তেতিয়া গংগালৈ গৈ ‘হৰিবোল’ বুলি কৈছিল। এনেকৈ ভাবিছিল যে এওঁ মুক্ত হৈ গ’ল। এতিয়া আত্মাতো ওলাই গ’ল। আত্মাতো পৱিত্ৰ নহ’ল। আত্মাক পৱিত্ৰ কৰোঁতা পিতাই হয়, তেওঁকে মাতে। এতিয়া পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। পিতা আহি পুৰণি সৃষ্টিক নতুন কৰি তোলে। বাকী নতুনকৈ ৰচনা নকৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ যিবোৰ গুণ আছে, সেয়া নিজৰ মাজত ধাৰণ কৰিব লাগে। পৰীক্ষাৰ পূৰ্বে পুৰুষাৰ্থ কৰি নিজক সম্পূৰ্ণ পাৱন কৰি তুলিব লাগে, এই ক্ষেত্ৰত নিজকে বৰ বুদ্ধিমান বুলি ভাবিব নালাগে।

(2) স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে আৰু আনকো তেনেকুৱা কৰি তুলিব লাগে। পিতা আৰু চক্ৰক স্মৰণ কৰিব লাগে। বেহদৰ পিতাৰ দ্বাৰা বেহদৰ কথা শুনি নিজৰ বুদ্ধি বেহদত ৰাখিব লাগে। হদত আহিব নালাগে।

বৰদান:
স্ব-স্থিতিৰ দ্বাৰা পৰিস্থিতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সংগমযুগী বিজয়ী ৰত্ন হোৱা

পৰিস্থিতিসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰাৰ সাধন হৈছে স্ব-স্থিতি। এই দেহো পৰৰ নিজৰ নহয়। স্ব-স্থিতি বা স্বধৰ্মই সদায় সুখৰ অনুভৱ কৰায় আৰু প্ৰকৃতি-ধৰ্ম অৰ্থাৎ পৰ ধৰ্ম বা দেহৰ স্মৃতিয়ে কিবা নহয় কিবা প্ৰকাৰৰ দুখৰ অনুভৱ কৰায়। গতিকে যি সদায় স্ব-স্থিতিত থাকে তেওঁ সদায় সুখৰ অনুভৱ কৰে, তেওঁৰ ওচৰত দুখৰ লহৰ আহিব নোৱাৰে। তেওঁ সংগমযুগী বিজয়ী ৰত্ন হৈ যায়।

স্লোগান:
পৰিৱৰ্তন শক্তিৰ দ্বাৰা ব্যৰ্থ সংকল্প প্ৰবাহৰ স্ৰোত সমাপ্ত কৰা।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

মনুষ্যই কয় যিফালেই চাওঁ সেইফালে মাথো তুমিয়েই আৰু আমি কওঁ আমি যি কৰোঁ, য’লৈ যাওঁ পিতা লগতে থাকে অৰ্থাৎ মাথো তুমিয়েই। যেনেকৈ কৰ্তব্য লগত আছে, তেনেকৈ প্ৰতিটো কৰ্তব্য কৰাওঁতা জনো সদায় লগত আছে। কৰণহাৰ আৰু কৰাৱনহাৰ দুয়ো সংযুক্ত হৈ আছে।