14.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া তোমালোক সংগমত আছা, তোমালোকে পুৰণি সৃষ্টিৰ পৰা সম্বন্ধ ছিঙি দিব লাগে কিয়নো
এই পুৰণি সৃষ্টি এতিয়া নাশ হৈ যাব”
প্ৰশ্ন:
সংগমৰ কোনটো
বিশেষত্ব গোটেই কল্পতে অনন্য?
উত্তৰ:
সংগমৰেই বিশেষত্ব আছে – পঢ়া ইয়াত আৰু প্ৰালব্ধ ভৱিষ্যতে পোৱা। গোটেই কল্পত এনেকুৱা
পাঠ পঢ়োৱা নহয় যাৰ প্ৰালব্ধ পৰৱৰ্তী জন্মত পায়। এতিয়া তোমালোক সন্তানসকলে
মৃত্যুলোকত পঢ়ি আছা অমৰলোকৰ কাৰণে। অন্য কোনেও পাছৰ জন্মৰ কাৰণে নপঢ়ে।
গীত:
দূৰ দেশ কা
ৰহনে ৱালা ….. (দূৰৈৰ দেশৰ নিবাসী…)
ওঁম্শান্তি।
দূৰৈৰ দেশত
থকাজন কোন? এয়াতো কোনেও নাজানে। তেওঁৰ নিজৰ দেশ নাই নেকি যাৰ বাবে পৰৰ (আনৰ) দেশলৈ
আহিছে? তেওঁ নিজৰ দেশলৈ নাহে। এই ৰাৱণৰাজ্য পৰৰ দেশ নহয় জানো। শিৱবাবা নিজৰ দেশলৈ
নাহে নেকি? বাৰু, ৰাৱণৰ পৰৰ দেশ কোনখন? আৰু নিজৰ দেশ কোনখন? শিৱবাবাৰ নিজৰ দেশ
কোনখন, পৰৰ দেশ কোনখন? আকৌ পিতা আহে পৰৰ দেশত, তেন্তে তেওঁৰ দেশ কোনখন? নিজৰ দেশ
স্থাপনা কৰিবলৈ আহে কিন্তু তেওঁ নিজৰ দেশত নিজেই আহেনে? (এজন দুজনে শুনালে) বাৰু,
ইয়াৰ ওপৰত সকলোৱে বিচাৰ সাগৰ মন্থন কৰিবা। এইটো অতিকৈ বুজিবলগীয়া কথা। ৰাৱণৰ পৰৰ
দেশ বুলি ক’বলৈ বহুত সহজ। ৰামৰাজ্যত ৰাৱণ কেতিয়াও নাহে। পিতা ৰাৱণৰ দেশত আহিবলগীয়া
হয় কিয়নো ৰাৱণৰাজ্যক পৰিৱৰ্তন কৰিবলগীয়া হয়। এয়া হ’ল সংগমযুগ। তেওঁ সত্যযুগতো নাহে,
কলিযুগতো নাহে। সংগমযুগত আহে। তেন্তে এইখন ৰামৰো দেশ, ৰাৱণৰো দেশ। ইপাৰে ৰামৰ,
সিপাৰে ৰাৱণৰ। সংগম হয় নহয়। এতিয়া তোমালোক সন্তানসকল সংগমত আছা। এইফালেও নাই,
সেইফালেও নাই। নিজকে সংগমত আছোঁ বুলি ভাবিব লাগে। আমাৰ সেইফালৰ লগত সম্বন্ধ নাই।
বুদ্ধিৰে পুৰণি সৃষ্টিৰ পৰা সম্বন্ধ ছিঙিবলগীয়া হয়। থাকাতো ইয়াতেই। কিন্তু বুদ্ধিৰে
জানা এই পুৰণি সৃষ্টিখনেই নাশ হৈ যাব। আত্মাই কয় - এতিয়া মই সংগমত আছোঁ। পিতাৰ আগমন
হৈছে, তেওঁক নাৱৰীয়া বুলিও কয়। এতিয়া আমি গৈ আছোঁ। কেনেকৈ? যোগৰ দ্বাৰা। যোগৰ
কাৰণেও জ্ঞান আছে। জ্ঞানৰ কাৰণেও জ্ঞান আছে। যোগৰ কাৰণে বুজোৱা হয় নিজক আত্মা বুলি
বুজা আৰু পিতাক স্মৰণ কৰা। এয়াও জ্ঞান নহয় জানো। জ্ঞান অৰ্থাৎ বুজনি। পিতা মত দিবলৈ
আহিছে। তেওঁ কয় - নিজক আত্মা বুলি বুজা। আত্মাইহে 84 জন্ম লয়। পিতাই বহি
সন্তানসকলকহে বিশদভাৱে বুজায়। এতিয়া এই ৰাৱণৰাজ্য নাশ হৈ যাব। ইয়াত হ’ল কৰ্ম-বন্ধন,
তাত হ’ল কৰ্ম-সম্বন্ধ। ‘বন্ধন’ হৈছে দুখৰ নাম। ‘সম্বন্ধ’ হৈছে সুখৰ নাম। এতিয়া
কৰ্ম-বন্ধন ছিঙিব লাগে। বুদ্ধিত আছে আমি এই সময়ত ব্ৰাহ্মণ সম্বন্ধত আছোঁ আকৌ দৈৱী
সম্বন্ধত যাম। ব্ৰাহ্মণ সম্বন্ধৰ এয়া এটাই জন্ম। আকৌ 8 (আঠ) আৰু 12 জন্ম দৈৱী
সম্বন্ধত থাকিবা। এই জ্ঞান বুদ্ধিত আছে সেইকাৰণে কলিযুগী ছিঃ ছিঃ কৰ্ম-বন্ধনৰ প্ৰতি
যেন ৰুচি নাথাকে। এইখন জগতৰ কৰ্ম-বন্ধনত এতিয়া থাকিব নালাগে। এইটো বুজি পোৱা যে এই
সকলোবোৰ হৈছে আসুৰিক কৰ্ম-বন্ধন। আমিও এক গুপ্ত যাত্ৰাত অগ্ৰসৰ হৈ আছোঁ। পিতাই এই
যাত্ৰা শিকাইছে আকৌ এই কৰ্ম-বন্ধনৰ পৰা উপৰাম হৈ আমি কৰ্মাতীত হৈ যাম। এই
কৰ্ম-বন্ধন এতিয়া ছিঙিবই লাগে। আমি পিতাক স্মৰণ কৰোঁ যাতে পৱিত্ৰ হৈ চক্ৰক বুজি
চক্ৰৱৰ্তী ৰজা হ’ব পাৰোঁ। পঢ়ি আছোঁ আকৌ এই পঢ়াৰ লক্ষ্য-উদ্দেশ্য, প্ৰালব্ধও লাগে
নহয়। তোমালোকে জানা আমাক পঢ়াওঁতাজন হৈছে বেহদৰ পিতা। বেহদৰ পিতাই আমাক 5 হাজাৰ বছৰ
পূৰ্বে পঢ়াইছিল। এইখন ড্ৰামা নহয় জানো। যিসকলক কল্প পূৰ্বে পঢ়াইছিলোঁ তেওঁলোককেই
পঢ়াম। আহি থাকিব, বৃদ্ধি হৈ গৈ থাকিব। সকলোৱেতো সত্যযুগত নাহিব। বাকী সকলো ঘৰলৈ উভতি
যাব। ইপাৰে নৰক, সিপাৰে স্বৰ্গ। সেই পঢ়াততো বুজি পায় যে আমি ইয়াত পঢ়োঁ, আকৌ
প্ৰালব্ধও ইয়াতে পাম। ইয়াত আমি সংগমযুগত পঢ়োঁ, ইয়াৰ প্ৰালব্ধ আমি নতুন সৃষ্টিত পাম।
এইটো হৈছে নতুন কথা। জগতত এনেকৈ কোনেও নক’ব যে তুমি ইয়াৰ প্ৰালব্ধ পৰৱৰ্তী জন্মত
পাবা। পৰৱৰ্তী জন্মত প্ৰালব্ধ পাবলৈ এই জন্মত পঢ়া - এয়া কেৱল এই সংগমযুগতহে হয়।
পিতাও সংগমযুগতহে আহে। তোমালোকে পুৰুষোত্তম হ’বলৈ পঢ়া। এবাৰেই ভগৱান জ্ঞান সাগৰ আহি
নতুন সৃষ্টি অমৰপুৰীৰ কাৰণে পঢ়ায়। এইখনতো হ’ল কলিযুগ, মৃত্যুলোক। আমি সত্যযুগৰ কাৰণে
পঢ়োঁ। নৰকবাসীৰ পৰা স্বৰ্গবাসী হ’বৰ কাৰণে। এইখন হ’ল পৰৰ দেশ, সেইখন হ’ল নিজৰ দেশ।
সেই নিজৰ দেশত পিতা অহাৰ দৰকাৰ নাই। সেইখন দেশ সন্তানসকলৰ বাবেই, তাত সত্যযুগত
ৰাৱণৰ আগমন নহয়, ৰাৱণ নোহোৱা হৈ যায়। আকৌ দ্বাপৰত আহিব। সেয়েহে পিতাও নোহোৱা হৈ যায়।
সত্যযুগত কোনেও তেওঁক নাজানে। তেন্তে স্মৰণো কিয় কৰিব। সুখৰ প্ৰালব্ধ পূৰা হ’লে
তেতিয়া আকৌ ৰাৱণৰাজ্য আৰম্ভ হয়, ইয়াক পৰৰ দেশ বুলি কোৱা হয়।
এতিয়া তোমালোকে বুজি
পোৱা যে আমি সংগমযুগত আছোঁ, আমাক মাৰ্গ-দৰ্শন কৰোঁতা পিতাক পাইছোঁ। বাকী সকলোৱে
ঠেকা-খুন্দা খাই থাকে। যিসকল বহুত ক্লান্ত হৈ পৰিব, যিসকলে কল্প পূৰ্বে মাৰ্গ লৈছিল,
তেওঁলোক আহি থাকিব। তোমালোক পাণ্ডাসকলে সকলোকে মাৰ্গ-দৰ্শন কৰাই থাকা, এয়া হৈছে
আত্মিক যাত্ৰাৰ মাৰ্গ। চিধা সুখধামলৈ গুচি যাবা। তোমালোক পাণ্ডা পাণ্ডৱ সম্প্ৰদায়ৰ
হোৱা। পাণ্ডৱ ৰাজ্য বুলি কোৱা নহ’ব। ৰাজ্য পাণ্ডৱৰো নাই আৰু কৌৰৱৰো নাই। দুয়োৰে
মুকুট নাই। ভক্তিমাৰ্গত দুয়োকে মুকুট দি দিছে। যদি দিয়াও হয় তেন্তে কৌৰৱক ‘লাইট’ৰ (পৱিত্ৰতাৰ)
মুকুট দিয়া নহ’ব। পাণ্ডৱকো ‘লাইট’ৰ (পৱিত্ৰতাৰ) মুকুট দিব নোৱাৰি কিয়নো পুৰুষাৰ্থী
হয়। আগবাঢ়ি গৈ থাকোঁতে বাগৰি পৰে তেন্তে কাক দিব সেইবাবে এই সকলোবোৰ চিহ্ন বিষ্ণুক
দিয়া হৈছে কিয়নো তেওঁ পৱিত্র। সত্যযুগত সকলো পৱিত্ৰ সম্পূৰ্ণ নিৰ্বিকাৰী। পৱিত্ৰতাৰ
‘লাইট’ৰ মুকুট থাকে। এই সময়ততো কোনো পৱিত্ৰ নাই। সন্ন্যাসী লোকসকলে কয় আমি পৱিত্ৰ।
কিন্তু সৃষ্টিখনতো পৱিত্ৰ নহয়। জন্ম তথাপিও বিকাৰী সৃষ্টিতেই লয়। এইখন হৈছে ৰাৱণৰ
পতিত পুৰী। পাৱন ৰাজ্য সত্যযুগ নতুন সৃষ্টিক কোৱা হয়। এতিয়া তোমালোক সন্তানসকলক
বাগিছাৰ গৰাকী পিতাই কাঁইটৰ পৰা ফুল কৰি গঢ়ি তোলে। তেওঁ পতিত-পাৱনো হয়, নাৱৰীয়াও হয়,
বাগিছাৰ মালিকো হয়। বাগিছাৰ মালিক কাঁইটৰ জংঘললৈ আহিছে, তোমালোকৰ সেনাপতিতো এজনেই।
শঙ্কৰক যাদৱসকলৰ সেনাপ্ৰধান বুলি ক’ব পাৰিনে? আচলতে শঙ্কৰে বিনাশ নকৰায়। যেতিয়া সময়
হয় তেতিয়া যুদ্ধ লাগে। এনেকৈ কয় যে শঙ্কৰৰ প্ৰেৰণাত ক্ষেপণাস্ত্ৰ আদি তৈয়াৰ হয়। এই
সকলোবোৰ কাহিনী ৰচনা কৰিছে। পুৰণি সৃষ্টিতো নিশ্চয় নাশ হ'ব। ঘৰ পুৰণা হ’লে বাগৰি পৰে।
মনুষ্য মৰি যায়। এয়াও পুৰণি সৃষ্টি নাশ হৈ যাব। এই সকলোবোৰ পোত খাই মৰি যাব, কোনোবা
পানীত ডুবি মৰিব। কোনোবা ভয়তে মৰিব। বোমা আদিৰ বিষাক্ত বায়ুৱেও মাৰি পেলাব।
সন্তানসকলৰ বুদ্ধিত আছে যে এতিয়া বিনাশ হ'বই। আমি সিপাৰলৈ গৈ আছোঁ। কলিযুগ পূৰা হৈ
সত্যযুগৰ স্থাপনা নিশ্চয় হ'ব। তাৰ পাছত আধাকল্প যুদ্ধ নহয়েই।
এতিয়া পিতা পুৰুষাৰ্থ
কৰাবলৈ আহিছে, এয়া অন্তিম সুযোগ। পলম কৰিলে অকস্মাতে মৰি যাবা। মৃত্যু সমাগত। বহি
থাকোঁতেই মনুষ্য অকস্মাতে মৰি যায়। মৰাৰ আগতেতো স্মৃতিৰ যাত্ৰা কৰা। এতিয়া তোমালোক
সন্তানসকল ঘৰলৈ যাব লাগে সেইবাবে পিতাই কয় - সন্তানসকল, ঘৰক স্মৰণ কৰা, ইয়াৰ ফলত
অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব, ঘৰলৈ গুচি যাবাগৈ। কিন্তু কেৱল ঘৰক স্মৰণ কৰিলে
পাপ বিনাশ নহ'ব। পিতাক স্মৰণ কৰিলে তেতিয়া পাপ বিনাশ হ'ব আৰু তোমালোক নিজৰ ঘৰলৈ গুচি
যাবা সেইবাবে পিতাক স্মৰণ কৰি থাকিবা। নিজৰ খতিয়ান ৰাখিবা তেতিয়া গম পাবা, গোটেই
দিনটোত মই কি কৰিলোঁ? 5-6 বছৰৰ আয়ুসৰ পৰা নিজৰ জীৱনত কি কি কৰিলা…... সেয়াও স্মৃতিত
থাকে। এনেকুৱাও নহয়, গোটেই সময় লিখিব লাগে। ধ্যানত থাকে - বাগিচাত বহি বাবাক স্মৰণ
কৰিলোঁ, দোকানত কোনো গ্ৰাহক নাই মই স্মৃতিত বহি থাকোঁ। ভিতৰত মনোযোগ থাকিব। যদি
লিখিব বিচৰা তেন্তে আকৌ ‘ডায়েৰী’ ৰাখিব লাগিব। মূল কথা হৈছেই এইটো। আমি তমোপ্ৰধানৰ
পৰা সতোপ্ৰধান কেনেকৈ হ'ম! পৱিত্ৰ সৃষ্টিৰ মালিক কেনেকৈ হ'ম! পতিতৰ পৰা পাৱন কেনেকৈ
হ'ম! পিতাই আহি এই জ্ঞান দিয়ে। জ্ঞানৰ সাগৰ পিতাই হয়। তোমালোকে এতিয়া কোৱা - বাবা
মই আপোনাৰ হওঁ। সদায় আপোনাৰেই হওঁ, কেৱল পাহৰি দেহ-অভিমানী হৈ গৈছোঁ। এতিয়া আপুনি
কৈছে যেতিয়া মই পুনৰ দেহী-অভিমানী হ'ম। সত্যযুগত আমি দেহী-অভিমানী আছিলোঁ। আনন্দেৰে
এটা শৰীৰ এৰি আন এটা লৈছিলোঁ গতিকে তোমালোক সন্তানসকলে এই সকলোবোৰ ধাৰণা কৰি আকৌ
আনক বুজোৱাৰ লায়ক হ'ব লাগে, তেতিয়া বহুতৰে কল্যাণ হ'ব। বাবাই জানে ড্ৰামা অনুসৰি
পুৰুষাৰ্থৰ ক্ৰমানুসৰি সেৱাৰ যোগ্য হৈ আছে। বাৰু, কাৰোবাক বৃক্ষ আদিৰ ওপৰত বুজাব
নোৱাৰা, কিন্তু এইটোতো সহজ – যিকোনো লোককে কোৱা আপুনি নিজক আত্মা বুলি বুজি পিতাক
স্মৰণ কৰক। এইটোতো একেবাৰে সহজ। এই পিতাইহে কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ
হ'ব, তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে আন কোনো মনুষ্যই এনেকৈ ক'ব নোৱাৰে। আৰু কোনেও
আত্মা আৰু পৰমাত্মা পিতাক নাজানে। এনেয়ে কেৱল কৈ দিলে তেন্তে কাকোৱেই বাণে আঘাত
নকৰিব (বুজনিয়ে প্ৰভাৱ নেপেলাব)। ভগৱানৰ ৰূপক জানিব লাগে। এয়া সকলো নাটকৰ ভাৱৰীয়া।
প্ৰত্যেক আত্মাই শৰীৰৰ সৈতে কৰ্মকাণ্ড কৰে। এটা শৰীৰ এৰি আন এটা লৈ পুনৰ ভূমিকা
পালন কৰে। সেই ভাৱৰীয়াসকলে পোচাক সলনি কৰি ভিন্ন ভিন্ন ভূমিকা পালন কৰে। তোমালোকে
আকৌ শৰীৰ সলনি কৰা। তেওঁলোকে অল্পকালৰ কাৰণে কোনোবাই পুৰুষ বা মহিলাৰ পোচাক পিন্ধিব।
ইয়াত পুৰুষৰ চোলা ল’লে তেন্তে গোটেই আয়ুস পুৰুষেই হৈ থাকিব। সেয়া হৈছে হদৰ (সীমিত)
ড্ৰামা, এয়া হৈছে বেহদৰ (অসীমৰ)। সৰ্বপ্ৰথম মুখ্য কথা হৈছে পিতাই কয় - মোক স্মৰণ কৰা।
‘যোগ’ শব্দটিও ব্যৱহাৰ নকৰিবা কিয়নো যোগতো অনেক প্ৰকাৰৰ শিকে। সেই সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা আৰু ঘৰক স্মৰণ কৰা তেতিয়া তোমালোক ঘৰলৈ
গুচি যাবা। শিৱবাবা এওঁৰ শৰীৰত আহি শিক্ষা দিয়ে। পিতাক স্মৰণ কৰোঁতে কৰোঁতে তোমালোক
পৱিত্ৰ হৈ যাবা তেতিয়া পৱিত্ৰ আত্মা উৰিব। যিমান স্মৰণ কৰিব, সেৱা কৰিব তেওঁ সিমানে
উচ্চ পদ পাব। স্মৃতিত থকাৰ ক্ষেত্ৰতেই বহুত বিঘিনি আহে। পাৱন নহ'লে তেতিয়া ধৰ্মৰজাৰ
পুৰীত শাস্তিও খাব লাগিব। সন্মানো যাব, পদো ভ্ৰষ্ট হ'ব। অন্তিমত সকলো সাক্ষাৎকাৰ
হ'ব। কিন্তু একো কৰিব নোৱাৰিবা। সাক্ষাৎকাৰ কৰাব যে তোমালোকক ইমান বুজালোঁ তথাপি
পিতাক স্মৰণ নকৰিলা, পাপ থাকি গ'ল। এতিয়া শাস্তি খোৱা। সেই সময়ত পঢ়াৰ সময় নাথাকে।
অনুতাপ কৰিব মই কি কৰিলোঁ! অনাহকতে সময় নষ্ট কৰিলোঁ। কিন্তু শাস্তিতো খাব লাগিব।
কিবা হ'ব পাৰিব জানো। অকৃতকাৰ্য হ'লা মানেই হ'লা। তাৰ পাছত পঢ়াৰ কথা নাহে। সেই
পঢ়াততো অকৃতকাৰ্য হ’লে পাছত আকৌ পঢ়ে, এয়াতো পঢ়াই সমাপ্ত হৈ যাব। অন্তিম সময়ত যাতে
অনুতাপ কৰিবলগীয়া নহয় তাৰ বাবে পিতাই ৰায় দিয়ে - সন্তানসকল, ভালদৰে পঢ়া। পৰচৰ্চাত
নিজৰ সময় নষ্ট নকৰিবা। নহ'লে বহুত অনুতাপ কৰিব লাগিব। মায়াই বহুত ওলোটা কাম কৰাই
দিয়ে। কেতিয়াও চাগৈ চুৰি কৰা নাছিল, সেয়াও কৰাব। পাছত স্মৃতিলৈ আহিব মোকতো মায়াই
প্ৰবঞ্চনা কৰি দিলে। প্ৰথমে অন্তৰত খেয়াল আহে, অমুক বস্তুটো উঠাই লওঁ। বুদ্ধিতো
পাইছা, এইটো ঠিক নে ভুল। এইটো বস্তু উঠাই ল’লে ভুল হ'ব, নুঠালে ঠিক হ'ব। এতিয়া কি
কৰিব লাগে? পৱিত্ৰ হৈ থকাতো ভাল নহয় জানো। সংগদোষত আহি ঢিলা হ’ব নালাগে। আমি ভাই-ভনী
আকৌ নাম-ৰূপত কিয় আবদ্ধ হ’ব লাগে। দেহ-অভিমানত আহিব নালাগে। কিন্তু মায়া বৰ
শক্তিশালী। মায়াই ভুল কাম কৰাৰ সংকল্প আনি দিয়ে। পিতাই কয় - তোমালোকে ভুল কাম কৰিব
নালাগে। যুদ্ধ লাগে পাছত বাগৰি পৰে, তেতিয়া শুদ্ধ বুদ্ধি উদয়ে নহয়। আমি শুদ্ধ কাম
কৰিব লাগে। অন্ধৰ লাখুটি হ'ব লাগে। আটাইতকৈ ভাল কাম হৈছে এইটো। শৰীৰ নিৰ্বাহৰ কাৰণে
সময়তো আছে। ৰাতি টোপনিও যাব লাগে। আত্মা ক্লান্ত হৈ পৰে তেতিয়া শুই পৰে। শৰীৰো শুই
পৰে। গতিকে শৰীৰ নিৰ্বাহৰ কাৰণে, বিশ্ৰাম কৰাৰ কাৰণে সময়তো আছে। বাকী সময়ত মোৰ
সেৱাত লাগি যাবা। স্মৃতিত থকাৰ খতিয়ান ৰাখিবা। লিখেও আকৌ আগবাঢ়ি গৈ থাকোঁতে
অকৃতকাৰ্য হৈ যায়। পিতাক স্মৰণ নকৰে, সেৱা নকৰে গতিকে ভুল কাম হৈ থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰচৰ্চাত
নিজৰ সময় নষ্ট কৰিব নালাগে। মায়াই যাতে কোনো ধৰণৰ ওলোটা কাম নকৰায়, এইটো ধ্যান
ৰাখিব লাগে। সংগদোষত আহি কেতিয়াও ঢিলা হৈ যাব নালাগে। দেহ-অভিমানত আহি কাৰো
নাম-ৰূপত আবদ্ধ হ'ব নালাগে।
(2) ঘৰৰ স্মৃতিত থকাৰ
লগতে পিতাকো স্মৰণ কৰিব লাগে। স্মৃতিত থকাৰ খতিয়ান ৰাখিব লাগে। টুকি ৰাখিব লাগে –
মই গোটেই দিনটোত কি কি কৰিলোঁ? কিমান সময় পিতাৰ স্মৃতিত থাকিলোঁ?
বৰদান:
নম্ৰতা ৰূপী
কৱচৰ দ্বাৰা ব্যৰ্থৰ ৰাৱণক দাহ কৰোঁতা সঁচা স্নেহী, সহযোগী হোৱা
কোনোবাই যিমানে
তোমালোকৰ সংগঠনৰ দুৰ্বলতা উলিওৱাৰ চেষ্টা নকৰক কিন্তু অলপো যাতে সংস্কাৰ-স্বভাৱৰ
সংঘাত দেখা নিদিয়ে। কোনোবাই গালিও দিয়ক, অপমানো কৰক, তোমালোকে সন্ত হৈ যোৱা। যদি
কোনোবাই ভুলো কৰে তেতিয়াও তোমালোক সৎ পথত থাকা। কোনোবাই সংঘাতৰ সৃষ্টি কৰিলেও
তোমালোকে তেওঁক স্নেহৰ জল দিয়া। এয়া কিয়, এনেকুৱা কিয় - এনেকুৱা সংকল্প কৰি জুইত
তেল নাঢালিবা। নম্ৰতাৰ কৱচ পৰিধান কৰি থাকা। য’ত নম্ৰতা থাকিব ত’ত স্নেহ আৰু সহযোগো
অৱশ্যেই প্ৰাপ্ত হ’ব।
স্লোগান:
মোৰ বোধৰ অনেক হদৰ (সীমিত) ভাৱনা এক “মোৰ বাবা”ত সমাহিত কৰি দিয়া।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
আত্মিক আভিজাত্যৰ
আধাৰ হৈছে সম্পূৰ্ণ পৱিত্ৰতা। গতিকে নিজক সোধা যে আত্মিক আভিজাত্যৰ জেউতি আৰু নিচা
তোমালোকৰ ৰূপ আৰু চৰিত্ৰৰ দ্বাৰা প্ৰত্যেকৰে অনুভৱ হয়নে? জ্ঞান ৰূপী দৰ্পণত নিজকে
চোৱা যে মোৰ চেহেৰাত, চলনত সেই আত্মিক আভিজাত্য দেখা দিয়েনে নে সাধাৰণ চলন আৰু
চেহেৰা দেখা দিয়ে?