15.03.26    Avyakt Bapdada     Assame Murli     24.03.2009     Om Shanti     Madhuban


“*“বাপদাদাৰ দ্বাৰা প্ৰাপ্ত সম্পদসমূহ নিজৰ মাজত ধাৰণ কৰি কাৰ্যত ব্যৱহাৰ কৰা, অনুভৱৰ কৰ্তৃত্বশালী হোৱা”*”


আজি চাৰিওফালৰ সৰ্ব সম্পদ জমা কৰোঁতা সম্পন্ন সন্তানসকলক চাই আছোঁহক। লগতে প্ৰতিগৰাকী সন্তানে কিমানলৈকে সৰ্ব সম্পদ জমা কৰিছে, তাৰ ফলাফল চাই আছিলোঁ। সম্পদতো বাপদাদাৰ দ্বাৰা বহুত অবিনাশী প্ৰাপ্ত হৈছে। সৰ্ব প্ৰথমে আটাইতকৈ উচ্চ সম্পদ হৈছে জ্ঞান ধন, যাৰ দ্বাৰা মুক্তি আৰু জীৱনমুক্তি প্ৰাপ্ত হৈছে। পুৰণি দেহ আৰু পুৰণি জগতৰ পৰা মুক্ত জীৱনমুক্ত স্থিতি আৰু মুক্তিধামলৈ যোৱাৰ, সকলো সন্তানৰ প্ৰাপ্ত হৈছে। লগতে কেৱল জ্ঞানৰ সম্পদেই নহয় যোগৰো সম্পদ আছে যাৰ দ্বাৰা সৰ্ব শক্তি প্ৰাপ্ত হয়। লগতে ধাৰণা কৰাৰ সম্পদ, যাৰ দ্বাৰা সৰ্ব গুণ প্ৰাপ্ত হয়। লগতে সেৱাৰ সম্পদ যাৰ দ্বাৰা আশীৰ্বাদৰ সম্পদ, আনন্দৰ সম্পদ প্ৰাপ্ত হয়। লগতে সকলোতকৈ উচ্চ সম্পদ বৰ্তমান সংগমযুগৰ, সময়ৰ কিয়নো গোটেই কল্পত এই সংগমৰ সময় অমূল্য সম্পদ। এই সংগমৰ সময়ৰ এটি এটি সংকল্প বা এটি এটি মুহূৰ্ত বহুত অমূল্য কিয়নো সংগমৰ সময়তেই বাপদাদা আৰু সন্তানসকলৰ মধুৰ মিলন হয় আন কোনো যুগতে পৰমাত্ম পিতা আৰু পৰমাত্ম সন্তানৰ মিলন নহয়। লগতে সংগমৰ সময়তেই বাপদাদাৰ দ্বাৰা সৰ্ব সম্পদ প্ৰাপ্ত হয়। সম্পদ জমা হোৱাৰ সময় সংগমযুগেই আন কোনো যুগতে জমাৰ পুঁজি, জমা কৰাৰ বেংকেই নাই। কেৱল একমাত্ৰ সংগমযুগ আছে য’ত যিমান সম্পদ জমা কৰিব বিচৰা সিমান কৰিব পাৰা আৰু এই সংগমৰ সময়ৰ যি মহত্ব সেয়া এয়াই যে এটা জন্মত অনেক জন্মৰ কাৰণে সম্পদ জমা কৰিব পাৰা সেইবাবে এই সৰু যুগটিৰ বহুত মহত্ব আছে আৰু সম্পদো বাপদাদাৰ দ্বাৰা সকলো সন্তানৰ প্ৰাপ্ত হয়। পিতাই সকলোকে দিয়ে কিন্তু সম্পদ জমা প্ৰতিগৰাকী সন্তানে নিজৰ পুৰুষাৰ্থ অনুসৰি কৰে। দিওঁতা পিতাও এজন আৰু একে নিচিনাই সকলোকে দিয়ে, একে সময়তেই দিয়ে কিন্তু ধাৰণা কৰাৰ ক্ষেত্ৰত কি দেখিলে যে পিতাই একে নিচিনাই দিলে কিন্তু ধাৰণা কৰাৰ ক্ষেত্ৰত প্ৰত্যেকৰেই নিজৰ নিজৰ পুৰুষাৰ্থ লাগে কিয়নো সম্পদ ধাৰণ কৰিবলৈ এটা হ’ল নিজৰ পুৰুষাৰ্থৰ দ্বাৰা প্ৰালব্ধ গঢ়িব পাৰি, দ্বিতীয়তে সদায় স্বয়ং সন্তুষ্ট হৈ থাকা আৰু সকলোকে সন্তুষ্ট কৰা, সন্তুষ্টতাৰ বিশেষত্বৰে সম্পদ জমা কৰিব পাৰা আৰু তৃতীয়তে সেৱাৰে কিয়নো সেৱাৰ দ্বাৰা সৰ্ব আত্মাৰ আনন্দ প্ৰাপ্তি হয় সেয়েহে আনন্দৰ সম্পদ প্ৰাপ্ত কৰিব পাৰা। নিজৰ পুৰুষাৰ্থ আৰু সকলোকে সন্তুষ্ট কৰাৰ পুৰুষাৰ্থ আৰু তৃতীয়তে সেৱাৰ পুৰুষাৰ্থ। এই তিনি প্ৰকাৰে সম্পদ জমা কৰিব পাৰা। সম্পদ জমা কৰোঁতে বিশেষকৈ সম্বন্ধ-সম্পৰ্কত আহোঁতে এটা হ’ল নিমিত্ত ভাৱ, নম্ৰ ভাৱ, নিঃস্বাৰ্থ ভাৱ, প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভ কামনা ৰখা আৱশ্যক। যদি সেৱাত বা সম্বন্ধ-সম্পৰ্কত এইখিনি আছে তেন্তে পুণ্যৰ পুঁজি আৰু আশীৰ্বাদৰ পুঁজি বহুত সহজে জমা কৰিব পাৰা।

বাপদাদাই সকলোৰে খতিয়ান চাই আছিল তেন্তে কি দেখিলে? চাৰিওফালৰ সন্তানসকলৰ মাজত ক্ৰম অনুসৰি দেখিলে। পিতা এজন, একে সময়তে দিয়ে কিন্তু জমা কৰাৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ সন্তান দেখা গ’ল – এভাগ সন্তানেতো জমা হোৱা সম্পদ খালে, জমাও কৰে আৰু খাই শেষ কৰি দিয়ে। আনভাগে খালে, জমা কৰিলে আৰু জমা কৰাৰ প্ৰতি মনোযোগ দি বৃদ্ধিও কৰিলে। সম্পদ বৃদ্ধি কৰাৰ সাধন কি? বৃদ্ধি কৰাৰ সাধন হৈছে যি সম্পদ পালা সেয়া সময়ত যি পৰিস্থিতি আহে সেই পৰিস্থিতি অনুসৰি কাৰ্যত ব্যৱহাৰ কৰা। যিয়ে কাৰ্যত ব্যৱহাৰ কৰে স্থিতিৰ দ্বাৰা পৰিস্থিতি পৰিৱৰ্তন কৰিব পাৰে তেওঁৰ জমা হয়। যিয়ে কাৰ্যত ব্যৱহাৰ নকৰে তেওঁৰ জমা নহয়। গতিকে প্ৰত্যেকে নিজে নিজক সোধা যে সময়ত নিজৰ প্ৰতি বা আনৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰোঁনে! যিমানে কাৰ্যত ব্যৱহাৰ কৰিবা সিমানে বাঢ়ি গৈ থাকিব কিয়নো কাৰ্যত লগালে অনুভৱ হৈ গৈ থাকে। গতিকে অনুভৱৰ কৰ্তৃত্ব যোগ হৈ গৈ থাকে। সেয়েহে পৰীক্ষা কৰা নিজে নিজক সোধা যে এই সকলো সম্পদ জমা আছেনে? আৰু বৃদ্ধি কৰাৰ সাধন সময়ত কাৰ্যত ব্যৱহাৰ কৰোঁনে? অনুভৱৰ কৰ্তৃত্ব বাঢ়ি গৈ আছেনে? কিয়নো কৰ্তৃত্বৰ ভিতৰত সকলোতকৈ বেছি অনুভৱৰ কৰ্তৃত্ব বুলি কোৱা হয়। গতিকে প্ৰত্যেকে নিজৰ পুঁজি বৃদ্ধি কৰিব লাগে। পৰীক্ষা কৰিব লাগে কিয়নো এতিয়া সময় আছে পৰীক্ষা কৰি সম্পদ বৃদ্ধি কৰিব পাৰা। এতিয়া শ্বাস আছে আকৌ শ্বাসো নাথাকিব। সম্পদ বৃদ্ধি কৰিবলৈ বিচাৰিবা কিন্তু বৃদ্ধি কৰিব নোৱাৰিবা।

বাপদাদাই দেখিলে সম্পদ পাইছে, আনন্দেৰে নিজৰ ভিতৰত সমাহিত কৰিবলৈ যত্নও কৰে কিন্তু সম্পদ যেতিয়া পায়, মুৰুলীৰ দ্বাৰাই সম্পদ পায়, এই ক্ষেত্ৰত দুই প্ৰকাৰৰ সন্তান আছে – এভাগ শুনোঁতা আৰু আনভাগ সমাহিত কৰোঁতা। বহুত সন্তানে শুনি বহুত আনন্দিত হয় কিন্তু শুনা আৰু সমাহিত কৰা, দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে। সমাহিত কৰোঁতাসকল অনুভৱী হৈ গৈ থাকে কিয়নো সমাহিত কৰি থোৱাটো সময়ত কাৰ্যত ব্যৱহাৰ কৰে, সম্পদ বঢ়াই থাকে। শুনোঁতাই বৰ্ণনা কৰে, বৰ ভাল শুনালে, বাবাই বৰ ভাল কথা ক’লে, কিন্তু সমাহিত নকৰাকৈ সময়ত কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে তোমালোক সকলোৱে পৰীক্ষা কৰা যে সমাহিত কৰোঁতা হওঁনে! অলপো যদি কম হয়, ভৰপূৰ নহয় তেন্তে অস্থিৰ হ’ব। কিন্তু সমাহিত কৰাজন ভৰপূৰ হ’ব সেয়েহে অস্থিৰ নহ’ব। সেইবাবে আজি বাপদাদাই সকলোৰে সম্পদ পৰীক্ষা কৰিলে। শুনাইছে নহয় – যে দুই প্ৰকাৰৰ সন্তান আছে, এতিয়া নিজেই নিজক পৰীক্ষা কৰা মই কোন? সম্পদ বঢ়োৱা অৰ্থাৎ সময়ত কাৰ্যত ব্যৱহাৰ কৰা। যিমান কাৰ্যত ব্যৱহাৰ থাকে সিমান সম্পদ বাঢ়ি গৈ থাকে কিয়নো যিয়েই সম্পদ আছে, সম্পদৰ মালিকে সম্পদ কাৰ্যত ব্যৱহাৰ কৰে, সম্পদ নিজেই কাৰ্যত ব্যৱহাৰ নহয়। গতিকে তোমালোক সকলোকে সৰ্ব সম্পদ পিতাই উত্তৰাধিকাৰ সূত্ৰে দিছে। তেন্তে পিতাৰ সম্পদক নিজৰ সম্পদ কৰি লোৱা এই ক্ষেত্ৰত সকলোৱে নিজেই মনোযোগ দিব লাগে কিয়নো যিমান সম্পদ ভৰপূৰ হ’ব সিমানেই ভৰপূৰ অৱস্থাত অবিচলিত হ’বা।

বাপদাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তান সম্পন্ন হওক, কম নহওক কিয়নো পিতাৰ দ্বাৰা অবিনাশী পুঁজি জমা হোৱা এই সুযোগ, এয়া কেৱল এতিয়া হ’ব পাৰে সেইবাবে প্ৰবাদো আছে এতিয়া নহ’লে কেতিয়াও নহয়। এয়া সংগমৰ সময়ৰে গায়ন। ভৱিষ্যতেতো যি জমা কৰিছা তাৰ ফল প্ৰাপ্ত কৰিবা কিন্তু প্ৰাপ্তিৰ সময় কেৱল এতিয়া। গতিকে প্ৰত্যেকে নিজৰ পুঁজি চাব লাগে। যাৰ ভঁৰাল যিমান ভৰপূৰ তেওঁৰ নয়নত, চাল-চলনত, চেহেৰাত গম পোৱা যায়, তেওঁৰ চাল-চলন আৰু চেহেৰা এনেকুৱা লাগিব যেন ফুলি থকা গোলাপ ফুল। বাপদাদাই প্ৰত্যেকৰে চাল-চলন আৰু চেহেৰা চাই থাকে যে কিমান হৰ্ষিত, কিমান আনন্দময় হৈ থাকে! নয়নেৰে আত্মিকতা, চেহেৰাৰে মিচিকিয়া হাঁহি আৰু কৰ্মৰ দ্বাৰা প্ৰতিটো গুণ সকলোৰে অনুভৱ হয়, গতিকে প্ৰত্যেকেই নিজে নিজক পৰীক্ষা কৰা।

বাপদাদাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি এইটোৱে শুভ ভাৱনা আছে যে প্ৰতিগৰাকী সন্তানে অনেক আত্মাক এনেকুৱা সম্পদেৰে সম্পন্ন কৰি তোলক। আজি বিশ্বৰ সকলো আত্মাই এইটোৱে বিচাৰে যে কিবা নহয় কিবা আধ্যাত্মিক শক্তি পাই যাওঁ। আৰু আধ্যাত্মিক শক্তিৰ দাতা তোমালোক ব্ৰাহ্মণ আত্মাসকলেই হোৱা কিয়নো পৱিত্ৰতম, উচ্চতম আৰু আটাইতকৈ চহকী তোমালোক আত্মাসকলেই হোৱা। পৱিত্ৰতমো সকলো আত্মাতকৈ বেছি তোমালোক। তোমালোক আত্মাসকলৰ পূজা যেনেকৈ বিধিপূৰ্বক হয়, তেনেকৈ আন কাৰো নহয়। এতিয়া অন্তিম জন্মতো তোমালোক আত্মাসকলৰ পূজা হয়, অন্য কোনো ধৰ্মপিতা বা মহান আত্মা যি নিমিত্ত হৈছে তেওঁলোকৰো নহয়। বিধিপূৰ্বক পূজা, যদিওবা স্মাৰক সাজে কিন্তু বিধিপূৰ্বক পূজা নহয়। আৰু তোমালোকৰ নিচিনা সম্পদ বিশ্বৰ আটাইতকৈ চহকী, তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ এটা জন্মৰ সম্পদ নিশ্চয়তা আছে 21 জন্ম চলিবই কিয়নো পিতাৰ দ্বাৰা, পিতাৰ উত্তৰাধিকাৰ পোৱা। গতিকে যেনেকৈ পিতা অবিনাশী, তেনেকৈ পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা সম্পদো অবিনাশী হৈ যায় সেইবাবে বিশ্বৰ আটাইতকৈ চহকী, বিশ্বৰ আটাইতকৈ পৱিত্ৰ।

তেন্তে সকলোৱে নিজক এনেকুৱা বিশেষ সেৱাধাৰী বুলি ভাবা নহয়! আজিৰ সময় অনুসৰি বিশ্বৰ আত্মাসকলৰ কোনটো বস্তুৰ আৱশ্যকতা আছে, জানা নহয়! আজি বিশ্বক আনন্দ, শক্তি আৰু স্নেহৰ আৱশ্যকতা আছে। আত্মিক স্নেহ বিচাৰে কিন্তু তোমালোক ব্ৰাহ্মণ আত্মাসকল এতিয়া সময় অনুসৰি দাতা হোৱা। মনেৰে শক্তি দিয়া, বাণীৰে জ্ঞান দিয়া আৰু কৰ্মৰ দ্বাৰা গুণদান দিয়া। পিতা ব্ৰহ্মাই অন্তিমত তিনিটা শব্দ সকলো সন্তানকে উপহাৰ দিলে, স্মৃতিত আছে নহয় – এই তিনিটা শব্দ যদি সেৱাত ব্যৱহাৰ কৰা তেন্তে অনেক আত্মাক সন্তুষ্ট কৰিব পাৰা। সেই তিনিটা শব্দ হৈছে - নিৰাকাৰী, নিৰহংকাৰী আৰু নিৰ্বিকাৰী। গতিকে মনেৰে নিৰাকাৰী, বাণীৰে নিৰহংকাৰী আৰু কৰ্মৰ দ্বাৰা নিৰ্বিকাৰী। এই তিনিটা শব্দ সেৱাত ব্যৱহাৰ কৰা। এতিয়া বিশ্বই তোমালোকৰ শক্তিৰ দ্বাৰা অলপ অন্তৰৰ আনন্দ, সুখ প্ৰাপ্ত কৰক, সকলো নিৰাশ আৰু তোমালোক হৈছা বিশ্বৰ কাৰণে আশাৰ তৰা আৰু বাপদাদাই সকলো সন্তানক পিতাৰ আশাৰ তৰা ৰূপত চায়। কেৱল আশাৰ তৰা নহয় কিন্তু আশা পূৰ্ণ কৰোঁতা আশাৰ তৰা হোৱা।

বাপদাদাৰ ওচৰত সন্তানসকলৰ স্নেহ সদায় গৈ পায় আৰু সকলোতকৈ সহজ পুৰুষাৰ্থ কোনটো? ভিন্ন ভিন্ন পুৰুষাৰ্থ আছে কিন্তু সকলোতকৈ সহজ পুৰুষাৰ্থ হৈছে স্নেহ। স্নেহত পৰিশ্ৰমো প্ৰেমৰ ৰূপলৈ পৰিৱৰ্তন হৈ যায়। গতিকে পিতাৰ স্নেহী হোৱা অৰ্থাৎ সহজ পুৰুষাৰ্থ কৰা। স্নেহত তোমালোক সকলোৱে নিজক স্নেহী বুলি ভাবা, কেতিয়াবা কেতিয়াবা নহয়, সদায় স্নেহী। যিসকলে নিজক সদায় স্নেহৰ সাগৰত সমাহিত হৈ থকা বুলি ভাবা, সদায় স্নেহৰ সাগৰত সমাহিত হৈ থাকোঁতা, ডুব মাৰোঁতা নহয়, সমাহিত হৈ থাকোঁতা, যিসকলে নিজক এনেকৈ স্নেহৰ সাগৰত সমাহিত হৈ থকা বুলি ভাবা তেওঁলোকে হাত দাঙা। সদায়নে? ‘সদায়’ শব্দটিৰ প্ৰতি মনোযোগ দিবা। হাত দাঙা, সদায়, সদায়নে? হাততো ভাল দাঙিছা। বাপদাদা হাত দেখি আনন্দিত হয় কিয়নো সাহস কৰিছা। যদি কিবা কমো হয় তেতিয়া স্মৃতিলৈতো আহিব যে হাত দাঙিছিলোঁ কিয়নো বাপদাদাৰ প্ৰতিগৰাকী সন্তানলৈ অতি স্নেহ আছে। কিয়? কিয়নো বাপদাদাই জানে যে এই এটি এটি আত্মা অনেক বাৰ স্নেহী হৈছে, এতিয়াও হৈছে আৰু প্ৰতিটো কল্পত এই আত্মাসকলেই স্নেহী হ’বগৈ। নিচা আছেনে, আনন্দ আছেনে যে আমিয়েই প্ৰতিটো কল্পৰ অধিকাৰী আত্মা হওঁ?

বাপদাদাই এনেকুৱা অধিকাৰী আত্মাসকলক দেখি অন্তৰৰ আশীৰ্বাদ দি আছে। সদায় অক্লান্ত হৈ উৰি থাকা কেতিয়াবা যদি কিবা পৰিস্থিতি আহে তেতিয়া স্ব-স্থিতি তল-ওপৰ নকৰিবা, স্ব-স্থিতিৰ আগত পৰিস্থিতিয়ে একো কৰিব নোৱাৰে।

বাৰু, প্ৰথমবাৰ কোন আহিছা, তেওঁলোকে হাত দাঙা। বহুত আহে। বাপদাদাই প্ৰতিগৰাকী সন্তানক দেখি গৌৰৱ কৰে – বাঃ! মোৰ সন্তান বাঃ! যেনেকৈ তোমালোকে অন্তৰত গীত গোৱা নহয় স্বতঃ বাঃ! বাবা বাঃ! মোৰ বাবা বাঃ! এনেকৈয়ে পিতায়ো সন্তানসকলৰ প্ৰতি এয়াই গীত গায় যে বাঃ! প্ৰতিগৰাকী সন্তান বাঃ! কিয়নো পিতায়ো কল্পৰ পাছত তোমালোক সন্তানসকলক লগ পায় আৰু প্ৰতিগৰাকী বিশ্বৰ আগত মহান। সেয়েহে পিতায়ো গীত গায় বাঃ! সন্তান বাঃ! বাঃ! বাঃ! হোৱা নহয়! বাঃ! বাঃ! সন্তান হোৱা নহয়! বাঃ! বাঃ! সন্তান, হাত দাঙা।

গতিকে সদায় এইটোৱে স্মৃতিত ৰাখিবা যে আমি বাঃ! বাঃ! সন্তান। লাগিলে পুৰুষাৰ্থী হোৱা কিন্তু হোৱা বাঃ! বাঃ! সন্তান, পিতাৰ বাঃ! বাঃ! সন্তান, পিতাৰ লগতেই যাবা। থাকিতো নোযোৱা নহয়! পিতাইতো কয় প্ৰতিগৰাকী সন্তানক স্নেহৰ কোলাত তুলি লগত লৈ যাওঁ। তেন্তে সাজু আছানে? ৰাস্তাত ৰৈতো নোযোৱা নহয়? লগত যাবা কিয়নো প্ৰতিশ্ৰুতি আছে, প্ৰতিশ্ৰুতিতো ৰক্ষা কৰোঁতা হোৱা।

এতিয়া বাপদাদাই এইটোৱে বিচাৰে যে নিজৰ ফৰিস্তা ৰূপ জাগ্ৰত কৰা। চলোঁতে-ফুৰোঁতে ফৰিস্তা পোছাকত অনুভৱ কৰোঁৱা। বাপদাদাই ড্ৰিল শুনাইছিল নহয়। পোছাক সলোৱাৰ অভ্যাসতো আছে নহয়! গতিকে যেনেকৈ শৰীৰৰ পোছাক সলনি কৰা, তেনেকৈয়ে আত্মাৰ স্বৰূপ ফৰিস্তা, বাৰে বাৰে অনুভৱ কৰা। ফৰিস্তাৰ পোছাক পচন্দ কৰা নহয়! যেনেকৈ পিতা ব্ৰহ্মা অব্যক্ত ফৰিস্তা ৰূপত সূক্ষ্মলোকত বহি আছে তেনেকৈ পিতাৰ সমান তোমালোক সকলোৱে চলোঁতে-ফুৰোঁতে ফৰিস্তা ৰূপত অনুভৱ কৰা কিয়নো ফৰিস্তা ৰূপ হ’লে তেতিয়াহে দেৱতা হ’বা। যেনেকৈ পিতাৰ তিনিটা ৰূপ স্মৃতিত থাকে নহয়। পিতা, শিক্ষক আৰু সৎগুৰু, তেনেকৈ নিজৰো তিনিটা ৰূপ স্মৰণ কৰা – ব্ৰাহ্মণৰ পৰা ফৰিস্তা আৰু ফৰিস্তাৰ পৰা দেৱতা। এই তিনিটা ৰূপ দৃঢ় হয় নহয়! কেতিয়াবা ব্ৰাহ্মণৰ পোছাক পৰিধান কৰা, কেতিয়াবা ফৰিস্তাৰ, কেতিয়াবা দেৱতাৰ। এই তিনি ৰূপত স্বতঃ ত্ৰিকালদৰ্শীৰ আসনত বহি সাক্ষী হৈ সকলো কাৰ্য কৰি থাকিবা। গতিকে সকলোৰে পৰা বাপদাদাই এইটোৱে বিচাৰে যে সদায় পিতাৰ লগত থাকা, অকলশৰীয়া নহ’বা। লগত থাকিলে লগত যাবা। যদি এতিয়া কেতিয়াবা কেতিয়াবা থাকা তেন্তে লগত কেনেকৈ যাবা! স্নেহীয়ে স্নেহীক কেতিয়াও পাহৰিব নোৱাৰে। গোটেই দিন এইটো অভ্যাস কৰি থাকা। এতিয়াই ব্ৰাহ্মণ, এতিয়াই ফৰিস্তা, এতিয়াই দেৱতা। বাৰু।

চাৰিওফালৰ সকলো সন্তানক যিসকল সদায় সম্পদেৰে সম্পন্ন, সদায় নিজৰ চাল-চলনেৰে সেৱাধাৰী, কিয়নো তোমালোকৰ সকলোৰে প্ৰতিশ্ৰুতি আছে যে বিশ্ব পৰিৱৰ্তক হৈ বিশ্বৰ পৰিৱৰ্তন কৰিম, গতিকে চলোঁতে-ফুৰোঁতেও সেৱাধাৰী সেৱাত তৎপৰ হৈ থাকে। এনেকুৱা বিশ্ব সেৱাধাৰী বিশ্ব পৰিৱৰ্তক প্ৰত্যেককে পিতাৰ সম্পদেৰে ভৰপূৰ কৰোঁতা বাপদাদাৰ চাৰিওফালৰ সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ, অন্তৰৰ আশীৰ্বাদ আৰু নমস্কাৰ। ভাল বাৰু।

বৰদান:
মাষ্টৰ ত্ৰিকালদৰ্শী হৈ প্ৰতিটো কৰ্ম যুক্তিযুক্তভাৱে কৰোঁতা কৰ্মবন্ধন মুক্ত হোৱা

যিয়েই সংকল্প, বাণী বা কৰ্ম কৰা – সেয়া মাষ্টৰ ত্ৰিকালদৰ্শী হৈ কৰা তেতিয়া কোনো কৰ্ম ব্যৰ্থ বা অনৰ্থ হ’ব নোৱাৰে। ত্ৰিকালদৰ্শী অৰ্থাৎ সাক্ষীবোধৰ স্থিতিত স্থিৰ হৈ, কৰ্মৰ গূঢ় গতিক জানি এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰোৱা তেতিয়া কেতিয়াও কৰ্মৰ বন্ধনত বান্ধ নোখোৱা। প্ৰতিটো কৰ্ম কৰি কৰ্মবন্ধন মুক্ত, কৰ্মাতীত স্থিতিৰ অনুভৱ কৰি থাকিবা।

স্লোগান:
যি হদৰ ইচ্ছাসমূহৰ বিষয়ে অজ্ঞ তেৱেঁই মহান সম্পত্তিৱান।

অব্যক্ত ইংগিত: নিশ্চয়ৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত থাকা

যেনেকৈ পহৰা দিয়া পহৰীয়া যদি অস্ত্ৰধাৰী হয় আৰু তেওঁৰ নিশ্চয়তা থাকে যে মোৰ অস্ত্ৰই শত্ৰুক খেদি পঠিয়াব, পৰাজিত কৰিব তেতিয়া তেওঁ কিমান নিৰ্ভয় হৈ খোজকাঢ়ি থাকে। তেনেকৈ তোমালোকৰ ওচৰতো সৰ্বশক্তি ৰূপী অস্ত্ৰ সদায় লগত আছে, কেৱল আৱাহন কৰা অৰ্থাৎ মালিক হৈ আদেশ কৰা তেতিয়া সফলতা প্ৰাপ্তি সদায় হৈয়েই আছে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]