15.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই তোমালোক আত্মাসকলৰ সৈতে আন্তৰিক বাৰ্তালাপ কৰে, তোমালোক 21 জন্মৰ কাৰণে নিজৰ
জীৱন বীমা কৰিবলৈ পিতাৰ ওচৰলৈ আহিছা, তোমালোকৰ জীৱন এনেকৈ বীমাকৰণ হৈ যায় যে
তোমালোক অমৰ হৈ যোৱা”
প্ৰশ্ন:
মনুষ্যয়ো নিজৰ
জীৱন বীমা কৰায় আৰু তোমালোক সন্তানসকলেও কৰোৱা, দুয়োটাৰ মাজত পাৰ্থক্য কি?
উত্তৰ:
মনুষ্যই নিজৰ জীৱন বীমা কৰায় যাতে মৃত্যু হ’লে পৰিয়ালৰ সদস্যসকলে পইচা পায়। তোমালোক
সন্তানসকলে বীমা কৰোৱা যাতে 21 জন্ম আমি নমৰোৱেই, অমৰ হৈ যাওঁ। সত্যযুগত কোনো বীমা
কোম্পানী নাথাকে। এতিয়া তোমালোকে নিজৰ জীৱন বীমা কৰি দিয়া পাছলৈ আৰু কেতিয়াও নমৰা,
এইটো আনন্দ থাকিব লাগে।
গীত:
য়হ কৌন আজ আয়া
সৱেৰে….. (এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে…..)
ওঁম্শান্তি।
আত্মিক পিতা
বহি আত্মিক সন্তানসকলৰ সৈতে আন্তৰিক বাৰ্তালাপ কৰে, তোমালোক সন্তানসকলে জানা পিতাই
এতিয়া আমাৰ 21জন্মতো বাদেই 40-50 জন্মলৈকে বীমা কৰাই আছে। জগতৰ লোকসকলে বীমা কৰায়
যাতে মৃত্যু হ’লে তেওঁলোকৰ পৰিয়ালে পইচা পায়। তোমালোকে বীমা কৰোৱা যাতে 21 জন্মলৈকে
নমৰাই। অমৰ কৰি নোতোলে জানো। তোমালোক অমৰ আছিলা, মূললোকো অমৰলোক। তাত মৰা বা জীয়াই
থকাৰ কথাই নাথাকে। সেয়া হ’ল আত্মাসকলৰ নিবাস স্থান। এতিয়া এই আন্তৰিক বাৰ্তালাপ
পিতাই নিজৰ সন্তানসকলৰ সৈতে কৰে আৰু অন্য কাৰো সৈতে নকৰে। যিসকল আত্মাই নিজক জানে
তেওঁলোকৰ সৈতেহে কথা পাতে। বাকী অন্য কোনেও পিতাৰ ভাষাক নুবুজিবই। প্ৰদৰ্শনীত
ইমানবিলাক আহে, তোমালোকৰ ভাষা বুজে জানো। কোনোবাই কাচিৎহে অলপ বুজি পায়। তোমালোককো
বুজাওঁতে বুজাওঁতে কিমান বছৰ হ’ল তথাপিও কিমান কম সংখ্যকে বুজে। হওঁতে চেকেণ্ডতে
বুজিবলগীয়া কথা। আমি আত্মাসকল যি পাৱন আছিলোঁ সেইসকলেই পতিত হৈ গলোঁ আকৌ আমি পাৱন
হ’ব লাগে। তাৰ কাৰণে মৰমৰ পিতাক স্মৰণ কৰিব লাগে। তেওঁতকৈ মৰমৰ আৰু একো বস্তু নাথাকে।
এই স্মৰণ কৰাৰ ক্ষেত্ৰতে মায়াই বিঘিনি আনে। এইটোও জানা যে বাবা আমাক অমৰ কৰি তুলিবলৈ
আহিছে। পুৰুষাৰ্থ কৰি অমৰ হৈ অমৰপুৰীৰ মালিক হ’ব লাগে। অমৰতো সকলোৱে হ’ব। সত্যযুগক
কোৱাই হয় অমৰলোক। এয়া হ’ল মৃত্যুলোক। এয়া হৈছে অমৰকথা, এনেকুৱা নহয় যে কেৱল শঙ্কৰে
পাৰ্ৱতীক অমৰকথা শুনাইছিল। সেই সকলোবোৰ হ’ল ভক্তিমাৰ্গৰ কথা। তোমালোক সন্তানসকলে
মাত্ৰ মোৰ; এজনৰ পৰাই শুনা। মামেকম্ (একমাত্ৰ মোকেই) স্মৰণ কৰা। জ্ঞান মইহে দিব পাৰোঁ।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি গোটেই সৃষ্টি তমোপ্ৰধান হৈ গ’ল। অমৰপুৰীত ৰাজ্য কৰা -
তাকেই অমৰ পদ বুলি কোৱা হয়। তাত বীমা কোম্পানী আদি নাথাকে। এতিয়া তোমালোকৰ জীৱন বীমা
কৰি আছে। তোমালোকৰ কেতিয়াও মৃত্যু নহ’ব। বুদ্ধিত এইটো আনন্দ থাকিব লাগে। আমি
অমৰপুৰীৰ মালিক হ’মগৈ, তেন্তে অমৰপুৰীক স্মৰণ কৰিব লাগে। মূললোক হৈয়েই যাব লাগিব।
এয়াও মনমনাভৱ হৈ যায়। মূললোকৰ স্মৃতিত থকাতো হৈছে মনমনাভৱ, অমৰপুৰীৰ স্মৃতিত থকাতো
হৈছে মধ্যাজিৎ ভৱ। প্ৰতিটো কথাতে দুটা শব্দই আহে। তোমালোকক কিমান প্ৰকাৰেৰে অৰ্থ
বুজোৱা হয়। গতিকে বুদ্ধিত ধাৰণ হ’ব লাগে। সকলোতকৈ বেছি পৰিশ্ৰম ইয়াতেই হয়। নিজক
আত্মা বুলি নিশ্চয় কৰিব লাগে। আমি আত্মাই এই জন্ম লৈছোঁ। 84 জন্মত আমি ভিন্ন ভিন্ন
নাম, ৰূপ, দেশ, কালৰ মাজেৰে ঘূৰি আহিছোঁ। সত্যযুগত ইমান জন্ম, ত্ৰেতাত ইমান…. এইটোও
বহুত সন্তানে পাহৰি যায়। মুখ্য কথা হৈছে নিজক আত্মা বুলি বুজি মৰমৰ পিতাক স্মৰণ
কৰাতো। উঠোঁতে-বহোঁতে এইটো বুদ্ধিত থাকিলে আনন্দিত হৈ থাকিবা। আকৌ বাবাৰ আগমন হৈছে,
যাক আমি আধাকল্প স্মৰণ কৰিলোঁ যে আহক আহি আমাক পাৱন কৰি তোলক। পাৱন হৈ থাকে মূললোক
আৰু অমৰপুৰী সত্যযুগত। ভক্তিত মনুষ্যই পুৰুষাৰ্থ কৰে মুক্তি বা কৃষ্ণপুৰীলৈ যাবৰ
কাৰণে। মুক্তি বুলি কোৱা অথবা নিৰ্বাণধাম বুলি কোৱা, বানপ্ৰস্থ শব্দটি শুদ্ধ।
বানপ্ৰস্থীসকলতো চহৰতেই থাকে। সন্ন্যাসীসকলেতো ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি যায়।
আজিকালিৰ বানপ্ৰস্থীসকলৰ কোনো শক্তি নাই। সন্ন্যাসীয়েতো ব্ৰহ্মকেই ভগৱান বুলি কৈ
দিয়ে। ব্ৰহ্মলোক বুলি নকয়। এতিয়া তোমালোক সন্তানসকলে জানা যে পুনৰ্জন্মতো কাৰোৱেই
বন্ধ নহয়। নিজৰ নিজৰ ভূমিকা সকলোৱেই পালন কৰে। আবাগমনৰ (অহা আৰু যোৱাৰ) পৰা কেতিয়াও
মুক্তি পাব নোৱাৰে। এই সময়ত কোটি কোটি মনুষ্য আছে আৰু আহি থাকিব, পুনৰ্জন্ম লৈ
থাকিব। আকৌ প্ৰথম মহলা খালী হ’ব। মূললোক হৈছে প্ৰথম মহলা, সূক্ষ্মলোক হৈছে দ্বিতীয়
মহলা। এয়া (স্থূললোক) তৃতীয় মহলা অথবা ইয়াক ভূমি মহলা বুলি ক’ব পাৰা। অন্য কোনো মহলা
নাই। তেওঁলোকে ভাবে তৰামণ্ডলতো সৃষ্টি আছে। এনেকুৱা নহয়। প্ৰথম মহলাত আত্মাসকল থাকে।
বাকী মনুষ্যৰ কাৰণেতো হৈছে এইখন সৃষ্টি।
তোমালোক হৈছা বেহদৰ
বৈৰাগী সন্তান, তোমালোক এই পুৰণি সৃষ্টিত থাকিও এই দুচকুৰে সকলো দেখিও সেয়া চাব
নালাগে। এইটো হৈছে মুখ্য পুৰুষাৰ্থ; কিয়নো এই সকলোবোৰ শেষ হৈ যাব। এনেকুৱা নহয় যে
সংসাৰ ৰচাই হোৱা নাই। ৰচি থোৱা আছে কিন্তু তাৰ প্ৰতি বৈৰাগ্য ওপজে অৰ্থাৎ গোটেই
পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ভক্তিৰ পাছত হৈছে জ্ঞান,
আকৌ ভক্তিৰ প্ৰতি বৈৰাগ্য ওপজে। বুদ্ধিৰে বুজি পোৱা যে এইখন হৈছে পুৰণি সৃষ্টি। এয়া
আমাৰ অন্তিম জন্ম, এতিয়া সকলো উভতি যাব লাগে। সৰু শিশুকো শিৱবাবাৰ স্মৃতি সোঁৱৰাই
দিব লাগে। অখাদ্য খোৱাৰ বা পান কৰাৰ কোনো অভ্যাস গঢ়ি তুলিব নালাগে। শিশুকালৰ পৰা
যেনেকুৱা অভ্যাস কৰোৱা তেনেকুৱাই অভ্যাস গঢ়ি উঠে। আজিকালি সংগৰ দোষ বহুত বেয়া। সৎ
সংগই তৰায়, কুসংগই বুৰায়... এইখন হৈছে বিষয় সাগৰ বেশ্যালয়। সত্যতো এজনেই পৰমপিতা
পৰমাত্মা। ‘ভগৱান এজনেই” বুলি কোৱা হয়। তেওঁ আহি সত্য কথা বুজায়। পিতাই কয় - হে
আত্মিক সন্তানসকল, মই তোমালোকৰ পিতা তোমালোকৰ সৈতে আন্তৰিক বাৰ্তালাপ কৰি আছোঁ। মোক
তোমালোকে আহ্বান নজনোৱা জানো। তেৱেঁই জ্ঞানৰ সাগৰ, পতিত-পাৱন। নতুন সৃষ্টিৰ ৰচয়িতা।
পুৰণি সৃষ্টিৰ বিনাশ কৰায়। এই ত্ৰিমূৰ্তিতো প্ৰসিদ্ধ। উচ্চতকৈও উচ্চ হৈছে শিৱ। বাৰু,
আকৌ সূক্ষ্মলোকত আছে ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ। তেওঁলোকৰ সাক্ষাৎকাৰো হয় কিয়নো
পৱিত্র হয় নহয়। তেওঁলোকক চৈতন্য ৰূপত এই দুচকুৰে দেখা পোৱা নাযায়। অৱশ্যে কোনোৱে
ঐকান্তিক ভক্তিৰে দেখা পাব পাৰে। ধৰিলোৱা কোনোবা হনুমানৰ ভক্ত তেন্তে তেওঁৰ
সাক্ষাৎকাৰ হ'ব। শিৱৰ ভক্তসকলকতো মিছাকৈ শুনোৱা হৈছে যে পৰমাত্মা অখণ্ড জ্যোতি
স্বৰূপ। পিতাই কয় - মইতো অতি সূক্ষ্ম বিন্দু, তেওঁলোকে কয় - অখণ্ড জ্যোতি স্বৰূপত
ভগৱানে নিজৰ ৰূপ অৰ্জুনক দেখুৱালে। অৰ্জুনে ক’লে - বচ্ মই সহ্য কৰিব নোৱাৰোঁ। গীতাত
উল্লেখ আছে তেওঁৰ সেইটো ৰূপৰ সাক্ষাৎকাৰ হ’ল। মনুষ্যই ভাবে অখণ্ড জ্যোতিৰ
সাক্ষাৎকাৰ হ’ল। এতিয়া পিতাই কয় - এই সকলোবোৰ অন্তৰক সন্তোষ দিয়া ভক্তিমাৰ্গৰ কথা।
মইতো এনেকৈ নকওঁৱেই যে মই অখণ্ড জ্যোতি-স্বৰূপ। তোমালোক যেনেকুৱা বিন্দু সদৃশ আত্মা
ময়ো তেনেকুৱাই। যেনেকৈ তোমালোক ড্ৰামাৰ বন্ধনত আছা তেনেকৈ ময়ো ড্ৰামাৰ বন্ধনত বান্ধ
খাই আছোঁ। সকলো আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। পুনৰ্জন্মতো সকলোৱে ল'বই
লাগে। ক্ৰমানুসৰি সকলো আহিবই লাগে। প্ৰথম নম্বৰৰ জন আকৌ তললৈ আহি যায়। কিমান কথা
পিতাই বুজায়। এইটো বুজোৱা হৈছে যে সৃষ্টি ৰূপী চক্ৰ ঘূৰিয়েই থাকে। যেনেকৈ দিনৰ পাছত
ৰাতি আহে তেনেকৈ কলিযুগৰ পাছত সত্যযুগ, আকৌ ত্ৰেতা..... তাৰ পাছত সংগমযুগ আহে।
সংগমযুগতহে পিতাই পৰিৱৰ্তন কৰে। যিসকল সতোপ্ৰধান আছিল এতিয়া তেওঁলোকেই তমোপ্ৰধান হৈ
গৈছে। তেওঁলোকেই আকৌ সতোপ্ৰধান হ'ব। আহ্বানো জনায় যে হে পতিত-পাৱন আহক। গতিকে এতিয়া
পিতাই কয় – ‘মনমনাভৱ’। মই আত্মা, মই পিতাক স্মৰণ কৰিব লাগে। এয়া যথাৰ্থ ৰীতিৰে
কোনোবাই কাচিৎহে বুজি পায়। আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা কিমান মৰমৰ। আত্মাই মৰমৰ হয়
নহয়। শৰীৰতো বিনাশ হৈ যায় আকৌ তেওঁৰ আত্মাক মাতে। স্নেহতো আত্মাৰ সৈতেহে হয়।
সংস্কাৰ আত্মাত থাকে। আত্মাইহে পঢ়ে, শুনে, দেহতো বিনাশ হৈ যায়। মই আত্মা অমৰ। আকৌ
তোমালোকে মোৰ কাৰণে কান্দা কিয়? এয়া দেহ-অভিমান নহয় জানো। তোমালোকৰ দেহৰ প্ৰতি
স্নেহ আছে, হ'ব লাগে আত্মাৰ প্ৰতি স্নেহ। অবিনাশী বস্তুৰ প্ৰতি স্নেহ থাকিব লাগে।
বিনাশী বস্তুৰ প্ৰতি স্নেহ থকাৰ বাবেই কাজিয়া-পেচাল কৰে। সত্যযুগত হৈছে দেহী-অভিমানী,
সেয়েহে আনন্দেৰে এটা শৰীৰ এৰি অন্য এটি লয়। কন্দা-কটা একোৱেই নহয়।
তোমালোক সন্তানসকলে
নিজৰ আত্ম-অভিমানী অৱস্থা গঢ়ি তুলিবলৈ বহুত অভ্যাস কৰিব লাগে - মই আত্মা, নিজৰ ভাইক
(আত্মাক) পিতাৰ বাৰ্তা শুনাওঁ, মোৰ ভায়ে এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে, এনেকুৱা
অৱস্থা গঢ়ি তোলা। পিতাক স্মৰণ কৰি থাকিলে বিকৰ্ম বিনাশ হৈ গৈ থাকিব। নিজকো আত্মা
বুলি ভাবা, তেওঁকো আত্মা বুলি ভাবা তেতিয়া অভ্যাস দৃঢ় হৈ যাব, এয়া হৈছে গুপ্ত
পৰিশ্ৰম। অন্তৰ্মুখী হৈ এইটো অৱস্থা দৃঢ় কৰি তুলিব লাগে। যিমান সময় উলিয়াব পাৰা
সিমান সময় এইটো কামত লগোৱা। 8 (আঠ) ঘণ্টাতো লাগিলে পেছাগত কাম-কাজ আদি কৰা। নিদ্ৰাও
পূৰণ কৰা। বাকী সময় এইটো কামত লগোৱা। 8 (আঠ) ঘণ্টা স্মৃতিত থকাৰ লক্ষ্যত গৈ উপনীত
হ’ব লাগে, তেতিয়া তোমালোক বহুত আনন্দিত হৈ থাকিবা। পতিত-পাৱন পিতাই কয় - মোক স্মৰণ
কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। জ্ঞান তোমালোকে এতিয়াহে সংগমত পোৱা। সকলো
মহিমা এই সংগমযুগৰে, যেতিয়া পিতাই বহি তোমালোকক জ্ঞান বুজায়। ইয়াত কোনো স্থূল কথা
নাই। এয়া তোমালোকে যি লিখা সেই সকলোবোৰ শেষ হৈ যাব। টোকাও সেই কাৰণেই লিখি ৰাখা যে
মূল কথাবোৰ টুকি ৰাখিলে স্মৃতিত থাকিব। কাৰোবাৰ বুদ্ধি তীক্ষ্ণ হ’লে বুদ্ধিত স্মৃতি
থাকে। ক্ৰমানুসৰিতো হয়েই। মুখ্য কথা, পিতাক স্মৰণ কৰিব লাগে আৰু সৃষ্টি চক্ৰক স্মৰণ
কৰিব লাগে। কোনো বিকৰ্ম কৰিব নালাগে। গৃহস্থালিতো থাকিব লাগে। পৱিত্ৰ নিশ্চয় হ'ব
লাগে। বহুতো বিকৃত খেয়ালৰ সন্তানে ভাবে - মোৰ অমুকক বহুত ভাল লাগে, এওঁৰ সৈতে মই
গন্ধৰ্ব বিবাহ কৰি লওঁ। কিন্তু এই গন্ধৰ্ব বিবাহতো তেতিয়াহে কৰা হয় যেতিয়া
মিত্ৰ-সম্বন্ধীয় আদিয়ে বহুত অশান্তিৰ সৃষ্টি কৰে, সেয়া তেওঁক ৰক্ষা কৰিবৰ কাৰণে।
এনেকৈ জানো সকলোৱে ক'ব যে আমি গন্ধৰ্ব বিবাহ কৰিম। তেওঁলোক কেতিয়াও পৱিত্ৰ হৈ থাকিব
নোৱাৰিব। প্ৰথম দিনাই গৈ গাঁতত পৰিব। নাম ৰূপৰ প্ৰতি অন্তৰৰ আসক্তি জাগি যায়। এয়াতো
বহুত বেয়া কথা। গন্ধৰ্ব বিবাহ কৰাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। ইজনৰ সিজনৰ প্ৰতি
অন্তৰৰ আসক্তি জাগিলে কৈ দিয়ে গন্ধৰ্ব বিবাহ কৰোঁ। এই ক্ষেত্ৰত সম্বন্ধীয়সকল অতি
সাৱধান হৈ থকা উচিত। বুজিব লাগে এই সন্তানটি কোনো কামৰ নহয়। যাৰ প্ৰতি অন্তৰৰ আসক্তি
জাগিছে তেওঁৰ কাষৰ পৰা আঁতৰাই দিব লাগে। নহ’লে কথা পাতি থাকিব। এই সভাত বহুত সাৱধান
হৈ থাকিবলগীয়া হয়। আগলৈ বহুত নীতি নিয়মেৰে সভা হ'ব। এনেকুৱা খেয়ালৰ লোকসকলক আহিবলৈ
নিদিব।
যিসকল সন্তান আত্মিক
সেৱাত তৎপৰ হৈ থাকে, যিয়ে যোগত থাকি সেৱা কৰে, তেওঁলোকেই সত্যযুগী ৰাজধানী স্থাপনা
কৰাত সহায়কাৰী হয়। সেৱাধাৰী সন্তানসকলৰ প্ৰতি পিতাৰ নিৰ্দেশনা হৈছে - আৰাম হাৰাম।
যিয়ে বহুত সেৱা কৰে তেওঁলোক নিশ্চয় ৰজা-ৰাণী হ'বগৈ। যিসকলে পৰিশ্ৰম কৰে, নিজৰ সমান
কৰি তোলে, তেওঁলোকৰ শক্তিও থাকে। স্থাপনাতো ড্ৰামা অনুসাৰে হ'বই। ভালদৰে সকলো সাৰ
কথা ধাৰণ কৰি আকৌ সেৱাত লাগি যোৱা উচিত। আৰামো হাৰাম হয়। কেৱল সেৱা আৰু সেৱা,
তেতিয়াহে উচ্চ পদ পাবা। ডাৱৰ আহিল আৰু সজীৱ হৈ সেৱাত গ'ল। সেৱাতো তোমালোকৰ বহুত
ওলাব। বিভিন্ন প্ৰকাৰৰ চিত্ৰ ওলাব, যাৰ দ্বাৰা মনুষ্যই তৎক্ষণাৎ বুজি পাব। এই চিত্ৰ
আদিও উন্নত মানৰ হৈ গৈ থাকিব। ইয়াৰ ভিতৰতো যিসকল আমাৰ ব্ৰাহ্মণ কুলৰ হ'ব তেওঁলোকে
ভালদৰে বুজিব। বুজোৱাজনো যদি ভাল হয় তেন্তে কিবা বুজিব। যিয়ে ভালদৰে ধাৰণা কৰে,
পিতাক স্মৰণ কৰে - তেওঁলোকৰ চেহেৰাৰ দ্বাৰাই গম পোৱা যায়। বাবা আমিতো আপোনাৰ পৰা
সম্পূৰ্ণ উত্তৰাধিকাৰ ল'ম গতিকে তেওঁলোকৰ অন্তৰত আনন্দৰ ঢোল বাজি থাকিব, সেৱাৰ বহুত
চখ থাকিব। সজীৱ হ'ল আৰু সেৱাত দৌৰি গ’ল। সেৱাৰ কাৰণে প্ৰত্যেক সেৱাকেন্দ্ৰৰ পৰা
বহুত তৈয়াৰ হৈ থাকিব লাগে। তোমালোকৰ সেৱাতো বহুত বিস্তাৰ হৈ গৈ থাকিব। তোমালোকৰ সৈতে
লগ হৈ গৈ থাকিব। অৱশেষত এদিন সন্ন্যাসীও আহিব। এতিয়াতো তেওঁলোকৰেই ৰাজত্ব। তেওঁলোকৰ
চৰণত পৰে, পূজা কৰে। পিতাই কয় - এয়া হ'ল ভূত পূজা। মোৰতো চৰণ নাই, সেইকাৰণে পূজা
কৰিবলৈও নিদিওঁ। মইতো এই শৰীৰ ঋণত লৈছোঁ সেয়েহে এওঁক (ব্ৰহ্মা বাবাক) ভাগ্যশালী ৰথ
বুলি কোৱা হয়।
এই সময়ত তোমালোক
সন্তানসকল বহুত সৌভাগ্যশালী হোৱা কিয়নো তোমালোক ইয়াত ঈশ্বৰীয় সন্তান। গায়নো আছে -
আত্মাসকল আৰু পৰমাত্মা বহুকাল পৃথক হৈ থাকিল…… গতিকে যিসকল বহুকালৰ পৰা পৃথকে থাকে
তেওঁলোকেই আহে, তেওঁলোককহে আহি পঢ়াওঁ। শ্ৰীকৃষ্ণৰ কাৰণে এনেকৈ ক’ব জানো। তেওঁতো পূৰা
84 জন্ম লয়। এয়া হৈছে তেওঁৰ অন্তিম জন্ম, সেয়েহে নামো এই এজনৰ শ্যাম-সুন্দৰ হৈছে।
শিৱৰ বিষয়েতো কোনেও নাজানে যে কি বস্তু। এই কথা পিতাহে আহি বুজায়। মই পৰম আত্মা,
পৰমধাম নিবাসী। তোমালোকো তাৰেই নিবাসী। মই সৰ্বোচ্চ পতিত-পাৱন। তোমালোক এতিয়া
ঈশ্বৰীয় বুদ্ধিৰ হৈছা। ঈশ্বৰৰ বুদ্ধিত যি জ্ঞান আছে সেয়া তোমালোকক শুনাই আছে।
সত্যযুগত ভক্তিৰ কথা নাথাকে। এই জ্ঞান তোমালোকে এতিয়াহে পাই আছা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তৰ্মুখী
হৈ নিজৰ অৱস্থা শক্তিশালী কৰি তুলিব লাগে, অভ্যাস কৰিব লাগে - মই আত্মা, নিজৰ ভাইক
(আত্মাক) পিতাৰ বাৰ্তা দিওঁ……. এনেকৈ আত্ম-অভিমানী হোৱাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে।
(2) আত্মিক সেৱাৰ চখ
ৰাখিব লাগে। নিজৰ সমান কৰি তুলিবলৈ পৰিশ্ৰম কৰিব লাগে। সংগৰ দোষ বহুত লেতেৰা, নিজকে
তাৰ পৰা সাৱধানে ৰাখিব লাগে। অখাদ্য খোৱা বা পান কৰাৰ অভ্যাস গঢ়ি তুলিব নালাগে।
বৰদান:
বিশ্ব কল্যাণৰ
কাৰ্যত সদায় ব্যস্ত হৈ থাকোঁতা বিশ্বৰ আধাৰমূৰ্ত হোৱা
বিশ্ব কল্যাণকাৰী
সন্তানে সপোনতো আজৰি হৈ থাকিব নোৱাৰে। যিসকল দিনে ৰাতিয়ে সেৱাত ব্যস্থ হৈ থাকে
তেওঁলোকে সপোনতো কিবা নহয় কিবা নতুন কথা, সেৱাৰ পৰিকল্পনা বা পদ্ধতি দেখিবলৈ পায়।
তেওঁলোক সেৱাত ব্যস্ত হৈ থকাৰ কাৰণে নিজৰ পুৰুষাৰ্থৰ ব্যৰ্থৰ পৰা আৰু আনৰো ব্যৰ্থৰ
পৰা হাত সাৰি থাকে। তেওঁলোকৰ সন্মুখত বেহদ বিশ্বৰ আত্মাসকল সদায় প্ৰকট হৈ থাকে।
তেওঁলোকৰ অলপো অমনোযোগীতা আহিব নোৱাৰে। এনেকুৱা সেৱাধাৰী সন্তানসকলৰ আধাৰমূৰ্ত
হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়।
স্লোগান:
সংগমযুগৰ এটি এটি চেকেণ্ড বৰ্ষৰ সমান সেই কাৰণে অমনোযোগিতাত সময় ব্যৰ্থ নকৰিবা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যাৰ লগত স্বয়ং
সৰ্বশক্তিমান পিতা সংযুক্ত হৈ আছে, সৰ্ব শক্তি স্বতঃ তেওঁৰ লগত থাকিব। য’ত সৰ্ব
শক্তি আছে ত’ত সফলতা নহ’ব, এয়া অসম্ভৱ। লৌকিকতো কোনোবা ভাল সংগী পাই গ’লে তেতিয়া
তেওঁক এৰিব নোৱাৰে। এওঁতো অবিনাশী সংগী। কেতিয়াও প্ৰতাৰণা কৰোঁতা সংগী নহয়। সদায়েই
সংগ দিওঁতা সংগী, সেয়েহে সদায় একেলগে থাকা।