15.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ স্বভাৱ পিতাৰ সমান সৰল কৰা, তোমালোকৰ কোনো অহঙ্কাৰ থাকিব নালাগে, বুদ্ধি জ্ঞানযুক্ত হওঁক, অভিমান যাতে নাথাকে”

প্ৰশ্ন:
সেৱা কৰিও বহুত সন্তান শিশুতকৈও শিশু - কেনেকৈ?

উত্তৰ:
বহুত সন্তানে সেৱা কৰি থাকে, আনক জ্ঞান শুনাই থাকে কিন্তু পিতাক স্মৰণ নকৰে। কয় – বাবা, স্মৃতি পাহৰি যাওঁ। বাবাই তেওঁলোকক শিশুতকৈও শিশু বুলি কয় কাৰণ সন্তানে কেতিয়াও পিতাকক নাপাহৰে, তোমালোকক যিজন পিতাই ৰাজকুমাৰ-ৰাজকুমাৰী কৰি তোলে, তেওঁক তোমালোকে কিয় পাহৰি যোৱা? যদি পাহৰি যোৱা তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা। তোমালোকে হাতেৰে কাম কৰিও পিতাক স্মৰণ কৰিব লাগে।

ওঁম্শান্তি।
পঢ়াৰ লক্ষ্য-উদ্দেশ্যতো সন্তানসকলৰ সন্মুখত আছে। সন্তানসকলে এইটোও জানে যে পিতা সাধাৰণ শৰীৰত বিৰাজমান হৈ আছে, তাকো বৃদ্ধ শৰীৰত। তাততো যদিও বৃদ্ধ হয়, তথাপিও আনন্দিত হৈ থাকে যে মই শিশু হ'মগৈ। সেইদৰে এৱোঁ (ব্ৰহ্মা বাবায়ো) জানে, এওঁৰ এইটো আনন্দ থাকে যে মই এয়া (নাৰায়ণ) হ’বলৈ গৈ আছোঁ। শিশুৰ নিচিনা চলন হৈ যায়। শিশুৰ দৰে সৰল হৈ থাকে। অহঙ্কাৰ আদি একোৱেই নাই। জ্ঞানযুক্ত বুদ্ধি। এওঁৰ যেনেকুৱা তোমালোক সন্তানসকলৰো তেনেকুৱা হোৱা উচিত। বাবা আমাক পঢ়াবলৈ আহিছে, আমি এনেকুৱা হ'মগৈ। গতিকে তোমালোক সন্তানসকলৰ অন্তৰত এইটো আনন্দ থকা উচিত নহয় জানো যে মই এই শৰীৰ ত্যাগ কৰি এয়া (দেৱী-দেৱতা) হ'মগৈ। ৰাজযোগ শিকি আছোঁ। কনিষ্ঠ সন্তান অথবা জ্যেষ্ঠ, সকলোৱে শৰীৰ এৰিব। সকলোৰে বাবে পঢ়া একেই। এৱোঁ কয় - মই ৰাজযোগ শিকোঁ। আকৌ গৈ ৰাজকুমাৰ হ'মগৈ। তোমালোকেও কোৱা - আমি ৰাজকুমাৰ-ৰাজকুমাৰী হ'মগৈ। তোমালোকে ৰাজকুমাৰ-ৰাজকুমাৰী হ'বলৈ পঢ়ি আছা। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। বুদ্ধিত এইটো নিশ্চয়তা আছে যে আমি ভিকহুৰ পৰা ৰাজকুমাৰ-ৰাজকুমাৰী হ’বলৈ গৈ আছোঁ। এই ভিকহু সৃষ্টিখনেই নাশ হৈ যাব। সন্তানসকল বহুত আনন্দিত হৈ থকা উচিত। পিতাই সন্তানসকলকো নিজৰ সমান কৰি তোলে। শিৱবাবাই কয় - মইতো ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব নালাগে। এইজন বাবাই কয় - মইতো হ'ব লাগে নহয়। মই পঢ়ি আছোঁ, এয়া হ'বৰ বাবে। ৰাজযোগ হয় নহয়। সন্তানসকলেও কয় - আমি ৰাজকুমাৰ-ৰাজকুমাৰী হ'মগৈ। পিতাই কয় - একেবাৰে ঠিক। তোমালোকৰ মুখত গোলাপ (বাস্তৱত সেয়াই হওক)। এই পৰীক্ষাও হৈছে ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাৰ বাবে। জ্ঞানতো বৰ সহজ। পিতাক স্মৰণ কৰিব লাগে আৰু ভৱিষ্যতৰ উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। এই স্মৰণ কৰাৰ ক্ষেত্ৰতেই পৰিশ্ৰম কৰিবলগীয়া হয়। এইটো (পিতা আৰু উত্তৰাধিকাৰৰ) স্মৃতিত থাকিলে তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। সন্ন্যাসীসকলে উদাহৰণ দিয়ে, কাৰোবাক এনেকৈ আওৰাই থাকিবলৈ দিয়া হ’ল যে – মই ম’হ, মই ম’হ…… তেতিয়া সঁচাকৈয়ে তেওঁ নিজক তেনেকৈয়ে ভাবিবলৈ ল’লে। সেই সকলোবোৰ হৈছে অদৰকাৰী কথা। ইয়াততো ধৰ্মৰ কথা। সেয়েহে পিতাই সন্তানসকলক বুজায় - জ্ঞানতো অতি সহজ, কিন্তু স্মৃতিত থকাৰ ক্ষেত্ৰত যত্ন কৰিবলগীয়া হয়। বাবাই প্রায়ে কয় - তোমালোকতো শিশু। সন্তানসকলে তেতিয়া অভিযোগ কৰে, আমি জানো শিশু? বাবাই কয় - হয়, শিশু। যদিও জ্ঞান বৰ ভাল, প্রদৰ্শনীত বহুত ভাল সেৱা কৰা, ৰাতিয়ে-দিনে সেৱাত লাগি থাকা তথাপিও শিশু বুলি কৈ দিওঁ। পিতাই কয় - এৱোঁ (ব্রহ্মাও) শিশু। এই (শিৱ) বাবাই কয় - তুমি মোতকৈও জ্যেষ্ঠ, এওঁৰ ওপৰততো বহুত দায়িত্ব আছে। যাৰ মূৰত দায়িত্ব বেছি তেওঁ বহুত খেয়াল কৰিবলগীয়া হয়। কিমান খবৰ পিতাৰ ওচৰলৈ আহে সেইবাবে আকৌ পুৱা উঠি স্মৰণ কৰাৰ চেষ্টা কৰে। উত্তৰাধিকাৰতো তেওঁ (শিৱবাবা)ৰ পৰাই ল’ব লাগে। সেয়েহে পিতাক স্মৰণ কৰিব লাগে। সকলো সন্তানকে নিতৌ বুজাওঁ। মৰমৰ সন্তানসকল, তোমালোক স্মৃতিৰ যাত্রাত বৰ দুৰ্বল। জ্ঞানত যদিও ভাল কিন্তু প্রত্যেকেই নিজৰ অন্তৰক সোধা - মই পিতাৰ স্মৃতিত কিমান সময় থাকোঁ? বাৰু, দিনত বহুত কাম আদিত ব্যস্ত হৈ থাকা, আচলতে কাম কৰি থাকিও স্মৃতিত থাকিব পাৰা। প্ৰবাদো আছে - হাতেৰে কাম কৰি থাকিবা, বুদ্ধি তাত লগাই ৰাখিবা। যেনেকৈ ভক্তিমাৰ্গত যদিও পূজা কৰি থাকে, বুদ্ধি অন্য ফালে পেছাগত কাম-কাজ আদিৰ ফালে গুচি যায় অথবা যদি কোনোবা স্ত্রীৰ স্বামী বিলাতত আছে তেন্তে তেওঁৰ বুদ্ধি তালৈ গুচি যাব, যাৰ সৈতে বেছি সম্পৰ্ক আছে। গতিকে যদিও সেৱা ভালকৈ কৰা তথাপি পিতাই শিশু বুদ্ধি বুলি কয়। বহুত সন্তানে লিখে - মই পিতাৰ স্মৃতি পাহৰি যাওঁ। হেৰ’, পিতাককতো শিশুৱেও নাপাহৰে তোমালোকতো শিশুতকৈও শিশু। যিজন পিতাৰ দ্বাৰা তোমালোক ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাগৈ, তেওঁ তোমালোকৰ পিতা-শিক্ষক-গুৰু হয়, তোমালোকে তেওঁক পাহৰি যোৱা!

যিসকল সন্তানে সম্পূৰ্ণ খতিয়ান পিতালৈ পঠিয়াই দিয়ে বাবাই তেওঁলোককহে নিজৰ ৰায় দিয়ে। সন্তানসকলে ক'ব লাগে মই পিতাক কেনেকৈ স্মৰণ কৰোঁ? কেতিয়া স্মৰণ কৰোঁ? তেতিয়া পিতাই ৰায় দিব। বাবাই বুজি পাব এওঁৰ এইটো সেৱা আছে, সেই অনুসৰি তেওঁৰ আজৰি সময় কিমান থাকিব পাৰে? চৰকাৰী চাকৰি কৰাসকলৰ আজৰি সময় বহুত থাকে। কাম অলপ কম হৈ গ’ল তেতিয়া পিতাক স্মৰণ কৰি থাকিবা। ঘূৰোঁতে-ফুৰোঁতেও যাতে পিতাৰ স্মৃতি থাকে। পিতাই সময়ো দিয়ে। বাৰু, ৰাতি 9 বজাত শুই যাবা পুনৰ 2-3 বজাত উঠি স্মৰণ কৰিবা। ইয়াত আহি বহি যাবা। কিন্তু এনেকৈ বহি স্মৰণ কৰাৰ অভ্যাসো পিতাই কৰিবলৈ নিদিয়ে, চলা-ফুৰা কৰি থাকিওঁতো পিতাক স্মৰণ কৰিব পাৰা। ইয়াততো সন্তানসকলৰ বহুত আজৰি আছে। আগতে তোমালোক একান্তত পাহাৰত গৈ বহিছিলা। পিতাক স্মৰণতো নিশ্চয় কৰিব লাগে। নহ’লে বিকৰ্ম বিনাশ কেনেকৈ হ’ব। পিতাক যদি স্মৰণ কৰিব নোৱাৰা তেন্তে শিশুতকৈও শিশু নহ’লা জানো। সকলো স্মৃতিত থকাৰ ওপৰতে নিৰ্ভৰ কৰে। পতিত-পাৱন পিতাক স্মৰণ কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। জ্ঞানতো বহুত সহজ। এইটোও জানে - ইয়ালৈ আহি সেইসকলেই বুজিব যিসকল কল্প পূৰ্বে আহিছিল। সন্তানসকলে নিৰ্দেশনা পাই থাকে। এইটোৱে চেষ্টা কৰিব লাগে যে মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হওঁ। পিতাৰ স্মৃতিত থকাৰ বাহিৰে অন্য কোনো উপায় নাই। বাবাক ক’ব পাৰা, বাবা মোৰ এইটো বেপাৰ থকা কাৰণে অথবা এইটো কাৰ্য থকাৰ কাৰণে মই স্মৰণ কৰিব নোৱাৰোঁ। বাবাই ততালিকে ৰায় দিব - এনেকৈ নহয়, এনেকৈ কৰা। তোমালোকৰ সকলো স্মৃতিত থকাৰ ওপৰতে নিৰ্ভৰ কৰে। ভাল ভাল সন্তানে জ্ঞানতো বহুত ভালকৈ শুনায়, কাৰোবাক আনন্দিত কৰি দিয়ে কিন্তু যোগযুক্ত হৈ নাথাকে। পিতাক স্মৰণ কৰিব লাগে। এইটো বুজা সত্ত্বেও আকৌ পাহৰি যায়, ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। অভ্যাস হৈ গ’লে তেতিয়া উৰাজাহাজ বা ৰেলগাড়ীত বহি থাকিলেও পিতাৰ স্মৃতিত থকাৰ নিচা জাগি থাকিব। আন্তৰিক আনন্দ থাকিব যে মই বাবাৰ দ্বাৰা ভৱিষ্যতৰ ৰাজকুমাৰ-ৰাজকুমাৰী হৈ আছোঁ। ৰাতিপুৱা উঠি এনেকৈ পিতাৰ স্মৃতিত বহি যাবা। আকৌ ভাগৰি পৰা। বাৰু, পিতাৰ স্মৃতিত শুই যোৱা। পিতাই যুক্তি শুনায়। চলোঁতে-ফুৰোঁতে যদি স্মৰণ কৰিব নোৱাৰা তেন্তে বাবাই ক’ব - বাৰু ৰাতি পিতাৰ স্মৃতিত বহিবা তেতিয়া তোমালোকৰ কিছু জমা হৈ যাব। কিন্তু এনেকৈ জবৰদস্থি একে ঠাইতে বহাতো হঠযোগ (শৰীৰক কষ্ট দি কৰা যোগ) হৈ যায়। তোমালোকৰতো হৈছে সহজ মাৰ্গ। ৰুটি খাওঁতেও বাবাক স্মৰণ কৰিবা। মই বাবাৰ দ্বাৰা বিশ্বৰ মালিক হৈ আছোঁ। নিজৰ সৈতে কথা পাতি থাকিবা, মই এই পঢ়াৰ দ্বাৰা এয়া (দেৱী-দেৱতা) হওঁগৈ। পঢ়াত পূৰা মনোযোগ দিব লাগে। তোমালোকৰ বিষয়েই কেইটিমান। বাবাই কিমান কমকৈ বুজায়, কোনো কথা নুবুজিলে বাবাক সুধিবা। নিজক আত্মা বুলি বুজিব লাগে, এই শৰীৰতো 5 ভূতেৰে (তত্ত্বৰে) গঠিত। মই শৰীৰ, এনেকৈ কোৱা মানে নিজকে ভূত বুলি বুজি লোৱা। এইখন হয়েই আসুৰি সৃষ্টি, সেইখন হৈছে দৈৱী সৃষ্টি। ইয়াত সকলো দেহ-অভিমানী। নিজ আত্মাক কোনেও নাজানে। ভুল আৰু শুদ্ধতো থাকে নহয়। মই আত্মা অবিনাশী - এনেকৈ বুজাতো ঠিক। নিজক বিনাশী শৰীৰ বুলি বুজাতো ভুল হৈ যায়। দেহৰ বৰ অহংকাৰ আছে। এতিয়া পিতাই কয় - দেহক পাহৰি যোৱা, আত্মা-অভিমানী হোৱা। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। 84 জন্ম লোৱা, এতিয়া ঘৰলৈ যাব লাগে। তোমালোকৰহে সহজ অনুভৱ হয়, তোমালোকৰেই 84 জন্ম। সূৰ্যবংশী দেৱতা ধৰ্মাৱলম্বীৰ 84 জন্ম, শুদ্ধ কৰি লিখিবলগীয়া হয়। সন্তানসকলে পঢ়ি থাকে, শুধৰণি হৈ গৈ থাকে। সেই পঢ়াতো ক্ৰমানুসৰি হয় নহয়। কমকৈ পঢ়িলে তেন্তে দৰমহাও কমকৈ পাব। এতিয়া তোমালোক সন্তানসকল বাবাৰ ওচৰলৈ আহিছা নৰৰ পৰা নাৰায়ণ হোৱাৰ সঁচা অমৰকথা শুনিবলৈ। এই মৃত্যুলোক এতিয়া নাশ হৈ যাব। আমি অমৰলোকলৈ যাব লাগে। এতিয়া তোমালোক সন্তানসকলৰ এইটো চিন্তা থাকিব লাগে যে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান, পতিতৰ পৰা পাৱন হ’ব লাগে। পতিত-পাৱন পিতাই সকলো সন্তানকে এটাই যুক্তি (উপায়) শুনায় - কেৱল কয়, পিতাক স্মৰণ কৰা, খতিয়ান ৰাখা তেতিয়া তোমালোক বহুত আনন্দিত হ’বা। এতিয়া তোমালোকৰ জ্ঞান আছে, জগতৰ লোকতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোকে এতিয়া জ্ঞানৰ কিৰণ পোৱা। তোমালোক ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী হৈ আছা। বহুত এনেকুৱাও মনুষ্য আছে যিসকলে কয় - জ্ঞানতো য’তে ত’তে পাই থকা যায়, এয়া কোনো নতুন কথা নহয়। হেৰ’, এই জ্ঞান কোনেও নাপায়েই। যদি তাত জ্ঞান পোৱাও যায় তথাপিও একোৱেতো নকৰে। নৰৰ পৰা নাৰায়ণ হোৱাৰ কিবা পুৰুষাৰ্থ কৰে জানো? একোৱে নকৰে। সেয়েহে পিতাই সন্তানসকলক কয় - ৰাতিপুৱাৰ সময়খিনি বহুত উত্তম। বহুত আমোদ পোৱা যায়, শান্ত হৈ যায়, বায়ুমণ্ডল ভাল হৈ থাকে। নিশা 10 বজাৰ পৰা 12 বজালৈ বায়ুমণ্ডল আটাইতকৈ বেয়া হৈ থাকে সেই কাৰণে ৰাতিপুৱাৰ সময়খিনি অতি উত্তম। ৰাতি সোনকালে শুই যাবা পুনৰ 2-3 বজাত উঠিবা। আৰামেৰে বহিবা। বাবাৰ সৈতে কথা পাতিবা। বিশ্বৰ ইতিহাস–ভূগোল স্মৰণ কৰিবা। শিৱবাবাই কয় - মোৰ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান আছে নহয়। মই তোমালোকক শিক্ষক হৈ পঢ়াওঁ। তোমালোক আত্মাসকলে পিতাক স্মৰণ কৰি থাকা। ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। যোগ কাৰ সৈতে? এইটোও লিখিব লাগে। আত্মাৰ পৰমাত্মাৰ সৈতে যোগ অৰ্থাৎ স্মৃতি আছে। তোমালোক সন্তানসকলে এতিয়া জানা যে আমি আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁ, সম্পূৰ্ণ 84 জন্ম লওঁ। ইয়াত ব্ৰাহ্মণ কুলৰ সকলেই আহিব। আমি ব্ৰাহ্মণ। এতিয়া আমি দেৱতা হ’বলৈ গৈ আছোঁ। সৰস্বতীও পুত্ৰী হয় নহয়। বৃদ্ধও হওঁ, বহুত আনন্দিত হওঁ, এতিয়া মই শৰীৰ ত্যাগ কৰি ৰজাৰ ঘৰত জন্ম ল’মগৈ। মই পঢ়ি আছোঁ। আকৌ মুখত সোণৰ চামুচ (সমৃদ্ধিশালী অৱস্থা) হ’ব। তোমালোক সকলোৰে এইটো লক্ষ্য-উদ্দেশ্য। কিয়নো আনন্দিত হ’ব নালাগে। মনুষ্যই যিয়েই কৈ নাথাকক, তোমালোকৰ আনন্দ কিয় হেৰাই যায়। পিতাক যদি স্মৰণেই নকৰা তেন্তে নৰৰ পৰা নাৰায়ণ কেনেকৈ হ’বা। উচ্চ হ’ব লাগে নহয়। এনেকুৱা পুৰুষাৰ্থ কৰি দেখুওৱা, বিবুদ্ধিত কিয় পৰা? এনেকৈ ভাবি কিয় নিৰাশ হোৱা যে সকলোৱে জানো ৰজা হ’ব! এইটো খেয়াল আহিল মানে অনুত্তীৰ্ণ হ’লা। স্কুলত বেৰিষ্টাৰী, ইঞ্জিনিয়াৰিং আদি পঢ়ে। এনেকৈ ক’ব জানো যে সকলোৱে জানো বেৰিষ্টাৰ হ’ব। নপঢ়িলেতো অনুত্তীৰ্ণ হৈ যাবা। গোটেই মালাধাৰী 16108 ৰ। পোন প্ৰথমে কোন আহিব? যিয়ে যিমান পুৰুষাৰ্থ কৰিব। এজনে আনজনতকৈ তীব্ৰতাৰে পুৰুষাৰ্থতো কৰে নহয়। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - এতিয়া আমি এই পুৰণা শৰীৰ এৰি ঘৰলৈ যাব লাগে। এইটোও যদি স্মৃতিত থাকে তেন্তে পুৰুষাৰ্থ তীব্ৰ হৈ যাব। তোমালোক সন্তানসকলৰ বুদ্ধিত থাকিব লাগে যে সকলোৰে মুক্তি-জীৱনমুক্তি দাতা হৈছেই একমাত্ৰ পিতা। বৰ্তমান সৃষ্টিত ইমান কোটি কোটি মনুষ্য আছে। সত্যযুগত তোমালোক 9 লাখ থাকিবা। তাকো 9 লাখৰ ওচৰা-ওচৰি বুলি কোৱা হয়। সত্যযুগত আৰু বেছি কিমান থাকিব? ৰাজ্যত কিছুসংখ্যক লোকতো লাগে নহয়। এয়া ৰাজ্য স্থাপনা হৈ আছে। বুদ্ধিয়ে কয় সত্যযুগত বৃক্ষ বহুত সৰু হয়, অতি সুন্দৰ। নামেই হৈছে স্বৰ্গ, ‘পেৰাডাইজ’। তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই চক্ৰ ঘূৰি থাকে। এয়াও যদি সদায় ঘূৰি থাকে তেতিয়াও ভাল।

এই কাঁ‌হ আদি হয় এয়া হৈছে কৰ্মভোগ, এয়া পুৰণি জোতা (শৰীৰ)। নতুনতো ইয়াত পোৱা নাযায়। মই পুনৰ্জন্মতো নলওঁ‌। কোনো গৰ্ভতো প্ৰৱেশ নকৰোঁ। মইতো সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোকৰ এতিয়া বানপ্ৰস্থ অৱস্থা, এতিয়া বাণীৰ সিপাৰে শান্তিধামলৈ যাব লাগে। যেনেকৈ ৰাতিৰ পৰা দিন, দিনৰ পৰা ৰাতি নিশ্চয় হয়, তেনেকৈ পুৰণি সৃষ্টিৰ নিশ্চয় বিনাশ হ'ব। এই সংগমযুগ নিশ্চয় পূৰা হৈ সত্যযুগ আহিব। সন্তানসকলে স্মৃতিৰ যাত্ৰাৰ প্ৰতি বহুত ধ্যান দিব লাগে, যিটো এতিয়া বহুত কম, সেইবাবে বাবাই শিশু বুলি কয়। শিশুৰ দৰে আচৰণ কৰি দেখুৱায়। এনেকৈ কয় যে বাবাক স্মৰণ কৰিব নোৱাৰোঁ, তেন্তে শিশু বুলিয়ে ক’ম নহয়। তোমালোক শিশু, পিতাক পাহৰি যোৱা নেকি। অতিকৈ মৰমৰ পিতা, শিক্ষক, গুৰু আধাকল্পৰ আটাইতকৈ মৰমৰ, তেওঁক পাহৰি যোৱা! আধাকল্প দুখত তোমালোকে তেওঁক স্মৰণ কৰি আহিছা, হে ভগৱান! আত্মাই শৰীৰৰ দ্বাৰা কয় নহয়। এতিয়া মই আহিছোঁ, যথা ৰীতিৰে স্মৰণ কৰা। বহুতক ৰাস্তা দেখুৱাবা। অনাগত দিনত বহুত বৃদ্ধি হৈ থাকিব। ধৰ্মৰ বৃদ্ধিতো হয় নহয়। দৃষ্টান্ত হিচাপে অৰবিন্দ ঘোষৰ কথা ক’ব পাৰি। আজি তেওঁৰ কিমান কেন্দ্ৰ আছে। এতিয়া তোমালোকে জানা যে সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। এতিয়া তোমালোকে জ্ঞান পাইছা। এয়া পুৰুষোত্তম হোৱাৰ জ্ঞান। তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱাগৈ। পিতা আহি সকলো লেতেৰা কাপোৰ (আত্মাৰ বিকাৰ ৰূপী মলি) চাফা কৰে। তেওঁৰেই মহিমা আছে। মুখ্য হ'ল পিতাৰ স্মৃতি। জ্ঞানতো বহুত সহজ। মুৰুলী পঢ়ি শুনাবা। স্মৰণ কৰি থাকিবা। স্মৰণ কৰোঁতে কৰোঁতে আত্মা পৱিত্ৰ হৈ যাব। পেট্ৰ'ল পাই থাকিব। তাৰ পাছত আত্মা দৌৰিব। এয়া শিৱবাবাৰ বৰযাত্ৰী বুলিয়ে কোৱা বা সন্তান বুলিয়ে কোৱা। পিতাই কয় - মই আহিছোঁ, তোমালোকক কামচিতাৰ পৰা নমাই এতিয়া যোগচিতাত বহুৱাওঁ‌। যোগৰ দ্বাৰা স্বাস্থ্য, জ্ঞানৰ দ্বাৰা সম্পত্তি পোৱা যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি আনন্দিত হৈ থাকিব লাগে। কেতিয়াও নিৰাশ হ'ব নালাগে – এইটো খেয়াল কেতিয়াও আহিব নালাগে যে সকলোৱে জানো ৰজা হ'ব! পুৰুষাৰ্থ কৰি উচ্চ পদবী ল'ব লাগে।

(2) আটাইতকৈ মৰমৰ পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে, এই ক্ষেত্ৰত শিশুৰ দৰে হ'ব নালাগে। স্মৰণ কৰিবৰ বাবে ৰাতিপুৱাৰ সময়খিনি ভাল। আৰামেৰে শান্তিত বহি স্মৰণ কৰা।

বৰদান:
যজ্ঞ সেৱাৰ দ্বাৰা সৰ্ব প্ৰাপ্তিৰ প্ৰসাদ প্ৰাপ্ত কৰোঁতা সৰ্বাংগীণ সেৱাধাৰী হোৱা

সংগমযুগত সৰ্বাংগীণ সেৱাৰ সুযোগ পোৱা - এয়াও ড্ৰামাত একপ্ৰকাৰৰ ‘লিফ্‌ট’, যিয়ে স্নেহেৰে যজ্ঞৰ সৰ্বাংগীণ সেৱা কৰে তেওঁলোকৰ সৰ্ব প্ৰাপ্তিৰ প্ৰসাদ স্বতঃ প্ৰাপ্ত হৈ যায়। তেওঁলোক নিৰ্বিঘ্ন হৈ থাকে। এবাৰ সেৱা কৰিলে আৰু হাজাৰ বাৰ সেৱাৰ ফল প্ৰাপ্ত হৈ গ’ল। সদায় যাতে স্থূল সূক্ষ্ম সেৱাত লাগি থাকা। সকলোকে সন্তুষ্ট কৰা - এইটো সকলোতকৈ শ্ৰেষ্ঠ সেৱা। আতিথ্য প্ৰদান কৰা, এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য।

স্লোগান:
স্বমানত স্থিত হৈ থাকা তেতিয়া অনেক প্ৰকাৰৰ অভিমান স্বতঃ সমাপ্ত হৈ যাব।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ জগতৰ আভিজাত আত্মাসকলে কেতিয়াও সৰু সৰু কথাত, সৰু বস্তুত নিজৰ বুদ্ধি বা সময় নিদিয়ে, দেখিও নাচায়, শুনিও নুশুনে, তেনেকৈ তোমালোক আত্মিক আভিজাত আত্মাসকলে কোনো আত্মাৰ সৰু সৰু কথাত, যিবোৰ আভিজাত (মাৰ্জিত) নহয় তাত নিজৰ বুদ্ধি বা সময় দিব নোৱাৰা। আত্মিক আভিজাত আত্মাসকলৰ মুখেৰে কেতিয়াও ব্যৰ্থ বা সাধাৰণ বাণীও উচ্চাৰিত হব নোৱাৰে।