15.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যোগবলেৰেহে আত্মাৰ মামৰ আঁতৰিব, সেয়েহে যোগত কেতিয়াও গাফিলতি নকৰিবা”

প্ৰশ্ন:
পিতাই সন্তানসকলক বেহদৰ উত্তৰাধিকাৰ লোৱাৰ কোনটো যুক্তি শুনাইছে য'ত মায়াই চাৰিওফালৰপৰা বিঘিনি আনে?

উত্তৰ:
বাবাই যুক্তি শুনাইছে, সন্তানসকল ব্ৰহ্মাকুমাৰ-কুমাৰীসকল এজন পিতাৰ সন্তান পৰস্পৰ ভাই-ভনী, তোমালোকে কেতিয়াও আসুৰিক প্ৰহাৰ কৰিব নোৱাৰা। ভাই-ভনী বিকাৰগ্ৰস্ত হ’ব নোৱাৰে, তোমালোকে শিৱবাবাৰ মতত চলি বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে। কিন্তু মায়া কম নহয়, চাৰিওফালৰপৰা এই ক্ষেত্ৰতে বিঘিনি আনি থাকে। আমি ভাই-ভনী হওঁ, এজন পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ, এইটো পাহৰি যায়।

গীত:
তুম্হে পাকে হমনে..... (তোমাক পাই আমি……)

ওঁম্শান্তি।
গীতৰ এটা শব্দই যথেষ্ট। সন্তানসকলে জানে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয় আৰু কল্পই কল্পই প্ৰাপ্ত হয়। এইটোও সন্তানসকলে জানে যে বেহদৰ উত্তৰাধিকাৰ যথাযথ ভাৰতে পাইছিল। এতিয়া সেয়া নাই পুনৰাই প্ৰাপ্ত হৈ আছে। দেখিবলৈ পোৱা - এতিয়াতো স্বৰ্গৰ উত্তৰাধিকাৰ নাই, ৰাৱণৰ দ্বাৰা নৰকৰ অভিশাপ প্ৰাপ্ত হৈ আছে। অভিশাপৰ দ্বাৰা মনুষ্য দুখী হৈ যায়। বৰ অৰ্থাৎ উত্তৰাধিকাৰৰ দ্বাৰা সুখী হয়। এতিয়া ব্ৰাহ্মণ সন্তানসকলে জানে যে তেওঁ হৈছে বেহদৰ নিৰাকাৰ পিতা আৰু প্ৰজাপিতা ব্ৰহ্মা হৈছে বেহদৰ সাকাৰ পিতা। বেহদৰ সাকাৰ পিতা প্ৰজাপিতা ব্ৰহ্মাৰ বাহিৰে আন কোনো নহয়। যদিওবা গান্ধীক বাপুজী বুলি কৈছিল কিন্তু নিয়মানুসৰি গোটেই মনুষ্য সৃষ্টিৰতো তেওঁ বাপুজী হ'ব নোৱাৰে। গোটেই নিৰাকাৰী বিশ্বৰ বাপুজী হৈছে শিৱ। এতিয়া তোমালোক সন্তানসকলে জানা আমি শিৱবাবাৰ হৈছোঁ। শিৱবাবাই আহি আমাক নিজৰ কৰি লৈছে - উত্তৰাধিকাৰ দিবলৈ। মধুবনলৈ আহে কিহৰ বাবে? শিৱবাবাক সাক্ষাৎ কৰিবলৈ, কিন্তু তেওঁ হৈছে নিৰাকাৰ। কেৱল শিৱবাবা বুলি ক'লে বুজি নাপাব সেয়েহে কোৱা হয় বাপদাদা। শিৱবাবা আৰু ব্ৰহ্মা দাদা। দাদাৰ নাম বেলেগ, পিতাৰ নাম বেলেগ। তেওঁ নিৰাকাৰ সকলোৰে পিতাও হয়, সকলোৰে ককাও হয়। সকলো সন্তানৰে বাপদাদাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় প্ৰাপ্ত হয়। বেহদৰ পিতাৰ পৰা সকলোৱে উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। সেইজন পিতাহে সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা। সত্যযুগত কোনো মনুষ্য দুখী হ'ব নোৱাৰে। নামেই হৈছে স্বৰ্গ, তেওঁ হৈছে স্বৰ্গ স্থাপন কৰোঁতা ঈশ্বৰ পিতা। ভাৰত সকলোতকৈ পুৰণি তেন্তে নিশ্চয় সকলোতকৈ নতুন আছিল সেইবাবেতো সকলোতকৈ পুৰণি হ'ল। সত্যযুগ, কলিযুগ বুলি ভাৰতকেই কোৱা হয়। যথাযথ ভাৰত স্বৰ্গ আছিল। এই লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰিছিল। এইটো বুদ্ধিত আছে। এতিয়া তোমালোক লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গ’লে ততালিকে বুদ্ধিত উদয় হ’ব যে এওঁলোকে এই উত্তৰাধিকাৰ কেনেকৈ পালে! এওঁলোক পূজ্য কেনেকৈ হ'ল! কেতিয়া ৰাজত্ব কৰিলে? কাৰ দ্বাৰা ৰাজ্য পালে? এই সকলোবোৰ বুদ্ধিত উদয় হ’ব। আগতে লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈছিলা, মালা জপিছিলা। বৃত্তিৰ বিষয়ে একোৱেই গম পোৱা নাছিলা। এতিয়া কেৱল তোমালোকৰ বুদ্ধিত আছে সেয়াও ক্ৰম অনুসৰি। তোমালোক এতিয়া লক্ষ্মী-নাৰায়ণৰ মন্দিৰত গৈ থিয় হ’লে হৰ্ষিত হ’বা। বুদ্ধিত আছে যে এওঁলোকে এই প্ৰালব্ধ কেনেকৈ পাইছিল। সংগমযুগতেই পাইছিল কিয়নো সংগমতেই পুৰণি সৃষ্টি সলনি হয়। সংগমতেই পিতাই আহি ৰাজযোগ শিকাইছিল। এইটোও জানা যে বহুত জন্মৰ অন্তৰ জন্মত যথাযথ এওঁ ব্ৰহ্মা আছিল। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা হয়। এই লক্ষ্মী-নাৰায়ণেই পূৰ্বৰ জন্মত যথাযথ ব্ৰহ্মা-সৰস্বতী আছিল। ব্ৰহ্মাৰ লগত ব্ৰাহ্মণ-ব্ৰাহ্মণীও থাকিব। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজধানী আছিল নহয়। নিশ্চয় প্ৰজাপিতাও থাকিব। তোমালোকে জানা যে আমি পুৰুষাৰ্থ কৰি আছোঁ, যিসকলে কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল তেওঁলোকক আমি সাক্ষী হৈ চাওঁ। এটা হৈছে ৰজাঘৰীয়া, আনটো হৈছে প্ৰজাঘৰীয়া। তাৰ ভিতৰতো কোনোবা বহুত চহকী হয় কোনোবা কম। ৰজাসকলৰো কোনোবা বহুত চহকী, কোনোবা কম চহকী হয়। তোমালোকে লক্ষ্মী-নাৰায়ণৰ মন্দিৰত যিকোনো লোককে বুজাব পাৰা যে এওঁলোকে এই ৰাজ্য কেনেকৈ পালে। এতিয়া পুনৰাই তেওঁলোকেই নিজৰ ৰাজ্য-ভাগ্য লৈ আছে, ৰাজধানী স্থাপন হৈ আছে। কিমান সহজ। অম্বা কোন - এইটোও নাজানে। তোমালোকে ক'বা এওঁতো জগত-অম্বা হয়। কল্প পূৰ্বেও জগত-অম্বা, জগত-পিতা আছিল। তেওঁলোকৰ আমি সন্তান আছিলোঁ। সংগমত বাবাই ৰাজযোগ শিকাই আছে। জগত-অম্বাৰ সন্তানো অনেক আছে। কিন্তু ইমানবোৰকতো বহুৱাব নোৱাৰে।

এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা। পিতা জ্ঞানৰ সাগৰ তেন্তে নিশ্চয় সন্তানসকলক জ্ঞানেই দিব। তেওঁক মনুষ্য বুলিও ক’ব নোৱাৰি আৰু দেৱতা বুলিও ক’ব নোৱাৰি। তেওঁক পৰমাত্মা বুলিয়েই কোৱা হয়। তোমালোক যাৰ মন্দিৰতে নোযোৱা তেওঁলোকৰ জীৱন বৃত্তান্ত শুনাব পাৰা। ৰামৰ কাৰণেও তোমালোকে বুজাব পাৰা। চন্দ্ৰবংশী ৰাজবংশ এতিয়া প্ৰতিষ্ঠা হৈ আছে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলৰো ধৰ্ম প্ৰতিষ্ঠা হয়। ব্ৰহ্মাৰ নাম কিমান প্ৰসিদ্ধ। ব্ৰহ্মাৰ দ্বাৰা পিতাই ব্ৰাহ্মণসকলক ৰচে। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হ’লে জানা যে আমি এজন পিতাৰ সন্তান পৰস্পৰ ভাই-ভনী হওঁ। গতিকে আমি আসুৰিক প্ৰহাৰ কৰিব নোৱাৰোঁ। ভাই-ভনী বিকাৰগ্ৰস্ত হ’ব নোৱাৰে। পিতাই এইটো যুক্তি ৰচিছে – ড্ৰামা অনুসৰি তোমালোকো ব্ৰহ্মাকুমাৰ আমিও ব্ৰহ্মাকুমাৰী। বাস্তৱত গোটেই সৃষ্টি বী.কে. হয়। কিন্তু নাজানে। আমি শিৱবাবাৰ মতত বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। মায়াও কম নহয়। চাৰিওফালৰপৰা বিঘিনি আনি থাকে। আমি ভাই-ভনী হওঁ, এজন পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ, এইটো পাহৰি যায়। এইটোতো ভালদৰে বুজি পোৱা, সত্যযুগত এটাই ধৰ্ম থাকে। বাকী সকলো ধৰ্ম নাশ হৈ যায়। এইটোও সন্তানসকলে জানে, এয়া কোনো নতুন কথা নহয়। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত এই চক্ৰ ঘূৰে। তিথি-তাৰিখো লিখা আছে। এইটোও বুদ্ধিত থাকিব লাগে - আমি শিৱবাবাৰ পৰা এইটো যুক্তিৰে উত্তৰাধিকাৰ লওঁ। লক্ষ্যতো পাইছা নহয়। পিতাক স্মৰণ কৰি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। স্মৃতি অৰ্থাৎ যোগবলেৰেহে মামৰ আঁতৰিব। এই ক্ষেত্ৰত কোনো গাফিলতি যাতে নহয়, সেয়েহে মুৰুলী পোৱা যায়। যদি নিশ্চয়বুদ্ধিৰ দৃঢ় হয় তেন্তে য'লৈকে গুচি নাযাওক। ধৰি লোৱা মুৰুলী নোপোৱা তথাপিও বুদ্ধিততো আছে নহয় - মই বাবাৰ হৈ গ'লোঁ। বাবাই বুজাইছে - তোমালোক আত্মা তমোপ্ৰধান হৈ গৈছা, এতিয়া তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বা। এইটো মহামন্ত্ৰ এজন পিতাইহে শুনায় আন কোনেও শুনাব নোৱাৰে। পিতাইহে কয় - মৰমৰ সন্তানসকল, স্মৃতিৰ বলেৰেহে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এইটো শব্দ আছে কিন্তু কাৰো বুদ্ধিত উদয় নহয়। এতিয়া তোমালোকে বুজি পোৱা যথাযথ কল্প পূৰ্বেও বাবাই এইষাৰ কথা কৈছিল যে দেহৰ সকলো সম্বন্ধ এৰি নিজক আত্মা বুলি বুজা। এই সকলোবোৰ দেহৰ সম্বন্ধ হয় নহয়। সকলোৰে পিতা এজনেই। সকলো আত্মাই সেই এজন পিতাক আহ্বান জনায়। পোপেও ভগৱানক স্মৰণ কৰে। কয় - হে ঈশ্বৰ পিতা দয়া কৰক। মনুষ্যৰ এই ক্ৰোধী বুদ্ধিক লুটিয়াই দিয়ক যাতে এওঁলোকে পৰস্পৰ কাজিয়া নকৰে। স্মৰণতো পিতাকেই কৰিব নহয়। আন কাকো স্মৰণ নকৰে। শিৱবাবাকহে আহ্বান জনায় যে আহি পতিতসকলক পাৱন কৰি তোলক। পাৱন হ'লে তেতিয়াতো এই ছিঃ ছিঃ ৰাৱণৰ সৃষ্টিত থাকিব নোৱাৰিব তেতিয়া নিশ্চয় নতুন সৃষ্টি লাগিব। কলিযুগৰ পৰা সলনি হৈ সত্যযুগতো হ'বই নহয়। কিন্তু ইমানখিনিও বুজি নাপায়। এজন ডাক্তৰ আহিছিল - কৈছিল কলিযুগতো অনন্তকাললৈ চলি থাকিব। হেৰ’ সদায় কলিযুগেই কেনেকৈ চলিব। কলিযুগ জানো ভাল হয়! বুজি পাই জানো, কেৱল ভাৱনা আছে অন্যকো লৈ আহে। তেওঁলোকক বাণে লক্ষ্য ভেদ নকৰে আৰু কোনোবা আহোঁতাজনক বাণে লক্ষ্য ভেদ কৰিলে তথাপিও কিবা নহয় কিবা দালালি প্ৰাপ্ত হৈ যাব। আমি স্বৰ্গত আহি যাম। আহি পিতাৰ পৰা অলপো যদি শুনে তেতিয়াও স্বৰ্গত নিশ্চয় গুচি যাব। তথাপিও স্বৰ্গীয় ঈশ্বৰ পিতাৰ সন্মুখত আহি বহিছে। পিতাই বুজায় - মই সকলোৰে পিতা হওঁ নহয়। কোনেও নামানে যে শিৱবাবা কেনেকৈ আহিব। হেৰ’ আত্মা যদি আহিব পাৰে তেন্তে মই কিয় নাহিম। আত্মাই এটা শৰীৰ এৰি আন এটা শৰীৰত যাব পাৰে তেন্তে মই জানো আহিব নোৱাৰোঁ। নহ'লে মই কেনেকৈ আহিম। আহ্বানো জনায় - হে পতিত-পাৱন বাবা আহি পতিতৰ পৰা পাৱন কৰি তোলক। পিতাই কয় - মই আহোঁৱেই ভাৰতত। কল্প কল্পৰ সংগমত এবাৰেই আহোঁ। তোমালোকে যেতিয়া 84 জন্ম পূৰ্ণ কৰা তেতিয়া মই আহোঁ। তোমালোক সন্তানসকলৰ নিশ্চয়তা আছে যে বাবা পুনৰাই উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতাই কয় - মোৰ কামেই হৈছে - পুৰণি সৃষ্টিক সলনি কৰি নতুন সৃষ্টি স্থাপনা কৰা সেয়েহে গায়ন কৰা হৈছে - নতুন সৃষ্টিৰ স্থাপনা, পুৰণি সৃষ্টিৰ বিনাশ পুনৰ তোমালোকে প্ৰতিপালন কৰিবা। জ্ঞানৰ কিৰণ পাইছা নহয়। ‘কালী’ৰ মন্দিৰ দেখিলে বুজি পাবা যে এয়া মিছা চিত্ৰ। কালী যথাযথ জগদম্বা হয়। কিন্তু এনেকুৱা ভয়ানক ৰূপ নহয়। বেংগলত কালীৰ আগত বলি দিয়ে, কিন্তু একো নাজানে। জগত অম্বাৰ মন্দিৰত লাখ লাখ আহে। সদায় যেন মেলাই চলি থাকে। সৰু মূৰ্তি ৰখা হৈছে নহয়। নাম ৰাখি দিছে জগত অম্বা। এতিয়া জগত অম্বাতো এগৰাকীয়েই হ'ব লাগে। সিন্ধুত কালীৰ মন্দিৰ কেনেকুৱাকৈ নিৰ্মাণ কৰিছিল। এবাৰ কিল্লাত বোমা ফুটিল তেতিয়া এজন ফকীৰে ক’লে যে কালী মাতা ৰুষ্ট হৈছে, বচ্‌ তেওঁ গৈ তাত কালীৰ মন্দিৰ নিৰ্মাণ কৰি দিলে। এতিয়া কালী হয় কোন! একোৱেই নাজানে। তোমালোকে এতিয়া জ্ঞান পাইছা, এনেকুৱা কোনো বস্তু নাই যাক তোমালোকে নাজানা। বুজি পোৱা বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ তেন্তে পূৰা পুৰুষাৰ্থ কৰিব লাগে নহয়।

প্ৰথম নম্বৰৰ দুখ তেতিয়া আৰম্ভ হয় যেতিয়া কুমাৰ কুমাৰীয়ে বিবাহ কৰে। তোমালোকৰতো বিবাহ কৰাৰ খেয়ালো আহিব নালাগে। এতিয়া পিতাই কয় - এই ৰাৱণৰাজ্য নাশ হৈ যাব। এয়া হৈছে বিকাৰী গৃহস্থ ব্যৱহাৰ। দেৱী-দেৱতাসকলৰ কাৰণে গায়ন কৰি থাকে। এইটো কোনেও গম নাপায় যে এই দেৱতাসকলক নিৰ্বিকাৰী কৰি গঢ়ি তোলোঁতাজন কোন! সত্যযুগ হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। শাস্ত্ৰত আকৌ দেখুৱাই দিলে যে তাতো বিকাৰ আছিল। কিন্তু সেইখনতো হৈছেই নিৰ্বিকাৰী সৃষ্টি, বিকাৰী সৃষ্টি আৰু নিৰ্বিকাৰী সৃষ্টিৰ মাজত কিমান পাৰ্থক্য আছে। এই কথাবোৰ আন কাৰো বুদ্ধিত নাই। তোমালোকে জানা এই লক্ষ্মী-নাৰায়ণৰ যেতিয়া ৰাজত্ব আছিল তেতিয়া কিমান কম সংখ্যক মনুষ্য আছিল। এটাই ধৰ্ম আছিল পাছলৈ বৃদ্ধি পাইছে। চক্ৰও পূৰা পৰিক্ৰমা লগাব লাগে, তেতিয়া কোৱা হ'ব গোটেই পৃথিৱীত পৰিক্ৰমা লগালে। সমুদ্ৰৰতো পৰিক্ৰমা লগাব নোৱাৰে। সত্যযুগত কিছুসংখ্যক থাকে গতিকে কিমান অলপ মাটি ব্যৱহাৰ হয়। এতিয়া মনুষ্য সৃষ্টিৰ সীমা পূৰা হ'ব। ওপৰত যি কিছু আত্মা আছে - সেইসকলো আহি থাকে। মনুষ্য বৃদ্ধি হৈয়েই থাকে। যেতিয়া তাৰ পৰাও আত্মা অহা পূৰা হৈ যাব, তোমালোকে কৰ্মাতীত অৱস্থা পাবা তেতিয়া আত্মাসকলে শৰীৰ ত্যাগ কৰি যাব লাগিব। তেওঁলোকৰ অহা তোমালোকৰ যোৱা হ'ব। অলপ অলপকৈ আহি থাকে। বোধশক্তিৰ কথা নহয় জানো। আমি পোন-প্ৰথমে গৈ তাত থাকিম। আমি থকালৈকে কোনো থাকিব নালাগে। এয়া বিতং কথা। সন্তানসকলক তথাপিও পিতাই কয় - বাৰু নিজৰ মৰমৰ ‘বাবুল’ক (পিতাক) স্মৰণ কৰা। পিতাক স্মৰণ কৰাত তোমালোকৰ লাভ হয়। এই ইতিহাস-ভূগোলতো মনুষ্যই বহুত পঢ়ে। বহুত দূৰ-দূৰণিলৈ যায়। চন্দ্ৰলৈও যায়। এয়া হৈছে বিজ্ঞানৰ অহংকাৰ। অতিলৈ যায়। চন্দ্ৰত জানো কিবা থিয় হৈ আছে। তোমালোকতো সূৰ্য চন্দ্ৰও পাৰ হৈ যোৱা। এই জ্ঞান তোমালোকৰ বুদ্ধিত এতিয়া আছে। বুজি পোৱা যে ড্ৰামাৰ পৰিকল্পনা অনুসৰি বাবাই এই সকলোবোৰ শুনায়। পিতাইহে কয় - মই তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলোঁ। এয়া মোৰ ভূমিকা। ভক্তিমাৰ্গতো এইটো মোৰ ভূমিকা আছে। ড্ৰামাই হয় নহয়। যেনেকৈ তোমালোক ভাৱৰীয়া হোৱা, ময়ো ভাৱৰীয়া। মোৰ কাম হৈছে তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলা। যিয়েই কৰে তেন্তে তেওঁৰ মহিমা হয় নহয়। এই লক্ষ্মী-নাৰায়ণৰ কিমান মহিমা আছে। কিন্তু তেওঁলোকক এনেকুৱা যোগ্য কোনে কৰি তুলিলে। এওঁলোক সুখধামৰ মালিক আছিল। এতিয়াতো অনেক প্ৰকাৰৰ কিমান দুখ আছে। আজি কোনোবা মৰিল, কাজিয়া হ'ল, যদিওবা কাৰোবাৰ ওচৰত লাখ কোটি পদম আছে, কিন্তু যদি কিবা বেমাৰ আদি হৈ যায় তেন্তে কি কৰিব! বিৰলাৰ ওচৰত কিমান পইচা আছে! এটা জন্মত পইচা থাকিব পাৰে, কিন্তু এনেকুৱা কোনো নাই যাৰ কোনো দুখ নাই। কিবা নহয় কিবা প্ৰকাৰৰ দুখ সকলোৰে হয়। এতিয়াতো এই পইচা আদি সকলোবোৰ মাটিত মিলি যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰি ঘৰলৈ উভতি যাব লাগে কিন্তু তেতিয়াহে যাবা যেতিয়া আত্মাসকল অহা বন্ধ হ'ব, এই বিস্তাৰক বুদ্ধিত ৰাখি এজন ‘বাবুল’ক (পিতাক) মৰমেৰে স্মৰণ কৰিব লাগে।

(2) জ্ঞানৰ কিৰণ প্ৰাপ্ত হৈছে সেয়েহে নিশ্চয়বুদ্ধিৰ হৈ পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে। য'তেই নাথাকা কিয় স্মৃতিৰ বলেৰে আত্মাক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
স্বমানত স্থিৰ হৈ থাকি বিশ্বৰ দ্বাৰা সন্মান প্ৰাপ্ত কৰোঁতা, দেহ-অভিমান মুক্ত হোৱা

পঢ়াৰ মূল লক্ষ্য হ’ল – দেহ-অভিমানৰ উৰ্দ্ধত থাকি দেহী-অভিমানী হোৱা। এই দেহ-অভিমানৰ উৰ্দ্ধত থকা অথবা মুক্ত হোৱাৰ বিধি হ’ল – সদায় স্বমানত স্থিৰ হৈ থকা। সংগমযুগৰ আৰু ভৱিষ্যতৰ যি অনেক প্ৰকাৰৰ স্বমান আছে তাৰ ভিতৰত কোনো এটাও স্বমানত স্থিত হৈ থাকিলে দেহ-অভিমান নোহোৱা হৈ গৈ থাকিব। যিয়ে স্বমানত স্থিৰ হৈ থাকে তেওঁ স্বতঃ মান প্ৰাপ্ত কৰে। সদায় স্বমানত থকাজনেই বিশ্ব মহাৰজা হয় আৰু বিশ্বই তেওঁক সন্মান দিয়ে।

স্লোগান:
যেনেকুৱা সময় তেনেকৈ নিজক খাপ খুৱাই লোৱা মানেই আচল সোণ হোৱা।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

এতিয়া নিৰ্ভীক জ্বালামুখী হৈ প্ৰকৃতি আৰু আত্মাসকলৰ ভিতৰত যি তমোগুণ আছে সেয়া ভস্ম কৰা। তপস্যা অৰ্থাৎ জ্বালা স্বৰূপ স্মৃতি, এই স্মৃতিৰ দ্বাৰাহে মায়া বা প্ৰকৃতিৰ যি ভয়ংকৰ ৰূপ সেয়া শীতল হৈ যাব। তোমালোকৰ তৃতীয় নেত্ৰ, জ্বালামুখী নেত্ৰই মায়াক শক্তিহীন কৰি দিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]