16.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে সৎগতিৰ সকলোতকৈ অনন্য মত পাইছা যে দেহৰ সকলো ধৰ্ম ত্যাগ কৰি আত্ম-অভিমানী
হোৱা, মামেকম্ স্মৰণ কৰা”
প্ৰশ্ন:
যিসকলে
পৰমাত্মাক নাম-ৰূপৰ পৰা উৰ্দ্ধত বুলি কয়, তেওঁলোকক তোমালোকে কোনটো প্ৰশ্ন সুধিব পাৰা?
উত্তৰ:
তেওঁলোকক সোধা – ‘গীতা’ত যি দেখুৱায় অৰ্জুনৰ অখণ্ড জ্যোতি স্বৰূপৰ সাক্ষাৎকাৰ হ'ল,
ক'লে বচ্ হ’ব, মই সহ্য কৰিব নোৱাৰোঁ। তেন্তে আকৌ নাম ৰূপৰ পৰা উৰ্দ্ধত বুলি কেনেকৈ
কয়। বাবাই কয় মইতো তোমালোকৰ পিতা হওঁ। পিতাৰ ৰূপ দেখি সন্তান আনন্দিত হ’ব, সন্তানে
কেনেকৈ ক'ব যে মই সহ্য কৰিব নোৱাৰোঁ।
গীত:
তেৰে দ্বাৰ খড়া
ভগৱান…….. (ভগৱান তোমাৰ দ্বাৰত ঠিয় হৈ আছে…….)
ওঁম্শান্তি।
ভক্তসকলে কয়
আমি বহুত কঙাল হৈ গৈছোঁ। হে বাবা আমাৰ সকলোৰে জোলোঙা ভৰপূৰ কৰি দিয়ক। ভক্তসকলে
জন্মৰ পাছত জন্ম গায়ন কৰি থাকে। সত্যযুগত ভক্তি নাথাকে। তাত পাৱন দেৱী-দেৱতাসকল থাকে।
ভক্তসকলক কেতিয়াও দেৱতা বুলি কোৱা নহয়। যিসকল স্বৰ্গবাসী দেৱী-দেৱতা হয় তেওঁলোক আকৌ
পুনৰ্জন্ম লৈ লৈ নৰকবাসী, পূজাৰী, ভকত, কঙাল হৈ যায়। পিতাই বহি সন্তানসকলক বুজায়।
পিতাক এগৰাকীও মনুষ্যই নাজানে। পিতা যেতিয়া আহিব তেতিয়া আহি নিজৰ পৰিচয় দিব।
ভগৱানকহে বাবা বুলি কোৱা হয়। সকলো ভক্তৰ হৈছে এজন ভগৱান। বাকী সকলো হৈছে ভকত। গীৰ্জা
আদিলৈ যায় তেন্তে নিশ্চয় ভক্ত হ'ল নহয়। এই সময়ত সকলো পতিত তমোপ্ৰধান, সেয়েহে সকলোৱে
আহ্বান জনায় - হে পতিতক পাৱন কৰি তোলোঁতা আহক। হে বাবা আমাৰ ভক্তসকলৰ জোলোঙা ভৰপূৰ
কৰি দিয়ক। ভক্তই ভগৱানৰ পৰা ধন বিচাৰে। তোমালোক সন্তানসকলে কি বিচৰা? তোমালোকে কোৱা
বাবা আমাক স্বৰ্গৰ মালিক কৰি তোলক। তাততো প্ৰচুৰ ধন থাকে। হীৰা-মুকুতাৰ মহল থাকে।
এতিয়া তোমালোকে জানা আমি ভগৱানৰ দ্বাৰা বাদশ্বাহীৰ উত্তৰাধিকাৰ পাই আছোঁ। এয়া হৈছে
সত্য ‘গীতা’। সেইখন ‘গীতা’ নহয়। সেয়াতো কিতাপ আদি ভক্তিমাৰ্গৰ কাৰণে ৰচনা কৰিছে।
তেওঁলোকক ভগৱানে জ্ঞান দিয়া নাই। ভগৱানেতো এই সময়ত নৰৰ পৰা নাৰায়ণ কৰি তুলিবলৈ
ৰাজযোগ শিকায়। ৰজাৰ লগত প্ৰজাও নিশ্চয় থাকিব। কেৱল লক্ষ্মী-নাৰায়ণতো নহ'ব। গোটেই
ৰাজধানী স্থাপন হয়। এতিয়া তোমালোক সন্তানসকলে জানা যে ভগৱান কোন অন্য কোনো মনুষ্য
মাত্ৰেই নাজানে। পিতাই কয় - তোমালোকে কোৱা - হে ঈশ্বৰ পিতা, তেন্তে কোৱা তোমালোকৰ
ঈশ্বৰ পিতাৰ নাম, ৰূপ, দেশ, কাল কি? ভগৱানকো নাজানে আৰু তেওঁৰ ৰচনাকো নাজানে। পিতাই
আহি কয় – কল্পই কল্পই সংগমত আহোঁ। গোটেই ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য মই ‘ৰচয়িতা’ইহে
আহি বুজাওঁ। বহুতেতো কয় - তেওঁ নাম ৰূপৰ পৰা উৰ্দ্ধত, তেওঁ আহিব নোৱাৰে। তোমালোকে
জানা পিতাৰ আগমন হৈছে। শিৱ জয়ন্তীও নিৰাকাৰজনৰ গায়ন কৰা হৈছে তেন্তে শ্ৰীকৃষ্ণ
জয়ন্তীৰো গায়ন কৰা হয়। এতিয়া শিৱ জয়ন্তী কেতিয়া হয় সেইটো গম পাব লাগে নহয়। যেনেকৈ
খ্ৰীষ্টানসকলে গম পায় যে যীশুখ্ৰীষ্টৰ জন্ম কেতিয়া হ’ল, খ্ৰীষ্টান ধৰ্ম কেতিয়া
প্ৰতিষ্ঠা হ’ল। এয়াতো হৈছে ভাৰতৰ কথা। ভগৱানে ভাৰতৰ জোলোঙা কেতিয়া ভৰপূৰ কৰে?
ভকতসকলে আহ্বান জনায় - হে ভগৱান জোলোঙা ভৰপূৰ কৰি দিয়ক। সৎগতিত লৈ যাওক কিয়নো আমি
দুৰ্গতিত পৰি আছোঁ, তমোপ্ৰধান হওঁ। আত্মাইহে শৰীৰৰ সৈতে ভোগ কৰে। বহুত মনুষ্য সাধু
সন্ত আদিয়ে কয় যে আত্মা নিৰ্লেপ। কয়ো যে ভাল বা বেয়া সংস্কাৰ আত্মাত থাকে। সেই
অনুসৰি আত্মাই জন্ম লয়। আকৌ কয় - আত্মাতো নিৰ্লেপ। কোনো বুদ্ধিমান মনুষ্য নাই যিয়ে
বুজাব। এই ক্ষেত্ৰতো অনেক মত আছে। যিসকল ঘৰ-সংসাৰৰ প্ৰতি বিতুষ্ট হৈ পৰে তেওঁলোকে
শাস্ত্ৰ ৰচি দিয়ে। শ্ৰীমদ্ভাগৱত গীতা এখনেই। ব্যাসদেৱে যি শ্লোক আদি ৰচিলে সেয়া কোনো
ভগৱানে শুনোৱা নাই। ভগৱান নিৰাকাৰ যিজন জ্ঞানৰ সাগৰ হয়, তেওঁ বহি সন্তানসকলক বুজায়
যে ভগৱান এজন। ভাৰতবাসীয়ে এইটো নাজানে। গায়নো কৰে - ঈশ্বৰৰ গতি-মত অনন্য। বাৰু কোনটো
গতি-মত অনন্য? ঈশ্বৰৰ গতি-মত অনন্য, এনেকৈ কোনে ক'লে? আত্মাই কয়, আত্মাৰ সৎগতিৰ বাবে
যি মত আছে, তাক শ্ৰীমত বুলি কোৱা হয়। কল্পই কল্পই আহি তোমালোকক বুজাওঁ – ‘মনমনাভৱ’।
দেহৰ সকলো ধৰ্ম ত্যাগ কৰি আত্ম-অভিমানী হোৱা। মামেকম্ (কেৱল মোক) স্মৰণ কৰা। এতিয়া
তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ আছা। এই ৰাজযোগৰ লক্ষ্য-উদ্দেশ্য হৈছেই
লক্ষ্মী-নাৰায়ণ হোৱা। পঢ়াৰ দ্বাৰা কোনো ৰজা নহয়। এনেকুৱা কোনো স্কুল নাই। ‘গীতা’তহে
আছে, তোমালোক সন্তানসকলক ৰাজযোগ শিকাওঁ। আহোঁও তেতিয়া যেতিয়া কোনো ৰজাৰ ৰাজ্য নাথাকে।
মোক এগৰাকীও মনুষ্যই একেবাৰে নাজানে। বাবাই কয় যে তোমালোক সন্তানসকলে ইমান ডাঙৰ যি
লিংগ সাজিছা, মোৰ এনেকুৱা ৰূপ নহয়। মনুষ্যই কৈ দিয়ে যে অখণ্ড জ্যোতি ৰূপ পৰমাত্মা,
তেজোময়। অৰ্জুনে দেখি ক'লে বচ্ হ’ব, মই সহ্য কৰিব নোৱাৰোঁ। হেৰ’ সন্তানে পিতাকৰ ৰূপ
দেখি সহ্য কৰিব নোৱাৰে, এইটো কেনেকৈ হ'ব পাৰে। সন্তানেতো পিতাকক দেখি আনন্দিত হ'ব
নহয়। পিতাই কয় যে মোৰ জানো এনেকুৱা কোনো ৰূপ আছে। মই হওঁৱেই পৰমপিতা অৰ্থাৎ একেবাৰে
নিলগত থাকোঁতা, পৰম আত্মা মানে পৰমাত্মা। আকৌ গায়ন কৰে- পৰমাত্মা মনুষ্য সৃষ্টিৰ
বীজৰূপ। তেওঁৰ ভকতসকলে মহিমা কৰে। সত্যযুগ ত্ৰেতাত কোনেও মহিমা নকৰে কিয়নো তাততো
হৈছেই সুখ। গায়নো কৰে দুখত স্মৰণ সকলোৱে কৰে, সুখত কোনেও নকৰে। ইয়াৰো অৰ্থ বুজি
নাপায়। ভাটৌৰ দৰে সকলোবোৰ আওৰাই থাকে। সুখ কেতিয়া হয়, দুখ কেতিয়া হয়। ভাৰতৰেইতো কথা
নহয় জানো। 5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল আকৌ ত্ৰেতাত দুটা কলা কম হ'ল। সত্যযুগ
ত্ৰেতাত দুখৰ নাম নাথাকে। হয়েই সুখধাম। স্বৰ্গ বুলি ক'লে মুখ মিঠা হৈ যায়। ‘হেভেন’ত
আকৌ দুখ ক'ৰ পৰা আহিল। কয় যে তাতো কংস জৰাসন্ধ আদি আছিল, কিন্তু এয়াতো হ'ব নোৱাৰে।
ভক্তসকলে ভাবে যে আমি
ঐকান্তিক ভক্তি কৰোঁ তেতিয়া দৰ্শন (সাক্ষাৎকাৰ) হয়। দৰ্শন হোৱা মানে আমি ভগৱানক পালোঁ।
লক্ষ্মীৰ পূজা কৰিলোঁ, তেওঁৰ দৰ্শন হ'ল বচ্ আমিতো পাৰ হৈ গ'লোঁ, ইয়াতেই আনন্দিত হৈ
যায়। কিন্তু একোৱেই নাই। অল্পকালৰ কাৰণে সুখ পায়। দৰ্শন হ'ল শেষ। এনেকুৱাতো নহয়
মুক্তি জীৱনমুক্তি পালে, একোৱেই নাই। বাবাই ছিৰিৰ চিত্ৰৰ ওপৰতো বুজাইছে - ভাৰত
উচ্চতকৈও উচ্চ আছিল। ভগৱানো উচ্চতকৈও উচ্চ হয়। ভাৰতত উচ্চতকৈও উচ্চ উত্তৰাধিকাৰ হৈছে
লক্ষ্মী-নাৰায়ণৰ। যেতিয়া স্বৰ্গ আছিল, সতোপ্ৰধান আছিল আকৌ কলিযুগৰ অন্তত সকলো
তমোপ্ৰধান হৈ যায়। আহ্বান জনায় - আমি একেবাৰে পতিত হৈ গ'লোঁ। পিতাই কয় যে মই কল্পৰ
সংগমযুগত তোমালোকক ৰাজযোগ শিকাবলৈ আহোঁ। মই যি হওঁ যেনেকুৱা হওঁ মোক যথাৰ্থ ৰীতিৰে
কোনেও নাজানে। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে। ছিৰিৰ চিত্ৰখন দেখুৱাব
লাগে। এয়া ভাৰতৰ ছিৰি। সত্যযুগত দেৱী-দেৱতা আছিল। 5 হাজাৰ বছৰ পূৰ্বে ভাৰত এনেকুৱা
আছিল। শাস্ত্ৰত লাখ লাখ বছৰৰ কল্প বুলি লিখি দিছে। পিতাই কয় যে লাখ লাখ বছৰৰ নহয়,
কল্প 5 হাজাৰ বছৰৰ। সত্যযুগ ত্ৰেতা নতুন সৃষ্টি, দ্বাপৰ কলিযুগ পুৰণি সৃষ্টি। আধা
আধা হয় নহয়। নতুন সৃষ্টিত তোমালোক ভাৰতবাসী আছিলা। পিতাই বুজায় - মৰমৰ সন্তানসকল
এতিয়া তোমালোকে নিজৰ জন্মক জানা বাকী কোনো ৰথ আদিৰ কথা নাই। শ্ৰীকৃষ্ণতো সত্যযুগৰ
ৰাজকুমাৰ হয়। শ্ৰীকৃষ্ণৰ সেই ৰূপ দিব্য দৃষ্টি অবিহনে দেখা পোৱা নাযায়। এই চৈতন্য
ৰূপততো সত্যযুগত আছিল পাছত কেতিয়াও সেইটো ৰূপ পাব নোৱাৰে। পাছততো নাম ৰূপ দেশ কাল
সলনি হৈ যায়। 84 জন্ম লয়। 84 জন্মত 84 গৰাকী মা-পিতা পায়। ভিন্ন ভিন্ন নাম ৰূপ
বৃত্তি হয়। এতিয়া এয়া হৈছে ভাৰতৰে ছিৰি। তোমালোক এতিয়া হৈছা ব্ৰাহ্মণ কুল ভূষণ।
পিতাই কল্প পূৰ্বেও আহি তোমালোকক দেৱী-দেৱতা কৰি তুলিছিল। তাত তোমালোকে সৰ্বোত্তম
কৰ্ম কৰিছিলা। তোমালোক 21 জন্ম সদায় সুখী আছিলা। আকৌ তোমালোকক এই দুৰ্গতিত কোনে লৈ
গ'ল? মই কল্প পূৰ্বে তোমালোকক সৎগতি দিছিলোঁ পুনৰ 84 জন্ম লৈ নিশ্চয় অৱনমিত হ’বলগীয়া
হয়। সূৰ্যবংশীত 8 (আঠ) জন্ম, চন্দ্ৰবংশীত 12 জন্ম পুনৰ এনেকৈ অৱনমিত হৈ আহিছা।
তোমালোকেই পূজ্য দেৱতা আছিলা, তোমালোকেই পূজাৰী পতিত হৈছা। ভাৰত এতিয়া কঙাল।
ভগৱানুবাচ (ভগৱানে কয়), তোমালোক 100 শতাংশ পৱিত্ৰ আৰু চহকী, সৰ্বদা নিৰোগী, সৰ্বদা
সম্পত্তিৱান আছিলা। কোনো ৰোগ, দুখৰ কথা নাছিল, সুখধাম আছিল। তাক কোৱা হয় ঈশ্বৰৰ
বাগিচা। ঈশ্বৰে বাগিচা স্থাপন কৰিলে। যিসকল দেৱী-দেৱতা আছিল তেওঁলোক এতিয়া কাঁইট হৈ
গ’ল। এতিয়া জংঘল হৈ গৈছে। জংঘলত কাঁইটে বিন্ধে। পিতাই কয় - কাম মহাশত্ৰু, ইয়াৰ ওপৰত
বিজয়ী হোৱা। ইয়েই আদি-মধ্য-অন্ত তোমালোকক দুখ দিছে। ইজনে-সিজনৰ ওপৰত কাম-কটাৰী চলোৱা
এইটো সকলোতকৈ ডাঙৰ পাপ। পিতাই বহি নিজৰ পৰিচয় দিয়ে যে মই পৰমধামত থাকোঁতা পৰম আত্মা।
মোক কয় - মই সৃষ্টিৰ বীজৰূপ পৰম আত্মা, মই সকলোৰে পিতা। সকলো আত্মাই পিতাক আহ্বান
জনায় যে হে পৰমপিতা পৰমাত্মা। যেনেকৈ তোমালোক আত্মা তৰা সদৃশ, বাবাও হৈছে পৰম আত্মা
তৰা। সৰু ডাঙৰ নহয়। পিতাই কয় - মই বুঢ়া আঙুলিৰ নিচিনাও নহওঁ। মই পৰম আত্মা। তোমালোক
সকলোৰে পিতা। তেওঁক কোৱা হয় সৰ্বোচ্চ আত্মা, জ্ঞানপূৰ্ণ। পিতাই বুজায় - মই
জ্ঞানপূৰ্ণ, মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজৰূপ হওঁ। মোক ভকতসকলে কয় যে পৰমাত্মা
সত্য, চৈতন্য, আনন্দ স্বৰূপ হয়, তেওঁ জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। কিমান মহিমা আছে।
যদি নাম ৰূপ দেশ কাল নাই তেন্তে কাক আহ্বান জনাব। সাধু-সন্ত আদি সকলোৱে তোমালোকক
ভক্তিমাৰ্গৰ শাস্ত্ৰ শুনায়। মই আহি তোমালোকক ৰাজযোগ শিকাওঁ।
পিতাই বুজায় যে
তোমালোকে পতিত-পাৱন বুলি মোক জ্ঞান সাগৰ পিতাক কোৱা। তোমালোকো মাষ্টৰ জ্ঞান সাগৰ
হোৱা। জ্ঞানেৰে সৎগতি প্ৰাপ্ত হৈ যায়। ভাৰতক সৎগতি পিতাইহে দিব। সকলোৰে সৎগতি দাতা
এজন। সকলোৰে দুৰ্গতি আকৌ কোনে কৰে? ৰাৱণে। এতিয়া তোমালোকক এয়া কোনে বুজাই আছে? এওঁ
হৈছে পৰম আত্মা। আত্মাতো তৰা সদৃশ অতি সূক্ষ্ম। পৰমাত্মায়ো ড্ৰামাত ভূমিকা পালন কৰে।
ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়া হয়। পিতাই বুজায় যে উচ্চতকৈও উচ্চ ভূমিকা পালন
কৰোঁতা কোন? উচ্চতকৈও উচ্চ ভগৱান। যাৰ লগত তোমালোক আত্মা সন্তানসকল থাকা। কয়ো যে
পৰমাত্মা সকলোকে পঠিয়াই দিওঁতা হয়। এইটোও বুজিবলগীয়া কথা। ড্ৰামাতো অনাদি ৰচি থোৱা
আছে। পিতাই কয় যে মোক তোমালোকে জ্ঞানৰ সাগৰ, গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তক জানোঁতা
বুলি কোৱা। এতিয়া এয়া যি শাস্ত্ৰ আদি পঢ়ে, এইবোৰ পিতাই জানে। পিতাই কয় - মই আহি
প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা সকলো শাস্ত্ৰৰ সাৰ শুনাওঁ। দেখুৱায় যে বিষ্ণুৰ নাভিৰ পৰা
ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। তেন্তে ক'ত আবিৰ্ভাৱ হ’ল? মনুষ্যতো নিশ্চয় ইয়াতেই থাকিব নহয়।
এওঁৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল আকৌ ভগৱানে বহি এওঁৰ দ্বাৰা সকলো বেদ
শাস্ত্ৰৰ সাৰ শুনালে। নিজৰো নাম ৰূপ দেশ কালৰ বিষয়ে বুজালে। মনুষ্য সৃষ্টিৰ বীজ ৰূপ
হয় নহয়। এই বৃক্ষৰ উৎপত্তি, প্ৰতিপালন, বিনাশ কেনেকৈ হয়, সেয়া কোনেও নাজানে। ইয়াক
বিচিত্ৰ বৃক্ষ বুলি কোৱা হয়। সকলো ক্ৰমানুসৰি নিজৰ সময়ত আহে। প্ৰথম নম্বৰত
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ যেতিয়া সেইটো ধৰ্ম নাথাকে। পিতাই কয় যে কিমান তুচ্ছ
বুদ্ধিৰ হৈ গ'ল। দেৱতাসকলৰ, লক্ষ্মী-নাৰায়ণৰ পূজা কৰে কিন্তু তেওঁলোকৰ ৰাজ্য
সৃষ্টিত কেতিয়া আছিল সেয়া একোৱেই নাজানে। এতিয়া ভাৰতৰ সেই দেৱী-দেৱতা ধৰ্মই নাই,
কেৱল চিত্ৰ থাকি গ'ল। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মাষ্টৰ
জ্ঞান সাগৰ হৈ পতিতৰ পৰা পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। পিতাই যি সকলো শাস্ত্ৰৰ
সাৰ শুনাইছে সেয়া বুদ্ধিত ধাৰণ কৰি সদায় হৰ্ষিত হৈ থাকিব লাগে।
(2) এক পিতাৰ শ্ৰীমত
সকলো সময়ত পালন কৰিব লাগে। দেহৰ সকলো ধৰ্ম ত্যাগ কৰি আত্ম-অভিমানী হোৱাৰ পৰিশ্ৰম
কৰিব লাগে।
বৰদান:
বিস্তাৰক সাৰত
সমাহিত কৰি নিজৰ শ্ৰেষ্ঠ স্থিতি গঢ়ি তোলোঁতা পিতাৰ সমান লাইট-মাইট হাউচ হোৱা
পিতাৰ দৰে লাইট-মাইট
হাউচ হ’বলৈ হ’লে যিকোনো কথা দেখিলে বা শুনিলে তাৰ সাৰ জানি লৈ এক ছেকেণ্ডত সমাহিত
কৰি দিয়াৰ বা পৰিৱৰ্তন কৰাৰ অভ্যাস কৰা। 'কিয়', ‘কি’ৰ বিস্তাৰত নাযাবা, কিয়নো যিকোনো
কথাৰ বিস্তাৰত গ’লে সময় আৰু শক্তি দুয়োটাই অপচয় হয়। সেয়েহে, বিস্তাৰক সমাহিত কৰি
সাৰত স্থিৰ হোৱাৰ অভ্যাস কৰা- ইয়াৰ দ্বাৰা অন্য আত্মাসকলকো এক ছেকেণ্ডত সমস্ত
জ্ঞানৰ সাৰ অনুভৱ কৰাব পাৰিবা।
স্লোগান:
নিজৰ বৃত্তি শক্তিশালী কৰি তোলা, তেতিয়া সেৱাত বৃদ্ধি স্বতঃ হ’ব।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যদি নিশ্চয়তা ৰূপী
ভেটি দৃঢ় হয় তেন্তে সহজ যোগী, নিৰ্মল স্বভাৱৰ, শুভ ভাৱনাৰ বৃত্তিধাৰী আৰু আত্মিক
দৃষ্টিসম্পন্ন হ’ব। চাল-চলন আৰু চেহেৰাত সকলো সময়তে সৰলতাৰ ৰেঙনি অনুভৱ হৈ থাকিব।
সেয়েহে প্ৰত্যেকৰে বিশেষত্ব স্মৃতিত ৰাখি ইজন সিজনৰ প্ৰতি বিশ্বাসী হৈ থাকা, তেতিয়া
তেওঁৰ কথাৰ ভাৱ সলনি হৈ যাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]