16.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ অৱস্থা চোৱা মোৰ একমাত্ৰ পিতাৰ প্ৰতিয়ে অন্তৰৰ আকৰ্ষণ আছে নে কোনো কৰ্ম সম্বন্ধীয়ৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ আছে”

প্ৰশ্ন:
নিজৰ কল্যাণ কৰিবলৈ কোন দুটা কথাৰ নিতৌ খতিয়ান চাব লাগে?

উত্তৰ:
নিতৌ “যোগ আৰু চলন”ৰ খতিয়ান চোৱা। পৰীক্ষা কৰা যে কোনো অহিততো নকৰিলোঁ? সদায় নিজৰ অন্তৰক সোধা যে মই পিতাক কিমান স্মৰণ কৰোঁ? নিজৰ সময় কেনেদৰে সফল কৰোঁ? আনকতো চাই নাথাকোঁ? কাৰোবাৰ নাম-ৰূপত অন্তৰ আকৰ্ষিততো হৈ থকা নাই?

গীত:
মুখড়া দেখ লে প্ৰাণী অপনি দিল দৰ্পণ মে... (হে মানৱ নিজৰ অন্তৰ দাপোণত নিজৰ চেহেৰা চাই লোৱা.....)

ওঁম্শান্তি।
এয়া কোনে ক’লে? বেহদৰ পিতাই ক’লে - হে আত্মাসকল। প্ৰাণী মানে আত্মা। এনেকৈ নকয় জানো - আত্মা ওলাই গ’ল অৰ্থাৎ প্ৰাণ ওলাই গ’ল। এতিয়া পিতা সন্মুখত বহি বুজায় - হে আত্মাসকল স্মৰণ কৰা, কেৱল এইটো জন্মক চাব নালাগে কিন্তু যেতিয়াৰ পৰা তোমালোক তমোপ্ৰধান হৈছা, ছিৰি তললৈ নামি পতিত হৈ গৈছা তেতিয়াৰ পৰা চাব লাগে। গতিকে নিশ্চয় পাপ কৰিছা। এয়া বুজিলগীয়া কথা। কিমান জন্ম-জন্মান্তৰৰ পাপ শিৰত আছে, এয়া কেনেকৈ জানিবা। নিজক চাব লাগে মই কিমান যোগযুক্ত হৈ থাকোঁ! পিতাৰ লগত যিমান ভালকৈ যোগযুক্ত হৈ থাকিবা সিমানে বিকৰ্ম বিনাশ হ’ব। বাবাই কৈছে - মোক স্মৰণ কৰা তেন্তে নিশ্চয়তা প্ৰদান কৰিছোঁ তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। নিজৰ অন্তৰক চোৱা যে মই কিমান পিতাৰ সৈতে যোগযুক্ত হৈ থাকোঁ? আমি যিমানে যোগযুক্ত হ’ম, পৱিত্ৰ হ’ম, পাপ খণ্ডন হৈ গৈ থাকিব, যোগ বাঢ়ি গৈ থাকিব। পৱিত্ৰ নহ’লে যোগযুক্তও হ’ব নোৱাৰিবা। এনেকুৱাও বহুত আছে যিয়ে গোটেই দিনটোত 15 মিনিটো স্মৰণ নকৰে। নিজক সুধিব লাগে - মোৰ অন্তৰ শিৱবাবাৰ লগত নে দেহধাৰীৰ লগত লাগি আছে? কৰ্ম সম্বন্ধীয় আদিৰ লগত লাগি আছে? মায়াই ধুমুহাততো সন্তানসকলকে লৈ আনিব। নিজেও বুজিব পাৰে মোৰ অৱস্থা কেনেকুৱা? অন্তৰৰ আকৰ্ষণ শিৱবাবাৰ প্ৰতি আছে নে দেহধাৰীৰ প্ৰতি আছে? কৰ্ম সম্বন্ধীয়সকলৰ প্ৰতি অন্তৰৰ আকৰ্ষণ থাকিলে তেন্তে বুজিব লাগে মোৰ বিকৰ্ম বহুত আছে, তেতিয়া মায়াই খালত পেলাই দিয়ে। শিক্ষাৰ্থীয়ে ভিতৰি বুজিব পাৰে, মই উত্তীৰ্ণ হ’ম নে নহ’ম? ভালদৰে পঢ়োঁ নে নপঢ়োঁ? ক্ৰমানুসৰিতো হয়েই নহয়। আত্মাই নিজৰ কল্যাণ কৰিব লাগে। পিতাই নিৰ্দেশনা দিয়ে, যদি তোমালোক পুণ্য আত্মা হৈ উচ্চ পদ পাব বিচৰা তেন্তে এই ক্ষেত্ৰত পৱিত্ৰতা হৈছে প্ৰথম। পৱিত্ৰ হৈয়েই আহিছা আকৌ পৱিত্ৰ হৈয়েই যাব লাগিব, পতিতসকলে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। সদায় নিজৰ অন্তৰক সুধিব লাগে - মই পিতাক কিমান স্মৰণ কৰোঁ, মই কি কৰি আছোঁ? এইটোতো নিশ্চিত যে পিছত বহি থকা শিক্ষাৰ্থীসকলৰ বিবেক দংশন হয়। পুৰুষাৰ্থ কৰে উচ্চ পদ পাবৰ কাৰণে কিন্তু চলনো ভাল হ’ব লাগে নহয়। পিতাক স্মৰণ কৰি নিজৰ শিৰৰ পৰা পাপৰ বোজা আঁতৰাব লাগে। পাপৰ বোজা পিতাৰ স্মৃতি অবিহনে আঁতৰিবই নোৱাৰে। তেন্তে কিমান পিতাৰ সৈতে যোগযুক্ত হৈ থাকিব লাগে। উচ্চতকৈও উচ্চ পিতা আহি কয় – মোক অৰ্থাৎ পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। সময় সমীপত আহি থাকে। শৰীৰৰ ভৰষা নাই। হঠাতে কেনেকুৱা কেনেকুৱা দুৰ্ঘটনা হৈ যায়। অকাল মৃত্যুৰতো পূৰ্ণ কাল চলি আছে। গতিকে প্ৰত্যেকে নিজক পৰীক্ষা কৰি নিজৰ কল্যাণ কৰিব লাগে। গোটেই দিনটোৰ যোগ আৰু চলনৰ খতিয়ান চাব লাগে। আমি গোটেই দিনটোত কিমান পাপ কৰিলোঁ? মন, বাণীত প্ৰথমে আহে তাৰ পাছত কৰ্মত আহে। এতিয়া সন্তানসকলে সৎ বুদ্ধি পাইছে যে আমি ভাল কাম কৰিব লাগে। কাৰোবাক প্ৰবঞ্চনাতো কৰা নাই? অলাগতিয়াল মিছা কথাতো কোৱা নাই? অহিততো কৰা নাই? কোনোবা কাৰোবাৰ নাম-ৰূপত আৱদ্ধ হ’লে তেতিয়া যজ্ঞ পিতাৰ নিন্দা কৰায়।

পিতাই কয় - কাকো দুখ নিদিবা। একমাত্ৰ পিতাৰ স্মৃতিত থাকিবা। তোমালোকৰ এইটো চিন্তা থাকিব লাগে যে যদি আমি স্মৃতিত থাকিব নোৱাৰোঁ তেন্তে কি গতি হ’ব! এই সময়ত গাফিলতি কৰি থাকিলে অন্তিম সময়ত বহুত অনুতাপ কৰিব লাগিব। এইটোও বুজি পায় যিসকল সাধাৰণ পদ পাবলগীয়া তেওঁলোকে সাধাৰণ পদেই পাব। বুদ্ধিৰে বুজিব পাৰে যে আমি কি কৰিব লাগে। সকলোকে এইটোৱে মন্ত্ৰ দিব লাগে যে পিতাক স্মৰণ কৰা। লক্ষ্যতো সন্তানসকলে পাইছে। এই কথাবোৰ জগতৰ লোকে বুজিব নোৱাৰে। প্ৰথম মুখ্য কথা হৈছে পিতাক স্মৰণ কৰাৰ। ৰচয়িতা আৰু ৰচনাৰ জ্ঞানতো পাই গ’লা। নিতৌ কিবা নহয় কিবা নতুন নতুন বিষয়ো বুজাবলৈ দিয়া হয়। যেনেকৈ বিৰাট ৰূপৰ চিত্ৰ আছে, তাৰ ওপৰতো তোমালোকে বুজাব পাৰা। কেনেকৈ বৰ্ণত আহে - এইখনো ছিৰিৰ চিত্ৰৰ কাষত ৰাখিবলগীয়া। গোটেই দিন বুদ্ধিত এইটোৱে চিন্তন চলিব লাগে যে কেনেকৈ কাৰোবাক বুজাওঁ? সেৱা কৰিলেও পিতাৰ স্মৃতি থাকিব। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হ’ব। নিজৰো কল্যাণ কৰিব লাগে। পিতাই বুজাইছে তোমালোকৰ 63 জন্মৰ পাপ আছ। পাপ কৰি কৰি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছা। এতিয়া মোৰ হৈ আকৌ কোনো পাপ কৰ্ম নকৰিবা। মিছা কোৱা, চয়তানী কৰা, আনৰ ঘৰ ভঙা বা শুনা কথাত বিশ্বাস কৰা – এই ইফালৰ কথা সিফালে লগাই ফুৰাতো বহুত লোকচানকাৰক হয়। পিতাৰ পৰা যোগেই ছিঙি দিয়ে, তেন্তে কিমান পাপ হৈ গ’ল। চৰকাৰৰো প্ৰবঞ্চক থাকে, চৰকাৰ কথা কোনোবা শত্ৰুক শুনাই বহুত লোকচান কৰি দিয়ে। তেতিয়া তেওঁলোকে বহুত কাঢ়া শাস্তি পায়। গতিকে সন্তানসকলৰ মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰিত হ’ব লাগে। অদৰকাৰী খবৰো এজনে আনজনক সুধিব নালাগে। জ্ঞানৰ কথাই পাতিব লাগে। তুমি কেনেকৈ পিতাৰ সৈতে যোগযুক্ত হোৱা? কেনেকৈ কাৰোবাক বুজোৱা? গোটেই দিন এয়াই খেয়াল চলিব লাগে। চিত্ৰৰ আগত গৈ বহি যাব লাগে। তোমালোকৰ বুদ্ধিততো জ্ঞান আছে নহয়। ভক্তিমাৰ্গততো অনেক প্ৰকাৰৰ চিত্ৰক পূজা কৰি থাকে। একোৱেই নাজানে। অন্ধ বিশ্বাস, মূৰ্তি পূজা এই কথাবোৰত ভাৰত প্ৰসিদ্ধ। এতিয়া তোমালোকে এই কথাবোৰ বুজাবলৈ কিমান যত্ন কৰা। প্ৰদৰ্শনীত কিমান মনুষ্য আহে। ভিন্ন ভিন্ন প্ৰকাৰৰ থাকে, কোনোবাইতো বুজে, এয়া চাবলগীয়া আৰু বুজিবলগীয়া কথা। চাব, কিন্তু সেৱাকেন্দ্ৰলৈ কেতিয়াও নাযায়। দিনে-প্ৰতিদিনে সৃষ্টিৰ অৱস্থাও বেয়া হৈ গৈ থাকে। কাজিয়া বহুত, বিদেশত কি কি হৈ আছে - কথাই নুসুধিবা। কিমান মনুষ্য মৰে। তমোপ্ৰধান সৃষ্টি। যদিও কয় বোমা আদি তৈয়াৰ কৰা উচিত নহয়। কিন্তু তেওঁলোকে কয় আপোনালোকৰ ওচৰত বহুত ৰাখিছে তেন্তে আমি আকৌ কিয় তৈয়াৰ নকৰিম। নহ’লে গোলাম হৈ থাকিব লাগিব। সকলো চিন্তা ধাৰা বিনাশৰ বাবেই। বিনাশতো হ’বই। এনেকৈ কয় - শংকৰ প্ৰেৰক কিন্তু ইয়াত প্ৰেৰণা আদিৰতো কথা নাই। আমিতো ড্ৰামা অনুসৰি চলি আছোঁ। মায়া বৰ শক্তিশালী। মোৰ সন্তানসকলকো বিকাৰত বগৰাই দিয়ে। কিমান বুজোৱা হয় যে দেহৰ প্ৰতি মৰম নাৰাখিবা, নাম-ৰূপত আৱদ্ধ নহ’বা। কিন্তু মায়াও এনেকুৱা তমোপ্ৰধান যে দেহত আৱদ্ধ কৰি দিয়ে। একেবাৰে নাকত ধৰি লয়। গমেই পোৱা নাযায়। পিতাই কিমান বুজায় - শ্ৰীমতত চলা, কিন্তু নচলে। ৰাৱণৰ মত ততালিকে বুদ্ধিত আহি যায়। ৰাৱণে কাৰাগাৰৰ পৰা মুক্তি নিদিয়ে।

পিতাই কয় - নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। বচ্‌, এতিয়াতো আমি যামগৈ। আধাকল্পৰ ৰোগৰ পৰা আমি মুক্ত হওঁ। তাততো হয়েই নিৰোগী কায়া। ইয়াততো কিমান ৰোগী। এইখন হৈছে ৰৌৰৱ নৰক। যদিও তেওঁলোকে গৰুড় পুৰাণ পঢ়ে কিন্তু পঢ়োঁতা অথবা শুনোঁতাসকলে একোৱেই বুজি নাপায়। বাবাই নিজেই কয় - আগতে ভক্তিৰ কিমান নিচা আছিল। ভক্তিৰে ভগৱানক পাম, এই কথা শুনি আনন্দিত হৈ ভক্তি কৰি আছিলা। পতিত হয় সেই কাৰণেতো মাতে - হে পতিত-পাৱন আহক। ভক্তি কৰা এয়াতো ভাল কথা আকৌ ভগৱানক কিয় স্মৰণ কৰা! এনেকৈ বুজি লয় ভগৱানে আহি আমাক ভক্তিৰ ফল দিব। কি ফল দিব - সেয়া কোনেও নাজানে। পিতাই কয় - গীতা পঢ়াসকলকে বুজাব লাগে, সেইসকলেই আমাৰ ধৰ্মৰ হয়। প্ৰথম মুখ্য কথা হ’ল গীতাত উল্লেখ থকা ভগৱানুবাচ। এতিয়া গীতাৰ ভগৱান কোন? ভগৱানৰতো পৰিচয় থাকিব লাগে নহয়। তোমালোকে জানি গ’লা - আত্মা কি, পৰমাত্মা কি? মনুষ্যই জ্ঞানৰ কথাক কিমান ভয় কৰে। ভক্তি কিমান ভাল লাগে। জ্ঞানৰ পৰা 3 মাইল দূৰলৈ পলায়। হেৰ’, পাৱন হোৱাতো ভাল কথা, এতিয়া পাৱন সৃষ্টিৰ স্থাপনা, পতিত সৃষ্টিৰ বিনাশ হ’ব। কিন্তু একেবাৰে নুশুনে। পিতাৰ নিৰ্দেশনা হৈছে – বেয়া নুশুনিবা… মায়াই আকৌ কয় – বাবাৰ কথা নুশুনিবা। মায়াৰ নিৰ্দেশনা হৈছে শিৱবাবাৰ জ্ঞান নুশুনিবা। ইমান জোৰেৰে মায়াই চৰ মাৰে যে বুদ্ধিত ধাৰণেই নহয়। পিতাক স্মৰণ কৰিবই নোৱাৰে। মিত্ৰ-সম্বন্ধীয়, দেহধাৰীৰ স্মৃতি আহি যায়। বাবাৰ আজ্ঞা পালন নকৰে। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা আকৌ সেয়া অৱজ্ঞা কৰি কয় - মোৰ অমুকৰ স্মৃতি আহে। আনৰ স্মৃতি আহিলে বাগৰি পৰিবা। এই কথাবোৰৰ প্ৰতি ঘৃণা উপজিব লাগে। এইখন একেবাৰে ছিঃ ছিঃ সৃষ্টি। আমাৰ বাবেতো নতুন স্বৰ্গ স্থাপনা হৈ আছে। তোমালোক সন্তানসকলে পিতা আৰু সৃষ্টি চক্ৰৰ পৰিচয় পাইছা গতিকে সেই পঢ়াতহে লাগি যাব লাগে। পিতাই কয় - নিজৰ অন্তৰখন চোৱা। নাৰদৰো দৃষ্টান্ত আছে নহয়। সেয়েহে পিতায়ো কয় - নিজক চোৱা, মই পিতাক স্মৰণ কৰোঁনে? স্মৃতিৰেহে পাপ ভস্ম হ’ব। যিকোনো পৰিস্থিতিত স্মৰণ শিৱবাবাকে কৰিব লাগে, অন্য কাৰো প্ৰতি মৰম ৰাখিব নালাগে। অন্তিম সময়ত শিৱবাবাৰ স্মৃতিত দেহৰ পৰা প্ৰাণ ওলাব লাগে। শিৱবাবাৰ স্মৃতি হওঁক আৰু স্বদৰ্শন চক্ৰৰ জ্ঞান হওঁক। স্বদৰ্শন চক্ৰধাৰী কোন হয়, এয়াও কোনোবাই জানে জানো। ব্ৰাহ্মণসকলকো এই জ্ঞান কোনে দিলে? ব্ৰাহ্মণক এই স্বৰ্দশন চক্ৰধাৰী কোনে কৰি তুলিলে? পৰমপিতা পৰমাত্মা বিন্দুৱে। তেন্তে কি তেৱোঁ স্বদৰ্শন চক্ৰধাৰী নেকি? হয়, প্ৰথমেতো তেৱেঁই হয়। নহ’লে আমাক ব্ৰাহ্মণসকলক কোনে তেনেকুৱাকৈ গঢ়ি তুলিব। তেওঁৰ গোটেই ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান আছে। তোমালোক আত্মাও তেনেকুৱা হৈ যোৱা, তেৱোঁ আত্মা। ভক্তিমাৰ্গত বিষ্ণুক চক্ৰধাৰী কৰি দিছে। আমি কওঁ - পৰমাত্মা ত্ৰিকালদৰ্শী, ত্ৰিমূৰ্তি, ত্ৰিনেত্ৰী। তেওঁ আমাক স্বদৰ্শন চক্ৰধাৰী কৰি তোলে। তেৱোঁ নিশ্চয় মনুষ্যৰ শৰীৰত আহি শুনাব। ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান নিশ্চয় ৰচয়িতাইহে শুনাব নহয়। ৰচয়িতাৰ বিষয়েই কোনেও নাজানে তেন্তে ৰচনাৰ জ্ঞান ক'ৰ পৰা পাব। এতিয়া তোমালোকে বুজি পোৱা শিৱবাবাহে স্বদৰ্শন চক্ৰধাৰী, জ্ঞান সাগৰ। তেওঁ জানে আমি কেনেকৈ এই 84 ৰ চক্ৰত আহোঁ। নিজেতো পুনৰ্জন্ম নলয়। তেওঁৰ জ্ঞান আছে যি আমাক শুনায়। গতিকে প্ৰথমেতো শিৱবাবাই স্বদৰ্শন চক্ৰধাৰী নহ’ল জানো। শিৱবাবাইহে আমাক স্বদৰ্শন চক্ৰধাৰী কৰি তোলে। পাৱন কৰি তোলে কিয়নো তেওঁ পতিত-পাৱন হয়। ৰচয়িতাও তেৱেঁই। পিতাই সন্তানৰ জীৱনক নাজানে জানো। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়। কৰণকৰাৱনহাৰ হয় নহয়। তোমালোকেও শিকা, শিকোৱা। পিতাই পঢ়ায় আকৌ কয় আনকো পঢ়োৱা। গতিকে শিৱবাবাইহে তোমালোকক স্বদৰ্শন চক্ৰধাৰী কৰি তোলে। তেওঁ কয় - মোৰ সৃষ্টিচক্ৰৰ জ্ঞান আছে সেইবাবেতো শুনাওঁ। গতিকে 84 জন্ম কেনেকৈ লোৱা - এই 84 জন্মৰ কাহিনী বুদ্ধিত থাকিব লাগে। এয়া বুদ্ধিত থাকিলেও চক্ৰৱৰ্তী ৰজা হ'ব পাৰা। এয়া হৈছে জ্ঞান। বাকী যোগৰ দ্বাৰাহে পাপ খণ্ডন হয়। গোটেই দিনৰ খতিয়ান উলিওৱা। স্মৰণেই যদি নকৰা তেন্তে কি খতিয়ান উলিয়াবা! গোটেই দিনটোত কি কি কৰিলা - এয়াতো স্মৃতিত থাকে নহয়। এনেকুৱাও মনুষ্য আছে, যিয়ে নিজৰ খতিয়ান উলিয়ায় - কিমান শাস্ত্ৰ পঢ়িলোঁ, কিমান পুণ্য কৰিলোঁ? তোমালোকেতো ক'বা - কিমান সময় স্মৰণ কৰিলোঁ? কিমান আনন্দেৰে পিতাৰ পৰিচয় দিলোঁ?

পিতাৰ দ্বাৰা যিবোৰ সাৰ কথা পাইছা সেয়া বাৰে বাৰে মন্থন কৰা। যি জ্ঞান পাইছা তাৰ স্মৃতি বুদ্ধিত ৰাখা, নিতৌ মুৰুলী পঢ়া। সেয়াও বহুত ভাল। মুৰুলীত যিবোৰ সাৰ কথা আছে সেয়া বাৰে বাৰে মন্থন কৰিব লাগে। ইয়াত থকাসকলতকৈও বাহিৰত বিলাতত থকাসকল অধিক স্মৃতিত থাকে। কিমান বন্ধনত থাকোঁতা আছে, বাবাক কেতিয়াও দেখাই নাই, স্মৰণ কিমান কৰে, নিচা বাঢ়ি থাকে। ঘৰত বহিয়ে সাক্ষাৎকাৰ হয় বা শুনোঁতে শুনোঁতে অনায়াসে নিশ্চয়তা জন্মি যায়।

সেয়েহে পিতাই কয় - ভিতৰি নিজক পৰীক্ষা কৰা যে মই কিমান উচ্চ পদ পাম? মোৰ চলন কেনেকুৱা? কোনো খোৱা বা পান কৰাৰ লালসাতো নাই? কোনো অভ্যাস থাকিব নালাগে। মূল কথাটো হ'ল অব্যভিচাৰী স্মৃতিত থকা। অন্তৰক সোধা - মই কাক স্মৰণ কৰোঁ? কিমান সময় আনক স্মৰণ কৰোঁ? জ্ঞানো ধাৰণ কৰিব লাগে, পাপো খণ্ডন কৰিব লাগে। কোনো-কোনোৱে এনেকুৱা পাপ কৰিছে যে কথাই নুসুধিবা। ভগৱানে কয় এইটো কৰা কিন্তু কৈ দিয়ে পৰৰ বশীভূত হৈ যাওঁ অৰ্থাৎ মায়াৰ বশীভূত হৈ আছে। বাৰু, মায়াৰ বশীভূত হৈয়েই থাকা। তোমালোক হয়তো শ্ৰীমতত চলিব লাগে অথবা নিজৰ মতত। চাব লাগে এনেকুৱা অৱস্থাত মই কিমানলৈকে উত্তীৰ্ণ হ'ম? কি পদ পাম? 21 জন্মৰ বাবে লোকচান হৈ যায়। যেতিয়া কৰ্মাতীত অৱস্থা হৈ যাব তেতিয়া আকৌ দেহ-অভিমানৰ নামেই নাথাকিব। সেইবাবে কোৱা হয় দেহী-অভিমানী হোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা কোনো কৰ্তব্য কৰিব নালাগে যাৰ দ্বাৰা যজ্ঞ পিতাৰ নিন্দা হয়। পিতাৰ দ্বাৰা যি সৎ বুদ্ধি পাইছা সেই বুদ্ধিৰে ভাল কৰ্ম কৰিব লাগে। কাকো দুখ দিব নালাগে।

(2) ইজনে সিজনক অদৰকাৰী খবৰ সুধিব নালাগে, পৰস্পৰ জ্ঞানৰহে কথা পাতিব লাগে। অসত্য, চয়তানী, ঘৰ ভঙা কথা এই সকলোবোৰ এৰি মুখৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে। আসুৰিক কথা শুনিবও নালাগে, শুনাবও নালাগে।

বৰদান:
5 বিকাৰ ৰূপী শতৰুক পৰিৱৰ্তন কৰি সহযোগী কৰি তোলোঁতা মায়াজিৎ জগতজিৎ হোৱা

বিজয়ীয়ে শতৰুৰ ৰূপ পৰিৱৰ্তন নিশ্চয় কৰে। গতিকে তোমালোকে বিকাৰ ৰূপী শতৰুক পৰিৱৰ্তন কৰি সহযোগী স্বৰূপ কৰি তোলা যাৰ দ্বাৰা তেওঁ সদায় তোমালোকক চালাম জনাই থাকিব। কাম বিকাৰক শুভ কামনাৰ ৰূপলৈ, ক্ৰোধক আত্মিক নিচাৰ ৰূপলৈ, লোভক অনাসক্ত বৃত্তিৰ ৰূপলৈ, মোহক স্নেহৰ ৰূপলৈ আৰু দেহ অভিমানক স্বাভিমানৰ ৰূপলৈ পৰিৱৰ্তন কৰি দিয়া তেতিয়া মায়াজিৎ হৈ যাবা।

স্লোগান:
প্ৰকৃত সোণত ‘মোৰ’ বোধেই অশুদ্ধি, যিয়ে মূল্য কম কৰি দিয়ে সেয়েহে ‘মোৰ’ বোধ সমাপ্ত কৰা।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যিকোনো কাৰ্যত বা সেৱাত যেতিয়া অকলশৰীয়া অনুভৱ কৰা তেতিয়াই ভাগৰি পৰা। তেতিয়া দুই ভুজাধাৰীক সংগী কৰি লোৱা, হাজাৰ ভুজাধাৰীক পাহৰি যোৱা। যিহেতু হাজাৰ ভুজাধাৰী নিজৰ পৰমধাম ঘৰ এৰি তোমালোকক সংগ দিবলৈ আহিছে তেন্তে তেওঁক নিজৰ লগত সংযুক্ত কৰি কিয় নাৰাখা! সদায় বুদ্ধিৰে সংযুক্ত হৈ থাকা তেতিয়া সহযোগ প্ৰাপ্ত হৈ থাকিব।