16.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ প্ৰীতি এজন পিতাৰ সৈতে আছে কিয়নো তোমালোকে বেহেদৰ উত্তৰাধিকাৰ লাভ কৰা,
তোমালোকে মৰমেৰে কোৱা – মোৰ বাবা”
প্ৰশ্ন:
কোনো দেহধাৰী
মনুষ্যৰ বাণীৰ তুলনা পিতাৰ সৈতে কৰিব নোৱাৰি - কিয়?
উত্তৰ:
কিয়নো পিতাৰ এটি এটি বাণী মহাবাক্য। যি মহাবাক্য শুনোঁতাসকল মহান অৰ্থাৎ পুৰুষোত্তম
হৈ যায়। পিতাৰ মহাবাক্যই ফুল কৰি তোলে। মনুষ্যৰ বাণী মহাবাক্য নহয়, তাৰ দ্বাৰাতো আৰু
বেছিকৈহে অৱনমিত হৈ আহিছে।
গীত:
বদল জায়ে
দুনীয়া ন বদলেঙ্গে হম….. (জগত সলনি হৈ গ’লেও আমি সলনি নহওঁ…..)
ওঁম্শান্তি।
গীতটিৰ প্ৰথম
শাৰীত কিছু অৰ্থ আছে, বাকী গোটেই গীতটি কোনো কামৰ নহয়। যেনেকৈ ‘গীতা’ত ‘ভগৱানুবাচ’,
‘মনমনাভৱ’, ‘মধ্যাজীভৱ’ এই শব্দবোৰ ঠিকেই আছে। ইয়াক কোৱা হয় ‘আটাত নিমখ’ৰ (একেবাৰে
কম পৰিমাণ) দৰে। এতিয়া ভগৱান বুলি কাক কোৱা হয়, এয়াতো সন্তানসকলে ভালদৰে জানি গৈছে।
ভগৱান বুলি শিৱবাবাক কোৱা হয়। শিৱবাবা আহি শিৱালয় ৰচনা কৰে। ক’লৈ আহে? বেশ্যালয়ত আহে।
নিজেই আহি কয় - হে অতিকৈ মৰমৰ, কল্পৰ পাছাত পুনৰাই লগ পোৱা আত্মিক সন্তানসকল,
আত্মায়ে শুনে নহয়। এইটো জানা যে আমি আত্মাসকল অবিনাশী। এই দেহ বিনাশী। আমি আত্মাসকলে
এতিয়া নিজৰ পৰমপিতা পৰমাত্মাৰ পৰা মহাবাক্য শুনি আছোঁ। মহাবাক্য একমাত্ৰ পৰমপিতা
পৰমাত্মাৰে যিয়ে মহান পুৰুষ পুৰুষোত্তম কৰি তোলে। বাকী যি মহাত্মা, গুৰু আদি আছে,
তেওঁলোকৰ বাণী কোনো মহাবাক্য নহয়। শিৱোহম্ বুলি যি কয় সেয়াও সঠিক বাক্য নহয়। এতিয়া
তোমালোকে পিতাৰ পৰা মহাবাক্য শুনি ফুল হৈ যোৱা। কাঁইট আৰু ফুলৰ মাজত কিমান পাৰ্থক্য
আছে। এতিয়া তোমালোক সন্তানসকলে জানা যে, আমাক কোনো মনুষ্যই নুশুনায়। এওঁৰ (ব্ৰহ্মা
বাবাৰ) শৰীৰত শিৱবাবা বিৰাজমান হৈ আছে, তেঁৱো আত্মাই, কিন্তু তেওঁক পৰম আত্মা বুলি
কোৱা হয়। এতিয়া পতিত আত্মাসকলে কয় - হে পৰম আত্মা আহক, আহি আমাক পাৱন কৰি তোলক। তেওঁ
হয়েই পৰমপিতা, পৰম (শ্ৰেষ্ঠ) কৰি তোলোঁতা। তোমালোক পুৰুষোত্তম, অৰ্থাৎ সকলো পুৰুষতকৈ
উত্তম পুৰুষ। তেওঁলোক হৈছে দেৱতা। ‘পৰমপিতা’ শব্দটি অতি মিঠা। সৰ্বব্যাপী বুলি কৈ
দিয়ে গতিকে মিঠা ভাৱ নাজাগে। তোমালোকৰ ভিতৰতো বহুত কম আছে যিয়ে মৰমেৰে অন্তৰৰ পৰা
পিতাক স্মৰণ কৰে, সেই স্ত্ৰী পুৰুষেতো ইজনে সিজনক স্থূল ৰূপত স্মৰণ কৰে। এয়া হৈছে
আত্মাসকলে পৰমাত্মাক বহুত মৰমেৰে স্মৰণ কৰা। ভক্তিমাৰ্গত ইমান মৰমেৰে পূজা কৰিব
নোৱাৰে। সেই প্ৰীতি নাথাকে। নাজানেই তেন্তে প্ৰীতি কেনেকৈ জাগিব। এতিয়া তোমালোক
সন্তানসকলৰ বহুত প্ৰীতি আছে। আত্মাই কয় – ‘মোৰ বাবা’। আত্মাসকল ভাই ভাই নহয় জানো।
প্ৰতিগৰাকী ভায়ে কয় - বাবাই মোক নিজৰ পৰিচয় দিছে। কিন্তু তাক প্ৰীতি বুলি কোৱা নহয়।
যাৰ পৰা কিবা পোৱা যায় তেওঁৰ প্ৰতি প্ৰীতি থাকে। পিতাৰ প্ৰতি সন্তানসকলৰ প্ৰীতি থাকে
কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। যিমান বেছি উত্তৰাধিকাৰ, সিমান সন্তানসকলৰ
বেছি প্ৰীতি থাকিব। যদি পিতাৰ ওচৰত কোনো সম্পত্তি নাথাকে, দাদাৰ (ককাৰ) লগত থাকে
তেতিয়া পিতাৰ প্ৰতি ইমান প্ৰীতি নাথাকিব। তেতিয়া দাদাৰ প্ৰতি প্ৰীতি গঢ়ি উঠিব।
বুজিব যে এওঁৰ পৰা পইচা পাম। এয়াতো হৈছে বেহদৰ পিতা। তোমালোক সন্তানসকলে জানা যে
আমাক পিতাই পঢ়ায়। এয়াতো অতি আনন্দৰ কথা। ভগৱান আমাৰ পিতা হয়। যিজন ৰচয়িতা পিতাক
কোনেও নাজানে। নজনাৰ বাবে আকৌ নিজকে পিতা বুলি কৈ দিয়ে। যেনেকৈ সন্তানক যদি সোধা
তোমাৰ পিতা কোন? অৱশেষত কৈ দিয়ে ‘মই’। এতিয়া তোমালোক সন্তানসকলে জানা সেই সকলো
পিতাৰ নিশ্চয় কোনোবা পিতা আছে, আমি এতিয়া যিজন বেহদৰ পিতা পাইছোঁ, তেওঁৰ কোনো পিতা
নাই। এয়া হ'ল সকলোতকৈ উচ্চ পিতা। গতিকে সন্তানসকলৰ আন্তৰিক আনন্দ থাকিব লাগে। বাকী
সেই যাত্ৰাবোৰত গ'লে তাত ইমান আনন্দ নাথাকিব কিয়নো তাত কোনো প্ৰাপ্তি নাই। কেৱল
দৰ্শন কৰিবলৈ যায়। অকাৰণতে কিমান ঠেকা-খুন্দা খায়। এফালে নিজৰ কপাল ঘঁহে আৰু আনফালে
পইচাও খৰচ হয়। পইচা বহুত খৰচ কৰে, প্ৰাপ্তি একো নহয়। ভক্তিমাৰ্গত যদি আমদানি
হ’লহেঁতেন তেন্তে ভাৰতবাসী বহুত চহকী হৈ গ’লহেঁতেন। এই মন্দিৰ আদি সাজিবলৈ কোটি টকা
খৰচ কৰে। তোমালোকৰ সোমনাথ মন্দিৰ এটাই নাছিল। সকলো ৰজাৰ ওচৰত মন্দিৰ আছিল। তোমালোকক
কিমান পইচা দিছিলোঁ - 5 হাজাৰ বছৰ পূৰ্বে তোমালোকক বিশ্বৰ মালিক কৰি তুলিছিলোঁ।
একমাত্ৰ পিতাইহে এনেকৈ কয়। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে তোমালোকক ৰাজযোগ শিকাই
এনেকুৱা (দেৱী-দেৱতা) কৰি তুলিছিলোঁ। এতিয়া তোমালোক কি হৈ গ'লা। বুদ্ধিত উদয় হোৱা
উচিত নহয় জানো। আমি কিমান উচ্চ আছিলোঁ, পুনৰ্জন্ম লৈ লৈ একেবাৰে তলত আহি গৈছোঁ।
কড়িতুল্য হৈ গৈছোঁ। পুনৰ এতিয়া আমি পিতাৰ ওচৰলৈ যাওঁ। যিজন পিতাই আমাক বিশ্বৰ মালিক
কৰি তোলে। এয়া এটাই যাত্ৰা যেতিয়া আত্মাসকলে পিতাক পায়, গতিকে অন্তৰত সেই প্ৰীতি
থাকিব লাগে। তোমালোক সন্তানসকল যেতিয়া ইয়ালৈ আহা তেতিয়া বুদ্ধিত থাকিব লাগে যে আমি
সেইজন পিতাৰ ওচৰলৈ যাওঁ, যাৰ পৰা আমি আকৌ বিশ্বৰ বাদশ্বাহী পাওঁ। সেইজন পিতাই আমাক
শিক্ষা দিয়ে – সন্তানসকল, দৈৱীগুণ ধাৰণ কৰা। সৰ্ব শক্তিমান পতিত-পাৱন মোক পিতাক
স্মৰণ কৰা। মই কল্পই কল্পই আহি কওঁ যে মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া
বিকৰ্ম বিনাশ হ'ব। অন্তৰত এইটো উদয় হ’ব লাগে যে আমি বেহদৰ পিতাৰ ওচৰলৈ আহিছোঁ।
পিতাই কয় - মই গুপ্ত। আত্মাই কয় - মই গুপ্ত। তোমালোকে বুজি পোৱা যে আমি শিববাবাৰ
ওচৰলৈ যাওঁ, ব্ৰহ্মা দাদাৰ ওচৰলৈ যাওঁ। যি একত্ৰিত হৈ আছে তেওঁলোকক সাক্ষাৎ কৰিবলৈ
যাওঁ, যাৰ দ্বাৰা আমি বিশ্বৰ মালিক হৈ যাওঁ। অন্তৰত কিমান সীমাহীন আনন্দ থকা উচিত।
যেতিয়া মধুবনলৈ আহিব বাবে নিজৰ ঘৰৰ পৰা ওলোৱা তেতিয়া আনন্দতে অন্তৰ গদগদ (আপ্লুত)
হ’ব লাগে। পিতা আমাক পঢ়াবলৈ আহিছে, আমাক দৈৱীগুণ ধাৰণ কৰাৰ যুক্তি (উপায়) শুনায়।
ঘৰৰ পৰা ওলোৱাৰ সময়তে অন্তৰত এইটো আনন্দ থাকিব লাগে। যেনেকৈ কন্যাই পতিক লগ কৰিবলৈ
অলংকাৰ আদি পিন্ধে তেতিয়া চেহেৰাই প্ৰফুল্লিত হৈ যায়। তেওঁলোকে চেহেৰা প্ৰফুল্লিত
কৰে দুখ পাবলৈ। তোমালোকৰ চেহেৰা প্ৰফুল্লিত হয় সদায় সুখ পাবৰ কাৰণে। গতিকে এনেকুৱা
পিতাৰ ওচৰলৈ অহাৰ সময়ত কিমান আনন্দিত হোৱা উচিত। এতিয়া আমি বেহদৰ পিতাক পাইছোঁ।
সত্যযুগলৈ গ’লে আকৌ ডিগ্ৰী কম হৈ যাব। এতিয়াতো তোমালোক ব্ৰাহ্মণ; ঈশ্বৰীয় সন্তান
হোৱা। ভগৱানে বহি পঢ়ায়। তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয়, পঢ়ায় আকৌ পাৱন কৰি
লগতো লৈ যাব। আমি আত্মাসকল এতিয়া এই ছিঃ ছিঃ ৰাৱণৰাজ্যৰ পৰা মুক্ত হওঁ। অন্তৰ অপাৰ
আনন্দিত হোৱা উচিত - যিহেতু পিতাই বিশ্বৰ মালিক কৰি তোলে তেন্তে কিমান ভালকৈ পঢ়া
উচিত। বিদ্যাৰ্থীয়ে ভালদৰে পঢ়িলে তেতিয়া ভাল নম্বৰ লৈ উত্তীৰ্ণ হয়। সন্তানসকলে
কয় - বাবা আমিতো শ্ৰীনাৰায়ণ হ'ম। এয়া হয়েই সত্য-নাৰায়ণৰ কথা অৰ্থাৎ নৰৰ পৰা
নাৰায়ণ হোৱাৰ কথা (কাহিনী)। সেই মিছা কথাবোৰ জন্ম-জন্মান্তৰ শুনি আহিছা। এতিয়া
পিতাৰ পৰা তোমালোকে এবাৰেই সত্য কথা শুনা। সেয়া আকৌ ভক্তিমাৰ্গত প্ৰচলিত হৈ থাকে।
যেনেকৈ শিৱবাবাই জন্ম ল'লে তেওঁৰ আকৌ বছৰে বছৰে জয়ন্তী পালন কৰি আহিছে। তেওঁ কেতিয়া
আহিল, কি কৰিলে সেয়া একোৱেই নাজানে। বাৰু, কৃষ্ণ জয়ন্তী পালন কৰে, তেৱোঁ কেতিয়া
আহিল, কেনেকৈ আহিল, একোৱেই গম নাপায়। এনেকৈ কয় যে কংসপুৰীলৈ আহে, এতিয়া তেওঁ পতিত
সৃষ্টিত কেনেকৈ জন্ম ল'ব! সন্তানসকল কিমান আনন্দিত হোৱা উচিত - আমি বেহদৰ পিতাৰ
ওচৰলৈ যাওঁ। অনুভৱো শুনায় নহয় - মোৰ অমুকৰ দ্বাৰা কাঁড় লাগিল (জ্ঞান পালোঁ), বাবা
আহিছে…..। বচ্ সেই দিন ধৰি মই পিতাকেই স্মৰণ কৰোঁ।
এয়া হ'ল তোমালোকৰ
অতিকৈ শ্ৰেষ্ঠ পিতাৰ ওচৰলৈ অহাৰ যাত্ৰা। বাবাতো চৈতন্য, সন্তানসকলৰ ওচৰলৈ যায়ো। সেয়া
হ'ল জড় যাত্ৰা। ইয়াততো পিতা চৈতন্য হয়। যেনেকৈ আমি আত্মাসকলে কথা কওঁ তেনেকৈ তেওঁ
পৰমাত্মা পিতায়ো শৰীৰৰ দ্বাৰা কথা কয়। এই পঢ়া হৈছে ভৱিষ্যত 21 জন্ম শৰীৰ
নিৰ্বাহৰ কাৰণে। সেয়া (লৌকিকৰ পঢ়া) কেৱল এইটো জন্মৰ বাবে। এতিয়া কোনটো পঢ়া পঢ়িব
লাগে বা কোনটো বেপাৰ কৰিব লাগে? পিতাই কয় - দুয়োটা কৰা। সন্ন্যাসীসকলৰ দৰে
ঘৰ-সংসাৰ এৰি জংঘললৈ যাব নালাগে। এয়াতো প্ৰবৃত্তি মাৰ্গ, নহয় জানো। এই পঢ়া (স্ত্ৰী-পুৰুষ)
দুয়োৰে কাৰণে। সকলোৱেতো নপঢ়িবও। কোনোবাই ভালকৈ পঢ়িব, কোনোবাই কমকৈ। কাৰোবাৰ
একেবাৰে তৎক্ষণাৎ কাঁড় লাগি যাব। কোনোবাতো গৰম তাৱাৰ দৰে (গৰম তাৱাত পানী দিলে
শুকাই যোৱাৰ লেখীয়া বুদ্ধিত জ্ঞান ধাৰণ নহয়) কেৱল কৈ থাকিব। কোনোবাই কয় – হয়, মই
বুজিবলৈ চেষ্টা কৰিম। কোনোবাই ক'ব - এয়াতো একান্তত বুজিবলগীয়া কথা। বচ, তাৰ পাছত
নাইকিয়া হৈ যাব। কাৰোবাৰ জ্ঞানৰ কাঁড় লাগিলে তেতিয়া তৎক্ষণাৎ আহি বুজিব। কোনোবাই
আকৌ ক'ব - মোৰ আজৰি নাই। তেন্তে বুজিবা কাঁড় লগা নাই। চোৱা, বাবাই (ব্ৰহ্মা বাবাই)
কাঁড় লগাৰ (জ্ঞান পোৱাৰ) লগে লগে সকলো তৎক্ষণাৎ এৰি দিলে নহয়। বুজি পালে বাদশ্বাহী
পোৱা যায়, তাৰ তুলনাত এয়া কি! মইতো পিতাৰ পৰা বাদশ্বাহী ল'ব লাগে। এতিয়া পিতাই কয়
– সেই পেছাগত কাম-কাজ আদিও কৰা কেৱল এসপ্তাহ এই জ্ঞান ভালদৰে বুজি লোৱা। গৃহস্থালিৰো
তত্বাৱধান ল’ব লাগে। ৰচনাৰ প্ৰতিপালনো কৰিব লাগে। তেওঁলোকেতো (সন্ন্যাসীয়ে) ৰচনা কৰি
আকৌ পলাই যায়। পিতাই কয় - তোমালোকে ৰচনা কৰিছা যেতিয়া ভালদৰে তত্বাৱধান লোৱা। যদি
স্ত্রী বা সন্তানে তোমাৰ কথা মানে তেন্তে স্ত্ৰীগৰাকী ভাল, সন্তানটিও সুসন্তান। যদি
নুবুজে তেন্তে কুসন্তান। সুসন্তান নে কুসন্তান সেয়া গম পোৱা যায় নহয়। পিতাই কয় -
তোমালোক শ্ৰীমতত চলিলে শ্ৰেষ্ঠ হ'বাগৈ। নহ'লে উত্তৰাধিকাৰ পাব নোৱাৰিবা। পৱিত্র হৈ,
সুসন্তান হৈ নাম উজ্জ্বল কৰিবা। কাঁড় লাগি গ'লে তেতিয়া ক'ব – বচ্, এতিয়াতো মই সঁচা
উপাৰ্জন কৰিম। পিতা শিৱালয়লৈ লৈ যাবৰ বাবে আহিছে। গতিকে শিৱালয়লৈ যাবৰ কাৰণে আকৌ
লায়ক হ'ব লাগে। পৰিশ্ৰম কৰিবলগীয়া হয়। কোৱা, এতিয়া শিৱবাবাক স্মৰণ কৰা, মৃত্যু
সমাগত। কল্যাণতো তেওঁলোকৰো কৰিব লাগে নহয়। কোৱা, এতিয়া স্মৰণ কৰা তেতিয়া বিকৰ্ম
বিনাশ হ'ব। তোমালোক কন্যাসকলৰ কৰ্তব্য হ'ল নিজৰ ঘৰ আৰু শহুৰৰ ঘৰক উদ্ধাৰ কৰা,
যেতিয়াই তোমালোকক মতা হয় তোমালোকৰ কৰ্তব্য হ'ল তেওঁলোকৰ কল্যাণ কৰা। দয়াশীল হ'ব
লাগে। পতিত তমোপ্ৰধান মনুষ্যক সতোপ্ৰধান হোৱাৰ ৰাস্তা দেখুৱাব লাগে। তোমালোকে জানা
প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণা নিশ্চয় হ’ব লাগে। নৰকত সকলো পতিত আত্মা, সেইবাবেতো
গঙ্গাত স্নান কৰি পৱিত্ৰ হ'বলৈ যায়। প্ৰথমেতো বুজক যে আমি পতিত সেইবাবে পাৱন হ'ব
লাগে। পিতাই আত্মাসকলক কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ নাশ হৈ যাব।
সাধু-সন্ত আদি যিয়েই আছে - সকলোকে মোৰ এই বাৰ্তা দিয়া যে পিতাই কয় - মোক স্মৰণ কৰা।
এই যোগ অগ্নিৰ দ্বাৰা অথবা স্মৃতিৰ যাত্ৰাৰ দ্বাৰা তোমালোকৰ খাদ (আত্মাৰ বিকাৰৰ লেপ)
আঁতৰি যাব। তোমালোক পৱিত্ৰ হৈ মোৰ ওচৰলৈ আহি যাবা। মই তোমালোক সকলোকে লগত লৈ যাম।
যেনেকৈ বৃশ্চিক, বগাই গৈ থাকে, য’ত কোমল বস্তু দেখা পায় তাতে দংশন কৰি দিয়ে। পাথৰত
দংশন কৰি কি কৰিব! তোমালোকেও পিতাৰ পৰিচয় দিয়া। এইটোও পিতাই বুজাইছে - মোৰ ভক্তসকল
ক’ত থাকে! শিৱৰ মন্দিৰত, কৃষ্ণৰ মন্দিৰত, লক্ষ্মী-নাৰায়ণৰ মন্দিৰত। ভক্তসকলে মোৰ
ভক্তি কৰি থাকে। মোৰেই সন্তান হয় নহয়। মোৰ পৰাই ৰাজ্য লৈছিল, এতিয়া পূজ্যৰ পৰা
পূজাৰী হৈ গৈছে। দেৱতাসকলৰ ভক্ত হয় নহয়। এক নম্বৰ হৈছে শিৱৰ অব্যভিচাৰী ভক্তি। পুনৰ
অৱনমিত হৈ হৈ এতিয়াতো ভূত (পাঁচ তত্ত্বৰ) পূজা কৰিবলৈ ধৰিছে। শিৱৰ পূজাৰীসকলক
বুজাবলৈ সহজ হ’ব। এই সকলো আত্মাৰ পিতা হৈছে শিৱবাবা। স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে।
এতিয়া পিতাই কয় - মোক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব। মই তোমালোকক এই বাৰ্তা দিওঁ।
এতিয়া পিতাই কয় - পতিত-পাৱন, জ্ঞানৰ সাগৰ মই হওঁ। জ্ঞানো শুনাই আছোঁ। পাৱন হ’বৰ
কাৰণে যোগো শিকাই আছোঁ। ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা বাৰ্তা দি আছোঁ যে মোক স্মৰণ কৰা।
নিজৰ 84 জন্মক স্মৰণ কৰা। তোমালোকে ভক্তসকলক মন্দিৰত আৰু কুম্ভমেলাত পাবা। তাত
তোমালোকে বুজাব পাৰা। পতিত-পাৱন গংগা নে পৰমাত্মা?
গতিকে সন্তানসকলৰ এইটো
আনন্দ থকা উচিত যে আমি কাৰ ওচৰলৈ যাওঁ! কিমান সাধাৰণ। কি মহিমা কৰি দেখুৱাব!
শিৱবাবাই কি কৰিব যে গণ্যমান্য ব্যক্তিৰ দৰে দেখা যাব? সন্ন্যাসীয়ে কাপোৰতো পিন্ধিব
নোৱাৰে। পিতাই কয় - মইতো সাধাৰণ শৰীৰ লওঁ। তোমালোকেই ৰায় দিয়াচোন মই কি কৰোঁ? এই
ৰথখনৰ কি শোভা বৰ্দ্ধন কৰোঁ? তেওঁলোকে হুচেইনৰ ঘোঁৰা উলিয়ায়, ঘোঁৰাক শোভনীয় কৰি তোলে।
ইয়াত শিৱবাবাৰ ৰথক আকৌ ষাঁড় গৰু কৰি দিছে। ষাঁড়ৰ মস্তকত গোল গোল শিৱৰ চিত্ৰ দেখুৱায়।
এতিয়া শিৱবাবা ষাঁড় গৰুত ক’ৰ পৰা আহিব! মন্দিৰত ষাঁড় গৰু কিয় ৰাখিছে? শংকৰৰ বাহন
বুলি কয়। সূক্ষ্মলোকত শংকৰৰ বাহন থাকে জানো? এয়া সকলো হৈছে ভক্তিমাৰ্গ যিটো ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজেই
নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে এতিয়া মই সঁচা উপাৰ্জন কৰিম। নিজক শিৱালয়লৈ যোৱাৰ
লায়ক কৰি তুলিম। সুসন্তান হৈ শ্ৰীমতত চলি পিতাৰ নাম উজ্জ্বল কৰিম।
(2) দয়াশীল হৈ
তমোপ্ৰধান মনুষ্যক সতোপ্ৰধান কৰি তুলিব লাগে। সকলোৰে কল্যাণ কৰিব লাগে। মৃত্যুৰ আগতে
সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে।
বৰদান:
প্ৰত্যেক
মনুষ্য আত্মাক নিজৰ তিনিওকালৰ দৰ্শন কৰাওঁতা দিব্য দৰ্পণ হোৱা
তোমালোক সন্তানসকল
এতিয়া এনে দিব্য দৰ্পণ হোৱা যি দৰ্পণৰ দ্বাৰা প্ৰত্যেক মনুষ্য আত্মাই নিজৰ
তিনিওকালৰ দৰ্শন কৰিব পাৰে। তেওঁলোকে স্পষ্টকৈ দেখা পাওঁক যে কি আছিলোঁ আৰু এতিয়া
কি হওঁ, ভৱিষ্যতে কি হ’ব লাগে। যেতিয়া জানিব অৰ্থাৎ অনুভৱ কৰিব আৰু দেখিব যে
মুক্তিলৈ যোৱাৰ বা স্বৰ্গলৈ যোৱাৰ অনেক জন্মৰ যি তৃষ্ণা বা আশা সেয়া এতিয়া পূৰ্ণ
হ’ব তেতিয়া সহজে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ আকৰ্ষিত হৈ আহিব।
স্লোগান:
এক বল, এক ভৰসা - এই পাঠটি সদায় দৃঢ় কৰি ৰাখা তেতিয়া ভৱ সাগৰৰ মাজৰ পৰা সহজে ওলাই
যাবা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
উত্তৰাধিকাৰী গুণধাৰী
তেতিয়া প্ৰত্যক্ষ হ’ব যেতিয়া তোমালোকে নিজৰ পৱিত্ৰতাৰ আভিজাত্যত থাকিবা। ক’তো হদৰ
আকৰ্ষণত দৃষ্টি আকৰ্ষিত নহ’ব। উত্তৰাধিকাৰী অৰ্থাৎ অধিকাৰী। গতিকে যি ইয়াত সদায়
অধিকাৰী স্থিতিত থাকে, কেতিয়াও মায়াৰ অধীন নহয়, অধিকাৰীবোধৰ শুভ নিচাত থাকে, এনেকুৱা
অধিকাৰী স্থিতিধাৰীয়েই তাতো অধিকাৰী হয়।