16.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এয়া পুৰুষোত্তম হোৱাৰ সংগমযুগ, ইয়াত কোনো পাপ কর্ম কৰিব নালাগে”

প্ৰশ্ন:
সংগমত তোমালোক সন্তানসকলে কোনটো আটাইতকৈ শ্ৰেষ্ঠ পুণ্য কৰা?

উত্তৰ:
নিজক পিতাৰ প্ৰতি সমৰ্পিত কৰি দিয়া অর্থাৎ সম্পূর্ণ স্বাহা হৈ যোৱা, এয়া হ’ল আটাইতকৈ শ্ৰেষ্ঠ পুণ্য৷ এতিয়া তোমালোকে মমত্ব আঁতৰাই দিয়া৷ সতি-সন্ততি, ঘৰ-সংসাৰ সকলো পাহৰি যোৱা, এয়াই তোমালোকৰ ব্ৰত৷ তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল৷ এতিয়া তোমালোক বিকাৰী সম্বন্ধৰ পৰা মুক্ত হোৱা৷

গীত:
জ্বলে ন ক্যু পৰৱানা… (চগাপোকবোৰ জ্বলি নাযায় কিয়…)

ওঁম্শান্তি।
এয়া সকলো ভক্তিমার্গত পিতাৰ মহিমা কৰে৷ এয়া হ’ল চগাপোকসকলৰ (আত্মাসকলৰ) অগ্নি শিখাৰ (পৰমাত্মাৰ) প্ৰতি মহিমা, যিহেতু পিতা আহিছে তেন্তে কিয়নো জীৱন্তে তেওঁৰ হৈ নাযাওঁ৷ জীৱন্তে বুলি তেওঁকেই কোৱা হয় যিয়ে তুলি লয়৷ প্ৰথমে তোমালোক আসুৰিক পৰিয়ালৰ আছিলা, এতিয়া ঈশ্বৰীয় পৰিয়ালৰ হৈছা৷ ঈশ্বৰে আহি জীৱন্তে তোমালোকক তুলি লৈছে, যাক আকৌ শৰণাগতি বুলি কোৱা হয়৷ গায়ন কৰে নহয় – মই তোমাৰ শৰণত পৰিলোঁ... এতিয়া প্ৰভুৰ শৰণত তেতিয়া পৰিব যেতিয়া তেওঁ আহিব, নিজৰ শক্তি দেখুৱাব, চমৎকাৰ দেখুৱাব৷ তেৱেঁই সর্বশক্তিমান হয় নহয়৷ যথাযথ তেওঁৰ আকর্ষণো আছে নহয়৷ সকলো এৰুৱাই দিয়ে৷ যথাযথ যিসকল পিতাৰ পুত্ৰ আৰু কন্যা হয় তেওঁলোক আসুৰিক সম্প্ৰদায়ৰ সম্বন্ধৰ পৰা বিৰক্ত হৈ যায়৷ তেওঁলোকে কয় – বাবা কেতিয়া এই সম্বন্ধ আতঁৰিব৷ ইয়াত এই পুৰণি সম্বন্ধ পাহৰিবলগীয়া হয়৷ আত্মা যেতিয়া দেহৰ পৰা বিচ্ছিন্ন হৈ যায় তেতিয়া বন্ধন চিঙি যায়৷ এইসময়ত তোমালোকে জানা সকলোৰে বাবে মৃত্যু সমাগত আৰু এয়া যি বন্ধন আছে সকলো হৈছে বিকাৰী৷ এতিয়া সন্তানসকলে নির্বিকাৰী সম্বন্ধ বিচাৰে৷ নির্বিকাৰী সম্বন্ধত আছিলা পুনৰ বিকাৰী সম্বন্ধত আহিলা, পুনৰ আমাৰ নির্বিকাৰী সম্বন্ধ হ’ব৷ এই কথাবোৰ আন কাৰো বুদ্ধিত উদয় নহয়৷ সন্তানসকলে জানে – আমি আসুৰিক বন্ধনৰ পৰা মুক্ত হ’বলৈ পুৰুষার্থ কৰি আছোঁ৷ এজন পিতাৰ সৈতে যোগসূত্ৰ গঢ়া হয়৷ সেইফালে আছে এক ৰাৱণ, এইফালে আছে এক ৰাম৷ এই কথাবোৰ জগতে নাজানে। তেওঁলোকে কয়ো – ৰামৰাজ্য লাগে, কিন্তু গোটেই জগত ৰাৱণৰাজ্যত আছে, এয়া কোনেও বুজি নাপায়৷ ৰামৰাজ্যততো পৱিত্ৰতা, সুখ-শান্তি আছিল৷ সেয়া এতিয়া নাই৷ কিন্তু যি কয় সেয়া অনুভৱ নকৰে৷ গায়নো কৰা হয় – এই আত্মাসকল সকলো সীতা৷ এগৰাকী সীতাৰ কথা নহয়৷ এজন অর্জুন বা এগৰাকী দ্ৰৌপদীৰ কথাও নহয়৷ এয়াতো অনেকৰ কথা৷ দৃষ্টান্ত এজনৰ দিয়ে৷ তোমালোককো কোৱা হয় – তোমালোক সকলো অর্জুনৰ নিচিনা৷ তোমালোকে ক’বা – অর্জুনতো এই ভাগীৰথ হৈ গ’ল৷ পিতাই কয় – মই সাধাৰণ বৃদ্ধ শৰীৰৰ এইখন ৰথ লওঁ৷ তেওঁলোকে আকৌ চিত্ৰত ঘোঁৰা গাড়ী দেখুৱাই দিছে, ইয়াক অজ্ঞান বুলি কোৱা হয়৷ সন্তানসকলে বুজি পায় – এই শাস্ত্ৰ আদি যি আছে সকলোবোৰ ভক্তিমার্গৰ৷ এই কথাবোৰ কোনেও বুজিব নোৱাৰে, যেতিয়ালৈ বুজিবলৈ সাদিনৰ পাঠ্যক্ৰম নকৰে৷ ভক্তি বেলেগ৷ জ্ঞান, ভক্তি আৰু বৈৰাগ্য বুলি কয়৷ বাস্তৱত সন্ন্যাসীসকলৰ বৈৰাগ্য কোনো সঁচা বৈৰাগ্য নহয়, তেওঁলোকতো জংঘললৈ গৈ পুনৰ আহি চহৰত নিবাস কৰি ডাঙৰ ডাঙৰ ঘৰ আদি নির্মাণ কৰে৷ কেৱল কয় – আমি ঘৰ-সংসাৰ ত্যাগ কৰিছোঁ৷ তোমালোকৰ হৈছে গোটেই পুৰণি জগতৰ প্ৰতি বৈৰাগ্য৷ যথার্থ কথা এইটো, সেয়া হ’ল হদৰ (সীমিত) কথা সেইবাবে তাক হঠযোগ, হদৰ বৈৰাগ্য বুলি কোৱা হয়৷

তোমালোক সন্তানসকলে জানা – এই পুৰণি সৃষ্টি এতিয়া নাশ হ’ব সেইবাবে নিশ্চয় ইয়াৰ প্ৰতি বৈৰাগ্য জন্মা উচিত৷ বুদ্ধিয়েও কয়, নতুন ঘৰ সাজিলে তেতিয়া পুৰণি ঘৰ ভাঙি দিয়া হয়৷ তোমালোকে জানা – এতিয়া প্ৰস্তুতি চলি আছে৷ কলিযুগৰ পাছত পুনৰ সত্যযুগ নিশ্চয় আহিব৷ এতিয়া এয়া হৈছে পুৰুষোত্তম সংগমযুগ৷ পুৰুষোত্তম মাহো থাকে৷ তোমালোকৰ হ’ল পুৰুষোত্তম যুগ৷ পুৰুষোত্তম মাহত দান-পুণ্য আদি কৰে৷ তোমালোকে এই পুৰুষোত্তম যুগত সকলো স্বাহা কৰি দিয়া৷ তোমালোকে জানা – এই গোটেই জগতেই স্বাহা হ’ব৷ গতিকে গোটেই জগতৰ সর্বস্ব স্বাহা হোৱাৰ আগতে আমি কিয়নো নিজকে স্বাহা নকৰোঁ৷ ইয়াৰ বাবে তোমালোকে কিমান পুণ্য অৰ্জন কৰিবা৷ সেয়া হ’ল হদৰ পুৰুষোত্তম মাহ, এয়াতো বেহদৰ কথা৷ পুৰুষোত্তম মাহত বহুত আখ্যান শুনে, ব্ৰত নিয়ম ৰাখে৷ তোমালোকৰতো বহুত শ্ৰেষ্ঠ ব্ৰত৷ তোমালোকৰ যদিও সতি-সন্ততি, ঘৰ-সংসাৰ আদি সকলো আছে কিন্তু অন্তৰৰ মমত্ব নাইকিয়া হৈ গৈছে৷ তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল৷ তোমালোকে জানা – এয়া সকলো নাশ হৈ যাব৷ আমি পিতাৰ হৈছোঁ – পুৰুষোত্তম হ’বৰ কাৰণে৷ সকলো পুৰুষৰ ভিতৰত অর্থাৎ মনুষ্যৰ ভিতৰত উত্তম পুৰুষ এই লক্ষ্মী-নাৰায়ণ সন্মুখত থিয় হৈ আছে৷ এওঁলোকতকৈ উত্তম কোনো মনুষ্যই হ’ব নোৱাৰে৷ লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল৷ তোমালোক আহিছা এনেকুৱা পুৰুষোত্তম হ’বলৈ৷ সকলো মনুষ্য মাত্ৰেই সৎগতি পায়৷ মনুষ্যৰ আত্মা পুৰুষোত্তম হৈ যায় তেতিয়া আকৌ তেওঁলোকৰ থকা স্থানো এনেকুৱা উত্তম হোৱা উচিত৷ যেনেকৈ ৰাষ্ট্ৰপতি সকলোতকৈ উচ্চ পদবীত থাকে সেয়েহে তেওঁ থকাৰ বাবে ৰাষ্ট্ৰপতি ভৱন পায়৷ কিমান ডাঙৰ মহল, বাগিচা আদি থাকে৷ এয়া হ’ল ইয়াৰ কথা৷ ৰামৰাজ্যকতো তোমোলোকে জানা৷ তোমালোক সত্যযুগী পুৰুষোত্তম হোৱা তেতিয়া এই কলিযুগী পুৰুষোত্তম নাথাকিব৷ তোমালোকে সত্যযুগী পুৰুষোত্তম হ’বলৈ পুৰুষার্থ কৰি আছা৷ তোমালোকে জানা – আমাৰ মহল আদি কেনেকুৱাকৈ নির্মাণ কৰা হ’ব৷ কাইলৈ ৰামৰাজ্য হ’ব৷ তোমালোক ৰামৰাজ্যত পুৰুষোত্তম হ’বাগৈ৷ তোমালোকে প্ৰত্যাহ্বান জনোৱা যে আমি ৰাৱণৰাজ্যক পৰিৱর্তন কৰি ৰামৰাজ্য প্ৰতিষ্ঠা কৰিম৷ এতিয়া প্ৰত্যাহ্বান জনাইছা গতিকে ইজনে সিজনক পুৰুষোত্তম কৰি তুলিব লাগে - ভৱিষ্যত 21 জন্মৰ বাবে৷ দেৱতাসকলৰ মহিমা গায় - সর্বগুণ সম্পন্ন… অহিংসা পৰমো দেৱী-দেৱতা ধর্ম৷ তোমালোকে জানা আন কোনো মনুষ্যই নাজানে৷ তোমালোক পৰৱৰ্তী জন্মত পুৰুষোত্তম হ’বাগৈ তেতিয়া এই ৰাৱণৰাজ্যৰ কোনো নাথাকিব৷ এতিয়া তোমালোকৰ গোটেই জ্ঞান আছে৷ এতিয়া ৰাৱণৰাজ্যই নাশ হৈ যাব৷ আজিকালিতো সময়ৰো কোনো ভৰসা নাই, অকালতে মৃত্যু হৈ যায় অথবা কাৰোবাৰ শত্ৰুতা হ’ল তেতিয়া উৰুৱাই (হত্যা কৰি) দিয়ে৷ তোমালোককতো কোনেও উৰুৱাব নোৱাৰে৷ তোমালোক অবিনাশী পুৰুষোত্তম হোৱা, এয়া হ’ল বিনাশী, সেয়াও ৰাৱণৰাজ্যত৷ এওঁলোকে তোমালোকৰ দৈৱী ৰাজ্যৰ বিষয়ে গমেই নাপায়৷ তোমালোকে জানা – আমি শ্ৰীমতত নিজৰ নিজৰ দৈৱী স্বৰাজ্য প্ৰতিষ্ঠা কৰি আছোঁ৷ যাৰ পূজা হয় তেওঁলোকে নিশ্চয় ভাল কর্তব্য কৰি গৈছে৷ এয়া তোমালোকে জানা৷ চোৱা জগদম্বাৰ কিমান পূজা হয়৷ এতিয়া এওঁ হ’ল জ্ঞান-জ্ঞানেশ্বৰী৷ তোমালোক জগত অম্বাৰ কন্যা জ্ঞান-জ্ঞানেশ্বৰী আৰু ৰাজ-ৰাজেশ্বৰী হোৱা। দুয়োগৰাকীৰ ভিতৰত উত্তম কোন? জ্ঞান-জ্ঞানেশ্বৰীৰ ওচৰত গৈ অনেক প্ৰকাৰৰ মনোকামনা শুনায়৷ অনেক বস্তু বিচাৰে৷ জগদম্বাৰ মন্দিৰ আৰু লক্ষ্মী-নাৰায়ণৰ মন্দিৰৰ মাজত বহুত পার্থক্য আছে৷ জগদম্বাৰ মন্দিৰ বহুত সৰু৷ সৰু ঠাইত মনুষ্যই ভিৰ পচন্দ কৰে৷ শ্ৰীনাথৰ মন্দিৰত বহুত ভিৰ হয়, সমাগম নিয়ন্ত্ৰণ কৰিবলৈ কাপোৰৰ লাঠিৰে আঘাতো কৰি থাকে। কলিকতাত (এেতিয়া কোলকাতা) কালীৰ মন্দিৰ কিমান সৰু, ভিতৰত বহুত তেল আৰু পানী থাকে। ভিতৰলৈ বহুত সাৱধানেৰে যাবলগীয়া হয়। বহুত ভিৰ হয়। লক্ষ্মী-নাৰায়ণৰ মন্দিৰতো বহুত ডাঙৰ হয়। জগদম্বাৰ সৰু কিয়? গৰিব নহয় জানো৷ সেয়েহে মন্দিৰো গৰিবৰ৷ তেওঁলোক ধনৱান হয়, সেয়ে মন্দিৰত কেতিয়াও মেলা নহয়৷ জগদম্বাৰ মন্দিৰত বহুত মেলা হয়৷ বাহিৰৰ পৰা বহুত লোক আহে৷ মহালক্ষ্মীৰ মন্দিৰো আছে, এয়াও তোমালোকে জানা তাত লক্ষ্মীও আছে আৰু নাৰায়ণো আছে৷ তেওঁলোকৰ পৰা কেৱল ধন বিচাৰে কিয়নো তেওঁলোক ধনৱান হৈছে নহয়৷ ইয়াততো হৈছে আবিনাশী জ্ঞান ৰত্ন৷ ধনৰ বাবে লক্ষ্মীৰ ওচৰলৈ যায়, বাকী অনেক আশা ৰাখি জগদম্বাৰ ওচৰলৈ যায়৷ তোমালোক জগত অম্বাৰ সন্তান হোৱা৷ সকলোৰে মনোকামনা 21 জন্মৰ বাবে তোমালোকে পূর্ণ কৰা৷ এটাই মহামন্ত্ৰেৰে সকলোৰে মনোকামনা 21 জন্মৰ বাবে পূর্ণ কৰা৷ আনে যি মন্ত্ৰ আদি দিয়ে, তাত অর্থ একোৱেই নাই৷ পিতাই বুজায় – এই মন্ত্ৰও তোমালোকক কিয় দিওঁ, কিয়নো তোমালোক পতিত হোৱা নহয়৷ মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰিলে তেতিয়াহে পাৱন হ’বা৷ এয়া পিতাৰ বাহিৰে, আত্মাসকলক কোনেও ক’ব নোৱাৰে৷ ইয়াৰ দ্বাৰা সিদ্ধ হয়, এই সহজ ৰাজযোগ এজন পিতাইহে শিকায়৷ মন্ত্ৰও তেৱেঁই দিয়ে৷ 5 হাজাৰ বছৰ পূৰ্বেও মন্ত্ৰ দিছিল৷ এইটো স্মৃতি উদয় হৈছে৷ এতিয়া তোমালোক সন্মুখত বহি আছা৷ যীশুখ্ৰীষ্ট আহি গ’ল পাছত তেওঁৰ বাইবেল পঢ়ি থাকে৷ তেওঁ কি কৰি গ’ল? ধর্ম প্ৰতিষ্ঠা কৰি গ’ল৷ তোমালোকে জানা – শিৱবাবাই কি কৰি গ’ল৷ শ্ৰীকৃষ্ণই কি কৰি গ’ল! শ্ৰীকৃষ্ণতো সত্যযুগৰ ৰাজকুমাৰ আছিল, যিজনেই আকৌ নাৰায়ণ হ’ল আকৌ পুনর্জন্ম লৈ আহিছে৷ শিৱবাবায়ো কিবা কৰি গৈছে সেইবাবেতো তেওঁৰ ইমান পূজা আদি হয়৷ এতিয়া তোমালোকে জানা ৰাজযোগ শিকাই গৈছে, ভাৰতক স্বৰ্গ কৰি গঢ়ি গৈছে, যিখন স্বৰ্গৰ প্ৰথম মালিক নিজে নহ’ল, মালিকতো শ্ৰীকৃষ্ণই হ’ল। নিশ্চয় শ্ৰীকৃষ্ণৰ আত্মাক পঢ়ালে, তোমালোকে বুজি পাইছা। শ্ৰীকৃষ্ণৰ বংশাৱলী তোমালোক বহি আছা। ৰজা-ৰাণীক মাতা-পিতা অন্ন-দাতা বুলি কয়। ৰাজস্থানতো ৰজাক অন্ন-দাতা বুলি কোৱা হয়। ৰজাসকলৰ কিমান মান্যতা থাকে। আগতে সকলো ওজৰ আপত্তি ৰজাৰ ওচৰলৈ আহিছিল, দৰবাৰ বহিছিল। কোনোবাই ভুল কৰিলে তেতিয়া বহুত অনুতাপ কৰিছিল। আজিকালিতো কাৰাগাৰৰ কয়দী অনেক আছে। বাৰে বাৰে কাৰাগাৰলৈ যায়। এতিয়া তোমালোক সন্তানসকল গৰ্ভ কাৰাগাৰত যাব নালাগে। তোমালোকতো গৰ্ভ মহলত আহিব লাগে, সেইকাৰণে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব তেতিয়া কেতিয়াও গৰ্ভ কাৰাগাৰত যাবলগীয়া নহ’ব। তাত পাপ নহয়। সকলো গৰ্ভ মহলত থাকে, কেৱল কম পুৰুষাৰ্থ কৰাৰ বাবে কম পদ পায়। উচ্চ পদ পোৱাসকলৰ সুখো বহুত। ইয়াততো কেৱল 5 বছৰৰ বাবে ৰাজ্যপাল, ৰাষ্ট্ৰপতি নিযুক্ত কৰে। তোমালোকে বুজাব পাৰা যে ভাৰতেই দৈৱী ৰাজস্থান হৈছিল। এতিয়াতো ৰাজস্থানো নাই আৰু ৰজা-ৰাণীও নাই। আগতে কোনোবাই যদি চৰকাৰক ধন দিছিল তেতিয়া মহাৰজা মহাৰাণীৰ উপাধি পাই গৈছিল। ইয়াত তোমালোকৰতো হৈছে পঢ়াৰ কথা। ৰজা-ৰাণী কেতিয়াও পঢ়াৰ দ্বাৰা নহয়। তোমালোকৰ লক্ষ্য-উদ্দেশ্য হৈছে, এই পঢ়াৰ দ্বাৰা তোমালোক বিশ্বৰ মহাৰজা মহাৰাণী হোৱা। ৰজা-ৰাণীও নহয়। ৰজা-ৰাণীৰ উপাধি ত্ৰেতাৰ পৰা আৰম্ভ হয়।

এতিয়া তোমালোক জ্ঞান-জ্ঞানেশ্বৰী হোৱা পুনৰ ৰাজ-ৰাজেশ্বৰী হ’বাগৈ। কোনে গঢ়ি তুলিব? ঈশ্বৰে। কেনেকৈ? ৰাজযোগ আৰু জ্ঞানেৰে। ৰাজ্য-ভাগ্যৰ বাবে পিতাক স্মৰণ কৰিব লাগে। পিতাই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে, এয়াতো অতি সহজ হয় নহয়। স্বৰ্গ স্থাপন কৰোঁতাজন হয়েই ঈশ্বৰ পিতা। স্বৰ্গততো স্বৰ্গ স্থাপনা নকৰিব। নিশ্চয় তেওঁলোকে সংগমত পদ পায়, সেইকাৰণে ইয়াক সুন্দৰ কল্যাণকাৰী সংগমযুগ বুলি কোৱা হয়। পিতাই সন্তানসকলৰ কিমান কল্যাণ কৰে, যে স্বৰ্গৰ মালিক কৰি তোলে। কয়ো যে পৰমপিতা পৰমাত্মাই নতুন সৃষ্টি ৰচে, কিন্তু তাত কোনে ৰাজত্ব কৰে, এয়া কোনেও গম নাপায়। তোমালোকে বুজি পোৱা যে ৰামৰাজ্য বুলি কাক কোৱা হয়। তেওঁলোকেতো ৰামৰাজ্যক লাখ লাখ বছৰ দি দিছে। কলিযুগক 40 হাজাৰ বছৰ দি দিছে। পিতাই কয় - মই আহোঁৱেই সংগমত। আহি ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা কৰোঁ। সত্য-নাৰায়ণৰ কথাও এয়াই। সত্যযুগত তোমালোক লক্ষ্মী-নাৰায়ণ সৰ্বগুণ সম্পন্ন…. হোৱা। পুনৰ কলা কম হৈ গৈ থাকে। নতুন বৃক্ষ বুলি তেতিয়া কোৱা হয় যেতিয়া স্থাপনা হয়। নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া নতুন বুলি ক’ব। তোমালোকো যেতিয়া সত্যযুগত আহিবা তেতিয়া নতুন ৰাজধানী হ’ব পুনৰ কলা কম হৈ গৈ থাকে। স্থাপনা ইয়াতেই হয়। এই আচৰিত কথাবোৰ কাৰো বুদ্ধিত নাই। গতিকে পিতাই বুজাইছে যে সকলো আত্মাৰ বাবে এইটো যুগ হৈছে পুৰুষোত্তম হ’বৰ বাবে। জীৱনমুক্তিক পুৰুষোত্তম বুলি কোৱা হয়। জীৱনবন্ধনক পুৰুষোত্তম বুলি কোৱা নহ’ব। এই সময়ত সকলো জীৱন বন্ধনত আছে। পিতা আহি সকলোকে জীৱনমুক্ত কৰি তোলে। তোমালোক আধাকল্প জীৱনমুক্ত হ’বা পুনৰ জীৱন বন্ধন। এয়া তোমালোকে বুজি পোৱা। তোমালোকৰ ব্ৰত নিয়ম কি? বাবাই আহি ব্ৰত ৰখাইছে, খোৱা-বোৱাৰ কথা নহয়। সকলোবোৰ কৰা কেৱল এটাতো হৈছে পিতাক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। পুৰুষোত্তম মাহত অনেকে পৱিত্ৰও হৈ থাকে। বাস্তৱত এই পুৰুষোত্তম যুগৰ মান আছে সেয়েহে তোমালোকৰ কিমান আনন্দ, কিমান নিচা থকা উচিত। এতিয়া তোমালোকৰ দ্বাৰা কোনো পাপ কৰ্ম হ’ব নালাগে কিয়নো তোমালোক পুৰুষোত্তম হৈ আছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰুষোত্তম যুগত জীৱনমুক্ত হ’বলৈ পুণ্য কর্ম কৰিব লাগে৷ পৱিত্ৰ হৈ নিশ্চয় থাকিব লাগে৷ ঘৰ-সংসাৰ আদি সকলো থকা সত্ত্বেও অন্তৰৰ মমত্ব নাইকিয়া কৰি দিব লাগে৷

(2) শ্ৰীমতত নিজৰ তন-মন-ধনেৰে দৈৱী ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে৷ পুৰুষোত্তম কৰি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
সহযোগিতাৰ দ্বাৰা নিজক সহজযোগী কৰি তোলোতা নিৰন্তৰ যোগী হোৱা

সংগমযুগত পিতাৰ সহযোগী হৈ যোৱা - এয়াই সহজযোগী হোৱাৰ বিধি। যাৰ প্ৰতিটো সংকল্প, শব্দ আৰু কৰ্ম পিতাৰ বা নিজৰ ৰাজ্য স্থাপনাৰ কৰ্তব্যত সহযোগী হৈ থাকে, তেওঁক জ্ঞানী, যোগী আত্মা নিৰন্তৰ সঁচা সেৱাধাৰী বুলি কোৱা হয়। মনেৰে নহ’লে তনেৰে, তনেৰে নহ’লে ধনেৰে, ধনেৰেও নহ’লে যিহেৰে সহযোগী হ’ব পাৰি, তাৰে সহযোগী হোৱা, এয়াও যোগ। যেতিয়া হোৱাই পিতাৰ, তেন্তে পিতা আৰু তুমি — তৃতীয় যাতে কোনো নাথাকে - ইয়াৰ দ্বাৰা নিৰন্তৰ যোগী হৈ যাবা।

স্লোগান:
সংগমযুগত সহ্য কৰা অৰ্থাৎ মৰা মানেই স্বৰ্গৰ ৰাজ্য লোৱা।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

সময় অনুসৰি মনৰ, সম্বন্ধ-সম্পৰ্কৰ যি হিচাপ-নিকাচ বাকী আছে, সেয়া জ্বালা স্বৰূপ স্মৃতিৰে ভস্ম কৰা। একনিষ্ঠতা আছে, এই ক্ষেত্ৰত বাপাদাদায়ো উত্তীৰ্ণ কৰাই দিয়ে, কিন্তু এতিয়া এই একনিষ্ঠতাক অগ্নিৰ ৰূপত আনা। বিশ্বজুৰি চাৰিওফালে যি ভ্ৰষ্টাচাৰ অত্যাচাৰৰ অগ্নি জ্বলি আছে, সেয়া তোমালোক সন্তানসকলৰ যোগ-অগ্নিৰে, জ্বালা স্বৰূপ স্মৃতিৰে সমাপ্ত হৈ যাব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]