16.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পৰস্পৰ ইজনে-সিজনক পিতাৰ স্মৃতিত থকাৰ ইংগিত দি, সাৱধান কৰি উন্নতি সাধন কৰি থাকা”

প্ৰশ্ন:
পিতাৰ সমান জ্ঞানৱান হওঁতা সন্তানসকলৰ জীৱনৰ মুখ্য ধাৰণা শুনোৱা?

উত্তৰ:
তেওঁলোকে সদায় মিচিকিয়াই-হাঁহি থাকে, কেতিয়াও কোনো কথাত তেওঁলোকে কান্দিব নোৱাৰে। যিয়েই নহওঁক একো নতুন নহয়। এনেকৈ এতিয়া যিসকল জ্ঞানৱান অৰ্থাৎ ক্ৰন্দন মুক্ত হয়, কেতিয়াও কোনো কথাত অশান্ত নহয়, তেওঁলোকেহে স্বৰ্গৰ বাদশ্বাহী লাভ কৰে। যিসকলে কান্দিব তেওঁলোকে হেৰুৱাব, কন্দাসকলে নিজৰ পদ হেৰুৱায়।

গীত:
তুম্হে পাকে হমনে... (তোমাক পাই আমি...)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে নিজেই গোৱা গীতটি শুনিলে। সন্তানসকলে জানে আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ, সেয়েহে সন্তানসকলে কয় - বাবা আপোনাৰ পৰা যি বিশ্বৰ বাদশ্বাহী প্ৰাপ্ত কৰিছিলোঁ, সেয়া এতিয়া পুনৰাই প্ৰাপ্ত কৰি আছোঁ। সত্যযুগততো এনেকৈ গায়ন কৰা নহ’ব। এয়া সংগমযুগতহে তোমালোকে গাব পাৰা। ঘৰত বহি অথবা চাকৰি কৰিও তোমালোকে জানা যে আমি বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পুনৰাই লৈ আছোঁ। সেৱাকেন্দ্ৰসমূহতো সাৱধান কৰি দিয়া হয় যে পিতাক স্মৰণ কৰা আৰু এইটো স্মৃতিত ৰাখা যে আমি বিশ্বৰ মালিক হৈ আছোঁ। কোনো নতুন কথা নহয়। আমি কল্পই কল্পই পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী লওঁ। নতুন কোনোবাই যদি শুনে তেন্তে ভাবিব এওঁলোকে এওঁক (ব্ৰহ্মাক) শিৱবাবা বুলি কয়। এতিয়া তেওঁতো হ’ল নিৰাকাৰ আত্মাসকলৰ পিতা। আত্মা নিৰাকাৰ সেইদৰে পৰমাত্মা পিতাও নিৰাকাৰ। আত্মাক নিৰাকাৰ বুলি তেতিয়ালৈকে কোৱা হ’ব যেতিয়ালৈকে সাকাৰী ৰূপ নলয়। গতিকে সন্তানসকলে জানি গ'ল যে আমি বেহদৰ পিতাৰ পৰা এই জ্ঞান শুনি আছোঁ। আত্মিক শিক্ষকে পঢ়াই আছে, ইজন-সিজনক সাৱধান কৰি দিবলৈ। প্ৰথমে এইটো আত্মিক সকীয়নি পোৱা যায়। বেহদৰ পিতাৰ স্মৃতিতহে সকলো থাকে আৰু ইংগিত দিয়ে - পিতাৰ স্মৃতিত থাকা আৰু কোনোফালে বুদ্ধি যাব নালাগে সেয়েহে কোৱা হয় - আত্ম-অভিমানী হোৱা আৰু পিতাক স্মৰণ কৰা। তেওঁ হৈছে পতিত-পাৱন পিতা। এতিয়া সন্মুখত বহি কয় - মোক স্মৰণ কৰা। কিমান সহজ যুক্তি – ‘মনমনাভৱ’ শব্দটিও আছে, কিন্তু কোনোবাই বুজিলেহে। স্মৃতিৰ যাত্ৰা শিকাওঁতা এজনেই পিতা। তোমালোক সন্তানসকলেহে জানা যে আমি আত্মিক যাত্ৰাত আছোঁ। সেয়া হৈছে পাৰ্থিৱ (শাৰীৰিক) যাত্রা, এতিয়া আমি পাৰ্থিৱ যাত্ৰী নহয়। আমি হৈছোঁ আত্মিক যাত্ৰী। এইটো স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। তোমালোক বিকৰ্মাজিৎ হৈ যাবা। আৰু কোনো উপায় নাই যে তোমালোক বিকৰ্মাজিৎ হ’বা। এটা হৈছে বিকৰ্মাজিৎ চন, দ্বিতীয়টো হৈছে বিক্ৰম চন, পুনৰ বিকৰ্ম আৰম্ভ হয়। ৰাৱণ ৰাজ্য আৰম্ভ হ'ল আৰু বিকাৰ আৰম্ভ হ'ল। এতিয়া তোমালোক বিকৰ্মাজিৎ হ’বলৈ পুৰুষাৰ্থ কৰি আছা। তাত কোনো বিকৰ্ম নহয়, তাত ৰাৱণেই নাই। জগতত এইটো কোনেও নাজানে। তোমালোকে পিতাৰ দ্বাৰা সকলোবোৰ জানি গ'লা। পিতাকহে জ্ঞানৱান বুলি কোৱা হয় তেন্তে সন্তানসকলকহে জ্ঞান দিব নহয় জানো। ঈশ্বৰ পিতাৰ (গড্‌ ফাদাৰৰ) নামো থাকিব লাগে। নাম ৰূপৰ পৰা উপৰাম জানো হ'ব পাৰে। পূজা কৰে, তেওঁৰ নাম হৈছে শিৱ। তেৱেঁই পতিত-পাৱন, জ্ঞানৰ সাগৰ হয়। আত্মাই সেইজন পৰমপিতা পৰমাত্মা পিতাক স্মৰণ কৰে। আত্মাই পিতাৰ মহিমা গায়। তেওঁ সুখ-শান্তিৰ সাগৰ। পিতাইতো নিশ্চয় সন্তানসকলক উত্তৰাধিকাৰেই দিব। যিসকল হৈ যায়, তেওঁলোকৰ স্মাৰক তৈয়াৰ কৰে। এজন শিৱবাবাই আছে যাৰ গায়নো হয় আৰু পূজাও হয়। নিশ্চয় তেওঁ শৰীৰৰ দ্বাৰা কৰ্তব্য কৰে সেইবাবেতো তেওঁৰ গায়ন আছে। তেওঁ সৰ্বদা পৱিত্র হয়। পিতা কেতিয়াও পূজাৰী নহয়, তেওঁ সৰ্বদা পূজ্য। পিতাই কয় - মই কেতিয়াও পূজাৰী নহওঁ। মোক পূজা কৰা হয়। পূজাৰী লোকসকলে মোৰ পূজা কৰে। সত্যযুগততো মোৰ পূজা নকৰে। ভক্তি মাৰ্গত মোক পতিত-পাৱন পিতাক স্মৰণ কৰে। পোন-প্ৰথমে অব্যাভিচাৰী ভক্তি সেই এজনৰে হয় পুনৰ ব্যভিচাৰী ভক্তি হৈ যায়। ব্ৰহ্মা-সৰস্বতীকো সেইজন শিৱবাবাই বিশ্বৰ মালিক কৰি তোলে। ভক্তিৰ কিমান বিস্তাৰ আছে। বীজৰ কোনো বিস্তাৰ নাই।

পিতাই কয় - মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। বচ্‌, যেনেকৈ বৃক্ষৰ বিস্তাৰ হয় সেইদৰে ভক্তিৰো বহুত বিস্তাৰ আছে। জ্ঞান হৈছে বীজ। যেতিয়া তোমালোকে জ্ঞান প্ৰাপ্ত কৰা তেতিয়া সৎগতি পোৱা। তোমালোকে কোনো মগজ খটুৱাব নালাগে। জ্ঞান আৰু ভক্তি হয় নহয় জানো। সত্যযুগ-ত্ৰেতাত ভক্তিৰ বৃক্ষ নাথাকে। আধাকল্প এই ভক্তিৰ বৃক্ষ চলে। সকলো ধৰ্মাৱলম্বীৰে নিজৰ নিজৰ ৰীতি-প্ৰথা আছে। ভক্তিতো কিমান বিশাল। জ্ঞানতো সকলোৰে কাৰণে এটাই – বচ্‌ মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। ‘অল্ফ’ পিতাক স্মৰণ কৰা। পিতাক স্মৰণ কৰিলে তেতিয়া উত্তৰাধিকাৰ নিশ্চয় স্মৃতিলৈ আহিব। উত্তৰাধিকাৰৰ বিস্তাৰ হৈ যায় নহয় জানো। সেয়া হৈছে হদৰ (সীমিত) সম্পত্তি। ইয়াত তোমালোকৰ বেহদৰ সম্পত্তি স্মৃতিলৈ আহে। বেহদৰ পিতা আহি বেহদৰ উত্তৰাধিকাৰ ভাৰতবাসীক দিয়ে। তেওঁৰ জন্মও ইয়াতেই গায়ন কৰা হয়। এয়া এই নাটকত অনাদিৰে পৰা নিৰ্ধাৰিত হৈ আছে। যেনেকৈ ভগৱান উচ্চতকৈ উচ্চ, সেইদৰে ভাৰত খণ্ডও উচ্চতকৈ উচ্চ, য'ত পিতা আহি গোটেই জগতৰ সৎগতি কৰে। তেন্তে সকলোতকৈ ডাঙৰ তীৰ্থ হ'ল নহয় জানো। কয় - ঈশ্বৰ পিতা (গড্‌ ফাদাৰ) আমাক নিজৰ ঘৰলৈ লৈ যাওঁক। ভাৰতৰ প্ৰতি সকলোৰে স্নেহ আছে। পিতাও ভাৰততেই আহে। এতিয়া তোমালোকে পৰিশ্ৰম কৰি আছা। গোপী বল্লভৰ গোপ-গোপিনী তোমালোক হোৱা। সত্যযুগত গোপ-গোপিনীৰ কথা নাথাকে। তাততো নিয়ম অনুসৰি বাদশ্বাহী চলে। কৃষ্ণৰ চৰিত্ৰ (দৈৱী কৰ্মকাণ্ড) নাই, চৰিত্ৰ হৈছে এজন পিতাৰ। তেওঁৰ চৰিত্ৰ কিমান শ্ৰেষ্ঠ। গোটেই পতিত সৃষ্টিক পাৱন কৰি তোলে। এয়া তেওঁৰ কিমান চতুৰালী। এই সময়ত সকলো মনুষ্য মাত্ৰ অজামিলৰ দৰে পাপী। মনুষ্যই ভাবে এই সাধু আদি শ্ৰেষ্ঠাচাৰী হয়। পিতাই কয় - এওঁলোকৰো উদ্ধাৰ ময়েই কৰিব লাগে। যেনেকৈ তোমালোক ভাৱৰীয়া, পিতাও ভাৱৰীয়া হয় নহয় জানো। তোমালোকে 84 জন্ম লৈ ভূমিকা পালন কৰা। তেৱোঁ ৰচয়িতা, নিৰ্দেশক মুখ্য ভাৱৰীয়া হয়, কৰণকৰাৱনহাৰ হয় নহয় জানো। কি কৰে? পতিতসকলক পাৱন কৰি তোলে। পিতাই কয় - তোমালোকে মোক আহ্বান জনোৱা যে আহি আমাক পাৱন কৰি তোলক। ময়ো এই ভূমিকাত বান্ধ খাই আছোঁ। এনেকৈ কোনেও ক'ব নোৱাৰে। এয়া কিয় ৰচা হ'ল? কেতিয়া ৰচা হ'ল? এইখনতো অনাদি ৰচি থোৱা নাটক। ইয়াৰ আদি-মধ্য-অন্ত নাই, প্ৰলয় নহয়। আত্মা অবিনাশী হয়, কেতিয়াও বিনাশ হ'ব নোৱাৰে। এৱোঁ অবিনাশী ভূমিকা প্ৰাপ্ত কৰিছে। এইখন বেহদৰ নাটক হয় নহয় জানো। চমুকৈ পিতাই বহি বুজায়, এই নাটকৰ ভূমিকা কেনেকৈ চলে। বাকী এনেকুৱা নহয় পৰমাত্মা হয় গতিকে মৃতককো জীৱিত কৰি তুলিব পাৰে। এই অন্ধশ্ৰদ্ধাৰ, তন্ত্ৰ-মন্ত্ৰৰ কথাবোৰ ইয়াত নাই। মোকতো আহ্বানেই জনায় - হে পতিত-পাৱন আহক। আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক সেয়াতো যথাযথ আহে। গীতা সৰ্ব শাস্ত্ৰৰ শিৰোমণি হয়। ভগৱানেহে গীতা শুনাইছে। বাৰু, সহজ ৰাজযোগ কেতিয়া শিকালে? এইটোও তোমালোকে জানা। পিতা আহেই কল্পৰ সংগমযুগত। যেতিয়া আহি পাৱন সৃষ্টি নতুন ৰাজধানী স্থাপনা কৰে। সত্যযুগততো স্থাপনা নকৰিব নহয় জানো! তাততো হয়েই পাৱন সৃষ্টি। কল্পৰ সংগমযুগতহে কুম্ভৰ মেলা লাগে। সেই কুম্ভ মেলা 12 বছৰৰ পাছত লাগে। এয়া ডাঙৰ কুম্ভ মেলা 5 হাজাৰ বছৰৰ পাছত লাগে। এয়া হৈছে আত্মাসকল আৰু পৰমাত্মাৰ মেলা। যেতিয়া পৰমপিতা পৰমাত্মা আহি সকলো আত্মাক পাৱন কৰি লৈ যায়। কল্পৰ আয়ুস দীঘলীয়া কৰাৰ কাৰণেই মনুষ্য বিবুদ্ধিত পৰি গৈছে। এতিয়া তোমালোকে বুজি পোৱা। তোমালোকৰ যি আলোচনী প্ৰকাশ পায় সেয়াও তোমালোক সন্তানসকলে বুজিব পাৰা অন্য কোনেও বুজিব নোৱাৰে। পিতাই ক’লে - লিখি দিয়া যে যি কিছু হ’ল 5 হাজাৰ বছৰ পূৰ্বৰ দৰে, একো নতুন নহয়। যি 5 হাজাৰ বছৰ পূৰ্বে হৈছিল সেয়াই এতিয়া পুনৰাবৃত্তি হয়। যদি কোনোবাই এয়া বুজিব বিচাৰে তেন্তে আহি বুজক। এনেকুৱা যুক্তি ৰচনা কৰিব লাগে। আমি বাতৰি কাকতত কি প্ৰকাশ কৰিম! এইটোও তোমালোকে লিখিব পাৰা - এই মহাভাৰতৰ যুদ্ধই কেনেকৈ পাৱন সৃষ্টিৰ দ্বাৰ মুকলি কৰিব। সত্যযুগৰ স্থাপনা কল্প পূৰ্বৰ দৰে কেনেকৈ হয়, কেনেকৈ দেৱী-দেৱতাসকলৰ ৰাজধানী স্থাপনা হৈ আছে, আহি বুজক। ঈশ্বৰ পিতাৰ পৰা জন্মসিদ্ধ অধিকাৰ ল'ব বিচৰে যদি আহি লওঁক। এনেকৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। সেই লোকসকলে কাহিনী আদি ৰচনা কৰে সেয়াও নাটকত নিৰ্ধাৰিত হৈ আছে, যি ভূমিকা পালন কৰে। ব্যাসেও নাটকৰ পৰিকল্পনা অনুসৰি শাস্ত্ৰ আদি ৰচনা কৰিছে। ভূমিকাই এনেকুৱা প্ৰাপ্ত কৰিছে। এতিয়া তোমালোকে নাটকখনক বুজি গ’লা পুনৰ সেইখন নাটকেই পুনৰাবৃত্তি হ'ব। এতিয়া তোমালোক আহিছা পুনৰাই জ্ঞান শুনা। তোমালোকে জানা যে পুনৰাই এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হ'ব। বাকী সকলো ধৰ্ম নাশ হৈ যাব। এতিয়া তোমালোক জ্ঞানৱান হৈ আছা। বাবাই তোমালোকক নিজৰ সমান জ্ঞানৱান কৰি তোলে। তোমালোকে জানা আধাকল্প আমি শান্তিপূৰ্ণ হৈ থাকিম। কোনো প্ৰকাৰৰ অশান্তি নাথাকিব। তাত শিশু আদিয়ে কেতিয়াও নাকান্দে, সদায় মিচিকিয়াই-হাঁহি থাকিব। ইয়াতো তোমালোকে কান্দিব নালাগে। গায়নো আছে - অম্মা মৰিলে তেতিয়াও হালোৱা খোৱা.... যিসকলে কান্দিব তেওঁলোকে হেৰুৱাব। পদো ভ্ৰষ্ট হৈ যাব। তোমালোকে স্বামীৰো স্বামীক পাইছা যিজনে স্বৰ্গৰ বাদশ্বাহী দিয়ে। তেওঁতো কেতিয়াও নমৰেই, তেন্তে কন্দাৰ কি দৰকাৰ, যিসকল ক্ৰন্দন মুক্ত হয় তেওঁলোকেই বাদশ্বাহী লয়। বাকীসকলতো প্ৰজাত গুচি যাব। বাবাক যদি কোনোবাই সোধে এইটো অৱস্থাত মই কি হ'মগৈ? তেন্তে বাবাই কৈ দিব। সন্তানসকলে অন্তিমৰ ফালে সকলোবোৰ সাক্ষাৎকাৰ কৰিব। যেনেকৈ স্কুলত সকলোৱে গম পাই যায় নহয় জানো। ৰুদ্ৰ মালাৰ কোনসকল হয় - সেয়া অন্তিমৰ ফালে তোমালোকে গম পাই যাবা। যেতিয়া অন্তিম সময় হয় তেতিয়া বহুত পুৰুষাৰ্থ কৰে। বুজি পায় মই অমুক বিষয়টিত অনুত্তীৰ্ণ হ'ম। তোমালোকেও গম পাই যাবা। বহুতে কয় আমাৰ সন্তানৰ প্ৰতি মোহ আছে। সেয়াতো আঁতৰাবই লাগিব। মোহ ৰাখিব লাগে এজনৰ প্ৰতি, বাকী নিমিত্ত হৈ চম্ভালিব লাগে। এনেকৈ কয়ো নহয় - এই সকলোবোৰ পিতাই দিছে তেন্তে নিমিত্ত হৈ চলা। মমত্ব আঁতৰাই দিয়া। পিতাই নিজে আহি কয় - ইয়াৰ পৰা মমত্ব আঁতৰাই দিয়া। ধৰি লোৱা এই সকলোবোৰ তেওঁৰ, তেওঁৰ মততেই চলা। তেওঁৰ কাৰ্যতেই লাগি যোৱা। অবিনাশী জ্ঞান ৰত্নৰ দান কৰি থাকা। ইয়াত কন্যাসকলৰ কাৰণে পিতাৰ ওচৰত সকলোতকৈ বেছি সন্মান আছে। কন্যাসকল কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকে। পুত্ৰ সন্তানৰতো লৌকিক পিতাৰ উত্তৰাধিকাৰৰ নিচা থাকে। কন্যাসকলে লৌকিক পিতাৰ উত্তৰাধিকাৰ নাপায়। ইয়াত এইজন পিতাৰ ওচৰত পুৰুষ-মহিলাৰ ভেদ নাই। পিতাই আত্মাসকলক বহি বুজায়। তোমালোকে জানা আমি সকলো ভাই ভাই, পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। আত্মাই পঢ়ে, পিতাৰ পৰা উত্তৰাধিকাৰ লয়। যিমান বেছি উত্তৰাধিকাৰ ল'ব সিমান উচ্চ পদ পাব। বাবা আহি সকলোবোৰ কথা বুজায়। শিৱবাবা হৈছে নিৰাকাৰ, তেওঁৰ পূজাও কৰে। সোমনাথৰ মন্দিৰ নিৰ্মাণ কৰিছে। এইটো এতিয়া তোমালোকে জানা শিৱবাবা আহি কি কৰিলে! কিয় তেওঁৰ স্মাৰক মন্দিৰ নিৰ্মাণ কৰিছে? এইটোও তোমালোকে বুজি পোৱা। কল্পই কল্পই এনেকুৱাই হ'ব। নাটকত নিৰ্ধাৰিত হৈ আছে, সেয়াই পুনৰাবৃত্তি হৈ আছে। পিতা আহিবই লাগে। পুৰণি সৃষ্টিৰ বিনাশ হ'ব লাগে। কোনো বেজাৰ কৰিবলগীয়া কথা নহয়। এয়া অনাহকতে হোৱা তেজৰ খেল। অনাহকতে সকলোৰে মৃত্যু হ'ব। নহ'লে কোনোবাই কাৰোবাক হত্যা কৰিলে তেন্তে তেওঁৰ ফাঁচীৰ শাস্তি হৈ যাব। এতিয়া কাক ধৰিব। এয়াতো প্ৰাকৃতিক দুৰ্যোগ আহিবই। বিনাশতো হ'বই। অমৰলোক, মৃত্যুলোকৰ অৰ্থও কোনেও নাজানে। তোমালোকে জানা আজি আমি মৃত্যুলোকত আছোঁ, কালিলৈ আমি অমৰলোকত থাকিমগৈ, সেয়েহে আমি পঢ়োঁ। মনুষ্যতো ঘোৰ অন্ধকাৰত আছে। তোমালোকে জ্ঞান অমৃত পান কৰোঁৱা, ‘হয়’ ‘হয়’ বুলি কৈ পুনৰ নিদ্ৰাত শুই পৰে। শুনেও যে বেহদৰ পিতাই উত্তৰাধিকাৰ দি আছে। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ যাৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হয়। লিখেও যে বহুত ভাল, এই জ্ঞান কোনেও দিব নোৱাৰে। আমি মানো, বচ্‌। নিজে অলপো জ্ঞান ধাৰণ নকৰে পুনৰ শুই পৰে, ইয়াক কোৱা হয় কুম্ভকৰ্ণ। তোমালোকে ক'ব পাৰা যে লিখিতো দিয়ে কিন্তু এনেকুৱা হ’ব নালাগে যে ইয়াৰ পৰা গৈ ঘৰত শুই যাব। কুম্ভকৰ্ণৰ চিত্ৰৰ আগত লৈ যাব লাগে, এওঁৰ দৰে শুই নাযাব। বুজাবলৈ বহুত যুক্তি লাগে নহয় জানো।

বাবাই কয় সন্তানসকল, নিজৰ দোকানতো মুখ্য মুখ্য চিত্ৰসমূহ ৰাখা। যিয়েই আহে তাৰ ওপৰত বুজোৱা। সেয়াও লেনদেন কৰোৱা, এয়াও সঁচা লেনদেন হয়। ইয়াৰ দ্বাৰা তোমালোকে বহুতৰে কল্যাণ কৰিব পাৰা। ইয়াত লাজ কৰাৰ কোনো কথা নাই। কোনোবাই কয় - বী.কে. হৈছা। কোৱা, হেৰ’ প্ৰজাপিতা ব্ৰহ্মাৰ কুমাৰ-কুমাৰীতো আপোনালোকো হয় নহয় জানো। পিতাই নতুন সৃষ্টি ৰচনা কৰি আছে। পুৰণি সৃষ্টিত জুই লাগি আছে। আপোনালোকো যেতিয়ালৈকে বী.কে. নহয় তেতিয়ালৈকে স্বৰ্গলৈ যাব নোৱাৰিব। এনেকৈ দোকানত সেৱা কৰা তেন্তে কিমান বেহদৰ সেৱা হৈ যাব। নিজৰ মাজত ৰায় লোৱা, দোকান সৰু হ’লে তেতিয়াও দেৱালত চিত্ৰসমূহ লগাব পাৰা। সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। পোন-প্ৰথমে তেওঁলোকৰ কল্যাণ কৰিব লাগে। পিতাই কয় - এতিয়া কোনো দেহধাৰীক স্মৰণ নকৰিবা। শিৱবাবাক স্মৰণ কৰা, যাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। মনুষ্যতো বেচেৰাহঁত বিবুদ্ধিত পৰি আছে। ক'ব লাগে – যদি দৈৱী বিশ্বৰ স্বতন্ত্ৰতা পাব বিচাৰে, নৰৰ পৰা নাৰায়ণ হ'ব বিচাৰে তেন্তে আহি হওঁক। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এক পিতাৰ প্ৰতিয়ে শুদ্ধ সঁচা মোহ ৰাখিব লাগে, তেওঁকেই স্মৰণ কৰিব লাগে। দেহধাৰীসকলৰ প্ৰতি থকা মমত্ব আঁতৰাই দিব লাগে। নিমিত্ত হৈ চম্ভালিব লাগে।

(2) বিকৰ্মাজিৎ হ'ব লাগে সেয়েহে কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো ধৰণৰ বিকৰ্ম যাতে নহয়, ইয়াৰ প্ৰতি বহুত ধ্যান দিব লাগে।

বৰদান:
নিজৰ শ্ৰেষ্ঠ স্বৰূপ বা শ্ৰেষ্ঠ নিচাত স্থিৰ হৈ অলৌকিকতাৰ অনুভৱ কৰাওঁতা অন্তৰ্মুখী হোৱা

যেনেকৈ তৰামণ্ডলত বিশেষ তৰাৰ উজ্জ্বলতা দূৰৈৰ পৰাই অনন্য আৰু মনোমোহা হয়, তেনেকৈ তোমালোক তৰাসকল সাধাৰণ আত্মাসকলৰ মাজত এক বিশেষ আত্মা হিচাপে দেখা দিয়া। সাধাৰণ ৰূপত থাকিলেও স্থিতি অসাধাৰণ বা অলৌকিক হ’লে সংগঠনৰ মাজত ঈশ্বৰৰ লোক যেন দেখা যাব। ইয়াৰ বাবে অন্তৰ্মুখী হৈ আকৌ বৰ্হিমুখীতাত অহাৰ অভ্যাস কৰা। সদায় নিজৰ শ্ৰেষ্ঠ স্বৰূপ বা নিচাত স্থিৰ হৈ, জ্ঞানৱানৰ লগতে শক্তিশালী হৈ জ্ঞান দিয়া, তেতিয়া অনেক আত্মাক অনুভৱী কৰি তুলিব পাৰিবা।

স্লোগান:
ৰাৱণৰ সম্পত্তি নিজৰ লগত ৰাখি থলে অন্তৰত ‘দিলৰাম’ থাকিব নোৱাৰে।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

তোমালোক হৈছা দাতাৰ সন্তান, সকলোকে দিওতা মাষ্টৰ দাতা। তোমালোকে নিজৰ এক ছেকেণ্ডৰ দৃষ্টিৰে, অমূল্য বাণীৰে তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা দূৰ কৰা। দুৱাৰ ডলিলৈ অহা কোনো ভোকাতুৰ আত্মা যাতে খালী হাতেৰে উভতি নাযায়। যেনেকৈ সাকাৰত কৰি দেখুৱালে, কোনো আত্মা অসন্তুষ্ট হৈ যোৱা নাছিল। গতিকে আত্মা যেনেকুৱাই নহওক কিয়, যাতে সন্তুষ্ট হৈ যায়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]