17.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“যেতিয়া এই ভাৰত স্বৰ্গ আছিল তেতিয়া তোমালোক একেবাৰে আলোকত আছিলা, এতিয়া অন্ধকাৰ,
পুনৰ আলোকলৈ ব'লা”
প্ৰশ্ন:
পিতাই নিজৰ
সন্তানসকলক কোনটো এটা কাহিনী শুনাবলৈ আহিছে?
উত্তৰ:
পিতাই কয় মৰমৰ সন্তানসকল - মই তোমালোকক 84 জন্মৰ কাহিনী শুনাওঁ। তোমালোক যেতিয়া
প্ৰথম জন্মত আছিলা তেতিয়া এটাই দৈৱী ধৰ্ম আছিল আকৌ তোমালোকেই দুটা যুগৰ পাছত ডাঙৰ
ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিছা। ভক্তি আৰম্ভ কৰিছা। এতিয়া তোমালোকৰ এয়া অন্তিমৰো অন্তৰ
জন্ম। তোমালোকে আহ্বান জনালা - দুখহৰ্তা সুখকৰ্তা আহক...... এতিয়া মই আহিছোঁ।
গীত:
আজ অন্ধেৰে মে
হে ইন্চান……. (মনুষ্য আজি অন্ধকাৰত…….)
ওঁম্শান্তি।
তোমালোক
সন্তানসকলে জানা এতিয়া এয়া কলিযুগী সৃষ্টি, সকলো অন্ধকাৰত আছে। প্ৰথমে আলোকত আছিল,
যেতিয়া ভাৰত স্বৰ্গ আছিল। এই ভাৰতবাসীয়েই যিসকলে এতিয়া নিজক হিন্দু বুলি কয় এওঁলোক
আচলতে দেৱী-দেৱতা আছিল। ভাৰতত স্বৰ্গবাসীসকল আছিল যেতিয়া আৰু কোনো ধৰ্ম নাছিল। এটাই
ধৰ্ম আছিল। ‘স্বৰ্গ’, ‘বৈকুণ্ঠ’, ‘বহিস্ত’, ‘হেভেন’ - এই সকলোবোৰ এই ভাৰতৰ নাম আছিল।
ভাৰত পৱিত্ৰ আৰু প্ৰাচীন চহকী আছিল। এতিয়াতো ভাৰত কঙাল কিয়নো এতিয়া কলিযুগ। তোমালোকে
জানা যে আমি অন্ধকাৰত আছোঁ। যেতিয়া স্বৰ্গত আছিলোঁ তেতিয়া আলোকত আছিলোঁ। স্বৰ্গৰ
সম্ৰাজ্ঞী, সম্ৰাট শ্ৰীলক্ষ্মী-নাৰায়ণ আছিল। সেইখনক সুখধাম বুলি কোৱা হয়। পিতাৰ
পৰাহে তোমালোকে স্বৰ্গৰ উত্তৰাধিকাৰ ল'ব লাগে, যাক জীৱনমুক্তি বুলি কোৱা হয়। এতিয়াতো
সকলো জীৱন বন্ধনত আছে। বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে বাকী গোটেই সৃষ্টি ৰাৱণৰ
কাৰাগাৰত, শোকৰ কুটীৰত আছে। এনেকুৱা নহয় যে ৰাৱণ কেৱল লংকাত আছিল আৰু ৰাম ভাৰতত
আছিল, তেওঁ আহি সীতাক হৰণ কৰিলে। এই সকলোবোৰ হৈছে মনে সজা কথা। গীতা হৈছে মুখ্য,
সকলো শাস্ত্ৰৰ ভিতৰত শিৰোমণি শ্ৰীমত অৰ্থাৎ ভগৱানে ভাৰতত শুনোৱা। মনুষ্যইতো কাৰো
সৎগতি কৰিব নোৱাৰে। সত্যযুগত আছিল জীৱনমুক্ত দেৱী-দেৱতাসকল, যিসকলে এই উত্তৰাধিকাৰ
কলিযুগৰ অন্তত পাইছিল। ভাৰতবাসীয়ে এইটো গমেই নাপায়, কোনো শাস্ত্ৰতো নাই। শাস্ত্ৰত
আছে ভক্তিমাৰ্গৰ জ্ঞান। সৎগতি মাৰ্গৰ জ্ঞান মনুষ্য মাত্ৰৰ একেবাৰেই নাই। সকলো ভক্তি
শিকাওঁতা। ক'ব শাস্ত্ৰ পঢ়া, দান-পুণ্য কৰা। এই ভক্তি দ্বাপৰৰ পৰা চলি আহে। সত্যযুগ
আৰু ত্ৰেতাত হৈছে জ্ঞানৰ প্ৰালব্ধ। এনেকুৱা নহয় যে তাতো জ্ঞান চলি আহি থাকে। এয়া যি
উত্তৰাধিকাৰ ভাৰতৰ আছিল সেয়া পিতাৰ পৰা সংগমযুগতহে পাইছিল যি পুনৰ এতিয়া তোমালোকে
প্ৰাপ্ত কৰি আছা। ভাৰতবাসী যেতিয়া নৰকবাসী বেহদৰ দুখী হৈ যায় তেতিয়া আহ্বান জনায় -
হে পতিত-পাৱন দুখহৰ্তা সুখকৰ্তা। কাৰ? সকলোৰে কিয়নো ভাৰত বিশেষভাৱে আৰু সাধাৰণভাৱে
বাকী গোটেই সৃষ্টিত সকলোৰে 5টা বিকাৰ আছে। পিতা হৈছে পতিত-পাৱন। পিতাই কয় - মই
কল্পই কল্পই, কল্পৰ সংগমত আহোঁ। সকলোৰে সৎগতি দাতা হওঁ। অহল্যাসকল, গণিকাসকল আৰু
যিসকল গুৰুলোক আছে তেওঁলোক সকলোকে উদ্ধাৰ ময়েই কৰিবলগীয়া হয় কিয়নো এইখনতো হয়েই পতিত
সৃষ্টি। পাৱন সৃষ্টি সত্যযুগক কোৱা হয়। ভাৰতত এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল।
ভাৰতবাসীয়ে এইটো নাজানে যে এওঁলোক স্বৰ্গৰ মালিক আছিল। পতিত খণ্ড মানে মিছা খণ্ড,
পাৱন খণ্ড মানে সঁচা খণ্ড। ভাৰত পাৱন খণ্ড আছিল, এই ভাৰত হৈছে অবিনাশী খণ্ড, যাৰ
কেতিয়াও বিনাশ নহয়। যেতিয়া এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল তেতিয়া অন্য কোনো
খণ্ড নাছিল। সেই সকলোবোৰ পাছত আহে। মনুষ্যইতো কল্প লাখ লাখ বছৰ বুলি লিখি দিছে।
পিতাই কয় - কল্পৰ আয়ুস 5 হাজাৰ বছৰ। তেওঁলোকে আকৌ কৈ দিয়ে মনুষ্যই 84 লাখ জন্ম লয়।
মনুষ্যক কুকুৰ, মেকুৰী, গাধ আদি সকলো কৰি দিছে। কিন্তু কুকুৰ, মেকুৰীৰ জন্ম বেলেগ,
84 লাখ বিভিন্নতা আছে। মনুষ্যৰ বিভিন্নতাতো এটাই। তেওঁলোকৰে 84 জন্ম হয়। পিতাই কয় -
ভাৰতবাসীয়ে নিজৰ ধৰ্মক ড্ৰামাৰ পৰিকল্পনা অনুসৰি পাহৰি গৈছে। কলিযুগৰ অন্তত একেবাৰে
পতিত হৈ গৈছে। পুনৰ পিতা সংগমত আহি পাৱন কৰি তোলে, এইখনক কোৱা হয় দুখধাম পুনৰ ভাৰত
সুখধাম হ'ব। পিতাই কয় - হে সন্তানসকল, তোমালোক ভাৰতবাসী, স্বৰ্গবাসী আছিলা পুনৰ
তোমালোকে 84 জন্মৰ ছিৰি নামা। সতোৰ পৰা ৰজো-তমোত নিশ্চয় আহিব লাগে। তোমালোক
দেৱতাসকলৰ নিচিনা ধনৱান সৰ্বদা সুখী, সৰ্বদা স্বাস্থ্যৱান, ধনৱান কোনো নহয়। ভাৰত
কিমান চহকী আছিল, হীৰা-মুকুতাতো পাথৰ সদৃশ আছিল। দুটা যুগৰ পাছত ভক্তিমাৰ্গত ইমান
ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে। সেয়াও কিমান শ্ৰেষ্ঠ মন্দিৰ নিৰ্মাণ কৰিলে। সোমনাথৰ
মন্দিৰ আটাইতকৈ ডাঙৰ আছিল। কেৱল এটা মন্দিৰেতো নাথাকিব নহয়। অন্যান্য ৰজাসকলৰো
মন্দিৰ আছিল। কিমান লুটি লৈ গৈছে। পিতাই তোমালোক সন্তানসকলক সোঁৱৰাই দিয়ে। তোমালোকক
কিমান চহকী কৰি তুলিছিলোঁ। তোমালোক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন আছিলা যেনেকুৱা
মহাৰজা-মহাৰাণী। তেওঁলোকক ভগৱান-ভগৱতী বুলিও ক'ব পাৰি। কিন্তু পিতাই বুজাইছে -
ভগৱান এজন, তেওঁ পিতা হয়। কেৱল ঈশ্বৰ বা প্ৰভু বুলি ক'লেও স্মৃতিলৈ নাহে যে তেওঁ
সকলো আত্মাৰে পিতা। পিতাই বহি কাহিনী শুনায়। এয়া তোমালোকৰ বহুত জন্মৰো অন্তৰ জন্ম।
এজনৰ কথা নহয়, কোনো যুদ্ধক্ষেত্ৰ আদিও নাই। ভাৰতবাসীয়ে এইটো পাহৰি গৈছে যে তেওঁলোকৰ
ৰাজত্ব আছিল। সত্যযুগৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ কাৰণে বহুত দূৰলৈ লৈ গ'ল। পিতা আহি
বুজায়- মনুষ্যক ভগৱান বুলি ক'ব নোৱাৰি। মনুষ্যই কাৰো সৎগতি কৰিব নোৱাৰে। প্ৰবাদ আছে
- সকলোৰে সৎগতি দাতা, পতিতসকলৰ পাৱন কৰ্তা এজনেই। এজনে সঁচা বাবা যি সঁচাখণ্ড
স্থাপন কৰোঁতা হয়। পূজাও কৰে কিন্তু ভক্তিমাৰ্গত তোমালোকে যাক পূজা কৰি আহিছা, এজনৰো
জীৱন বৃত্তান্ত নাজানে সেয়েহে পিতাই বুজায়, তোমালোকে শিৱজয়ন্তীতো পালন কৰা নহয়। পিতা
হৈছে নতুন সৃষ্টিৰ ৰচয়িতা, স্বৰ্গ স্থাপন কৰোঁতা ঈশ্বৰ পিতা। বেহদৰ সুখ দিওঁতা।
সত্যযুগত বহুত সুখ আছিল। সেয়া কেনেকৈ আৰু কোনে স্থাপন কৰিলে? এই পিতাইহে বহি বুজায়।
নৰকবাসীসকলক আহি স্বৰ্গবাসী কৰি তোলা বা ভ্ৰষ্টাচাৰীসকলক শ্ৰেষ্ঠাচাৰী দেৱতা কৰি
তোলা, এয়াতো পিতাৰহে কাম। পিতাই কয় - মই তোমালোক সন্তানসকলক পাৱন কৰি তোলোঁ।
তোমালোক স্বৰ্গৰ মালিক হোৱা। তোমালোকক পতিত কোনে কৰে? এই ৰাৱণে। মনুষ্যই কৈ দিয়ে
দুখো ঈশ্বৰেই দিয়ে। পিতাই কয় - মইতো সকলোকে ইমান সুখ দিওঁ যে পাছত আধাকল্প তোমালোকে
পিতাক স্মৰণ কৰিবলগীয়া নহয়। পুনৰ যেতিয়া ৰাৱণৰাজ্য হয় তেতিয়া সকলোকে পূজা কৰিবলৈ
লাগি যায়। এয়া হৈছে তোমালোকৰ বহুত জন্মৰ অন্তিমৰো অন্তৰ জন্ম। কয় - বাবা আমি কিমান
জন্ম ল'লোঁ? বাবাই কয় – মৰমৰ ভাৰতবাসীসকল, হে আত্মাসকল, এতিয়া তোমালোকক বেহদৰ
উত্তৰাধিকাৰ দিওঁ। সন্তানসকল, তোমালোকে 84 জন্ম লৈছা। এতিয়া তোমালোকে 21 জন্মৰ কাৰণে
পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহিছা। সকলোৱেতো একেলগে নাহিব। তোমালোকেই সত্যযুগৰ
সূৰ্যবংশী পদ পুনৰ লোৱা অৰ্থাৎ সঁচা সত্য বাবাৰ পৰা সত্য নৰৰ পৰা নাৰায়ণ হোৱাৰ
জ্ঞান শুনা। এয়া হৈছে জ্ঞান, সেয়া হৈছে ভক্তি। শাস্ত্ৰ আদি সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ কাৰণে। সেয়া জ্ঞানমাৰ্গৰ নহয়। এয়া হৈছে আধ্যাত্মিক আত্মিক জ্ঞান।
সৰ্বোচ্চ আত্মাই বহি জ্ঞান দিয়ে। সন্তানসকলেই দেহী-অভিমানী হ'ব লাগে। নিজক আত্মা
বুলি নিশ্চয় কৰি মামেকম্ স্মৰণ কৰা। পিতাই বহি বুজায় - আত্মাতেই ভাল বা বেয়া
সংস্কাৰ থাকে, সেই অনুসৰিয়ে মনুষ্যই ভাল বা বেয়া জন্ম পায়। পিতাই বহি বুজায় এওঁলোক
যি পাৱন আছিল, অন্তিম জন্মত পতিত হ'ল, ততত্বম্ অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰতো একে কথা,
মই পিতা এই পুৰণি ৰাৱণৰ সৃষ্টিলৈ, পতিত সৃষ্টিলৈ আহিবলগীয়া হয়। আহিবও তেওঁৰ শৰীৰত
লাগে যি পুনৰ প্ৰথম নম্বৰত যাব লাগে। সূৰ্যবংশীয়েহে পূৰা 84 জন্ম লয়। এয়া হৈছে
ব্ৰহ্মা আৰু ব্ৰহ্মাবংশী ব্ৰাহ্মণ। পিতাইতো নিতৌ বুজায়। পাথৰবুদ্ধিক পাৰসবুদ্ধি কৰি
তোলাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। হে আত্মাসকল, এতিয়া দেহী-অভিমানী হোৱা। হে
আত্মাসকল, এজন পিতাক স্মৰণ কৰা আৰু দেহৰ সম্বন্ধ ত্যাগ কৰা। মৰিবতো সকলোৱে লাগিব।
সকলোৰে বানপ্ৰস্থ অৱস্থা। এজন সৎগুৰু অবিহনে সকলোৰে সৎগতি দাতা কোনো হ'ব নোৱাৰে।
পিতাই কয় - হে ভাৰতবাসী সন্তানসকল, তোমালোক পোন-প্ৰথমে মোৰ পৰা বিচ্ছিন্ন হৈছা।
গায়ন কৰা হয় - আত্মা-পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকাল....... পোন-প্ৰথমে তোমালোক
ভাৰতবাসী দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল আহিছা। অন্য ধৰ্মাৱলম্বীসকলৰ কম জন্ম হয়। গোটেই
চক্ৰ কেনেকৈ ঘূৰে সেয়া পিতাই বহি বুজায়। যিয়ে ধাৰণ কৰাব নোৱাৰে, তেওঁলোকৰ কাৰণেও
বহুত সহজ। আত্মাসকলে ধাৰণ কৰে, পুণ্য আত্মা, পাপ আত্মা হয় নহয়। তোমালোকৰ এইটো 84তম
অন্তিম জন্ম। তোমালোক সকলো বানপ্ৰস্থ অৱস্থাত আছা। বানপ্ৰস্থ অৱস্থাৰ লোকসকলে গুৰুৰ
শৰণ লয় মন্ত্ৰ ল'বৰ কাৰণে। তোমালোকেতো এতিয়া দেহধাৰী গুৰুৰ শৰণ লোৱাৰ দৰকাৰ নাই।
তোমালোক সকলোৰে মই পিতা, শিক্ষক, গুৰু হওঁ। মোক কয়ো - হে পতিত-পাৱন শিৱবাবা। এতিয়া
স্মৃতি উদয় হৈছে। সকলো আত্মাৰ পিতা, আত্মা সত্য, চৈতন্য কিয়নো অমৰ হয়। সকলো
আত্মাতেই ভূমিকা নিহিত হৈ আছে। পিতাও সত্য চৈতন্য হয়। তেওঁ মনুষ্য সৃষ্টিৰ বীজৰূপ
হোৱাৰ কাৰণে কয় - মই গোটেই বৃক্ষৰ আদি-মধ্য-অন্তক জানো সেইবাবে মোক জ্ঞানেৰে
পৰিপূৰ্ণ বুলি কোৱা হয়। তোমালোকৰো গোটেই জ্ঞান আছে। বীজৰ পৰা বৃক্ষ কেনেকৈ ওলায়।
বৃক্ষৰ বৃদ্ধি হওঁতে সময় লাগে নহয়। পিতাই কয় - মই বীজৰূপ হওঁ, অন্তিমত গোটেই বৃক্ষৰ
জৰ্জৰিত অৱস্থা হৈ যায়। এতিয়া চোৱা দেৱী-দেৱতা ধৰ্মৰ আধাৰেই নাই। প্ৰায়ঃ লোপ হৈ গ'ল।
যেতিয়া দেৱতা ধৰ্ম লুপ্ত হৈ যায় তেতিয়া পিতা আহিবলগীয়া হয় - এটা ধৰ্মৰ প্ৰতিষ্ঠা কৰি
বাকী সকলো বিনাশ কৰাই দিয়ে। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা পিতাই আদি সনাতন দেৱী-দেৱতা
ধৰ্ম প্ৰতিষ্ঠা কৰাই আছে। এয়াও গোটেই নাটক ৰচি থোৱা আছে। ইয়াৰ অন্ত নহয়। পিতা আহেই
অন্তিমত। যেতিয়া সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাবলগীয়া হয় তেন্তে নিশ্চয় সংগমতে
আহিব। তোমালোকৰ এজনেই পিতা। আত্মাসকল সকলো ভাই ভাই হয়, মূললোকত থাকোঁতা। সেই এজন
পিতাক সকলোৱে স্মৰণ কৰে। দুখত স্মৰণ সকলোৱে কৰে....... ৰাৱণৰাজ্যত দুখ আছে নহয়।
ইয়াত স্মৰণ কৰে গতিকে পিতা সকলোৰে সৎগতি দাতা এজনেই। তেওঁৰহে মহিমা আছে। পিতা যদি
নাহে তেন্তে ভাৰতক স্বৰ্গ কোনে কৰি তুলিব! ইছলামী আদি যিসকল আছে সকলো এই সময়ত
তমোপ্ৰধান। সকলোৱে পুনৰ্জন্মতো নিশ্চয় ল'ব লাগে। এতিয়া পুনৰ্জন্ম নৰকত পোৱা যায়।
এনেকুৱা নহয় যে স্বৰ্গলৈ গুচি যায়। যেনেকৈ হিন্দু লোকসকলে কয় - স্বৰ্গবাসী হ'ল,
তেন্তে নিশ্চয় নৰকত আছিল নহয়। এতিয়া স্বৰ্গলৈ গ'ল। তোমালোকৰ মুখত গোলাপ। স্বৰ্গবাসী
হ'ল তেন্তে আকৌ নৰকৰ আসুৰিক বৈভৱ তোমালোকে তেওঁক (মৃতকক) কিয় খুউৱা! বংগত মাছ আদিও
খুৱায়। হেৰ’, তেওঁ এই সকলোবোৰ খোৱাৰ দৰকাৰেই বা কি! কয় - অমুক সিপাৰে নিৰ্বাণত গ'ল,
পিতাই কয় - এই সকলোবোৰ মনে সজা কথা। উভতি কোনেও যাব নোৱাৰে। যিহেতু প্ৰথম
নম্বৰৰসকলেই 84 জন্ম ল'বলগীয়া হয়।
পিতাই বুজায় - ইয়াত
কোনো কষ্ট নাই। ভক্তিমাৰ্গত কিমান কষ্ট। ‘ৰাম ৰাম’ জপ কৰিলেই শিহৰিত হৈ যায়। সেই
সকলোবোৰ হৈছে ভক্তিমাৰ্গ। এই সূৰ্য-চন্দ্ৰকো তোমালোকে জানা যে পোহৰ দিওঁতা হয়। এয়া
কোনো দেৱতা হয় জানো। বাস্তৱত জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা আৰু জ্ঞান তৰা। তেওঁলোকৰ
মহিমা আছে। তেওঁলোকে আকৌ কৈ দিয়ে সূৰ্য দেৱতায়ে নমঃ। সূৰ্যক দেৱতা বুলি বুজি পানী
দিয়ে। গতিকে পিতাই বুজায় এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ, যি পুনৰ হ'ব। প্ৰথমে হয়
অব্যভিচাৰী ভক্তি একমাত্ৰ শিৱবাবাৰ, তাৰপাছত দেৱতাসকলৰ, তাৰপাছত অৱনমিত হৈ হৈ
এতিয়াতো চোৱা তিনিআলিত মাটিৰ দীপক জ্বলাই, তেল আদি দি তাৰো পূজা কৰে। তত্ত্বৰো পূজা
কৰে। মনুষ্যৰ চিত্ৰও তৈয়াৰ কৰি পূজা কৰে। এতিয়া ইয়াৰ পৰা প্ৰাপ্তিতো একোৱেই নহয়, এই
কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মাৰ পৰা
বেয়া সংস্কাৰ আঁতৰাবৰ কাৰণে দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰিব লাগে। এয়া অন্তিম
84তম জন্ম, বানপ্ৰস্থ অৱস্থা সেইবাবে পুণ্য আত্মা হ’বলৈ পৰিশ্ৰম কৰিব লাগে।
(2) দেহৰ সকলো
সম্বন্ধ ত্যাগ কৰি এজন পিতা আৰু বাদশ্বাহীক স্মৰণ কৰিব লাগে, বীজ আৰু বৃক্ষৰ জ্ঞান
মন্থন কৰি সদায় হৰ্ষিত হৈ থাকিব লাগে।
বৰদান:
অনাসক্ত আৰু
সদাপ্ৰস্তুত হৈ বুদ্ধিৰ দ্বাৰা অশৰীৰীবোধৰ অভ্যাস কৰোঁতা সকলো কলাত সম্পন্ন হোৱা
যেনেকৈ চাৰ্কাচত কলা
প্ৰদৰ্শন কৰোঁতা কলাকাৰসকলৰ প্ৰতিটো কৰ্ম কলা হৈ যায়, সেই কলাকাৰসকলে শৰীৰৰ যিকোনো
অংগ যেনেকৈ বিচাৰে, য’ত বিচাৰে, যিমান সময় বিচাৰে গঢ় দিব পাৰে, এয়াই কলা। তোমালোক
সন্তানসকলে বুদ্ধিক যেতিয়া বিচৰা যিমান সময়, য’ত স্থিৰ কৰিব বিচৰা ত’ত স্থিৰ কৰি
লোৱা - এয়াই হৈছে সকলোতকৈ ডাঙৰ কলা। এই এটি কলাৰে 16 কলা সম্পন্ন হৈ যাবা। ইয়াৰ বাবে
এনেকুৱা অনাসক্ত আৰু সদাপ্ৰস্তুত হোৱা যাতে আদেশ অনুসৰি এক চেকেণ্ডত অশৰীৰী হৈ যোৱা।
যুদ্ধ কৰাত যাতে সময় নাযায়।
স্লোগান:
সৰলতা আৰু সহনশীলতাৰ গুণ ধাৰণ কৰোতাজনেই সঁচা স্নেহী আৰু সহযোগী।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
যিসকল পৰমাত্ম জ্ঞানী
সন্তান, তেওঁলোকৰ জ্ঞানৰ ফল মুক্তি আৰু জীৱনমুক্তিৰ উত্তৰাধিকাৰ সংগমতেই প্ৰাপ্ত হয়।
জ্ঞান অৰ্থাৎ বোধ। বিচাৰ বুদ্ধি সম্পন্ন লোকৰ প্ৰতিটো কৰ্ম কৰি সদায় নিজক
বন্ধনমুক্ত, সকলো আকৰ্ষণৰ পৰা মুক্ত কৰাৰ বোধ থাকে। তেওঁলোকৰ প্ৰতিটো সংকল্প, বাণী,
কৰ্ম, সম্বন্ধ আৰু সম্পৰ্কত মুক্তি-জীৱনমুক্তিৰ স্থিতি থাকে, যাক অনাসক্ত আৰু স্নেহী
বুলি কোৱা হয়।