17.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
আত্মিক চিকিৎসালয় তোমালোকক আধাকল্পৰ কাৰণে সৰ্বদা স্বাস্থ্যৱান কৰি তোলোঁতা হয়,
ইয়াত তোমালোক দেহী-অভিমানী হৈ বহিবা"
প্ৰশ্ন:
পেছাগত
কাম-কাজ আদি কৰিও বুদ্ধিত কোনটো নিৰ্দেশনাৰ স্মৃতি থাকিব লাগে?
উত্তৰ:
পিতাৰ নিৰ্দেশনা হ’ল - তোমালোকে কোনো সাকাৰ বা আকাৰক স্মৰণ নকৰিবা, একমাত্ৰ পিতাৰ
স্মৃতি থাকিলেহে বিকৰ্ম বিনাশ হ’ব। ইয়াত কোনেও এনেকৈ ক’ব নোৱাৰে যে আজৰি নাই। সকলো
কৰিও স্মৃতিত থাকিব পাৰা।
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলৰ প্ৰতি পিতাৰ সুপ্ৰভাত। সুপ্ৰভাত জনোৱাৰ পাছত সন্তানসকলক কোৱা হয়
পিতাক স্মৰণ কৰা। আহ্বানো জনায় - হে পতিত-পাৱন আহি পাৱন কৰি তোলক সেয়েহে পিতাই
প্ৰথমতেই কয় - আত্মিক পিতাক স্মৰণ কৰা। আত্মিক পিতাতো সকলোৰে এজনেই। পিতাক কেতিয়াও
সৰ্বব্যাপি বুলি মানি লোৱা নহয়। গতিকে যিমান দূৰ সম্ভৱ সন্তানসকলে প্ৰথমে পিতাক
স্মৰণ কৰিবা, এজন পিতাৰ বাহিৰে কোনো সাকাৰ বা আকাৰক স্মৰণ নকৰিবা। এয়াতো একেবাৰে
সহজ নহয় জানো। মনুষ্যই কয় - আমি ব্যস্ত হৈ থাকোঁ, আজৰি নাই। কিন্তু এই ক্ষেত্ৰততো
সদায় আজৰি থাকে। পিতাই যুক্তি শুনায় এইটোও জানা যে পিতাক স্মৰণ কৰিলেহে আমাৰ পাপ
ভস্ম হ’ব। মুখ্য কথা এইটোৱেই। পেছাগত কাম-কাজ আদি কৰাত কোনো বাধা নাই। সেই সকলোবোৰ
কৰিও পিতাক স্মৰণ কৰিবা তেতিয়া বিকৰ্ম বিনাশ হ’ব। এইটোতো বুজি পায় যে আমি পতিত,
সাধু-সন্ত ঋষি-মুনি আদি সকলোৱে সাধনা কৰে। সাধনা কৰা হয় ভগৱানক পাবলৈ। সেয়াও
যেতিয়ালৈকে তেওঁৰ পৰিচয় নাপায় তেতিয়ালৈকেতো পাব নোৱাৰে। তোমালোকে জানা যে পিতাৰ
পৰিচয় জগতত কাৰো নাই। দেহৰ পৰিচয়তো সকলোৰে আছে। ডাঙৰ বস্তুৰ পৰিচয় তৎক্ষণাৎ হৈ যায়।
আত্মাৰ পৰিচয়তো যেতিয়া পিতা আহিব তেতিয়াহে বুজাব। আত্মা আৰু শৰীৰ দুটা বস্তু। আত্মা
তৰা সদৃশ আৰু অতি সূক্ষ্ম। আত্মাক কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে। গতিকে ইয়াত আহি
যেতিয়া বহা তেতিয়া দেহী-অভিমানী হৈ বহিব লাগে। এইখনো আধাকল্পৰ কাৰণে সৰ্বদা
স্বাস্থ্যৱান হৈ থকাৰ এখন চিকিৎসালয় নহয় জানো। আত্মাতো হৈছে অবিনাশী, কেতিয়াও বিনাশ
নহয়। সকলো ভূমিকা আত্মাৰেই। আত্মাই কয় - মই কেতিয়াও বিনাশ নহওঁ। ইমানবিলাক আত্মা
সকলো অবিনাশী। শৰীৰ হৈছে বিনাশী। এতিয়া তোমালোকৰ বুদ্ধিত এইটো ধাৰণ হৈছে যে আমি
আত্মা অবিনাশী। আমি 84 জন্ম লওঁ, এইখন হৈছে ড্ৰামা। ইয়াত কোন কোন ধৰ্ম প্ৰতিষ্ঠাপক
কেতিয়া আহে, কিমান জন্ম লয়, এয়াতো জানা। 84 জন্মৰ যি গায়ন কৰা হয় সেয়া নিশ্চয় কোনোবা
এটা ধৰ্মৰ হ’ব। সকলোৰেতো হ’ব নোৱাৰে। সকলো ধৰ্মতো একেলগে নাহে। আমি আনৰ হিচাপ কিয়নো
উলিয়াওঁ? এইটো জানো যে অমুক অমুক সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সেয়া আকৌ বৃদ্ধি
হয়। সকলো সতোপ্ৰধানৰ পৰা তমোপ্ৰধানতো হ’বই। সৃষ্টি যেতিয়া তমোপ্ৰধান হয় তেতিয়া আকৌ
পিতা আহি সতোপ্ৰধান সত্যযুগ স্থাপনা কৰে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি
ভাৰতবাসীয়েই আকৌ নতুন সৃষ্টিত আহি ৰাজত্ব কৰিম, আন কোনো ধৰ্ম নাথাকিব। তোমালোক
সন্তানসকলৰ ভিতৰতো যিসকলে উচ্চ পদ ল’ব তেওঁলোকে বেছিকৈ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰে
আৰু বাতৰিও লিখে যে বাবা মই ইমান সময় স্মৃতিত থাকোঁ। বহুতেতো সম্পূৰ্ণ বাতৰি লাজতে
নিদিয়ে। ভাবে বাবাই কি ক’ব। কিন্তু জনাতো যায় নহয়। স্কুলত শিক্ষকে বিদ্যাৰ্থীক নক’ব
জানো যে তোমালোকে যদি নপঢ়া তেন্তে অকৃতকাৰ্য হৈ যাবা। লৌকিক মা-পিতায়ো সন্তানৰ পঢ়াৰ
পৰাই বুজি পায়, এইখনতো বহুত ডাঙৰ স্কুল। ইয়াততো ক্ৰম অনুসৰি বহোৱা নহয়। বুদ্ধিৰে
বুজা যায়, ক্ৰমানুসৰিতো হয়েই নহয়। এতিয়া বাবাই ভাল ভাল সন্তানসকলক ক’ৰবালৈ পঠিয়াই
দিয়ে, তেওঁলোক গুচি গ’লে আকৌ অন্যই লিখে আমাক মহাৰথী লাগে, তেন্তে নিশ্চয় বুজি পায়
যে তেওঁলোক আমাতকৈ বুদ্ধিমান প্ৰসিদ্ধ। ক্ৰমানুসৰিতো হয়েই নহয়। প্ৰদৰ্শনীলৈও অনেক
প্ৰকাৰৰ আহে তেতিয়া গাইডো ঠিয় হৈ থাকিব লাগে পৰীক্ষা কৰিবৰ কাৰণে। আদৰি অনাসকলেতো
জানে এওঁ কেনেধৰণৰ ব্যক্তি। গতিকে বুজাওঁতাজনক ইঙ্গিত দিব লাগে যে এওঁক আপুনি
বুজাওঁক। তোমালোকেও বুজিব পাৰা প্ৰথম শ্ৰেণীৰ, দ্বিতীয় শ্ৰেণীৰ, তৃতীয় শ্ৰেণীৰ সকলো
আছে। তাততো সকলোৰে সেৱা কৰিবই লাগে। কোনোবা ডাঙৰ ব্যক্তি আহিলে নিশ্চয় ডাঙৰ
ব্যক্তিৰ খাতিৰতো সকলোৱে কৰেই। এইটো নিয়ম। পিতা অথবা শিক্ষকে শ্ৰেণীত সন্তানসকলৰ
মহিমা কৰে, এয়াও সকলোতকৈ উত্তম খাতিৰ। নাম উজ্বল কৰা সন্তানসকলৰ মহিমা অথবা খাতিৰ
কৰা হয়। এওঁ অমুক ধনৱান, ধাৰ্মিক মনৰ, এয়াও খাতিৰ কৰা হয় নহয়। এতিয়া তোমালোকে এইটো
জানা যে উচ্চতকৈও উচ্চ হৈছে ভগৱান। এনেকৈ কয়ো যে যথাযথ উচ্চতকৈও উচ্চ হয়, কিন্তু আকৌ
যদি কোৱা তেওঁৰ জীৱন বৃত্তান্ত শুনোৱা তেতিয়া সৰ্বব্যাপি বুলি কৈ দিব। বচ্ একেবাৰে
তলত নমাই দিয়ে। এতিয়া তোমালোকে বুজাব পাৰা সকলোতকৈ উচ্চতকৈও উচ্চ হৈছে ভগৱান, তেওঁ
হৈছে মূললোক নিবাসী। সূক্ষ্মলোকত দেৱতাসকল থাকে। ইয়াত থাকে মনুষ্য। গতিকে উচ্চতকৈও
উচ্চ ভগৱান সেই নিৰাকাৰজনেই হ’ল।
এতিয়া তোমালোকে জানা
আমি যি হীৰাতুল্য আছিলোঁ পুনৰ কড়িতুল্য হৈ গৈছোঁ আকৌ ভগৱানক নিজতকৈও বেছি তললৈ লৈ
গলোঁ। চিনিয়েই নাপায়। তোমালোক ভাৰতবাসীয়েহে পৰিচয় পোৱা আকৌ পৰিচয় নোহোৱা হৈ যায়।
এতিয়া তোমালোকে পিতাৰ পৰিচয় সকলোকে দি গৈ থাকা। বহুতে পিতাৰ পৰিচয় পাব। তোমালোকৰ
মুখ্য চিত্ৰ হৈছেই এই ত্ৰিমূৰ্তি, গোলক (সৃষ্টিচক্ৰ), বৃক্ষ (কল্পবৃক্ষ)। ইয়াত
কিমান জ্ঞানৰ প্ৰকাশ আছে। এনেকৈতো সকলোৱে ক'ব যে এই লক্ষ্মী-নাৰায়ণ সত্যযুগৰ মালিক
আছিল। বাৰু, সত্যযুগৰ আগত কি আছিল? এয়াও এতিয়া তোমালোকে জানা। এতিয়া হৈছে কলিযুগৰ
অন্ত আৰু হয়ো প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। এতিয়া ৰজাতো নায়েই, কিমান পাৰ্থক্য।
সত্যযুগৰ আদিত ৰজাসকল আছিল আৰু এতিয়া কলিযুগতো ৰজাসকল আছে। যদিও তেওঁলোক কোনো পাৱন
নহয় কিন্তু কোনোৱে পইচা দিও উপাধি লৈ লয়। মহাৰজাতো কোনো নহয়, উপাধি কিনি লৈ লয়।
যেনেকৈ পাটিয়ালাৰ মহাৰজা, যোধপুৰ, বিকানেৰৰ মহাৰজা........ নামতো লয় নহয়। এই নাম
অবিনাশী চলি আহে। প্ৰথমে পৱিত্র মহাৰজাসকল আছিল, এতিয়া হৈছে অপৱিত্ৰ। ৰজা, মহাৰজা
শব্দবোৰ চলি আহি থাকে। এই লক্ষ্মী-নাৰায়ণৰ কাৰণে ক'ব - এওঁলোক সত্যযুগৰ মালিক আছিল,
কোনে ৰাজ্য ল'লে? এতিয়া তোমালোকে জানা ৰাজ্য স্থাপনা কেনেকৈ হয়। পিতাই কয় - মই
তোমালোকক এতিয়া 21 জন্মৰ কাৰণে পঢ়াওঁ। তেওঁলোকেতো পঢ়ি এইটো জন্মতেই বেৰিষ্টাৰ আদি
হয়। তোমালোকে এতিয়া পঢ়ি ভৱিষ্যতে মহাৰজা-মহাৰাণী হোৱাগৈ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি
নতুন সৃষ্টি স্থাপনা হৈ আছে। এতিয়া হৈছে পুৰণি সৃষ্টি। যিমানেই ভাল ভাল ডাঙৰ মহল আছে
কিন্তু হীৰা-মুকুতাৰে মহল নিৰ্মাণ কৰাৰতো কাৰো শক্তি নাই। সত্যযুগত সকলো
হীৰা-মুকুতাৰে মহল নিৰ্মাণ নকৰে জানো। নিৰ্মাণ কৰিবলৈ সময় লাগে জানো। ইয়াতো
ভূমিকম্প আদি হ’লে বহুত কাৰিকৰ লগাই দিয়ে, এটা-দুটা বছৰতে গোটেই চহৰ থিয় কৰাই দিয়ে।
নতুন দিল্লী গঢ়োতে সম্ভৱতঃ 8-10 বছৰ লাগিল কিন্তু ইয়াৰ মজদুৰ আৰু তাৰ মজদুৰৰ মাজততো
পাৰ্থক্য থাকে নহয়। আজিকালিতো নতুন নতুন উদ্ভাৱনো কৰি থাকে। ‘গৃহ নিৰ্মাণ’ বিজ্ঞানৰো
বল আছে, সকলোবোৰ তৈয়াৰ কৰি থোৱা পোৱা যায়, ততালিকে ‘ফ্লেট’ সাজু হৈ যায়। বহুত
শীঘ্ৰতাৰে নিৰ্মাণ হৈ যায় গতিকে এই সকলোবোৰ তাত (সত্যযুগত) কামততো আহে নহয়। এই
সকলোবোৰ লগত যাব। সংস্কাৰতো থাকে নহয়। এই বিজ্ঞানৰ সংস্কাৰো যাব। গতিকে এতিয়া পিতাই
সন্তানসকলক বুজাই থাকে যে পাৱন হ'বলৈ হ’লে পিতাক স্মৰণ কৰা। পিতায়ো সুপ্ৰভাত জনাই
আকৌ শিক্ষা দিয়ে। সন্তানসকল পিতাৰ স্মৃতিত বহি আছানে? চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ
কৰিবা কিয়নো শিৰত জন্ম-জন্মান্তৰৰ বোজা আছে। ছিৰি নামি নামি 84 জন্ম লয়। এতিয়া আকৌ
এটা জন্মত আৰোহণ কলা হয়। যিমান পিতাক স্মৰণ কৰি থাকিবা সিমান আনন্দিতও হ'বা, শক্তি
পাবা। বহুত সন্তান আছে যিসকলক প্ৰথম নম্বৰত ৰখা হয় কিন্তু স্মৃতিত একেবাৰে নাথাকে।
যদিও জ্ঞানত তীক্ষ্ণ কিন্তু স্মৃতিৰ যাত্ৰাত নাথাকে। পিতাইতো সন্তানসকলৰ মহিমা কৰে।
এৱোঁ এক নম্বৰত আছে গতিকে নিশ্চয় পৰিশ্ৰমো কৰে। তোমালোকে সদায় বুজিবা যে শিৱবাবাই
বুজায় তেতিয়া বুদ্ধিযোগ তাত লাগি থাকিব। এৱোঁতো (ব্ৰহ্মায়ো) শিকে নহয়। তথাপিও কয়
বাবাক স্মৰণ কৰা। যিকোনো লোককে বুজাবলৈ চিত্ৰ আছে। ভগৱান বুলি নিৰাকাৰজনকে কোৱা হয়।
তেওঁ আহি শৰীৰ ধাৰণ কৰে। এজন ভগৱানৰ সন্তান সকলো আত্মা ভাই ভাই। এতিয়া এই শৰীৰত
বিৰাজমান হৈ আছে। সকলো অকালমূৰ্ত। এয়া অকালমূৰ্তৰ (আত্মাৰ) আসন। অকাল আসন আৰু কোনো
বিশেষ বস্তু নহয়। এই আসন হৈছে অকালমূৰ্তৰ। ভ্ৰূকুটিৰ মধ্যত আত্মা বিৰাজমান হয়, ইয়াক
কোৱা হয় অকাল আসন। অকাল আসন, অকালমূৰ্তৰ। সকলো আত্মা অকাল, কিমান সূক্ষ্ম। পিতাতো
হৈছে নিৰাকাৰ। তেওঁ নিজৰ আসন ক'ৰপৰা আনিব। পিতাই কয় - মোৰো এয়া (ব্ৰহ্মাৰ ভ্ৰূকুটি)
হৈছে আসন। মই আহি এই আসন ঋণত লওঁ। ব্ৰহ্মাৰ সাধাৰণ বৃদ্ধ শৰীৰত অকাল আসনত আহি বহোঁ।
এতিয়া তোমালোকে জানি গ'লা যে সকলো আত্মাৰেই এয়া হৈছে আসন। মনুষ্যৰহে কথা কোৱা হয়,
জন্তুৰতো কথা নহয়। প্ৰথমে যি মনুষ্য জন্তুতকৈও অধম হৈ গ’ল, তেওঁলোকতো শুধৰণি হওঁক।
কোনোবাই জন্তুৰ কথা সুধিলে ক’বা - প্ৰথমে নিজৰতো শুধৰণি কৰা। সত্যযুগততো জন্তুও
বহুত অতি উত্তম হ'ব। আৱৰ্জনা আদি একোৱেই নাথাকিব। ৰজাৰ মহলত পাৰ আদিৰ বিষ্ঠা পালে
দণ্ড দি দিব। অলপো আৱৰ্জনা নাথাকে। তাত বহুত সাৱধান হৈ থাকে। পহৰাত থাকে, কেতিয়াও
কোনো জন্তু আদি ভিতৰলৈ সোমাব নোৱাৰে। বহুত স্বচ্ছতা থাকে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰো
কিমান পৰিস্কাৰ কৰি ৰাখে। শংকৰ-পাৰ্ৱতীৰ মন্দিৰত পাৰ চৰায়ো দেখুৱায়। গতিকে নিশ্চয়
মন্দিৰো লেতেৰা কৰিব। শাস্ত্ৰততো বহুত মিছা কথা লিখি দিছে।
এতিয়া পিতাই
সন্তানসকলক বুজায়, তাৰ ভিতৰতো কিছু সংখ্যকেহে ধাৰণা কৰিব পাৰে। বাকীবোৰেতো একো বুজি
নাপায়। পিতাই সন্তানসকলক কিমান মৰমেৰে বুজায় - সন্তানসকল, অতি অমায়িক হ’বা। মুখেৰে
যাতে সদায় ৰত্নহে উচ্চাৰিত হৈ থাকে। তোমালোক হৈছা জ্ঞানী-যোগী। তোমালোকৰ মুখেৰে
পাথৰ অৰ্থাৎ কটু বচন উচ্চাৰিত হ’ব নালাগে। আত্মাৰহে মহিমা হয়। আত্মাই কয় - মই
ৰাষ্ট্ৰপতি, মই অমুক…..। এয়া মোৰ শৰীৰৰ নাম। বাৰু, আত্মাসকল কাৰ সন্তান? এক
পৰমাত্মাৰ। তেন্তে নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। তেওঁ আকৌ সৰ্বব্যাপি
কেনেকৈ হ'ব পাৰে! তোমালোকে বুজি পোৱা যে আমিও আগতে একো জনা নাছিলোঁ। এতিয়া কিমান
বুদ্ধি উদয় হৈছে। তোমালোকে যিকোনো মন্দিৰলৈ গ'লে, বুজিবা এয়াতো সকলো মিছা চিত্ৰ। 10
ভূজাধাৰী, হাতীৰ শুঁৰ থকা কোনো চিত্ৰ থাকে জানো! এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ
সামগ্ৰী। বাস্তৱত ভক্তি এক শিৱবাবাৰ হ'ব লাগে, যিজন সকলোৰে সৎগতি দাতা। তোমালোকৰ
বুদ্ধিত আছে – এই লক্ষ্মী-নাৰায়ণেও 84 জন্ম লয়। আকৌ উচ্চতকৈও উচ্চ পিতা আহি সকলোকে
সৎগতি দিয়ে। তেওঁতকৈ উচ্চ আৰু কোনো নাই। এই জ্ঞানৰ কথাবোৰ তোমালোকৰ মাজতো ক্ৰম
অনুসৰিহে ধাৰণ কৰিব পাৰে। ধাৰণা কৰিব নোৱাৰিলে তেন্তে বাকী কি কামৰ হ’লা। বহুতেতো
অন্ধৰ লাখুটি হোৱাৰ সলনি নিজেই অন্ধ হৈ যায়। গাখীৰ নিদিয়া গাই গৰুক গোশালাত বন্দী
কৰি ৰাখে। ইয়াতো জ্ঞান ৰূপী গাখীৰ দিব নোৱাৰে। বহুত আছে যিয়ে একো পুৰুষাৰ্থই নকৰে।
এইটো বুজি নাপায় যে আমি কাৰোবাৰ কিবাতো কল্যাণ কৰো। নিজৰ ভাগ্যৰ খেয়ালেই নাথাকে। বচ্
যি পাইছে সেয়াই ভাল। তেতিয়া পিতাই ক’ব - এওঁৰ ভাগ্যত নাই। নিজৰ সৎগতি কৰাৰ
পুৰুষাৰ্থতো কৰিব লাগে। দেহী-অভিমানী হ'ব লাগে। পিতা কিমান উচ্চতকৈও উচ্চ আৰু আহে
চোৱা কেনেকুৱা পতিত সৃষ্টিত, পতিত শৰীৰত। তেওঁক আহ্বানেই জনাই পতিত সৃষ্টিলৈ। যেতিয়া
ৰাৱণে একেবাৰে ভ্ৰষ্ট কৰি দিয়ে, তেতিয়া পিতা আহি শ্ৰেষ্ঠ কৰি তোলে। যিয়ে ভাল
পুৰুষাৰ্থ কৰে তেওঁলোক ৰজা-ৰাণী হয়, যিয়ে পুৰুষাৰ্থ নকৰে তেওঁলোক গৰিব হৈ যায়।
ভাগ্যত নাথাকিলে পুৰুষাৰ্থ কৰিব নোৱাৰে। কোনোৱেতো বহুত ভালকৈ ভাগ্য গঢ়ি লয়।
প্ৰত্যেকে নিজক চাব পাৰে যে মই কি সেৱা কৰোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
জ্ঞানী-যোগী হৈ মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে, অতি অমায়িক হ'ব লাগে। কেতিয়াও
মুখেৰে পাথৰ অৰ্থাৎ কটু বচন উচ্চাৰণ কৰিব নালাগে।
(2) জ্ঞান আৰু যোগত
নিপুণ হৈ নিজৰ লগতে আনৰো কল্যাণ কৰিব লাগে। নিজৰ উচ্চ ভাগ্য গঢ়ি তোলাৰ পুৰুষাৰ্থ
কৰিব লাগে। অন্ধৰ লাখুটি হ'ব লাগে।
বৰদান:
ত্ৰি-স্মৃতি
স্বৰূপৰ তিলক ধাৰণ কৰোঁতা সম্পূৰ্ণ বিজয়ী হোৱা
নিজৰ স্মৃতি, পিতাৰ
স্মৃতি আৰু ড্ৰামাৰ জ্ঞানৰ স্মৃতি - এই তিনিওটা স্মৃতিত গোটেই জ্ঞানৰ বিস্তাৰ
সমাহিত হৈ আছে। জ্ঞান বৃক্ষৰ এই তিনিটা স্মৃতি। যেনেকৈ বৃক্ষৰ প্ৰথমতে বীজ হয়, সেই
বীজৰ পৰা দুটি পাত ওলায় তাৰ পাছত বৃক্ষৰ বিস্তাৰ হয় তেনেকৈ মুখ্য হৈছে বীজ পিতাৰ
স্মৃতি তাৰ পাছত দুটি পাত অৰ্থাৎ আত্মা আৰু ড্ৰামাৰ গোটেই জ্ঞান। এই তিনিটা স্মৃতি
ধাৰণ কৰোঁতাজন স্মৃতি বা সম্পূৰ্ণ বিজয়ী হোৱাৰ বৰদানী হৈ যায়।
স্লোগান:
প্ৰাপ্তিসমূহক সদায় সন্মুখত ৰাখা তেতিয়া দুৰ্বলতাসমূহ সহজে সমাপ্ত হৈ যাব।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সংগমযুগত
ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী অকলশৰীয়া হ’ব নোৱাৰে। কেৱল পিতাৰ সংগৰ অনুভৱ, সংযুক্ত
বোধৰ অনুভৱ জাগ্ৰত কৰা। এনেকুৱা নহয় যে পিতাতো মোৰ হয়েই, লগত আছেই। নহয়, লগত থকাৰ
বাস্তৱিক অনুভৱ জাগ্ৰত হওঁক। তেতিয়া এই মায়াৰ প্ৰহাৰ, প্ৰহাৰ নহ’ব, মায়া পৰাজিত হৈ
যাব। কেৱল ভয় নাখাবা যে কি হৈ গ’ল! সাহস ৰাখা, পিতাৰ সান্নিধ্য স্মৃতিত ৰাখা তেন্তে
বিজয় তোমালোকৰ জন্ম সিদ্ধ অধিকাৰ।