17.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
ভাৰত ভূমি নিৰাকাৰ পিতাৰ জন্মভূমি, তোমালোকক ৰাজযোগ শিকাই ৰাজ্য-ভাগ্য দিবলৈ,
তোমালোকৰ সেৱা কৰিবলৈ ইয়ালৈকে পিতা আহে”
প্ৰশ্ন:
শিৱবাবাই নিজৰ
প্ৰতিগৰাকী সন্তানৰ দ্বাৰা কোনটো প্ৰতিজ্ঞা কৰায়?
উত্তৰ:
মৰমৰ সন্তানসকল - প্ৰতিজ্ঞা কৰা যে বাবা আমি কোনো ধৰণৰ বিকৰ্ম নকৰোঁ। 5 বিকাৰ আমি
দান দিওঁ। ভিতৰি ভয় থাকিব লাগে - যদি আমি দান দি পুনৰ ঘূৰাই লওঁ তেন্তে বহুত পাপ হৈ
যাব, যাৰ বাবে কঠোৰ শাস্তি খাব লাগিব। হৰিশ্চন্দ্ৰৰ কাহিনীও ইয়াৰ ওপৰতে ৰচা হৈছে।
ওঁম্শান্তি।
এয়া
সন্তানসকলৰ হৈছে ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন। সন্তানসকলে জানে যে আমি তেওঁৰ ওচৰলৈ আহিছোঁ।
তেৱেঁই কল্পই কল্পই আহি ভাৰতবাসী সন্তানসকলক ৰাজ্য-ভাগ্য দিয়ে। ভাৰতলৈকে আহে নহয়।
এয়া ভাৰত ভূমি। নিজৰ স্থানৰ প্ৰতি বহুত স্নেহ সন্মান থাকে। যেনেকৈ কোনোবা বিদেশৰ
বিশিষ্ট ব্যক্তিৰ ইয়াত মৃত্যু হ’লে তেতিয়া তেওঁক বিদেশলৈ লৈ যায় অথবা ইয়াৰ কোনোবা
বিশিষ্ট ব্যক্তিৰ বিদেশত মৃত্যু হ’লে তেতিয়া তেওঁক ইয়ালৈ লৈ আহে। নিজৰ ভূমিৰ মান
ৰাখে। ভাৰতক কোৱা হয় ভগৱানৰ জন্মভূমি। এইটোও জানা যাক ভগৱান অথবা আল্লাহ, পৰমাত্মা
বুলি কয় তেওঁৰ সন্মুখত এতিয়া তোমালোক বহি আছা। নামতো নিশ্চয় লাগে নহয়। আল্লাহ বুলি
কয় তথাপিও লিঙ্গৰ পূজা কৰে। ঈশ্বৰ অথবা খোদা বুলি কয় তেন্তে নিশ্চয় তেওঁৰ স্মাৰক
লাগে নহয়। লিঙ্গক সকলোফালেই পূজা কৰে। চিত্ৰসমূহতো আজিকালি দেৱতাসকলৰ আগত পৰমপিতা
পৰমাত্মাৰ চিত্ৰ লিঙ্গ দেখুৱায়। তেওঁ হৈছে সকলোতকৈ উচ্চ, তেওঁৰ নিজৰ শৰীৰ নাই,
সেয়েহে নিৰাকাৰ বুলি কোৱা হয়। সাকাৰ নহয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি
তেওঁৰ সন্মুখত কল্পই কল্পই উপস্থিত হওঁ - শিক্ষা ল'বৰ কাৰণে। ভগৱানুবাচ (ভগৱানে কয়)
হয় তেন্তে নিশ্চয় ৰাজযোগ শিকায়। বিদ্যাৰ্থীসকলক ৰাজযোগ শিকাইছিল আৰু তেওঁলোক
ৰজা-ৰাণী হৈছিল। যুদ্ধ আদিৰতো কথা নাই। এওঁলোক লক্ষ্মী-নাৰায়ণ আদিয়ে যুদ্ধৰ দ্বাৰা
জানো বাদশ্বাহী পাইছে। একেবাৰে নহয়। জগতে একেবাৰে নাজানে যে এওঁলোকে সত্যযুগত ৰাজ্য
কেনেকৈ পালে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমি পিতাৰ পৰা ৰাজ্য লৈ আছোঁ।
আমি তেওঁৰ সন্মুখত বহি আছোঁ। তেৱেঁই বাবা, শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণতো সৰু শিশু,
তেওঁ হৈছে ৰচনা। এতিয়া যথাযথ শ্ৰীকৃষ্ণই নিজৰ পদ লৈ আছে যিয়ে আকৌ ভৱিষ্যতে
শ্ৰীকৃষ্ণ বুলি পৰিচয় দিব। এয়া হৈছে সকলো পঢ়াৰ কথা।
তোমালোকে জানা যে
বাবাই আমাক ৰাজযোগ শিকাই আছে। যেনেকৈ মনুষ্যই মনুষ্যক বেৰিষ্টাৰ, ইঞ্জিনিয়াৰ আদি কৰি
গঢ়ি তোলে। হওতে মনুষ্যই হয় নহয়। তোমালোকে বুজি পোৱা আমিও মনুষ্য, কিন্তু আমি পতিত।
এতিয়া পিতাই পাৱনো কৰি তোলে আৰু আমাক উত্তৰাধিকাৰো দিয়ে। পাৱন সৃষ্টিতো নতুন
সৃষ্টিয়েই হ'ব। নতুন সৃষ্টিত আছেই বাদশ্বাহী। এতিয়া তোমালোক পিতাৰ সন্মুখত বহি আছা।
যেনেকৈ লৌকিক পিতাই বহি সন্তানসকলক মৰমেৰে বুজায়, এওঁ হৈছে পাৰলৌকিক বিচিত্ৰ পিতা।
যাৰ বাবে তোমালোকে গায়ন কৰি আহিছা - তুমিয়েই মাতা পিতা... এই সময়ত তোমালোকে জানা যে
এওঁ নিজৰ ভূমিকা পালন কৰে, যাৰ ভক্তিমাৰ্গত আমি গায়ন কৰোঁ। তোমালোকে কোৱা আমি
শিৱবাবাৰ ওচৰলৈ আহিছোঁ। চিঠিও লিখা - শিৱবাবা মাৰফৎ ব্ৰহ্মা। কাৰোবাক চিঠি দেখুৱালে
আচম্বিত হৈ যাব - শিৱবাবা মাৰফৎ ব্ৰহ্মা - এনেকুৱাতো কেতিয়াও শুনা নাই। শিৱবাবা
ব্ৰহ্মাৰ শৰীৰত আহি বিষ্ণুপুৰী স্থাপনা কৰি আছে, সন্মুখত থিয় হৈ আছে। ওপৰত আছে
শিৱবাবা। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰিছিল, এতিয়া পুনৰাই কৰি আছে। এয়া হৈছে
প্ৰবৃত্তি মাৰ্গ। ৰাজবিদ্যাতো বেৰিষ্টাৰী পঢ়ালে তেতিয়া পুৰুষ মহিলা দুয়োৱে পঢ়ে।
মহিলাও জজ্, বেৰিষ্টাৰ, ডাক্তৰ আদি হয়। এয়াও প্ৰবৃত্তি মাৰ্গ। সন্ন্যাসীসকলৰ হৈছে
নিবৃত্তি মাৰ্গ, সেয়া বেলেগ। এইটোও বাবাই বুজাইছে - শংকৰাচাৰ্য যদি নাহিলহেঁতেন
তেন্তে পৱিত্ৰতাৰ অংশও নাথাকিলহেঁতেন। ভাৰত একেবাৰে জ্বলি মৰিলহেঁতেন। এয়া
নিৰ্ধাৰিত হৈ আছে - ভাৰতক থমাবলৈ। ভাৰত বহুত পৱিত্ৰ আছিল পুনৰ অপৱিত্ৰ হৈছে। এতিয়া
ভাৰত কিমান কঙাল। কয় - সোণৰ লংকা সমুদ্ৰৰ তলত গুচি গ'ল। এতিয়া লংকাতো সোণৰ হ'ব
নোৱাৰে। এই সকলোবোৰ কাহিনী লিখিছে যাৰ দ্বাৰা লাভ একোৱেই নহয়।
তোমালোক সন্তানসকলে
জানা যে যথাযথ বাবাই আমাক একেবাৰে সহজ স্মৃতিৰ বলেৰে কিমান উচ্চ কৰি গঢ়ি তোলে।
পিতাই প্ৰতিজ্ঞা কৰায়, যদি নিৰন্তৰ স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা তেন্তে বিকৰ্ম বিনাশ
হৈ যাব। ভক্তিমাৰ্গতো স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰিছা নহয়। কিয় স্মৰণ কৰা? যাতে আমাৰ
সাক্ষাৎকাৰ হয়। এইটো ভাবি স্মৰণ নকৰা যে কৃষ্ণপুৰীত আমি বাদশ্বাহী পাই যাওঁ বা আমি
নৰৰ পৰা নাৰায়ণ হৈ যাওঁ, নহয়। তোমালোকৰো এইটো আশা নাছিল যে আমি মনুষ্যৰ পৰা দেৱতা
হ’ম। গায়নো কৰে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। তোমালোকে
দেখিবলৈ পোৱা যথাযথ কলিযুগৰ পাছত সত্যযুগ আহিব। কলিযুগত ইমান মনুষ্য আছে। সত্যযুগত
এটা ধৰ্ম হ'ব। এতিয়া তোমালোকে আত্মা আৰু পৰমাত্মাৰো জ্ঞান পাইছা, জগতত এগৰাকীও
মনুষ্য নাই যাৰ আত্মাৰ জ্ঞান আছে। আত্মাত 84 জন্মৰ ভূমিকা কেনেকৈ নিহিত হৈ আছে, এইটো
কোনেও নাজানে। এই শব্দবোৰো কোনেও কাৰো পৰা শুনা নাই। পিতাতো হৈছে জ্ঞানৰ সাগৰ,
পতিত-পাৱন, নিৰাকাৰ। তোমালোকে জানা আমি আত্মা এতিয়া পাপ আত্মাৰ পৰা পুণ্য আত্মা হৈ
আছোঁ। সত্যযুগততো হৈছে সকলো পুণ্য আত্মা। ইয়াত হৈছে পাপ আত্মা। এনেকুৱা নহয় যে বহুত
দান-পুণ্য কৰোঁতাসকলক পুণ্য আত্মা বুলি কোৱা হয়। নহয়। পুণ্য আত্মা থাকেই সত্যযুগত।
ইয়াত যিসকল মনুষ্যই দান-পুণ্য কৰে, তেওঁলোকক পুণ্য আত্মা বুলি গণ্য কৰে। তাত
তোমালোকে দান পুণ্য আদি কৰাৰ দৰকাৰ নাথাকে। তাত গৰিব কোনো নাথাকেই। তোমালোক তাত
সদাকালৰ বাবে পুণ্য আত্মা হোৱাই। তোমালোকে তন-মন-ধন সকলো বেহদৰ পিতাৰ অৰ্থে দিয়া,
যাক উৎসৰ্গিত হোৱা বুলি কোৱা হয়। পিতাই কয় - প্ৰথমে মই উৎসৰ্গিত হওঁ নে তোমালোক?
বাবাই কয় - প্ৰথমে তোমালোক উৎসৰ্গিত হোৱা তেতিয়া পুনৰ 21 জন্মৰ কাৰণে প্ৰতিদান পাবা।
এই কথাবোৰ এতিয়া তোমালোকে ভালদৰে বুজি পোৱা, পোনপটীয়াকৈ শুনা। ঘৰত থাকা তেন্তে তাতো
মুৰুলী আহে। দূৰৈৰ পৰা শুনা। এতিয়াতো পিতাৰ সন্মুখত বহি আছা। পিতাই কয় - সন্তানসকল,
মই তোমালোকৰ পিতাও হওঁ। ইয়াত অন্ধশ্ৰদ্ধাৰ কোনো কথা নাই। পিতাও হয়, শিক্ষকো হয়।
পিতাৰ হৈ গ’লে তেওঁ শিক্ষা দিয়ে, তোমালোকৰ বুদ্ধিত এতিয়া গোটেই জ্ঞান আছে। 84ৰ
চক্ৰও তোমালোকক বুজোৱা হয়। যিসকল 84 জন্ম লওঁতা নহয় তেওঁলোকে বুজি নাপাব। তোমালোকে
বুজি পোৱা যথাযথ আমি 84ৰ চক্ৰ পৰিক্ৰমা লগাই এতিয়া উভতি যাওঁ। পিতাই কয় - তোমালোক
আত্মা অশৰীৰী হৈ আহিছিলা পুনৰ অশৰীৰী হৈ উভতি যাব লাগে। তোমালোক পৱিত্ৰ আত্মা হৈ
যোৱা। পৱিত্ৰ হোৱাৰ কাৰণে তোমালোকে পুৰুষাৰ্থ কৰি আছা। যোগবল অৰ্থাৎ স্মৃতিৰ বলেৰে
তোমালোক পৱিত্ৰ হৈ যাবা। ‘যোগ’ শব্দটি হৈছে শাস্ত্ৰৰ। শুদ্ধ শব্দটি হৈছে ‘স্মৃতি’।
স্ত্ৰীক স্বামীয়ে অথবা পুৰুষক পত্নীয়ে স্মৰণ কৰে নহয়। ‘যোগ’ৰ অৰ্থই হৈছে ‘স্মৃতি’।
পিতায়ো কয় – মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা অন্যৰ পৰা বুদ্ধিৰ যোগসূত্ৰ
ছিঙি নিজৰ পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া। স্মৰণ কৰা। যিমান স্মৰণ কৰিবা সিমান
তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যথাযথ ভাৰতে কল্পই কল্পই উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। শিৱ
জয়ন্তীও প্ৰসিদ্ধ। যেনেকৈ বুদ্ধ, যীশুখ্ৰীষ্ট আদিৰ জয়ন্তী আছে তেনেকৈ নিৰাকাৰ শিৱৰ
জয়ন্তী আছে। তেওঁ উচ্চতকৈও উচ্চ হৈ গ'ল। শ্ৰীকৃষ্ণ জয়ন্তীও প্ৰসিদ্ধ। কিন্তু তেওঁ
আহি কি কৰে, এইটো কোনেও গম নাপায়। শ্ৰীকৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ আছিল। নিশ্চয় তেওঁক
কোনোবাই এনেকুৱা কৰ্ম শিকাইছিল, যাৰ বাবে সত্যযুগৰ ৰাজকুমাৰ হ'ল। সৰু শিশুতো
পৱিত্ৰই হয়। তাত বিকাৰৰ কথা নাথাকে। শিশু শুদ্ধ হয়। ভগৱানতো এজনেই নিৰাকাৰ, ভগৱান
এজন। বাকী সকলো হৈছে ৰচনা। ৰচনাৰ পৰা ৰচনাই কেতিয়াও উত্তৰাধিকাৰ পাব নোৱাৰে।
উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যাব। ভায়ে ভাইৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে। তোমালোক
সকলো ভাই ভাই হোৱা। ভ্ৰাতৃসংঘ বুলি কয় নহয় জানো। পিতাতো এজনেই, উত্তৰাধিকাৰ পিতাৰ
পৰা পাবা। সকলো ভাইৰ সৎগতি দাতা এজনেই পিতা। সকলো আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ পাই
আছে। পিতাই কয় - মই আহি আত্মাসকলক পঢ়াওঁ, আত্মাসকলক সৎগতি দিওঁ। পিতাই বহি ৰাজযোগ
শিকায়। এই পঢ়াৰ পদ তোমালোকে ইয়াত পাব নালাগে। তেওঁলোক বেৰিষ্টাৰ আদি এই জন্মত হয়,
পুনৰ দ্বিতীয় জন্ম লৈ আকৌ পঢ়িব।
তোমালোকে জানা এই
পঢ়াৰ দ্বাৰা আমি 21 জন্মৰ কাৰণে প্ৰালব্ধ পাওঁ। তাত সত্যযুগত ডাক্তৰ আদি কোনো নাথাকে।
তাত বেমাৰেই নহয়। তাত তোমালোক গৰ্ভ মহলত থাকা। ইয়াত গৰ্ভ কাৰাগাৰত থাকা য'ত বহুত
শাস্তি ভোগ কৰে, তেতিয়া আহ্বান জনায় এই কাৰগাৰৰ পৰা বাহিৰলৈ উলিওৱা, মই পুনৰ কোনো
ভুল নকৰোঁ। ধৰ্মৰজাৰ আগত প্ৰতিজ্ঞা কৰে। ইয়াত তোমালোকে শিৱবাবাৰ আগত প্ৰতিজ্ঞা কৰিব
লাগে। বাবা আমি কেতিয়াও বিকৰ্ম নকৰোঁ। 5 বিকাৰ আমি আপোনাক দি দিওঁ। এইটোও পিতাই জানে
যে বিকাৰ এনেকৈ তৎক্ষণাৎ আঁতৰি নাযাব। ভিতৰি ভয় থাকিব লাগে, আমি যদি বিকাৰ দান দি
পুনৰ ঘূৰাই লওঁ তেন্তে ডাঙৰ পাপ হৈ যাব। যেনেকৈ ৰজা হৰিশ্বন্দ্ৰৰ দৃষ্টান্ত আছে।
পিতাই জানে এনেকুৱা নহয় যে 5 বিকাৰ তৎক্ষণাৎ আঁতৰি যায়। নহয়, সময় লাগে। তোমালোকৰ
যেতিয়া কৰ্মাতীত অৱস্থা হ'ব তেতিয়া যুদ্ধ লাগিব। বাৰে বাৰে পিতাই কয় - নিজক আত্মা
বুলি বুজি মোক পিতাক স্মৰণ কৰা। কিন্তু সন্তানসকলে এয়া নকৰে। দেহ-অভিমানী হ’লে
তেতিয়া কাম বিকাৰৰ আঘাত লাগে। দেহ-অভিমান সকলোতকৈ তীক্ষ্ণ। দেহী-অভিমানী হোৱাত
পৰিশ্ৰম হয়। মুখ্যতঃ দেহ-অভিমান অহাৰ কাৰণেই পাপ হৈছে। 5 বিকাৰ দান দিব লাগে, এই
ক্ষেত্ৰত সময় লাগে। প্ৰেমিক অবিহনে প্ৰেমিকাতো যাব নোৱাৰে। প্ৰথমে প্ৰেমিক যাব লাগে
তাৰপাছত প্ৰেমিকা। প্ৰেমিক আহি সকলো আত্মাক লৈ যাব লাগে। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা
নহয় তেতিয়ালৈকে পুৰুষাৰ্থ কৰিব লাগে। দেহ-অভিমান অহাৰ কাৰণেই ভুল হয়। কয় - বাবা
দেহ-অভিমানত আহি বিকাৰত অৱনমিত হ’লোঁ। ধুমুহাতো বহুত আহিব। বিকাৰৰ সংকল্প আহিব
কিন্তু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও পাপ নকৰিবা। মায়াক জয় কৰিবৰ কাৰণে কিমান
পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয় - যদি বিবাহিত তেন্তে পৱিত্ৰ হৈ দেখুওৱা তেতিয়া
সন্ন্যাসীসকলেও চাব। তোমালোকৰ আমদানি চোৱা কিমান শ্ৰেষ্ঠ। পৱিত্র হৈ থাকি দেখুৱালে
তেন্তে বহুত উচ্চ পদ পাবা। তোমালোকৰ প্ৰতিতো সকলো অৰ্পণ হৈ যাব। বাবায়ো মহিমা কৰে।
যদিওবা পৱিত্রও হৈ থাকে আকৌ যোগো লাগে। যোগতেই বাৰে বাৰে বিঘিনি আহে। দেহ-অভিমান আহি
যায়। পৱিত্ৰ হৈ থাকিলে তেন্তে ঠিক, পৱিত্ৰতাৰ দ্বাৰাই পৱিত্র সৃষ্টিত উত্তৰাধিকাৰ
পাবা। কিন্তু মায়ায়ো আকৌ নিজৰ জোৰ দেখুৱাব, মায়াই বহুত প্ৰহাৰ কৰে। পিতাই বুজায় এই
সকলোবোৰ হ'ব। বাহাদুৰী দেখুৱায় কিন্তু লগতে নিৰন্তৰ স্মৃতিও থাকিলে তেতিয়াহে বিকৰ্ম
বিনাশ হ'ব। শক্তিশালী যিসকল হয় তেওঁলোকক মায়ায়ো বহুত হাৰাশাস্তি কৰে। স্মৃতিত
কাচিৎহে থাকিব পাৰে। যিসকল থাকিব পাৰে তেওঁলোকক অনুভৱ সুধিব লাগে। কি ভাবে, কেনেকৈ
থাকে। স্মৃতিত থাকিলেহে বিকৰ্ম বিনাশ হ'ব। এই কথাটোৱেই একেবাৰে অনন্য নতুন। ইয়াত বহি
আছা গতিকে নিচা লাগি আছে। এইটোও বুজি পায় ভগৱান এজনেই নিৰাকাৰ, শ্ৰীকৃষ্ণ নহয়।
বাস্তৱত শ্ৰীকৃষ্ণৰ কাৰণে শাস্ত্ৰত কাহিনী লিখি দিছে - উৰলত বান্ধিলে, এইটো কৰিলে....
তেনেকুৱা কোনো কথা নাই। এয়াও তেওঁৰ গ্লানি কৰে, অপমান কৰে। শ্ৰীকৃষ্ণৰতো কোনো অৱগুণ
নাছিল। চঞ্চল হোৱা এইটোও এটা অৱগুণ হয় নহয়। শ্ৰীকৃষ্ণতো একেবাৰেই মৰ্যাদা
পুৰুষোত্তম। তেওঁৰ মহিমা গায়ন কৰে - সৰ্বগুণ সম্পন্ন... গায়ন কৰা হয় গুৰু ব্ৰহ্মা,
গুৰু বিষ্ণু... কোৱা গুৰুতো আমাৰ নাই। আমি এওঁক (ব্ৰহ্মাক) গুৰু বুলিও নামানো,
ঈশ্বৰ বুলিও নামানো। পতিত-পাৱনতো এজনেই নিৰাকাৰ হয় নহয়। সাকাৰ গুৰু কোনো পতিত-পাৱন
হ'ব নোৱাৰে। এই সময়ত তোমালোকে পৰমপিতা পৰমাত্মাৰ গোটেই জীৱন কাহিনী জানা। 5 হাজাৰ
বছৰত শিৱবাবাই কি ভূমিকা পালন কৰে - এইটো তোমালোকে জানা, পিতাৰ দ্বাৰা। জ্ঞানপূৰ্ণতো
পিতা হয় নহয়। সুখ-শান্তি, আনন্দৰ সাগৰ...... এইবোৰ মহিমা তেওঁৰ। পিতাৰ ওচৰত সম্পদ
আছে তেন্তে নিশ্চয় সন্তানসকলকো দিব নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্মাতীত
অৱস্থা প্ৰাপ্ত কৰিবৰ কাৰণে এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কোনো ভুল কৰিব নালাগে।
পৱিত্ৰ হৈ থকাৰ লগতে স্মৃতিও শক্তিশালী হ’ব লাগে।
(2) সদায় পুণ্য আত্মা
হ'বৰ কাৰণে তন-মন-ধনেৰে পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে। এবাৰ উৎসৰ্গিত হৈ গ'লে
21 জন্মৰ কাৰণে পুণ্য আত্মা হৈ যাবা।
বৰদান:
সহজযোগক নিজৰ
স্বভাৱ আৰু স্বভাৱসিদ্ধ কৰি তোলোতা, প্ৰতিটো বিষয় নিখুঁত হোৱা
যেনেকৈ পিতাৰ সন্তান
হোৱা — এই ক্ষেত্ৰত কোনো শতাংশ নাই, ঠিক তেনেকৈ নিৰন্তৰ সহজযোগী বা যোগী হোৱাৰ
অৱস্থাত এতিয়া শতাংশ শেষ হ’ব লাগে। স্বভাৱসিদ্ধ আৰু স্বভাৱ হৈ যাব লাগে। যেনেকৈ
কাৰোবাৰ কোনো বিশেষ স্বভাৱ থাকিলে, সেই স্বভাৱৰ বশীভূত হৈ নিবিচৰা সত্ত্বেও চলি থাকে,
তেনেকৈ এয়াও তোমালোকৰ স্বভাৱ হৈ যাওক। "কি কৰোঁ, কেনেকৈ যোগ লগাওঁ"—এই কথাবোৰ শেষ
হৈ যাওক, তেতিয়া প্ৰতিটো বিষয়তে নিকুঁত হৈ যাবা। নিখুঁত অৰ্থাৎ প্ৰভাৱ আৰু ত্ৰুটিৰ
পৰা মুক্ত।
স্লোগান:
সহ্য কৰিব লাগে যদি আনন্দেৰে কৰা, বাধ্য হৈ নহয়।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
শক্তিশালী যোগ অৰ্থাৎ
একনিষ্ঠতাৰ অগ্নি, জ্বালা ৰূপ স্মৃতিয়েই দুৰ্নীতি আৰু অত্যাচাৰৰ অগ্নি সমাপ্ত কৰিব
আৰু সকলো আত্মাক সহযোগিতা দিব, ইয়াৰ দ্বাৰাই বেহদৰ বৈৰাগ্য বৃত্তি প্ৰজ্বলিত হ’ব।
স্মৃতিৰ অগ্নিয়ে এফালে সেই অগ্নি সমাপ্ত কৰিব, আনফালে আত্মাসকলক পৰমাত্মাৰ বাৰ্তা,
শীতল স্বৰূপৰ অনুভূতি কৰাব, ইয়াৰ দ্বাৰাহে আত্মাসকল পাপৰ জুইৰ পৰা মুক্ত হ’ব পাৰিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]