18.01.26    Avyakt Bapdada     Assame Murli        Om Shanti     Madhuban


“বাপদাদাৰ মধুৰ মহাবাক্য - পিতাশ্ৰীৰ পুণ্য স্মৃতি দিবসত শুনাবলৈ”
“*“মৰমৰ সন্তানসকল, জ্ঞান ৰত্নেৰে জোলোঙা ভৰাই দানো কৰিব লাগে, যিমানে আনক মাৰ্গ-দৰ্শন কৰিবা সিমানে আশীৰ্বাদ পাবা”*”


ওঁম্‌ শান্তি। মৰমৰ সন্তানসকলে এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখিব লাগে যে শিৱবাবাই আমাক পঢ়ায়। শিৱবাবা পতিত-পাৱনো হয়, সৎগতি দাতাও হয়। সৎগতি অৰ্থাৎ স্বৰ্গৰ বাদশ্বাহী দিয়ে। বাবা কিমান মৰমিয়াল। কিমান মৰমেৰে সন্তানসকলক পঢ়ায়। পিতাই দাদাৰ দ্বাৰা আমাক পঢ়ায়। বাবা কিমান মৰমিয়াল, কিমান মৰম কৰে। কোনো কষ্ট নিদিয়ে। কেৱল কয় মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা। পিতাৰ স্মৃতিত অন্তৰ একেবাৰে শীতল হৈ যাব লাগে। একমাত্ৰ পিতাৰে স্মৃতিয়েহে ব্যাকুল কৰি তুলিব লাগে কিয়নো পিতাৰ পৰা কিমান শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা যায়। নিজক চাব লাগে মোৰ পিতাৰ প্ৰতি কিমান স্নেহ আছে? কিমানলৈকে মোৰ দৈৱীগুণ আছে কিয়নো তোমালোক সন্তানসকল এতিয়া কাঁইটৰ পৰা ফুল হৈ আছা। যিমানে যোগযুক্ত হৈ থাকিবা সিমানে কাঁইটৰ পৰা ফুল, সতোপ্ৰধান হৈ যাবা। ফুল হৈ গ’লে তেতিয়া ইয়াত থাকিব নোৱাৰিবা। ফুলৰ বাগিছা হয়েই স্বৰ্গ। যিসকলে বহুত কাঁইটক ফুল কৰি তোলে তেওঁলোককেই সঁচা সুবাসিত ফুল বুলি কোৱা হ’ব। তেওঁলোকে কেতিয়াও কাকো কাঁইট হৈ নিবিন্ধিব (দুখ নিদিব)। ক্ৰোধো ডাঙৰ কাঁইট। বহুতক দুখ দিয়ে। এতিয়া তোমালোক সন্তানসকল কাঁইটৰ জগতৰ পৰা একাষৰীয়া হৈ আহি গ’লা, তোমালোক সংগমত আছা। যেনেকৈ মালীয়ে ফুলবোৰ বেলেগ বেলেগ পাত্ৰত ৰাখে তেনেকৈয়ে তোমালোক ফুলবোৰকো এতিয়া সংগমযুগী পাত্ৰত বেলেগে ৰখা হৈছে। আকৌ তোমালোক ফুলবোৰ স্বগলৈ গুচি যাবা। কলিযুগী কাঁইট ভস্ম হৈ যাব। মৰমৰ সন্তানসকলে জানে যে পাৰলৌকিক পিতাৰ পৰা আমি অবিনাশী উত্তৰাধিকাৰ পাওঁ। যিসকল প্ৰকৃত সন্তান, যাৰ বাপদাদাৰ প্ৰতি পূৰা স্নেহ আছে তেওঁলোক বহুত আনন্দিত হৈ থাকিব। আমি বিশ্বৰ মালিক হওঁ। হয়, পুৰুষাৰ্থৰ দ্বাৰাই বিশ্বৰ মালিক হোৱা যায়, কেৱল ক'লেই নহয়। যিসকল অনন্য সন্তান, তেওঁলোকৰ সদায় এইটো স্মৃতিত থাকিব যে আমি নিজৰ বাবে পুনৰাই সেয়াই সূৰ্যবংশী চন্দ্ৰবংশী ৰাজধানী স্থাপন কৰি আছো। পিতাই কয় মৰমৰ সন্তানসকল, যিমানে তোমালোকে বহুতৰ কল্যাণ কৰিবা সিমানে তোমালোকে আশীৰ্বাদ লাভ কৰিবা। বহুতক মাৰ্গ-দৰ্শন কৰিলে বহুতৰে আশীৰ্বাদ পাবা। জ্ঞান ৰত্নেৰে জোলোঙা ভৰাই আকৌ দান কৰিব লাগে। জ্ঞান সাগৰে তোমালোকক ৰত্নৰ থালী ভৰপূৰ কৰি দিয়ে। সেই ৰত্ন যিসকলে দান কৰে তেওঁলোকেই সকলোৰে প্ৰিয় হয়। সন্তানসকল ভিতৰি কিমান আনন্দিত হৈ থাকিব লাগে। যিসকল বিচাৰ বুদ্ধি সম্পন্ন সন্তান তেওঁলোকেতো ক'ব আমি বাবাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ম। একেবাৰে লিপিট খাই ধৰিব। পিতাৰ প্ৰতি বহুত মৰম থাকিব কিয়নো জানে যে প্ৰাণ দিওতা পিতাক পাইছোঁ। জ্ঞানৰ বৰদান এনেকুৱা দিয়ে যাৰ দ্বাৰা কিহৰ পৰা কি হৈ যাওঁ। গৰিবৰ পৰা চহকী হৈ যাওঁ। ইমান ভঁৰাল ভৰপুৰ কৰি দিয়ে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে স্নেহ থাকিব, আকৰ্ষণ থাকিব। বেজি চাফা হ’লে তেতিয়া চুম্বকৰ প্ৰতি আকৰ্ষিত হয় নহয়। পিতাৰ স্মৃতিৰে মামৰ আঁতৰি যাব। একমাত্ৰ পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে।

পিতাই বুজায় মৰমৰ সন্তানসকল, এতিয়া গাফিলতি নকৰিবা। স্বদৰ্শন চক্ৰধাৰী হোৱা, লাইট-হাউচ হোৱা। স্বদৰ্শন চক্ৰধাৰী হোৱাৰ অভ্যাস ভাল হৈ গ’লে তেতিয়া আকৌ তোমালোক যেন জ্ঞানৰ সাগৰ হৈ যাবা। যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়ি শিক্ষক হৈ যায় নহয়, তোমালোকৰ বেপাৰেই এইটো। সকলোকে স্বদৰ্শন চক্ৰধাৰী কৰি তোলা তেতিয়াহে চক্ৰৱৰ্তী ৰজা-ৰাণী হ’বা সেয়েহে বাবাই সদায় সন্তানসকলক সোধে স্বদৰ্শন চক্ৰধাৰী হৈ বহিছানে? পিতাও স্বদৰ্শন চক্ৰধাৰী হয় নহয়। পিতা আহিছে তোমালোক মৰমৰ সন্তানসকলক উভটাই লৈ যাবলৈ। তোমালোক সন্তানসকল অবিহনে ময়ো যেন আৰাম নাপাওঁ। যেতিয়া সময় হয় তেতিয়া ব্যাকুল হৈ যাওঁ। বচ্‌ এতিয়া মই যাওঁ। সন্তানসকলে বহুত মিনতি কৰে। বহুত দুখী। দয়া উপজে। এতিয়া তোমালোক সন্তানসকল ঘৰলৈ যাব লাগে। আকৌ তোমালোক তাৰ পৰা নিজেই সুখধামলৈ গুচি যাবা। তাত মই তোমালোকৰ সঙ্গী নহওঁ। নিজৰ অৱস্থা অনুসৰি তোমালোক আত্মা গুচি যাবা।

যিমান তোমালোক সন্তানসকল পিতাৰ স্মৃতিত থাকিবা সিমানে আনক বুজালে প্ৰভাৱ পৰিব। তোমালোকে বেছিকৈ ক’ব নালাগে। আত্ম-অভিমানী হৈ অলপো যদি বুজোৱা তেন্তে তীৰে লক্ষ্য ভেদ কৰিব। পিতাই কয় - সন্তানসকল যি হৈ গ’ল সেয়া অতীত হ’ল। এতিয়া প্ৰথমে নিজক শুধৰণি কৰা। যদি নিজেই স্মৰণ নকৰা, আনক কৈ থাকা, এনে প্ৰৱঞ্চনা চলিব নোৱাৰে। ভিতৰি নিশ্চয় অন্তৰ দহি থাকিব। যদি পিতাৰ প্ৰতি পূৰা স্নেহ নাই তেন্তে শ্ৰীমতত নচলে। বেহদৰ পিতাৰ দৰে শিক্ষাতো আন কোনেও দিব নোৱাৰে। পিতাই কয় মৰমৰ সন্তানসকল, এই পুৰণি সৃষ্টিক এতিয়া পাহৰি যোৱা। অন্তৰ ফালেতো এয়া সকলো পাহৰি যাবই লাগিব। বুদ্ধি নিজৰ শান্তিধাম আৰু সুখধামত স্থিৰ হৈ যায়। পিতাক স্মৰণ কৰি কৰি পিতাৰ ওচৰলৈ গুচি যাব লাগে, পতিত আত্মাতো যাব নোৱাৰে। সেয়া হয়েই পাৱন আত্মাসকলৰ ঘৰ। এই শৰীৰ 5 তত্ত্বৰে গঠিত। 5 তত্ত্বই ইয়াত থাকিবৰ বাবে আকৰ্ষিত কৰে কিয়নো আত্মাই যেন এয়া সম্পত্তি লৈ থৈছে, সেয়েহে শৰীৰৰ প্ৰতি মমত্ব জাগি গৈছে। এতিয়া ইয়াৰ পৰা মমত্ব আঁতৰাই নিজৰ ঘৰলৈ যাব লাগে, য’ত 5 তত্ত্ব নাই। সত্যযুগততো শৰীৰ যোগবলৰ দ্বাৰা গঠন হয়। প্ৰকৃতি সতোপ্ৰধান হয়, সেয়েহে আকৰ্ষণ নকৰে। দুখ নহয়, এয়া বুজিবলগীয়া অতি সূক্ষ্ম কথা। ইয়াত 5 তত্ত্বৰ বলে আত্মাক আকৰ্ষণ কৰে সেয়েহে অন্তৰে শৰীৰ এৰিব নিবিচাৰে। নহ’লেতো ইয়াত আৰুহে আনন্দিত হ’ব লাগে। পাৱন হৈ শৰীৰ এনেকৈ এৰিবা যেন মাখনৰ পৰা চুলি। সেয়েহে শৰীৰৰ প্ৰতি, সকলো বস্তুৰ প্ৰতি থকা মমত্ব একেবাৰে আঁতৰাই দিব লাগে, ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। বচ্‌ আমি বাবাৰ ওচৰলৈ যাওঁ। এইখন জগতৰ পৰা নিজৰ সা-সামগ্ৰী আগতেই পঠিয়াই দিলোঁ, লগততো যাব নোৱাৰে। কেৱল আত্মাসকল ঘৰলৈ যাব লাগে আৰু শৰীৰো ইয়াত এৰি দিব লাগিব। বাবাই নতুন শৰীৰৰ সাক্ষাৎকাৰ কৰাই দিলে। হীৰা-মুকুতাৰ মহল পাই যাবা। এনেকুৱা সুখধামলৈ যাবৰ বাবে কিমান পৰিশ্ৰম কৰিব লাগে। ভাগৰি পৰিব নালাগে। দিনে-ৰাতিয়ে বহুত উপাৰ্জন কৰিব লাগে, সেয়েহে বাবাই কয় - নিদ্ৰাক জয় কৰোতা সন্তানসকল, মামেকম্‌ (কেৱল মোক পৰমাত্মাক) স্মৰণ কৰা আৰু বিচাৰ সাগৰ মন্থন কৰা। ড্ৰামাৰ ৰহস্য বুদ্ধিত ৰাখিলে বুদ্ধি একেবাৰে শীতল হৈ যায়। যিসকল মহাৰথী সন্তান তেওঁলোক কেতিয়াও বিচলিত নহ’ব। শিৱবাবাক স্মৰণ কৰিলে তেতিয়া তেওঁ তত্ত্বাৱধানো ল’ব।

পিতাই তোমালোক সন্তানসকলক দুখৰ পৰা মুক্ত কৰি শান্তি দান দিয়ে, তোমালোকেও শান্তি দান দিব লাগে। তেওঁলোকৰ এই বেহদৰ শান্তি অৰ্থাৎ যোগবলে আনকো একেবাৰে শান্তি কৰি দিব। তোমালোক পিতাৰ স্মৃতিত থাকি তাৰ পাছত চোৱা এই আত্মাটি আমাৰ কুলৰ হয় নে নহয়! যদি হয় তেন্তে একেবাৰে শান্ত হৈ যাব। যিসকল এইটো বংশৰ হ’ব তেওঁলোকেহে এই কথাবোৰত ৰস পাব। সন্তানসকলে স্মৰণ কৰে গতিকে পিতায়ো মৰম কৰে। আত্মাক মৰম কৰা হয়। এয়াও জানা যে যিসকলে ভক্তি কৰিছে তেওঁলোকেই বেছিকৈ পঢ়িব। তেওঁলোকৰ চেহেৰাৰ পৰা গম পোৱা যাব যে পিতাৰ প্ৰতি কিমান স্নেহ আছে। আত্মাই পিতাক চায়। পিতাই আমাক আত্মাসকলক পঢ়াই আছে। পিতায়ো বুজি পায় যে মই ইমান সূক্ষ্ম বিন্দু আত্মাক পঢ়াওঁ। আগলৈ তোমালোকৰ এইটো অৱস্থা হৈ যাব। বুজিবা আমি ভাই ভাইক পঢ়াওঁ। চেহেৰা ভগ্নীৰ হ’লেও দৃষ্টি আত্মাৰ ফালে যাব লাগে। শৰীৰৰ প্রতি দৃষ্টি যাতে একেবাৰে নাযায়, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। এয়া অতি সূক্ষ্ম কথা। অতি উচ্চ পঢ়া। ওজন কৰিলে এই শিক্ষাৰ ফালে বহুত গধুৰ হৈ যাব। বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

অব্যক্ত মহাবাক্য —

মহাবীৰ সন্তানসকলৰ সংগঠনৰ বিশেষত্ব — একৰস, একাগ্ৰ স্থিতি — 09-12-75

মহাবীৰ অৰ্থাৎ বিশেষ আত্মা। এনে মহাবীৰ, বিশেষ আত্মাসকলৰ সংগঠনৰ বিশেষত্ব বৰ্তমান সময়ত এয়াই হ’ব লাগে যে একে সময়তে সকলোৰে একৰস, একাগ্ৰ স্থিতি হওক অৰ্থাৎ যিমান সময়, যিটো স্থিতিত স্থিৰ হ’ব খোজা, সিমান সময়, সেইটো স্থিতিত সংগঠিত ৰূপত স্থিৰ হৈ যাওক, সংগঠিত ৰূপত সকলোৰে সংকল্প ৰূপী আঙুলি এক হওক। যেতিয়ালৈকে সংগঠনত এইটো অভ্যাস নহয়, তেতিয়ালৈকে সিদ্ধি নহ’ব। সংগঠনত এতিয়া আদেশ দিয়া হওক যে পাঁচ মিনিটৰ বাবে ব্যৰ্থ সংকল্প একেবাৰে সমাপ্ত কৰি বীজৰূপ শক্তিশালী স্থিতিত একৰস স্থিতি হৈ যাওক, তেন্তে এনেকুৱা অভ্যাস আছেনে? এনেকুৱা নহয় যে কোনোবা মন্থন কৰাৰ স্থিতিত থাকিব, কোনোবাই বাৰ্তালাপ কৰি থাকিব আৰু কোনোবা অব্যক্ত স্থিতিত থাকিব। আদেশ দিয়া হ’ল বীজৰূপ হ’বলৈ আৰু বাৰ্তালাপ কৰি থাকিবা তেন্তে আদেশ পালন নকৰিলা নহয়! এইটো অভ্যাস তেতিয়া হ’ব যেতিয়া প্ৰথমে ব্যৰ্থ সংকল্পৰ সমাপ্তি কৰিবা। অস্থিৰতা হয়েই ব্যৰ্থ সংকল্পৰ। এই ব্যৰ্থ সংকল্পৰ সমাপ্তিৰ বাবে, নিজৰ সংগঠন শক্তিশালী আৰু একমত কৰি তোলাৰ বাবে কোনটো শক্তি লাগে?

ইয়াৰ বাবে এটাতো বিশ্বাস, দ্বিতীয়তে — সমাহিত কৰাৰ শক্তি লাগে। সংগঠন একত্ৰিত কৰাৰ জৰী হ’ল — বিশ্বাস। কোনোবাই যি কিছু কৰিলে, যেনিবা ভুলেই কৰিলে, কিন্তু সংগঠন অনুসৰি বা সংস্কাৰ অনুসৰি বা সময় অনুসৰি তেওঁ যি কৰিলে, তাৰো নিশ্চয় কিবা ভাবাৰ্থ থাকিব। সংগঠিত ৰূপত য’ত সেৱা আছে, ত’ত তেওঁলোকৰ সংস্কাৰকো দয়াশীল হৈ চাই, সংস্কাৰ সন্মুখত নাৰাখি ইয়াতো কিবা কল্যাণ হ’ব, মিলিজুলি চলিলেহে কল্যাণ আছে - এনেকুৱা বিশ্বাস যেতিয়া সংগঠনত ইজনৰ সিজনৰ প্ৰতি থাকিব তেতিয়াহে সফলতা হ’ব। প্ৰথমেই ব্যৰ্থ সংকল্প চলাব নালাগে। কোনোবাই নিজৰ ভুল উপলব্ধিও কৰে কিন্তু সেয়া কেতিয়াও বিয়পাই নিদিব বৰঞ্চ সেয়া সমাহিত কৰি ল’ব। আনে সেয়া বিয়পাই দিলে তেতিয়াও বেয়া লাগিব। এনেদৰে আনৰ ভুলকো নিজৰ ভুল বুলি বুজি বিয়পাব নালাগে। ব্যৰ্থ সংকল্প চলাব নালাগে — বৰঞ্চ সেয়াও সমাহিত কৰি ল’ব লাগে। ইমানেই ইজনৰ সিজনৰ প্ৰতি বিশ্বাস থাকিব লাগে! স্নেহৰ শক্তিৰে ঠিক কৰি দিব লাগে। যেনেকৈ লৌকিক ৰীতিৰেও ঘৰৰ কথা বাহিৰত নুলিয়ায়, নহ’লে ইয়াৰ দ্বাৰা ঘৰৰে লোকচান হয়। সংগঠনত সংগীয়ে যি কিছু কৰিলে তাত নিশ্চয় ৰহস্য থাকিব, যদি তেওঁ ভুলো কৰিছে, তথাপি তেওঁক পৰিৱৰ্তন কৰি দিব লাগে। এই দুয়ো প্ৰকাৰৰ বিশ্বাস ৰাখি ইজন সিজনৰ সম্পৰ্কত চলিলেহে সংগঠনৰ সফলতা হ’ব পাৰে, এই ক্ষেত্ৰত সমাহিত কৰাৰ শক্তি বেছিকৈ লাগে। ব্যৰ্থ সংকল্প সমাহিত কৰিব লাগে। ব্যতীত হৈ যোৱা সংস্কাৰ কেতিয়াও বৰ্তমান সময়ৰ লগত তুলনা নকৰিবা অৰ্থাৎ অতীতক বৰ্তমানত নানিবা। যেতিয়া অতীতক বৰ্তমানৰ লগত তুলনা কৰা তেতিয়াই সংকল্পৰ শাৰী দীঘল হৈ যায় আৰু যেতিয়ালৈকে এই ব্যৰ্থ সংকল্পৰ শাৰী আছে, তেতিয়ালৈকে সংগঠিত ৰূপত একৰস স্থিতি হ’ব নোৱাৰে।

আনৰ ভুলক নিজৰ ভুল বুলি ভবা— এয়াই হ’ল সংগঠনক শক্তিশালী কৰা। এয়া তেতিয়াহে হ’ব যেতিয়া ইজনৰ সিজনৰ প্ৰতি বিশ্বাস থাকিব। পৰিৱৰ্তন কৰাৰ বিশ্বাস বা কল্যাণ কৰাৰ বিশ্বাস, ইয়াৰ বাবে সমাহিত কৰাৰ শক্তি অতিকৈ প্ৰয়োজন। যি দেখিলা বা শুনিলা তাক একেবাৰে সমাহিত কৰি লৈ, কেৱল আত্মিক দৃষ্টি আৰু কল্যাণৰ ভাৱনা ৰাখিব লাগে। যেতিয়া অজ্ঞানীসকলৰ বাবে কোৱা যে "অপকাৰীৰ প্ৰতিও উপকাৰ কৰিব লাগে", তেন্তে সংগঠনতো ইজনৰ-সিজনৰ প্ৰতি দয়াৰ ভাৱনা থাকিব লাগে। এতিয়া দয়াৰ ভাৱনা কমকৈ থাকে কিয়নো আত্মিক স্থিতিৰ অভ্যাস কম।

এনেকুৱা শক্তিশালী সংগঠন হ’লেহে সিদ্ধি প্ৰাপ্ত হ’ব। এতিয়া তোমালোকে সিদ্ধিক আহ্বান জনোৱা, কিন্তু পাছত তোমালোকৰ আগত সিদ্ধি নিজেই নতশিৰ হ’ব। যেনেকৈ সত্যযুগত প্রকৃতি দাসী হৈ যায়, তেনেকৈ সিদ্ধিও তোমালোকৰ আগত স্বয়ং নতশিৰ হ’ব। সিদ্ধিয়ে তোমালোকক আহ্বান জনাব। যিহেতু শ্রেষ্ঠ জ্ঞান, স্থিতিও শক্তিশালী, তেন্তে সিদ্ধিনো কি ডাঙৰ কথা? সদাকাল একৰস স্থিতিত থকাসকলৰ সিদ্ধি প্ৰাপ্ত নহ’ব, এয়া হ’ব নোৱাৰে, কিন্তু ইয়াৰ বাবে সংগঠনৰ শক্তি প্রয়োজন। এজনে কিবা ক’লে, আনজনে সেয়া স্বীকাৰ কৰিলে। বিৰুদ্ধাচৰণ কৰা শক্তি ব্ৰাহ্মণ পৰিয়ালৰ আগত ব্যৱহাৰ কৰিব নালাগে। সেয়া মায়াৰ আগত ব্যৱহাৰ কৰিব লাগে। পৰিয়ালৰ প্ৰতি বিৰুদ্ধাচৰণ কৰাৰ শক্তি ব্যৱহাৰ কৰিলে সংগঠন শক্তিশালী নহয়। কোনো কথা মনঃপুত নহ’লেও ইজনে সিজনক সন্মান কৰিব লাগে। সেই সময়ত কাৰোবাৰ সংকল্প বা কথা খণ্ডন কৰি দিয়া উচিত নহয়, সেয়েহে এতিয়া সমাহিত কৰাৰ শক্তি ধাৰণ কৰা।

সংগঠিত ৰূপত তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ পৰস্পৰ সম্পৰ্কৰ ভাষাও অব্যক্ত ভাৱৰ হ’ব লাগে। যেন ফৰিস্তা অথবা আত্মাই আত্মাসকলৰ সৈতে কথা পাতি আছে। কাৰোবাৰ পৰা শুনা ভুল সংকল্পতো স্বীকাৰ নকৰিবা আৰু নকৰিবই লাগে। এনেকুৱা স্থিতি যেতিয়া হ’ব তেতিয়াহে পিতাৰ সংগঠনৰ প্ৰতি যি শুভকামনা সেয়া বাস্তৱত ৰূপায়িত হ’ব। ইয়াৰ বাবে বিশেষ পুৰুষাৰ্থ তথা বিশেষ অনুভৱৰ আদান-প্ৰদান কৰা। সংগঠিত ৰূপত বিশেষ যোগৰ কাৰ্যসূচী চলি থাকিলে তেতিয়া বিনাশ জ্বালায়ো বা পাব। যোগ-অগ্নিৰে বিনাশৰ অগ্নি জ্বলি উঠিব। ভাল বাৰু। ওঁম্‌ শান্তি।

বৰদান:
ব্যক্তত থাকিও অব্যক্ত ফৰিস্তা ৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা শুভ্ৰ বস্ত্ৰধাৰী আৰু শুভ্ৰ কিৰণধাৰী হোৱা

যেনেকৈ এতিয়া চাৰিওফালে এইটো ধ্বনি বিয়পি পৰিছে যে এই শুভ্ৰ বস্ত্ৰধাৰীসকল কোন আৰু ক’ৰ পৰা আহিছে? তেনেকৈ এতিয়া চাৰিওফালে ফৰিস্তা ৰূপৰ সাক্ষাৎকাৰ কৰোৱা - ইয়াকে 'ডবল সেৱা'ৰ ৰূপ বুলি কোৱা হয়। যেনেকৈ মেঘ চাৰিওফালে বিয়পি পৰে, তেনেকৈ চাৰিওফালে ফৰিস্তা ৰূপত প্ৰকট হৈ যোৱা, য’লৈকে চায় কেৱল ফৰিস্তাহে যাতে দেখা পায়। কিন্তু এয়া তেতিয়াহে হ’ব যেতিয়া শৰীৰৰ পৰা পৃথক হৈ অন্তঃবাহক শৰীৰেৰে চক্ৰ লগোৱাৰ অভ্যাসী হ’বা। মনেৰে শক্তিশালী হ’বা।

স্লোগান:
সৰ্ব গুণ তথা সৰ্ব শক্তিৰ অধিকাৰী হ’বলৈ আজ্ঞাকাৰী হোৱা।

অব্যক্ত সংকেত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

যেনেকৈ পিতা সদায় স্বতন্ত্ৰ- তেনেকৈ পিতাৰ সমান হোৱা। বাপদাদাই এতিয়া সন্তানসকলক পৰাধীন হোৱাটো চাব নোৱাৰে। যদি নিজক স্বতন্ত্ৰ কৰিব নোৱাৰা, নিজেই নিজৰ দুৰ্বলতাৰ বাবে অৱনমিত হৈ থাকা তেন্তে বিশ্ব পৰিৱৰ্তক কেনেকৈ হ’বা! এতিয়া এইটো স্মৃতি বঢ়োৱা যে "মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ", ইয়াৰ দ্বাৰা সহজে সকলো পিঞ্জৰাৰ পৰা মুক্ত উৰণীয়া পখী হৈ যাবা।