18.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এনেকুৱা কোনো কাম নকৰিবা যাৰ বাবে সেৱাত কোনো বিঘিনি আহে”
প্ৰশ্ন:
সংগমযুগত
তোমালোক সন্তানসকল একেবাৰে নিখুঁত হ'ব লাগে, নিখুঁত কোন হ'ব পাৰে?
উত্তৰ:
(1) যি সত্য পিতাৰ লগত সদায় সততাৰে থাকে, ভিতৰত এটা, বাহিৰত আন এটা - এনেকুৱা নহয়।
(2) যিয়ে শিৱবাবাৰ বাহিৰে অন্য কথাত মনোনিৱেশ নকৰে। (3) খোজে প্ৰতি শ্ৰীমতত চলে,
কোনো ধৰণৰ গাফিলতি নকৰে, তেৱেঁই নিখুঁত হয়।
গীত:
বচপন কে দিন
ভুলা ন দেনা….. (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা…….)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতৰ কলিটি শুনিলে এইটোতো নিশ্চয়তা জন্মিছে যে বেহদৰ পিতাই এতিয়া বেহদ
সুখৰ উত্তৰাধিকাৰ দি আছে। আমি আহি এনেকুৱা পিতাৰ সন্তান হৈছোঁ গতিকে পিতাৰ শ্ৰীমত
অনুসৰিও চলিব লাগে। নহ'লে কি হ'ব! এতিয়াই হাঁহা, কোৱা যে মই মহাৰজা মহাৰাণী হ'ম আৰু
যদি হাত এৰি দিয়া তেন্তে আকৌ গৈ সাধাৰণ প্ৰজা হ'বাগৈ। স্বৰ্গলৈতো নিশ্চয় আহিব।
এনেকুৱাও নহয় যে সকলো স্বৰ্গলৈ আহিব। যিসকল সত্যযুগ ত্ৰেতাত আহোঁতা হ'ব, তেওঁলোকহে
আহিব। সত্যযুগ আৰু ত্ৰেতা দুয়োটাক একেলগে স্বৰ্গ বুলি কোৱা হয়। তথাপিও যিসকল
পোন-প্ৰথমে নতুন সৃষ্টিলৈ আহে তেওঁলোকে ভাল সুখ ভোগ কৰে বাকী যিসকল পাছত আহে
তেওঁলোকে আহি জ্ঞান নল'ব। জ্ঞান লওঁতাসকল সত্যযুগ ত্ৰেতাত আহিব। বাকী আহেই
ৰাৱণৰাজ্যত। তেওঁলোকে অলপ সুখ ভোগ কৰিব পাৰিব। সত্যযুগ ত্ৰেতাততো বহুত সুখ থাকে নহয়
সেয়েহে পুৰুষাৰ্থ কৰি পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ ল'ব লাগে আৰু এইটো মহান
শুভ-সংবাদ লিখা – যি কাৰ্ড ছপোৱা তাতো এইটো লিখিব লাগে - উচ্চতকৈও উচ্চ বেহদৰ পিতাৰ
শুভ-সংবাদ। প্ৰদৰ্শনীত তোমালোকে দেখুওৱা নতুন সৃষ্টি কেনেকৈ স্থাপন হয়। তেন্তে এইটো
স্পষ্টভাৱে আৰু ডাঙৰ আখৰেৰে লিখিব লাগে। বেহদৰ পিতা জ্ঞানৰ সাগৰ, পতিত-পাৱন, সৎগতি
দাতা, গীতাৰ ভগৱান শিৱই কেনেকৈ ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ দ্বাৰা পুনৰাই কলিযুগী
সম্পূৰ্ণ বিকাৰী, ভ্ৰষ্টাচাৰী পতিত সৃষ্টিক সত্যযুগী সম্পূৰ্ণ নিৰ্বিকাৰী, পাৱন,
শ্ৰেষ্ঠাচাৰী সৃষ্টি কৰি গঢ়ি আছে। সেইটো শুভ-সংবাদ আহি শুনক অথবা বুজক। চৰকাৰকো
তোমালোকে আহ্বান জনাইছা যে আমি ভাৰতত পুনৰ সত্যযুগী শ্ৰেষ্ঠাচাৰী 100 শতাংশ পৱিত্ৰতা
সুখ-শান্তিৰ দৈৱী স্বৰাজ্য কেনেকৈ স্থাপন কৰি আছোঁ আৰু এই বিকাৰী সৃষ্টিৰ বিনাশ
কেনেকৈ হ'ব সেয়া আহি বুজক। এনেকৈ স্পষ্টভাৱে লিখিব লাগে। কাৰ্ডত এনেকৈ লিখা যাতে
মনুষ্যই ভালদৰে বুজিব পাৰে। এওঁলোক প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে কল্প পূৰ্বৰ
দৰে নাটকৰ ড্ৰামাৰ পৰিকল্পনা অনুসৰি পৰমপিতা পৰমাত্মা শিৱৰ শ্ৰীমতত সহজ ৰাজযোগ আৰু
পৱিত্ৰতাৰ বলেৰে, নিজৰ তন-মন-ধনেৰে ভাৰতক এনেকুৱা শ্ৰেষ্ঠাচাৰী পাৱন কৰি কেনেকৈ গঢ়ি
আছে, সেয়া আহি বুজক। স্পষ্টভাৱে কাৰ্ডত ছপাব লাগে, যাতে যিকোনো লোকে বুজি পায়।
এওঁলোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে শিৱবাবাৰ মতত ৰামৰাজ্য স্থাপন কৰি আছে, যিটো
গান্ধীজীৰ ইচ্ছা আছিল। বাতৰিকাকততো এনেকুৱা সম্পূৰ্ণ নিমন্ত্ৰণ প্ৰকাশ হওক। এইটো
নিশ্চয় বুজাব লাগে যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে নিজৰ তন-মন-ধনেৰে এয়া কৰি
আছে। তেতিয়া মনুষ্যই এনেকৈ কেতিয়াও নাভাবিব যে এওঁলোকে কোনো ভিক্ষা বা দান আদি
বিচাৰে। জগতততো সকলো দানৰ ওপৰতেই চলে। ইয়াত তোমালোকে কোৱা যে আমি
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে নিজৰ তন-মন-ধনেৰে কৰি আছোঁ। তেওঁলোকে নিজেই স্বৰাজ্য লয়
তেন্তে নিশ্চয় নিজৰ পৰাই খৰচ কৰিব। যিসকলে পৰিশ্ৰম কৰে তেওঁলোকেহে 21 জন্মৰ কাৰণে
উত্তৰাধিকাৰ পায়। ভাৰতবাসীয়েহে 21 জন্মৰ কাৰণে শ্ৰেষ্ঠাচাৰী দ্বৈত মুকুটধাৰী হয়। এই
লক্ষ্মী-নাৰায়ণ দ্বৈত মুকটধাৰী হয় নহয়। এতিয়াতো কোনো মুকুট নাই। তেন্তে এইটো ভালদৰে
বুজাব লাগে। পিতাই বুজায় - এনেকৈ লিখা তেতিয়া বেচেৰাসকলে গম পাব যে
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে কি কৰি আছে। গণ্যমান্য লোকসকলে মাত মাতিলে তেতিয়া গৰিবসকলৰো
শুনিব। নহ'লে গৰিবসকলৰ কোনো কথা নুশুনে। চহকীসকলৰ কথাৰ সোনকালে প্ৰভাৱ পৰে। তোমালোকে
সিদ্ধ কৰি কোৱা যে আমি বিশেষকৈ ভাৰতক স্বৰ্গ কৰি তোলোঁ। বাকী সকলোকে শান্তিধামলৈ
পঠিয়াই দিব। বুজাবও এনেকৈ লাগে। ভাৰত 5 হাজাৰ বছৰ পূৰ্বে এনেকুৱা স্বৰ্গ আছিল।
এতিয়াতো কলিযুগ, সেয়া সত্যযুগ আছিল। এতিয়া কোৱা সত্যযুগত কিমান মনুষ্য আছিল। এতিয়া
কলিযুগৰ অন্ত। এয়া সেয়াই বিৰাট মহাভাৰতৰ যুদ্ধ। আৰু কোনো সময়ত এনেকুৱা যুদ্ধতো
হোৱাই নাই। এয়াও তৃতীয় বিশ্বযুদ্ধ পাছত হয়। অনুশীলন কৰে নহয়। এতিয়াতো পাৰমাণৱিক বোমা
তৈয়াৰ কৰি থাকে। কাৰো কথা নুশুনে। তেওঁলোকে কয় - যিবোৰ বোমা তৈয়াৰ কৰা হৈছে সেই
সকলোবোৰ সাগৰত পেলাই দিয়ক তেন্তে আমিও তৈয়াৰ নকৰোঁ। তোমালোকে ৰাখিবা আৰু আমি তৈয়াৰ
নকৰিম এইটো কেনেকৈ হ'ব পাৰে। কিন্তু তোমালোক সন্তানসকলে জানা এয়াতো বিধি নিৰ্ধাৰিত
হৈ আছে। যিমানেই তেওঁলোকক মত নিদিয়া, নুবুজিব। যদি বিনাশ নহয় তেন্তে ৰাজ্য কেনেকৈ
কৰিবা। তোমালোক সন্তানসকলৰতো নিশ্চয়তা আছে নহয়। সংশয়বুদ্ধিৰ যিসকল আছে তেওঁলোক আঁতৰি
গুচি যাব, বিশ্বাসঘাতক হৈ যায়। পিতাৰ হৈ পুনৰ বিশ্বাসঘাতক হ'ব নালাগে। তোমালোকেতো
শিৱবাবাক স্মৰণ কৰিব লাগে অন্য কথাৰ পৰা কি লাভ। সত্য পিতাৰ লগত সততাৰে থাকিব লাগে।
ভিতৰত এটা বাহিৰত আন এটা হ’লে তেন্তে নিজৰ পদ ভ্ৰষ্ট কৰি দিবা। নিজৰেই লোকচান কৰিবা।
কল্প-কল্পান্তৰৰ কাৰণে কেতিয়াও উচ্চ পদ পাব নোৱাৰিবা সেয়েহে এই সময়ত বহুত নিখুঁত
হ'ব লাগে। কোনোধৰণৰ গাফিলতি কৰিব নালাগে। যিমান সম্ভৱ শ্ৰীমতত চলিব লাগে। নিৰন্তৰ
স্মৃতিততো অন্তিমৰ ফালে থাকিবা। এজন পিতাৰ বাহিৰে যাতে আন কাৰো স্মৃতি নাথাকে। গায়নো
কৰা হৈছে - অন্ত কালত যিয়ে স্ত্ৰীক স্মৰণ কৰে..... যাৰ প্ৰতি মোহ থাকিব তেওঁ
স্মৃতিলৈ আহি যাব। আগলৈ গৈ তোমালোক যিমানে সমীপত আহি থাকিবা, সাক্ষাৎকাৰ হৈ গৈ
থাকিব। বাবাই প্ৰত্যেককে দেখুৱাব তোমালোকে এনেকুৱা এনেকুৱা কাম কৰিছা। আৰম্ভণিতো
তোমালোকে সাক্ষাৎকাৰ কৰিছিলা। শাস্তি যিসকলে ভোগ কৰিছিল তেওঁলোকে বহুত চিঞৰ-বাখৰ
কৰিছিল। বাবাই কয় - তোমালোকক দেখুৱাবৰ কাৰণে এওঁৰ এশগুণ শাস্তি কৰ্তন কৰি দিলোঁ।
গতিকে এনেকুৱা কাম কৰিব নালাগে যাৰ বাবে বাবাৰ সেৱাত বিঘিনি আহে। পাছলৈও সকলোবোৰ
তোমালোকৰ সাক্ষাৎকাৰ হ'ব। এনেকুৱা এনেকুৱা তোমালোকে পিতাৰ সেৱাত বহুত বিঘিনি আনি
লোকচান কৰিছা। আসুৰি সম্প্ৰদায় হয় নহয়। যিসকলে বিঘিনি আনিছে তেওঁলোকে বহুত শাস্তি
ভোগ কৰে। শিৱবাবাৰ দৰবাৰ বহুত ডাঙৰ। সোঁহাতে ধৰ্মৰজাও আছে। সেয়া হৈছে হদৰ শাস্তি।
ইয়াততো 21 জন্মৰ বাবে লোকচান হৈ যায়, পদ ভ্ৰষ্ট হৈ যায়। প্ৰতিটো কথাতে পিতাই বুজাই
থাকে। গতিকে এনেকৈ যাতে কোনেও নকয় যে মই গম পোৱা নাছিলোঁ সেইবাবে বাবাই সকলো প্ৰকাৰে
সাৱধান কৰি থাকে। লক্ষ্য কৰে যে প্ৰতিটো সেৱকেন্দ্ৰৰ পৰা কিমান আঁতৰি গুচি যায়।
অশান্তিৰ সৃষ্টি কৰে। বিকাৰী হৈ যায়। স্কুলততো পূৰ্ণ ৰীতিয়ে পঢ়িব লাগে। নহ'লে কি পদ
পাব। পদত বহুত পাৰ্থক্য হৈ যায়। যেনেকৈ ইয়াত দুখধামত কোনোবা ৰাষ্ট্ৰপতি হয়, কোনোবা
চহকী হয়, কোনোবা গৰিব হয় তেনেকৈ তাত সুখধামতো পদতো ক্ৰমানুসৰি হ'ব। যিসকল ৰাজকীয়
বুদ্ধিমান সন্তান হ'ব, তেওঁলোকে পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল’বলৈ চেষ্টা কৰিব।
মায়াৰ মুষ্টিযুদ্ধ হয় নহয়। মায়া বৰ শক্তিশালী জয় পৰাজয় হৈ থাকে। কিমান আহে পুনৰ
বিশ্বাসঘাতক হৈ গুচি যায়। আগুৱাই গৈ থাকোঁতে থাকোঁতে বিফল হৈ যায়। বহুতে কয় এয়া
কেনেকৈ হ'ব পাৰে। এয়াতো কেতিয়াও শুনা নাই যে গৃহস্থ ব্যৱহাৰত থাকি পৱিত্ৰ হৈ থাকিব
পাৰে। হেৰ’ ভগৱানুবাচ হয় নহয় - কাম মহাশত্ৰু। গীতাতো এইষাৰ কথা আছে। তোমালোকে জানা
সত্যযুগত হৈছে দৈৱী গুণধাৰী মনুষ্য আৰু কলিযুগত হৈছে আসুৰিক অৱগুণধাৰী লোক। আসুৰিক
গুণধাৰীসকলে দৈৱী গুণধাৰীসকলৰ মহিমা গায়। কিমান পাৰ্থক্য। এতিয়া তোমালোকে বুজি পোৱা
আমি কি আছিলোঁ, কি হৈ আছোঁ। ইয়াত তোমালোকে সকলোবোৰ গুণ ধাৰণ কৰিব লাগে। খোৱা-বোৱা
আদিও সতোগুণী খাব লাগে। চাব লাগে দেৱতাসকলক কি খুৱায়। শ্ৰীনাথ দ্বাৰত গৈ চোৱা -
কিমান ভোগ অথবা শুদ্ধ ভোজন ৰান্ধে। তাত বৈষ্ণৱেই থাকে। আৰু তাত জগন্নাথ পুৰীত চোৱা
কি পোৱা যায়? চাউল। তাত বাম (বিকাৰী) মাৰ্গৰ বহুত লেতেৰা চিত্ৰ আছে। যেতিয়া ৰাজত্ব
আছিল তেতিয়া 36 প্ৰকাৰৰ ভোজন পোৱা গৈছিল। সেয়েহে শ্ৰীনাথ দ্বাৰত বহুত ভোগ তৈয়াৰ কৰা
হয়। পুৰী আৰু শ্ৰীনাথৰ বেলেগ বেলেগ হয়। পুৰীৰ মন্দিৰত দেৱতাসকলৰ পোছাকত বহুত লেতেৰা
চিত্ৰ আছে। সেয়েহে ভোগো বিশেষ চাউলৰ আগবঢ়োৱা হয়। তাতো ঘিউও নিদিয়ে। এইটো পাৰ্থক্য
দেখুৱায়। ভাৰত কি আছিল পুনৰ কি হৈ গ'ল। এতিয়াতো চোৱা কি অৱস্থা। পূৰা অন্নও পোৱা
নাযায়। তেওঁলোকৰ যোজনা আৰু শিৱবাবাৰ যোজনাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। সেই
সকলোবোৰ যোজনা মাটিত মিলি যাব। প্ৰাকৃতিক দুৰ্যোগ হ'ব। খাদ্য আদি একোৱেই পোৱা নাযাব,
বৰষুণ চোৱা ক'ৰবাত বহুত হয়। ক'ৰবাত একেবাৰে নহয়। কিমান লোকচান কৰি দিয়ে। এই সময়ত
তত্ত্বও তমোপ্ৰধান সেয়েহে বৰষুণো অসময়ত দি থাকে। ধুমুহাও তমোপ্ৰধান, সূৰ্যও এনেকুৱা
তপত হ’ব যে কথাই নুসুধিবা। এই প্ৰাকৃতিক দুৰ্যোগ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
তেওঁলোকৰহে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। তোমালোকৰ পিতাৰ লগত প্ৰীতি বুদ্ধি। অজ্ঞান
কালতো সুসন্তানৰ প্ৰতি মা-পিতাৰ মৰম থাকে। সেয়েহে বাবাই কয়ো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
স্নেহপূৰ্ণ স্মৰণ..... যিমানে সেৱা কৰিবা.... সেৱাতো কৰিবই লাগে নহয়। বিশেষকৈ ভাৰত
আৰু সাধাৰণভাৱে গোটেই জগত, ভাৰতক স্বৰ্গ কৰি তুলিব লাগে। বাকী সকলোকে শান্তিধামলৈ
পঠিয়াই দিব লাগে। ভাৰতে স্বৰ্গৰ উত্তৰাধিকাৰ পায়, বাকী সকলোৱে মুক্তিৰ উত্তৰাধিকাৰ
পায়। সকলো গুচি যাব। হাহাকাৰৰ পাছত জয়জয়কাৰ হৈ যাব। কিমান হাহাকাৰ হ'ব। এয়া হয়েই
অনাহকতে তেজৰ খেল। প্ৰাকৃতিক দুৰ্যোগো আহিব। মৃত্যুতো সকলোৰে হ'বই।
পিতাই সন্তানসকলক
বুজায় - পূৰা পুৰুষাৰ্থ কৰি লোৱা। পিতাৰ সৈতে সদায় আজ্ঞাকাৰী, বিশ্বাসী হ'ব লাগে।
সেৱাধাৰী হ'ব লাগে। যিসকলে কল্প পূৰ্বে যেনেকুৱা সেৱা কৰিছিল, তাৰ সাক্ষাৎকাৰ হৈ
থাকিব। তোমালোকে সাক্ষী হৈ চাই থাকিবা। তোমালোক এতিয়া স্বদৰ্শন চক্ৰধাৰী হৈছা। সদায়
বুদ্ধিত স্বদৰ্শন চক্ৰ ঘূৰি থাকিব লাগে। আমি এনেকৈ এনেকৈ 84 জন্ম ল’লোঁ। এতিয়া আমি
ঘৰলৈ উভতি যাওঁ। পিতাও স্মৃতিত থাকিব লাগে, ঘৰো স্মৃতিত থাকিব লাগে, সত্যযুগো
স্মৃতিত থাকিব লাগে। গোটেই দিন বুদ্ধিৰে এয়াই চিন্তন কৰিব লাগে। এতিয়া আমি বিশ্বৰ
মহাৰাজকুমাৰ হ'ম। আমি শ্ৰীলক্ষ্মী বা শ্ৰীনাৰায়ণ হ'ম। নিচা বাঢ়িব লাগে নহয়। বাবাৰ
নিচা থাকে। বাবাই নিতৌ এওঁলোকৰ (লক্ষ্মী-নাৰায়ণ)ৰ চিত্ৰ চাইছিল, ভিতৰত নিচা থাকে
নহয়। বচ্ কাইলৈ মই গৈ এয়া শ্ৰীকৃষ্ণ হ'মগৈ। আকৌ সয়ম্বৰৰ পাছত শ্ৰীনাৰায়ণ হ'ম। তত্বম্
(তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱা)। তোমালোকোতো হ'বা নহয়। এয়া হৈছেই ৰাজযোগ। প্ৰজাযোগ
নহয়। আত্মাসকলৰ পুনৰাই নিজৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত হয়। সন্তানসকলে ৰাজ্য হেৰুৱাইছিল।
এতিয়া পুনৰ ৰাজ্য লৈ আছে। বাবাই এই চিত্ৰ আদি তৈয়াৰেই এই কাৰণে কৰে যাতে তোমালোক
সন্তানসকলে দেখি আনন্দিত হোৱা। 21 জন্মৰ কাৰণে আমি স্বৰ্গৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰি
আছোঁ। কিমান সহজ। এওঁ শিৱবাবা, এওঁ প্ৰজাপিতা ব্ৰহ্মা এওঁৰ দ্বাৰা এই ৰাজযোগ শিকায়।
পুনৰ আমি গৈ এনেকুৱা হ'ম। দেখিলেই আনন্দৰ পাৰা উৰ্দ্ধগামী হয়। আমি পিতাৰ স্মৃতিত
থাকিলে বিশ্বৰ ৰাজকুমাৰ হ'মগৈ। কিমান আনন্দিত হ'ব লাগে। আমিও পঢ়ি আছোঁ, তোমালোকেও
পঢ়ি আছা। এই পঢ়াৰ পাছত আমি গৈ এয়া হ'মগৈ। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। যিমানে পঢ়িবা
সিমানে উপাৰ্জন হ'ব নহয়। বাবাই কৈছে যে কিছুমান ছাৰ্জনতো ইমান বুদ্ধিমান যে এটা
মামলাতে লাখ টকাও উপাৰ্জন কৰে। বেৰিষ্টাৰসকলো এনেকুৱা। কোনোবাইতো বহুত উপাৰ্জন কৰে,
কাৰোবাৰ দেখিবা কোটো ফটা-ছিটা। এয়াও এনেকুৱা সেয়েহে বাবাই বাৰে বাৰে কয় - হে
সন্তানসকল, কোনোধৰণৰ গাফিলতি নকৰিবা। সদায় শ্ৰীমতত চলা। শ্ৰীশ্ৰী শিৱবাবাৰ দ্বাৰা
তোমালোক শ্ৰেষ্ঠ হোৱা। তোমালোক সন্তানসকলে পিতাৰ পৰা অনেকবাৰ উত্তৰাধিকাৰ লৈছা আৰু
হেৰুৱাইছা। 21 জন্মৰ উত্তৰাধিকাৰ আধাকল্পৰ কাৰণে পোৱা যায়। আধাকল্প 2500 বছৰ সুখ
পোৱা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভিতৰে
বাহিৰে সৎ হৈ থাকিব লাগে। পঢ়াত কেতিয়াও গাফিলতি কৰিব নালাগে। কেতিয়াও সংশয় বুদ্ধিৰ
হৈ পঢ়া এৰিব নালাগে। সেৱাত বিঘ্ন ৰূপ হ'ব নালাগে।
(2) সকলোকে এইটোৱে
শুভ-সংবাদ শুনোৱা যে আমি পৱিত্ৰতাৰ বলেৰে, শ্ৰীমতত নিজৰ তন-মন-ধনৰ সহযোগেৰে 21
জন্মৰ কাৰণে ভাৰতক শ্ৰেষ্ঠাচাৰী দ্বৈত মুকুটধাৰী কৰি তোলাৰ সেৱা কৰি আছোঁ।
বৰদান:
সদায় পুণ্যৰ
পুঁজি জমা কৰোঁতা আৰু কৰাওঁতা মাষ্টৰ শিক্ষক হোৱা
মই 'মাষ্টৰ শিক্ষক'-
মাষ্টৰ বুলি ক’লেই পিতা স্বতঃ স্মৃতিলৈ আহে। গঢ়ি তোলোঁতাজনৰ স্মৃতি থাকিলে "মই
কেৱল নিমিত্তহে" - এয়া স্বতঃ স্মৃতিলৈ আহি যায়। বিশেষকৈ এইটো স্মৃতি যাতে থাকে যে
মই পুণ্য আত্মা, পুণ্যৰ পুঁজি জমা কৰা আৰু কৰোৱা - এয়াই বিশেষ সেৱা। পুণ্য আত্মাই
কেতিয়াও পাপৰ এক শতাংশ সংকল্পও কৰিব নোৱাৰে। মাষ্টৰ শিক্ষক মানে সদায় পিতা দৰে
পুণ্যৰ পুঁজি জমা কৰোঁতা আৰু কৰাওঁতা।
স্লোগান:
সংগঠনৰ মহত্ব জানোঁতাজনে সংগঠনতেই নিজৰ সুৰক্ষা অনুভৱ কৰে।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যি যিমান
নিশ্চয়বুদ্ধিৰ হ’ব সিমানে সকলো কথাত বিজয়ী হ’ব। নিশ্চয়বুদ্ধিৰ কেতিয়াও পৰাজয়
নহয়। যদি পৰাজয় হয় তেন্তে বুজিব লাগে যে নিশ্চয়তাৰ অভাৱ আছে। নিশ্চয়বুদ্ধি বিজয়ী
ৰত্নসমূহৰ ভিতৰত মই এটা ৰত্ন – নিজকে এনেকৈ বুজিব লাগে। কোনো বিঘিনি আহিলে তাক কাকত
বুলি বুজি অতিক্ৰম কৰিব লাগে। পৰিস্থিতিক চাব নালাগে কাকত বুলি বুজি উত্তীৰ্ণ হ’ব
লাগে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]