18.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ ওপৰত দয়া কৰা, পিতাই যি মত দিয়ে সেই মতত চলিলে অপাৰ আনন্দিত হৈ থাকিবা, মায়াৰ অভিশাপৰ পৰা হাত সাৰি থাকিবা"

প্ৰশ্ন:
মায়াৰ অভিশাপ কিয় লাগে? অভিশপ্ত আত্মাৰ কি গতি হ'ব?

উত্তৰ:
1) পিতা আৰু পঢ়াৰ (জ্ঞান ৰত্নৰ) নিৰাদৰ কৰিলে, নিজৰ মতত চলিলে মায়াৰ অভিশাপ লাগি যায়, 2) আসুৰি চলন হ'লে, দৈৱীগুণ ধাৰণ নকৰিলে তেতিয়া নিজৰ প্ৰতিয়ে নিৰ্দয় হৈ যায়। বুদ্ধিত তলা লাগি যায়। তেওঁ পিতাৰ অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ এতিয়া এইটোতো নিশ্চয়তা আছে যে আমি আত্ম-অভিমানী হ’ব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। মায়াৰূপী ৰাৱণে অভিশপ্ত কৰি দিয়ে, দুখী কৰি দিয়ে। ‘অভিশাপ’ শব্দটিয়েই দুখৰ, ‘আশীৰ্বাদ’ শব্দটি সুখৰ। যিসকল সন্তান বিশ্বাসী, আজ্ঞাকাৰী, তেওঁলোকে ভালদৰে জানে। যিসকল আজ্ঞাকাৰী নহয়, তেওঁলোক সন্তান নহয়। নিজকে যি বুলিয়েই নাভাবক কিন্তু পিতাৰ অন্তৰ জয় কৰিব নোৱাৰে, উত্তৰাধিকাৰ লাভ কৰিব নোৱাৰে। যিসকল মায়াৰ কথামতে চলে আৰু পিতাক স্মৰণো নকৰে, তেওঁলোকে কাকো বুজাব নোৱাৰে। তেওঁলোকে নিজেই নিজক অভিশপ্ত কৰি দিয়ে। সন্তানসকলে জানে যে মায়া বৰ শক্তিশালী। যদি বেহদৰ পিতাৰো কথা নুশুনে তাৰ মানে মায়াৰ কথা শুনে। মায়াৰ বশীভূত হৈ যায়। কথিত আছে - প্ৰভুৰ আজ্ঞা শিৰত লৈ অতি স্নেহপূৰ্বক সেয়া পালন কৰিব লাগে। গতিকে পিতাই কয় – সন্তানসকল, পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিলে মায়াৰ কোলাৰ পৰা ওলাই প্ৰভুৰ কোলাত আহি যাবা। পিতাতো হৈছে বুদ্ধিমানৰো বুদ্ধিমান। পিতাৰ কথা নুশুনিলে বুদ্ধিত তলা লাগি যাব। তলা খোলোঁতা এজনেই পিতা। শ্ৰীমতত নচলিলে কি অৱস্থা হ'ব। মায়াৰ মতত একো পদ লাভ কৰিব নোৱাৰিব। যদিও শুনে কিন্তু ধাৰণা কৰিব নোৱাৰে আৰু আনকো ধাৰণা কৰাব নোৱাৰে, তেন্তে তেওঁলোকৰ কি অৱস্থা হ'ব! পিতাতো হৈছে গৰিবৰ ত্ৰাণকৰ্তা। মনুষ্যই গৰিবক দান কৰে, পিতাও আহি কিমান বেহদৰ দান কৰে। যদি শ্ৰীমতত নচলে তেন্তে বুদ্ধিত একদম তলা লাগি যায়। তেতিয়া আৰু কি প্ৰাপ্তি কৰিব! শ্ৰীমতত চলাসকলহে পিতাৰ সন্তান। পিতাতো দয়াশীল হয়। এইটো বুজি পায় যে বাহিৰলৈ গ'লেই মায়াই একদম শেষ কৰি দিব। কোনোবাই আত্মহত্যা কৰিলেও নিজৰ সৰ্বনাশ কৰে। পিতাইতো বুজাই থাকে - নিজৰ ওপৰত দয়া কৰা, শ্ৰীমতত চলা, নিজৰ মতত নচলিবা। শ্ৰীমতত চলিলে আনন্দৰ সীমা নোহোৱা হ’ব। লক্ষ্মী-নাৰায়ণৰ চেহেৰা চোৱা, কিমান আনন্দময়ী। গতিকে পুৰুষাৰ্থ কৰি এনেকুৱা উচ্চ পদ ল’ব লাগে নহয়। পিতাই অবিনাশী জ্ঞান ৰত্ন দিয়ে তেন্তে তাৰ নিৰাদৰ কিয় কৰিব লাগে! ৰত্নৰে জোলোঙা ভৰাব লাগে। শুনাততো শুনে কিন্তু বুদ্ধি ৰূপী জোলোঙা ভৰপূৰ নকৰে কিয়নো পিতাক স্মৰণ নকৰে। চলন আসুৰিক হৈয়ে থাকে। পিতাই বাৰে বাৰে বুজাই থাকে - নিজৰ ওপৰত দয়া কৰা, দৈৱীগুণ ধাৰণ কৰা। সেয়া হৈছেই আসুৰিক সম্প্ৰদায়। তেওঁলোকক পিতা আহি পৰিস্তানী কৰি তোলে। পৰিস্তান বুলি স্বৰ্গক কোৱা হয়। মনুষ্যই কিমান হাবথুৰি খাই থাকে। সন্ন্যাসী আদিৰ ওচৰলৈ যায় এইটো ভাবি যে মনৰ শান্তি পাব। বাস্তৱত এই শব্দটোৱে (‘মনৰ শান্তি’ বুলি কোৱা কথাটোৱে) ভুল, ইয়াৰ কোনো অৰ্থ নাই। শান্তিতো আত্মাকহে লাগে নহয়। আত্মাতো নিজেই শান্ত স্বৰূপ। এনেকৈয়ো নকয় যে আত্মাই কেনেকৈ শান্তি পাব? এনেকৈ কয় যে মনে কেনেকৈ শান্তি পাব? এতিয়া মন কি, বুদ্ধি কি, আত্মা কি একোৱে নাজানে। যি কিছু কয় বা কৰে সেয়া সকলো হৈছে ভক্তিমাৰ্গ। ভক্তিমাৰ্গৰসকলে ছিৰি তললৈ নামি নামি (অৱনতি হৈ হৈ) তমোপ্ৰধান হৈ যায়। যদিও কাৰোবাৰ বহুত ধন, সম্পত্তি আদি আছে, কিন্তু ৰাৱণৰাজ্যতে নাই জানো।

তোমালোক সন্তানসকলে চিত্ৰ আদিৰ ওপৰত বুজাবলৈও ভালদৰে অভ্যাস কৰিব লাগে। পিতাই সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলক বুজাই থাকে, ক্ৰমানুসৰিতো হয়েই নহয়। বহুত সন্তানে ৰজাৰ পদ পাবৰ বাবে পুৰুষাৰ্থ নকৰে, তেন্তে প্ৰজাত গৈ কি হ'বগৈ! সেৱা নকৰে, নিজৰ ওপৰত পুতৌ নজন্মে যে মই কি হ'মগৈ, তেতিয়া বুজা যায় যে ড্ৰামাত তেওঁৰ ভূমিকা সিমানেই। নিজৰ কল্যাণ কৰিবৰ বাবে জ্ঞানৰ লগতে পিতাৰ সৈতে যোগযুক্ত হৈও থাকিব লাগে। যোগত নাথাকিলে তেতিয়া একো কল্যাণ নহয়। পিতাৰ সৈতে যোগযুক্ত নোহোৱাকৈ পাৱন হ'ব নোৱাৰে। জ্ঞানতো বহুত সহজ কিন্তু নিজৰ কল্যাণো কৰিব লাগে। যোগযুক্ত হৈ নাথাকিলে একোৱে কল্যাণ নহয়। যোগযুক্ত নহ’লে পাৱন কেনেকৈ হ'বা? জ্ঞান বেলেগ বস্তু, যোগ বেলেগ বস্তু। যোগত সন্তানসকল বহুত কেঁচা। স্মৰণ কৰাৰ বুদ্ধিয়েই নাই। তেন্তে স্মৃতিত নাথাকিলে বিকৰ্ম কেনেকৈ বিনাশ হ'ব। পাছত বহুত শাস্তি খাব লাগিব, বহুত অনুতাপ কৰিবলগীয়া হয়। তেওঁলোকে স্থূল উপাৰ্জন নকৰিলে একো শাস্তি নাপায়, কিন্তু ইয়াততো শিৰত পাপৰ বোজা আছে, তাৰ বাবে বহুত শাস্তি খাবলগীয়া হয়। সন্তান হৈ যদি অশিষ্ট হয় তেন্তে বহুত শাস্তি খাবলগীয়া হয়। পিতাইতো কয় - নিজৰ ওপৰত দয়া কৰিবা, যোগযুক্ত হৈ থাকিবা। নহ'লে অকাৰণতে আপোনঘাতী হয়। যেনেকৈ কোনোবা ওপৰৰ পৰা পৰিলে, যদি নমৰে তেন্তে চিকিৎসালয়ত পৰি থাকিব, চিঞৰি থাকিব। অনাহকতে জপিয়াই দিলে, মৰাও নাই, বাকী কি কামৰ হৈ থাকিল। ইয়াতো এনেকুৱা। বহুত উচ্চলৈ আৰোহণ কৰিব লাগে। শ্ৰীমতত যদি নচলে তেন্তে বাগৰি পৰে (অধঃপতিত হয়)। আগলৈ সকলোৱে নিজৰ পদ প্ৰত্যক্ষ কৰিব যে মই কি হ'মগৈ? যিসকল সেৱাধাৰী, আজ্ঞাকাৰী হ'ব তেওঁলোকেই উচ্চ পদ পাব। নহ'লে দাস-দাসী আদি হ'বগৈ। আকৌ শাস্তিও বহুত কঠোৰ পাব। সেই সময়ত দুয়ো (বাপদাদা) যেন ‘ধৰ্মৰজা’ৰ ৰূপ লৈ লয়। কিন্তু সন্তানসকলে বুজি নাপায়, ভুল কৰি থাকে। শাস্তিতো ইয়াত ভোগ কৰিব লাগিব নহয়। যিয়ে যিমান সেৱা কৰিব, শোভনীয় হ'ব। নহ'লে কোনো কামৰ হৈ নাথাকিব। পিতাই কয় - যদি আনৰ কল্যাণ কৰিব নোৱাৰা তেন্তে নিজৰ কল্যাণতো কৰা। বন্ধনত থকাসকলেও নিজৰ কল্যাণ কৰি থাকে। পিতাই তথাপিও সন্তানসকলক কয় যে সাৱধানে থাকিবা। নাম-ৰূপত আৱদ্ধ হ’লে মায়াই বহুত প্ৰবঞ্চনা কৰে। কোনোৱে এনেকৈ কয় যে বাবা অমুকক দেখিলে মোৰ বেয়া সংকল্প উদয় হয়। পিতাই বুজায় - কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও বেয়া কাম কৰিব নালাগে। কোনো বেয়া ব্যক্তি যাৰ চাল-চলন ঠিক নহয় তেওঁলোকক সেৱাকেন্দ্ৰলৈ আহিব দিব নালাগে। স্কুলত কোনোবাই বেয়া আচৰণ কৰিলে বহুত মাৰ খায়। শিক্ষকে সকলোৰে আগত শুনাই দিয়ে, এওঁ এনেকুৱা বেয়া আচৰণ কৰিছে, সেইবাবে এওঁক স্কুলৰ পৰা উলিয়াই দিয়া হৈছে। তোমালোকৰ সেৱাকেন্দ্ৰলৈও এনেকুৱা লেতেৰা দৃষ্টি দিয়া লোক আহিলে তেতিয়া তেওঁক খেদি পঠিয়াব লাগে। পিতাই কয় - কেতিয়াও কুদৃষ্টি দিব নালাগে। যদি সেৱা নকৰে, পিতাক স্মৰণ নকৰে তেন্তে নিশ্চয় কিবা নহয় কিবা মলিনতা আছে। যিয়ে ভাল সেৱা কৰে, তেওঁলোকৰ নামো উজ্বল হয়। অলপো যদি সংকল্প উদয় হয়, কুদৃষ্টি যায় তেন্তে বুজিব লাগে যে মায়াৰ প্ৰহাৰ হৈছে। একেবাৰে এৰি দিব লাগে। নহ'লে বৃদ্ধি হৈ লোকচান কৰি দিব। পিতাক স্মৰণ কৰি থাকিলে বাচি থাকিবা। পিতাই সকলো সন্তানক সাৱধান কৰি দিয়ে - সাৱধানে থাকিবা, ক'তো নিজৰ কুলৰ নাম বদনাম নকৰিবা। কোনোৱে গন্ধৰ্ব বিবাহ কৰি একেলগে থাকে তেতিয়া কিমান নাম উজ্বল কৰে, কোনোবা আকৌ লেতেৰা হৈ যায়। তোমালোক ইয়ালৈ নিজৰ সৎগতি কৰিবলৈ আহিছা, বেয়া গতি কৰিবলৈ নহয়। বেয়াতকৈও বেয়া হৈছে কাম, তাৰ পাছত ক্ৰোধ। আহে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ কিন্তু মায়াই প্ৰহাৰ কৰি আভিশাপ দি দিয়ে তেতিয়া একেবাৰে অৱনমিত হৈ যায়। অৰ্থাৎ নিজকে অভিশাপ দি দিয়ে। সেয়েহে পিতাই বুজায় - বহুত সাৱধানে থাকিব লাগে, এনেকুৱা কোনোবা আহিলে তেওঁক একেবাৰে ঘূৰাই পঠাব লাগে। এনেকৈ দেখুৱায়ো - অমৃত পান কৰিবলৈ আহিল আকৌ বাহিৰত গৈ অসুৰ হৈ বেয়া কাম কৰি দিলে। তেওঁ পুনৰ এই জ্ঞান শুনাব নোৱাৰে। তলা বন্ধ হৈ যায়। পিতাই কয় - নিজৰ সেৱাতে তৎপৰ হৈ থাকিব লাগে। পিতাৰ স্মৃতিত থাকি থাকি অন্তিমত ঘৰলৈ যাব লাগে। গীতো আছে - নিশাৰ পথিক ভাগৰি নাযাবা... আত্মা ঘৰলৈ যাব লাগে। আত্মাসকলেই হৈছে পথিক। আাত্মাসকলক নিতৌ বুজোৱা হয় - এতিয়া তোমালোক শান্তিধামলৈ যাবলগীয়া পথিক। গতিকে এতিয়া পিতাক, ঘৰক আৰু উত্তৰাধিকাৰক স্মৰণ কৰি থাকিবা। নিজক চাব লাগে যে মায়াই ক'ৰবাত প্ৰবঞ্চনাতো নকৰে? মই নিজৰ পিতাক স্মৰণ কৰোঁনে?

উচ্চতকৈও উচ্চ পিতাৰ ফালেই দৃষ্টি থাকিব লাগে - এয়া হৈছে অতি উচ্চ পুৰুষাৰ্থ। পিতাই কয় – সন্তানসকল, কুদৃষ্টি এৰি দিয়া। দেহ-অভিমান মানে কুদৃষ্টি, আত্ম-অভিমানী মানে শুদ্ধ দৃষ্টি। গতিকে সন্তানসকলৰ দৃষ্টি পিতাৰ ফালে থাকিব লাগে। উত্তৰাধিকাৰ বহুত উচ্চ - বিশ্বৰ বাদশ্বাহী, এয়া জানো সৰু কথা! কোনেও সপোনতো ভবা নাছিলা যে পঢ়াৰ দ্বাৰা, যোগৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী পাব পাৰি। পঢ়ি উচ্চ পদ পালে পিতাও আনন্দিত হ'ব, শিক্ষকো আনন্দিত হ'ব, সৎগুৰুও আনন্দিত হ'ব। স্মৰণ কৰি থাকিলে পিতায়ো মৰম-চেনেহ দি থাকিব। পিতাই কয় – সন্তানসকল, এই দোষ-ক্ৰুটিবোৰ আঁতৰাই দিয়া। নহ'লে অকাৰণতে নাম বদনাম কৰি দিবা। পিতাইতো বিশ্বৰ মালিক কৰি তোলে, সৌভাগ্য উদয় কৰে। ভাৰতবাসীয়েই 100 শতাংশ সৌভাগ্যশালী আছিল আকৌ ভাৰতবাসীয়েই 100 শতাংশ দুৰ্ভাগ্যশালী হ'ল আকৌ তোমালোকক সৌভাগ্যশালী কৰি তুলিবলৈ পঢ়োৱা হয়।

পিতাই বুজাইছে যিসকল ধৰ্মৰ ডাঙৰ ডাঙৰ ব্যক্তি আছে, তেওঁলোকো তোমালোকৰ ওচৰলৈ আহিব। যোগ শিকি যাব। সংগ্ৰাহালয়লৈ যিসকল পৰ্যটক আহে, তেওঁলোককো তোমালোকে বুজাব পাৰা - এতিয়া স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। বৃক্ষৰ ওপৰত বুজোৱা, চোৱা তোমালোক অমুক সময়ত আহা। ভাৰতবাসীৰ ভূমিকা অমুক সময়ত। তোমালোকে এই জ্ঞান শুনা আৰু তাৰ পাছত নিজৰ দেশলৈ গৈ কোৱা যে পিতাক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তেওঁলোকে যোগ শিকিব বিচাৰে। হঠযোগী, সন্ন্যাসীসকলেতো তেওঁলোকক যোগ শিকাব নোৱাৰে। তোমালোকৰ অভিযানো বাহিৰলৈ যাব। বুজাবলৈ বহুত যুক্তি লাগে। ধৰ্মৰ যিসকল ডাঙৰ ডাঙৰ লোক আছে তেওঁলোক আহিবতো লাগিবই। তোমালোকৰ পৰা যিকোনো এজনেও যদি যথা ৰীতিৰে এই জ্ঞান লৈ যায় তেন্তে এজনৰ পৰা অনেকে বুজি পাব। এজনৰ বুদ্ধিত আহি গ'লে তেতিয়া বাতৰিকাকত আদিতো প্ৰকাশ কৰিব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। নহ'লে পিতাক স্মৰণ কৰিবলৈ কেনেকৈ শিকিব। পিতাৰ পৰিচয়তো সকলোৱে পাব। কোনোবা নহয় কোনোবা ওলাব। সংগ্ৰাহালয়ত বহুত পুৰণি বস্তু চাবলৈ যায়। ইয়াত আকৌ তোমালোকৰ পুৰণি জ্ঞান শুনিব। বহুত আহিব। তাৰ মাজত কোনোবাই ভালদৰে বুজিব। ইয়াৰ পৰাই দৃষ্টি প্ৰাপ্ত কৰিব অথবা অভিযান বাহিৰলৈ যাব। তোমালোকে ক’বা - পিতাক স্মৰণ কৰক তেতিয়া নিজৰ ধৰ্মত উচ্চ পদ লাভ কৰিব। পুনৰ্জন্ম লৈ লৈ সকলো তললৈ আহি গ’ল। তললৈ অহা মানে তমোপ্ৰধান হোৱা। পোপ আদিয়ে এনেকৈ ক’ব নোৱাৰে যে পিতাক স্মৰণ কৰা। কিয়নো তেওঁলোকে পিতাক নাজানেই। তোমালোকৰ ওচৰত বহুত ভাল জ্ঞান আছে। চিত্ৰও অতি সুন্দৰ তৈয়াৰ কৰি গৈ থাকে। সুন্দৰ বস্তু হ'লে সংগ্ৰাহালয় আৰু অধিক সুন্দৰ হ’ব। চাবলৈ বহুত আহিব। যিমানে ডাঙৰ চিত্ৰ হ'ব সিমানে ভালকৈ বুজাব পাৰিবা। চখ থাকিব লাগে মই এনেকৈ বুজাম। তোমালোকৰ বুদ্ধিত সদায় থাকিব লাগে যে আমি ব্ৰাহ্মণ হৈছোঁ গতিকে যিমান সেৱা কৰিম সিমানে বহুত মান হ'ব। ইয়াতো মান হ’ব আৰু তাতো মান হ'ব। তোমালোক পূজনীয় হ'বাগৈ। এই ঈশ্বৰীয় জ্ঞান ধাৰণ কৰিব লাগে। পিতাইতো কয় - সেৱাৰ পিছত দৌৰি থাকা। পিতাই য'লৈকে সেৱাৰ বাবে পঠিয়ায়, তাতেই কল্যাণ আছে। গোটেই দিন বুদ্ধিত সেৱাৰ খেয়াল চলি থাকিব লাগে। বিদেশীসকলকো পিতাৰ পৰিচয় দিব লাগে। অতিকৈ মৰমৰ পিতাক স্মৰণ কৰা, কোনো দেহধাৰীক গুৰু কৰি নল’বা। সকলোৰে সৎগতি দাতা সেই এজনেই পিতা। এতিয়া পাইকাৰী মৃত্যু সমাগত, পাইকাৰী আৰু খুচুৰা বেপাৰ নাথাকে জানো। পিতা হৈছে পাইকাৰী, উত্তৰাধিকাৰো পাইকাৰী হিচাপত দিয়ে। 21জন্মৰ বাবে বিশ্বৰ বাদশ্বাহী লোৱা। মুখ্য চিত্ৰ হৈছে ত্ৰিমূৰ্তি, গোলক (সৃষ্টিচক্ৰ), বৃক্ষ (কল্পবৃক্ষ), ছিৰি, বিৰাট ৰূপৰ চিত্ৰ আৰু গীতাৰ ভগৱান কোন?...... এই চিত্ৰবোৰতো অতি উত্তম, ইয়াত পিতাৰ মহিমা সম্পূৰ্ণকৈ আছে। পিতাইহে শ্ৰীকৃষ্ণক এনেকৈ গঢ়ি তুলিলে, এই উত্তৰাধিকাৰ ঈশ্বৰ পিতাই দিলে। কলিযুগত ইমান অনেক মনুষ্য আছে, সত্যযুগত অলপ থাকে। এই অদল-বদল কোনে কৰিলে? কিঞ্চিত মাত্ৰও কোনেও নাজানে। সাধাৰণতে পৰ্যটকসকল ডাঙৰ ডাঙৰ চহৰলৈ যায়। তেওঁলোকেও আহি পিতাৰ পৰিচয় পাব। সেৱাৰ বাবে সাৰ কথাতো বহুত পাই থাকা। বিদেশলৈও যাব লাগে। এফালে তোমালোকে পিতাৰ পৰিচয় দি থাকিবা, আনফালে মৰামৰি চলি থাকিব। সত্যযুগত কম মনুষ্য থাকিব তেন্তে নিশ্চয় বাকীবোৰৰ বিনাশ হ'ব নহয়। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। যি হৈ গ'ল সেয়া আকৌ পুনৰাবৃত্তি হ'ব। কিন্তু কাৰোবাক বুজাবলৈও বুদ্ধি লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এজন পিতাৰ প্ৰতিহে দৃষ্টি ৰাখিব লাগে। আত্ম-অভিমানী হ'বলৈ পুৰুষাৰ্থ কৰি মায়াৰ প্ৰবঞ্চনাৰ পৰা হাত সাৰিব লাগে। কেতিয়াও কুদৃষ্টি ৰাখি নিজৰ কুলৰ নাম বদনাম কৰিব নালাগে।

(2) সেৱাত তৎপৰ হৈ থাকিব লাগে। সেৱাধাৰী আৰু আজ্ঞাকাৰী হ’ব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। কোনোধৰণৰ বেয়া আচৰণ কৰিব নালাগে।

বৰদান:
যতি চিহ্ন লগোৱা অৱস্থাৰ দ্বাৰা প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰোঁতা মাষ্টৰ প্ৰকৃতিপতি হোৱা

বৰ্তমান সময় অস্থিৰতা বৃদ্ধি হোৱাৰ সময়। চুড়ান্ত পৰীক্ষাত এফালে প্ৰকৃতিৰ আৰু আনফালে পাঁচ বিকাৰৰ ভয়ানক ৰূপ হ’ব। তমোগুণী আত্মাসকলৰ প্ৰহাৰ আৰু পুৰণি সংস্কাৰ... সকলোৱে অন্তিম সময়ত নিজৰ সুযোগ ল’ব। এনেকুৱা সময়ত সামৰি লোৱাৰ শক্তিৰে এতিয়াই সাকাৰী, এতিয়াই আকাৰী আৰু এতিয়াই নিৰাকাৰী স্থিতিত স্থিত হোৱাৰ অভ্যাসৰ প্ৰয়োজন। দেখিও নাচাবা, শুনিও নুশুনিবা। যেতিয়া এনেকুৱা যতি চিহ্ন লগোৱাৰ অৱস্থা হ’ব তেতিয়া প্ৰকৃতিপতি হৈ প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰিব পাৰিবা।

স্লোগান:
নিৰ্বিঘ্ন ৰাজ্য অধিকাৰী হ’বলৈ নিৰ্বঘ্ন সেৱাধাৰী হোৱা।

সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সদায় যাতে এইটোৱে স্মৃতি থাকে যে মই আত্মা সেই পৰম আত্মাৰ সৈতে সংযুক্ত হওঁ। পৰম আত্মা মোৰ অৰ্থাৎ আত্মাৰ অবিহনে থাকিব নোৱাৰে আৰু ময়ো পৰম আত্মাৰ অবিহনে থাকিব নোৱাৰো। এনেকৈ প্ৰতিটো চেকেণ্ডত হুজুৰক হাজিৰ বুলি অনুভৱ কৰিলে আত্মিক সুবাসত অবিনাশী আৰু একৰস হৈ থাকিবা।