18.05.25    Avyakt Bapdada     Assame Murli     25.03.2005     Om Shanti     Madhuban


“*“মাষ্টৰ জ্ঞান সূৰ্য হৈ অনুভূতিৰ কিৰণ বিয়পোৱা, বিধাতা হোৱা, তপস্বী হোৱা”*”


আজি বাপদাদাই নিজৰ চাৰিওফালৰ পৱিত্ৰ হংস সন্তানসকলৰ সৈতে ‘হোলি’ উদ্‌যাপন কৰিবলৈ আহিছেহঁক। সন্তানসকলো স্নেহৰ এনাজৰীৰে বান্ধ খাই ‘হোলি’ উদ্‌যাপন কৰিবলৈ আহি উপস্থিত হৈছেহি। মিলন উদ্‌যাপন কৰিবৰ বাবে কিমান স্নেহৰে উপস্থিত হৈছেহি। বাপদাদাই সকলো সন্তানৰ ভাগ্য চাই আছিল - কিমান উচ্চ ভাগ্য, যিমানেই পৱিত্ৰতম সিমানেই উচ্চতমো হয়। গোটেই কল্পত চোৱা তোমালোকৰ ভাগ্যতকৈ উচ্চ ভাগ্য আন কাৰো নাই। নিজৰ ভাগ্যক জানা নহয়? বৰ্তমান সময়তো পৰমাত্ম প্ৰতিপালন, পৰমাত্ম শিক্ষা আৰু পৰমাত্ম বৰদানেৰে প্ৰতিপালিত হৈ আছা। ভৱিষ্যতেও বিশ্বৰ ৰাজ্য অধিকাৰী হোৱা। হ’বই লাগে, এয়া নিশ্চিত, নিশ্চয়তা আছেই। পাছলৈও যেতিয়া পূজ্য হোৱা তেতিয়া তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ দৰে বিধিপূৰ্বক পূজা আন কাৰো নহয়। গতিকে বৰ্তমান, ভৱিষ্যত আৰু পূজ্য স্বৰূপত উচ্চতম অৰ্থাৎ উচ্চতকৈও উচ্চ। তোমালোকৰ জড় চিত্ৰ সেইবোৰৰো প্ৰতিটো কৰ্মৰ পূজা হয়। অনেক ধৰ্ম পিতা, মহান আত্মা হৈছে কিন্তু এনেকুৱা বিধিপূৰ্বক পূজা তোমালোক উচ্চতকৈও উচ্চ পৰমাত্ম সন্তানসকলৰ হয় কিয়নো এই সময়ত প্ৰতিটো কৰ্মত কৰ্মযোগী হৈ কৰ্ম কৰাৰ বিধিৰ ফল পূজাও বিধিপূৰ্বক হয়। এই সংগম সময়ৰ পুৰুষাৰ্থৰ প্ৰালব্ধ প্ৰাপ্ত হয়। তেন্তে উচ্চতকৈও উচ্চ ভগৱানে তোমালোক সন্তানসকলকো উচ্চতকৈও উচ্চ প্ৰাপ্তি কৰায়।

‘হোলি’ অৰ্থাৎ পৱিত্ৰতা, পৱিত্ৰতমো হোৱা তেনেকৈ উচ্চতমো হোৱা। এই ব্ৰাহ্মণৰ আধাৰেই হৈছে পৱিত্ৰতা। সংকল্প মাত্ৰ অপৱিত্ৰতায়ো শ্ৰেষ্ঠ হ’বলৈ নিদিয়ে। পৱিত্ৰতাই হৈছে সুখ শান্তিৰ জননী। পৱিত্ৰতা হৈছে সৰ্ব প্ৰাপ্তিৰ চাবি, সেই কাৰণে তোমালোক সকলোৰে শ্লোগান এইটোৱেই - “পৱিত্ৰ হোৱা, যোগী হোৱা।” ‘হোলি’ যি স্মাৰকো আছে, তাতো চোৱা প্ৰথমে জ্বলায় তাৰ পাছত উদ্‌যাপন কৰে। নজ্বলোৱাকৈ উদ্‌যাপন নকৰে। অপৱিত্ৰতাক জ্বলোৱা, যোগ অগ্নিৰে অপৱিত্ৰতাক জ্বলোৱা, তাৰ স্মাৰক হিচাপে তেওঁলোকে জুইত জ্বলায় আৰু জ্বলোৱাৰ পাছত যেতিয়া পৱিত্ৰ হয় তেতিয়া আনন্দিত হৈ উদ্‌যাপন কৰে। পৱিত্ৰ হোৱাৰ স্মাৰক স্বৰূপ মিলন উদ্‌যাপন কৰে কিয়নো তোমালোক সকলোৱে যেতিয়া অপৱিত্ৰতাক জ্বলোৱা, পৰমাত্ম সংগৰ ৰঙত ৰঙীন হৈ যোৱা তেতিয়া সকলো আত্মাৰ প্ৰতি শুভ ভাৱনা, শুভ কামনাৰ মিলন উদ্‌যাপন কৰা। ইয়াৰ স্মাৰক মংগল মিলন উদ্‌যাপন কৰা। সেই কাৰণে বাপদাদাই সকলো সন্তানক এইটোৱে স্মৃতি সোঁৱৰাই দিয়ে যে সদায় প্ৰত্যেকৰে পৰা আশীৰ্বাদ লোৱা আৰু আশীৰ্বাদ দিয়া। নিজৰ আশীবাৰ্দৰ শুভ ভাৱনাৰে মংগল মিলন উদ্‌যাপন কৰা কিয়নো যদি কোনোবাই অভিশাপো দিয়ে, তেওঁতো অপৱিত্ৰতাৰে পৰৰ বশীভূত, কিন্তু যদি তোমালোকে অভিশাপ মনত সমাহিত কৰি লোৱা তেতিয়া জানো আনন্দিত হৈ থাকা? সুখী হৈ থাকা জানো? নে ব্যৰ্থ সংকল্পৰ ‘কিয়’, ‘কি’, ‘কেনেকৈ’, ‘কোন’... এই দুখৰ অনুভৱ কৰা? অভিশাপ লৈ লোৱা অৰ্থাৎ নিজেও দুখ আৰু অশান্তিৰ অনুভৱ কৰা। বাপদাদাৰ যি শ্ৰীমত যে সুখ দিয়া আৰু সুখ লোৱা, সেই শ্ৰীমতৰ উলংঘন হৈ যায়। তেন্তে এতিয়া সকলো সন্তানে আশীৰ্বাদ ল’বলৈ আৰু আশীৰ্বাদ দিবলৈ শিকি গ’লা নহয়। শিকিলানে?

প্ৰতিজ্ঞা আৰু দৃঢ়তা, দৃঢ়তাৰে প্ৰতিজ্ঞা কৰা - সুখ দিম আৰু সুখ ল’ম। আশীৰ্বাদ দিম, আশীৰ্বাদ ল’ম। প্ৰতিজ্ঞা কৰিলানে? সাহস আছেনে? যাৰ সাহস আছে যে আজিৰ পৰা দৃঢ়তাৰে সংকল্প কৰিছোঁ - আশীৰ্বাদ ল’ম আশীৰ্বাদ দিম, তেওঁলোকে হাত দাঙা। দৃঢ়নে? দৃঢ়নে? কেঁচা নহ’বা। যদি কেঁচা হোৱা তেন্তে কেঁচা ফল পক্ষীয়ে বহুত খায়। দৃঢ়তা সফলতাৰ চাবি। সকলোৰে ওচৰত চাবি আছেনে? আছেনে চাবি? চাবি সদায় থাকেনে, মায়াই চুৰ কৰি লৈতো নাযায়? মায়াৰো চাবিৰ প্ৰতি মৰম আছে। সদায় সংকল্প কৰোতে এইটো সংকল্প জাগ্ৰত কৰা, সুপ্ত নহয়, জাগ্ৰত। জাগ্ৰত কৰা, মই কৰিবই লাগে। হ’বই লাগে। হ’বই। হৈয়েই আছে। ইয়াকে কোৱা হয় নিশ্চয়বুদ্ধি বিজয়ন্তী। বিজয়ৰ ড্ৰামা ৰচি থোৱাই আছে। কেৱল পুনৰাবৃত্তি কৰিব লাগে। ৰচি থোৱা ড্ৰামা। ৰচি থোৱা আছে, পুনৰাবৃত্তি কৰি হ’ব লাগে। কঠিন নেকি? কেতিয়াবা কেতিয়াবা কঠিন হৈ যায়! কঠিন কিয় হয়? নিজেই সহজক কঠিন কৰি দিয়া। সৰু ভুল কৰি দিয়া – গম পোৱানে কোনটো ভুল কৰা? বাপদাদাৰ সেই সময়ত সন্তানসকলৰ ওপৰত বহুত দয়া কি ক’ম, স্নেহ উপজে। কি স্নেহ উপজে? এফালেতো কোৱা যে পিতা মোৰ সৈতে সংযুক্ত হৈ আছে। লগত নহয় সংযুক্ত হৈ আছে। তেন্তে বাপদাদা সংযুক্ত হৈ আছেনে? ডবল বিদেশী সংযুক্ত হৈ আছেনে? পিছৰসকল সংযুক্ত হৈ আছেনে? গেলেৰীত বহাসকল সংযুক্ত হৈ আছেনে?

বাৰু – আজিতো বাপদাদাই খবৰ পালে যে মধুবন নিবাসী পাণ্ডৱ ভৱন, জ্ঞান সৰোবৰ আৰু ইয়াত থকাসকলেও বেলেগ প্ৰেক্ষাগৃহত শুনি আছে। তেওঁলোককো বাপদাদাই সুধি আছে যে বাপদাদা সংযুক্ত হৈ আছেনে? হাত দাঙি আছে। যিহেতু সৰ্বশক্তিমান বাপদাদা সংযুক্ত হৈ আছে তেন্তে অকলশৰীয়া কিয় হৈ যোৱা? যদি তোমালোক দুৰ্বলো হোৱা তেন্তে বাপদাদাতো সৰ্বশক্তিমান হয় নহয়! যেতিয়া অকলশৰীয়া হৈ যোৱা তেতিয়া দুৰ্বল হৈ যোৱা। সংযুক্ত ৰূপত থাকা। বাপদাদা সকলো সন্তানৰ সকলো সময়তে সহযোগী হয়। শিৱ পিতা পৰমধামৰ পৰা কিয় আহিছে? কি কাৰণে আহিছে? সন্তানসকলৰ সহযোগী হ’বলৈ আহিছে। চোৱা পিতা ব্ৰহ্মাও ব্যক্তৰ পৰা অব্যক্ত কিয় হ’ল? সাকাৰ শৰীৰতকৈ অব্যক্ত ৰূপত অধিক সহযোগ দিব পাৰে। গতিকে যিহেতু বাপদাদাই সহযোগ দিবৰ বাবে প্ৰস্তাব দি আছে তেন্তে অকলশৰীয়া কিয় হৈ যোৱা? পৰিশ্ৰম কৰিবলৈ কিয় লাগি যোৱা? 63 জন্মতো পৰিশ্ৰম কৰিলা নহয়! সেই পৰিশ্ৰমৰ সংস্কাৰে এতিয়াও আকৰ্ষিত কৰে নেকি? প্ৰেমত থাকা, স্নেহত লীন হৈ থাকা। প্ৰেম পৰিশ্ৰমৰ পৰা মুক্ত কৰোতা হয়। পৰিশ্ৰম ভাল লাগে জানো? স্বভাৱৰ বশীভূত হৈ যোৱা নেকি? সহজ যোগী হোৱা বাপদাদাই সন্তানসকলৰ বাবে পৰমধামৰ পৰা বিশেষ উপহাৰ আনিছে, গম পোৱানে কি উপহাৰ আনিছোঁ? হাতত স্বৰ্গ লৈ আহিছোঁ। তোমালোকৰ চিত্ৰও আছে নহয়। সন্তানসকলৰ বাবে ৰাজ্য-ভাগ্য আনিছে, সেয়েহে বাপদাদাৰ পৰিশ্ৰম কৰাটো ভাল নালাগে।

বাপদাদাই প্ৰতিগৰাকী সন্তান পৰিশ্ৰমৰ পৰা মুক্ত, প্ৰেমত মগন হৈ থকাটো চাব বিচাৰে। তেন্তে পৰিশ্ৰম বা মায়াৰ যুদ্ধৰ পৰা মুক্ত হোৱাৰ বাবে আজি সংকল্পৰ দ্বাৰা ‘হোলি’ জ্বলাবানে? জ্বলাবানে? জ্বলোৱা মানে নাম-চিহ্ন নোহোৱা হৈ যোৱা। যিকোনো বস্তু জ্বলালে তেতিয়া নাম-চিহ্ন নোহোৱা হৈ যায় নহয়! তেন্তে এনেকৈ ‘হোলি’ উদ্‌যাপন কৰিবানে? হাততো লৰাই আছা। বাপদাদাই হাত দেখি আনন্দিত হৈ আছে। কিন্তু.... কিন্তু আছে? কিন্তু কওঁনে কি কৰা নাই? মনৰ হাত লৰাবা। এই হাত লৰোৱাতো বহুত সহজ। যদি মনে মানি লয় যে কৰিবই লাগিব, তেন্তে হৈয়েই আছে। নতুন নতুন বহুত আহিছে। যিসকল প্ৰথম বাৰ মিলন উদ্‌যাপন কৰিবলৈ আহিছে, তেওঁলোকে হাত দাঙা। ডবল বিদেশীৰ মাজতো আছে।

এতিয়া যিসকল প্ৰথমবাৰৰ বাবে আহিছে, বাপদাদাই বিশেষকৈ তেওঁলোকক নিজৰ ভাগ্য গঢ়াৰ বাবে অভিনন্দন জনাই আছে, কিন্তু এই অভিনন্দন স্মৃতিত ৰাখিবা আৰু এতিয়া সকলোৰে শেষত আহিও তীব্ৰ গতিত আগবাঢ়ি যোৱাৰ সুযোগ আছে, কিয়নো চুড়ান্ত ফলাফল ঘোষিত হোৱা নাই। গতিকে শেষত অহাসকলেও, আগৰসকলতকৈ শেষত আহিছা নহয়, গতিকে শেষত অহাসকলে শেষত আহিও তীব্ৰ গতিৰে আগবাঢ়ি যাব পাৰা আৰু তীব্ৰগতিৰে প্ৰথমত আহিব পাৰা। অনুমতি আছে, যাবা পাৰা। গতিকে সদায় এইটো লক্ষ্য স্মৃতিত ৰাখিবা যে মই অৰ্থাৎ মই আত্মাই তীব্ৰগতিত আৰু প্ৰথম শ্ৰেণীত আহিবই লাগিব। ভি.আই.পি. বহুত আহিছে নহয়, উপাধি ভি.আই.পি.ৰ। যিসকল ভি.আই.পি. আহিছে তেওঁলোকে দীঘলকৈ হাত দাঙা। (ভাৰতৰ প্ৰায় 150 গৰাকী অতিথি বাপদাদাৰ সন্মুখত বহি আছে) স্বাগতম। নিজৰ ঘৰলৈ স্বাগতম, আহিলা ভাল কৰিলা। এতিয়াতো পৰিচয়ৰ বাবে ভি.আই.পি. বুলি কয় কিন্তু এতিয়া ভি.আই.পি.ৰ পৰা ভি.ভি.আই.পি. হ’ব লাগে। চোৱা, দেৱতাসকল; তোমালোকৰ জড় চিত্ৰ ভি.ভি.ভি.আই.পি. হয় তেন্তে তোমালোকো পূৰ্বজৰ নিচিনা হ’বই লাগে। বাপদাদা সন্তানসকলক দেখি আনন্দিত হয়। সম্পৰ্কত আহিছা। যিসকল ভি.আই.পি. আহিছা তেওঁলোক উঠা। বহি বহি ভাগৰিও গৈছা চাগৈ, অলপ উঠা। বাৰু।

বৰ্তমান সময়ত বাপদাদাৰ দুটা কথাৰ প্ৰতি বাৰে বাৰে মনোযোগ আকৰ্ষণ কৰাই আছে – এটা হৈছে ‘ষ্টপ’, বিন্দু লগোৱা, ‘পইণ্ট’ লগোৱা। দ্বিতীয়টো – ‘ষ্টক’ জমা কৰা। দুয়োটাই জৰুৰী। তিনিটা সম্পদ বিশেষভাৱে জমা কৰা - এটা নিজৰ পুৰুষাৰ্থৰ প্ৰালব্ধ অৰ্থাৎ প্ৰত্যক্ষ ফল, সেয়া জমা কৰা। দ্বিতীয়তে – সদায় সন্তুষ্ট হৈ থাকিবা, সন্তুষ্ট কৰিবা। কেৱল থাকিব নালাগে, কৰিবাও। তাৰ ফলস্বৰূপে আশীৰ্বাদ জমা কৰা। আশীৰ্বাদৰ পুঁজি কেতিয়াবা কেতিয়াবা বহুত সন্তানে জমা কৰে কিন্তু আগবাঢ়ি গৈ থাকোঁতে কিবা সৰু-বৰ কথাত বিভ্ৰান্ত হৈ সাহস হেৰুৱাই জমা কৰা সম্পদতো ৰেখা টানি দিয়ে। গতিকে আশীৰ্বাদৰ পুঁজিও জমা হওঁক। তাৰ বিধি হ’ল সন্তুষ্ট হৈ থাকা, সন্তুষ্ট কৰা। তৃতীয়তে - সেৱাৰ দ্বাৰা সেৱাৰ ফল জমা কৰা অৰ্থাৎ সম্পদ জমা কৰা আৰু সেৱাতো বিশেষ নিমিত্ত ভাৱ। নম্ৰ ভাৱ, নিৰ্মল বাণী। বেহদৰ সেৱা। মোৰ নহয়, বাবাৰ। বাবা কৰাবনহাৰ মোৰ অৰ্থাৎ কৰণহাৰৰ দ্বাৰা কৰাই আছে, এয়া হ’ল বেহদৰ সেৱা। এই তিনিওটা পুঁজি পৰীক্ষা কৰা - তিনিওটা পুঁজি জমা আছেনে? ‘মোৰ বোধ’ৰ অভাৱ হওঁক। ইচ্ছাৰ বিষয়ে অজ্ঞ হোৱা। ভাবে এইটো বছৰ কি কৰোঁ? ‘চিজন’ পূৰা হ’বৰ হৈছে, এতিয়া 6 মাহ কি কৰোঁ? এটাতো পুঁজি জমা কৰিবা, ভালদৰে পৰীক্ষা কৰিবা। ক’ৰবাত কোণাত হদৰ ইচ্ছাতো নাই? ‘মই’ আৰু ‘মোৰ বোধ’তো নাই? লওঁতাতো নহওঁ? বিধাতা হোৱা, লওঁতা নহয়। নাম, মান, সম্ভ্ৰম, একোৰে লওঁতা নহয়, দাতা, বিধাতা হোৱা।

এতিয়া দুখ বহুত বাঢ়ি আছে, বাঢ়ি থাকিব, সেয়েহে মাষ্টৰ জ্ঞান সূৰ্য হৈ অনুভূতিৰ কিৰণ বিয়পোৱা। যেনেকৈ সূৰ্যই একে সময়তে কিমান প্ৰাপ্তি কৰায়, এটা প্ৰাপ্তি নকৰায়। কেৱল পোহৰ নিদিয়ে, শক্তিও দিয়ে। অনেক প্ৰাপ্ত কৰায়। তেনেকৈ তোমালোক সকলোৱে এই 6 মাহত জ্ঞান সূৰ্য হৈ সুখৰ, আনন্দৰ, শান্তিৰ সহযোগৰ কিৰণ বিয়পোৱা। অনুভূতি কৰোৱা। তোমালোকৰ চেহেৰা দেখিয়েই দুখৰ লহৰতো অন্তত হাঁহি বিৰিঙি উঠক। তোমালোকৰ দৃষ্টিৰে সাহস পাই যাওঁক। গতিকে এইটো মনোযোগ দিব লাগে। বিধাতা হ’ব লাগে, তপস্বী হ’ব লাগে। এনেকুৱা তপস্যা কৰা যাতে তপস্যাৰ জুইয়ে কিবা নহয় কিবা অনুভূতি কৰায়। কেৱল বাণী যাতে নুশুনে, অনুভূতি কৰোৱা। অনুভূতি অমৰ হয়। কেৱল বাণী অলপ সময়ৰ বাবে ভাল লাগে, সদায় মনত নাথাকে, সেয়েহে অনুভৱৰ কৰ্তৃত্বশীল হৈ অনুভৱ কৰোৱা। যিয়েই সম্বন্ধ-সম্পৰ্কত আহি আছে তেওঁলোকক নিজৰ সহযোগেৰে, বাপদাদাৰ সংযোগেৰে সাহস, উৎসাহ-উদ্দীপনা যুগুৱা। বেছি পৰিশ্ৰম নকৰাবা। নিজেও পৰিশ্ৰম নকৰিবা আৰু আনকো নকৰাবা। নিমিত্ত হোৱা নহয়! এনেকুৱা উৎসাহ-উদ্দীপনাৰ প্ৰকম্পন সৃষ্টি কৰা যাতে গম্ভীৰো হয় উৎসাহ-উদ্দীপনাত আহি যায়। আনন্দত মন নাচিবলৈ ধৰে। শুনিলা কি কৰিব লাগে? ফলাফল চাম। কোনটো স্থানে কিমান আত্মাক দৃঢ় কৰি তুলিলে, স্বয়ং দৃঢ় হ’ল, কিমান আত্মাক দৃঢ় কৰি তুলিলে? সাধাৰণ খতিয়ান নাচায়, ভুল কৰা নাই, মিছা কথা কোৱা নাই, কোনো বিকৰ্ম কৰা নাই, কিন্তু কিমান আত্মাক উৎসাহ-উদ্দীপনাত আনিলে, অনুভূতি কৰালে, দৃঢ়তাৰ চাবি প্ৰদান কৰিলে? ঠিক আছে নহয়, কৰিবই লাগিব নহয়। বাপদাদায়োনো কিয় সুধিব লাগে যে কৰিবানে; নহয়, কৰিবই লাগিব। তোমালোকে নকৰিলে কোনে কৰিব? পাছত অহাসকলে কৰিব নেকি? তোমালোকেই কল্পই কল্পই পিতাৰ দ্বাৰা অধিকাৰী হৈছিলা, হৈছা আৰু প্ৰত্যেক কল্পতে হ’বা। এনেকুৱা দৃঢ়তা পূৰ্বক সন্তানসকলৰ সংগঠন বাপদাদাই চাবই লাগিব। ঠিক আছে নহয়! হাত দাঙা, হ’বই লাগিব, মনৰ হাত দাঙা। দৃঢ় নিশ্চয়তাৰ হাত দাঙা। এয়াতো সকলো উত্তীৰ্ণ হৈ গ’ল। উত্তীৰ্ণ হ’লা নহয়? বাৰু!

চাৰিওফালৰ অন্তৰ আসনধাৰী সন্তানসকলক, দূৰৈত বহিও পৰমাত্ম স্নেহৰ অনুভৱ কৰোঁতা সন্তানসকলক, সদায় ‘হোলি’ অৰ্থাৎ পৱিত্ৰতাৰ আধাৰ দৃঢ় কৰোঁতা, সপোনতো অপৱিত্ৰতাৰ অংশমাত্ৰৰ পৰাও দূৰৈত থাকোঁতা মহাবীৰ, মহাবীৰংগনা সন্তানসকলক, সদায় সকলো সময়ত সকলো জমাৰ পুঁজি, জমা কৰোঁতা সম্পন্ন সন্তানসকলক, সদায় সন্তুষ্টমণি হৈ সন্তুষ্ট হৈ থকা আৰু আনকো সন্তুষ্ট কৰোঁতা পিতাৰ সমান সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ, আশীৰ্বাদ আৰু নমস্কাৰ।

দাদীসকলৰ প্ৰতি:- দাদীসকলতো গুৰুভাই হোৱা নহয়, সেয়েহে লগত বহা। ভাতৃসকল একেলগে বহে। ভাল কথা। বাপদাদাই নিতৌ স্নেহৰ মালিচ কৰে। নিমিত্ত হয় নহয়! এই মালিচে চলাই আছে। ভাল কথা, তোমালোক সকলোৰে উদাহৰণ দেখি সকলোৱে সাহস পায়। নিমিত্ত দাদীসকলৰ সমান সেৱাত, নিমিত্ত ভাৱত আগবাঢ়িব লাগে। ভাল কথা, তোমালোকৰ এয়া যি দৃঢ় নিশ্চয়তা আছে নহয় যে কৰাৱনহাৰে কৰাই আছে, চলাওঁতাই চলাই আছে। এই নিমিত্ত ভাৱে সেৱা কৰাই আছে। ‘মই’ বোধ আছে নেকি? কিবা ‘মই’ বোধ আহে নেকি? ভাল কথা। গোটেই বিশ্বৰ আগত নিমিত্ত উদাহৰণ হোৱা নহয়! গতিকে বাপদাদায়ো সদায় বিশেষ স্নেহ আৰু আশীৰ্বাদ দিয়েই থাকে। বাৰু। বহুত আহিছে তেন্তে ভাল হয় নহয়, শেষৰ পাল তীব্ৰ গতিত গ’ল। বাৰু।

ডবল বিদেশী মুখ্য শিক্ষক ভগ্নীসকলৰ প্ৰতি: সকলোৱে লগ হৈ সকলোৰে প্ৰতিপালন কৰাৰ নিমিত্ত হৈছা এয়া বহুত ভাল ভূমিকা পালন কৰি আছা। নিজেও সজীৱ হৈ যোৱা আৰু আনকো সজীৱ কৰি দিয়া। বৰ ভাল কাৰ্যক্ৰম কৰা। বাপদাদাৰ পচন্দ হৈছে। নিজে সজীৱ হ’লে তেতিয়াহে আনক সজীৱ কৰিবা। বহুত ভাল। সকলো ভালকৈ সজীৱ হৈ গ’ল। বাপদাদা আনন্দিত হৈছে। বহুত ভাল, ওঁম্‌ শান্তি।

বৰদান:
জ্ঞানৱান স্থিতিৰ দ্বাৰা পৰিস্থিতিসমূহ অতিক্ৰম কৰোঁতা অংগদৰ সমান অচল-অটল হোৱা

ৰাৱণৰাজ্যৰ যিকোনো পৰিস্থিতিয়ে বা ব্যক্তিয়ে অলপো সংকল্পৰ ৰূপতো যাতে অস্থিৰ কৰিব নোৱাৰে। এনেকুৱা অচল-অটল ভৱৰ বৰদানী হোৱা। কিয়নো যিকোনো বিঘিনি অৱনমিত কৰাৰ বাবে নহয়, শক্তিশালী কৰিবৰ বাবে আহে। জ্ঞানৱান লোক কেতিয়াও কাকত দেখি কিংকৰ্তব্যবিমূঢ় নহয়। মায়া যিকোনো ৰূপতে আহিব পাৰে, কিন্তু তোমালোকে যোগ অগ্নি জ্বলাই ৰাখা, জ্ঞানৱান স্থিতিত থাকা তেতিয়া সকলো বিঘিনি স্বতঃ সমাপ্ত হৈ যাব আৰু অচল-অটল স্থিতিত স্থিৰ হৈ থাকিবা।

স্লোগান:
শুদ্ধ সংকল্পৰ সম্পদ জমা থাকিলে তেতিয়া ব্যৰ্থ সংকল্পত সময় নাযাব।

আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পৱিত্ৰতাৰ ব্যক্তিত্বৰ আধাৰত পিতা ব্ৰহ্মা আদি দেৱ বা প্ৰথম ৰাজকুমাৰ হ’ল। তেনেকৈ তোমালোকেও পিতাক অনুসৰণ কৰি এক নম্বৰ ব্যক্তিত্বৰ তালিকাত আহি যোৱা কিয়নো ব্ৰাহ্মণ জন্মৰ সংস্কাৰেই হৈছে পৱিত্ৰ। তোমালোকৰ শ্ৰেষ্ঠতা বা মহানতাই হৈছে পৱিত্ৰতা।

সুচনা:- আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তৃতীয় ৰবিবাৰ, সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে সকলো ভাতৃ-ভগ্নীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ প্ৰভু প্ৰেমত সমাহিত হৈ যোৱাৰ অভ্যাস কৰক। সদায় এইটোৱে স্বমানত বহিবা যে মই সৰ্ব প্ৰাপ্তিৰে সম্পন্ন সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান আত্মা। প্ৰেমৰ সাগৰ পিতাৰ প্ৰেমৰ কিৰণ নিৰ্গত হৈ মোৰ মাজত অৰ্থাৎ আত্মাত সমাহিত হৈ গৈ আছে। সেই প্ৰেমৰ প্ৰকম্পণেই চাৰিওফালৰ বাতাৱৰণত বিয়পি গৈ আছে।