18.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই ৰুদ্ৰ জ্ঞান যজ্ঞ স্বয়ং ৰুদ্ৰ ভগৱানে ৰচিছে, ইয়াত তোমালোকে সকলো আহুতি দিয়া কিয়নো এতিয়া ঘৰলৈ যাব লাগে”

প্ৰশ্ন:
সংগমযুগত কোনটো আচৰিত খেল চলে?

উত্তৰ:
ভগৱানৰ দ্বাৰা ৰচিত যজ্ঞতেই অসুৰে বিঘিনিৰ সৃষ্টি কৰে। এয়াও সংগমতেই আচৰিত খেল চলে। এনেকুৱা যজ্ঞ গোটেই কল্পত আৰু ৰচনা কৰা নহয়। এয়া হৈছে “ৰাজস্ব অশ্বমেধ যজ্ঞ”, স্বৰাজ্য লাভ কৰিবৰ বাবে। ইয়াতেই বিঘিনি আহে।

ওঁম্শান্তি।
তোমালোক ক'ত বহি আছা? ইয়াক তোমালোকে স্কুল বা ইউনিভাৰচিটি বুলিও ক'ব পাৰা। বিশ্ব বিদ্যালয় হয়, যাৰ ঈশ্বৰীয় শাখা আছে। পিতাই উচ্চতকৈও উচ্চ ইউনিভাৰচিটি খুলিছে। শাস্ত্ৰসমূহত ‘ৰুদ্ৰ যজ্ঞ’ নাম লিখি দিছে, এই সময়ত তোমালোক সন্তানসকলে জানা যে শিৱবাবাই এই পাঠশালা বা ইউনিভাৰচিটি খুলিছে। উচ্চতকৈও উচ্চ পিতাই পঢ়ায়। সন্তানসকলৰ বুদ্ধিততো এইটো স্মৃতি থাকিব লাগে যে ভগৱানে আমাক পঢ়ায়। তেওঁৰ দ্বাৰা এই যজ্ঞ ৰচা হৈছে আৰু ইয়াৰ নামো প্ৰসিদ্ধ। “ৰাজস্ব অশ্বমেধ ৰুদ্ৰ জ্ঞান যজ্ঞ”, ৰাজস্ব অৰ্থাৎ স্বৰাজ্যৰ বাবে। অশ্বমেধ, এয়া যি দেখিবলৈ পোৱা যায়, সেই সকলো স্বাহা কৰি আছে, শৰীৰো স্বাহা হৈ যায়। আত্মাতো স্বাহা হ’ব নোৱাৰে। সকলো শৰীৰ স্বাহা হৈ যাব। আৰু আত্মাসকল পুনৰ নিজৰ ঘৰলৈ দৌৰিব। এয়া হৈছে সংগমযুগ। বহুত আত্মা দৌৰিব, বাকী শৰীৰবোৰ নাশ হৈ যাব। এয়া সকলো হৈছে ড্ৰামা, তোমালোক ড্ৰামাৰ বশীভূত হৈ চলি আছা। পিতাই কয় - মই ‘ৰাজস্ব যজ্ঞ’ ৰচনা কৰিছোঁ। এয়াও ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰচনা কৰা হৈছে। এনেকৈ নকওঁ যে মই যজ্ঞ ৰচনা কৰিছোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোক সন্তানসকলক পঢ়াবৰ বাবে কল্প পূৰ্বৰ দৰে জ্ঞান যজ্ঞ ৰচনা কৰা হৈছে। মই ৰচনা কৰিছোঁ, এনেকৈ ক’লেও অৰ্থ প্ৰকাশ নহয়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰচনা কৰা হৈছে। কল্পই কল্পই ৰচনা কৰা হয়। এই ড্ৰামাখনতো ৰচনা কৰি থোৱা আছে নহয়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি এবাৰেই যজ্ঞ ৰচনা কৰা হয়, এয়া কোনো নতুন কথা নহয়। এতিয়া বুদ্ধিত ধাৰণ হৈছে যে যথাযথ 5 হাজাৰ বছৰ পূৰ্বেও সত্যযুগ আছিল, এতিয়া চক্ৰ আকৌ পুনৰাবৃত্তি হৈ আছে। পুনৰ নতুন সৃষ্টি স্থাপনা হৈ আছে। তোমালোকে নতুন সৃষ্টিত স্বৰাজ্য লাভ কৰিবৰ বাবে পঢ়ি আছা। পৱিত্ৰও নিশ্চয় হ'ব লাগে। পৱিত্ৰ হয়ো সেইসকল যিসকল ড্ৰামা অনুসৰি কল্প পূৰ্বেও হৈছিল। এতিয়াও হ'ব। সাক্ষী হৈ ড্ৰামাখনক চাবলগীয়া হয় আৰু পুৰুষাৰ্থও কৰিবলগীয়া হয়। সন্তানসকলক মাৰ্গ-দৰ্শনো কৰাব লাগে, মুখ্য কথা হৈছে পৱিত্ৰতাৰ। পিতাক আহ্বানেই জনায় যে আহক পৱিত্ৰ কৰি আমাক এই ছিঃ ছিঃ সৃষ্টিৰ পৰা লৈ যাওঁক। পিতা আহিছেই ঘৰলৈ লৈ যাবৰ বাবে। সন্তানসকলক জ্ঞানৰ সাৰ কথাটো বহুত শুনোৱা হয়। তথাপিও পিতাই কয় মুখ্য কথা হৈছে ‘মনমনাভৱ’। পাৱন হ'বৰ বাবে পিতাক স্মৰণ কৰিব লাগে, এইটো পাহৰিব নালাগে। যিমানে স্মৰণ কৰিবা সিমানে লাভৱান হ'বা, খতিয়ান ৰাখিব লাগে। নহ'লেতো আকৌ অন্তিমত অনুত্তীৰ্ণ হৈ যাবা। সন্তানসকলে বুজি পায় যে আমিয়েই সতোপ্ৰধান আছিলোঁ, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি যিসকল উচ্চ হয় তেওঁলোকে পৰিশ্ৰমো বেছিকৈ কৰিব লাগে। স্মৃতিত থাকিব লাগে। এইটোতো বুজি পোৱা যে বাকী অলপ সময় আছে, আকৌ সুখৰ দিন আহিব। যথাযথ আমাৰ অপাৰ সুখৰ দিন আহিব। পিতা এবাৰেই আহে, দুখধাম নাশ কৰি নিজৰ সুখধামলৈ লৈ যায়। তোমালোক সন্তানসকলে জানা যে আমি এতিয়া ঈশ্বৰীয় পৰিয়ালত আছোঁ, আকৌ দৈৱী পৰিয়াললৈ যাম। এই সময়ৰেই গায়ন আছে যে এই সংগমেই পুৰুষোত্তম উচ্চ হোৱাৰ যুগ। তোমালোক সন্তানসকলে জানা যে আমাক বেহদৰ পিতাই পঢ়াই আছে। আকৌ আগলৈ গৈ সন্ন্যাসীসকলেও মানিব। সেই সময়ো আহিব নহয়। এতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ ইমান হ’ব নোৱাৰে। এতিয়া ৰাজধানী স্থাপনা হৈ আছে, সময় বাকী আছে। অন্তিমৰ ফালে এই সন্ন্যাসী আদিও আহি বুজিবহি। সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে - এইটো জ্ঞান কাৰো নাই। সন্তানসকলে এইটোও জানে যে পৱিত্ৰতাৰ ক্ষেত্ৰত কিমান বিঘিনি আহে। অবলাসকলৰ (দুৰ্বলা নাৰীসকলৰ) ওপৰত অত্যাচাৰ হয়। দ্ৰৌপদীয়ে কাকূতি-মিনতি কৰিছে নহয়। বাস্তৱত তোমালোক সকলো দ্ৰৌপদী, সীতা আৰু পাৰ্বতী। স্মৃতিত থাকিলে অৱলা, কুঁজাসকলেও পিতাৰ পৰা উত্তৰাধিকাৰ পাই যায়। স্মৃতিততো থাকিব পাৰে নহয়। ভগৱান আহি যজ্ঞ ৰচনা কৰিছে, ইয়াত কিমান বিঘিনি আহে। এতিয়াও বিঘিনি আহি থাকে, কন্যাসকলক জোৰ কৰি বিয়া পাতি দিয়ে, নহ'লে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে, সেয়েহে কাকূতি-মিনতি কৰে - হে পতিত পাৱন আহক, তেন্তে নিশ্চয় তেওঁক ৰথ লাগে য’ত আহি পাৱন কৰি তুলিব। গংগাৰ পানীৰে পাৱন নহ'ব। পিতাহে আহি পাৱন কৰি পাৱন সৃষ্টিৰ মালিক কৰি তোলে।

তোমালোকে দেখিছা যে এই পতিত সৃষ্টিৰ বিনাশ সমাগত। কিয়নো বাবাৰ হৈ নাযাওঁ, স্বাহা হৈ নাযাওঁ। সন্তানসকলে সোধে - স্বাহা কেনেকৈ হওঁ? স্থানান্তৰ কেনেকৈ কৰোঁ? বাবাই কয় - সন্তানসকল, তোমালোকে এই (সাকাৰ) বাবাক দেখিছা নহয়। এওঁ নিজে কৰি শিকাই আছে। যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। পিতাই এওঁৰ দ্বাৰা কৰ্ম কৰালে নহয়। সকলো যজ্ঞত স্বাহা কৰি দিলে। স্বাহা হ’বলৈ কিবা কষ্ট হয় জানো। এওঁ বৰ চহকীও নাছিল বৰ গৰিবো নাছিল। সাধাৰণ আছিল। যজ্ঞ ৰচিলে তাৰ বাবে খোৱা-বোৱা সকলো সামগ্ৰী লাগে নহয়। এয়া হৈছে ঈশ্বৰীয় যজ্ঞ। ঈশ্বৰ আহি এই জ্ঞান যজ্ঞ ৰচনা কৰিছে। তোমালোকক পঢ়ায়, এই যজ্ঞৰ মহিমা অতি মহান। ঈশ্বৰীয় যজ্ঞৰ পৰাই তোমালোকৰ শৰীৰ নিৰ্বাহ হয়। যিয়ে নিজকে সমৰ্পিত বুলি বুজে, মই নিমিত্ত, এই সকলোবোৰ ঈশ্বৰৰ, মই শিৱবাবাৰ যজ্ঞৰ পৰা ভোজন গ্ৰহণ কৰোঁ - এয়া বোধশক্তিৰ কথা নহয় জানো। ইয়াততো সকলোৱে আহি বহি যাব নালাগে। আৰ্হি হিচাপে এওঁক দেখিলা - কেনেকৈ সকলো স্বাহা কৰিলে। বাবাই (শিৱবাবাই) কয় - যেনেকুৱা কৰ্ম এওঁ (ব্ৰহ্মাই) কৰে তেওঁক দেখি আনেও তেনেকুৱা কৰিলে। বহুত স্বাহা হৈ গ’ল। যিসকল হ'ল তেওঁলোকে নিজৰ উত্তৰাধিকাৰ লয়। বুদ্ধিৰেও বুজা যায় - আত্মাতো গুচি যাব, বাকী শৰীৰ আদি সকলো নাশ হৈ যাব। এয়া বেহদৰ যজ্ঞ, ইয়াত সকলো স্বাহা হ'ব। তোমালোক সন্তানসকলক বুজোৱা হয় কেনেকৈ বুদ্ধিৰে স্বাহা হৈ নষ্টোমোহা হৈ যাবা। এইটোও জানা যে এই সকলো সামগ্ৰী ভস্ম হৈ যাব। কিমান ডাঙৰ যজ্ঞ, তাত আকৌ কোনো যজ্ঞ ৰচনা কৰা নহয়। কোনো উপদ্ৰৱো নহয়। এয়া ভক্তিমাৰ্গৰ যি অনেক যজ্ঞ আছে সেই সকলোবোৰ নাশ হৈ যাব। জ্ঞান সাগৰ এজনেই ভগৱান। তেৱেঁই মনুষ্য সৃষ্টিৰ বীজৰূপ, সত্য, চৈতন্য। শৰীৰতো হৈছে জড়, আত্মাহে চৈতন্য। তেওঁ জ্ঞানৰ সাগৰ, তোমালোক সন্তানসকলক জ্ঞান সাগৰে বহি পঢ়ায়। তেওঁলোকে (ভক্তিমাৰ্গৰসকলে) কেৱল গাই থাকে আৰু তোমালোকক বাবাই গোটেই জ্ঞান শুনাই আছে। জ্ঞানতো বহুত বেছি নহয়। বিশ্বৰ চক্ৰ কেনেকৈ ঘূৰে, এয়া কেৱল বুজাব লাগে।

ইয়াত পিতাই তোমালোকক নিজেই পঢ়াই আছে। তেওঁ কয়ো যে সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। ভাগীৰথো প্ৰসিদ্ধ, নিশ্চয় মনুষ্যই হ'ব য'ত পিতা আহিব। তেওঁৰ (শিৱবাবাৰ) এটি নামেই চলি আহি থাকে সেয়া হৈছে ‘শিৱ’ বাকী সকলোৰে নাম সলনি হয়, এওঁৰ নাম সলনি নহয়। বাকী ভক্তিত অনেক নাম ৰাখি দিছে। ইয়াততো শিৱবাবাই আছে। শিৱক কল্যাণকাৰী বুলি কোৱা হয়। ভগৱানেই আহি নতুন সৃষ্টি স্বৰ্গ স্থাপনা কৰে। তেন্তে কল্যাণকাৰী নহ’ল জানো। তোমালোকে জানা ভাৰতত স্বৰ্গ আছিল। এতিয়া নৰক, পুনৰ নিশ্চয় স্বৰ্গ হ'ব। ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয় যেতিয়া পিতা নাৱৰীয়া হৈ তোমালোকক ইপাৰৰ পৰা সিপাৰলৈ লৈ যায়। এইখন হৈছে পুৰণি দুখৰ সৃষ্টি আকৌ ড্ৰামা অনুসৰি নিশ্চয় নতুন সৃষ্টি হ'ব, যাৰ বাবে তোমালোকে এতিয়া পুৰুষাৰ্থ কৰা। পিতাৰ স্মৃতিহে বাৰে বাৰে পাহৰি যোৱা, এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয় বাকী তোমালোকৰ দ্বাৰা যি বিকৰ্ম হৈছে, তাৰ শাস্তি কৰ্মভোগৰ ৰূপত ভুগিবলগীয়া হয়েই, কৰ্মভোগ অন্তিমলৈকে ভুগিবই লাগিব, এই ক্ষেত্ৰত ক্ষমা পাব নোৱাৰি। এনেকুৱা নহয় যে বাবা ক্ষমা কৰক। অলপো ক্ষমা কৰা নহ’ব। ড্ৰামা অনুসৰি সকলো হয়। ক্ষমা আদি নাথাকেই। হিচাপ-নিকাচ নিষ্পত্তি কৰিবই লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে, ইয়াৰ বাবে শ্ৰীমতো পোৱা যায়, শ্ৰী শ্ৰী শিৱবাবাৰ শ্ৰীমতেৰে তোমালোক শ্ৰেষ্ঠ হোৱা। উচ্চতকৈও উচ্চ পিতাই তোমালোকক উচ্চ কৰি তোলে। তোমালোক এতিয়া উচ্চ হৈ আছা, এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে - বাবাই কল্পই কল্পই আহি আমাক পঢ়ায়। আধাকল্প তাৰ প্ৰালব্ধ লাভ কৰা। সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, সেই জ্ঞানৰ দৰকাৰ নাথাকে। কল্পই কল্পই এবাৰেই আহি কয় যে এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে।

তোমালোকৰ কাম হৈছে পঢ়া আৰু পৱিত্ৰ হোৱা। যোগযুক্ত হৈ থাকিব লাগে। পিতাৰ হৈ যদি পৱিত্ৰ নোহোৱা তেন্তে এশগুণ শাস্তি হৈ যাব। নামো বদনাম হৈ যাব। গায়নো কৰে যে সৎগুৰুৰ নিন্দকে উচ্চ পদ পাব নোৱাৰে। মনুষ্যই নাজানে যে এওঁ কোন! সত্য পিতাহে সৎগুৰু, সৎ শিক্ষক হ'ব নহয় জানো। তেওঁ তোমালোকক পঢ়ায়, সঁচা সৎগুৰুও হয়। যেনেকৈ পিতা জ্ঞানৰ সাগৰ, তোমালোকো জ্ঞানৰ সাগৰ হোৱা নহয়। পিতাইতো সমস্ত জ্ঞান দি দিলে, যিয়ে যিমান কল্প পূৰ্বে ধাৰণ কৰিছিল সিমানেই কৰিব। পুৰুষাৰ্থ কৰিব লাগে, কৰ্ম অবিহনেতো কোনো থাকিব নোৱাৰে। যিমান হঠযোগ আদি কৰে, সেয়াও কৰ্মই হয় নহয়। এইটোও এটা বেপাৰ, জীৱিকাৰ বাবে। নাম হয়, বহুত পইচা পায়, পানীৰ ওপৰেৰে, জুইৰ ওপৰেৰে গুচি যায়। মাত্ৰ উৰিব নোৱাৰে। তাৰ বাবেতো পেট্ৰ’ল আদি লাগে নহয়। কিন্তু ইয়াৰ পৰা লাভতো একো নহয়। পৱিত্ৰতো নহয়। বিজ্ঞানীসকলৰো দৌৰ হয়। তেওঁলোকৰ হৈছে বিজ্ঞানৰ দৌৰ আৰু তোমালোকৰ হৈছে শান্তিৰ। সকলোৱে শান্তিয়েই বিচাৰে। পিতাই কয় - শান্তিতো তোমালোকৰ স্বধৰ্ম, নিজক আত্মা বুলি বুজা, নিজৰ ঘৰ শান্তিধামলৈ যাব লাগে। এইখন হ’ল দুখধাম। আমি শান্তিধামৰ পৰা পুনৰ সুখধামলৈ আহিম। এই দুখধাম নাশ হৈ যাব। এইটো যথা ৰীতিৰে ধাৰণ কৰি আকৌ আনকো ধাৰণ কৰাব লাগে। বাকী কেইটিমান দিন আছে, সেই পঢ়া পঢ়ি আকৌ শৰীৰ নিৰ্বাহৰ অৰ্থে মগজ খটুৱাবলগীয়া হয়। ভাগ্যৱান সন্তানসকলে তৎক্ষণাৎ নিৰ্ণয় কৰি লয় যে আমি কোনটো পঢ়া পঢ়িব লাগে। সেই পঢ়াৰ পৰা কি পোৱা যায় আৰু এই পঢ়াৰ পৰা কি পোৱা যায়। এই পঢ়াৰেতো 21 জন্মৰ প্ৰালব্ধ গঢ়ি উঠে। গতিকে খেয়াল কৰিব লাগে যে আমি কোনটো পঢ়া পঢ়িব লাগে! যিসকল বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলগীয়া তেওঁলোক বেহদৰ পঢ়াত লাগি যায়। কিন্তু ড্ৰামাৰ পৰিকল্পনা অনুসৰি কাৰোবাৰ ভাগ্যত যদি নাথাকে তেন্তে সেই পঢ়াতে আৱদ্ধ হৈ যায়। এই পঢ়া নপঢ়ে। এনেকৈ কয় যে আজৰি নাপাওঁ। বাবাই সোধে, কোনটো জ্ঞান ভাল? তাৰ পৰা কি পাবা আৰু ইয়াৰ পৰা কি পাবা? তেতিয়া কয়, বাবা পাৰ্থিৱ পঢ়াৰ পৰা কিনো পাম, কিছু উপাৰ্জন কৰিম। ইয়াততো ভগৱানে পঢ়ায়। আমিতো পঢ়ি ৰজাৰ পদ পাব লাগে তেন্তে বেছি ধ্যান কোনতো কথাত দিব লাগে। কোনোবাইতো আকৌ কয় - বাবা সেইটো পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত আহিম। বাবাই বুজি পায় যে এওঁৰ ভাগ্যত নাই। কি হ’ব সেয়া আগলৈ গৈ প্ৰত্যক্ষ কৰিব লাগিব। বুজি পায় যে শৰীৰৰ ভৰসা নাই, তেন্তে প্ৰকৃত উপাৰ্জনত লাগি যাব লাগে। যাৰ ভাগ্যত আছে তেওঁলোকেই নিজৰ ভাগ্য উদয় কৰিব। পূৰা জোৰ দিব লাগে, মইতো পিতাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম। বেহদৰ বাবাই আমাক ৰাজ্য দিয়ে তেন্তে কিয়নো আমি এই এটা, অন্তিম জন্ম পৱিত্ৰ নহওঁ। ইমান অনেক সন্তান পৱিত্ৰ হৈ থাকে। মিছাকৈ জানো কয়। সকলোৱে পুৰুষাৰ্থ কৰি আছে। পঢ়ি আছে, তথাপিও বিশ্বাস নকৰে। বেহদৰ পিতা তেতিয়াহে আহে যেতিয়া পুৰণি সৃষ্টিক নতুন কৰি তুলিবলগীয়া হয়। পুৰণি সৃষ্টিৰ বিনাশতো সন্মুখত থিয় হৈ আছে। এইটো একেবাৰে স্পষ্ট। সময়ো যথাযথ সেয়াই, অনেক ধৰ্মও আছে, সত্যযুগত এটা ধৰ্ম থাকে। এইটোও তোমালোকৰ বুদ্ধিত আছে। তোমালোকৰ মাজতো কোনো কোনো আছে যিসকলে এতিয়াও নিশ্চয় কৰি আছে। হেৰ’ নিশ্চয় হ’বলৈ সময় লাগে জানো। শৰীৰৰো ভৰসা আছে জানো, অলপো সুযোগ হেৰুৱাব নালাগে। কাৰোবাৰ ভাগ্যত যদি নাই তেন্তে অলপো বুদ্ধিত উদয় নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সঁচা উপাৰ্জন কৰি 21 জন্মৰ কাৰণে নিজৰ ভাগ্য গঢ়িব লাগে। শৰীৰৰ কোনো ভৰসা নাই সেয়েহে অলপো সুযোগ হেৰুৱাব নালাগে।

(2) নষ্টোমোহা হৈ নিজৰ সকলো ৰুদ্ৰ যজ্ঞত আহুতি দিব লাগে। নিজক অৰ্পণ কৰি নিমিত্ত হৈ তত্ত্বাৱধান ল’ব লাগে। সাকাৰ পিতাক অনুসৰণ কৰিব লাগে।

বৰদান:
ঈশ্বৰীয় নিচাৰ দ্বাৰা পুৰণি জগতক পাহৰি যাওঁতা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা

যেনেকৈ সেই নিচাই সকলো পাহৰাই দিয়ে, তেনেকৈ এই ঈশ্বৰীয় নিচাই দুখৰ জগতক সহজে পাহৰাই দিয়ে। সেই নিচাততো বহুত লোকচান হয়, অধিক পান কৰিলে শেষ হৈ যায় কিন্তু এই নিচাই অবিনাশী কৰি তোলে। যি সদায় ঈশ্বৰীয় নিচাত মগন হৈ থাকে তেওঁ সৰ্বপ্ৰাপ্তি সম্পন্ন হৈ যায়। একমাত্ৰ পিতা দ্বিতীয় কোনো নাই - এইটো স্মৃতিয়েই নিচা বঢ়াই দিয়ে। এইটো স্মৃতিৰে সামৰ্থ্য আহি যায়।

স্লোগান:
ইজনে সিজনক নকল কৰাৰ সলনি পিতাক নকল কৰা।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

অন্তৰ্মুখী হৈ থকাসকলেহে প্ৰতিটো জ্ঞান-ৰত্নৰ গভীৰতাত যাব পাৰে। জ্ঞানৰ প্ৰতিটো সাৰ কথাৰ ৰহস্য কি আৰু কোনটো সময়ত, কোনটো বিধিৰে সেয়া কাৰ্য্যত বা সেৱাত প্ৰয়োগ কৰিব লাগে, এনেকৈ তাৰ ওপৰত মনন কৰি সেই ৰহস্যৰ ৰসত গুচি যোৱা, তেতিয়া নিচাৰ অনুভূতি কৰিব পাৰিবা।