18.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ ওপৰত নিজেই দয়া কৰা, পিতাই যি শ্রীমত দিয়ে সেইমতে চলি থাকা, পিতাৰ শ্রীমত হৈছে - সন্তানসকল, সময় নষ্ট নকৰিবা, চিধা কাৰ্য কৰা”

প্ৰশ্ন:
যিসকল ভাগ্যশালী সন্তান আছে তেওঁলোকৰ মুখ্য ধাৰণা কি হ'ব?

উত্তৰ:
ভাগ্যশালী সন্তানসকলে পুৱাতে উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব। বাবাৰ সৈতে মধুৰ বাৰ্তালাপ কৰিব। কেতিয়াও নিজৰ প্ৰতি নিৰ্দয় নহ’ব। তেওঁলোক সন্মানসহকাৰে উত্তীৰ্ণ হ’বলৈ পুৰুষাৰ্থ কৰি নিজক ৰজাৰ লায়ক কৰি তুলিব।

ওঁম্শান্তি।
সন্তানসকল পিতাৰ সন্মুখত বহি আছে গতিকে এইটো জানা যে আমাৰ বেহদৰ পিতা হয় আৰু আমাক বেহদৰ সুখ দিবৰ কাৰণে শ্রীমত দি আছে। তেওঁৰ কাৰণে গায়নেই কৰা হয় - দয়াশীল, মুক্তিদাতা….. বহুত মহিমা কৰে। পিতাই কয় - কেৱল মহিমাৰো কথা নহয়। পিতাৰতো কৰ্তব্য হৈছে সন্তানসকলক মত দিয়া। বেহদৰ পিতায়ো মত দিয়ে। উচ্চতকৈও উচ্চ হৈছে পিতা গতিকে নিশ্চয় তেওঁৰ মতো উচ্চতকৈও উচ্চ হ’ব। মত লওঁতাসকল হৈছে আত্মা, ভাল বা বেয়া কাম আত্মাইহে কৰে। এই সময়ত জগতে ৰাৱণৰ মত পায়। তোমালোক সন্তানসকলে ৰামৰ মত পোৱা। ৰাৱণৰ মতত নিৰ্দয় হৈ ওলোটা কাম কৰে। পিতাই মত দিয়ে চিধা ভাল কাম কৰা। সকলোতকৈ ভাল কাম হৈছে নিজৰ ওপৰত দয়া কৰা। তোমালোকে জানা যে আমি আত্মাসকল সতোপ্ৰধান আছিলোঁ, বহুত সুখী আছিলোঁ আকৌ ৰাৱণৰ মত পোৱাৰ বাবে তোমালোক তমোপ্ৰধান হৈ গ’লা। এতিয়া পুনৰ পিতাই মত দিয়ে যে প্ৰথমতে পিতাৰ স্মৃতিত থাকা। এতিয়া নিজৰ ওপৰত দয়া কৰা, এয়া মত দিয়ে। পিতাই দয়া নকৰে। পিতাইতো শ্রীমত দিয়ে যে এইটো এইটো কৰা। নিজৰ ওপৰত নিজেই দয়া কৰা। নিজক আত্মা বুলি বুজি নিজৰ পতিত-পাৱন পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। পিতাই ৰায় দিয়ে, তোমালোক পাৱন কেনেকৈ হ’বা। পিতাহে পতিতক পাৱন কৰি তোলোঁতা হয়। তেওঁ শ্রীমত দিয়ে। যদিহে তেওঁৰ মতত নচলে তেন্তে নিজৰ প্ৰতিয়ে নিৰ্দয় হয়। পিতাই শ্রীমত দিয়ে যে সন্তানসকল সময় নষ্ট নকৰিবা। এইটো পাঠ দৃঢ় কৰি লোৱা যে আমি আত্মা। শৰীৰ নিৰ্বাহৰ অৰ্থে লাগিলে পেছাগত কাম-কাজ আদি কৰা তথাপি সময় উলিয়াই যুক্তি ৰচা। কাম কৰোঁতে আত্মাৰ বুদ্ধি পিতাৰ ফালে থকা উচিত। যেনেকৈ প্ৰেমিক-প্ৰেমিকায়ো কামতো কৰে নহয়। দুয়ো ইজন-সিজনৰ প্ৰেমাস্পদ। ইয়াত এনেকুৱা নহয়। তোমালোকে ভক্তিমাৰ্গতো স্মৰণ কৰা। কোনোৱে কয় কেনেকৈ স্মৰণ কৰোঁ? আত্মা, পৰমাত্মাৰ ৰূপ কি, যাক স্মৰণ কৰিম? কিয়নো ভক্তিমাৰ্গততো গোৱা হয় যে পৰমাত্মা নাম-ৰূপৰ পৰা উৰ্দ্ধত। কিন্তু এনেকুৱা নহয়। এনেকৈ কয়ো যে ভ্ৰূকুটিৰ সোঁমাজত আত্মা তৰাৰ দৰে আছে তেন্তে আকৌ কিয় কোৱা আত্মা কি, আত্মাক চাব নোৱাৰি। আত্মাতো হৈছেই জনা বস্তু। আত্মাক জানিব পৰা যায়, পৰমাত্মাকো জানিব পৰা যায়। আত্মা অতি সূক্ষ্ম বস্তু। জোনাকী পৰুৱাতকৈও সূক্ষ্ম। শৰীৰৰ পৰা কেনেকৈ ওলাই যায়, গমেই পোৱা নাযায়। আত্মা আছে, সাক্ষাৎকাৰ হয়। আত্মাৰ দৰ্শন হ'ল তাৰ পৰা কি হ’ল। আত্মাতো তৰাৰ দৰে সূক্ষ্ম। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যেনেকুৱা আত্মা, তেনেকুৱা পৰমাত্মাও আত্মা। কিন্তু পৰমাত্মাক কোৱা হয় - পৰম আত্মা। তেওঁ জন্ম-মৃত্যুত নাহে। আত্মাক পৰম বুলি তেতিয়া কোৱা হয় যেতিয়া জন্ম-মৃত্যু ৰহিত হয়। বাকী মুক্তিধামলৈতো সকলোৱে পৱিত্ৰ হৈ যাব লাগে। যিসকলৰ মুখ্য ভাৱৰীয়াৰ ভূমিকা আছে তেওঁলোকৰ মাজতো ক্ৰমানুসৰি থাকে। আত্মাসকল ক্ৰমানুসৰিতো হয়েই নহয়। নাটকতো কোনোবা বেছি দৰমহা পোৱা, কোনোবা কম পোৱা থাকে। লক্ষ্মী-নাৰায়ণৰ আত্মাক মনুষ্য আত্মাসকলতকৈ শ্ৰেষ্ঠ বুলি কোৱা হ’ব। যদিও পৱিত্ৰতো সকলোৱে হয় তথাপি ক্ৰমানুসৰি ভূমিকা আছে। কোনোবা মহাৰজা, কোনোবা দাসী, কোনোবা প্ৰজা। তোমালোক ভাৱৰীয়া। এইটো জানা যে এই দেৱতাসকল ক্ৰমানুসৰি হয়। ভাল পুৰুষাৰ্থ কৰিলে উচ্চ আত্মা হ’বা, উচ্চ পদ পাবা। তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি কেনেকৈ 84 জন্ম ললোঁ। এতিয়া পিতাৰ ওচৰলৈ যাব লাগে। সন্তানসকলৰ এইটো আনন্দও আছে আৰু নিচাও আছে। সকলোৱে কয় - আমি নৰৰ পৰা নাৰায়ণ বিশ্বৰ মালিক হ’ম। তেনেহ’লেতো নিশ্চয় এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। পুৰুষাৰ্থ অনুযায়ী ক্ৰমানুসৰি পদ পায়। সকলোৰে ক্ৰমানুসৰি ভূমিকা প্ৰাপ্ত হৈছে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত।

এতিয়া পিতাই তোমালোকক শ্ৰেষ্ঠ মত দিয়ে। যিকোনো প্ৰকাৰে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব, গতিকে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা। পাপৰ বোজাতো শিৰত বহুত আছে। সেয়া যিকোনো প্ৰকাৰে ইয়াত সমাপ্ত কৰিব লাগে তেতিয়াহে আত্মা পৱিত্ৰ হ’ব। তমোপ্ৰধানো তোমালোক আত্মাই হৈছা গতিকে সতোপ্ৰধানো আত্মায়ে হ’ব লাগে। এই সময়ত সকলোতকৈ বেছি কঙাল ভাৰতেই। এই খেলখনেই হৈছে ভাৰতক লৈ। বাকী তেওঁলোকতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। পুনৰ্জন্ম লৈ লৈ অন্তিমত সকলো তমোপ্ৰধান হয়। স্বৰ্গৰ মালিক তোমালোক হোৱা। এইটো জানা যে ভাৰত বহুত উচ্চ দেশ আছিল। এতিয়া কিমান গৰিব, গৰিবকে সকলোৱে সহায় কৰে। প্ৰত্যেক কথাতে ভিক্ষা মাগিয়ে থাকে। আগতেতো বহুত খাদ্য শস্য ইয়াৰ পৰা গৈছিল। এতিয়া গৰিব হৈ গ’ল সেয়েহে ওভতাই লোৱাৰ সেৱা চলি আছে। যি লৈ গ’ল সেয়া ধাৰত পাই থকা হৈছে। শ্ৰীকৃষ্ণ আৰু খ্ৰীষ্টান ৰাশি একেটাই। খ্ৰীষ্টানেই ভাৰতক গিলি পেলাইছে। এতিয়া আকৌ ড্ৰামা অনুসৰি তেওঁলোকে পৰস্পৰ যুদ্ধ কৰে, মাখন তোমালোক সন্তানসকলে পাই যোৱা। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণৰ মুখত মাখন আছিল। এয়াতো শাস্ত্ৰত লিখি দিছে। গোটেই সৃষ্টি শ্ৰীকৃষ্ণৰ হাতলৈ আহি যায়। গোটেই বিশ্বৰ তোমালোক মালিক হোৱা। তোমালোক সন্তানসকলে জানা যে আমি বিশ্বৰ মালিক হওঁগৈ গতিকে তোমালোক কিমান আনন্দিত হোৱা উচিত। তোমালোকৰ খোজে প্ৰতি পদম। কেৱল এযোৰ লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব নাছিল। ৰাজবংশ আছিল নহয়। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা - সকলোৰে চৰণত পদম। তাততো গণনাতীত ধন থাকে। ধনৰ কাৰণে কোনো পাপ আদি নকৰে, প্ৰচুৰ ধন থাকে। আল্লাহ অবলদিনৰ খেল দেখুৱায় নহয়। আল্লাহ যি অবলদিন অৰ্থাৎ যিয়ে দেৱী-দেৱতা ধর্ম প্ৰতিষ্ঠা কৰে। চেকেণ্ডত জীৱনমুক্তি দি দিয়ে। চেকেণ্ডত সাক্ষাৎকাৰ হৈ যায়। অপৰিসীম সম্পদ দেখুৱায়। মিৰাই সাক্ষাৎকাৰত শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰিছিল। সেয়া আছিল ভক্তিমাৰ্গ। ইয়াৰ ভক্তিমাৰ্গৰ কথা নাই। তোমালোকেতো বৈকুণ্ঠত বাস্তৱত গৈ ৰাজত্ব কৰিবা। ভক্তিমাৰ্গত কেৱল সাক্ষাৎকাৰ হয়। এই সময়ত তোমালোক সন্তানসকলৰ লক্ষ্য-উদ্দেশ্যৰ সাক্ষাৎকাৰ হয়, এইটো জানা যে আমি এয়া হ’মগৈ। সন্তানসকলে পাহৰি যায় সেয়েহে বেজ দিয়া হয়। এতিয়া আমি বেহদৰ পিতাৰ সন্তান হৈছোঁ। কিমান আনন্দিত হোৱা উচিত। এইটোতো বাৰে বাৰে দৃঢ় কৰি দিয়া উচিত। কিন্তু মায়া বিপক্ষে আছে সেয়েহে সেই আনন্দ উৰি যায়। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া নিচা থাকিব - বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। আকৌ মায়াই পাহৰাই দিয়ে তেতিয়া কিবা নহয় কিবা বিকৰ্ম হৈ যায়। তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে - আমি 84 জন্ম লৈছোঁ, অন্য কোনেও 84 জন্ম নলয়। এইটোও বুজিব লাগে - যিমান মই স্মৰণ কৰিম সিমান উচ্চ পদ পাম আকৌ আনক নিজৰ সমানকৈও গঢ়ি তুলি লাগে, প্ৰজা তৈয়াৰ কৰিব লাগে। ঘৰৰ পৰাই কল্যাণ কৰা আৰম্ভ হয়। তীৰ্থলৈও প্ৰথমে নিজে যায় তাৰপাছত মিত্ৰ-সম্বন্ধীয় আদিকো একেলগে লৈ যায়। গতিকে তোমালোকেও সকলোকে প্ৰেমেৰে বুজোৱা। সকলোৱে নুবুজিব। একেখন ঘৰতে পিতাই বুজিলে সন্তানে নুবুজিব। মাতা-পিতাই যিমানে সন্তানসকলক নকওঁক যে পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা তথাপিও কথা নুশুনিব। অশান্ত কৰি দিয়ে। যিসকল ইয়াৰ পুলি হ’ব তেওঁলোকহে পুনৰ আহি বুজিব। চোৱা এইটো ধৰ্ম প্ৰতিষ্ঠা কেনেকৈ হয়, অন্য ধৰ্মাৱলম্বীসকলৰ পুলি ৰোপণ কৰা নহয়। তেওঁলোকতো ওপৰৰ পৰা আহে। তেওঁলোকৰ অনুগামীসকলো আহি থাকে। এওঁতো (শিৱবাবা) স্থাপনা কৰে আকৌ সকলোকে পাৱন কৰি লৈ যায় সেইবাবে তেওঁক সৎগুৰু মুক্তিদাতা বুলি কোৱা হয়। সঁচা গুৰু এজনেই। মনুষ্যই কেতিয়াও কাৰো সৎগতি নকৰে। সৎগতি দাতা হয়েই এজন, তেওঁকহে সৎগুৰু বুলি কোৱা হয়। ভাৰতক সঁচাখণ্ড তেৱেঁই কৰি তোলে। ৰাৱণে মিছাখণ্ড কৰি দিয়ে। পিতাৰ বাবেও মিছা, দেৱতাসকলৰ বাবেও মিছা কৈ দিয়ে। সেইবাবে পিতাই কয় বেয়া নুশুনিবা.... ইয়াক কোৱা হয় বেশ্যালয়। সত্যযুগ হৈছে শিৱালয়। মনুষ্যই বুজি পায় জানো। তেওঁলোকতো নিজৰ মততহে চলে। কিমান হাই-কাজিয়া চলি থাকে। সন্তানে মাকক, স্বামীয়ে স্ত্ৰীক মাৰিবলৈও কুণ্ঠাবোধ নকৰে। এজনে আনজনক কাটি থাকে। সন্তানে যদি দেখে যে পিতাকৰ ওচৰত বহুত ধন আছে, নিদিয়ে তেন্তে মাৰিবলৈও কুণ্ঠাবোধ নকৰে। কেনেকুৱা লেতেৰা সৃষ্টি। এতিয়া তোমালোক কি হৈ আছা। এয়া তোমালোকৰ লক্ষ্য-উদ্দেশ্য থিয় হৈ আছে। তোমালোকেতো কেৱল কৈছিলা - হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। এনেকৈ কৈছিলা জানো যে বিশ্বৰ মালিক কৰি তোলক। ঈশ্বৰ পিতাইতো স্বৰ্গ স্থাপনা কৰে তেন্তে আমি স্বৰ্গত কিয় নাই। ৰাৱণে আকৌ তোমালোকক নৰকবাসী কৰি দিয়ে। কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়া বাবে পাহৰি গৈছে। পিতাই কয় - তোমালোক স্বৰ্গৰ মালিক আছিলা। এতিয়া পুনৰ চক্ৰ পৰিক্ৰমা কৰি নৰকৰ মালিক হৈছা। এতিয়া পুনৰ পিতাই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। এনেকৈ কয়ো মৰমৰ আত্মাসকল, সন্তানসকল পিতাক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তমোপ্ৰধান হ’বলৈ আধাকল্প লাগিল, বৰঞ্চ গোটেই কল্প বুলি ক’ব পাৰা কিয়নো কলাতো কম হৈ গৈ থাকে। এই সময়ত কোনো কলা নাই। এনেকৈ কয় - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই, ইয়াৰ অৰ্থ কিমান স্পষ্ট। ইয়াত আকৌ নিৰ্গুণ বালকৰ সংস্থাও আছে। বালকসকলৰ কোনো গুণ নাই। নহ’লেতো বালকক মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়, সিহঁতে বিকাৰৰ বিষয়েও গম নাপায়। মহাত্মাসকলতো বিকাৰৰ বিষয়ে জ্ঞাত গতিকে শব্দবোৰো কিমান ভুলকৈ কয়। মায়াই একেবাৰে ভ্ৰষ্টাচাৰী কৰি তোলে। গীতা পঢ়েও, কয়ো যে ভগৱানুবাচ - কাম মহাশত্রু, ই আদি-মধ্য-অন্ত দুখ দিওঁতা হয় তথাপিও পৱিত্ৰ হোৱাৰ ক্ষেত্ৰত কিমান বাধাৰ সৃষ্টি কৰে। সন্তানে বিবাহ নকৰিলে কিমান ৰুষ্ট হৈ যায়। পিতাই কয় - তোমালোক সন্তানসকল শ্রীমতত চলিব লাগে। যিসকল ফুল হ’বলগীয়া নহয়, যিমানে নুবুজোৱা কিয় কেতিয়াও নামানিব। কৰ’বাত যদি সন্তানে কয় মই বিবাহ নকৰোঁ তেন্তে মাতা-পিতাই কিমান অত্যাচাৰ কৰে।

পিতাই কয় - যেতিয়া জ্ঞান যজ্ঞ ৰচনা কৰোঁ তেতিয়া অনেক প্ৰকাৰৰ বাধা-বিঘিনি আহে। তিনিপদ ভূমিও নিদিয়ে। তোমালোকে কেৱল পিতাৰ মতত স্মৰণ কৰি পৱিত্ৰ হোৱা, অন্য কোনো কষ্ট নাই। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যেনেকৈ তোমালোক আত্মাসকল এই শৰীৰত অৱতৰিত হোৱা তেনেকৈ পিতাও অৱতৰিত হয়। তেন্তে আকৌ কাছ অৱতাৰ, মৎস্য অৱতাৰ কেনেকৈ হ’ব পাৰে! কিমান গালি দিয়ে। কয় কণ কণত ভগৱান আছে। পিতাই কয় - মোৰ আৰু দেৱতাসকলৰ গ্লানি কৰে। মই আহিবলগীয়া হয়, আহি তোমালোক সন্তানসকলক পুনৰ উত্তৰাধিকাৰ দিওঁ। মই উত্তৰাধিকাৰ দিওঁ, ৰাৱণে অভিশাপ দিয়ে। এয়া খেল। যিয়ে শ্রীমতত নচলে তেন্তে বুজা যায় যে তেওঁৰ ভাগ্য ইমান উচ্চ নহয়। ভাগ্যৱানসকলে ৰাতিপুৱাই উঠি স্মৰণ কৰিব, বাবাৰ সৈতে বাৰ্তালাপ কৰিব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। আনন্দৰ পাৰাও উৰ্দ্ধগামী হ’ব। যিসকল সন্মান সহকাৰে উত্তীৰ্ণ হয় তেওঁলোকহে ৰাজ্য-ভাগ্যৰ লায়ক হ’ব পাৰে। কেৱল এযোৰ লক্ষ্মী-নাৰায়ণে ৰাজত্ব নকৰে। ৰাজবংশ থাকে। এতিয়া পিতাই কয় - তোমালোক কিমান স্বচ্ছ বুদ্ধিৰ হৈ যোৱা। ইয়াক কোৱা হয় সৎসংগ। সৎসংগ এজনৰেই হয়। যিজন পিতাই সঁচা জ্ঞান দি সঁচাখণ্ডৰ মালিক কৰি তোলে। কল্পৰ সংগমতেই সত্যৰ সংগ পোৱা যায়। স্বৰ্গত কোনো প্ৰকাৰৰ সৎসংগ নাথাকে।

এতিয়া তোমালোক হ’লা আত্মিক মুক্তি বাহিনী। তোমালোকেই বিশ্বৰ বৈতৰণী পাৰ হোৱা। তোমালোকক মুক্ত কৰোঁতা, শ্রীমত দিওঁতা হৈছে পিতা। তোমালোকৰ মহিমা অতি শ্ৰেষ্ঠ। পিতাৰ মহিমা, ভাৰতৰ মহিমা অপৰমঅপাৰ। তোমালোক সন্তানসকলৰো মহিমা অপৰমঅপাৰ। তোমালোক ব্ৰহ্মাণ্ডৰো আৰু বিশ্বৰো মালিক হোৱা। মইতো কেৱল ব্ৰহ্মাণ্ডৰ মালিক হওঁ। পূজাও তোমালোকৰ ডবল হয়। মইতো দেৱতা নহওঁ যে ডবল পূজা হ’ব। তোমালোকৰ মাজতো ক্ৰমানুসৰি বুজি পায় আৰু আনন্দেৰে আহি পুৰুষাৰ্থ কৰে। পঢ়াত কিমান পাৰ্থক্য আছে। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব চলে। তাত পৰামৰ্শদাতা নাথাকে। লক্ষ্মী-নাৰায়ণ, যাক ভগৱান-ভগৱতী বুলি কোৱা হয় তেওঁলোকে আকৌ পৰামৰ্শদাতাৰ পৰা মতামত ল’ব জানো! যেতিয়া পতিত ৰজা হয় তেতিয়া পৰামৰ্শদাতা আদি ৰাখে। এতিয়াতো হৈছে প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। জ্ঞান, ভক্তি, বৈৰাগ্য। জ্ঞান কেৱল আত্মিক পিতাইহে শিকায় অন্য কোনেও শিকাব নোৱাৰে। পিতাহে পতিত-পাৱন সকলোৰে সৎগতি দাতা হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ স্মৃতিৰ লগতে নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাও কৰিব লাগে। ঘৰৰ পৰাই কল্যাণ কৰা আৰম্ভ হয়….. সকলোকে মৰমেৰে বুজাব লাগে।

(2) এই পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হ’ব লাগে। বেয়া নুশুনিবা, বেয়া নাচাবা……..। সেই বেহদৰ পিতাৰ সন্তান হওঁ, তেওঁ আমাক অপৰিসীম সম্পদ দিয়ে, এইটো আনন্দত থাকিব লাগে।

বৰদান:
প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম ফলদায়ক কৰি তোলোঁতা আত্মিক প্ৰভাৱশালী হোৱা

যেতিয়া কাৰোবাৰ সম্পৰ্কত আহা তেতিয়া তেওঁৰ প্ৰতি মনৰ ভাৱনা - স্নেহ, সহযোগ আৰু কল্যাণৰ প্ৰভাৱশালী হওঁক। প্ৰতিষাৰ বাণী কাৰোবাক সাহস উল্লাস দিয়াৰ প্ৰভাৱশালী হওঁক। সাধাৰণ কথা-বাৰ্তাত যাতে সময় গুচি নাযায়। এনেকৈয়ে প্ৰতিটো কৰ্ম ফলদায়ক হওঁক - নিজৰ প্ৰতিয়ে হওঁক বা আনৰ প্ৰতিয়ে হওঁক। পৰস্পৰেও সকলো ৰূপত প্ৰভাৱশালী হোৱা। সেৱাত আত্মিক প্ৰভাৱশালী হোৱা তেতিয়া পিতাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত হ’ব পাৰিবা।

স্লোগান:
এনেকুৱা শুভ-চিন্তক মণি হোৱা যাতে তোমালোকৰ কিৰণে বিশ্বক উদ্ভাসিত কৰি থাকে।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

সময় অনুসৰি শীতলতাৰ শক্তিৰে সকলো পৰিস্থিতিত নিজৰ সংকল্পৰ গতি, বাণী শীতল আৰু ধৈৰ্যশালী কৰি তোলা। যদি সংকল্পৰ গতি তীব্ৰ হয় তেন্তে বহুত সময় ব্যৰ্থত যাব, নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা সেই কাৰণে শীতলতাৰ শক্তি ধাৰণ কৰি লোৱা তেতিয়া ব্যৰ্থৰ পৰা হাত সাৰি যাবা। এই ‘কিয়’, ‘কি’, ‘এনেকুৱা নহয় তেনেকুৱা’, এই ব্যৰ্থৰ তীব্ৰ গতিৰ পৰা মুক্ত হৈ যাবা।