18.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই পুৰণি সৃষ্টিত মনুষ্যই যেনেকুৱা আশা ৰাখে সেই আশাবোৰ তোমালোকে ৰাখিব নালাগে, কিয়নো এইখন সৃষ্টি এতিয়া বিনাশ হ’ব”

প্ৰশ্ন:
সংগমযুগত কোনটো আশা ৰাখিলে সকলোবোৰ আশা সদাকালৰ বাবে পূৰা হৈ যাব?

উত্তৰ:
আমি পৱিত্ৰ হৈ, পিতাক স্মৰণ কৰি তেওঁৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে – কেৱল এইটোৱে আশা ৰাখিব লাগে। এইটো আশাৰে সদাকালৰ বাবে সকলোবোৰ আশা পূৰা হৈ যাব। আয়ুস্মান ভৱ, পুত্ৰৱান ভৱ, ধনৱান ভৱ… সকলো বৰদান পাই যাবা। সত্যযুগত সকলো কামনা পূৰা হৈ যাব।

গীত:
তুম্‌হী হো মাতা পিতা… (তুমিয়েই মাতা পিতা…)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল অৰ্থাৎ আত্মাসকলৰ প্ৰতি পৰমপিতা পৰমাত্মাই এয়া বুজাই আছে। তোমালোকে জানা বেহদৰ পিতাই আমাক বৰদান দি আছে। সেই লোকসকলে আশীৰ্বাদ দিয়ে – পুত্ৰৱান ভৱ, আয়ুস্মান ভৱ, ধনৱান ভৱ। এতিয়া পিতাই তোমালোকক বৰদান দিয়ে – আয়ুস্মান ভৱ। তোমালোকৰ আয়ুস বহুত দীঘলীয়া হ’ব। তাত পুত্ৰ হ’লেও বহুত সুখ দিওঁতা হ’ব। ইয়াত যিয়েই সন্তান আছে, দুখ দিওঁতা হয়। সত্যযুগত যি সন্তান হ’ব, সুখ দিওঁতা হ’ব। এতিয়া তোমালোক সন্তানসকলে জানা বেহদৰ পিতাই বেহদৰ সুখৰ উত্তৰাধিকাৰ দি আছে। যথাযথ আমি আয়ুস্মান, ধনৱানো হ’মগৈ। এতিয়া কোনো কামনা অন্তৰত ৰাখিব নালাগে। তোমালোকৰ সকলোবোৰ কামনা সত্যযুগত পূৰা হ’বগৈ। এই নৰকত কোনো কামনা ৰাখিব নালাগে। ধনৰ কামনাও নাৰাখিবা। বহুত ধন হওক, ডাঙৰ চাকৰি পাওঁ – এয়াও অত্যাধিক ইচ্ছা ৰাখিব নালাগে। পেটেতো এপোৱা ৰুটি খায়, বেছি লোভ থাকিব নালাগে। বেছি ধন হ’লে সেয়া নাশ হৈ যাব। সন্তানসকলে জানে বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে। এতিয়া পিতাই কয় – দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। কোনটো দান দিবা? এই 5 বিকাৰ। এয়া দানত দিলে তেতিয়া গ্ৰহচাৰী আঁতৰি যাব আৰু তোমালোক 16 কলা সম্পূৰ্ণ হৈ যাবা। তোমালোকে জানা আমি সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ… ইয়াতে হ’ব লাগে। 5 বিকাৰ দান দিবলগীয়া হয়। সন্তানসকলক পিতাই কয় – মৰমৰ সন্তানসকল বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ বাহিৰে অন্য কোনো আশা নাৰাখিবা। বাকী অলপ সময় আছে, গায়নো কৰা হয় – বহুত গ’ল অলপ আছে। বাকী অলপ সময় এই বিনাশৰ কাৰণে আছে সেইকাৰণে এই পুৰণি সৃষ্টিৰ কোনো আশা নাৰাখিবা। কেৱল পিতাক স্মৰণ কৰি থাকা। স্মৃতিৰে সন্তানসকল সতোপ্ৰধান হ’ব লাগে। এইখন সৃষ্টিত মনুষ্যই যি আশা ৰাখে সেয়া একোৱেই নাৰাখিবা। কেৱল এটাই আশা ৰাখিব লাগে যে শিৱবাবাৰ পৰা আমি নিজৰ স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। কাকো কেতিয়াও দুখ দিব নালাগে। এজনে আনজনৰ ওপৰত কাম-কটাৰী চলোৱা – এয়া সকলোতকৈ ডাঙৰ দুখ সেইকাৰণে সন্ন্যাসীসকল স্ত্ৰীৰ পৰা পৃথক হৈ যায়। কয় - এওঁ ত্যাগ কৰিলে। এই সময়ত ৰাৱণৰাজ্যত সকলো পতিত, পাপ আত্মা।

এতিয়া সময় বহুত কম, তোমালোক যদি পিতাৰ শ্ৰীমতত নচলা তেন্তে শ্ৰেষ্ঠ নহ'বাগৈ। সন্তানসকল উচ্চতকৈও উচ্চ হ’ব লাগে সেইকাৰণে 5 বিকাৰৰ দান দিব লাগে তেতিয়া এই গ্ৰহণ আঁতৰি যাব। সকলোৰে ওপৰত গ্ৰহচাৰী আছে, একেবাৰে ক’লা (পতিত) হৈ গৈছে। পিতাই কয় – যদি মোৰ পৰা উত্তৰাধিকাৰ ল’ব বিচৰা তেন্তে পাৱন হোৱা। দ্বাপৰৰ পৰা তোমালোক পতিত হৈ হৈ সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছা, সেইবাবেতো গোৱা - পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। গতিকে পিতাই আদেশ দিয়ে – সন্তানসকল এতিয়া পতিত নহ’বা, কাম মহাশত্ৰুক জয় কৰা, ইয়াৰ বাবেই তোমালোকে আদি-মধ্য-অন্ত দুখ পাইছা। পিতাই কয় - তোমালোক স্বৰ্গত একেবাৰে পৱিত্ৰ আছিলা। এতিয়া ৰাৱণৰ মতত তোমালোক পতিত হৈ গৈছা, সেইবাবেতো দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায় যে আপুনি সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী আৰু আমি বিকাৰী। নিৰ্বিকাৰী হ’লে সুখেই সুখ। পিতাই কয় – এতিয়া মই আহিছোঁ তোমালোক সন্তানসকলক নিৰ্বিকাৰী কৰি তুলিবলৈ। এতিয়া তোমালোক সন্তানসকলে সকলো ইচ্ছা এৰিব লাগে। নিজৰ পেছাগত কাম-কাজ আদি লাগিলে কৰা। আৰু ইজনে সিজনক জ্ঞান অমৃত পান কৰোৱা। গায়নো কৰা হয় – অমৃত এৰি বিষ কিয়নো খোৱা। পিতাই কয় - কোনো কামনা নাৰাখিবা। আমি স্মৃতিৰ যাত্ৰাৰে পূৰা সতোপ্ৰধান হৈ যাম। 63 জন্ম যি পাপ কৰিছা, সেয়া স্মৃতিৰ দ্বাৰাহে নাশ হ’ব। এতিয়া নিৰ্বিকাৰী হ’ব লাগে। যদিওবা মায়াৰ ধুমুহা আহে কিন্তু পতিত হ’ব নালাগে। মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। তোমালোকেই সতোপ্ৰধান পূজ্য দেৱতা আছিলা আকৌ তোমালোকেই পূজ্যৰ পৰা পূজাৰী হোৱা। আমি নিৰোগী আছিলোঁ আকৌ ৰোগী হ’লোঁ এতিয়া পুনৰাই নিৰোগী হৈ আছোঁ। যেতিয়া নিৰোগী আছিলোঁ তেতিয়া আয়ুস দীঘলীয়া আছিল। এতিয়াতো চোৱা বহি থাকোতেই মনুষ্য মৰি যায়। গতিকে কোনো আশা ৰাখিব নালাগে। এই সকলোবোৰ ছিঃ ছিঃ আশা। কাঁইটৰ পৰা ফুল হ’বলৈতো এটাই উত্তম আশা আছে – পিতাই কয়, মোক স্মৰণ কৰা তেতিয়া পুণ্য আত্মা হৈ যাবা। এই সময়ত সকলোৰে ওপৰত ৰাহুৰ গ্ৰহণ লাগি আছে। গোটেই ভাৰতত ৰাহুৰ গ্ৰহণ লাগি আছে। আকৌ লাগে – বৃহস্পতিৰ দশা। তোমালোকে জানা এতিয়া আমাৰ ওপৰত বৃহস্পতিৰ দশা বহিছে। ভাৰত স্বৰ্গ আছিল নহয়। সত্যযুগত তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা আছিল। এই সময়ত হ’ল ৰাহুৰ দশা। এতিয়া পুনৰ বেহদৰ পিতাৰ পৰা বৃহস্পতিৰ দশা হয়। বৃহস্পতিৰ দশাত 21 জন্মৰ সুখ থাকে। ত্ৰেতাত হ’ল শুক্ৰৰ দশা। যিয়ে যিমান স্মৰণ কৰিব, বহুত স্মৰণ কৰিলে বৃহস্পতিৰ দশা হ’ব। এইটোও বুজাই দিয়া হৈছে এতিয়া সকলো ঘৰলৈ উভতি যাব লাগে সেইকাৰণে পিতাক স্মৰণ কৰি থাকা তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক উৰিব পৰা হ’বা। মায়াই তোমালোকৰ ডেউকা কাটি দিছে। এতিয়া তোমালোকে ঈশ্বৰীয় মত পোৱা, যাৰ দ্বাৰা তোমালোক সৰ্বদা সুখী হোৱা। ঈশ্বৰীয় মতত তোমালোক স্বৰ্গৰ মালিক হোৱা। বিশ্বৰ বাদশ্বাহী লৈ আছা। ঈশ্বৰীয় মত পোৱা যায় যে পিতাক স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হৈ যাব, পৱিত্ৰ হৈ যাবা। পৱিত্ৰ আত্মাহে স্বৰ্গৰ লায়ক হ’ব। তাত তোমালোকৰ শৰীৰো নিৰোগী হ’ব, আয়ুসো দীঘলীয়া হ’ব। ধনো বহুত হ’ব। তাত কেতিয়াও ধৰ্ম সন্তান (তোলনীয়া) কৰি নলয়। পিতাই কয় – আয়ুস্মান ভৱ, সম্পত্তিমান ভৱ। পুত্ৰও এটি নিশ্চয় হ’ব। এই সময়ত পিতাই সকলোকে ধৰ্ম (তোলনীয়া) সন্তান কৰি লয়। সত্যযুগত আকৌ কোনো ধৰ্ম সন্তান নাথাকে। যোগবলেৰে এটি পুত্ৰ এটি কন্যা হ’ব। সোধে তাত সন্তান কেনেকৈ জন্ম হ’ব, তাত হৈছেই যোগবল। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সত্যযুগত সকলো যোগী। শ্ৰীকৃষ্ণক যোগেশ্বৰ বুলি কোৱা হয়। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণ যোগত থাকে। তেওঁতো পূৰা পৱিত্ৰ যোগী হয়। ঈশ্বৰে সকলোকে যোগেশ্বৰ কৰি তুলিছে গতিকে ভৱিষ্যতে যোগী হৈ থাকে। পিতাই যোগী কৰি তুলিছে। যোগীসকলৰ আয়ুস দীঘলীয়া হয়। ভোগীৰ আয়ুস চুটি হয়। ঈশ্বৰে সন্তানসকলক পৱিত্ৰ কৰি যোগ শিকাই দেৱতা কৰি তুলিছে, এওঁলোকক কোৱা হয় যোগী। যোগী অথবা ঋষি পৱিত্ৰ হৈ থাকে। তোমালোকক বুজোৱা হৈছে – তোমালোক হৈছা ৰাজঋষি। ৰাজযোগ শিকি আছা, ৰাজকীয় পদ পাবলৈ। এই সময়ত পিতাক স্মৰণ কৰিব লাগে, ইয়াত কোনো ওলোটা আশা ৰাখিব নালাগে যে সন্তান জন্ম হওক। তেতিয়াওতো বিকাৰগ্ৰস্ত হ’ব লাগিব, কাম-কটাৰী চলাব লাগিব। দেহ-অভিমানীয়ে কাম-কটাৰী চলায়। দেহী-অভিমানীয়ে কাম-কটাৰী নচলায়। পিতাই বুজায় - পৱিত্ৰ হোৱা। আত্মাসকলৰ সৈতে বৰ্তালাপ কৰে, এতিয়া এই কাম-কটাৰী নচলাবা। পৱিত্ৰ হোৱা তেতিয়া তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। পিতাই কিমান সুখ দিয়ে। পিতাৰ পৰাতো পূৰা উত্তৰাধিকাৰ ল’ব লাগে।

পিতাতো গৰিবৰ ত্ৰাণকৰ্তা। গায়নো কৰা হয় - সুদামাই দুমুঠি চাউল দিলে তেতিয়া মহল পাই গ’ল। বাবাই 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দি দিয়ে। এইটোও বুজি পোৱা – এতিয়া সকলো উভতি যাব লাগিব। শিৱবাবাৰ স্থাপনাৰ কাৰ্যত যিয়ে যিমান সহায় কৰিব। ঘৰত বিশ্ব বিদ্যালয় বা চিকিৎসালয় খোলা। ফলকত লিখি দিয়া, ভাই-ভনীসকল, 21 জন্মৰ কাৰণে, সৰ্বদা স্বাস্থ্যৱান আৰু সম্পত্তিমান হ’ব খোজা যদি আহি বুজা। আমি এক চেকেণ্ডত সৰ্বদা স্বাস্থ্যৱান, সম্পত্তিমান হোৱাৰ মাৰ্গ দৰ্শন কৰাওঁ। তোমালোক ছাৰ্জন হোৱা নহয়। ছাৰ্জনে ফলকতো নিশ্চয় লগায়, নহ’লে মনুষ্যই কেনেকৈ গম পাব। তোমালোকেও নিজৰ ঘৰৰ বাহিৰত ফলক লগাই দিয়া। যিয়েই আহে তেওঁক দুজন পিতাৰ ৰহস্য বুজোৱা। হদৰ (লৌকিক) পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ লৈ আহিছা। বেহদৰ পিতাই কয় – মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া বেহদৰ উত্তৰাধিকাৰ পাবা। প্ৰদৰ্শনীত প্ৰজেক্টৰৰ দ্বাৰা প্ৰথমে এইটো বুজোৱা। এইটো পুৰুষাৰ্থৰে তোমালোক এনেকুৱা হ’বাগৈ। এতিয়া হৈছে সংগম। কলিযুগৰ পৰা সত্যযুগ হ’ব লাগে। তোমালোক ভাৰতবাসী সতোপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈ গৈছা। এতিয়া পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া তোমালোক স্বৰ্গৰ মালিক হ’বা। শব্দই হৈছে দুটা। ‘অল্ফ্‌’ক (পৰমপিতাক) স্মৰণ কৰা তেতিয়া ‘বে’ বাদশ্বাহী তোমাৰ। এইটো স্মৃতিৰে আনন্দিত হৈ থাকিবা, এই ছিঃ ছিঃ জগতত কোনো প্ৰকাৰৰ আশা নাৰাখিবা। ইয়াত তোমালোকে জীৱন্তে মৰিবলৈ পুৰুষাৰ্থ কৰা। তেওঁলোকেতো মৰাৰ পাছত কয় - স্বৰ্গবাসী হ’ল। তোমালোকে সকলোকে কোৱা - আমি স্বৰ্গবাসী হ’বৰ কাৰণে পিতাক স্মৰণ কৰোঁ। তেওঁৰ পৰা বেহদৰ সুখ পোৱা যায়। পিতাক স্মৰণ কৰিলে তোমালোকে কেতিয়াও কন্দা-কটা কৰিবলগীয়া নহ’ব। মায়াৰ ধুমুহা আহে, তাৰ খেয়াল নকৰিবা। মায়াৰ ধুমুহাতো আহিব। এয়া হ’ল যুদ্ধ। সংকল্প-বিকল্প আহে, তেতিয়া এনেয়ে সময় নষ্ট হয়। ধুমুহাতো পাৰ হৈ যাব, সদায় থাকিব জানো। ৰাতিপুৱাই উঠি পিতাক স্মৰণ কৰিব লাগে, পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। ভিতৰি এইটো চিন্তা চলি থাকিব লাগে। পিতাই আৰু কোনো কষ্ট নিদিয়ে। কেৱল পিতাক স্মৰণ কৰিব লাগে। অন্য সকলোকে পাহৰি যোৱা, এই সকলোবিলাক মৃতপ্ৰায় হৈ আছে। পৰস্পৰ এয়াই বাৰ্তালাপ কৰি থাকা। বাবা এতিয়াতো কেৱল আপোনাকহে স্মৰণ কৰিম। আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল’ম। সময় ঠিক কৰা – মই 3-4 বজাত নিশ্চয় উঠি পিতাক স্মৰণ কৰিম। চক্ৰও স্মৃতিত ৰাখিব লাগে। পিতাই আমাক ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিছে। আমি এই মনুষ্য সৃষ্টিৰ বৃক্ষক জানো। আমি 21 জন্ম কেনেকৈ লওঁ – এয়া বুদ্ধিত আছে। এতিয়া আকৌ আমি যাওঁ, স্বৰ্গত পুনৰ আহি ভূমিকা পালন কৰিম। আমি আত্মা, আত্মাইহে ৰাজ্য পায়। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়। এয়া হৈছে ৰাজযোগ। পিতাক স্মৰণ কৰে। বেহদৰ পিতাৰ দ্বাৰা অনেকবাৰ বিশ্বৰ মালিক হৈছোঁ, আকৌ নৰকবাসী হ’লোঁ। এতিয়া আকৌ এজন পিতাৰ স্মৃতিৰে স্বৰ্গবাসী হওঁ। পিতাৰ স্মৃতিৰেহে পাপ ভস্ম হৈ যাব সেইকাৰণে ইয়াক যোগ অগ্নি বুলি কোৱা হয়। তোমালোক ব্ৰাহ্মণ হৈছা ৰাজঋষি, ঋষি সদায় পৱিত্ৰ হৈ থাকে, পিতাক স্মৰণ কৰে আৰু ৰাজ্য-ভাগ্যৰ উত্তৰাধিকাৰ লয়। এতিয়া জানো বিকাৰৰ কাৰণে আশা ৰাখিব লাগে। এয়া হৈছে ছিঃ ছিঃ আশা। এতিয়াতো পাৰলৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। বেমাৰ হ’লেও স্মৰণ কৰিব পাৰা। পিতাৰো সন্তান মৰমৰ হয়। বাবাই কিমান সন্তানলৈ পত্ৰ আদি লিখিবলগীয়া হয়। শিৱবাবাই লিখায়। তোমালোকেও পত্ৰ লিখা – শিৱবাবা মাৰফৎ ব্ৰহ্মা। আমি সকলো শিৱবাবাৰ সন্তান ভাই ভাই। আত্মিক পিতাই আমাক পাৱন কৰি তোলে, সেইকাৰণে কোৱা হয় – পতিত-পাৱন। সকলো আত্মাক পাৱন কৰি তোলে। কাকোৱে এৰি নিদিওঁ, প্ৰকৃতিও পাৱন হয়। তোমালোকে জানা সত্যযুগত প্ৰকৃতিও পাৱন হৈ থাকিব। এতিয়া শৰীৰো পতিত সেইবাবেতো গঙ্গাত শৰীৰ ধুবলৈ যায়, কিন্তু আত্মাতো পাৱন নহয়। সেয়াতো হ’ব – যোগ অগ্নিৰ দ্বাৰা। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই কলিযুগী সৃষ্টিত কোনো ওলোটা আশা ৰাখিব নালাগে। সম্পূৰ্ণ সতোপ্ৰধান হ’বৰ কাৰণে ঈশ্বৰীয় মতত চলিব লাগে।

(2) পাৱন হৈ ঘৰলৈ উভতি যাব লাগে, এইটোৱে এটা আশা ৰাখিব লাগে। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হয়। মায়াৰ ধুমুহাত সময় নষ্ট কৰিব নালাগে।

বৰদান:
সদায় শক্তিশালী বৃত্তিৰ দ্বাৰা বেহদৰ সেৱাত তৎপৰ হৈ থাকোঁতা হদৰ কথাবোৰৰ পৰা মুক্ত হোৱা

যেনেকৈ সাকাৰ পিতাৰ সেৱাৰ বাহিৰে আন একোৱেই দৃষ্টিগোচৰ নহৈছিল, তেনেকৈ তোমালোক সন্তানসকলেও নিজৰ শক্তিশালী বৃত্তিৰ দ্বাৰা বেহদৰ সেৱাত সদায় তৎপৰ হৈ থাকা তেতিয়া হদৰ কথাবোৰ স্বতঃ শেষ হৈ যাব। হদৰ কথাবোৰত সময় দিয়া - এয়াও পুতলাৰ খেল, য’ত সময় আৰু শক্তি নষ্ট হৈ যায়, সেয়েহে সৰু সৰু কথাবোৰত সময় বা জমা হৈ থকা শক্তিসমূহ ব্যৰ্থত নষ্ট নকৰিবা।

স্লোগান:
সেৱাত সফলতা প্ৰাপ্ত কৰিবলৈ নিজৰ বাণী আৰু চাল-চলন প্ৰভাৱশালী হ’ব লাগে।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

সময় অনুসৰি এতিয়া সকলো ব্ৰাহ্মণ আত্মাক সমীপত আনি জ্বালা স্বৰূপৰ বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰা, তাৰ বাবে লাগিলে ভাতী কৰা বা পৰস্পৰ সংগঠিত হৈ বাৰ্তালাপ কৰা, কিন্তু জ্বালা স্বৰূপৰ অনুভৱ কৰা আৰু কৰোৱা, এইটো সেৱাত নিয়োজিত হৈ যোৱা তেতিয়া সৰু সৰু কথাবোৰ সহজে পৰিৱৰ্তন হৈ যাব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]