18.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পতিত-পাৱন পিতাৰ শ্ৰীমতত তোমালোক পাৱন হোৱা সেয়েহে তোমালোকে পাৱন সৃষ্টিৰ বাদশ্বাহী
পোৱা, নিজৰ মতত পাৱন হওঁতাসকলৰ কোনো প্ৰাপ্তি নহয়”
প্ৰশ্ন:
সন্তানসকলে
সেৱাত বিশেষ কোনটো কথাৰ প্ৰতি ধ্যান দিব লাগে?
উত্তৰ:
যেতিয়া সেৱাত যোৱা তেতিয়া যাতে কেতিয়াও সৰু-সুৰা কথাত ইজনে-সিজনৰ প্ৰতি বিতুষ্ট
অৰ্থাৎ অসন্তুষ্ট নোহোৱা। যদি নিজৰ মাজত মিলা-প্ৰীতি নাথাকে, কথা নাপাতে তেন্তে
অহিত কৰাৰ নিমিত্ত হৈ যায়। বহুত সন্তানেতো পিতাৰ প্ৰতিও বিতুষ্ট হৈ যায়। ওলোটা কৰ্ম
কৰিবলৈ লাগি যায়। তেতিয়া এনেকুৱা সন্তানসকলক তোলনীয়া কৰি লোৱাটোৱেই বাতিল হৈ যায়।
ওঁম্শান্তি।
পতিত-পাৱন
পিতাই যিসকল সন্তান পাৱন হয় তেওঁলোকক বহি বুজায়। পতিত সন্তানসকলেহে পাৱন কৰি তোলোঁতা
পিতাক আহ্বান জনায়। নাটকৰ পৰিকল্পনায়ো কয়, ৰাৱণ ৰাজ্য হোৱাৰ কাৰণে সকলো মনুষ্য পতিত।
পতিত বুলি সেইসকলক কোৱা হয় যিসকল বিকাৰত যায়। এনেকুৱা বহুত আছে যি বিকাৰত নাযায়।
ব্ৰহ্মচাৰী হৈ থাকে। এনেকৈ বুজে যে মই নিৰ্বিকাৰী হওঁ, যেনেকৈ পাদুৰীসকল (খ্ৰীষ্টিয়ান
ধৰ্ম যাজক) আছে, মৌলানা কাজী আছে, বৌদ্ধীও আছে যিসকল পৱিত্ৰ হৈ থাকে। তেওঁলোকক
পৱিত্ৰ কোনে কৰি তুলিলে? তেওঁলোক নিজেই হৈছে। জগতত এনেকুৱা বহুত ধৰ্মৰ লোক আছে
যিসকল বিকাৰত নাযায়। কিন্তু তেওঁলোকক পতিত-পাৱন পিতাইতো পাৱন কৰি নোতোলে সেয়েহে
তেওঁলোক পাৱন সৃষ্টিৰ মালিক হ'ব নোৱাৰে। পাৱন সৃষ্টিলৈ যাব নোৱাৰে। সন্ন্যাসীসকলেও
5 বিকাৰ ত্যাগ কৰি দিয়ে। কিন্তু তেওঁলোকক সন্ন্যাস কোনে কৰালে? পতিত-পাৱন পৰমপিতা
পৰমাত্মাইতো সন্ন্যাস কৰোৱা নাই নহয় জানো। পতিত-পাৱন পিতা অবিহনে সফলতা পাব নোৱাৰে।
পাৱন সৃষ্টি শান্তিধামলৈ যাব নোৱাৰে। ইয়াততো পিতা আহি তোমালোকক পাৱন হোৱাৰ শ্ৰীমত
দিয়ে। সত্যযুগক কোৱা হয় নিৰ্বিকাৰী সৃষ্টি। ইয়াৰ দ্বাৰা সিদ্ধ হয়, সত্যযুগত
আহোঁতাসকল পৱিত্ৰ নিশ্চয় হ'ব। সত্যযুগততো পৱিত্ৰ আছিল, শান্তিধামতো আত্মাসকল পৱিত্ৰ
হৈ থাকে। এই ৰাৱণৰাজ্যত হয়েই সকলো পতিত। পুনৰ্জন্মতো ল'বই লাগে। সত্যযুগতো
পুনৰ্জন্ম লয়, কিন্তু বিকাৰেৰে নহয়। সেইখন হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। যদিওবা
ত্ৰেতাত 2টা কলা কম হৈ যায় কিন্তু বিকাৰী বুলি কোৱা নহয়। ভগৱান শ্ৰী ৰাম, ভগৱতী শ্ৰী
সীতা বুলি কয় নহয় জানো। 16 কলা তাৰপাছত 14 কলা বুলি কোৱা হয়। চন্দ্ৰমাৰো এনেকুৱা হয়
নহয় জানো। গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যেতিয়ালৈকে পতিত-পাৱন পিতা আহি পাৱন কৰি
নোতোলে তেতিয়ালৈকে মুক্তি-জীৱনমুক্তিত কোনেও যাব নোৱাৰে। পিতাহে মাৰ্গ-দৰ্শক হয়। এই
সৃষ্টিত পৱিত্ৰতো বহুত আছে। সন্ন্যাসীসকলৰো পৱিত্ৰতাৰ কাৰণে মান্যতা আছে। কিন্তু
পিতাৰ দ্বাৰা পৱিত্ৰ নহয়। এতিয়া তোমালোক সন্তানসকলে জানা আমাক পাৱন কৰি তোলোঁতাজন
হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মা। তেওঁলোকতো নিজেই নিজৰ মতত পৱিত্ৰ হয়। তোমালোক পিতাৰ
দ্বাৰা পৱিত্ৰ হোৱা। পতিত-পাৱন পিতাৰ দ্বাৰাহে পাৱন সৃষ্টিৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়।
পিতাই কয় - হে সন্তানসকল, কাম তোমালোকৰ মহাশত্ৰু হয়, ইয়াৰ ওপৰত বিজয়ী হোৱা,
অধঃপতিতও ইয়াৰ দ্বাৰাই হয়। এনেকৈ কেতিয়াও নিলিখে যে মই ক্ৰোধ কৰিলোঁ সেয়েহে মুখ ক'লা
কৰি দিলোঁ। কাম বিকাৰৰ ক্ষেত্ৰতহে লিখে হয় মই মুখ ক’লা কৰি দিলোঁ। অধঃপতিত হ’লোঁ।
এই কথাবোৰ তোমালোক সন্তানসকলেহে জানা, জগতে নাজানে। নাটক অনুসৰি যিসকল আহি ব্ৰাহ্মণ
হ'বলগীয়া আছে, তেওঁলোক আহি থাকিব। অন্য সৎসংগসমূহততো কোনো লক্ষ্য-উদ্দেশ্য নায়েই।
শিৱানন্দ আদিৰ অনুগামীতো বহুত আছে কিন্তু তেওঁলোকৰ ভিতৰতো কোনো-কোনোৱেহে সন্ন্যাস
লয়। গৃহস্থীসকলেতো নলয়েই। বাকী ঘৰ-সংসাৰ ত্যাগ কৰোঁতা বহুত কমসংখ্যক ওলায়। সন্ন্যাসী
হয় তথাপিও পুনৰ্জন্ম ল'বলগীয়া হয়। শিৱানন্দৰ কাৰণে জানো ক'ব জ্যোতি জ্যোতিত সমাহিত
হৈ গ'ল। তোমালোকে বুজি পোৱা যে সকলোৰে সৎগতি দাতা পিতাই হয়, তেৱেঁই মাৰ্গ-দৰ্শক হয়।
মাৰ্গ-দৰ্শক অবিহনে কোনো যাব নোৱাৰে। তোমালোক সন্তানসকলে জানা যে আমাৰ পিতা, পিতাও
হয়, জ্ঞানপূৰ্ণও হয়। মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। গোটেই মনুষ্য সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞানতো বীজৰেই থাকিব নহয় জানো। পিতা বুলিতো সকলোৱে কয় নহয় জানো।
সন্তানসকলেতো জানে আমাৰ ঈশ্বৰ পিতা এজনেই হয় তেন্তে সকলোৰে প্ৰতি দয়াও সেইজন পিতাৰে
ওপজিব নহয় জানো। কিমান অনেক মনুষ্য আছে, কিমান জীৱ-জন্তু আছে। তাত মনুষ্য কমসংখ্যক
থাকে গতিকে জীৱ-জন্তুও কমসংখ্যক থাকে। সত্যযুগত এনেকুৱা আৱৰ্জনা নাথাকে। ইয়াততো
অনেক প্ৰকাৰৰ বেমাৰ আদি কিমান ওলাই থাকে, যাৰ বাবে আকৌ নতুন নতুন ঔষধ তৈয়াৰ কৰি থাকে।
নাটকৰ পৰিকল্পনা অনুসৰি অনেক প্ৰকাৰৰ কলা-কৌশল ওলাই থাকে। সেই সকলোবোৰ হৈছে মনুষ্যৰ
কলা-কৌশল। পাৰলৌকিক পিতাৰ কলা-কৌশল কি? পিতাৰ কাৰণে কয় হে পতিত-পাৱন আহি আমাক অৰ্থাৎ
আত্মাসকলক পাৱন কৰি তোলক, শৰীৰো পাৱন কৰি তোলক, কয় পতিত-পাৱন; দুখ-হৰ্তা, সুখ-কৰ্তা,
এজনকেই আহ্বান জনায় নহয় জানো। নিজৰ নিজৰ ভাষাত স্মৰণ নিশ্চয় কৰে। মনুষ্যৰ মৰাৰ সময়
হ’লে তেতিয়াও ভগৱানক স্মৰণ কৰে, ভাবে আন কোনেও সহায় নকৰিব, সেয়েহে কয় – ঈশ্বৰ পিতাক
স্মৰণ কৰা। খ্ৰীষ্টানসকলেও ক'ব ‘গড্ ফাদাৰ’ক স্মৰণ কৰা। এনেকৈ নক'ব যে
যীশুখ্ৰীষ্টক স্মৰণ কৰা। জানে যে যীশুখ্ৰীষ্টৰ ওপৰত গড্ আছে। ঈশ্বৰতো সকলোৰে এজনেই
হ'ব নহয় জানো। এতিয়া তোমালোক সন্তানসকলে জানা মৃত্যুলোক কি, অমৰলোক কি! জগতত কোনেও
নাজানে। তেওঁলোকেতো কয় স্বৰ্গ নৰক সকলো ইয়াতেই আছে। কোনো-কোনোৱে ভাবে সত্যযুগ আছিল,
দেৱতাসকলৰ ৰাজত্ব আছিল। এতিয়ালৈকেও কিমান নতুন নতুন মন্দিৰ নিৰ্মাণ কৰি থাকে।
তোমালোক সন্তানসকলে জানা যে একমাত্ৰ পিতাৰ বাহিৰে আন কোনেও আমাক পাৱন কৰি নিজৰ ঘৰলৈ
উভতাই লৈ যাব নোৱাৰে। তোমালোকৰ বুদ্ধিত আছে যে আমি নিজৰ মিঠা ঘৰলৈ গৈ আছোঁ। পিতাই
আমাক উভতাই লৈ যাবৰ কাৰণে যোগ্য কৰি আছে। এইটো স্মৃতিত থাকিব লাগে।
পিতাই বুজায়,
সন্তানসকল তোমালোকে ইমান ইমান জন্ম লৈছা। এতিয়া আমি আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছোঁ।
পুনৰ ব্ৰাহ্মণৰ পৰা দেৱতা হ'ব লাগে, স্বৰ্গত যাব লাগে। এতিয়া হৈছে সংগম। বিৰাট ৰূপত
ব্ৰাহ্মণসকলৰ টিকনি প্ৰসিদ্ধ হয়। হিন্দুসকলৰ কাৰণেও টিকনি চিন হয়। মনুষ্যতো মনুষ্যই
হয়। ‘খালসা’ (শিখসকলৰ এটা বৰ্গ), মুছলমান আদি এনেকুৱা হৈ যায় যে তোমালোকে গমেই
নোপোৱা কোন হয়? বাকী চীনা হয়, আফ্ৰিকান হয়, তেওঁলোকক গম পোৱা যায়। তেওঁলোকৰ চেহেৰাই
বেলেগ হয়। খ্ৰীষ্টিয়ানসকলৰ ভাৰতৰ লগত সম্পৰ্ক আছে গতিকে এইবোৰ শিকিছে। ধৰ্মৰ কিমান
ভিন্নতা আছে। তেওঁলোকৰ ৰীতি-প্ৰথা, সাজপাৰ সকলোবোৰ ভিন্ন। এতিয়া তোমালোক সন্তানসকলে
জ্ঞান পাইছা, আমি সত্যযুগৰ স্থাপনা কৰি আছোঁ। তাত অন্য কোনো ধৰ্ম নাছিল। এতিয়াতো
সকলো ভিন্ন ভিন্ন ধৰ্মৰ লোক উপস্থিত আছে। এতিয়া অন্তিমত আৰু কি ধৰ্ম প্ৰতিষ্ঠা কৰিব।
অৱশ্যে হয়, নতুন আত্মাসকল পাৱন হয় সেয়েহে যিসকল নতুন আত্মা আহে কিবা নহয় কিবা সেই
আত্মাসকলৰ মহিমা হৈ থাকিব। বিবেকে কয় - যিসকল অন্তিমত আহিব তেওঁলোকে প্ৰথমে নিশ্চয়
সুখ পাব। মহিমা হ'ব আকৌ দুখো হ'ব। হয়েই এটা জন্ম যেনেকৈ তোমালোক সুখধামত বহুত সময়
থাকা। তেওঁলোক আকৌ শান্তিধামত বহুত সময় থাকে। অন্তিমলৈকে বৃদ্ধি বহুত হয়। বৃক্ষ
ডাঙৰ হয় নহয় জানো। এই সময়ত মনুষ্যৰ কিমান বৃদ্ধি হৈ থাকে সেয়েহে ইয়াক বন্ধ কৰাৰ
উপায় উলিয়াই থাকে। কিন্তু ইয়াৰ দ্বাৰা একো হ'ব নোৱাৰে। তোমালোকে জানা নাটকৰ
পৰিকল্পনা অনুসৰি বৃদ্ধি নিশ্চয় হ'ব। নতুন পাত ওলাই গৈ থাকিব, পুনৰ ঠাল-ঠেঙুলি আদি
ওলাই থাকিব। কিমান ভিন্নতা আছে। এতিয়া সন্তানসকলে জানে যে আমি আৰু কাৰো সম্পৰ্কত
নাই। পিতাইহে আমাক পাৱন কৰি তোলে আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ বাতৰি শুনায়।
তোমালোকেও তেওঁকেই আহ্বান জনোৱা যে হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক তেন্তে
নিশ্চয় পতিত সৃষ্টিৰ বিনাশ হ'ব। ইয়াৰো হিচাপ আছে। সত্যযুগত বহুত কমসংখ্যক মনুষ্য
থাকে। কলিযুগত কিমান অনেক মনুষ্য আছে, তোমালোক সন্তানসকলে বুজাবও লাগে। পিতাই আমাক
পঢ়ায় এই পুৰণি সৃষ্টিৰ এতিয়া বিনাশ হ'ব। স্থাপনা পিতাইহে কৰিব। ভগৱানুবাচ (ভগৱানে
কয়) - মই স্থাপনা কৰাওঁ। বিনাশতো নাটক অনুসৰি হয়। ভাৰততহে চিত্ৰও আছে। ব্ৰহ্মাৰ
দ্বাৰা ব্ৰাহ্মণ, ব্ৰহ্মা মুখ বংশাৱলী চোৱা কিমান আছে। সেয়া হৈছে কোষ বংশাৱলী
ব্ৰাহ্মণ। তেওঁলোকেতো পিতাক নাজানেই। তোমালোকৰ এতিয়া উদ্দীপনা জাগিছে। তোমালোকে জানা
যে এতিয়া কলিযুগৰ বিনাশ হৈ সত্যযুগ আহিব। এয়া হয়েই “ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ
জ্ঞান যজ্ঞ”। ইয়াত পুৰণি সৃষ্টিৰ আহুতি পৰিব। অন্যতো একো আহুতি নাই। পিতাই কয় - মই
গোটেই সৃষ্টিত এই ৰাজস্ব অশ্বমেধ যজ্ঞ ৰচিছোঁ। গোটেই ভূমিত ৰচা হৈছে। যজ্ঞ কুণ্ড
থাকে নহয় জানো। ইয়াত গোটেই সৃষ্টি স্বাহা হৈ যাব। যজ্ঞ কুণ্ড তৈয়াৰ কৰে। এইখন গোটেই
সৃষ্টি যজ্ঞ কুণ্ড তৈয়াৰ হৈ আছে। এই যজ্ঞ কুণ্ডত কি হ'ব? সকলো ইয়াত নাশ হৈ যাব। এই
কুণ্ড পৱিত্র নতুন হৈ যাব, ইয়াত পুনৰ দেৱতাসকল আহিব। সমুদ্ৰ চাৰিওফালে আছেই, গোটেই
সৃষ্টি নতুন হৈ যাব। উথল-পাথলতো বহুত হ'ব। এনেকুৱা কোনো স্থান নাই যি কাৰো নহয়।
সকলোৱে কয় এয়া মোৰ। এতিয়া ‘মোৰ’ ‘মোৰ’ বুলি কওঁতা সকলো মনুষ্য নাশ হৈ যাব। বাকী মই
যিসকলক পৱিত্ৰ কৰি তোঁলো, তেওঁলোক কিছুসংখ্যকহে গোটেই সৃষ্টিত থাকিব। প্ৰথমে আদি
সনাতন দেৱী-দেৱতা ধৰ্ম হ'ব। যমুনা নদীৰ পাৰত তেওঁলোকৰ ৰাজ্য হ'ব। এই সকলোবোৰ কথা
তোমালোকৰ বুদ্ধিত ধাৰণ হ'ব লাগে, আনন্দিত হৈ থাকিব লাগে। মনুষ্যই বহি ইজনে-সিজনক
কাহিনী শুনায় নহয় জানো। এয়াও সত্য-নাৰায়ণৰ কাহিনী হয়, এয়া হৈছে বেহদৰ। তোমালোকৰ
বুদ্ধিতহে এই কথাবোৰ আছে। তাৰ ভিতৰতো যিসকল ভাল ভাল সেৱাধাৰী হয়, তেওঁলোকৰ বুদ্ধিত
ধাৰণা হয়, জোলোঙা ভৰপূৰ হ’ব, দান দি থাকিব সেয়েহে কয় - ধন দিলে ধন কমি নাযায়। ভাবে
যে দান দিলে প্ৰাচুৰ্য বাঢ়িব। তোমালোকৰতো হৈছে অবিনাশী ধন। এতিয়া ধন দিলেও ধন কমি
নাযায়, যিমান দান কৰিবা সিমানেই আনন্দিত হ’বা। শুনাৰ সময়ত কিছুমানৰ কান্ধ যেন
হালি-জালি থাকিব। কিছুমানতো গৰম তাৱাৰ দৰে বহি থাকে (বুদ্ধিত একোৱে ধাৰণ নহয়)।
পিতাই ইমান ভাল ভাল সাৰ কথা শুনায়। তেতিয়া শুনাৰ সময়ত আপোনাআপুনি কান্ধ হালি-জালি
থাকিব। ইয়ালৈ সন্তানসকল আহেই সন্মুখত পিতাৰ দ্বাৰা সজীৱ হ'বলৈ। পিতাই বহি কেনেকৈ
যুক্তিৰে সাৰ কথাবোৰ শুনায়। তোমালোকে জানা যে ভাৰতত দেৱী-দেৱতাসকলৰ ৰাজত্ব আছিল।
ভাৰতক স্বৰ্গ বুলি কোৱা হয়। এতিয়াতো নৰক, নৰক সলনি হৈ স্বৰ্গ হ'ব বাকী সকলো বিনাশ
হৈ যাব। তোমালোকৰ কাৰণেতো স্বৰ্গ যেন কালিৰ কথা। কালি ৰাজত্ব কৰিছিলা, অন্য কোনেও
এনেকৈ ক'ব নোৱাৰে। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ ইমান বছৰৰ পূৰ্বে স্বৰ্গ আছিল, তেতিয়া
অন্য কোনো ধৰ্ম নাছিল। দ্বাপৰৰ পৰা সকলো ধৰ্ম আহে। একেবাৰে সহজ কথা। কিন্তু মনুষ্যৰ
বুদ্ধি এইফালে নাই যে বুজিব পাৰে। আহ্বানো জনায় - পতিত-পাৱন আহক তেন্তে আহি নিশ্চয়
পতিতৰ পৰা পাৱন কৰি তুলিব নহয় জানো! ইয়াততো কোনো পাৱন থাকিব নোৱাৰে। সত্যযুগক
নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা হয়। এতিয়াতো হৈছে বিকাৰী সৃষ্টি। মুখ্য কথা হৈছে
পৱিত্ৰতাৰ। ইয়াৰ কাৰণে তোমালোকে কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোকে জানা আজিৰ
দিনটোলৈকে যিবোৰ অতীত হৈ গ'ল সেয়া নাটক অনুসৰিয়ে হোৱা বুলি কোৱা হ'ব। এই ক্ষেত্ৰত
আমি কাৰোবাক বেয়া ভাল বুলি ক'ব নোৱাৰোঁ। যি কিছু হয়, নাটকত নিৰ্ধাৰিত হৈ আছে। পিতাই
আগৰ কাৰণে বুজায় যে সেৱাত এনেকুৱা এনেকুৱা কৰ্ম নকৰিবা। নহ'লে অহিত হৈ যায়। পিতায়েতো
ক'ব নহয় জানো। তোমালোক পৰস্পৰ লুণীয়া পানীৰ দৰে হৈ গৈছা। বুজি পায় আমি লুণীয়া পানীৰ
দৰে হওঁ, ইজনে-সিজনক লগ পালে কথা নাপাতে আকৌ কাৰোবাক যদি কিবা কোৱা তেন্তে একেবাৰে
বিতুষ্ট হৈ যায়। শিৱবাবাক পাহৰি যায় সেয়েহে বুজোৱা হয় যে সদায় শিৱবাবাক স্মৰণ কৰিবা।
পিতাই সন্তানসকলক সাৱধান কৰি দিয়ে। এনেকুৱা এনেকুৱা কাম কৰিলে দুৰ্গতি হৈ যায়।
কিন্তু ভাগ্যত যদি নাই তেন্তে বুজিয়েই নাপায়। শিৱবাবা যাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত
হয়, তেওঁৰ প্ৰতিও বিতুষ্ট হৈ যায়। ব্ৰাহ্মণীৰ প্ৰতিও বিতুষ্ট হৈ যায়, এওঁৰ প্ৰতিও
বিতুষ্ট হৈ যায়। তেতিয়া আকৌ কেতিয়াও শ্ৰেণীলৈ নাহে। শিৱবাবাৰ প্ৰতিতো কেতিয়াও
বিতুষ্ট হ'ব নালাগে। তেওঁৰ মুৰুলীতো পঢ়িব লাগে। স্মৰণো তেওঁক কৰিব লাগে। বাবাই কয়
নহয় যে - সন্তানসকল নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া সৎগতি হ'ব।
দেহ-অভিমানত আহিলে দেহধাৰীসকলৰ প্ৰতি বিতুষ্ট হৈ যায়। উত্তৰাধিকাৰতো ককাৰ পৰা পাবা।
পিতাৰ হ'লে তেতিয়া ককাৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। পিতাকেই যদি ত্যাগ কৰি দিয়ে তেন্তে
উত্তৰাধিকাৰ কেনেকৈ প্ৰাপ্ত হ'ব। যদি ব্ৰাহ্মণ কুলৰ পৰা ওলাই শূদ্ৰ কুলত গুচি যায়
তেন্তে উত্তৰাধিকাৰ শেষ। তোলনীয়া কৰি লোৱাতো বাতিল হৈ যায়। তথাপিও বুজি নাপায়। মায়া
এনেকুৱা যে একেবাৰে গৰম তাৱা (বুদ্ধিহীন) কৰি দিয়ে। পিতাকতো কিমান মৰমেৰে স্মৰণ
কৰিব লাগে কিন্তু স্মৰণ নকৰেই। শিৱবাবাৰ সন্তান হওঁ, যিজনে আমাক বিশ্বৰ মালিক কৰি
তোলে। নিশ্চয় ভাৰততেই জন্ম লয়। শিৱ জয়ন্তী পালন কৰে নহয় জানো। বিশ্বৰ ইতিহাস-ভূগোল
পুনৰাবৃত্তি হ’ব তেতিয়া পোন-প্ৰথমে শিৱবাবাহে আহি স্বৰ্গ ৰচিব। তোমালোকে জানা যে আমি
স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত কৰি আছোঁ। পিতাহে আহি স্বৰ্গবাসী কৰি তোলে। নতুন সৃষ্টিৰ
কাৰণে ৰাজযোগ শিকায়। তোমালোকে গৈ নতুন সৃষ্টিত ৰাজ্য চলোৱা। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধি
ৰূপী জোলোঙা অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ কৰি আকৌ দান কৰিব লাগে। দান কৰিলেহে আনন্দ
থাকিব। জ্ঞান ধন বৃদ্ধি হৈ গৈ থাকিব।
(2) কেতিয়াও পৰস্পৰ
বিতুষ্ট হৈ অপ্ৰীতিকৰ হ’ব নালাগে। বৰ মৰমেৰে পিতাক স্মৰণ কৰিব লাগে আৰু মুৰুলী
শুনিব লাগে। গৰম তাৱাৰ দৰে (বুদ্ধিত ধাৰণ নোহোৱা) হ’ব নালাগে।
বৰদান:
এক পিতাৰ সৈতে
যোগসূত্ৰ গঢ়ি সকলোৰে সহযোগ প্ৰাপ্ত কৰোঁতা প্ৰকৃত যোগী তথা সহযোগী হোৱা
যি যিমান যোগী, সিমানে
তেওঁ সকলোৰে সহযোগ অৱশ্যে প্ৰাপ্ত কৰে। যোগীৰ সম্পৰ্ক বা স্নেহ বীজৰ (পৰমাত্মাৰ)
সৈতে হোৱাৰ বাবে স্নেহৰ প্ৰতিদান স্বৰূপে সকলোৰে সহযোগ প্ৰাপ্ত হৈ যায়। গতিকে বীজৰ
সৈতে যোগসূত্ৰ গঢ়োঁতা, বীজত স্নেহৰ পানী দিওতাজনে সৰ্ব আত্মাৰ পৰা সহযোগ ৰূপী ফল
প্ৰাপ্ত কৰি লয়, কিয়নো বীজৰ সৈতে যোগসূত্ৰ গঢ়া বাবে গোটেই বৃক্ষৰ সৈতে সংযোগ হৈ
যায়।
স্লোগান:
পুৰণি সংস্কাৰক ‘মোৰ’ বুলি কোৱা অৰ্থাৎ পুৰুষাৰ্থক শিথিল কৰা।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
কেতিয়াবা কাৰোবাক
কোনো প্ৰকাৰৰ সহযোগৰ প্ৰয়োজন হ’লে, দাতাৰ সন্তান হৈ তেওঁলোকক সহযোগ দিয়া। কিন্তু
সকলোৰে সহযোগী তেতিয়াহে হ’বা যেতিয়া সকলোৰে স্নেহী হ’বা। স্নেহী নহ’লে সকলোৰে
সহযোগীও হ’ব নোৱাৰে, সেয়েহে মন, বাণী, কৰ্ম আৰু সম্বন্ধতো সহযোগী আৰু সফলতাৰমূৰ্ত
হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]