18.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“বেহদৰ পিতা আহিছে তোমালোক সন্তানসকলক জ্ঞানেৰে অলংকৃত কৰিবলৈ, উচ্চ পদ পাবলৈ হ’লে
সদায় অলংকৃত হৈ থাকিবা ”
প্ৰশ্ন:
কোনসকল
সন্তানক দেখি বেহদৰ পিতা বহুত আনন্দিত হয়?
উত্তৰ:
যিসকল সন্তান সেৱাৰ কাৰণে সদাপ্ৰস্তুত হৈ থাকে, অলৌকিক আৰু পাৰলৌকিক দুয়োজন পিতাক
পূৰা অনুসৰণ কৰে, জ্ঞান যোগেৰে আত্মাক অলংকৃত কৰে, পতিতক পাৱন কৰাৰ সেৱা কৰে,
এনেকুৱা সন্তানসকলক দেখি বেহদৰ পিতা বহুত আনন্দিত হয়। পিতাৰ ইচ্ছা হৈছে মোৰ
সন্তানসকলে যাতে যত্ন কৰি উচ্চ পদ পায়।
গীত:
নিৰ্বল চে
লড়াই বলৱান কি…….. (নিৰ্বলীৰ সৈতে বলবানৰ যুদ্ধ……….)
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলৰ প্ৰতি কয় - মৰমৰ সন্তানসকল, যেনেকৈ লৌকিক পিতাৰ সন্তান প্ৰিয়,
তেনেকৈ বেহদৰ পিতাৰো বেহদৰ সন্তানসকল প্ৰিয়। পিতাই সন্তানসকলক শিক্ষা দিয়ে, সাৱধান
কৰাই দিয়ে যাতে সন্তানসকলে উচ্চ পদ পায়। এয়াই পিতাৰ ইচ্ছা। গতিকে বেহদৰ পিতাৰো এইটো
ইচ্ছা থাকে। সন্তানসকলক জ্ঞান আৰু যোগৰ গহনাৰে অলংকৃত কৰে। তোমালোকক দুয়োজন পিতাই
অতি সুন্দৰকৈ অলংকৃত কৰে যাতে সন্তানসকলে উচ্চ পদ পায়। অলৌকিক পিতাও আনন্দিত হয়
পাৰলৌকিক পিতাও আনন্দিত হয়, যিসকলে ভালদৰে পুৰুষাৰ্থ কৰে, তেওঁলোকক দেখি গায়নো কৰা
হয় - পিতাক অনুসৰণ কৰা। গতিকে দুয়োজনকে অনুসৰণ কৰিব লাগে। এজন হৈছে আত্মিক পিতা,
আনজন আকৌ হৈছে অলৌকিক পিতা। গতিকে পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে।
তোমালোক যেতিয়া ভাতীত
আছিলা তেতিয়া মুকুটৰ সৈতে সকলোৰে ফটো লোৱা হৈছিল। পিতাইতো বুজাইছে যে লাইটৰ কোনো
মুকুট নাথাকে। এয়া হৈছে পৱিত্ৰতাৰ চিহ্ন, যিটো সকলোকে দিয়ে। এনেকুৱা নহয় যে কোনো
শুভ্ৰ লাইটৰ মুকুট থাকে। এইটো পৱিত্ৰতাৰ চিহ্ন হিচাপে বুজোৱা হয়। প্ৰথমে তোমালোক
থাকা সত্যযুগত। তোমালোকেই আছিলা নহয়। পিতায়ো কয় - আত্মাসকল আৰু পৰমাত্মা বহুকাল
বিচ্ছিন্ন হৈ থাকিল....। তোমালোক সন্তানসকলহে প্ৰথমে আহা আকৌ প্ৰথমে তোমালোক যাব
লাগে। মুক্তিধামৰ দ্বাৰো তোমালোকে মুকলি কৰিব লাগে। তোমালোক সন্তানসকলক পিতাই
অলংকৃত কৰে। পিতাৰ ঘৰত বনবাসত থাকে। এই সময়ত তোমালোকো সাধাৰণভাৱে থাকিব লাগে। উচ্চও
নহয়, নীচো নহয়। পিতায়ো কয় - সাধাৰণ তনত প্ৰৱেশ কৰোঁ। কোনো দেহধাৰীক ভগৱান বুলি ক’ব
নোৱাৰি। মনুষ্যই মনুষ্যৰ সৎগতি কৰিব নোৱাৰে। সৎগতিতো গুৰুৱেহে কৰে। মনুষ্যই 60 বছৰ
পাছত বানপ্ৰস্থ লয় তেতিয়া গুৰুৰ শৰণাপন্ন হয়। এইটোও নিয়ম এতিয়াৰ যিটো আকৌ
ভক্তিমাৰ্গত প্ৰচলিত হয়। আজিকালিতো সৰু শিশুকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে। বানপ্ৰস্থ
অৱস্থা নহ’লেও অকস্মাৎ মৃত্যু হৈ যায় নহয়। সেইকাৰণে সন্তানসকলকো গুৰুৰ শৰণাপন্ন
কৰাই দিয়ে। যেনেকৈ পিতাই কয় - তোমালোক সকলো আত্মা, উত্তৰাধিকাৰ পোৱাৰ অধিকাৰ আছে।
তেওঁলোকে কয় - গুৰু অবিহনে উদ্ধাৰ নহ’ব অৰ্থাৎ ব্ৰহ্মত লীন হ’ব নোৱাৰিব। তোমালোকতো
লীন হ’ব নালাগে। এইটো ভক্তিমাৰ্গৰ শব্দ। আত্মাতো তৰা সদৃশ, বিন্দু। পিতাও বিন্দু।
সেই বিন্দুকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তোমালোকো সূক্ষ্ম আত্মা। আত্মাত গোটেই
জ্ঞান সমাহিত কৰা হয়। তোমালোকে সম্পূৰ্ণ জ্ঞান লোৱা। সন্মানসহ উত্তীৰ্ণ হোৱা নহয়।
এনেকুৱা নহয় যে শিৱলিঙ্গ ডাঙৰ হয়। যিমান ডাঙৰ আত্মা সিমানেই পৰমাত্মা। আত্মা
পৰমধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহে। পিতাই কয় - ময়ো তাৰ পৰাই আহোঁ। কিন্তু মোৰ
নিজৰ শৰীৰ নাই। মই জ্ঞানীও হওঁ যোগীও হওঁ। পৰম আত্মা জ্ঞানী, তেওঁৰ গোটেই জ্ঞান
ভৰপূৰ হৈ আছে। জ্ঞানৰ বৃষ্টিপাত কৰে। গতিকে সকলো মনুষ্য পাপ আত্মাৰ পৰা পুণ্য আত্মা
হৈ যায়। পিতাই গতি সৎগতি দুয়োটা দিয়ে। তোমালোক সৎগতিত যোৱা বাকী সকলো গতি অৰ্থাৎ
নিজৰ ঘৰলৈ যায়। সেইখন হৈছে মৰমৰ ঘৰ। আত্মাই এই কাণেৰে শুনে। এতিয়া পিতাই কয় - অতি
মৰমৰ কল্পৰ পাছত পুনৰাই লগপোৱা সন্তানসকল এতিয়া উভতি যাব লাগে, তাৰ বাবে পৱিত্ৰ
নিশ্চয় হ’ব লাগে। পৱিত্ৰ নোহোৱাকৈ কোনেও উভতি যাব নোৱাৰে। মই সকলোকে লৈ যাবলৈ আহিছোঁ।
আত্মাসকলক শিৱৰ বৰযাত্ৰী বুলি কয়। এতিয়া শিৱবাবাই শিৱালয় স্থাপনা কৰি আছে। আকৌ ৰাৱণ
আহি বেশ্যালয় স্থাপনা কৰে। বাম (বিকাৰী) মাৰ্গক বেশ্যালয় বুলি কোৱা হয়। বাবাৰ ওচৰত
বহুত সন্তান আছে যিসকল বিবাহ পাশত আৱদ্ধ হৈও পৱিত্ৰ হৈ আছে। সন্ন্যাসীসকলেতো কয় -
এইটো হ’ব নোৱাৰে যে দুয়ো একেলগে থাকিব পাৰে। ইয়াত বুজোৱা হয়, এই ক্ষেত্ৰত আমদানী
বহুত। পৱিত্ৰ হৈ থাকিলে 21 জন্মৰ কাৰণে ৰাজধানী পায়। গতিকে এটা জন্ম পৱিত্ৰ হৈ থকাতো
কিবা ডাঙৰ কাম জানো। পিতাই কয় - তোমালোক কাম চিতাত বহি একেবাৰে ক’লা হৈ গৈছা।
শ্ৰীকৃষ্ণৰ কাৰণেও কয় বগা আৰু শ্যাম বৰণীয়া, শ্যাম-সুন্দৰ। এই বুজনি এই সময়ৰ। কাম
চিতাত বহাৰ কাৰণে শ্যাম বৰণীয়া হৈ গ’লা। আকৌ এওঁক (ব্ৰহ্মাক) গাঁৱৰ ল’ৰা বুলিও কয়।
যথাযথ আছিল নহয় জানো। শ্ৰীকৃষ্ণতো হ’ব নোৱাৰে। তেওঁৰে বহুত জন্মৰ অন্তিমত পিতাই
প্ৰৱেশ কৰি বগা (পৱিত্ৰ) কৰি তোলে। এতিয়া তোমালোকে একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে।
বাবা আপুনি কিমান মৰমিয়াল, আপুনি কিমান ভাল উত্তৰাধিকাৰ দিয়ে। আমাক মনুষ্যৰ পৰা
দেৱতা, মন্দিৰৰ যোগ্য কৰি তোলে। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। মুখেৰে একো ক’ব
নালাগে। ভক্তিমাৰ্গত আপোনাক প্ৰিয়তমক কিমান স্মৰণ কৰি আহিছোঁ। এতিয়া আপুনি আহি
মিলিত হৈছে, বাবা আপুনিতো সকলোতকৈ মৰমৰ। আমি আপোনাক কিয় স্মৰণ নকৰিম। আপোনাক প্ৰেমৰ,
শান্তিৰ সাগৰ বুলি কোৱা হয়, আপুনিয়ে উত্তৰাধিকাৰ দিয়ে, বাকী প্ৰেৰণাৰে একো পোৱা
নাযায়। পিতাতো সন্মুখত আহি তোমালোক সন্তানসকলক পঢ়ায়। এইখন পাঠশালা নহয় জানো। পিতাই
কয় - মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। এয়া হৈছে ৰাজযোগ। এতিয়া তোমালোকে মূললোক,
সূক্ষ্মলোক, স্থূললোকক জানি গ’লা। ইমান সূক্ষ্ম আত্মাই কেনেকৈ ভূমিকা পালন কৰে। হয়ো
পূৰ্ব নিৰ্ধাৰিত। ইয়াকে কোৱা হয় - অনাদি-অবিনাশী বিশ্ব নাটক, নাটক ঘূৰি থাকে, ইয়াত
সংশয়ৰ কোনো কথা নাই। পিতাই সৃষ্টিৰ আদি-মধ্য-অন্তৰৰ ৰহস্য বুজায়, তোমালোক স্বদৰ্শন
চক্ৰধাৰী হোৱা। তোমালোকৰ বুদ্ধিত গোটেই চক্ৰ ঘূৰি থাকে। গতিকে ইয়াৰ দ্বাৰা তোমালোকৰ
পাপ খণ্ডন হৈ যায়। বাকী শ্ৰীকৃষ্ণই কোনো স্বদৰ্শন চক্ৰ চলাই হিংসা কৰা নাই। তাততো
যুদ্ধৰো হিংসা নাথাকে, কাম-বাসনাও নাথাকে। দ্বৈত অহিংসক হয়। এইসময়ত তোমালোকৰ 5
বিকাৰৰ সৈতে যুদ্ধ চলে। বাকী অন্য কোনো যুদ্ধৰ কথা নাই। এতিয়া পিতা হৈছে উচ্চতকৈও
উচ্চ আকৌ উচ্চতকৈও উচ্চ এই উত্তৰাধিকাৰ এই লক্ষ্মী-নাৰায়ণ, এওঁলোকৰ দৰে উচ্চ হ’ব
লাগে। তোমালোকে যিমানে পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ পাবা। কল্পই কল্পই সেয়াই
তোমালোকৰ পঢ়া হ’ব। এতিয়া ভাল পুৰুষাৰ্থ কৰিলে তেতিয়া কল্পই কল্পই কৰি থাকিবা।
পাৰ্থিৱ পঢ়াৰ দ্বাৰা ইমান পদ পাব নোৱাৰে যিমান আত্মিক পঢ়াৰ দ্বাৰা পোৱা যায়।
উচ্চতকৈও উচ্চ এই লক্ষ্মী-নাৰায়ণ। এওঁলোকো মনুষ্যই কিন্তু দৈৱী গুণ ধাৰণ কৰে
সেইকাৰণে দেৱতা বুলি কোৱা হয়। বাকী 8-10 ভুজাধাৰী কোনো নাই। ভক্তিত সাক্ষাৎকাৰ হ’লে
বহুত কান্দে, দুখত আহি বহুত চকুলো বোৱায়। ইয়াততো পিতাই কয় - চকুলো ওলালেই অকৃতকাৰ্য
হ’লা। অম্মা মৰিলেও হালোৱা খোৱা..... (জ্ঞান মুৰুলী শুনা)। আজিকালিতো বোম্বাইত (এতিয়া
মুম্বাই) কোনোবা বেমাৰত পৰিলে বা মৃত্যু হ’লে বি.কে.সকলক মাতে যে আহি শান্তি দিয়ক।
তোমালোকে বুজোৱা আত্মাই এটা শৰীৰ এৰি অন্য এটা ল’লে ইয়াত তোমালোকৰ কি যায়। কান্দিলে
কি লাভ। এনেকৈ কয় – এওঁক কালে খালে…… এনেকুৱা কোনো বস্তু নাই। এয়াতো আত্মাই নিজেই
এটা শৰীৰ ত্যাগ কৰি গুচি যায়। নিজৰ সময়ত শৰীৰ এৰি গুচি যায়। বাকী কাল বুলি কোনো
বস্তু নাই। সত্যযুগত গৰ্ভ মহল হয়, শাস্তিৰ কথাই নাই। তাত তোমালোকৰ কৰ্ম অকৰ্ম হৈ
যায়। মায়াই নাই যাৰ বাবে বিকৰ্ম হ’ব। তোমালোক বিকৰ্মাজিৎ হৈ যোৱা। প্ৰথমে বিকৰ্মাজিৎ
চন চলে আকৌ যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয় তেতিয়া ৰজা বিক্ৰম চন আৰম্ভ হয়। এই সময়ত
যিবোৰ বিকৰ্ম কৰিছা সেইবোৰৰ ওপৰত বিজয়ী হোৱা গতিকে নাম ৰখা হৈছে বিকৰ্মাজিৎ। আকৌ
দ্বাপৰত বিক্ৰম ৰজা হৈ যায়, বিকৰ্ম কৰি থাকে। বেজীত যদি মামৰ লাগি থাকে তেতিয়া
চুম্বকে আকৰ্ষণ নকৰে। যিমানে পাপৰ লেপ আঁতৰি যাব তেতিয়া চুম্বকে আকৰ্ষণ কৰিব। পিতাতো
হৈছে সম্পূৰ্ণ পৱিত্ৰ। তোমালোককো যোগবলেৰে পৱিত্ৰ কৰি তোলে। যেনেকৈ লৌকিক পিতাও
সন্তানক দেখি আনন্দিত হয় নহয়। বেহদৰ পিতাও আনন্দিত হয়, সন্তানসকলৰ সেৱাত। সন্তানসকলে
বহুত পৰিশ্ৰমো কৰি আছে। সেৱাৰ বাবেতো সদায় প্ৰস্তুত হৈ থাকিব লাগে। তোমালোক
সন্তানসকল হৈছা পতিতক পাৱন কৰোঁতা, ঈশ্বৰীয় অভিযান। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান,
বেহদৰ পিতা, আৰু তোমালোক সকলো হৈছা ভাতৃ-ভগ্নী। বচ্ আৰু কোনো সমন্ধ নাই।
মুক্তিধামত থাকেই পিতা আৰু তোমালোক আত্মা ভাতৃগণ আকৌ তোমালোক সত্যযুগলৈ গ’লে তাত এটি
পুত্ৰ আৰু এটি কন্যা বচ্, ইয়াততো বহুত সমন্ধ থাকে - খুৰা, ককা, মামা.... আদি।
মূললোক হৈছে মৰমৰঘৰ,
মুক্তিধাম। তাৰ কাৰণে মনুষ্যই কিমান যজ্ঞ, তপ আদি কৰে, কিন্তু উভতিতো কোনেও যাব
নোৱাৰে। মিছা কথা বহুত কৈ থাকে। সকলোৰে সৎগতি দাতা হৈছে এজন। দ্বিতীয় কোনো নাই।
এতিয়া তোমালোক সংগমযুগত আছা। ইয়াত হৈছে অনেক মনুষ্য। সত্যযুগততো বহুত কম। স্থাপনা
আকৌ বিনাশ হয়। এতিয়া অনেক ধৰ্ম হোৱাৰ কাৰণে কিমান খাম-খেয়ালি। তোমালোক এশ শতাংশ চহকী
আছিলা। আকৌ 84 জন্মৰ পাছত এশ শতাংশ কঙাল হৈ গ’লা। এতিয়া পিতা আহি সকলোকে জগায়। এতিয়া
জাগা, সত্যযুগ আহি আছে। সত্য পিতাইহে তোমালোকক 21 জন্মৰ অধিকাৰ দিয়ে। ভাৰতেই সত্য
খণ্ড হয়। পিতাই সত্য খণ্ড ৰচে, মিছাখণ্ড আকৌ কোনে ৰচে? 5 বিকাৰ ৰূপী ৰাৱণে। ৰাৱণৰ
কিমান ডাঙৰ প্ৰতিকৃতি সাজে আকৌ তাক জ্বলায় কিয়নো ৰাৱণ হৈছে এক নম্বৰ শত্ৰু। মনুষ্যই
এইটো নাজানে যে কেতিয়াৰ পৰা ৰাৱণৰ ৰাজ্য আৰম্ভ হ’ল। পিতাই বুজায় - আধাকল্প হৈছে
ৰামৰাজ্য, আধাকল্প হৈছে ৰাৱণৰাজ্য। বাকী ৰাৱণ কোনো মনুষ্য নহয়, যাক মাৰিব লাগে। এই
সময়ত গোটেই জগতত ৰাৱণৰাজ্য, পিতা আহি ৰামৰাজ্য স্থাপনা কৰে, আকৌ জয় জয়কাৰ হৈ যায়।
তাত সদায় আনন্দত থাকে। সেইখন হয়েই সুখধাম। ইয়াক কোৱা হয় পুৰুষোত্তম সংগমযুগ। পিতাই
কয় - এই পুৰুষাৰ্থৰে তোমালোক এনেকুৱা হ’বাগৈ। তোমালোকৰ চিত্ৰও তৈয়াৰ কৰা হৈছিল,
বহুত আহিল আকৌ শুনিলে, বৰ্ণনা কৰিলে আৰু আঁতৰি গুচি গ’ল। পিতা আহি তোমালোক
সন্তানসলক বহুত মৰমেৰে বুজায়। পিতা, শিক্ষকে মৰম কৰে, গুৰুৱেও মৰম কৰে। সৎগুৰুৰ
নিন্দকে উচ্চ পদ পাব নোৱাৰে। তোমালোকৰ লক্ষ্য-উদ্দেশ্য সন্মুখত থিয় হৈ আছে। সেই
গুৰুসকলৰ ওচৰততো কোনো লক্ষ্য-উদ্দেশ্য নাই। সেয়া কোনো পঢ়া নহয়, এয়াতো হৈছে পঢ়া।
ইয়াক কোৱা হয় বিশ্ব বিদ্যালয় তথা চিকিৎসালয় যাৰ দ্বাৰা তোমালোক সৰ্বদা-স্বাস্থ্যৱান
আৰু ধনৱান হোৱা। ইয়াততো হয়েই মিছা, গায়নো কৰে - মিছা কায়া.... সত্যযুগ হৈছে
সঁচাখণ্ড। তাততো হীৰা-মুকুতাৰ মহল থাকে। সোমনাথ মন্দিৰো ভক্তিমাগত নিৰ্মাণ কৰিছে।
কিমান ধন আছিল যিবোৰ আকৌ মুছলমানসকলে লুটপাট কৰি নিলে। ডাঙৰ ডাঙৰ মছজিদ নিৰ্মাণ
কৰিলে। পিতাই তোমালোকক সীমাহীন সম্পদ দিয়ে। আৰম্ভণিৰ পৰাই তোমালোকক সকলোবোৰ
সাক্ষাৎকাৰ কৰাই আহিছে। “আল্লাহ অৱলদীন” বাবা হয় নহয়। প্ৰথম প্ৰথম ধৰ্ম প্ৰতিষ্ঠা
কৰে। সেয়া হৈছে দেৱী-দেৱতা ধৰ্ম। যিটো ধৰ্ম নাই সেইটো পুনৰ প্ৰতিষ্ঠা হয়। সকলোৱে
জানে প্ৰাচীন সত্যযুগত এওঁলোকৰে ৰাজত্ব আছিল, তেওঁলোকৰ ওপৰত আৰু কোনো নাছিল।
দেৱী-দেৱতাৰ ৰাজ্যকে স্বৰ্গ বুলি কোৱা হয়। এতিয়া তোমালোকে জানা, আকৌ আনকো ক’ব লাগে।
সকলোৱে কেনেকৈ জানিব যাতে আকৌ কোনেও আপত্তি নকৰে যে আমি গমেই নাপালোঁ। তোমালোকে
সকলোকে কোৱা তথাপি পিতাক এৰি গুচি যায়। এই ইতিহাস নিশ্চয় পুনৰাবৃত্তি হ’ব। পিতাৰ
ওচৰলৈ আহিলে পিতাই সোধে- পূৰ্বে কেতিয়াবা লগ পাইছানে? তেতিয়া কয় – হয় বাবা 5 হাজাৰ
বছৰ পূৰ্বে আমি লগ কৰিবলৈ আহিছিলোঁ। বেহদৰ উত্তৰাধিকাৰ ল’বলৈ আহিছিলোঁ, কোনোৱে আহি
শুনে, কাৰোবাৰ ব্ৰহ্মাৰ সাক্ষাৎকাৰ হয়, তেতিয়া তেওঁ স্মৃতিলৈ আহে। আকৌ কয় মইতো এইটো
ৰূপ দেখিছিলোঁ। পিতাও সন্তানসকলক দেখি আনন্দিত হয়। তোমালোকৰ অবিনাশী জ্ঞান ৰত্নৰে
জোলোঙা ভৰপূৰ হয় নহয়। এয়া হৈছে পঢ়া। 7 দিনৰ পাঠ্যক্ৰম কৰি পাছত য’তেই নাথাকা
মুৰুলীৰ আধাৰত চলিব পাৰা, 7 দিনত ইমান বুজাব যে তেতিয়া মুৰুলী বুজিব পাৰিব। পিতাইতো
সন্তানসকলক সকলো ৰহস্য ভালদৰে বুজাই থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বদৰ্শন
চক্ৰ ঘূৰাই পাপ ভস্ম কৰিব লাগে, আধ্যাত্মিক পঢ়াৰে নিজৰ পদ শ্ৰেষ্ঠ কৰিব লাগে। কোনো
পৰিস্থিতিত চকুলো টুকিব নালাগে।
(2) এয়া বানপ্ৰস্থ
অৱস্থাত থকাৰ সময়, সেইকাৰণে বনবাসত বহুত সাধাৰণভাৱে থাকিব লাগে। বহুত উচ্চও নহয়,
বহুত নীচো নহয়। উভতি যাবৰ কাৰণে আত্মাক সম্পূৰ্ণ পাৱন কৰি তুলিব লাগে।
বৰদান:
সদায় পৰিস্থিতি
অনুসৰি নিজক গঢ় দিয়াৰ বিশেষত্বৰে সম্পৰ্ক আৰু সেৱাত সফল হওতা সফলতামূৰ্ত হোৱা
যিসকল সন্তানৰ
পৰিস্থিতি অনুসৰি নিজক গঢ় দিয়াৰ বিশেষত্ব আছে তেওঁলোক সহজে সোণালীযুগী অৱস্থাত
উপনীত হ’ব পাৰে। যেনেকুৱা সময়, যেনেকুৱা পৰিস্থিতি সেই অনুসৰি নিজৰ ধাৰণাসমূহ
প্ৰত্যক্ষ কৰিবলৈ নিজক গঢ় দিবলগীয়া হয়। পৰিস্থিতি অনুসৰি নিজক গঢ় দিয়াজনেই আচল সোণ।
যেনেকৈ সাকাৰ পিতাৰ বিশেষত্ব দেখিলা – যেনেকুৱা সময়, যেনেকুৱা ব্যক্তি তেনেকুৱা ৰূপ
– এনেকৈ পিতাক অনুসৰণ কৰা তেতিয়া সেৱা আৰু সম্পৰ্ক সকলোতে সহজে সফলতামূৰ্ত হৈ যাবা।
স্লোগান:
য’ত সৰ্ব শক্তি আছে ত’ত নিৰ্বিঘ্ন সফলতা লগতে আছে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
যেনেকৈ সাকাৰত অহাৰ
অভ্যাস সহজ হৈ গৈছে তেনেকৈ আত্মা নিজৰ কৰ্মাতীত অৱস্থাত থকাৰ অভ্যাস হৈ যাওক।
এতিয়াই কৰ্মযোগী হৈ কৰ্মত অহা, কৰ্ম সমাপ্ত হ’ল তাৰপাছত কৰ্মাতীত অৱস্থাত থকা –
ইয়াৰ অনুভৱ সহজ হৈ যাওক। সদায় যাতে লক্ষ্য থাকে যে কৰ্মাতীত অৱস্থাত থাকিব লাগে,
নিমিত্ত মাত্ৰ কৰ্ম কৰিবৰ বাবে কৰ্মযোগী হ’লা তাৰপাছত কৰ্মাতীত।