19.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোকৰ নিচা থাকিব লাগে যে আমি ব্ৰাহ্মণসকলেই দেৱতা হওঁগৈ, আমি ব্ৰাহ্মণসকলেহে পিতাৰ শ্ৰেষ্ঠ মত প্ৰাপ্ত কৰোঁ”

প্ৰশ্ন:
যিসকল নৱ-প্ৰজন্মৰ তেওঁলোকৰ কোনটো ৰুচি আৰু কোনটো নিচা থাকিব লাগে?

উত্তৰ:
এই সৃষ্টিখন যি পুৰণি লৌহযুগী হৈ গ'ল তাক নতুন সোণালীযুগী কৰি গঢ়ি তোলাৰ, পুৰণিৰ পৰা নতুন কৰি গঢ়ি তোলাৰ ৰুচি থাকিব লাগে। কন্যাসকল নৱ-প্ৰজন্মৰ হ’লে তেন্তে নিজৰ সমগোত্ৰীয়সকলৰ উৎকৰ্ষ সাধন কৰিব লাগে। নিচা অটুট ৰাখিব লাগে। ভাষণ দিয়াৰো বহুত নিচা থাকিব লাগে

গীত:
ৰাত কে ৰাহী থক্ মত্ জানা… (নিশাৰ পথিক ক্লান্ত হৈ নাযাবা…)

ওঁম্শান্তি।
সন্তানসকলে এই গীতটিৰ অৰ্থ বুজিলে। এতিয়া ভক্তিমাৰ্গৰ ঘোৰ অন্ধকাৰ ৰাতিতো পূৰা হৈ আছে। সন্তানসকলে বুজি পায় আমি এতিয়া মুকুটধাৰী হ’বলৈ গৈ আছোঁ। ইয়াত বহি আছা, লক্ষ্য উদ্দেশ্য হৈছে - মনুষ্যৰ পৰা দেৱতা হোৱাৰ। যেনেকৈ সন্যাসীসকলে বুজায় তুমি নিজক ম'হ বুলি ভাবা তেন্তে সেইটো ৰূপ হৈ যাব। সেয়া হৈছে ভক্তিমাৰ্গৰ দৃষ্টান্ত। যেনেকৈ এইটোও দৃষ্টান্ত আছে যে ৰামে বান্দৰৰ সেনা ল’লে। তোমালোক ইয়াত বহি আছা। জানা যে আমিয়েই দেৱী-দেৱতা দ্বৈত মুকুটধাৰী হ'মগৈ। যেনেকৈ স্কুলত পঢ়ে তেতিয়া কয় মই এয়া পঢ়ি ডাক্তৰ হৈ যাম, ইঞ্জিনীয়াৰ হৈ যাম। তোমালোকে বুজি পোৱা এই পঢ়াৰ দ্বাৰা আমিয়েই দেৱী-দেৱতা হৈ আছোঁ। এই শৰীৰ ত্যাগ কৰিম আৰু আমাৰ শিৰত মুকুট হ'ব। এয়াতো বহুত লেতেৰা ছিঃ ছিঃ সৃষ্টি হয় নহয়। নতুন সৃষ্টি হৈছে প্ৰথম শ্ৰেণীৰ সৃষ্টি। পুৰণি সৃষ্টি হৈছে একেবাৰে তৃতীয় শ্ৰেণীৰ সৃষ্টি। এয়াতো শেষ হৈ যাব। নতুন বিশ্বৰ মালিক কৰি গঢ়ি তোলোঁতা নিশ্চয় বিশ্বৰ ৰচয়িতাই হ'ব। অন্য কোনেও পঢ়াব নোৱাৰে। শিৱবাবাইহে তোমালোকক পঢ়াই শিকায়। পিতাই বুজাইছে - সম্পূৰ্ণ আত্ম-অভিমানী হৈ গ’লে তেন্তে বাকী আৰু কি লাগে। তোমালোক ব্ৰাহ্মণতো হোৱাই। জানা আমি দেৱতা হৈ আছোঁ। দেৱতাসকল কিমান পৱিত্ৰ আছিল। ইয়াত কিমান পতিত মনুষ্য আছে। চেহেৰা যদিওবা মনুষ্যৰ কিন্তু চৰিত্ৰ চোৱা কেনেকুৱা। যিসকল দেৱতাৰ পূজাৰী হয় তেওঁলোকে নিজেও তেওঁলোকৰ আগত মহিমা গায় - আপুনি সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ....... মই বিকাৰী পাপী। চেহৰাতো তেওঁলোকৰো মনুষ্যৰ কিন্তু তেওঁলোকৰ আগত গৈ মহিমা গায়, নিজকে লেতেৰা বিকাৰী বুলি কয়। মোৰ মাজত কোনো গুণ নাই। হওতে তেওঁলোকো মনুষ্য মানে মনুষ্য। এতিয়া তোমালোকে বুজি পোৱা আমিতো এতিয়া পৰিৱৰ্তন হৈ গৈ দেৱতা হ'ম। শ্ৰীকৃষ্ণৰ পূজা এইকাৰণেই কৰে যাতে কৃষ্ণপুৰীলৈ যাব পৰা যায়। কিন্তু এইটো গম নাপায় যে কেতিয়া যাব। ভক্তি কৰি থাকে যে ভগৱান আহি ভক্তিৰ ফল দিব। প্ৰথমেতো তোমালোকৰ এইটো নিশ্চয়তাৰ প্ৰয়োজন যে আমাক পঢ়ায় কোনে। এয়া হৈছে শ্ৰী শ্ৰী শিৱবাবাৰ মত। শিৱবাবাই তোমালোকক শ্ৰীমত দি আছে। যিসকলে এইটো গম নাপায় তেওঁলোক শ্ৰেষ্ঠ কেনেকৈ হ'ব পাৰিব। ইমানবোৰ ব্ৰাহ্মণ শ্ৰী শ্ৰী শিৱবাবাৰ মতত চলে। পৰমাত্মাৰ মতেহে শ্ৰেষ্ঠ কৰি তোলে, যাৰ ভাগ্যত থাকিব, তেওঁলোকৰ বুদ্ধিত ধাৰণ হ’ব। নহ'লেতো একোৱেই নুবুজিব। যেতিয়া বুজিব তেতিয়া আনন্দিত হৈ সহায় কৰাত লাগি যাব। বহুতেতো নাজানেই, তেওঁলোকে কি জানিব, এওঁ কোন সেয়েহে বাবাই কাকো সাক্ষাতো নকৰে। তেওঁলোকেতো আৰুহে নিজৰ মত উলিয়াব। শ্ৰীমতক নজনাৰ কাৰণে তেওঁকো নিজৰ মত দিবলৈ লাগি যায়। এতিয়া পিতা আহিছেই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ কৰি গঢ়ি তুলিবৰ কাৰণে। সন্তানসকলে জানে 5 হাজাৰ বছৰ পূৰ্বৰ দৰে বাবা আহি তোমালোকৰ সৈতে মিলিত হৈছে। যিসকলে নাজানে, এনেকৈ সঁহাৰি জনাব নোৱাৰে। সন্তানসকলৰ পঢ়াৰ প্ৰতি বহুত নিচা থাকিব লাগে। এয়া বহুত উচ্চ পঢ়া কিন্তু মায়াও বহুত বিৰোধী। তোমালোকে জানা আমি সেই পঢ়া পঢ়োঁ যাৰ দ্বাৰা আমি দ্বৈত মুকুটধাৰী হ’ম। ভৱিষ্যতে জন্ম-জন্মান্তৰ দ্বৈত মুকুটধাৰী হ'ম। তেন্তে ইয়াৰ কাৰণে আকৌ এনেকুৱা পূৰা পুৰুষাৰ্থ কৰিব লাগে নহয়। ইয়াক কোৱা হয় ৰাজযোগ। কিমান আশ্চৰ্যজনক। বাবাই সদায় বুজায় - লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ যোৱা। পূজাৰীসকলকো তোমালোকে বুজাব পাৰা। পূজাৰীসকলেও কাৰোবাক বহি বুজাওক যে এওঁলোক লক্ষ্মী-নাৰায়ণেও এই পদ কেনেকৈ পালে, এওঁলোক বিশ্বৰ মালিক কেনেকৈ হ'ল? এনেকৈ বহি শুনালে তেন্তে পূজাৰীসকলৰো মান হ'ব। তোমালোকে ক'ব পাৰা আমি আপোনালোকক বুজাওঁ এওঁলোক লক্ষ্মী-নাৰায়ণে এই ৰাজ্য কেনেকৈ প্ৰাপ্ত কৰিলে? গীতাটো ভগৱানুবাচ আছে নহয়। মই তোমালোকক ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি গঢ়ি তোলোঁ। স্বৰ্গবাসীতো তোমালোক হোৱা নহয়। তেন্তে সন্তানসকলৰ কিমান নিচা থাকিব লাগে - আমি এয়া (লক্ষ্মী-নাৰায়ণ) হওঁ! লাগিলে নিজৰ চিত্ৰ আৰু বাদশ্বাহীৰ চিত্ৰও একেলগে ইয়াত ৰাখা। তলত তোমালোকৰ চিত্ৰ, ওপৰত বাদশ্বাহীৰ চিত্ৰ থাকক। ইয়াত খৰচতো নাই নহয়। ৰজাৰ পোছাকতো শীঘ্ৰে তৈয়াৰ হ'ব পাৰে। তেতিয়া প্ৰতিটো মুহূৰ্ততে স্মৃতি থাকিব - আমিয়েই দেৱতা হৈ আছোঁ। ওপৰত লাগিলে শিৱবাবাও থাকক। এনেকুৱা চিত্ৰও উলিয়াব লাগিব। তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা। এই শৰীৰ এৰি গৈ আমি দেৱতা হ'মগৈ কিয়নো এতিয়া আমি এই ৰাজযোগ শিকি আছোঁ। তেন্তে এই ফটোৱেও সহায় কৰিব। ওপৰত শিৱ পাছত বাদশ্বাহীৰ চিত্ৰ। তলত তোমালোকৰ সাধাৰণ চিত্ৰ। শিৱবাবাৰ পৰা ৰাজযোগ শিকি আমিয়েই দেৱতা দ্বৈত মুকুটধাৰী হৈ আছোঁ। চিত্ৰ ৰাখি থ’লে, যিকোনো লোকে সুধিলেও আমি ক'ব পাৰিম - আমাক শিকাওঁতাজন হৈছে এওঁ শিৱবাবা। চিত্ৰ দেখিলে সন্তানসকলৰ নিচা বাঢ়িব। লাগিলে দোকানতো এইখন চিত্ৰ ৰাখি দিয়া। ভক্তিমাৰ্গত বাবাই নাৰায়ণৰ চিত্ৰ ৰাখিছিল। পকেটতো আছিল। তোমালোকেও নিজৰ ফটো ৰাখি দিয়া তেতিয়া স্মৃতি থাকিব - আমিয়েই দেৱী-দেৱতা হৈ আছোঁ। পিতাক স্মৰণ কৰাৰ উপায় উলিয়াব লাগে। পিতাক পাহৰি যোৱাৰ কাৰণেহে বাগৰি পৰে। বিকাৰত বাগৰিলে তেতিয়া আকৌ লজ্জিত হ'ব। এতিয়াতো আমি এনেকুৱা দেৱতা হ'ব নোৱাৰিম। হৃদস্পন্দন বন্ধ হৈ যাব। এতিয়া আমি দেৱতা কেনেকৈ হ'ম? বাবাই কয় বিকাৰত পতিত হোৱাসকলৰ ফটো তুলি ৰাখি দিয়া। কোৱা, আপুনি স্বৰ্গলৈ যোৱাৰ যোগ্য নহয়, আপোনাৰ পাচপৰ্ট শেষ। নিজেও অনুভৱ কৰিব মইতো বাগৰি পৰিলোঁ (অৱনমিত হ’লো)। এতিয়া আমি স্বৰ্গলৈ কেনেকৈ যাম। যেনেকৈ নাৰদৰ উদাহৰণ দিয়ে। তেওঁক ক'লে তুমি নিজৰ চেহেৰাতো চোৱা। লক্ষ্মীক বৰণ কৰাৰ উপযুক্ত হোৱা জানো? তেতিয়া চেহেৰা বান্দৰৰ দৰে দেখা পোৱা গ'ল। তেন্তে মনুষ্যৰো লাজ লাগিব – মোৰ মাজততো এইটো বিকাৰ আছে, তেন্তে মই শ্ৰী নাৰায়ণক বা শ্ৰী লক্ষ্মীক কেনেকৈ বৰণ কৰিম। বাবাই যুক্তিতো সকলো শুনায়। কিন্তু কোনোবাই বিশ্বাস ৰাখিলেহে। বিকাৰৰ নিচা লাগিলে তেতিয়া ভাবে এই হিচাপত মই ৰজাৰো ৰজা দ্বৈত মুকুটধাৰী কেনেকৈ হ'ম। পুৰুষাৰ্থতো কৰিব লাগে নহয়। বাবাই বুজাই থাকে – এনেকুৱা এনেকুৱা যুক্তি ৰচা আৰু সকলোকে বুজাই থাকা। এয়া ৰাজযোগৰ স্থাপনা হৈ আছে। এতিয়া বিনাশ সমাগত। দিনে-প্ৰতিদিনে ধুমুহা তীব্ৰতৰ হৈ গৈ থাকে। বোমা আদিও তৈয়াৰ হৈ আছে। তোমালোকে এই পঢ়া ভৱিষ্যতে উচ্চ পদ পাব কাৰণেই পঢ়া। তোমালোকে এবাৰেই পতিতৰ পৰা পাৱন হোৱা। মনুষ্যই বুজি পাই জানো যে আমি নৰকবাসী হওঁ, কিয়নো পাথৰবুদ্ধিৰ হয়। এতিয়া তোমালোক পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ হৈ আছা। ভাগ্যত আছে যদি শীঘ্ৰে বুজিব। নহ'লে তোমালোকে যিমানেই মগজ নখটুওৱা, বুদ্ধিত ধাৰণ নহ’ব। পিতাকেই যদি নাজানে তেন্তে নাস্তিক অৰ্থাৎ অনাথ। গতিকে নাথৰ (প্ৰভুৰ) হ'ব লাগে নহয়, যিহেতু শিৱবাবাৰ সন্তান হয়। ইয়াত যিসকলৰ জ্ঞান আছে তেওঁলোকে নিজৰ সন্তানসকলক বিকাৰৰ পৰা ৰক্ষা কৰি থাকিব। অজ্ঞানী লোকসকলেতো নিজৰ দৰে সন্তানসকলকো আৱদ্ধ কৰি গৈ থাকিব। তোমালোকে জানা ইয়াত বিকাৰৰ পৰা ৰক্ষা কৰা হয়। কন্যাসকলকতো প্ৰথমতে ৰক্ষা কৰিব লাগে। মা-পিতাই যেন সন্তানসকলক বিকাৰত গঁতিয়াই দিয়ে। তোমালোকে জানা এইখন ভ্ৰষ্টাচাৰী সৃষ্টি। শ্ৰেষ্ঠাচাৰী সৃষ্টি বিচাৰে। ভগৱানুবাচ - মই যেতিয়া শ্ৰেষ্ঠাচাৰী কৰি গঢ়ি তুলিবলৈ আহোঁ তেতিয়া সকলো ভ্ৰষ্টাচাৰী হয়। মই সকলোকে উদ্ধাৰ কৰোঁ। গীতাতো লিখা আছে ভগৱানহে সাধু-সন্ত আদি সকলোকে উদ্ধাৰ কৰিবৰ কাৰণে আহিবলগীয়া হয়। এজনেই ভগৱান পিতা আহি সকলোকে উদ্ধাৰ কৰে। এতিয়া তোমালোক আচম্বিত হোৱা - মনুষ্য কিমান পাথৰবুদ্ধিৰ হৈ যায়। এই সময়ত যদি গণ্য-মান্য লোকসকলে গম পায় যে গীতাৰ ভগৱান শিৱ তেন্তে ক’ব নোৱাৰি কি হৈ যাব। হাহাকাৰ হৈ যাব। কিন্তু এতিয়া দেৰি আছে। নহ'লে সকলোৰে সংগঠন একেবাৰে কঁপিবলৈ ধৰিব। বহুতৰে সিংহাসন কঁপে নহয়। যেতিয়া যুদ্ধ হয় তেতিয়া গম পোৱা যায়, এওঁলোকৰ সিংহাসন কঁপিবলৈ ধৰিছে, এতিয়াই বাগৰি পৰিব। এতিয়া এয়া কঁপিবলৈ ধৰিলে তেন্তে বহুত হুলস্থুল হৈ যাব। আগলৈ গৈ হ'বলগীয়া আছে। পতিত-পাৱন সকলোৰে সৎগতি দাতাই নিজেই কয় - যথাযথ ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা স্থাপন কৰি আছোঁ। সকলোৰে সৎগতি অৰ্থাৎ উদ্ধাৰ কৰি আছোঁ। ভগৱানুবাচ - এয়া পতিত সৃষ্টি, এওঁলোক সকলোকে উদ্ধাৰ মই কৰিব লাগে। এতিয়া সকলো পতিত। পতিতজনে আকৌ কাৰোবাক পাৱন কেনেকৈ কৰি তুলিব? প্ৰথমেতো নিজে পাৱন হওঁক পাছত অনুগামীসকলক কৰি তোলক। ভাষণ দিয়াৰ বাবে বহুত নিচা থাকিব লাগে। কন্যাসকল নৱ-প্ৰজন্ম। তোমালোকে পুৰণিৰ পৰা নতুন কৰি গঢ়ি আছা। তোমালোক আত্মা যি পুৰণি লৌহযুগী হৈ গৈছা, এতিয়া নতুন সোণালীযুগী হৈ আছা। বিকাৰৰ লেপ আঁতৰি গৈ থাকে। গতিকে সন্তানসকলৰ বহুত ৰুচি থাকিব লাগে। নিচা অটুট ৰাখিব লাগে। নিজৰ সমগোত্ৰীসকলৰ উৎকৰ্ষ সাধন কৰিব লাগে। গায়নো কৰা হয়, গুৰু মাতা। মাতা গুৰু কেতিয়া হয় সেয়া এতিয়া তোমালোকে জানা। জগত অম্বাহে পুনৰ ৰাজ-ৰাজেশ্বৰী হয়। আকৌ তাত কোনো গুৰু নাথাকেই। গুৰুৰ শৃংখলা এতিয়া চলে। মাতাসকলৰ ওপৰত পিতা আহি জ্ঞান অমৃতৰ কলহ ৰাখে। আৰম্ভণিৰ পৰা এনেকুৱা হয়। সেৱাকেন্দ্ৰসমূহৰ কাৰণেও কয় ব্ৰহ্মাকুমাৰী লাগে। বাবাইতো কয় - নিজেই চলোৱা। সাহস নাই জানো? তেতিয়া কয় - নহয় বাবা শিক্ষক লাগে। এইটোও ঠিক, মান দিয়ে।

আজিকালি জগতত ইজনে-সিজনক মানো নামমাত্ৰ দিয়ে। আজি প্ৰধানমন্ত্ৰী, কাইলৈ তেওঁক উৰুৱাই দিয়ে (পদচ্যুত কৰি দিয়ে)। স্থায়ী সুখ কোনেও নাপায়। এই সময়ত তোমালোক সন্তানসকলে স্থায়ী ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰি আছা। তোমালোকক বাবাই কিমান প্ৰকাৰেৰে বুজায়। নিজক সদায় হৰ্ষিত কৰি ৰাখিবলৈ বহুত ভাল ভাল যুক্তি শুনায়। শুভ ভাৱনা ৰাখিব লাগে নহয়। অহো! আমি এই লক্ষ্মী-নাৰায়ণ হওঁ আকৌ যদি কাৰোবাৰ ভাগ্যত নাই তেন্তে পুৰুষাৰ্থই কি কৰিব। বাবাই পুৰুষাৰ্থৰ বিষয়েতো শুনায় নহয়। পুৰুষাৰ্থ ব্যৰ্থত নাযায়। এয়াতো সদায় সফল হয়। ৰাজধানী স্থাপন হৈয়েই যাব। বিনাশো মহাভাৰতৰ যুদ্ধৰ দ্বাৰা হ'বই। আগলৈ গৈ তোমালোকে যদি জোৰ দিয়া তেতিয়া এই সকলোবোৰ আহিব। এতিয়া নুবুজিব নহ’লেতো আকৌ তেওঁলোকৰ ৰাজত্বই শেষ হৈ যাব। কিমান অনেক গুৰুলোক আছে, এনেকুৱা কোনো মনুষ্য নাই যিজন কোনো গুৰুৰ অনুগামী নহয়। ইয়াত তোমালোকে এজন সৎগতি দিওঁতা সৎগুৰুক পাইছা। চিত্ৰ বহুত ভাল। এয়া হৈছে সৎগতি অৰ্থাৎ সুখধাম, এয়া হৈছে মুক্তিধাম। বুদ্ধিয়েও কয় আমি সকলো আত্মা নিৰ্বাণধামত থাকোঁ। য'ৰ পৰা পুনৰ বাণীলৈ আহোঁ। তাৰ নিবাসী হওঁ। এই খেলখনেই ভাৰতৰ ওপৰত ৰচিত। শিৱজয়ন্তীও ইয়াত পালন কৰে। পিতাই কয় - মই আহিছোঁ, কল্পৰ পাছত পুনৰ আহিম। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত পিতা অহা মাত্ৰেই স্বৰ্গ হৈ যায়। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ ইমান বছৰ পূৰ্বে পেৰাডাইজ আছিল, স্বৰ্গ আছিল। এতিয়া নাই পুনৰ হ'ব। তেন্তে নিশ্চয় নৰকবাসীৰ বিনাশ, স্বৰ্গবাসীৰ স্থাপনা হ'ব লাগে। সেয়েহে তোমালোক স্বৰ্গবাসী হৈ আছা। সকলো নৰকবাসী বিনাশ হৈ যাব। তেওঁলোকেতো ভাবে এতিয়াও ইমান লাখ লাখ বছৰ বাকী আছে। সন্তান ডাঙৰ হওঁক বিয়া পাতি দিওঁ....... তোমালোকে জানো এনেকৈ ক'বা। যদি সন্তান ৰায় অনুসৰি নচলে তেন্তে আকৌ শ্ৰীমত ল'বলগীয়া হয় যে যদি স্বৰ্গবাসী নহয় তেন্তে কি কৰা যায়। পিতাই ক'ব - যদি আজ্ঞাকাৰী নহয় তেন্তে যাবলৈ দিয়া। ইয়াত দৃঢ় নষ্টোমোহা অৱস্থাৰ প্ৰয়োজন। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰী শ্ৰী শিৱবাবাৰ শ্ৰেষ্ঠ মতত চলি নিজক শ্ৰেষ্ঠ কৰি তুলিব লাগে। শ্ৰীমতত নিজৰ মত মিহলি কৰিব নালাগে। ঈশ্বৰীয় পঢ়াৰ নিচাত থাকিব লাগে।

(2) নিজৰ সমগোত্ৰীয়সকলৰ কল্যাণৰ যুক্তি ৰচিব (উপায় উলিয়াব) লাগে। সকলোৰে প্ৰতি শুভ ভাৱনা ৰাখি ইজনে-সিজনক সঁচা মান দিব লাগে। নামমাত্ৰ মান নহয়।

বৰদান:
নিৰন্তৰ পিতাৰ সান্নিধ্যৰ অনুভূতিৰ দ্বাৰা প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্পত সহযোগী হওঁতা সহজযোগী হোৱা

যেনেকৈ শৰীৰ আৰু আত্মাৰ যেতিয়ালৈকে ভূমিকা আছে তেতিয়ালৈকে পৃথক হ’ব নোৱাৰে, তেনেকৈ পিতাৰ স্মৃতি বুদ্ধিৰ পৰা যাতে পৃথক নহয়, সদায় পিতাৰ সান্নিধ্য থাকক, অন্য কোনো স্মৃতিয়ে যাতে নিজৰ ফালে আকৰ্ষিত নকৰে - ইয়াকেই সহজ আৰু স্বতঃ যোগী বুলি কোৱা হয়। এনেকুৱা যোগীয়ে প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিষাৰ বচন, প্ৰতিটো কৰ্মত সহযোগী হয়। সহযোগী অৰ্থাৎ যাৰ এটি সংকল্পও সহযোগ অবিহনে নহয়। এনেকুৱা যোগী আৰু সহযোগী শক্তিশালী হৈ যায়।

স্লোগান:
সমস্যা স্বৰূপ হোৱাৰ পৰিৱৰ্তে, সমস্যা দূৰ কৰোঁতা সমাধান স্বৰূপ হোৱা।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

নিজৰ স্থূল আৰু সূক্ষ্ম বন্ধনৰ তালিকা সন্মুখত ৰাখা। লক্ষ্য ৰাখা যে মই বন্ধনমুক্ত হ’বই লাগিব। “এতিয়া নহ’লে কেতিয়াও নহ’ব”- সদায় এইটো পাঠ দৃঢ় কৰা। “স্বতন্ত্ৰতা ব্ৰাহ্মণ জন্মৰ অধিকাৰ” - নিজৰ জন্ম সিদ্ধ অধিকাৰ প্ৰাপ্ত কৰি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা। যেতিয়া নিজক গৃহস্থী বুলি বুজা তেতিয়া গৃহস্থীৰ জাল থাকে। গৃহস্থী হোৱা মানে জালত আৱদ্ধ হোৱা। নিমিত্ত অৰ্থাৎ মুক্ত।