19.03.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেনেকৈ বাপ-দাদা দুয়ো নিৰহংকাৰী, দেহী-অভিমানী, তেনেকৈ পিতাক অনুসৰণ কৰা, তেতিয়া সদায় উন্নতি হৈ থাকিব”

প্ৰশ্ন:
উচ্চ পদ প্ৰাপ্ত কৰিবৰ কাৰণে কোনটো সাৱধানতা অৱলম্বন কৰাটো জৰুৰী?

উত্তৰ:
1) উচ্চ পদ পাবলৈ হ’লে সাৱধানতা অৱলম্বন কৰা যাতে মনেৰেও মোৰ দ্বাৰা কোনেও দুখ নাপায়, 2) কোনো পৰিস্থিতিতে যাতে ক্ৰোধ নজন্মে, 3) পিতাৰ হৈ পিতাৰ কাৰ্যত, এই ৰুদ্ৰ যজ্ঞত বিঘ্ন ৰূপ যাতে নহওঁ। যদি কোনোবাই মুখেৰে ‘বাবা বাবা’ বুলি কয় আৰু চাল-চলন মাৰ্জিত নহয় তেন্তে উচ্চ পদ পাব নোৱাৰে।

ওঁম্শান্তি।
সন্তানসকলে ভালদৰে জানে যে পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পাব লাগে। কেনেকৈ? শ্ৰীমত অনুসৰি। পিতাই বুজাইছে যে এখনেই ‘গীতা’ শাস্ত্ৰ আছে য’ত শ্ৰীমত ভগৱানুবাচ (ভগৱানৰ বাণী) আছে। ভগৱানতো সকলোৰে পিতা। শ্ৰীমত ভগৱানুবাচ। তেন্তে নিশ্চয় ভগৱান আহি শ্ৰেষ্ঠ কৰি তুলিছিল, সেয়েহে তেওঁৰ মহিমা আছে। শ্ৰীমদ্ভাগৱত গীতা অৰ্থাৎ শ্ৰীমত ভগৱানুবাচ। ভগৱানতো নিশ্চয় উচ্চতকৈও উচ্চ হ’ল। শ্ৰীমতো সেই এখন শাস্ত্ৰতেই উল্লেখ আছে আৰু কোনো শাস্ত্ৰত শ্ৰীমত ভগৱানুবাচ নাই। শ্ৰীমত কাৰ হোৱা উচিত, সেয়া লিখোঁতাজনেও বুজিব নোৱাৰে। তাত ভুল কিয় হ’ল? সেয়াও পিতা আহি বুজায়। ৰাৱণৰাজ্য আৰম্ভ হোৱাৰ কাৰণেহে ৰাৱণৰ মতত চলিবলৈ ধৰে। প্ৰথমে আটাইতকৈ ভীষণ ভুল এই ৰাৱণৰ মতত চলাসকলে কৰিলে। ৰাৱণে চৰ লগাই দিয়ে। যেনেকৈ কোৱা হয় শঙ্কৰ প্ৰেৰক, বোমা আদি তৈয়াৰ কৰোৱায়। তেনেকৈ 5 বিকাৰ ৰূপী ৰাৱণ মনুষ্যক পতিত কৰি তোলাৰ প্ৰেৰক, সেইবাবেতো আহ্বান জনায় পতিত-পাৱন আহক। গতিকে পতিত-পাৱন এজনেই হ’ল নহয়। ইয়াৰ পৰা সিদ্ধ হয় যে পতিত কৰি তোলোঁতাজন বেলেগ, পাৱন কৰি তোলোঁতাজন বেলেগ। দুয়োগৰাকী একেই হ’ব নোৱাৰে। এই কথাবোৰ তোমালোকেহে বুজি পোৱা – পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। এনেকৈ নাভাবিবা যে সকলোৰে নিশ্চয়তা আছে। ক্ৰমানুসৰি আছে। যিমান নিশ্চয়তা আছে সিমান বেছি আনন্দিত হয়। পিতাৰ মতত চলিব লাগে। শ্ৰীমতত আমি এই স্বৰাজ্য পদ ল’ব লাগে। মনুষ্যৰ পৰা দেৱতা হ’বলৈ দেৰি নালাগে। তোমালোকে পুৰুষাৰ্থ কৰা। মম্মা-বাবাক অনুসৰণ কৰা। যেনেকৈ তেওঁলোকে নিজৰ সমান কৰি তুলিবলৈ সেৱা কৰি আছে, তোমালোকেও বুজি পোৱা আমি কি সেৱা কৰি আছোঁ আৰু মম্মা বাবাই কি সেৱা কৰি আছে। বাবাই বুজাইছিল যে শিৱবাবা আৰু ব্ৰহ্মা দাদা দুয়ো একত্ৰিত হৈ আছে। সেয়েহে বুজিব লাগে যে সকলোতকৈ সমীপত আছে। এওঁৰেই সম্পূৰ্ণ ৰূপ সূক্ষ্মলোকত দেখিবলৈ পায় তেন্তে নিশ্চয় এওঁ তীক্ষ্ণ হ’ব। কিন্তু যেনেকৈ পিতা নিৰহংকাৰী, দেহী-অভিমানী তেনেকৈ এই দাদাও নিৰহংকাৰী। কয় যে শিৱবাবাইহে বুজাই থাকে। যেতিয়া মুৰুলী শুনাই থাকে তেতিয়া বাবাই নিজেই কয় যে এনেকৈ বুজিবা শিৱবাবাই এওঁৰ দ্বাৰা শুনাই আছে। এই ব্ৰহ্মায়ো নিশ্চয় শুনে। যদি এওঁ নুশুনে আৰু নুশুনায় তেন্তে উচ্চ পদ কেনেকৈ পাব। কিন্তু নিজৰ দেহ-অভিমান এৰি কয় এনেকৈ বুজিবা যে শিৱবাবাইহে শুনায়। মই পুৰুষাৰ্থ কৰি থাকোঁ। শিৱবাইহে বুজায়। এওঁতো পতিতবোধ অতিক্ৰম কৰিছে। মম্মাতো কুমাৰী আছিল। সেয়েহে মম্মা আগত গুচি গ’ল। তোমালোক কুমাৰীসকলেও মম্মাক অনুসৰণ কৰা। গৃহস্থীসকলে বাবাক অনুসৰণ কৰিব লাগে। প্ৰত্যেকেই বুজিব লাগে যে মই পতিত, মই পাৱন হ’ব লাগে। মুখ্য কথা পিতাই স্মৃতিৰ যাত্ৰা শিকাইছে। এই ক্ষেত্ৰত দেহ-অভিমান থাকিব নালাগে। বাৰু কোনোবাই মুৰুলী শুনাব নোৱাৰে তেন্তে স্মৃতিৰ যাত্ৰাত থাকা। যাত্ৰাত থাকি মুৰুলী শুনাব পাৰে। কিন্তু যাত্ৰা পাহৰি যায় তেতিয়াও কোনো কথা নাই। মুৰুলী শুনাই আকৌ যাত্ৰাত লাগি যোৱা কিয়নো সেয়া বাণীৰ পৰা উৰ্দ্ধত বানপ্ৰস্থ অৱস্থা। মূল কথা হ’ল দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰি থাকা আৰু চক্ৰক স্মৰণ কৰি থাকা। কাকো দুখ নিদিবা। এইটোৱেই বুজাই থাকা পিতাক স্মৰণ কৰা। এয়া হ’ল যাত্ৰা। মনুষ্যৰ যেতিয়া মৃত্যু হয় তেতিয়া কয় – স্বৰ্গলৈ গ’ল। অজ্ঞান কালত কোনেও স্বৰ্গক স্মৰণ নকৰে। স্বৰ্গক স্মৰণ কৰা মানে ইয়াৰ পৰা মৰা। এনেকৈতো কোনেও স্মৰণ নকৰে। এতিয়া তোমালোক সন্তানসকলে জানা আমি উভতি যাব লাগে। পিতাই কয় – যিমানে তোমালোকে স্মৰণ কৰিবা সিমানে আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব, উত্তৰাধিকাৰ স্মৃতিত থাকিব। যিমান পিতাক স্মৰণ কৰিবা সিমান হৰ্ষিত হৈও থাকিবা। পিতাক স্মৰণ নকৰিলে বিবুদ্ধিত পৰে। কলমটিয়াই থাকে। তোমালোকে ইমান সময় স্মৰণ কৰিব নোৱাৰা। বাবাই প্ৰেমিক-প্ৰেমিকাৰ দৃষ্টান্ত দিছে। প্ৰেমিকে যদিও কাম-কাজ কৰি থাকে আৰু প্ৰেমিকাই যঁতৰ ঘূৰাই থাকে তেতিয়াও প্ৰেমিকাৰ সন্মুখত প্ৰেমিক আহি ঠিয় হৈ যায়। প্ৰেমিকাই প্ৰেমিকক স্মৰণ কৰে, প্ৰেমিকে আকৌ প্ৰেমিকাক স্মৰণ কৰে। ইয়াততো তোমালোকে কেৱল এজন পিতাক স্মৰণ কৰিব লাগে। পিতাইতো তোমালোকক স্মৰণ কৰিব নালাগে। পিতা সকলোৰে প্ৰেমিক। তোমালোক সন্তানসকলে লিখা যে বাবা আপুনি আমাক স্মৰণ কৰেনে? হেৰ’ যি সকলোৰে প্ৰেমিক তেওঁ আকৌ তোমালোক প্ৰেমিকাসকলক স্মৰণ কেনেকৈ কৰিব পাৰিব? হ’ব নোৱাৰে। তেওঁ হয়েই প্ৰেমিক। প্ৰেমিকা হ’ব নোৱাৰে। তোমালোকেহে স্মৰণ কৰিব লাগে। তোমালোক প্ৰত্যেকেই সেই এজন প্ৰেমিকৰ প্ৰেমিকা হ’ব লাগে। যদি তেওঁ প্ৰেমিকা হয় তেতিয়া কিমানক স্মৰণ কৰিব। এয়াতো হ’ব নোৱাৰে। তেওঁ কয় যে মোৰ জানো পাপৰ বোজা আছে যে কাৰোবাক স্মৰণ কৰিম। তোমালোকৰ বোজা আছে। পিতাক স্মৰণ নকৰিলে তেতিয়া পাপৰ বোজা আঁতৰি নাযাব। বাকী মই কিয় কাৰোবাক স্মৰণ কৰিব লাগে। স্মৰণ কৰিব লাগে তোমালোক আত্মাসকলে। যিমানে স্মৰণ কৰিবা সিমানে পুণ্য আত্মা হ’বা, পাপ খণ্ডন হৈ যাব। লক্ষ্য বহুত উচ্চ। দেহী-অভিমানী হোৱাতে পৰিশ্ৰম হয়। এই সকলো জ্ঞান তোমালোকে পাই আছা। তোমালোক ত্ৰিকালদৰ্শী হৈছা, পুৰুষাৰ্থৰ ক্ৰমানুসৰি। গোটেই চক্ৰ তোমালোকৰ বুদ্ধিত থাকিব লাগে। পিতাই বুজায় তোমালোক ‘লাইট হাউচ’ হোৱা নহয়। প্ৰত্যেককে শান্তিধাম আৰু সুখধামৰ মাৰ্গ-দৰ্শন কৰোঁতা হোৱা। এই সকলোবোৰ নতুন কথা তোমালোকে শুনা। জানা যে যথাযথ আমি আত্মাসকল শান্তিধামৰ নিবাসী। ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। আমি ভাৱৰীয়া। এইটোৱে চিন্তন বুদ্ধিত চলি থাকিলে নিচা বাঢ়ি যায়। পিতাই বুজাইছে আদিৰ পৰা অন্তলৈকে তোমালোকৰ ভূমিকা আছে। এতিয়া কৰ্মাতীত অৱস্থাত নিশ্চয় যাব লাগে আকৌ সোণালী যুগত আহিব লাগে। এইটো নিচাত থাকি নিজৰ কল্যাণ কৰিব লাগে। কেৱল পণ্ডিত হ’ব নালাগে। আনক শিকাই থাকিবা, নিজে সেইটো অৱস্থাত নাথাকিলে তেতিয়া প্ৰভাৱ নপৰিব। নিজেও পুৰুষাৰ্থ কৰিব লাগে। পিতায়ো (ব্ৰহ্মায়ো) কয় ময়ো স্মৰণ কৰিবলৈ যত্ন কৰোঁ। কেতিয়াবা মায়াৰ ধুমুহা এনেকৈ আহে যে বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়ে। বহুত সন্তানে খতিয়ান পঠিয়াই দিয়ে। আচৰিত হওঁ যে এওঁতো মোতকৈও তীব্ৰতাৰে আগবাঢ়ি যায়। হয়তো উদ্দীপনা জাগে তেতিয়া খতিয়ান লিখিবলৈ লাগি যায় কিন্তু এনেকৈ যদি তীব্ৰতাৰে দৌৰে তেনেহ’লেতো প্ৰথম নম্বৰত গুচি যাব। কিন্তু নহয় সেয়া কেৱল খতিয়ান লিখাতে সীমাবদ্ধ। এনেকৈ নিলিখে যে মই ইমানক নিজৰ সমান কৰি তুলিলোঁ। আৰু তেৱোঁ লিখে যে বাবা এওঁ মোক এইটো মাৰ্গ দেখুৱালে। এনেকুৱা খবৰ নাহে। তেন্তে বাবাই কি বুজিব? কেৱল খতিয়ান পঠিয়ালে কাম নচলিব। নিজৰ সমানো কৰি তুলিব লাগে। জ্ঞানী আৰু যোগী দুয়োটাই হ’ব লাগে। নহ’লে পিতাৰ সমান নহ’লা। জ্ঞানী যোগীও নিখুঁতভাৱে হ’ব লাগে, ইয়াতেই পৰিশ্ৰম হয়। দেহ-অভিমানে মাৰি পেলায়। ৰাৱণে দেহ-অভিমানী কৰি তুলিলে। এতিয়া তোমালোক দেহী-অভিমানী হোৱা। আকৌ আধাকল্পৰ পাছত মায়া ৰাৱণে দেহ-অভিমানী কৰি দিয়ে। দেহী-অভিমানীতো বহুত অমায়িক হৈ যায়। সম্পূৰ্ণতো এতিয়া কোনো হোৱা নাই সেইকাৰণে বাবাই সদায় কয় যে কাৰো অন্তৰত আঘাত দিব নালাগে, দুখ দিব নালাগে। সকলোকে পিতাৰ পৰিচয় দিয়া। কথা-বাৰ্তাও বৰ মাৰ্জিত হ’ব লাগে। ঈশ্বৰীয় সন্তানৰ মুখৰে সদায় ৰত্ন উচ্চাৰিত হ’ব লাগে। তোমালোকে মনুষ্যক জীৱদান দিয়া। মাৰ্গ-দৰ্শন কৰাব লাগে আৰু বুজাব লাগে। তোমালোক পৰমাত্মাৰ সন্তান নহয় জানো। তেওঁৰ পৰা তোমালোকে স্বৰ্গৰ বাদশ্বাহী পাব লাগে। তেন্তে এতিয়া সেয়া কিয় নাই। স্মৰণ কৰা যথাযথ পিতাৰ পৰা উত্তৰাধিকাৰ পাইছিলা নহয়। তোমালোক ভাৰতবাসী দেৱী-দেৱতা আছিলা, তোমালোকেই 84 জন্ম ল’লা। তোমালোকে বুজি লোৱা যে আমিয়েই লাক্ষ্মী-নাৰায়ণৰ কুলৰ আছিলোঁ। নিজক কম বুলি কিয় ভাবা। যদি কয় যে বাবা সকলোৱে জানো হ’ব। তেতিয়া বাবাই বুজি পায় যে এওঁ এইটো কুলৰ নহয়। এতিয়াৰ পৰাই কঁপিবলৈ ধৰিছে। তোমালোকে 84 জন্ম লৈছা। পিতাই 21 জন্মৰ প্ৰালব্ধ জমা কৰালে সেয়া খালা আকৌ নাইকিয়া হোৱা আৰম্ভ হৈ গ’ল। মামৰ লাগি লাগি তমোপ্ৰধান কড়িতুল্য হৈ গ’লা। ভাৰতেই 100 শতাংশ চহকী আছিল। এওঁলোকে এই উত্তৰাধিকাৰ ক’ৰ পৰা পালে? ভাৱৰীয়াসকলেহে ক’ব পাৰিব নহয়। মনুষ্যই ভাৱৰীয়া হয়। তেওঁলোকে এইটো জনা উচিত যে এই লক্ষ্মী-নাৰয়ণে বাদশ্বাহী ক’ৰ পৰা পালে? কিমান ভাল ভাল সাৰকথা আছে। নিশ্চয় পূৰ্বৰ জন্মতেই এই ৰাজ্য-ভাগ্য পাইছিল।

পিতাহে পতিত-পাৱন হয়। পিতাই কয় যে মই তোমালোকক কৰ্ম, অকৰ্ম, আৰু বিকৰ্মৰ গতি বুজাওঁ। ৰাৱণৰাজ্যত মনুষ্যৰ কৰ্ম বিকৰ্ম হৈ যায়। তাত তোমালোকৰ কৰ্ম অকৰ্ম হয়। সেইখন হ’ল দৈৱী সৃষ্টি। মই ৰচয়িতা তেন্তে নিশ্চয় সংগমতেই আহিবলগীয়া হয়। এইখন হ’ল ৰাৱণৰাজ্য। সেইখন হ’ল ঈশ্বৰীয় ৰাজ্য। ঈশ্বৰে এতিয়া স্থাপনা কৰাই আছে। তোমালোক সকলো ঈশ্বৰৰ সন্তান, তোমালোকে উত্তৰাধিকাৰ পাই আছা। ভাৰতবাসীয়েই চহকী আছিল, এতিয়া কঙাল হৈ গ’ল। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াত হীনডেঢ়ি হ’ব নোৱাৰে। সকলোৰে বৃক্ষ নিজা নিজা। বিচিত্ৰ বৃক্ষ হয় নহয়। দেৱতা ধৰ্মাৱলম্বীসকলেই আকৌ দেৱতা ধৰ্মত আহিব। খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে নিজৰ ধৰ্মতেই সন্তুষ্ট অন্যকো নিজৰ ধৰ্মলৈ আকৰ্ষিত কৰি দিছে। ভাৰতবাসীয়ে নিজৰ ধৰ্মক পাহৰি যোৱাৰ কাৰণে সেইটো ধৰ্মক ভাল বুলি ভাবি গুচি যায়। বিলাতলৈ চাকৰিৰ কাৰণে কিমান যায় কাৰণ তাত উপাৰ্জন বহুত হয়। ড্ৰামাখন বৰ আচৰিতধৰণে ৰচি থোৱা আছে। ইয়াক বুজিবলৈ ভাল বুদ্ধি লাগে। বিচাৰ সাগৰ মন্থন কৰিলে সকলোখিনি বোধগম্য হৈ যায়। এইখন ৰচি থোৱা অনাদি ড্ৰামা। গতিকে তোমালোক সন্তানসকলে নিজৰ সমান সৰ্বদা সুখী কৰি তুলিব লাগে। পতিতক পাৱন কৰি তোলা - এইটো তোমালোকৰ বৃত্তি। যেনেকুৱা পিতাৰ বৃত্তি তোমালোকৰো তেনেকুৱা। তোমালোকৰ মুখমণ্ডল সদায় দেৱতাৰ দৰে হৰ্ষিত হ’ব লাগে। তোমালোকে জানা আমি বিশ্বৰ মালিক হওঁগৈ। তোমালোক হ’লা মৰমৰ সন্তান। ক্ৰোধৰ ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। পিতা সন্তানসকলক সুখৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। স্বৰ্গৰ ৰাস্তা সকলোকে দেখুৱাব লাগে। পিতা হৈছে সুখকৰ্তা, দুখহৰ্তা। গতিকে তোমালোকো সুখকৰ্তা হ’ব লাগে। কাকো দুখ দিব নালাগে। কাৰোবাক দুখ দিলে তোমালোকৰ শাস্তি 100 গুণ বাঢ়ি যাব। কোনেও শাস্তিৰ পৰা হাত সাৰিব নোৱাৰে। সন্তানসকলৰ কাৰণেতো বিশেষ বিচৰালয় বহে। পিতাই কয় যে যদি তোমালোকে বিঘিনি আনা তেন্তে বহুত শাস্তি ভূগিব লাগিব। কল্প-কল্পান্তৰ তোমালোকৰ সাক্ষাৎকাৰ হ’ব যে অমুক এনেকুৱা হ’ব। আগতে যেতিয়া দেখিছিল তেতিয়া বাবাই মানা কৰিছিল যে নুশুনাবা। অন্তততো নিখুঁতভাবে জানি যাবা। আগলৈ তীব্ৰতাৰে সাক্ষাৎকাৰ হ’ব। বৃদ্ধিতো হৈ থাকিব। আবুলৈকে শাৰী লাগি যাব। বাবাক কোনেও সাক্ষাৎ কৰিব নোৱাৰিব। ক’ব অহো প্ৰভূ তোমাৰ লীলা। এইটোও গায়ন কৰা আছে নহয়। বিদ্বান, পণ্ডিত আদিও পাছত আহিব। তেওঁলোকৰ সিংহাসনো লৰিব। তোমালোক সন্তানসকলতো বহুত আনন্দিত হৈ থাকিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ। এনেকুৱা স্নেহপূৰ্ণ স্মৰণ এবাৰেই কৰা হয়। যিমানে তোমালোকে স্মৰণ কৰা সিমানে তোমালোকে মৰম পোৱা। বিকৰ্ম বিনাশ হয় আৰু ধাৰণাও হয়। সন্তানসকলৰ আনন্দ পাৰা উৰ্দ্ধগামী হৈ থাকিব লাগে। যিয়েই আহে তেওঁক মাৰ্গ-দৰ্শন কৰাব লাগে। বেহদৰ উত্তৰাধিকাৰ বেহদৰ পিতাৰ পৰা ল’ব লাগে। কম কথা জানো? এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কথা-বাৰ্তা আৰু চাল-চলনত বহুত মাৰ্জিত হ’ব লাগে। মুখেৰে সদায় ৰত্ন উচ্চাৰিত কৰিব লাগে। নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। কাৰো অন্তৰত আঘাত দিব নালাগে।

(2) ক্ৰোধৰ ক্ষেত্ৰত বৰ সাৱধান হ’ব লাগে। মুখমণ্ডল সদায় দেৱতাৰ দৰে হৰ্ষিত হৈ থাকিব লাগে। নিজক জ্ঞান যোগবলেৰে দেৱতা কৰি তুলিব লাগে।

বৰদান:
শক্তিশালী দাপোণৰ দ্বাৰা সকলোকে নিজৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰমূৰ্ত হোৱা

যেনেকৈ দাপোণৰ সন্মুখলৈ যিয়েই আহে, তেওঁৰ নিজৰ স্পষ্ট সাক্ষাৎকাৰ হৈ যায়। কিন্তু যদি দাপোণ শক্তিশালী নহয়, তেন্তে প্ৰকৃত ৰূপৰ সলনি অন্য ৰূপহে দেখা যাব। কোনোবা ক্ষীণ হ’লেও শকত দেখা যাব, সেয়েহে তোমালোক এনেকুৱা শক্তিশালী দাপোণ হৈ যোৱা যাতে সকলোকে নিজৰ সাক্ষাৎকাৰ কৰাব পাৰা অৰ্থাৎ তোমালোকৰ সন্মুখলৈ আহিলেই যাতে দেহৰ কথা পাহৰি নিজৰ আত্মিক ৰূপত স্থিৰ হৈ যায় - প্ৰকৃত সেৱা এয়াই, ইয়াৰ দ্বাৰা জয়-জয়কাৰ হ’ব।

স্লোগান:
শিক্ষাসমূহ স্বৰূপত অনাজনেই জ্ঞান স্বৰূপ, প্ৰেম স্বৰূপ আত্মা।


অব্যক্ত ইংগিত: নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

পিতাৰ প্ৰতিতো নিশ্চয়তা আছে, কিন্তু নিজৰ প্ৰতিও নিশ্চয়বুদ্ধিৰ হৈ কাৰ্য কৰা তেতিয়া কেৱল বিজয়হে প্ৰাপ্ত হ’ব। বিজয়ীৰ আগত সমস্যা কোনো ডাঙৰ কথা নহয়। তেতিয়া সেয়া সমস্যা যেন নালাগিব, খেল যেনহে লাগিব। খেল সদায় আনন্দেৰে খেলা হয়। কোনো কাৰ্য সহজ হ’লে কোৱা হয় যে এয়াতো বাওঁ হাতৰ খেল অৰ্থাৎ সহজ। গতিকে এয়াও বুদ্ধিৰ খেল হৈ যাব। খেলত ভয়-ভীত নোহোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]