19.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বেহদৰ পিতাৰ সৈতে বিশ্বাসভাজন হৈ থাকা তেতিয়া পূৰা শক্তি পাবা, মায়াৰ ওপৰত বিজয় হৈ
গৈ থাকিব”
প্ৰশ্ন:
পিতাৰ কোনটো
মুখ্য কৰ্তৃত্ব আছে? তাৰ চিন কি?
উত্তৰ:
পিতাৰ মুখ্য কৰ্তৃত্ব হৈছে জ্ঞানৰ কৰ্তৃত্ব। জ্ঞান সাগৰ হয় সেইবাবে তোমালোক
সন্তানসকলক পাঠ পঢ়ায়। নিজৰ সমান জ্ঞানৱান কৰি তোলে। তোমালোকৰ পঢ়াৰ লক্ষ্য-উদ্দেশ্য
আছে। পঢ়াৰ দ্বাৰাই তোমালোকে উচ্চ পদ পোৱা।
গীত:
বদল জায়ে
দুনিয়া না বদলেঙ্গে হ’ম…… (জগত সলনি গৈ গ’লেও আমি সলনি নহওঁ……)
ওঁম্শান্তি।
ভক্তই ভগৱানৰ
মহিমা কৰে। এতিয়া তোমালোকতো ভক্ত নোহোৱা। তোমালোকতো সেই ভগৱানৰ সন্তান হৈ গ’লা।
সেয়াও বিশ্বাসভাজন সন্তানৰ প্ৰয়োজন। সকলো কথাতে বিশ্বাসভাজন হৈ থাকিব লাগে। স্ত্ৰীৰ
পতিৰ বাহিৰে অথবা পতিৰ স্ত্ৰীৰ বাহিৰে আনৰ ফালে দৃষ্টি গ’লে তেওঁক অবিশ্বাসী বুলি
ক’ব। এতিয়া ইয়াতো হৈছে বেহদৰ পিতা। তেওঁৰ সৈতে অবিশ্বাসী আৰু বিশ্বাসী দুয়ো প্ৰকাৰৰে
থাকে। বিশ্বাসী হৈ পুনৰ অবিশ্বাসী হৈ যায়। পিতাতো হৈছে সৰ্বোচ্চ হৰ্তা-কৰ্তা। সৰ্ব
শক্তিমান হয় নহয়। গতিকে তেওঁৰ সন্তানসকলো তেনেকুৱাই হ’ব লাগে। পিতাৰ শক্তি আছে,
সন্তানসকলক ৰাৱণৰ ওপৰত বিজয়ী হোৱাৰ যুক্তি শুনায় সেইবাবে তেওঁক সৰ্বশক্তিমান বুলি
কোৱা হয়। তোমালোকো শক্তি সেনা হোৱা নহয়। তোমালোকে নিজকো সৰ্ব শক্তিমান বুলি ক’বা।
পিতাৰ যি শক্তি আছে সেয়া আমাক দিয়ে, তেওঁ শুনায় - তোমালোকে মায়া ৰাৱণৰ ওপৰত কেনেকৈ
বিজয়ী হ’ব পাৰা, গতিকে তোমালোকো শক্তিমান হ’ব লাগে। পিতা হৈছে জ্ঞানৰ হৰ্তা-কৰ্তা।
জ্ঞানৱান হয় নহয়। যেনেকৈ তেওঁলোক শাস্ত্ৰৰ, ভক্তিমাৰ্গৰ হৰ্তা-কৰ্তা, তেনেকৈ এতিয়া
তোমালোক সৰ্বশক্তিমান হৰ্তা-কৰ্তা জ্ঞানৱান হোৱা। তোমালোকেও জ্ঞান পোৱা। এয়া হৈছে
পাঠশালা। ইয়াত তোমালোকে যি জ্ঞান পোৱা তাৰ দ্বাৰা উচ্চ পদ পাব পাৰা। এয়া এখনেই
পাঠশালা। তোমালোকেতো ইয়াত পঢ়িব লাগে আৰু কোনো প্ৰাৰ্থনা আদি কৰিব নালাগে। তোমালোকে
পঢ়াৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা, লক্ষ্য-উদ্দেশ্য আছে। তোমালোক সন্তানসকলে জানা পিতা
হৈছে জ্ঞানৱান, তেওঁ যি পঢ়ায় সেয়া একেবাৰে অনন্য। জ্ঞানৰ সাগৰ হৈছে পিতা গতিকে
তেৱেঁই জানিব। তেৱেঁই আমাক সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। অন্য কোনেও দিব
নোৱাৰে। পিতা সন্মুখত আহি জ্ঞান দি আকৌ গুচি যায়। এই পঢ়াৰ প্ৰালব্ধ কি পোৱা যায়,
সেয়াও তোমালোকে জানা। বাকী যিবোৰ সৎসংগ আদি আছে বা গুৰু গোসাঁই আছে সেয়া সকলো হৈছে
ভক্তিমাৰ্গৰ। এতিয়া তোমালোকে জ্ঞান পাই আছা। এইটোও জানা যে তেওঁলোকৰ মাজতো যদি ইয়াৰ
কোনোবা আছে তেন্তে ওলাই আহিব। তোমালোক সন্তানসকলে সেৱাৰ ভিন্ন ভিন্ন যুক্তি উলিয়াব
লাগে। নিজৰ অনুভৱ শুনাই অনেকৰ ভাগ্য গঢ়িব লাগে। তোমালোক সেৱাধাৰী সন্তানসকলৰ অৱস্থা
অতি নিৰ্ভয়, অটল আৰু যোগযুক্ত হোৱা উচিত। যোগযুক্ত হৈ থাকি সেৱা কৰা তেতিয়া সফলতা
পাব পাৰিবা।
সন্তানসকল, তোমালোকে
নিজক সম্পূৰ্ণ ৰূপে চম্ভালিব লাগে। কেতিয়াও উত্তেজিত হ’ব নালাগে, দৃঢ় যোগযুক্ত হ’ব
লাগে। পিতাই বুজাইছে বাস্তৱত তোমালোক সকলো বানপ্ৰস্থী, বাণীৰ সিপাৰৰ অৱস্থাত থাকোঁতা।
বানপ্ৰস্থী অৰ্থাৎ বাণীৰ সিপাৰৰ ঘৰ আৰু পিতাক স্মৰণ কৰোঁতা। ইয়াৰ বাহিৰে আন একো
ইচ্ছা নাই। মোক ভাল কাপোৰ লাগে, এই সকলোবোৰ হৈছে ছিঃ ছিঃ ইচ্ছা। দেহ-অভিমানীসকলে
সেৱা কৰিব নোৱাৰিব। আত্ম-অভিমানী হ’ব লাগে। ভগৱানৰ সন্তানসকলকতো শক্তিৰ প্ৰয়োজন।
সেয়া হৈছে যোগৰ শক্তি। বাবাইতো সকলো সন্তানৰ বিষয়ে জানিব পাৰে নহয়। পিতাই ততালিকে
কৈ দিব, এইটো এইটো দোষ-ক্ৰুটি আঁতৰোৱা। পিতাই বুজাইছে - শিৱৰ মন্দিৰলৈ যোৱা, তাত
তোমালোকে বহুতক পাবা। বহুত আছে যি কাশীত গৈ বাস কৰে। এনেকৈ ভাবে যে কাশীনাথে আমাৰ
কল্যাণ কৰিব। তাত তোমালোকে বহুত গ্ৰাহক পাবা, কিন্তু এই ক্ষেত্ৰত বহুত তীক্ষ্ণ
বুদ্ধিৰ প্ৰয়োজন। গংগা স্নান কৰোঁতাসকলকো বুজাব পাৰা। মন্দিৰলৈ গৈও বুজাবা। গুপ্ত
বেশতো যাব পাৰা। হনুমানৰ দৃষ্টান্ত আছে। বাস্তৱত তোমালোকেই নোহোৱা জানো। জোতাৰ মাজত
গৈ বহাৰ কথা নাই। এই ক্ষেত্ৰত বহুত বিচাৰ বুদ্ধি সম্পন্ন আৰু সিয়ান হ’ব লাগে। বাবাই
বুজাইছে - এতিয়া কোনেও কৰ্মাতীত অৱস্থা পোৱা নাই। কিবা নহয় কিবা দোষ-ক্ৰুটি নিশ্চয়
আছে।
তোমালোক সন্তানসকলৰ
নিচা থাকিব লাগে যে এয়া এখনেই দোকান য’ত সকলোৱেই আহিব লাগিব। এদিন এই সন্ন্যাসী আদি
সকলো আহিব। এখনেই দোকান যেতিয়া যাবনো ক’লৈ। যিয়ে বহুত হাবাথুৰি খাইছে, তেওঁলোকেই
ৰাস্তা পাব। আৰু বুজিব যে এয়া এখনেই দোকান। সকলোৰে সৎগতি দাতা এজনেই পিতা। এনেকুৱা
নিচা বাঢ়িব লাগে সেইটোহে কথা। পিতাৰো এইটোৱে চিন্তা - মই আহিছোঁ পতিতসকলক পাৱন কৰি
তুলিবলৈ শান্তিধাম-সুখধামৰ উত্তৰাধিকাৰ দি’বলৈ। তোমালোকৰো এইটোৱে বেপাৰ। সকলোৰে
কল্যাণ কৰিব লাগে। এইখন হৈছে পুৰণি সৃষ্টি। ইয়াৰ আয়ুস কিমান? কম সময়তে বুজি যাব যে
এই পুৰণি সৃষ্টি এতিয়া নাশ হ’ব। সকলো আত্মাৰে বুদ্ধিত এইটো উদয় হ’ব, নতুন সৃষ্টি
স্থাপনা হ'লেহে পুৰণি সৃষ্টিৰ বিনাশ হ’ব। আগলৈ আকৌ ক'ব যথাযথ ভগৱান ইয়াতে আছে।
ৰচয়িতা পিতাকে পাহৰি গৈছে। ত্ৰিমূৰ্তিত শিৱৰ চিত্ৰ নোহোৱা কৰি দিছে, গতিকে কোনো
কামৰ হৈ নাথাকিল। ৰচয়িতাতো তেৱেঁই হয় নহয়। শিৱৰ চিত্ৰ ৰাখিলে স্পষ্ট হৈ যায় -
ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। প্ৰজাপিতা ব্ৰহ্মা থকিলে তেন্তে নিশ্চয় বি.কে.ও থকা উচিত।
ব্ৰাহ্মণ কুল সকলোতকৈ উচ্চ। ব্ৰহ্মাৰ সন্তান। ব্ৰাহ্মণসকলক কেনেকৈ ৰচে, এয়াও কোনেও
নাজানে। পিতাহে আহি তোমালোকক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। এইবোৰ অতি গভীৰ আৰু
গুৰুত্বপূৰ্ণ কথা। পিতা যেতিয়া সন্মুখত আহি বুজাব তেতিয়াহে বুজিব। যিসকল দেৱতা আছিল
তেওঁলোক শূদ্ৰ হৈ গ’ল। এতিয়া তেওঁলোকক কেনেকৈ বিচাৰি উলিওৱা যায় তাৰ যুক্তি উলিয়াব
লাগে। যাতে জগতৰ লোকসকলে বুজে যে এয়াতো বি.কে.ৰ বহুত ডাঙৰ কাৰ্য। কিমান পত্ৰিকা আদি
বিলায়। বাবাই এৰোপ্লেনৰ পৰা পত্ৰিকা পেলাবলৈও কৈছে। অতি কমেও খবৰ কাগজৰ সমান এখন
কাগজত মুখ্য কথাবোৰ ছিৰি আদিও সামৰি ল’ব পাৰি। মুখ্য হৈছে ইংৰাজী আৰু হিন্দী ভাষা।
গতিকে সন্তানসকলৰ গোটেই দিন খেয়াল চলি থাকিব লাগে - সেৱা কেনেকৈ বঢ়োৱা যায়? এয়াও
জানে যে ড্ৰামা অনুসৰি পুৰুষাৰ্থ হৈ থাকে। বুজা যায় এওঁ ভাল সেৱা কৰে, এওঁৰ পদো
উচ্চ হ'ব। প্ৰত্যেক ভাৱৰীয়াৰ নিজৰ ভূমিকা আছে - এইটো শাৰীও নিশ্চয় লিখিব লাগে।
পিতায়ো এই ড্ৰামাত নিৰাকাৰী লোকৰ পৰা আহি সাকাৰ শৰীৰৰ আধাৰ লৈ ভূমিকা পালন কৰে।
এতিয়া তোমালোকৰ বুদ্ধিত আছে, কোনে কোনে কিমান ভূমিকা পালন কৰে? গতিকে এই শাৰীটোও
মুখ্য। সিদ্ধ কৰি শুনাব লাগে, এই সৃষ্টি চক্ৰক জানিলে মনুষ্য স্বদৰ্শন চক্ৰধাৰী হৈ
চক্ৰৱৰ্তী ৰজা বিশ্বৰ মালিক হ’ব পাৰে। তোমালোকৰতো গোটেই জ্ঞান আছে নহয়। পিতাৰ
গীতাৰেই জ্ঞান আছে, যাৰ দ্বাৰা মনুষ্য নৰৰ পৰা নাৰায়ণ হয়। সম্পূৰ্ণ জ্ঞান বুদ্ধিত
আহি গ’লে তেতিয়া সম্পূৰ্ণ বাদশ্বাহী লাগিব। গতিকে সন্তানসকলে এনেকুৱা খেয়াল কৰি
পিতাৰ সেৱাত লাগি যাব লাগে।
জয়পুৰতো এই আত্মিক
সংগ্ৰাহালয় স্থায়ী হৈ থাকিব। তাত লিখা আছে - এয়া বুজিলে মনুষ্য বিশ্বৰ মালিক হ’ব
পাৰে। যিয়ে দেখিব ইজনে সিজনক শুনাই থাকিব। সন্তানসকল সদায় সেৱাত ব্ৰতী হৈ থাকিব লাগে।
মম্মাও সেৱাত ব্ৰতী হৈ আছে, তেওঁক নিয়োগ কৰা হৈছিল। এয়া কোনো শাস্ত্ৰত নাই যে
সৰস্বতী কোন? প্ৰজাপিতা ব্ৰহ্মাৰ কেৱল এগৰাকী কন্যা থাকিব জানো? অনেক কন্যা অনেক
নামধাৰী হ’ব নহয়। সৰস্বতী তথাপি তোলনীয়া আছিল যেনেকৈ তোমালোক হোৱা। এজন মুখিয়াল গুচি
গ’লে আকৌ আন এজনক নিয়োগ কৰা হয়। প্ৰধানমন্ত্ৰীকো স্থলাভিষিক্ত কৰা হয়। সমৰ্থ বুলি
বুজিলে, তেতিয়া তেওঁক পছন্দ কৰে আকৌ সময় সম্পূৰ্ণ হৈ গ’লে তেতিয়া আকৌ অন্য এজনক
নিৰ্বাচন কৰিবলগীয়া হয়। পিতাই সন্তানসকলক প্ৰথম আচৰণ এইটোৱে শিকায় যে তোমালোকে
কাৰোবাক কেনেকৈ সন্মান জনাবা! যিসকল অশিক্ষিত তেওঁলোকে সন্মান জনাবও নাজানে। যিসকল
অতি বুদ্ধিমান তেওঁলোকক সকলোৱে সন্মান জনাবই লাগে। জ্যেষ্ঠজনৰ প্ৰতি সন্মান
প্ৰদৰ্শন কৰিলে তেতিয়া তেওঁলোকেও শিকি যাব। অশিক্ষিতসকলতো মূৰ্খ হয়। পিতায়ো আহি
অশিক্ষিতসকলৰ উন্নতি সাধন কৰিছে। আজিকালি মহিলাক আগত ৰাখে। তোমালোক সন্তানসকলে জানা
যে আমাৰ আত্মাসকলৰ বাগদান পৰমাত্মাৰ লগত হৈছে। তোমালোক বহুত আনন্দিত হোৱা - আমিতো
গৈ বিষ্ণুপুৰীৰ মালিক হ’ম, কুমাৰীৰ হ’বলগীয়া স্বামীক নেদেখিলেও তেওঁৰ সৈতে বুদ্ধিৰ
যোগসূত্ৰ গঢ়ি উঠে। এয়াও আত্মাই জানে যে এই আত্মা আৰু পৰমাত্মাৰ বাগদান বিস্ময়কৰ।
এজন পিতাকে স্মৰণ কৰিবলগীয়া হয়। তেওঁলোকেতো ক’ব গুৰুক স্মৰণ কৰা, অমুক মন্ত্ৰ
স্মৃতিলৈ আনা। ইয়াততো পিতাই সৰ্বস্ব। এওঁৰ শৰীৰত আহি বাগদান কৰায়। তেওঁ কয় - মই
তোমালোকৰ পিতাও হওঁ, মোৰ পৰা উত্তৰাধিকাৰ পোৱা। কুমাৰীৰ বাগদান হ’লে তেতিয়া আৰু
নাপাহৰে। তোমালোকে আকৌ কিয় পাহৰি যোৱা? কৰ্মাতীত অৱস্থাত উপনীত হ’বলৈ সময় লাগে।
কৰ্মাতীত অৱস্থা লাভ কৰি উভতিতো কোনেও যাব নোৱাৰে। যেতিয়া বৰ (দৰা) প্ৰথমে যাব তাৰ
পাছাত বৰযাত্ৰী যাব। শঙ্কৰৰ কথা নহয়, শিৱৰ বৰযাত্ৰী। এজন হৈছে প্ৰেমিক বাকী সকলো
প্ৰেমিকা। গতিকে এয়া হ’ল শিৱবাবাৰ বৰযাত্ৰী। সন্তানৰ নাম ৰাখি দিছে। উদাহৰণ দি
বুজোৱা হয়। পিতা আহি ফুলৰ দৰে সুন্দৰ কৰি সকলোকে লৈ যায়। সন্তানসকল যি কাম চিতাত বহি
পতিত হৈ গৈছে তেওঁলোকক জ্ঞান চিতাত বহুৱাই ফুলৰ দৰে কৰি সকলোকে লৈ যায়। এইখনতো পুৰণি
সৃষ্টি নহয় জানো। কল্পই কল্পই পিতা আহে। আমাক ছিঃ ছিঃসকলক তেওঁ আহি ফুলৰ দৰে কৰি লৈ
যায়। ৰাৱণে ছিঃ ছিঃ কৰি তোলে আৰু শিৱবাবাই ফুলৰ দৰে কৰি তোলে। গতিকে বাবাই বহুত
যুক্তি বুজাই থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) খোৱা বা
পান কৰাৰ ছিঃ ছিঃ ইচ্ছাবোৰ ত্যাগ কৰি আত্ম-অভিমানী হৈ সেৱা কৰিব লাগে। স্মৰণৰ দ্বাৰা
শক্তি আহৰণ কৰি নিৰ্ভয় আৰু অটল অৱস্থা গঢ়ি তুলিব লাগে।
(2) যিসকল পঢ়াত
তীক্ষ্ণ বুদ্ধিমান, তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে। যিসকল দিগভ্ৰান্ত হৈ
আছে, তেওঁলোকক মাৰ্গ-দৰ্শন কৰাৰ যুক্তি ৰচিব লাগে। সকলোৰে কল্যাণ কৰিব লাগে।
বৰদান:
নিজৰ মহত্ব আৰু
কৰ্তব্যক জানোঁতা সদায় জাগ্ৰত জ্যোতি হোৱা
তোমালোক সন্তানসকল
হৈছা জগতৰ জ্যোতি, তোমালোকৰ পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন হ’ব - সেয়েহে যি হৈ গ’ল সেয়া
অতীত বুলি বুজি নিজৰ মহত্ব আৰু কৰ্তব্যক জানি সদায় জাগ্ৰত জ্যোতি হোৱা। তোমালোকে
চেকেণ্ডত স্ব-পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন কৰিব পাৰা। কেৱল অভ্যাস কৰা এতিয়াই
কৰ্মযোগী, এতিয়াই কৰ্মাতীত স্থিতি। যেনেকৈ তোমালোকৰ ৰচনা কাছই চেকেণ্ডত সকলো অংগ
সামৰি লয় তেনেকৈ তোমালোক মাষ্টৰ ৰচয়িতাই সামৰি লোৱাৰ শক্তিৰ আধাৰত চেকেণ্ডত সকলো
সংকল্প সামৰি এটা সংকল্পত স্থিত হৈ যোৱা।
স্লোগান:
স্নেহত লীন স্থিতিৰ অনুভৱ কৰিবলৈ স্মৃতি-বিস্মৃতিৰ যুদ্ধ সমাপ্ত কৰা।
মাতাশ্ৰীৰ মধুৰ
মহাবাক্য:-
“আধা কল্প জ্ঞান
ব্ৰহ্মাৰ দিন আৰু আধাকল্প ভক্তি ব্ৰহ্মাৰ ৰাত্ৰি”
আধাকল্প হৈছে
ব্ৰহ্মাৰ দিন, আধাকল্প হৈছে ব্ৰহ্মাৰ ৰাত্ৰি, এতিয়া ৰাত্ৰি পূৰা হৈ ৰাতিপুৱা হ’বৰ
হৈছে। এতিয়া পৰমাত্মা আহি অন্ধকাৰৰ অন্ত পেলাই আলোকৰ আৰম্ভণি কৰে, জ্ঞানৰ দ্বাৰা
হৈছে আলোক, ভক্তিৰে অন্ধকাৰ। গীততো কয় এই পাপৰ জগতৰ পৰা ক’ৰবাত দূৰলৈ লৈ ব’লা, য’ত
মনে শান্তি আৰু আৰাম পায়… এয়া হৈছে অশান্তিৰ জগত, য’ত শান্তি আৰু আৰাম নাই। মুক্তিত
শান্তিও নাই আৰু অশান্তিও নাই। সত্যযুগ ত্ৰেতা হৈছে শান্তিৰ জগত, যিখন সুখধামক
সকলোৱে স্মৰণ কৰে। গতিকে তোমালোক এতিয়া শান্তি আৰু আৰামৰ জগতলৈ গৈ আছা, তালৈ কোনো
অপৱিত্ৰ আত্মা যাব নোৱাৰে, তেওঁলোকে অন্তত ধৰ্মৰজাৰ শাস্তি খাই কৰ্ম-বন্ধন মুক্ত হৈ
শুদ্ধ সংস্কাৰ লৈ যায় কিয়নো তাত অশুদ্ধ সংস্কাৰ আৰু পাপ একোৱে নাথাকে। যেতিয়া
আত্মাই নিজৰ প্ৰকৃত পিতাক পাহৰি যায় তেতিয়া এই পূৰ্ব নিদ্ধাৰিত বিভ্ৰান্তিৰ
পাকচক্ৰৰ অনাদি জয় পৰাজয়ৰ খেল আৰম্ভ হয় সেই কাৰণে আমি এই সৰ্বশক্তিমান পৰমাত্মাৰ পৰা
শক্তি লৈ বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰি 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য লৈ আছোঁ। ভাল
বাৰু – ওঁম্ শান্তি।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
মোৰ অৰ্থাৎ আত্মাৰ
কৰাবনহাৰ হৈছে সেই পৰম আত্মা। কৰাবনহাৰৰ আধাৰত মই হৈছোঁ নিমিত্ত কৰোঁতা। মই কৰণহাৰ
তেওঁ কৰাবনহাৰ। তেওঁ চলাই আছে, মই চলি আছোঁ। প্ৰতিটো নিৰ্দেশনাত মোৰ অৰ্থাৎ আত্মাৰ
বাবে সংকল্প, বাণী আৰু কৰ্মত সদায় হুজুৰ হাজিৰ হৈ আছে সেয়েহে হুজুৰৰ আগত সদায় মই
আত্মাও হাজিৰ আছোঁ। সদায় এইটো সংযুক্ত ৰূপত থাকা।