19.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শ্ৰীমতেহে তোমালোকক শ্ৰেষ্ঠ কৰি তুলিব, সেয়েহে শ্ৰীমত পাহৰি নাযাবা, নিজৰ মত এৰি এজন পিতাৰ মতত চলা”

প্ৰশ্ন:
পুণ্য আত্মা হোৱাৰ উপায় কি?

উত্তৰ:
পুণ্য আত্মা হ’বলৈ হ’লে 1) সঁচা অন্তৰেৰে, মৰমেৰে এজন পিতাক স্মৰণ কৰা। 2) কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম নকৰিবা। সকলোকে মাৰ্গ-দৰ্শন কৰা। নিজৰ অন্তৰক সোধা - এই পুণ্য মই কিমান কৰোঁ? নিজক পৰীক্ষা কৰা - এনেকুৱা যাতে একো কৰ্ম নহয় যাৰ এশ গুণ শাস্তি খাবলগীয়া হয়। গতিকে পৰীক্ষা কৰিলে পুণ্য আত্মা হৈ যাবাগৈ।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, এইটোতো সন্তানসকলে জানে যে এতিয়া আমি শিৱবাবাৰ মতত চলি আছোঁ। তেওঁৰ হৈছে উচ্চতকৈ উচ্চ মত। জগতৰ লোকে এইটো নাজানে যে উচ্চতকৈও উচ্চ শিৱবাবাই কেনেকৈ সন্তানসকলক শ্ৰেষ্ঠ কৰি তুলিবলৈ শ্ৰেষ্ঠ মত দিয়ে। এই ৰাৱণৰাজ্যত কোনো মনুষ্য মাত্ৰেই অন্য মনুষ্যক শ্ৰেষ্ঠ মত দিব নোৱাৰে। তোমালোক এতিয়া ঈশ্বৰীয় মতধাৰী হৈছা। এই সময়ত তোমালোক সন্তানসকলে পতিতৰ পৰা পাৱন হ’বৰ কাৰণে ঈশ্বৰীয় মত লাভ কৰি আছা। এতিয়া তোমালোকে গম পাইছা যে আমিতো বিশ্বৰ মালিক আছিলোঁ। এওঁ (ব্ৰহ্মা) যি মালিক আছিল তেৱোঁ নাজানিছিল। বিশ্বৰ মালিক আকৌ একেবাৰে পতিত হৈ যায়। এই খেলখন বহুত ভালকৈ বুদ্ধিৰে বুজিবলগীয়া হয়। শুদ্ধ-অশুদ্ধ কি, ইয়াতেই বুদ্ধিৰ যুঁজ হয়। গোটেই জগতখনেই অশুদ্ধ। এজন পিতাই হৈছে শুদ্ধ, সত্য কওঁতা। তেওঁ তোমালোকক সত্যখণ্ডৰ মালিক কৰি তোলে সেয়েহে তেওঁৰ মত ল’ব লাগে। নিজৰ মতত চলিলে ঠগ খাবা। কিন্তু তেওঁ হৈছে গুপ্ত। হয়ো নিৰাকাৰ। বহুত সন্তানে গাফিলতি কৰে, এনেকৈ ভাবে যে এয়াতো দাদাৰ (ব্ৰহ্মা বাবাৰ) মত। মায়াই শ্ৰেষ্ঠ মত ল'বলৈ নিদিয়ে। শ্ৰীমতত চলিব লাগে নহয়। বাবা আপুনি যি ক'ব সেয়া আমি নিশ্চয় মানিম। কিন্তু বহুতে নামানে। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে মতত চলে, বাকীবোৰেতো নিজৰ মতত চলি থাকে। বাবা আহিছে শ্ৰেষ্ঠ মত দিবলৈ। এনেকুৱা পিতাক বাৰে বাৰে পাহৰি যায়। মায়াই মত (শ্ৰীমত) ল'বলৈ নিদিয়ে। শ্ৰীমততো বহুত সহজ হয় নহয়। জগতত কোনেও এইটো বুজি নাপায় যে আমি তমোপ্ৰধান। মোৰ মততো প্ৰসিদ্ধ, শ্ৰীমদ্ভাগৱত গীতা। ভগৱানে এতিয়া কয় - মই 5 হাজাৰ বছৰৰ পাছত আহোঁ, আহি ভাৰতক শ্ৰীমত দি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি তোলোঁ। পিতাইতো সাৱধান কৰে, সন্তানসকল শ্ৰীমতত নচলে। পিতাই নিতৌ বুজাই থাকে – সন্তানসকল, শ্ৰীমতত চলিবলৈ নাপাহৰিবা। এই ব্ৰহ্মাৰতো কথাই নহয়। তেওঁৰ (শিৱবাবাৰ) মত বুলি বুজিবা। তেৱেঁই এওঁৰ দ্বাৰা মত দিয়ে। তেৱেঁই বুজায়। খোৱা-বোৱা নকৰে, কয় - মই অভোক্তা। তোমালোক সন্তানসকলক শ্ৰীমত দিওঁ। এক নম্বৰ মত দিয়ে - মোক স্মৰণ কৰা। কোনো বিকৰ্ম নকৰিবা। নিজৰ অন্তৰক সোধা - কিমান পাপ কৰিছোঁ? এইটোতো জানা যে সকলোৰে পাপৰ কলহ ভৰ্তি হৈ আছে। এই সময়ত সকলো ভুল ৰাস্তাত আছে। তোমালোকে এতিয়া পিতাৰ দ্বাৰা শুদ্ধ ৰাস্তা পাইছা। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। গীতাত যি জ্ঞান থাকিব লাগে সেয়া নাই। সেয়া কোনো পিতাৰ দ্বাৰা ৰচিত নহয়। এয়াও ভক্তিমাৰ্গত নিৰ্ধাৰিত হৈ আছে। এনেকৈ কয়ো যে ভগৱান আহি ভক্তিৰ ফল দিব। সন্তানসকলক বুজাইছোঁ - জ্ঞানৰ দ্বাৰা সৎগতি। সৎগতিও সকলোৰে হয় আৰু দুৰ্গতিও সকলোৰে হয়। এই সৃষ্টিখনেই তমোপ্ৰধান। সতোপ্ৰধান কোনো নাই। পুনৰ্জন্ম লৈ লৈ এতিয়া অন্তিম অৱস্থাত আহি পাইছেহি। এতিয়া মৃত্যু সকলোৰে শিৰত থিয় হৈ আছে। ভাৰতৰেই কথা। গীতাও হৈছে দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। তেন্তে তোমালোক অন্য বেলেগ ধৰ্মলৈ গ’লে কি লাভ। সকলোৱে নিজৰ নিজৰ কোৰাণ, বাইবেল আদিয়েই পঢ়ে। নিজৰ ধৰ্মক জানে। কেৱল ভাৰতবাসীয়েহে অন্য ধৰ্মত গুচি যায়। অন্য সকলো নিজৰ নিজৰ ধৰ্মত অটল। প্ৰত্যেক ধৰ্মৰ লোকৰ চেহেৰা আদি বেলেগ বেলেগ। পিতাই সোঁৱৰাই দিয়ে – সন্তানসকল, তোমালোকে নিজৰ দেৱী-দেৱতা ধৰ্মক পাহৰি গ'লা। তোমালোক স্বৰ্গৰ দেৱতা আছিলা, “আমিয়েই সেয়া আছিলোঁ” ইয়াৰ অৰ্থ পিতাই ভাৰতবাসীক শুনাইছে। বাকী আমি আত্মাই পৰমাত্মা নহয়। এই কথাবিলাকতো ভক্তিমাৰ্গৰ গুৰুসকলে ৰচনা কৰিছে। গুৰুও কোটিৰ হিচাপত হ'ব। স্ত্ৰীক স্বামীৰ কাৰণে কোৱা হয় যে এওঁ তোমাৰ গুৰু ঈশ্বৰ। যদি পতিয়েই ঈশ্বৰ তেন্তে আকৌ ‘হে ভগৱান’, ‘হে ৰাম’ বুলি কিয় কোৱা। মনুষ্যৰ বুদ্ধি একেবাৰে পাথৰৰ হৈ গ'ল। এওঁ (ব্ৰহ্মা বাবাই) নিজেও কয় ময়ো এনেকুৱা আছিলোঁ। ক'ত বৈকুণ্ঠৰ মালিক শ্ৰীকৃষ্ণ আৰু ক'ত আকৌ তেওঁক গাওঁৰ ল'ৰা বুলি কৈ দিছে। শ্যাম-সুন্দৰ বুলি কয়। অৰ্থ বুজি পাই জানো। এতিয়া পিতাই তোমালোকক বুজাইছে যে যি এক নম্বৰ সুন্দৰ তেৱেঁই শেষ নম্বৰ তমোপ্ৰধান শ্যাম বৰণীয়া হৈছে। তোমালোকে বুজি পোৱা যে আমি সুন্দৰ আছিলোঁ পুনৰ শ্যাম বৰণীয়া হলোঁ, 84 ৰ চক্ৰ পৰিক্ৰমা লগাই এতিয়া শ্যামৰ পৰা সুন্দৰ হ'বৰ বাবে পিতাই এটাই ঔষধ দিয়ে যে মোক স্মৰণ কৰা। তোমালোক আত্মাসকল পতিতৰ পৰা পাৱন হৈ যাবা। তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ নাশ হৈ যাব।

তোমালোকে জানা যে যেতিয়াৰ পৰা ৰাৱণ আহিছে তেতিয়াৰ পৰাই তোমালোক অৱনমিত হৈ হৈ পাপ আত্মা হৈ গৈছা। এইখন হৈছেই পাপ আত্মাৰ জগত। এজনো সুন্দৰ নাই। পিতাৰ বাহিৰে কোনেও সুন্দৰ কৰি তুলিব নোৱাৰে। তোমালোক স্বৰ্গবাসী সুন্দৰ হ'বলৈ আহিছা। এতিয়া নৰকবাসী শ্যাম বৰণীয়া কাৰণ কাম চিতাত উঠি ক’লা হৈ গৈছা। পিতাই কয় - কাম মহাশত্ৰু। ইয়াৰ ওপৰত যিয়ে জয়ী হ'ব তেওঁলোকেই জগতজিৎ হ’বগৈ। এক নম্বৰ হৈছে কাম। কামী সকলকে পতিত বুলি কোৱা হয়। ক্ৰোধীক পতিত বুলি কোৱা নহ’ব। আহ্বানো জনায় যে আহি পতিতৰ পৰা পাৱন কৰি তোলক। সেইবাবে এতিয়া পিতা আহিছে আৰু কয় যে এই অন্তিম জন্ম পাৱন হোৱা। যেনেকৈ ৰাতিৰ পাছত দিন, দিনৰ পাছত ৰাতি হয়, তেনেকৈ সঙ্গমযুগৰ পাছত আকৌ সত্যযুগ আহিব। চক্ৰ ঘূৰিব। বাকী আকাশত বা পাতালত অন্য কোনো জগত নাই। সৃষ্টিতো এইখনেই। সত্যযুগ, ত্ৰেতা.... ইয়াতেই আছে। বৃক্ষও এজোপাই, আৰু বেলেগ থাকিব নোৱাৰে। অনেক সৃষ্টি আছে বুলি যি কয় সেই সকলোবোৰ মিছা কথা। পিতাই কয় - এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ কথা। এতিয়া পিতাই সত্য কথা শুনায়। এতিয়া নিজৰ ভিতৰত চোৱা - মই কিমানলৈ শ্ৰীমতত চলি সতোপ্ৰধান অৰ্থাৎ পুণ্য আত্মা হৈছোঁ? সতোপ্ৰধানক পুণ্য আত্মা, তমোপ্ৰধানক পাপ আত্মা বুলি কোৱা হয়। বিকাৰগ্ৰস্ত হোৱাটো পাপ। পিতাই কয় - এতিয়া পৱিত্ৰ হোৱা। মোৰ হৈছা যেতিয়া তেন্তে মোৰ শ্ৰীমতত চলিব লাগে। মুখ্য কথা হৈছে কোনো পাপ নকৰিবা। এক নম্বৰ পাপ হৈছে বিকাৰগ্ৰস্ত হোৱাটো। আকৌ অন্য পাপো বহুত হয়। চুৰি-ডকাইটি, ঠগ-প্ৰবঞ্চনা আদি বহুত কৰে। আকৌ বহুতক চৰকাৰে ধৰেও। এতিয়া পিতাই সন্তানসকলক কয় - তোমালোকে নিজৰ অন্তৰক সোধা - মই কোনো পাপতো নকৰোঁ? এনেকৈ নাভাবিবা যে মই চুৰ কৰিলোঁ বা ঘোচ খালোঁ এই বাবাতো সৰ্বজ্ঞ, সকলো জানে। নহয়, সৰ্বজ্ঞৰ অৰ্থ এইটো নহয়। বাৰু, কোনোবাই চুৰ কৰিলে, পিতাই সেয়া জানিব জানো? যিয়ে চুৰ কৰিলে তেওঁৰ দণ্ড এশ গুণ হৈয়ে যাব। বহুত শাস্তি পাব। পদো ভ্ৰষ্ট হৈ যাব। পিতাই বুজায় – যদি এনেকুৱা কাম কৰা তেন্তে দণ্ডতো ভুগিবই লাগিব। কোনোবা ঈশ্বৰৰ সন্তান হৈ আকৌ চুৰ কৰে, শিৱবাবা যাৰ পৰা ইমান উত্তৰাধিকাৰ পোৱা যায়, তেওঁৰ ভড়াঁলৰ পৰা চুৰ কৰা, এইটোতো বহুত ডাঙৰ পাপ। কোনো কোনোৰ চুৰ কৰাৰ অভ্যাস থাকে, তেওঁলোকক কাৰাগাৰৰ পখী বুলি কোৱা হয়। এয়া হৈছে ঈশ্বৰৰ ঘৰ। সকলোবোৰ ঈশ্বৰৰ নহয় জানো। ঈশ্বৰৰ ঘৰত পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহে। কিন্তু কোনো কোনোৰ অভ্যাস হৈ যায়, তাৰ শাস্তি এশ গুণ হৈ যায়। শাস্তিও বহুত পাব আৰু জন্মই জন্মই ছিঃ ছিঃ ঘৰত গৈ জন্ম ল'ব, তেন্তে নিজৰে লোকচান নকৰিলে জানো। এনেকুৱা বহুত আছে যিয়ে স্মৃতিত একেবাৰে নাথাকে, একোৱেই নুশুনে। বুদ্ধিত চুৰি আদিৰেই খেয়াল চলি থাকে। এনেকুৱা বহুত সৎসঙ্গত যায়। চেণ্ডেল চুৰ কৰে, তেওঁলোকৰ এইটোৱে ধান্দা থাকে। য'ত সৎসঙ্গ হয় তালৈ গৈ চেণ্ডেল চুৰ কৰি আহে। জগতখন একেবাৰেই লেতেৰা। এইখন হৈছে ঈশ্বৰৰ ঘৰ। চুৰ কৰাৰ অভ্যাসতো বৰ বেয়া। কোৱা হয় - এক পাই চুৰি কৰা আৰু লাখ টকা চুৰি কৰা কৰোঁতাজনক চোৰ বুলিয়ে ক’ব। নিজৰ অন্তৰক সুধিব লাগে - মই কিমান পুণ্য আত্মা হৈছোঁ? কিমান পিতাক স্মৰণ কৰোঁ? মই কিমান স্বদৰ্শন চক্ৰধাৰী হৈছোঁ? কিমান সময় ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ থাকোঁ? কিমান পাপ খণ্ডন হৈ গৈ আছে? নিতৌ নিজৰ খতিয়ান চাবা। কিমান পুণ্য কৰিলোঁ, কিমান যোগযুক্ত হৈ থাকিলোঁ? কিমানক মাৰ্গ-দৰ্শন কৰালোঁ? পেছাগত কাম-কাজ আদিও লাগিলে কৰা। তোমালোক হৈছা কৰ্মযোগী। কৰ্মতো লাগিলে কৰা। বাবাই এই বেজ তৈয়াৰ কৰাই থাকে। ভাল ভাল লোকসকলক ইয়াৰ ওপৰত বুজোৱা। এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হৈ আছে। কৃষ্ণৰ চিত্ৰৰ তলৰ লিখনিখিনি অতি উত্তম। কিন্তু সন্তানসকল এতিয়া ইমান বিশাল বুদ্ধিৰ হোৱা নাই। অলপ ধন পালেই নাচিবলৈ ধৰে। কাৰোবাৰ বেছি ধন থাকিলে তেতিয়া ভাবে - মোৰ নিচিনা কোনো নাই। যিসকল সন্তানে পিতাৰ কথাক ভ্ৰূক্ষেপ নকৰে তেওঁলোকে পিতাই ইমান যি অবিনাশী জ্ঞান ৰত্নৰ সম্পদ দিয়ে তাৰো একো মোল নুবুজে। বাবাই এটা কথা ক'ব, তেওঁলোকে আন এটা কৰিব। মোল নুবুজাৰ কাৰণে বহুত পাপ কৰি থাকে। শ্ৰীমতত নচলে। তেতিয়া অৱনতি হৈ যায়। পিতাই ক'ব এয়াও ড্ৰামা। তেওঁলোকৰ ভাগ্যত নাই। বাবাইতো জানে নহয়। বহুত পাপ কৰে, যদি নিশ্চয়তা থাকে যে পিতাই আমাক পঢ়ায় তেন্তে আনন্দিত হৈ থাকিব লাগে। তোমালোকে জানা যে আমি ভৱিষ্যতে নতুন সৃষ্টিত ৰাজকুমাৰ-ৰাজকুমাৰী হ'মগৈ, তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু সন্তানসকল এতিয়ালৈকেও নিস্তেজ হৈ থাকে। সেই আনন্দিত অৱস্থা স্থায়ী হৈ নাথাকে।

বাবাই বুজাইছে - বিনাশৰ বাবে আখৰাও হ'ব। দুৰ্যোগো হ'ব। ভাৰতক দুৰ্বল কৰি গৈ থাকিব। পিতাই নিজে কয় - এই সকলোবোৰ হ'বই। নহ'লে বিনাশ কেনেকৈ হ'ব! বৰফৰ বৰষুণ হ’ব তেতিয়া খেতি আদিৰ কি অৱস্থা হ'ব। লাখ লাখ মৰি থাকে, কোনোবাই কয় জানো। গতিকে পিতাই মুখ্য কথা বুজায় যে এনেকৈ নিজৰ ভিতৰত পৰীক্ষা কৰা, মই কিমান পিতাক স্মৰণ কৰোঁ। বাবা, আপুনিতো বৰ মিঠা, আপুনি চমৎকাৰ কৰে। আপোনাৰ আদেশ হ’ল - মোক স্মৰণ কৰা তেতিয়া 21 জন্মৰ বাবে কেতিয়াও ৰোগী হ’বলগীয়া নহ’ব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া মই প্ৰতিশ্ৰুতি দিওঁ, সন্মুখত পিতাই তোমালোকক কয় তোমালোকে আকৌ আনক শুনোৱা। পিতাই কয় – মোক; পিতাক স্মৰণ কৰা, বহুত মৰম কৰা। তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ কিমান সহজ ৰাস্তা দেখুৱাই দিওঁ। কোনোৱে কয় - আমিতো বহুত পাপ আত্মা। বাৰু, পুনৰ এনে পাপ নকৰিবা, মোক স্মৰণ কৰি থাকিবা তেতিয়া জন্ম-জন্মান্তৰৰ যি পাপ আছে সেয়া এই স্মৃতিৰ দ্বাৰা ভস্ম হৈ গৈ থাকিব। স্মৃতিত থকাটোৱেই হৈছে মুখ্য কথা। ইয়াক কোৱা হয় সহজ স্মৃতি। ‘যোগ’ শব্দটিও আঁতৰাই দিয়া। সন্ন্যাসীসকলৰ হঠযোগ ভিন্ন ভিন্ন ধৰণৰ হয়। অনেক প্ৰকাৰেৰে শিকায়। এই বাবাই অনেক গুৰুৰ শৰণাগত হৈছে নহয়। এতিয়া বেহদৰ পিতাই কয় - এই সকলোবোৰক এৰা। এওঁলোককো ময়েই উদ্ধাৰ কৰিব লাগে। আন কাৰো সাহস নাই যে এনেকৈ ক’ব পাৰে। পিতাইহে কৈছে - মই এই সাধুসকলকো উদ্ধাৰ কৰোঁ। তেন্তে এওঁলোক গুৰু কেনেকৈ হ’ব পাৰে। গাতিকে মূলতে এটা কথাই পিতাই বুজায় - নিজৰ অন্তৰক সোধা, মই কোনো পাপতো নকৰোঁ। কাকো দুখতো নিদিওঁ? এই ক্ষেত্ৰত কোনো কষ্ট নাই। ভিতৰত বিচাৰ কৰিব লাগে, গোটেই দিনটোত কিমান পাপ কৰিলোঁ? কিমান স্মৰণ কৰিলোঁ? স্মৃতিৰ দ্বাৰাই পাপ ভস্ম হ’ব। চেষ্টা কৰিব লাগে। এয়া বহুত পৰিশ্ৰমৰ কাম। জ্ঞান দিওঁতা এজনেই পিতা। পিতাইহে মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুৱাই দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি অবিনাশী জ্ঞান ৰত্নৰ সম্পদ দিয়ে তাৰ মোল বুজিব লাগে। অসাৱধান হৈ পাপ কৰ্ম কৰিব নালাগে। যদি নিশ্চয়তা আছে যে ভগৱানে আমাক পঢ়ায় তেন্তে অপাৰ আনন্দত থাকিব লাগে।

(2) ঈশ্বৰৰ ঘৰত কেতিয়াও চুৰি আদি কৰাৰ খেয়াল যাতে নাহে। এইটো অভ্যাস বৰ লেতেৰা। কোৱা হয় – এক পাই চুৰ কৰা আৰু লাখ টকা চুৰ কৰা কৰোঁতাজনক চোৰ বুলিয়ে ক’ব। নিজৰ অন্তৰক সুধিব লাগে - মই কিমান পুণ্য আত্মা হৈছোঁ।

বৰদান:
নিৰ্বল, নিৰাশ আৰু অসমৰ্থ আত্মাক অতিৰিক্ত বল দিওঁতা আত্মিক দয়াশীল হোৱা

যিসকল আত্মিক দয়াশীল আত্মা তেওঁলোক মহাদানী হৈ একেবাৰে নিৰাশ হৈ যোৱাজনৰ ভিতৰতো আশাৰ সঞ্চাৰ কৰি দিয়ে। নিৰ্বলীক বলৱান কৰি দিয়ে। দান সদায় গৰিবক, নিঃসহায় জনক দিয়া হয়। গতিকে যিসকল নিৰ্বল, নিৰাশ আৰু অসমৰ্থ প্ৰজাৰ গুণধাৰী আত্মা আছে তেওঁলোকৰ প্ৰতি আত্মিক দয়াশীল হৈ মহাদানী হোৱা। পৰস্পৰ ইজন সিজনৰ প্ৰতি মহাদানী নহয়। সেয়াতো সহযোগী সংগী, ভাই ভাই হোৱা, সমপৰ্যায়ৰ পুৰুষাৰ্থী হোৱা, সহযোগ দিয়া দান নহয়।

স্লোগান:
সদায় এজন পিতাৰ শ্ৰেষ্ঠ সংগত থাকা তেতিয়া অন্য কাৰো সংগৰ ৰঙে প্ৰভাৱিত কৰিব নোৱাৰে।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পৱিত্ৰতাৰ লগতে চেহেৰা আৰু চলনত আত্মিকতাৰ ব্যক্তিত্ব ধাৰণ কৰি এই উচ্চ ব্যক্তিত্বৰ আত্মিক নিচাত থাকা। নিজৰ আত্মিক ব্যক্তিত্ব স্মৃতিত ৰাখি সদায় প্ৰসন্নচিত হৈ থাকা তেতিয়া সকলো প্ৰশ্ন সমাপ্ত হৈ যাব। অশান্ত আৰু চিন্তিত আত্মাসকল তোমালোকৰ প্ৰসন্নতাৰ দৃষ্টিৰে প্ৰসন্ন হৈ যাব।