19.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোক ঈশ্বৰীয় সন্তান হৈছা, তোমালোকৰ কোনো আসুৰি অৱগুণ থাকিব নালাগে, নিজৰ উন্নতি কৰিব লাগে, গাফিলতি কৰিব নালাগে”

প্ৰশ্ন:
তোমালোক সংগমযুগী ব্ৰাহ্মণ সন্তানসকলৰ কোনটো নিশ্চয়তা আৰু নিচা আছে?

উত্তৰ:
আমাৰ এইটো নিশ্চয়তা আৰু নিচা আছে যে এতিয়া আমি ঈশ্বৰীয় সম্প্ৰদায়ৰ। আমি স্বৰ্গবাসী বিশ্বৰ মালিক হৈ আছোঁ। সংগমত আমি স্থানান্তৰ হৈ আছোঁ। আসুৰিক সন্তানৰ পৰা ঈশ্বৰীয় সন্তান হৈ 21 জন্মৰ কাৰণে স্বৰ্গবাসী হওঁ, ইয়াতকৈ শ্ৰেষ্ঠ কোনো বস্তু নাথাকে।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়, সাধাৰণতে মনুষ্যই শান্তি পচন্দ কৰে। ঘৰত যদি সন্তানসকলৰ মাজত মনোমালিন্য হৈ থাকে, তেতিয়া অশান্তি হৈ থাকে। অশান্তিৰ পৰা দুখৰ অনুভূতি হয়। শান্তিৰ পৰা সুখৰ অনুভূতি হয়। ইয়াত তোমালোক সন্তানসকল বহি আছা, তোমালোকৰ প্ৰকৃত শান্তি আছে। তোমালোকক কোৱা হৈছে যে পিতাক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। আত্মাত যি আধাকল্পৰ অশান্তি আছে, সেয়া শান্তিৰ সাগৰ পিতাক স্মৰণ কৰিলে আঁতৰিব। তোমালোকে শান্তিৰ উত্তৰাধিকাৰ পাই আছা। এইটোও তোমালোকে জানা শান্তিৰ সৃষ্টি আৰু অশান্তিৰ সৃষ্টি একেবাৰে বেলেগ। আসুৰিক সৃষ্টি, ঈশ্বৰীয় সৃষ্টি, সত্যযুগ, কলিযুগ কাক কোৱা হয়, এয়া কোনো মনুষ্য মাত্ৰেই নাজানে। তোমালোকে ক’বা আমিও জনা নাছিলোঁ। লাগিলে যিমানেই পদমৰ্যাদাধাৰী নহওঁক। টকা-পইচা থকাসকলক পদমৰ্যাদাধাৰী বুলি কোৱা হয়। গৰিব আৰু চহকী বুজিবতো পাৰে নহয়। এনেয়েতো তোমালোকেও বুজিব পাৰা যথাযথ ঈশ্বৰীয় সন্তান আৰু আসুৰিক সন্তান। এতিয়া তোমালোক মৰমৰ সন্তানসকলে বুজি পোৱা যে আমি ঈশ্বৰীয় সন্তান। এইটো দৃঢ় নিশ্চয়তা আছে নহয়। তোমালোক ব্ৰাহ্মণসকলে বুজি পোৱা যে আমি ঈশ্বৰীয় সম্প্ৰদায় স্বৰ্গবাসী বিশ্বৰ মালিক হৈ আছোঁ। সকলো সময়তে সেইটো আনন্দ থাকিব লাগে। বহুত কমসংখ্যক আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায়। সত্যযুগত হৈছে ঈশ্বৰীয় সম্প্ৰদায়। কলিযুগত হৈছে আসুৰিক সম্প্ৰদায়। পুৰুষোত্তম সংগমযুগত আসুৰিক সম্প্ৰদায় পৰিৱৰ্তন হয়। এতিয়া আমি শিৱবাবাৰ সন্তান হৈছোঁ। মাজতে পাহৰি গৈছিলোঁ। এতিয়া পুনৰ এই সময়ত জানিছোঁ যে আমি শিৱবাবাৰ সন্তান। তাত সত্যযুগত কোনেও নিজক ঈশ্বৰীয় সন্তান বুলি নকয়। তাত হৈছে দৈৱী সন্তান। ইয়াৰ আগতে আমি আসুৰিক সন্তান আছিলোঁ। এতিয়া ঈশ্বৰীয় সন্তান হৈছোঁ। আমি ব্ৰাহ্মণসকল বি.কে.। ৰচনা হৈছে এজন পিতাৰ। তোমালোক সকলো হৈছা ভাতৃ-ভগ্নী আৰু ঈশ্বৰীয় সন্তান। তোমালোকে জানা যে বাবাৰ পৰা ৰাজ্য-ভাগ্য পাই আছোঁ। ভৱিষ্যতে গৈ আমি দৈৱী স্বৰাজ্য লাভ কৰিম, সুখী হ’মগৈ। যথাযথ সত্যযুগ হৈছে সুখধাম আৰু কলিযুগ হৈছে দুখধাম। এয়া কেৱল তোমালোক সংগমযুগী ব্ৰাহ্মণসকলে জানা। আত্মা হৈছে ঈশ্বৰীয় সন্তান। এইটোও জানা যে বাবাই স্বৰ্গ স্থাপনা কৰে। তেওঁ ৰচয়িতা হয় নহয়। নৰকৰ ৰচয়িতাতো নহয়। তেওঁক কোনে স্মৰণ কৰিব। তোমালোক মৰমৰ সন্তানসকলে জানা - পিতাই স্বৰ্গ স্থাপনা কৰি আছে। তেওঁ হৈছে আমাৰ অতি মৰমৰ পিতা। আমাক 21 জন্মৰ কাৰণে স্বৰ্গবাসী কৰি তোলে, ইয়াতকৈ শ্ৰেষ্ঠ বস্তু একো নাই। এইখিনি বোধশক্তি থাকিব লাগে। আমি ঈশ্বৰীয় সন্তান, গতিকে আমাৰ ভিতৰত কোনো আসুৰিক গুণ থাকিব নালাগে। নিজৰ উন্নতি কৰিব লাগে। সময় বাকী অলপহে আছে, এই ক্ষেত্ৰত গাফিলতি কৰিব নালাগে। পাহৰি নাযাবা। দেখিছা পিতা সন্মুখত বহি আছে, যাৰ আমি সন্তান হওঁ। আমি দৈৱী সন্তান হ’বলৈ ঈশ্বৰ পিতাৰ পৰা পঢ়ি আছোঁ, তেন্তে কিমান আনন্দিত হ’ব লাগে। পিতাই কেৱল কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। পিতা আহিছেই সকলোকে লৈ যাবলৈ। যিমানে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব। অজ্ঞান কালত যেনেকৈ কন্যাৰ বাগদান হ’লে সেই স্মৃতি একেবাৰে সাঁচ বহি যায়। সন্তান জন্ম হ’ল আৰু স্মৃতি সাঁচ বহি যায়। এই স্মৃতিতো স্বৰ্গতো সাঁচ বহি যায়, নৰকতো সাঁচ বহি যায়। সন্তানে ক’ব এওঁ মোৰ পিতা, এতিয়া এয়াতো হৈছে বেহদৰ পিতা। যাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায় গতিকে তেওঁৰ স্মৃতি সাঁচ বহি যাব লাগে। পিতাৰ পৰা আমি ভৱিষ্যত 21 জন্মৰ উত্তৰাধিকাৰ পুনৰাই লৈ আছোঁ। বুদ্ধিত উত্তৰাধিকাৰৰ স্মৃতিয়েই আছে।

এইটোও জানা যে মৰিবতো সকলোৱে লাগিব। এজনো নাথাকিব, যিসকল অতিকৈ মৰমৰ আছে সকলো গুচি যাব। এয়া কেৱল তোমালোক ব্ৰাহ্মণসকলেহে জানা যে এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এয়া নাশ হোৱাৰ পূৰ্বে সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে। যিহেতু ঈশ্বৰীয় সন্তান হোৱা গতিকে অপাৰ আনন্দিত হৈ থাকিব লাগে। পিতাই কৈ থাকে - সন্তানসকল, নিজৰ জীৱন হীৰাতুল্য কৰি তোলা। সেয়া হৈছে দৈৱী বিশ্ব, এয়া হৈছে আসুৰিক বিশ্ব। সত্যযুগত কিমান অপাৰ সুখ থাকে। সেয়া পিতাইহে দিয়ে। ইয়াত তোমালোক পিতাৰ ওচৰলৈ আহিছা। ইয়াত বহিতো নোযোৱা। এনেকুৱাতো নহয় যে সকলো একেলগে থাকিব কিয়নো বেহদৰ অনেক সন্তান আছে। ইয়ালৈ তোমালোক বহুত উৎসাহেৰে আহা। আমি বেহদৰ পিতাৰ ওচৰলৈ যাওঁ। আমি ঈশ্বৰীয় সন্তান হওঁ। ঈশ্বৰ পিতাৰ সন্তান, তেন্তে আমি কিয়নো স্বৰ্গত থকা উচিত নহয়। ঈশ্বৰ পিতাইতো স্বৰ্গ ৰচনা কৰে নহয়। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই বিশ্বৰ ইতিহাস- ভূগোল আছে। এইটো জানা যে স্বৰ্গ স্থাপনা কৰা ঈশ্বৰ পিতাই আমাক স্বৰ্গৰ লায়ক কৰি আছে। কল্প কল্পৰ পাছত স্বৰ্গ ৰচনা কৰে। এজনো মনুষ্য নাই যিয়ে এইটো জানে যে আমি ভাৱৰীয়া। ঈশ্বৰ পিতাৰ সন্তান তেন্তে আমি দুখী কিয়! পৰস্পৰ কাজিয়া কিয় কৰোঁ! আমি আত্মা সকলো ভাই ভাই হওঁ নহয়। ভ্ৰাতৃসকলে পৰস্পৰ কেনেকৈ কাজিয়া কৰি থাকে। কাজিয়া কৰি শেষ হৈ যাব। ইয়াত আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। ভ্ৰাতৃসকল পৰস্পৰ কেতিয়াও প্ৰীতিকৰ হোৱা উচিত নহয়। ইয়াততো পিতাৰ সৈতেও অপ্ৰীতিকৰ হৈ যায়। ভাল ভাল সন্তানো অপ্ৰীতিকৰ হৈ যায়। মায়া কিমান শক্তিশালী। যিসকল ভাল ভাল সন্তান আছে তেওঁলোকক পিতাই স্মৰণতো কৰে। পিতাৰ সন্তানসকলৰ প্ৰতি কিমান মৰম আছে। পিতাৰতো সন্তানসকলৰ বাহিৰে অন্য কোনো নাই যাক স্মৰণ কৰিব। তোমালোকৰ কাৰণেতো বহুত আছে। তোমালোকৰ বুদ্ধি ইফালে-সিফালে যায়। পেছাগত কাম-কাজ আদিৰ ফালেও বুদ্ধি যায়। মোৰ কাৰণেতো কোনো বেপাৰ আদিও নাই। তোমালোক অনেক সন্তানৰ অনেক বেপাৰ আছে। মোৰতো এটাই বেপাৰ। মই আহিছোঁৱেই সন্তানসকলক স্বৰ্গৰ উত্তৰাধিকাৰী কৰি তুলিবলৈ। বেহদ পিতাৰ সম্পত্তি কেৱল তোমালোক সন্তানসকল। ঈশ্বৰ পিতা হয় নহয়। সকলো আত্মা তেওঁৰ সম্পত্তি। মায়াই ছিঃ ছিঃ কৰি দিছে। এতিয়া পিতাই ফুল কৰি তোলে। পিতাই কয় – মোৰতো কেৱল তোমালোক সন্তানসকলেই। তোমালোকৰ প্ৰতি মোৰ মোহো আছে। যদি চিঠি নিলিখা তেতিয়া চিন্তিত হৈ যাওঁ। ভাল ভাল সন্তানসকলৰ চিঠি নাহে। ভাল ভাল সন্তানসকলক মায়াই একেবাৰে শেষ কৰি দিয়ে। নিশ্চয় দেহ-অভিমান আছে। পিতাই কৈ থাকে - নিজৰ কুশল বাৰ্তা লিখা। বাবাই সন্তানসকলক সোধে – সন্তানসকল, তোমালোকক মায়াই হায়ৰাণতো নকৰে? বাহাদুৰ হৈ মায়াৰ ওপৰত জয়ী হৈ আছা নহয়! তোমালোক যুদ্ধক্ষেত্ৰত আছা। কৰ্মেন্দ্ৰিয়সমূহক এনেকৈ বশ কৰিব লাগে যাতে অলপো চঞ্চলতা নাথাকে। সত্যযুগত সকলো কৰ্মেন্দ্ৰিয় বশীভূত হৈ থাকে। কৰ্মেন্দ্ৰিয়সমূহৰ কোনো চঞ্চলতা নাথাকে। মুখ, হাত, কাণ... কোনোটোৰে চঞ্চলতাৰ একো কথা নাথাকে। তাত কোনো লেতেৰা বস্তু নাথাকে। ইয়াত যোগবলেৰে কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত জয়ী হোৱা। পিতাই কয় - কোনো লেতেৰা কথা নাই। কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিব লাগে। ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। সময় বহুত কম। গায়নো আছে যে বহুত গ’ল অলপহে বাকী আছে। এতিয়া অলপ বাকী থাকি যায়। নতুন ঘৰ নিৰ্মাণ কৰি থকা হয় সেয়েহে বুদ্ধিত থাকে নহয় যে বাকী অলপ সময় আছে। এতিয়া এয়া তৈয়াৰ হৈ যাব, বাকী এয়া অলপ কাম বাকী আছে। সেয়া হৈছে হদৰ কথা, এয়া হৈছে বেহদৰ কথা। এইটোও সন্তানসকলক বুজোৱা হৈছে যে তেওঁলোকৰ হৈছে বিজ্ঞানৰ বল, তোমালোকৰ হৈছে শান্তিৰ বল। হওঁতে তেওঁলোকৰো বুদ্ধিৰ বল, তোমালোকৰো বুদ্ধিৰ বল। বিজ্ঞানৰ কিমান উদ্ভাৱন হৈ থাকে। এতিয়াতো এনেকুৱা বোমা তৈয়াৰ কৰি থাকে যে এনেকৈ কয় তাত বহি বহিয়ে বোমা নিক্ষেপ কৰিব তেতিয়া গোটেই চহৰ নাশ হৈ যাব। তেতিয়া সেই সেনাসকল, উৰাজাহাজ আদিও কামত নাহিব। গতিকে সেয়া হৈছে বিজ্ঞানৰ বুদ্ধি। তোমালোকৰ হৈছে শান্তিৰ বুদ্ধি। তেওঁলোক বিনাশৰ বাবে নিমিত্ত হৈছে। তোমালোক অবিনাশী পদ পাবৰ কাৰণে নিমিত্ত হৈছা। এয়াও বুজিবলৈ বুদ্ধি লাগে নহয়।

তোমালোক সন্তানসকলে বুজিব পাৰা যে পিতাই কিমান সহজ মাৰ্গ দেখুৱাই দিয়ে। যিমানেই অহল্যা, কুঁজা নহওঁক কেৱল দুটা শব্দ স্মৃতিত ৰাখিব লাগে – ‘পিতা’ আৰু ‘উত্তৰাধিকাৰ’। বাকী যিয়ে যিমান স্মৰণ কৰে। অন্যৰ সংগ এৰি একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - মই যেতিয়া নিজৰ ঘৰ পৰমধামত আছিলোঁ তেতিয়া ভক্তিমাৰ্গত তোমালোকে আহ্বান জনাইছিলা – বাবা আপুনি আহিলে তেতিয়া আমি সকলো উৎসৰ্গিত কৰি দিম। এয়া যেন মৃতকৰ শ্ৰাদ্ধ কৰা পুৰোহিতৰ নিচিনা হ’ল, শ্ৰাদ্ধ কৰা পুৰোহিতক পুৰণা বস্তুবোৰ দি দিয়া হয়। তোমালোকে পিতাক কি দিবা? এওঁকতো (ব্ৰহ্মাক) নিদিয়া নহয়। এৱোঁ সকলো দি দিলে। এওঁ জানো ইয়াত বহি মহল সাজিব। এয়া সকলো শিৱবাবাৰ কাৰণে। তেওঁৰ নিৰ্দেশনা মতে কৰি আছে। তেওঁ হৈছে কৰণকৰাৱনহাৰ, নিৰ্দেশনা দি থাকে। সন্তানসকলে কয় - বাবা মোৰ কাৰণে আপুনি এজনেই। আপোনাৰ কাৰণেতো অনেক সন্তান আছে। বাবাই আকৌ কয় - মোৰ কাৰণে কেৱল তোমালোক সন্তানসকলেই। তোমালোকৰ কাৰণেতো অনেক আছে। কিমান দেহৰ সম্বন্ধীয়ৰ স্মৃতি থাকে। মৰমৰ সন্তানসকলক পিতাই কয় - যিমান সম্ভৱ পিতাক স্মৰণ কৰা আৰু বাকী সকলোকে পাহৰি যোৱা। স্বৰ্গৰ ৰাজ্য-ভাগ্যৰ মাখন তোমালোকে পোৱা। অলপ খেয়ালতো কৰা, কেনেকৈ এই খেলখন ৰচা হৈছে। তোমালোকে কেৱল পিতাক স্মৰণ কৰা আৰু স্বদৰ্শন চক্ৰধাৰী হোৱা বাবে চক্ৰৱৰ্তী ৰজা হোৱাগৈ। এতিয়া তোমালোক সন্তানসকল বাস্তৱত অনুভৱী হোৱা। মনুষ্যইতো ভাবে ভক্তি পৰম্পৰাগতভাৱে চলি আহিছে। বিকাৰো পৰম্পৰাগতভাৱে চলি আহিছে। এই লক্ষ্মী-নাৰায়ণ, ৰাধা–কৃষ্ণৰোতো সন্তান আছিল নহয়। হয় আছিলতো, সন্তান কিয় নাছিল কিন্তু তেওঁলোকক সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা হয়। ইয়াত হৈছে সম্পূৰ্ণ বিকাৰী। এজনে আনজনক গালি-গালাজ কৰি থাকে। এতিয়া তোমালোক সন্তানসকলে পিতা ‘শ্ৰী শ্ৰী’ৰ শ্ৰীমত পোৱা। তোমালোকক শ্রেষ্ঠ কৰি তোলে। যদি পিতাৰ কথা নামানা তেন্তে শ্ৰেষ্ঠ হ’বা জানো। এতিয়া মানা বা নামানা তোমালোকৰ কথা। সুসন্তানেতো তৎক্ষণাৎ মানিব। সম্পূৰ্ণ সহায় নকৰিলে তেতিয়া নিজৰে লোকচান কৰে। পিতাই কয় - মই কল্পই কল্পই আহোঁ। কিমান পুৰুষাৰ্থ কৰাওঁ। কিমান আনন্দত লৈ আহোঁ। পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লোৱাৰ ক্ষেত্ৰতেই মায়াই গাফিলতি কৰায়। কিন্তু তোমালোক সেই ফান্দত আৱদ্ধ হ’ব নলাগে। মায়াৰ লগতে যুদ্ধ হয়। বহুত ডাঙৰ ধুমুহা আহিব। তাৰ ভিতৰতো উত্তৰাধিকাৰীসকলক মায়াই বেছিকৈ প্ৰহাৰ কৰিব। অতি শক্তিশালী হৈ যুদ্ধ কৰিব। যেনেকৈ বৈদ্যই দৰব দিলে তেতিয়া সকলো বেমাৰ বাহিৰ হৈ আহে। ইয়াতো মোৰ হোৱাৰ পাছত সকলোৰে স্মৃতি আহিবলৈ ধৰিব। ধুমুহাও আহিব, এই ক্ষেত্ৰত বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ হোৱা উচিত। আমি প্ৰথমে পৱিত্ৰ আছিলোঁ আকৌ আধাকল্প অপৱিত্ৰ হলোঁ। এতিয়া পুনৰ উভতি যাব লাগে। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। যিমানে স্মৰণ কৰিবা সিমানে উচ্চ পদ পাবা। স্মৰণ কৰি কৰি তোমালোক ঘৰলৈ গুচি যাবা, এই ক্ষেত্ৰত একেবাৰে অন্তৰ্মুখী হোৱা উচিত। জ্ঞান আত্মাত ধাৰণ হয়। আত্মাইহে পঢ়ে। আত্মাৰ জ্ঞানো পৰমাত্মা পিতাহে আহি দিয়ে। বিশ্বৰ মালিক হ’বলৈ তোমালোকে ইমান শ্ৰেষ্ঠ জ্ঞান লোৱা। মোক তোমালোকে ‘পতিত-পাৱন’, ‘জ্ঞানৰ সাগৰ’, ‘শান্তিৰ সাগৰ’ বুলিয়ে কোৱা। যি মোৰ লগত আছে সেয়া সকলো তোমালোকক দি দিওঁ। বাকী কেৱল দিব্য দৃষ্টিৰ চাবি প্ৰদান নকৰোঁ। তাৰ পৰিৱৰ্তে তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। সাক্ষাৎকাৰত একো নাই। মুখ্য হৈছে পঢ়া। পঢ়াৰ দ্বাৰা তোমালোকে 21 জন্মৰ সুখ লাভ কৰা। মীৰাৰ সৈতে তোমালোকৰ নিজৰ সুখ তুলনা কৰি চোৱা। তেওঁতো কলিযুগত আছিল, সাক্ষাৎ কৰিলে তাৰ পাছত কি হ'ল। ভক্তিৰ মালাই বেলেগ। জ্ঞানমাৰ্গৰ মালা বেলেগ। ৰাৱণৰ ৰাজত্ব বেলেগ, তোমালোকৰ ৰাজত্ব বেলেগ। এটাক দিন, আনটোক ৰাতি বুলি কোৱা হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিৰ বলেৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহ এনেকৈ বশ কৰিব লাগে যাতে কোনো চঞ্চলতা নাথাকে। সময় বহুত কম সেয়েহে ভালকৈ পুৰুষাৰ্থ কৰি মায়াজিৎ হ’ব লাগে।

(2) পিতাই যি জ্ঞান দিয়ে অন্তৰ্মুখী হৈ সেয়া ধাৰণ কৰিব লাগে। কেতিয়াও পৰস্পৰ অপ্ৰীতিকৰ হ’ব নালাগে। বাবাক নিজৰ কুশল বাৰ্তা নিশ্চয় দিব লাগে।

বৰদান:
কল্যাণকাৰী বৃত্তিৰে সেৱা কৰোঁতা সৰ্ব আত্মাৰ আশীৰ্বাদৰ অধিকাৰী হোৱা

কল্যাণকাৰী বৃত্তিৰে সেৱা কৰা - এয়াই সৰ্ব আত্মাৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ সাধন। যিহেতু লক্ষ্য থাকে যে আমি বিশ্বকল্যাণকাৰী, সেয়েহে অকল্যাণৰ কৰ্তব্য হ’ব নোৱাৰে। যেনেকুৱা কাৰ্য তেনেকুৱাই নিজৰ ধাৰণা হয়, যদি কাৰ্য স্মৃতিত থাকে তেতিয়া সদায় দয়াশীল, সদায় মহাদানী হৈ থাকিবা। প্ৰতিটো খোজত কল্যাণকাৰী বৃত্তি থাকিব, ‘মই’ বোধ নাহিব, নিমিত্ত বোধ স্মৃতিত থাকিব। এনেকুৱা সেৱাধাৰীৰ সেৱাৰ প্ৰতিদানত সৰ্ব আত্মাৰ আশীৰ্বাদৰ অধিকাৰ প্ৰাপ্ত হৈ যায়।

স্লোগান:
সাধনসমূহৰ আকৰ্ষণে সাধনা খণ্ডিত কৰি দিয়ে।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

অন্তৰ্মুখী আত্মাসকল তিনি প্ৰকাৰৰ ভাষাৰ অনুভৱী হয় - (1) নয়নৰ ভাষা (2) ভাৱনাৰ ভাষা আৰু (3) সংকল্পৰ ভাষা। এই তিনি প্ৰকাৰৰ ভাষা আত্মিক যোগী জীৱনৰ ভাষা, যিমানে তোমালোক অন্তৰ্মুখী, মিঠা শান্ত স্বৰূপত স্থিৰ হৈ গৈ থাকিবা সিমানে এই তিনিটা ভাষাৰ দ্বাৰা সৰ্ব আত্মাক অনুভৱ কৰাব পাৰিবা। এতিয়া এই আত্মিক ভাষাৰ অভ্যাস কৰোঁতা হোৱা।