19.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শিৱবাবাই তোমালোকৰ ফুল আদি স্বীকাৰ কৰিব নোৱাৰে কিয়নো তেওঁ পূজ্য বা পূজাৰী নহয়, তোমালোকেও সংগমত ফুলৰ মালা পিন্ধিব নালাগে”

প্ৰশ্ন:
ভৱিষ্যত ৰাজ্য সিংহাসনৰ অধিকাৰী কোনসকল হয়?

উত্তৰ:
যিসকল এতিয়া মাতা-পিতাৰ অন্তৰ জিনোঁতা হ’ব (অন্তৰাসনত অধিস্থিত হ'ব), তেওঁলোকেই ভৱিষ্যত সিংহাসনধাৰী হ'ব। আচৰিত যে সন্তানসকলে মাতা-পিতাৰ ওপৰতো বিজয় প্ৰাপ্ত কৰে। পৰিশ্ৰম কৰি মাতা-পিতাতকৈও আগুৱাই যায়।

গীত:
ছৌড় ভী দে আকাছ চিংহাচন...... (আকাশ সিংহাসন এৰি দিয়া……)

ওঁম্শান্তি।
অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে। এই গীতটিৰ দ্বাৰা সৰ্বব্যাপীৰ জ্ঞানতো উৰি যায়। স্মৰণ কৰে, এতিয়া ভাৰত বহুত দুখী। নাটক অনুসৰি এই সকলোবোৰ গীত ৰচনা হৈছে। জগতবাসীয়ে নাজানে। পিতা আহে পতিতক পাৱন কৰি তুলিবলৈ বা দুখীসকলক দুখৰ পৰা উদ্ধাৰ কৰি সুখ দিবলৈ। সন্তানসকলে জানি গৈছে - সেইজনেই পিতা আহিছে। সন্তানসকলে পৰিচয় প্ৰাপ্ত কৰিছে। (পিতাই) নিজে বহি কয় - মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰি গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনাওঁ। সৃষ্টি এখনেই, কেৱল নতুন আৰু পুৰণি হয়। যিদৰে শৰীৰ সৰুকালত নতুন হয় আকৌ পুৰণি হয়। নতুন শৰীৰ, পুৰণি শৰীৰ দুটা শৰীৰ বুলিতো কোৱা নহ’ব। হওঁতে এটাই কেৱল নতুনৰ পৰা পুৰণি হয়। সেইদৰে জগত এখনেই। নতুনৰ পৰা এতিয়া পুৰণি হয়। নতুন কেতিয়া আছিল? এইটো আকৌ কোনেও ক'ব নোৱাৰে। পিতা আহি বুজায় – সন্তানসকল, যেতিয়া নতুন সৃষ্টি আছিল তেতিয়া ভাৰত নতুন আছিল। সত্যযুগ বুলি কোৱা হৈছিল। সেইখন ভাৰতেই আকৌ পুৰণি হৈ গ’ল। ইয়াক পুৰণি প্ৰাচীন বিশ্ব বুলি কোৱা হয়। নতুন বিশ্বৰ পৰা পুনৰ পুৰণি হৈ পৰিল পুনৰ তাক নতুন নিশ্চয় কৰি তুলিব লাগিব। সন্তানসকলে নতুন সৃষ্টিৰ সাক্ষাৎকাৰ কৰিছে। বাৰু সেই নতুন সৃষ্টিখনৰ মালিক কোন আছিল? যথাযথ এই লক্ষ্মী-নাৰায়ণ আছিল। আদি সনাতন দেৱী-দেৱতাসকল সেই সৃষ্টিখনৰ মালিক আছিল। এইটো পিতাই সন্তানসকলক বুজাই আছে। পিতাই কয় - এতিয়া নিৰন্তৰ এইটোৱেই স্মৰণ কৰা। পিতা পৰমধামৰ পৰা আমাক পঢ়াবলৈ, ৰাজযোগ শিকাবলৈ আহিছে। সকলো মহিমা সেই এজনৰে, এওঁৰ (ব্ৰহ্মাৰ) একো মহিমা নাই। এই সময়ত সকলো তুচ্ছ বুদ্ধিৰ, একো বুজি নাপায় সেয়েহে মই আহোঁ সেইবাবেইতো গীতো ৰচনা কৰা হৈছে। সৰ্বব্যাপীৰ জ্ঞানতো উৰি যায়। প্ৰত্যেকৰে ভূমিকা নিজা নিজা। পিতাই বাৰে বাৰে কয় - দেহ-অভিমান এৰি তোমালোক আত্ম-অভিমানী হোৱা আৰু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শিক্ষা ধাৰণ কৰা। যদিওবা এই বাবাক (ব্ৰহ্মাবাবাক) চলোঁতে-ফুৰোঁতে দেখা পোৱা কিন্তু স্মৰণ শিৱবাবাক কৰা। এনেকৈয়ে বুজা শিৱবাবায়ে সকলোবোৰ কৰে। ব্ৰহ্মা নাই। যদিওবা এওঁৰ ৰূপ এই দুচকুৰে দেখিবলৈ পোৱা যায়। তোমালোকৰ বুদ্ধি শিৱবাবাৰ ফালে যাব লাগে। শিৱবাবা নাথাকিলে এওঁৰ আত্মা, এওঁৰ শৰীৰ কোনো কামৰ নহয়। সদায় বুজিবা এওঁৰ ভিতৰত শিৱবাবা আছে। তেওঁ এওঁৰ দ্বাৰা পঢ়ায়। এওঁ তোমালোকৰ শিক্ষক নহয়। সৰ্বোচ্চ শিক্ষক তেওঁ (শিৱবাবা) হয়। স্মৰণ তেওঁক কৰিব লাগে। কেতিয়াও শৰীৰক স্মৰণ কৰিব নালাগে। বুদ্ধিযোগ পিতাৰ সৈতে লগাব লাগে। সন্তানসকলে স্মৰণ কৰে পুনৰ আহি জ্ঞান-যোগ শিকোৱা, পৰমপিতা পৰমাত্মাৰ বাহিৰে কোনেও ৰাজযোগ শিকাব নোৱাৰে। সন্তানসকলৰ বুদ্ধিত আছে তেৱেঁই বহি গীতাৰ জ্ঞান শুনায় পুনৰ এই জ্ঞান প্ৰায় লোপ হৈ যায়। তাত (সত্যযুগত) দৰকাৰেই নাই। ৰাজধানী স্থাপন হৈ গ'ল। সৎগতি হৈ যায়। জ্ঞান প্ৰদান কৰা হয় দুৰ্গতিৰ পৰা সৎগতি হ’বলৈ। বাকী সেই সকলোবোৰতো হৈছে ভক্তি মাৰ্গৰ কথা। মনুষ্যই জপ-তপ, দান-পুণ্য আদি যি কিছু কৰে, সকলোবোৰ ভক্তি মাৰ্গৰ কথা, ইয়াৰ দ্বাৰা মোক কোনেও পাব নোৱাৰে। আত্মাৰ পাখি ভাঙি গ'ল। পাথৰবুদ্ধিৰ হৈ গ’ল। পাথৰৰ পৰা পুনৰ পাৰস কৰি তুলিবলৈ মই আহিবলগীয়া হয়। পিতাই কয় - এতিয়া কিমান মনুষ্য আছে। সৰিয়হ সদৃশ সংসাৰ ভৰি পৰি আছে। এতিয়া সকলোবোৰ শেষ হৈ যাব। সত্যযুগততো ইমান মনুষ্য নাথাকে। নতুন সৃষ্টিত বৈভৱ বহুত আৰু মনুষ্য অলপ থাকিব। ইয়াততো ইমান মনুষ্য আছে যে খাবলৈকেও পোৱা নাযায়। পুৰণি বালিময় ভূমি পুনৰ নতুন হৈ যাব। তাত হৈছেই সকলোবোৰ নতুন। নামেই কিমান মিঠা - হেভেন, বহিস্থ, দেৱতাসকলৰ নতুন সৃষ্টি। পুৰণিক ভাঙি নতুনত বহাৰ ইচ্ছা হয় নহয়। এতিয়া হৈছে নতুন সৃষ্টি, স্বৰ্গলৈ যোৱাৰ কথা। ইয়াত পুৰণি শৰীৰৰ কোনো মূল্য নাই। শিৱবাবাৰতো কোনো শৰীৰ নাই।

সন্তানসকলে কয় - বাবাক মালা পিন্ধাওঁ। কিন্তু এওঁক মালা পিন্ধালে তোমালোকৰ বুদ্ধিযোগ এওঁৰ ফালে গুচি যাব। শিৱবাবাই কয় মালাৰ দৰকাৰ নাই। তোমালোকেই পূজ্য হোৱা। পূজাৰীও তোমালোক হোৱা। নিজে পূজ্য নিজে পূজাৰী। গতিকে নিজৰেই চিত্ৰৰ পূজা কৰাত লাগি যায়। বাবাই কয় - মই পূজ্যও নহওঁ, ফুল আদিৰো দৰকাৰ নাই। মইনো এইবোৰ কিয় পিন্ধোঁ সেয়েহে কেতিয়াও ফুলৰ মালা আদি গ্ৰহণ নকৰে। তোমালোক পূজ্য হোৱা সেইবাবে যিমান ইচ্ছা সিমান ফুল (ফুলৰ মালা) পিন্ধিবা। মইতো তোমালোক সন্তানসকলৰ অতিকৈ মৰমৰ আজ্ঞাকাৰী পিতাও হওঁ, শিক্ষকো হওঁ, সেৱাধাৰীও হওঁ। ডাঙৰ ডাঙৰ ৰাজকীয় ব্যক্তিয়ে যেতিয়া তলত চহী কৰে তেতিয়া লিখে ‘মিণ্টো’, ‘কৰজেন’ (ৰাজপ্ৰতিনিধি) আদি... নিজক ‘লৰ্ড’ (প্ৰভু; ঈশ্বৰ) বুলি কেতিয়াও নিলিখে। ইয়াততো শ্ৰী লক্ষ্মী-নাৰায়ণ, শ্ৰী অমুক। একেবাৰে শ্ৰী শব্দ লিখি দিয়ে। গতিকে পিতাই বহি বুজায় এতিয়া এই শৰীৰক স্মৰণ নকৰিবা। নিজক আত্মা বুলি নিশ্চয় কৰা আৰু পিতাক স্মৰণ কৰা। এই পুৰণি সৃষ্টিত আত্মা আৰু শৰীৰ দুয়োটাই পতিত। সোণ 9 কেৰেটৰ হ’লে তেন্তে গহণাও 9 কেৰেটৰ হ'ব। সোণতহে খাদ পৰে (অন্য ধাতু মিহলায়)। আত্মাক কেতিয়াও নিৰ্লেপ বুলি বুজিব নালাগে। এই জ্ঞান তোমালোকৰ এতিয়া আছে। তোমালোকে আধাকল্প 21 জন্মৰ বাবে প্ৰালব্ধ পোৱা তেন্তে কিমান পুৰুষাৰ্থ কৰিব লাগে! কিন্তু সন্তানসকলে বাৰে বাৰে পাহৰি যায়। শিৱবাবাই, ব্ৰহ্মাৰ দ্বাৰা আমাক শিক্ষা দি আছে। ব্ৰহ্মাৰ আত্মায়ো তেওঁক স্মৰণ কৰে। ব্ৰহ্মা, বিষ্ণু, শংকৰ হৈছে সূক্ষ্মলোকবাসী। পিতাই পোনতে সূক্ষ্ম সৃষ্টি ৰচনা কৰে, নিৰ্বাণধাম উচ্চতকৈও উচ্চ ধাম। আত্মাৰ নিৰ্বাণধাম সকলোতকৈ উচ্চ। এজন ভগৱানক সকলো ভক্তই স্মৰণ কৰে। কিন্তু তমোপ্ৰধান হৈ গৈছে গতিকে পিতাক পাহৰি, পাথৰে-শিলগুটিয়ে সকলোতে পূজা কৰি থাকে। আমি জানো যি কিছু চলে নাটকৰ দৃশ্যগ্ৰহণ হৈ গৈ থাকে। নাটকত এবাৰ যি দৃশ্যগ্ৰহণ হয়। ধৰি লোৱা তাৰ মাজতে কোনো চৰাই আদি উৰে তেতিয়া সেয়াই বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। চিলা উৰি থকাতো দৃশ্যগ্ৰহণ হৈ গ'ল তেন্তে বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। এই নাটকৰো চেকেণ্ডৰ পাছত চেকেণ্ড পুনৰাবৃত্তি হৈ গৈ থাকে। দৃশ্যগ্ৰহণ চলি থাকে। এয়া পূৰ্ব নিৰ্ধাৰিত নাটক। তোমালোক ভাৱৰীয়া গোটেই নাটকক সাক্ষী হৈ প্ৰত্যক্ষ কৰা। এটি এটি চেকেণ্ড নাটক অনুসৰি অতিবাহিত হয়। পাত লৰিল, নাটক অতিবাহিত হ’ল। এনেকুৱা নহয় যে এটি এটি পাত ভগৱানৰ নিৰ্দেশ মৰ্মে লৰে। নহয়, এই সকলোবোৰ নাটকত নিৰ্ধাৰিত হৈ আছে। ইয়াক ভালদৰে বুজিব পাব লাগে। পিতাহে আহি ৰাজযোগ শিকায় আৰু নাটকৰ জ্ঞান দিয়ে। চিত্ৰও কিমান ভাল তৈয়াৰ কৰি থোৱা আছে। সংগমযুগত ঘড়ীৰ কাঁটাও লাগি আছে। কলিযুগৰ অন্ত সত্যযুগৰ আদিৰ সংগম। এতিয়া পুৰণি সৃষ্টিত অনেক ধৰ্ম আছে। নতুন সৃষ্টিত পুনৰ এইবোৰ নাথাকিব। তোমালোক সন্তানসকলে সদায় এনেকৈ বুজিবা - আমাক পিতাই পঢ়ায়, আমি ঈশ্বৰীয় বিদ্যাৰ্থী। ভগৱানুবাচ (ভগৱানৰ বাণী) - মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। ৰজা লোকসকলেও লক্ষ্মী-নাৰায়ণক পূজে। গতিকে তেওঁলোকক পূজ্য কৰি তোলোঁতা মই হওঁ। যিসকল পূজ্য আছিল তেওঁলোক এতিয়া পূজাৰী হৈ গৈছে। তোমালোক সন্তানসকলে বুজি পাইছা আমিয়েই সেই পূজ্য আছিলোঁ পুনৰ আমিয়েই পূজাৰী হ'লোঁ। বাবাতো নহয়। বাবাই কয়, মই পূজাৰীও নহওঁ, পূজ্যও নহওঁ, সেয়েহে মই মালাও নিপিন্ধোঁ, পিন্ধাবলগীয়াও নহয়। তেন্তে মই কিয় ফুল স্বীকাৰ কৰিম। তোমালোকেও স্বীকাৰ কৰিব নোৱাৰা। বিধি অনুসৰি সেই দেৱতাসকলৰ অধিকাৰ আছে, তেওঁলোকৰ আত্মা আৰু শৰীৰ পৱিত্ৰ। তেওঁলোকেই (এই) ফুলৰ অধিকাৰী। তাত স্বৰ্গততো সুগন্ধি ফুল আছেই। ফুল হয়েই সুবাসৰ বাবে। পিন্ধাৰ বাবেও হয়। পিতাই কয় - এতিয়া তোমালোক সন্তানসকল বিষ্ণুৰ ডিঙিৰ হাৰ (মালা) হোৱা। ক্ৰম অনুসৰি তোমালোক সিংহাসনত বহিব লাগে। যিসকলে কল্প পূৰ্বে যিমান পুৰুষাৰ্থ কৰিছিল, এতিয়া কৰে আৰু কৰিবলৈ লাগি যাব। ক্ৰমানুসৰিতো হয়। বুদ্ধিয়ে কয় অমুক সন্তানটি অত্যন্ত সেৱাধাৰী। যিদৰে দোকানত মহাজন হয়, অংশীদাৰ হয়, প্ৰবন্ধক হয়। তলতীয়া সকলেও উন্নতি লাভ কৰে। এয়াও এনেকুৱাই। তোমালোক সন্তানসকলেও মাতা-পিতাৰ ওপৰয় জয়ী হ’ব লাগে। তোমালোক আচৰিত হোৱা – মাতা-পিতাতকৈ কেনেকৈ আগবাঢ়ি যাব পাৰি। পিতাইতো সন্তানসকলক পৰিশ্ৰম কৰি যোগ্য কৰি তোলে, সিংহাসনত অধিষ্ঠিত কৰিবৰ বাবে সেইবাবে কয়, এতিয়া মোৰ অন্তৰ ৰূপী আসনৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলে ভৱিষ্যতৰ সিংহাসনধাৰী হ’ব। পুৰুষাৰ্থ ইমান কৰা যাতে নৰৰ পৰা নাৰায়ণ হোৱা। লক্ষ্য-উদ্দেশ্য মুখ্যতঃ এটাই, পুনৰ ৰাজধানী স্থাপন হৈ আছে গতিকে তাত বিভিন্ন ধৰণৰ পদ আছে।

তোমালোকে মায়াক জয় কৰিবলৈ পুৰা পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলকো লাগিলে মৰমেৰে প্ৰতিপালন কৰা কিন্তু নিমিত্ত হৈ থাকা। ভক্তি মাৰ্গত কৈছিলা নহয় - প্ৰভু এই সকলোবোৰ আপুনিয়েই দিয়া। আপোনাৰ আমানত (সম্পত্তি) আপুনি লৈ ল’লে। বাৰু তেন্তে কন্দাৰ কথাই নাই কিন্তু এইখনতো হয়েই কন্দা-কটাৰ জগত। মনুষ্যই বহুত কাহিনী শুনায়। মোহজিৎ ৰজাৰ কাহিনীও (কথাও) শুনায়। পুনৰ কোনো দুখৰ অনুভৱ নহয়। এটা শৰীৰ ত্যাগ কৰি গৈ অন্য এটা ল’লে। তাত কেতিয়াও কোনো বেমাৰ আদি নহয়। সৰ্বদা স্বাস্থ্যৱান, নিৰোগী কায়া (শৰীৰ) থাকে, 21 জন্মৰ বাবে। সন্তানসকলৰ সকলোবোৰ সাক্ষাৎকাৰ হয়। তাৰ নীতি-নিয়ম কেনেকৈ চলে, কি পোছাক পিন্ধে। সয়ম্বৰ আদি কেনেকৈ হয় – সন্তানসকলে সকলো সাক্ষাৎকাৰ কৰিছে। সেই সকলো ভূমিকা পাৰ হৈ গ’ল। সেই সময়ত ইমান জ্ঞান নাছিল। এতিয়া দিনে-প্ৰতিদিনে তোমালোক সন্তানসকলৰ শক্তি বহুত বাঢ়ি গৈ থাকে। এয়াও সকলো নাটকত নিৰ্ধাৰিত হৈ আছে। বিস্ময়কৰ নহয় জানো। পৰমপিতা পৰমাত্মাৰো কিমান মহান ভূমিকা আছে। নিজে বহি বুজায় ভক্তি মাৰ্গতো ওপৰত বহি মই কিমান কৰ্ম কৰোঁ। তললৈতো কল্পত এবাৰেই আহোঁ। অনেক, নিৰাকাৰৰ পূজাৰীও আছে কিন্তু নিৰাকাৰ পৰমাত্মাই কেনেকৈ আহি পঢ়ায়, এইটো কথা নাইকিয়া কৰি দিছে। গীতাতো কৃষ্ণৰ নাম দি দিছে সেয়েহে নিৰাকাৰৰ প্ৰতি প্ৰীতিয়েই নোহোৱা হৈ গৈছে। এয়াতো পৰমাত্মাহে আহি সহজ যোগ শিকালে আৰু সৃষ্টিখনক পৰিৱৰ্তন কৰালে, সৃষ্টি পৰিৱৰ্তন হৈ থাকে। যুগ সলনি হৈ থাকে। এই নাটকৰ চক্ৰক এতিয়া তোমালোকে বুজি পাইছা। মনুষ্যই একো নাজানে। সত্যযুগৰ দেৱী-দেৱতাসকলকো নাজানে। কেৱল দেৱতাসকলৰ স্মৃতিচিহ্ন থাকি গ’ল, গতিকে পিতাই বুজায়, সদায় এনেদৰে বুজিবা যে আমি শিৱবাবাৰ হওঁ। শিৱবাবাই আমাক পঢ়ায়। শিৱবাবাই, এই ব্ৰহ্মাৰ দ্বাৰা সৰ্বদা শিক্ষা দিয়ে। শিৱবাবাৰ স্মৃতিত পুনৰ বহুত মজা অনুভৱ কৰি গৈ থাকিবা। এনেকুৱা ঈশ্বৰ পিতা (গড ফাদাৰ) কোন? তেওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। অনেক পিতাকে সন্তানক পঢ়ায়ো তেতিয়া সন্তানে নিশ্চয় ক’ব এওঁ মোৰ পিতা, শিক্ষক হয় কিন্তু সেই পিতা গুৰুও হ’ব, এনেকুৱা নহয়। অৱশ্যে হয় শিক্ষক হ’ব পাৰে। পিতাকক গুৰু বুলি কেতিয়াও নক’ব। এওঁৰ (বাবাৰ) পিতা শিক্ষকো আছিল, পঢ়াইছিল। সেইসকল হৈছে হদৰ পিতা শিক্ষক। এওঁ হৈছে বেহদৰ পিতা শিক্ষক। তোমালোকে নিজক ঈশ্বৰীয় বিদ্যাৰ্থী বুলি বুজিলে সেয়াও পৰম সৌভাগ্য। ঈশ্বৰ পিতাই পঢ়ায়, কিমান স্পষ্ট। তেন্তে কিমান মিঠা বাবা। মিঠা বস্তুক স্মৰণ কৰা হয়। যিদৰে প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম। তেওঁলোকৰ বিকাৰৰ বাবে প্ৰেম নহয়। বচ্‌ ইজনে সিজনক চাই থাকে। তোমালোক আত্মাসকলৰ আকৌ পৰমাত্মা পিতাৰ সৈতে যোগসূত্ৰ আছে। আত্মাই কয় বাবা কিমান জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। এই পতিত সৃষ্টি, পতিত শৰীৰত আহি আমাক কিমান উচ্চ কৰি তোলে। গায়নো আছে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। চেকেণ্ডত বৈকুণ্ঠলৈ যায়। চেকেণ্ডত মনুষ্যৰ পৰা দেৱতা হৈ যায়। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। তাৰ বাবে পঢ়িব লাগে। গুৰু নানকেও কৈছে নহয় ঈশ্বৰে মলিয়ন কাপোৰ ধোৱে.... লক্ষ্য উচ্চ হয় নহয় জানো। বাবাই কয় - মই কিমান ভাল ধোবা হওঁ। তোমালোকৰ বস্ত্ৰ, তোমালোকৰ আত্মা আৰু শৰীৰ কিমান শুদ্ধ কৰি তোলোঁ। গতিকে এওঁক (দাদাক) কেতিয়াও স্মৰণ কৰিব নালাগে। এই গোটেই কাৰ্য শিৱবাবাৰ, তেওঁকেই স্মৰণ কৰা। এওঁতকৈ (ব্ৰহ্মাতকৈ) মিঠা তেওঁ (শিৱবাবা) হয়। আত্মাসকলক কয় - তোমালোকে এই দুচকুৰে এই ব্ৰহ্মাৰ ৰথ দেখিবলৈ পোৱা কিন্তু তোমালোকে স্মৰণ শিৱবাবাক কৰা। শিৱবাবাই এওঁৰ দ্বাৰা তোমালোকক কড়িৰ পৰা হীৰাতুল্য কৰি গঢ়ি আছে। ভালবাৰু

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ অন্তৰ ৰূপী আসন জয় কৰিবলৈ পুৰুষাৰ্থ কৰিব লাগে। পৰিয়ালত নিমিত্ত হৈ থাকি স্নেহেৰে সকলোকে প্ৰতিপালন কৰিব লাগে। মোহজিৎ হ’ব লাগে।

(2) যোগবলেৰে আত্মাক স্বচ্ছ কৰি তুলিব লাগে। এই দুচকুৰে সকলো প্ৰত্যক্ষ কৰি এজন পিতাক স্মৰণ কৰিব লাগে। ইয়াত ফুলৰ মালা স্বীকাৰ নকৰি সুবাসিত ফুল হ’ব লাগে।

বৰদান:
প্ৰালব্ধৰ ইচ্ছা ত্যাগ কৰি উত্তম পুৰুষাৰ্থ কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা

শ্ৰেষ্ঠ পুৰুষাৰ্থী বুলি তেওঁলোকক কোৱা হয় যিসকলে পুৰুষাৰ্থৰ প্ৰালব্ধ ভোগ কৰাৰ ইচ্ছা নাৰাখে। য’ত ইচ্ছা আছে ত’ত স্বচ্ছতা শেষ হৈ যায় আৰু চিন্তা কৰোঁতা হৈ যায়। যিসকলে ইয়াতেই প্ৰালব্ধ ভোগ কৰাৰ ইচ্ছা ৰাখে তেওঁলোকে নিজৰ ভৱিষ্যতৰ বাবে জমা কৰা উপাৰ্জন কম কৰি দিয়ে সেইকাৰণে ইচ্ছাৰ সলনি ভাল (‘অচ্ছা’) শব্দ স্মৃতিত ৰাখা। শ্ৰেষ্ঠ পুৰুষাৰ্থীয়ে সদায় নিখুঁত হোৱাৰ পুৰুষাৰ্থ কৰে, কোনো কথাতে অকৃতকাৰ্য নহয়।

স্লোগান:
সাধন পদুম ফুলৰ দৰে হৈ ব্যৱহাৰ কৰা কিয়নো এয়া তোমালোকৰ কৰ্মযোগৰ ফল।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

সৰ্বস্ব ত্যাগী সন্তানসকলৰ ভিতৰত মুখ্যতঃ সৰলতা আৰু সহনশীলতাৰ গুণ নিশ্চয়কৈ থাকিব। এনে সন্তান নিজে সদায় আনন্দিত হৈ থাকে আৰু সকলোকে আকৰ্ষিত কৰে। তেওঁলোক ইজনে সিজনৰ স্নেহী হৈ যায়। যদি সৰলতা নাথাকে, তেন্তে স্নেহও থাকিব নোৱাৰে। যেনেকৈ সাকাৰ ৰূপত দেখিলা — যিমানেই জ্ঞানপূৰ্ণ, সিমানেই সৰল স্বভাৱ। বয়োজ্যেষ্ঠৰ সৈতে বয়োজ্যেষ্ঠ আৰু শিশুৰ সৈতে শিশুৰ দৰে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]