19.07.26    Avyakt Bapdada     Assame Murli     18.01.2011     Om Shanti     Madhuban


“*“পিতা ব্ৰহ্মাৰ সমান জীৱনত থাকি জীৱনমুক্ত স্থিতিৰ মজা লোৱা, স্নেহৰ উপহাৰ মনজিৎ জগতজিৎ হৈ দিয়া”*”


আজিৰ দিনটো বিশেষভাৱে পিতা ব্ৰহ্মাৰ অব্যক্ত হোৱাৰ স্মাৰক দিন। সকলো সন্তানৰ চকুত পিতা ব্ৰহ্মাৰ স্নেহ সমহিত হৈ আছে। আজি চাৰি বজাৰো আগতেই সন্তানসকলৰ স্নেহ সূক্ষ্মলোক পাই গ’ল। পিতা ব্ৰহ্মাৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আৰু স্নেহৰ, নিজৰ অন্তৰৰ স্নেহৰ নিদৰ্শন, মালাসমূহ পিতা ব্ৰহ্মাৰ ওচৰত গৈ পালেগৈ। প্ৰতিডাল মালাৰ সুবাসত সন্তানসকলৰ স্নেহ সমাহিত হৈ আছিল। প্ৰতিগৰাকী সন্তানৰ নয়ন আৰু হাঁহিয়ে, অন্তৰৰ কথা কৈ আছিল। পিতা ব্ৰহ্মায়ো প্ৰত্যেকক স্নেহৰ প্ৰতিদান দি আছিল। পিতাই চাই আছে যে এতিয়াও প্ৰতিগৰাকী সন্তানে নয়নৰ ভাষাৰে নিজৰ অন্তৰৰ স্নেহ দি আছে কিয়নো এই পৰমাত্মা স্নেহ প্ৰতিগৰাকী সন্তানক সহজে পিতাৰ কৰি তোলোঁতা হয়। এই অলৌকিক স্নেহে "মোৰ বাবা"ৰ অনুভৱেৰে নিজৰ কৰি লয়। এই স্নেহে পিতাৰ সম্পদৰ মালিক কৰি তোলে, কিয়নো সন্তানসকলে ক’লে - মোৰ বাবা, গতিকে “মোৰ বাবা” বুলি কোৱা আৰু সৰ্ব সম্পদৰ মালিক হোৱা। এই স্নেহে দেহৰ বোধ ছেকেণ্ডত পাহৰাই দেহী-অভিমানী কৰি তোলে। পিতাৰ বাহিৰে আন একোৱেই আত্মাক আকৰ্ষিত নকৰে। এই দিনটোৰ বহুত উচ্চ মহিমা আছে। এয়া কেৱল স্মৃতি দিৱস নহয়, কিন্তু সমৰ্থ দিৱস, কাৰণ এই দিনটোত পিতাই সন্তানসকলক বিশ্ব সেৱাৰ বাবে নিজে 'কৰাৱনহাৰ' (কৰাওঁতা) হৈ সন্তানসকলক 'কৰণহাৰ' (কৰ্তা) কৰাৰ তিলক লগালে। সন্তানে পিতাক প্ৰত্যক্ষ কৰাৰ কৰণহাৰ নিমিত্ত কৰিলে। সেৱাত সফলতাৰ সাধন নিজে কৰাৱনহাৰ হ’ল আৰু সন্তানসকলক কৰণহাৰ কৰিলে, কাৰণ সেৱাত সফলতাৰ সাধন হ’ল "মই কৰণহাৰ, কৰাৱনহাৰে কৰাই আছে" — এইটো স্মৃতি বা এইটো স্থিতিৰ অতি আৱশ্যক, কিয়নো 63 জন্মৰ স্মৃতিয়ে 'মই বোধ' আৰু দেহ অভিমানত লৈ আনে।

"কৰাৱনহাৰে কৰাই আছে, মই নিমিত্ত কৰণহাৰ" — এইটো স্মৃতিৰ দ্বাৰাই নিজক নিমিত্ত বুলি বুজিলে দেহ অভিমান সমাপ্ত হৈ যায়। গতিকে সন্তানসকলক সেইকাৰণে কৰণহাৰ কৰিলে, নিজে কৰাৱনহাৰ হ’ল। কৰণহাৰ হ’লে স্বতঃ নিমিত্ত হয়, বিনম্ৰ হৈ যায়। এতিয়াও বাপদাদাই দেখিলে যে সন্তানসকলে নিমিত্ত হৈ সেৱা কৰে, গতিকে নিমিত্ত হৈ সেৱা কৰা যিসকল সেৱাধাৰী, তেওঁলোকৰ মস্তকত সেৱাৰ ফলৰ তৰা জিলিকি আছে। অধিকাংশ সন্তানৰ সেৱা দেখি বাপদাদা আনন্দিত হৈছে, সেইবাবে এনে সন্তানসকলক বিশেষকৈ পিতা ব্ৰহ্মাই "বাঃ! সন্তান বাঃ!" বুলি কৈ অভিনন্দন জনাই আছে।

পিতা ব্ৰহ্মা বিশেষভাৱে আনন্দিতও হৈছে আৰু আগলৈও নিমিত্ত হৈ সেৱা আগুৱাই লৈ যাবৰ বাবে অভিনন্দন জনাই আছে। এতিয়াও পিতা ব্ৰহ্মাই সন্তানসকলক নিজৰ দৰে ফৰিস্তা স্থিতিত থাকিবলৈ ইংগিত দি আছে। বাপদাদাই দেখিছে যে সন্তানসকলৰ মনোযোগ আছে যে সদায় যেনেকৈ পিতা ব্ৰহ্মা জীৱনত থাকিও জীৱনমুক্ত আছিল, ইমান দায়িত্ব থকা সত্ত্বেও ইমান ডাঙৰ পৰিয়ালৰ তত্ত্বাৱধান লোৱা, সকলোকে যোগী জীৱনধাৰী কৰি তোলা, ইমান সেৱাৰ দায়িত্ব পালন কৰা, সেৱাত সদায় আগুৱাই লৈ যোৱা — সকলো দায়িত্ব থকা সত্ত্বেও জীৱনমুক্তৰ আনন্দত থাকিল, সেইবাবে ভক্তিমাৰ্গত ব্ৰহ্মাৰ আসন পদুম ফুলৰ আসন দেখুৱায়। জীৱনমুক্ত হৈ এতিয়া জীৱনমুক্তৰ আনন্দ ল’লে আৰু তোমালোক সকলো সন্তানকো তেনেকুৱাই কৰিলে। এতিয়াও তোমালোক সন্তানসকলক ফৰিস্তা হোৱাৰ ভিন্ন ভিন্ন যুক্তি শুনাই নিজৰ সমান কৰি তুলিব বিচাৰে। বাপদাদাই দেখিলে যে লক্ষ্য প্ৰতিগৰাকী সন্তানৰে ভাল। কাৰোবাক যদি সোধা হয় তোমাৰ লক্ষ্য কি, তেতিয়া কি কোৱা? স্মৃতিত আছেনে কি কোৱা? পিতা সমান হ’বই লাগিব। তেন্তে পিতা সমান কি হ’বা? এইটো জীৱনতে জীৱনমুক্ত জীৱনৰ আৰ্হি হ’বা। বাপদাদাই দেখিছে যে ঘৰত কৰিবলৈ যি কাম দিয়া হয়, তাত মনোযোগতো দিয়ে, অনুভৱো কৰে, কিন্তু সদায় নকৰে। এতিয়াও যি কাম দিছিল, তাৰ প্ৰতিবেদন বহু সন্তানে পুৰুষাৰ্থ কৰি এটা এটা মাহ মনোযোগ দিছে। বহুত মণ্ডলৰ প্ৰতিবেদন এমাহৰ ফলাফল ভাল আহিছে। যিসকলে প্ৰতিবেদন পঠিয়াইছে, যিটো মণ্ডলৰসকলে পঠিয়াইছে, তেওঁলোকক বাপদাদাই "বাঃ! সন্তান বাঃ!" বুলি কৈ অভিনন্দন জনাই আছে, কিন্তু বাপদাদাই এতিয়া কি বিচাৰে? এতিয়া বাপদাদাই প্ৰতিগৰাকী সন্তানৰ পৰা এইটোৱে বিচাৰে যে এতিয়া ‘কেতিয়াবা কেতিয়াবা’ ঠিক থাকে, কিন্তু পিতাই ‘সদায়’ থকাটো বিচাৰে। যোগীও ভাল হৈছে কিন্তু ‘সদায়’ যোগী কৰি তুলিব বিচাৰে। আজিকালি বাপদাদাই সন্তানসকলক কামো দিছিল — সদায় থকাৰ বাবে প্ৰতি ঘণ্টাত নিজৰ ওপৰত কিবা নহয় কিবা যুক্তি ৰাখা, যাতে 'কেতিয়াবা কেতিয়াবা' সলনি হৈ 'সদায়' শব্দটি আহি যায়। এতিয়া বাপদাদাই এইটোৱে বিচাৰে, যেনেকৈ প্ৰবাদ আছে “মন জয় কৰিলেই জগতজিৎ হয়”, মনক যি সংকল্প দিয়া সেয়াই যাতে কৰে। কিয়? যেনেকৈ অন্যান্য কৰ্মেন্দ্ৰিয়সমূহ যেতিয়াই বিচৰা যেনেকৈ বিচৰা তেনেকৈ কৰে নহয়, ঠিক তেনেকৈ মনকো যি আদেশ দিয়া সেয়াই যাতে কৰে। অভ্যাস কৰা কিন্তু কেতিয়াবা কেতিয়াবা নকৰাও। বাপদাদাই এতিয়া এইটোৱে বিচাৰে যে মনক শক্তিসমূহৰ লেকামেৰে যেনেকৈ চলাব বিচৰা তেনেকৈ চলোৱা। মন জয় কৰিলেই জগতজিৎ বুলি যি গায়ন আছে সেয়া কাৰ গায়ন? তোমালোক সন্তানসকলৰেইতো গায়ন। প্ৰত্যেক কল্পত কৰিছা সেইবাবেই গায়ন আছে, কিয়নো যেনেকৈ অন্যান্য কৰ্মেন্দ্ৰিয়সমূহক 'মোৰ' বুলি কোৱা, তেনেকৈ মনকো 'মোৰ মন' বুলি কোৱা। মোৰ বুলি কোৱা অৰ্থাৎ মালিক হোৱা। মনত যি সংকল্প কৰিব বিচৰা, যিমান সময় সেই সংকল্প কৰিব বিচৰা, মন বান্ধ খাই আছে কিয়নো মোৰ হয়। গতিকে বাপদাদাই এই স্নেহৰ দিনটিত এয়াই ঘৰৰ কাম দিব বিচাৰে যে যি সংকল্প কৰিব বিচৰা সেয়াই যাতে চলে, যদি তোমালোকে শুদ্ধ সংকল্প কৰিব বিচৰা তেন্তে সেই শুদ্ধ সংকল্পই ব্যৰ্থ সংকল্প সমাপ্ত কৰি দিয়ক। বিচৰা যোগযুক্ত হ’বলৈ কিন্তু সংস্কাৰৰ বাবে ব্যৰ্থ সংকল্প চলিল, বা যোগৰ সিদ্ধি প্ৰাপ্ত নহ’ল, এইটো নিয়ন্ত্ৰণ থকা উচিত। যদি এঘণ্টা যোগ লগাব বিচৰা তেন্তে মনে যাতে বাধাৰ সৃষ্টি নকৰে। আত্মা মালিক, মন মালিক নহয়, মনতো আত্মাৰ সংগী। গতিকে সংগীক মৰমেৰে আদেশ দিয়া, মনজিৎ হোৱা কিয়নো বাপদাদাৰ ওচৰলৈ বহু সন্তানৰ বাতৰি আহে যে ব্যৰ্থ সংকল্প সময়ে সময়ে আহে। নিবিচাৰিলেও আহে। তেন্তে ইয়াক মালিক বুলি ক’বা জানো? পিতা ব্ৰহ্মাৰ সৈতে স্নেহ আছে নহয়, গতিকে পিতাই আজি স্নেহত নিজৰ অন্তৰৰ ইচ্ছা শুনাই আছে যে এতিয়া মনজিৎ জগতজিৎ হ’বই লাগে। তেন্তে পিতা ব্ৰহ্মাক এই স্নেহৰ উপহাৰ দিবা নহয়! স্নেহত কি দিয়া হয়? উপহাৰ দিয়া হয় নহয়! গতিকে আজি পিতা ব্ৰহ্মাই সন্তানসকলক এইটো উপহাৰ দিবলৈ কৈ আছে। সাজুনে? সাজুনে? হাত দাঙা। গতিকে এতিয়া যেতিয়াই আদেশ দিয়া, আজিৰ দিনটোৰ পৰা ব্যৰ্থ সংকল্প আহিবলৈ নিদিবা, কৰিব পাৰিবানে? আজি দুঘণ্টা, চাৰি ঘণ্টা যোগৰ স্থিতিত কৰ্মও কৰা, যোগো লগোৱা, কৰিব পাৰিবানে? কৰিব পাৰিবা, কৰিবানে? বাৰু, এতিয়া যি পাৰ হৈ গ’ল সেয়া অতীত হৈ গ’ল, কিন্তু এতিয়া আদেশ দিয়া যে আজিৰ দিনটোত ব্যৰ্থ সংকল্পত পূৰ্ণ বিৰাম, তেন্তে কৰিব লাগিব নহয়।

আজি যোগত এইটোৱে লক্ষ্য ৰাখা, সেই অনুসৰি গোটেই দিনটোৰ পুৰুষাৰ্থ কৰিব লাগিব নহয়! পিতাৰ স্নেহত পিতাই যি কয় সেয়া কৰিব লাগে। ব্যৰ্থ সংকল্প বন্ধ কৰাৰ যুক্তি হ’ল পিতা ব্ৰহ্মাৰ স্নেহ অন্তৰেৰে স্মৃতিলৈ আনা। সাকাৰত দেখিছা বা নাই দেখা, কিন্তু বুদ্ধিৰ বলেৰেতো সকলোৱে দেখিছা নহয়। দেখিছানে নে দেখা নাই? যিসকলে কোৱা মই বাবাৰ মৰম দেখিছোঁ, মই পিতা ব্ৰহ্মাৰ প্ৰতিপালন দেখিছোঁ আৰু তাৰ দ্বাৰাই চলি আছোঁ... তেওঁলোকে হাত দাঙা। বাৰু। হাত দাঙিতো আনন্দিত কৰি দিলা। বাপদাদা আনন্দিত হৈছে, সাহসতো কৰিছা নহয়। কিন্তু যেতিয়াই কোনোবাটো শক্তি কম হৈ যায়, তেতিয়া সদায় পিতাৰ সম্বন্ধ, কিমান সম্বন্ধ আছে - কেতিয়াবা পিতা, কেতিয়াবা সন্তান হৈ যায়। কেতিয়াবা পিতা আকৌ কেতিয়াবা সখাও হৈ যায়, সেইবাবে হয়তো সম্বন্ধ স্মৃতিলৈ আনা নহ’লে প্ৰাপ্তিসমূহ স্মৃতিলৈ আনা, প্ৰাপ্তি আৰু সম্বন্ধ। যেনেকৈ আজি অন্তৰেৰে স্মৃতিলৈ আনি আছা নহয়! তেনেকৈ স্মৃতিলৈ আনিলে প্ৰেম জাগি উঠিব। আজিও সকলোৰে অন্তৰত পিতা ব্ৰহ্মাৰ প্ৰেম জাগ্ৰত হৈ আছে নহয়! গতিকে যেতিয়া কিবা তল-ওপৰ হয় তেতিয়া সম্বন্ধ আৰু প্ৰাপ্তিসমূহ স্মৃতিলৈ আনিবা। পিতা প্ৰতিগৰাকী সন্তানৰ সৈতে সহযোগী, কেৱল তোমালোকে স্মৃতিলৈ আনিবা। তেন্তে বুজিলা আজি কি কৰিব লাগে? মনজিৎ জগতজিৎ বুলি যি গায়ন আছে, সেইটো স্বৰূপ ধাৰণ কৰিব লাগে। আদেশ অনুসৰি চলোৱা। এতিয়া অলপ ঢিলাকৈ এৰি দিছা নহয়, সেয়ে সি নিজৰ কাম কৰে। এতিয়া মনোযোগ দিয়া। মন মোৰ আদেশ অনুসৰি চলক, তোমালোক মনৰ আদেশত নচলিবা। বিচাৰে জ্ঞানৰ কথা মন্থন কৰোঁ আৰু আহি যায় অনৰ্থক কথা। তেন্তে কি হ’ল? মন মালিক হ’ল নে তোমালোক মালিক হ’লা? তেন্তে সকলোৱে এই ঘৰৰ কাম বুজি পালা! মনজিৎ হ’ব লাগে। যি আদেশ দিয়া, সেয়া মানিব, নিশ্চয় মানিব, মাথোঁ মনোযোগ দিব লাগিব, বচ্‌। মাতাসকল আৰু শিক্ষকসকল, হ’ব পাৰেনে? হ’ব পাৰেনে? শিক্ষকসকলে হাত দাঙা। শিক্ষকসকলে হাত দাঙি আছে। যদি ভাবা যে হ’ব পাৰে, তেন্তে হাত লৰোৱা। প্ৰথম শাৰীৰসকলেতো লৰোৱা। ভাইসকলে হাত লৰোৱা। বাঃ! তেনেহ’লেতো পিতা ব্ৰহ্মাক স্নেহৰ উপহাৰ দিলা, ইয়াৰ বাবে অভিনন্দন, অভিনন্দন।

ভাল কথা, বাপদাদাৰ সৈতে স্নেহে বহুত সহযোগ দিয়ে। 'মোৰ বাবা' বুলি অন্তৰেৰে ক’লা, ‘মোৰ বাবা’ বুলি ক’লা তেন্তে মই কোন? পিতাৰ অতিকৈ মৰমৰ সন্তান। সকলোৱে কিমানবাৰ কোৱা ‘মোৰ বাবা’, ‘মোৰ বাবা’, কিমানবাৰ কোৱা? পিতাই শুনে নহয়, সকলো টুকি ৰাখে। ডবল বিদেশীসকলেও শুনি আছা নহয়। বাপদাদাই দেখিলে যে ফুল ছীজনত ডবল বিদেশীসকলে উপস্থিতি সাব্যস্ত কৰিছে। মধুবনত সকলো সময়তে হাজিৰ থাকে। এতিয়াও 350 গৰাকী আছে। নিজৰ পালতো আহে কিন্তু প্ৰত্যেক পালতে কম-বেছি পৰিমাণে ক’ৰবাৰ পৰা নহয় ক’ৰবাৰ পৰা আহে। গতিকে এতিয়া এই ফলাফল বাপদাদায়ো চাই থাকিব আৰু তোমালোক সকলোৱেও সাক্ষী হৈ নিজৰ ফলাফল চাই থাকিবা। এয়াই স্মৃতিত ৰাখিবা যে বাপদাদাৰ আগত মালিক হোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। বাপদাদাই এতিয়া সন্তানসকলক অন্ততঃ একো একোটা মণ্ডলকতো এইটো কাৰ্য দিব পাৰে যে এইটো মণ্ডলে এইটো সপ্তাহত বা 15 দিনত ফলাফল দিয়ক যে ব্যৰ্থ সংকল্প নহয়, কিন্তু যিটো বিষয় মনক দিলা সেয়া কৰিলে নে নকৰিলে? শিক্ষকসকলে এইটো মানি লোৱানে? মানি লোৱানে? মণ্ডলক কাৰ্য দিওঁনে? শিক্ষকসকলে হাত দাঙা।

মহাৰাষ্ট্ৰ আছা নহয়। গতিকে মহাৰাষ্ট্ৰকতো মহান কাম দিম নহয়। বাপদাদাৰ প্ৰতিটো মণ্ডলৰ প্ৰতি মৰম আছে আৰু সদায় এইটো নিশ্চয়তা ৰাখে যে এই সন্তানসকলে, পিতাই ক’লে আৰু সন্তানসকলে কৰিলে। এনেকুৱা হোৱানে? মহাৰাষ্ট্ৰ, পিতাই যি ক’লে সেয়া কৰিলে, এনেকুৱা হোৱানে? মহাৰাষ্ট্ৰৰসকলে হাত দাঙা। বহুত আছে। শ্ৰেণীৰ তিনি চতুৰ্থাংশ। গতিকে প্ৰতিটো মণ্ডল পিতাৰ আজ্ঞাকাৰী, সকলোৱে কান্ধ জোকাৰি আছে। পিতাৰো নিশ্চয়তা আছে যে এওঁলোক মোৰ সন্তান হয়েই নিশ্চয়বুদ্ধিৰ।

বাপদাদাই এইটোৱে বিচাৰে যে নিতৌ যি মহাবাক্য শুনা সেয়া ঘৰৰ কাম। যদি নিতৌ মুৰুলীত পিতাই যি ক’লে আৰু সন্তানসকলে কৰিলে তেন্তে তেওঁলোকক পিতাৰ অতিকৈ মৰমৰ সন্তান, আজ্ঞাকাৰী সন্তান বুলি কোৱা হয়। কি কৰিব লাগে, সেয়া নিতৌ মুৰুলী পঢ়ি লোৱা কিয়নো বাপদাদাই দেখিছে অধিকাংশ সন্তানৰ মুৰুলীৰ প্ৰতি মৰম আছে। যদি কৰোবাৰ নায়ো তেন্তে, বাপদাদক কোনো কোনো সন্তানে কয় বাবা আপোনাৰ প্ৰতি মোৰ বহুত মৰম আছে, কিন্তু পিতাৰ মৰম কাৰ সৈতে? মুৰুলীৰ সৈতে। মুৰুলীৰ বাবে কিমান দূৰৈৰ পৰা আহে। কোনোবা এনেকুৱা শিক্ষক থাকিবনে যি ইমান দূৰৈৰ পৰা পঢ়াব আহে। গতিকে যিহেতু পিতাৰ মৰম মুৰুলীৰ সৈতে, তেন্তে যিয়ে “মোৰ বাবা” বুলি কয়, তেওঁলোকৰ প্ৰথম প্ৰেম পিতাৰ লগতে পিতাৰ মুৰুলীৰ প্ৰতি থকা উচিত। চোৱা, পিতা ব্ৰহ্মাই এদিনো মুৰুলী খতি নকৰিলে। কাৰণে অকাৰণে বোম্বাইলৈকো (এতিয়া মুম্বাই) গৈ থাকিল, তেওঁ মুৰুলী লিখিছিল আৰু মাতেশ্বৰীয়ে সেই মুৰুলী শুনাইছিল। শেষৰ দিনা গা অলপ বেয়া আছিল, ৰাতিপুৱাৰ পাঠদান নকৰালে কিন্তু গধূলি পাঠদান কৰাৰ পাছত অব্যক্ত হ’ল। তেন্তে পিতা ব্ৰহ্মাৰ প্ৰেম কাৰ সৈতে হ’ল? মুৰুলীৰ সৈতে। যিসকলে ভাবা যে মোৰ বাবাৰ সৈতে প্ৰেম আছে তেন্তে পিতাৰ যাৰ সৈতে প্ৰেম থাকিল, সন্তানসকলৰো থকা উচিত নহয়! গতিকে মুৰুলী নিতৌ ক্লাছত পঢ়িবা বা শুনিবা। যদি বাধ্যবাধকতা আছে, অজুহাত নহয়, সঠিক কাৰণ আছে তেন্তে কাৰোবাৰ পৰা শুনা। যিসকলে ভাবা যে মুৰুলীৰ প্ৰতি ইমান মহত্ব দিম তেওঁলোকে হাত দাঙা। বাৰু, ইয়াততো সকলোকে দেখা গৈছে, পিতা তোমালোক পিছৰফালে থকাসকলকো দেখি আছে। ভাল, বহুত ভাল। পিতাই মাজে মাজে পৰীক্ষা ল’ব যে আজি কোনে মুৰুলী শুনা নাই, সেইটো শিক্ষকে লিখি পঠিয়াবা। পছন্দতো হৈছে নহয়। বাৰু। আজি পিতা ব্ৰহ্মাই প্ৰতিগৰাকী সন্তানৰ সৈতে মিলি, বহুত বহুত স্নেহেৰে প্ৰত্যেক সন্তানক নয়নৰ দ্বাৰা স্নেহ দি আছে। ভাল বাৰু।

ডবল বিদেশী ভাতৃ-ভগ্নীসকলৰ সৈতে: বিদেশৰসকলৰ সেৱাৰ উৎসাহ-উদ্দীপনা ভাল। বাপদাদাই সকলো সন্তানক এয়াই কয় যে সেৱা খুব কৰা কিয়নো সময় যিকোনো মুহূৰ্ততে সলনি হ’ব পাৰে। যেতিয়া সেৱা কৰিব বিচাৰিবা কিন্তু কৰিব নোৱাৰিবা, তেনেকুৱা সময়ো আহিবলগীয়া আছে গতিকে যি কৰিব লাগে সেয়া এতিয়াই কৰা। কেতিয়াবা নহয়, এতিয়া। বাপদাদাই সদায় কয় যে কালিলৈ থৈ নিদিবা। আজিও নহয়, এতিয়াই কাৰণ সময় পাঁচোটা তত্ত্ব পিতাৰ ওচৰলৈ আহে, আমাক কওক কেতিয়ালৈকে দুখ চলিব! নিজে দুখী হৈ আছে তেন্তে কি কৰিম? মনুষ্য আত্মাসকলকো দুখী কৰিব নহয় সেয়েহে যিয়েই আহিছে তেওঁলোকে সংকল্প কৰিব লাগে যে যেনেকৈ ব্ৰাহ্মণ জীৱন আৱশ্যকীয় তেনেকৈ এতিয়াৰ সময় অনুসৰি প্ৰত্যেকৰ বাবে সেৱাও জৰুৰী। কৰা বা কৰোৱা। বাকী যি বাপদাদাই ঘৰৰ কাম দিলে, মনজিৎ জগতজিৎ হ’বই লাগে। তোমালোকৰে গায়ন আছে, সেয়া পুনৰাবৃত্তি কৰিব লাগে। বাৰু।

চাৰিওফালৰ পৰা সন্তানসকলৰ দ্বাৰা বাৰ্তা আহিছে। চাৰিওফালৰ পৰা অহা প্ৰেমৰ মিঠা মিঠা ভাৱ বা ভিন্ন ভিন্ন শব্দৰ স্মৃতি, চাৰিওফালৰ পৰা ভিন্ন ভিন্ন পত্ৰ আহিছে, সকলোকে বাপদাদাই সঁহাৰি জনাই আছে, প্ৰতিগৰাকী সন্তান স্নেহত পিতাৰ অন্তৰত সমাহিত হৈ আছে আৰু এই অবিনাশী স্নেহ সদায় পিতাৰ আৰু সন্তানৰ অনাদি অবিনাশী আৰু গোটেই সংগমযুগ এই পিতা-সন্তানৰ মিলন নিশ্চিত হৈ আছেই। বাৰু।

এতিয়া যিসকল সন্তান সন্মুখত আছে বা দূৰৈত বহিও চাই আছে, বাপদাদাই শুনিলে যে এতিয়াতো এইটো প্ৰচেষ্টা কৰিছে যে প্ৰতিখন দেশত সেৱাকেন্দ্ৰলৈ গৈও চায়, শুনে, লাগিলে ৰাতি যিমানেই নহওক কিয় তথাপিও চায়, এই বিজ্ঞানৰ সাধনো তোমালোকৰ বাবেই ওলাইছে আৰু তোমালোকেই লাভ হৈছে। যদি বিজ্ঞানৰ দ্বাৰা বিনাশ হয় সেয়াও তোমালোকৰ ৰাজ্যৰ বাবেই কৰি আছে। গতিকে চাৰিওফালৰ স্নেহী সন্তানসকলক বিশেষকৈ পিতা ব্ৰহ্মাৰ স্নেহপূৰ্ণ স্মৃতি, অন্তৰৰ আদৰ, অন্তৰৰ মৰম স্বীকাৰ কৰিবা।

বৰদান:
সত্যতা আৰু স্বচ্ছতাৰ ধাৰণাৰ দ্বাৰা সমীপতাৰ অনুভৱ কৰোঁতা সম্পূৰ্ণ মূৰ্ত হোৱা

সকলো ধাৰণাৰ ভিতৰত মুখ্য ধাৰণা হ’ল সত্যতা আৰু স্বচ্ছতা। ইজনৰ সিজনৰ প্ৰতি অন্তৰত সম্পূৰ্ণ স্বচ্ছতা থাকক। যেনেকৈ পৰিষ্কাৰ বস্তুত সকলো স্পষ্টকৈ দেখা পোৱা যায়, তেনেকৈ ইজনৰ সিজনৰ ভাৱনা, ভাৱ-স্বভাৱ স্পষ্টকৈ দেখা যাওক। য’ত সত্যতা-স্বচ্ছতা আছে ত’ত সমীপতা আছে। যেনেকৈ বাপদাদাৰ সমীপৰ হোৱা তেনেকৈ পৰস্পৰ অন্তৰৰ সমীপতা থাকক। স্বভাৱৰ ভিন্নতা সমাপ্ত হৈ যাওক। ইয়াৰ বাবে মনৰ ভাৱ আৰু স্বভাৱ মিলাব লাগে। যেতিয়া স্বভাৱত কোনো পাৰ্থক্য দেখা নাযাব, তেতিয়া সম্পূৰ্ণমূৰ্ত বুলি কোৱা হ’ব।

স্লোগান:
বিপথে যোৱাজনক শুধৰোৱা— এইটো আটাইতকৈ ডাঙৰ সেৱা।

অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

যোগক জ্বালা ৰূপ কৰাৰ বাবে ছেকেণ্ডত বিন্দু স্বৰূপ হৈ মন-বুদ্ধি একাগ্ৰ কৰাৰ অভ্যাস বাৰে বাৰে কৰা। ৰ’বলৈ ক’লা আৰু ছেকেণ্ডত ব্যৰ্থ দেহ-বোধৰ পৰা মুক্ত হৈ মন-বুদ্ধি একাগ্ৰ হৈ যাওক। এনেকুৱা নিয়ন্ত্ৰণ শক্তি গোটেই দিনটোত ব্যৱহাৰ কৰা। শক্তিশালী ব্ৰেকৰ দ্বাৰা মন-বুদ্ধি নিয়ন্ত্ৰণ কৰা, য’ত মন-বুদ্ধি স্থিৰ কৰিব বিচৰা ত’ত যাতে ছেকেণ্ডতে স্থিৰ হৈ যায়।

বিশেষ সূচনা:

মাহৰ তৃতীয় দেওবাৰৰ যোগ অভ্যাস

আজি মাহৰ তৃতীয় দেওবাৰ, সকলো ভাতৃ-ভগ্নীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ গধূলি 6.30 ৰ পৰা 7.30 বজালৈ নিজৰ ফৰিস্তা স্বৰূপৰ দ্বাৰা দিগভ্ৰান্ত, দুখী, অশান্ত আত্মাসকলক সুখ-শান্তিৰ পৱিত্ৰ কিৰণ দি তেওঁলোকক আলম্বন দিওঁতা পৰমাত্মা পিতাৰ স্মৃতি সোঁৱৰাই দিয়াৰ সেৱা কৰক।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]