19.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ স্বধৰ্মক পাহৰি যোৱাটোৱেই সকলোতকৈ ডাঙৰ ভুল, এতিয়া তোমালোক অভুল হ’ব লাগে,
নিজৰ ঘৰ আৰু ৰাজ্যক স্মৃতিত ৰাখিব লাগে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ কোনটো অৱস্থা সময়ৰ সমীপতাৰ চিন?
উত্তৰ:
তোমালোক সন্তানসকল যেতিয়া স্মৃতিৰ যাত্ৰাত সদায় মগ্ন হৈ থাকিবা, বুদ্ধি দিগভ্ৰান্ত
হোৱা বন্ধ হৈ যাব, বাণীত স্মৃতিৰ ধাৰ (বল) আহি যাব, অপাৰ আনন্দত থাকিবা, ঘনে ঘনে
নিজৰ সত্যযুগী সৃষ্টিৰ দৃশ্যাৱলী সন্মুখত আহি থাকিব তেতিয়া বুজিবা যে সময় সমীপত।
বিনাশ হ’বলৈ সময় নালাগে, ইয়াৰ বাবে স্মৃতিৰ খতিয়ানৰ বঢ়াব লাগে।
গীত:
তুম্হে পাকে
হমনে জহান পা লিয়া…… (তোমাক পাই আমি গোটেই জগতখনকে পাই গলোঁ……)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলে এই গীতটিৰ অৰ্থতো বুজি পোৱা নিশ্চয়। এতিয়া তোমালোকে বেহদৰ পিতাকতো পাই
গ’লা। বেহদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়, যি উত্তৰাধিকাৰ কোনেও কাঢ়ি
নিব নোৱাৰে। উত্তৰাধিকাৰৰ নিচা তেতিয়া আঁতৰি যায় যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয়। এয়াও
ড্ৰামা ৰচি থোৱা আছে। সন্তানসকলৰ সৃষ্টি ড্ৰামাৰো জ্ঞান আছে। এই চক্র কেনেকৈ ঘূৰে।
ইয়াক নাটক বুলিও কোৱা, ড্ৰামা বুলিও কোৱা। সন্তানসকলে বুজি পায় যে যথাযথ পিতা আহি
সৃষ্টিচক্ৰৰ বিষয়েও বুজায়। যিসকল ব্ৰাহ্মণ কুলৰ হয়, তেওঁলোককহে বুজায়। সন্তানসকল
তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা, মই তোমালোকক বুজাওঁ। আগতে তোমালোকে শুনিছিলা 84
লাখ জন্ম লোৱাৰ পাছত এটা জন্ম মনুষ্যৰ পোৱা। প্ৰকৃততে এনেকুৱা নহয়। এতিয়া তোমালোক
সকলো আত্মা ক্ৰমানুসৰি আহি থাকা। বুদ্ধিত উদয় হৈছে যে পোন-প্ৰথমে আমি আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ পূজ্য আছিলোঁ, আকৌ আমিয়ে পূজাৰী হৈছোঁ। নিজেই পূজ্য নিজেই পূজাৰী
- এনেকৈ গায়নো আছে। মনুষ্যই আকৌ ভগৱানৰ ক্ষেত্ৰত ভাবে যে তেৱেঁই পূজ্য আৰু তেৱেঁই
পুজাৰী হয়। আপোনাৰেই এই সকলোবোৰ ৰূপ। অনেক মত মতান্তৰ আছে নহয়। এতিয়া তোমালোক
শ্ৰীমতত চলা। তোমালোকে বুজি পোৱা যে আমি বিদ্যাৰ্থীসকলে আগতে একো নাজানিছিলোঁ এতিয়া
পঢ়ি উচ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ যাওঁ। সেই বিদ্যাৰ্থীসকলেও প্ৰথমতেতো একোৱে নাজানে,
পাছত পৰীক্ষাত উত্তীৰ্ণ হৈ হৈ বুজি উঠে যে আমি এতিয়া আইন শাস্ত্ৰ পাছ কৰিলোঁ।
তোমালোকেও এতিয়া জানা যে আমি পঢ়ি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ সেয়াও হৈছে বিশ্বৰ
মালিক। তাততো হৈছে এটাই ধৰ্ম, এখনেই ৰাজ্য। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে।
তাত তোমালোকৰ পৱিত্ৰতা-সুখ-সম্পত্তি সকলো আছে। গীতটিও শুনিলা নহয়। এতিয়া এই গীতটি
তোমালোকে ৰচনা কৰা নাই। অনায়াসে ড্ৰামা অনুসৰি এই সময়ৰ বাবে ৰচি থোৱা আছে। মনুষ্যৰ
দ্বাৰা ৰচিত গীতবোৰৰ অৰ্থ পিতাই বহি বুজায়। এতিয়া তোমালোকে ইয়াত শান্তিৰে বহি পিতাৰ
পৰা উত্তৰাধিকাৰ লৈ আছা, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। আধাকল্প সুখৰ উত্তৰাধিকাৰ থাকে।
পিতাই বুজায় - মৰমৰ সন্তানসকল আধাকল্পতকৈও বেছি তোমালোকে সুখ ভোগ কৰা। তাৰ পাছত
ৰাৱণৰাজ্য আৰম্ভ হয়। মন্দিৰো এনেকুৱা আছে য’ত চিত্ৰ দেখুৱায় - দেৱতাসকল বাম (বিকাৰী)
মাৰ্গত কেনেকৈ যায়। সাজ-পোছাকতো সেয়াই আছে। সাজ-পোছাক পাছলৈ সলনি হয়। প্ৰত্যেক ৰজাৰ
নিজৰ নিজৰ সাজ-পোছাক, মুকুট আদি সকলো বেলেগ বেলেগ হয়।
এতিয়া সন্তানসকলে জানে
যে আমি শিৱবাবাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ। পিতাইতো “সন্তান সন্তান”
বুলিয়ে কয়। সন্তানসকল তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানাছিলা। শুনেতো আত্মায়ে নহয়।
মই আত্মা, শৰীৰ নহয়। আৰু যি মনুষ্য মাত্ৰ আছে তেওঁলোকৰ নিজৰ শৰীৰৰ নামৰ নিচা থাকে
কিয়নো দেহ-অভিমানী হয়। মই আত্মা, এইটো নাজানে। তেওঁলোকেতো আত্মাই পৰমাত্মা,
পৰমাত্মাই আত্মা বুলি কৈ দিয়ে। এতিয়া তোমালোকক পিতাই বুজাইছে যে তোমালোক আত্মাসকলেই
বিশ্বৰ মালিক দেৱী-দেৱতা হৈ আছা। এই জ্ঞান এতিয়া আছে, আমিয়েই দেৱতা আকৌ ক্ষত্ৰিয়
কুলত আহিম। 84 জন্মৰ হিচাপো লাগে নহয়। সকলোৱেতো 84 জন্ম নল’ব। সকলোৱে জানো একেলগে
আহিব। তোমালোকে জানা যে কোনটো ধৰ্ম কেনেকৈ আহি থাকে। বুৰঞ্জী পুৰণি আকৌ নতুন হয়।
এতিয়া এইখন হয়েই পতিত সৃষ্টি। সেইখন হৈছে পাৱন সৃষ্টি। তাৰ পাছত বেলেগ বেলেগ
ধৰ্মসমূহ আহে, এই কৰ্মক্ষেত্ৰত এই এখনেই নাটক চলে। মুখ্য হৈছে 4টা ধৰ্ম। এই সংগমত
পিতা আহি ব্ৰাহ্মণ সম্প্ৰদায় প্ৰতিষ্ঠা কৰে। বিৰাট ৰূপৰ চিত্ৰ তৈয়াৰ কৰে, কিন্তু
তাত এইটো ভুল আছে। পিতা আহি সকলো কথা বুজাই অভুল কৰি তোলে। পিতাইতো কেতিয়াও শৰীৰ
ধাৰণ নকৰে আৰু কোনো ভুল নকৰে। তেওঁতো অলপ সময়ৰ বাবে তোমালোক সন্তানসকলক সুখধাম আৰু
নিজৰ ঘৰৰ ৰাস্তা দেখুৱাই দিবলৈ এই ৰথত আহে। কেৱল ৰাস্তাই দেখুৱাই নিদিয়ে জীৱনো গঢ়ি
তোলে। কল্পই কল্পই তোমালোক ঘৰলৈ যোৱা আকৌ সুখৰ ভূমিকাও পালন কৰা। সন্তানসকলে পাহৰি
গ’ল যে আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধর্ম হৈছে শান্তি। এই দুখৰ সৃষ্টিত শান্তি কেনেকৈ
হ’ব- এই সকলোবোৰ কথা তোমালোকে এতিয়া বুজি উঠিছা। তোমালোকে সকলোকে বুজোৱাও। লাহে লাহে
সকলো আহি থাকিব। বিলাতৰসকলেও গম পাব এই সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, ইয়াৰ আয়ুস কিমান।
বিদেশীসকলো তোমালোকৰ ওচৰলৈ আহিব নতুবা সন্তানসকল তালৈ গৈ সৃষ্টিচক্ৰৰ ৰহস্য বুজাব।
তেওঁলোকে ভাবে যে যীশুখ্ৰীষ্ট ঈশ্বৰৰ ওচৰলৈ গ’ল। যীশুখ্ৰীষ্টক ঈশ্বৰৰ সন্তান বুলি
ভাবে। বহুতে আকৌ এনেকৈ ভাবে যে যীশুখ্ৰীষ্টয়ো পুনৰ্জন্ম লৈ লৈ এতিয়া ভিকহু হৈ গৈছে।
যেনকৈ তোমালোকো ভিকহু নোহোৱা জানো। ভিকহু অৰ্থাৎ তমোপ্ৰধান। এনেকৈ ভাবে যে
যীশুখ্ৰীষ্টও ইয়াত আছে, আকৌ কেতিয়া আহিব, এইটো নাজানে। তোমালোকে বুজাব পাৰা -
তোমালোকৰ ধর্ম প্ৰতিষ্ঠাপক পুনৰ নিজৰ সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিব। তেওঁক গুৰু
বুলি ক’ব নোৱাৰে। তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সৎগতিদাতা কেৱল এজনেই, তেওঁলোক
যিসকল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে সকলোৱে পুনৰ্জন্ম লৈ লৈ এতিয়া আহি তমোপ্ৰধান হৈছে।
অন্তিমত গোটেই বৃক্ষজোপাই জৰ্জৰিত অৱস্থা পালে। এতিয়া তোমালোকে জানা - গোটেই
বৃক্ষজোপা থিয় হৈ আছে, বাকী দেৱী-দেৱতাৰ ধৰ্মৰ আধাৰ নাই। (বট গছৰ দৃষ্টান্ত) এই
সকলোবোৰ কথা পিতাইহে সন্তানসকলক বহি বুজায়। তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা
উচিত। তোমালোকে জানা যে আমিয়েই দেৱী-দেৱতা আছিলোঁ আকৌ এতিয়া হওঁ। ইয়ালৈ তোমালোক
আহাই সত্য-নাৰায়ণৰ কথা শুনিবলৈ, যাৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হ’বাগৈ। নাৰায়ণ হ'লে
তেন্তে নিশ্চয় লক্ষ্মীও হ'ব। লক্ষ্মী-নাৰায়ণ হ'লে নিশ্চয় তেওঁলোকৰ ৰাজধানীও থাকিব
নহয়। কেৱল লক্ষ্মী-নাৰায়ণেতো নাথাকিব। লক্ষ্মী হোৱাৰ বেলেগ কথা (কাহিনী) আছে জানো।
নাৰায়ণৰ লগতে লক্ষ্মীও হয়। লক্ষ্মীও কেতিয়াবা নাৰায়ণ হয়। আৰু কেতিয়াবা নাৰায়ণো
লক্ষ্মী হয়। কোনো কোনো গীত বহুত ভাল। মায়াই শ্বাসৰুদ্ধ কৰিলে তেতিয়া গীত শুনিলে
হৰ্ষিত হৈ যাবা। যেনেকৈ সাঁতুৰিবলৈ শিকোঁতে প্ৰথমতে শ্বাসৰুদ্ধ হৈ যায় তেতিয়া তেওঁক
ধৰি লয়। ইয়াতো মায়াই বহুত শ্বাসৰুদ্ধ কৰি দিয়ে। সন্তৰণবিদতো বহুত থাকে। তেওঁলোকৰো
প্ৰতিযোগিতা হয় তোমালোকৰো প্ৰতিযোগিতা হয় - সিপাৰলৈ যোৱাৰ। মামেকম্ (কেৱল মোক)
স্মৰণ কৰিব লাগে। স্মৰণ নকৰিলে শ্বাসৰুদ্ধ হৈ যায়। পিতাই কয় - স্মৃতিৰ যাত্ৰাৰেহে
বৈতৰণী পাৰ হ’ব। তোমালোক সিপাৰলৈ গুচি যাবা। সন্তৰণবিদ কোনোবা ভাল পাকৈত হয়, কোনোবা
কম। ইয়াতো এনেকুৱা। বাবাৰ ওচৰলৈ খতিয়ান পঠিয়াই দিয়ে। পিতাই পৰীক্ষা কৰে। স্মৃতিৰ
খতিয়ান এওঁলোকে যথা ৰীতিৰে বুজে নে ভুলকৈ বুজে। কোনো কোনোৱে দেখুৱায় - মই গোটেই
দিনটোত 5 ঘণ্টা স্মৃতিত থাকিলোঁ। মই বিশ্বাস নকৰোঁ, নিশ্চয় ভুল হৈছে। কোনোৱে ভাবে
মই যিমান সময় ইয়াত পঢ়োঁ সিমান সময়তো খতিয়ান ঠিকে থাকে। কিন্তু নহয়। বহুত আছে যিসকল
ইয়াত বহি থাকে, শুনি থাকে কিন্তু বুদ্ধি বাহিৰত ক’ৰবালৈ গুচি যায়। পূৰা নুশুনেই।
ভক্তিমাৰ্গত এনেকুৱা হয়। সন্ন্যাসীসকলে কথা শুনালে তেতিয়া মাজে মাজে সোধে, মই কি
শুনালোঁ? দেখিবলৈ পায় যে ইয়াত অন্যমনস্ক হৈ বহিছে সেয়েহে সোধে তেতিয়া ক’ব নোৱাৰে।
বুদ্ধি ক’ৰবাত নহয় ক’ৰবাত গুচি যায়। এটা শব্দও নুশুনে। ইয়াতো এনেকুৱা। বাবাই চাই
থাকে - বুজি পোৱা যায় যে এওঁৰ বুদ্ধি ক’ৰবাত বাহিৰত দিগভ্ৰান্ত হৈ থাকে।
ইফালে-সিফালে চাই থাকে। এনেকুৱাও কোনো কোনো নতুন আহে। বাবাই বুজি পাই যায় সম্পূৰ্ণকৈ
বুজা নাই সেয়েহে বাবাই কয় – নতুনসকলক সোনকালে ইয়ালৈ শ্ৰেণীত অহাৰ অনুমতি নিদিবা।
নহ'লে বায়ুমণ্ডল দুষিত কৰে। আগলৈ গৈ তোমালোকে দেখিবা যিসকল ভাল ভাল সন্তান তেওঁলোক
ইয়াত বহি বহিয়েই বৈকুণ্ঠলৈ গুচি যাব। বহুত আনন্দিত হৈ থাকিব। বাৰে বাৰে গুচি যাব -
এতিয়া সময় সমীপত। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকৰ অৱস্থা এনেকুৱা হৈ যাব। বাৰে বাৰে
স্বৰ্গত নিজৰ মহল চাই থাকিবা। যিবোৰ ক’বলগীয়া বা কৰিবলগীয়া হ'ব তাৰ সাক্ষাৎকাৰ হৈ
থাকিব। সময়তো দেখি আছা। কেনেকৈ তৈয়াৰ হৈ আছে। পিতাই কয় - দেখিবা কেনেকৈ এক চেকেণ্ডত
গোটেই সৃষ্টিৰ মনুষ্য ছাইত মিহলি হৈ যাব। বোমা বৰ্ষণ কৰিলে আৰু এয়া নাশ হ’ল।
তোমালোক সন্তানসকলে
জানা যে এতিয়া আমাৰ ৰাজ্য স্থাপনা হৈ আছে। এতিয়াতো স্মৃতিৰ যাত্ৰাত মগ্ন হৈ থাকিব
লাগে। সেই ধাৰ ভৰাব লাগে যাতে যিকোনো লোককে দৃষ্টি ৰূপী বাণে আঘাত কৰি (প্ৰভাৱিত)
দিয়ে। অন্তিমত ভীষ্ম পিতামহ আদিৰ দৰে লোকসকলকো তোমালোকেই জ্ঞানৰ বাণ মাৰিবা। তৎক্ষণাৎ
বুজি পাই যাব, এওঁলোকেতো সত্য কথা কয়। জ্ঞানৰ সাগৰ পতিত-পাৱনতো হৈছে নিৰাকাৰ ভগৱান।
শ্ৰীকৃষ্ণ হ'ব নোৱাৰে। তেওঁৰতো জন্ম দেখুৱায়। শ্ৰীকৃষ্ণৰ সেয়াই চেহেৰা পাছত কেতিয়াও
একে হ’ব নোৱাৰে। আকৌ সত্যযুগত সেয়াই চেহেৰা পাব। প্ৰতিটো জন্মত, প্ৰত্যেকৰে চেহেৰা
বেলেগ বেলেগ হয়। এয়া ড্ৰামাৰ ভূমিকা এনেকৈয়ে ৰচি থোৱা আছে। তাততো প্ৰাকৃতিক সুন্দৰ
চেহেৰা থাকে। এতিয়াতো দিনে-প্ৰতিদিনে শৰীৰো তমোপ্ৰধান হৈ গৈ থাকে। প্ৰথমতে
সতোপ্ৰধান তাৰ পাছত সতো-ৰজো-তমো হৈ যায়। ইয়াত চোৱা কেনেকুৱা সন্তান জন্ম হয়।
কাৰোবাৰ ভৰি নচলে, কোনোবা বাওনা হয়। কি কি হৈ যায়। সত্যযুগত জানো এনেকুৱা হয়। তাত
দেৱতাসকলৰ দাড়ি আদিও নাথাকে। মসৃণ ধুনীয়া হয়। দৃষ্টি-ব্যৱহাৰৰ দ্বাৰা বুজা যায় যে
এওঁ পুৰুষ, এওঁ মহিলা। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব। তোমালোক
সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবা কল্পই কল্পই আহি আমাক ৰাজযোগ শিকাই
মনুষ্যৰ পৰা দেৱতা কৰি তোলে। এয়াও তোমালোক সন্তানসকলে জানা যে বাকী যি ধৰ্মাৱলম্বী
আছে সকলো নিজৰ নিজৰ শাখাত গুচি যাব। আত্মাসকলৰ বৃক্ষও দেখুৱায় নহয় জানো। চিত্ৰবোৰত
বহুত শুধৰণি কৰি থাকিব, সলনি হৈ গৈ থাকিব। যেনেকৈ বাবাই সূক্ষ্মলোকৰ কাৰণে বুজায়,
সংশয় বুদ্ধিৰ সকলেতো ক’ব এয়া কি! আগতে এনেকৈ কৈছিল, এতিয়া এনেকৈ কয়!
লক্ষ্মী-নাৰায়ণৰ দুয়োটা ৰূপ মিলাই বিষ্ণু বুলি কয়। বাকী চাৰিখন হাত থকা মনুষ্য জানো
থাকে। ৰাৱণৰ 10টা মূৰ দেখুৱায়। এনেকুৱা কোনো মনুষ্য নাথাকে। প্ৰত্যেক বছৰে জ্বলায়।
যেন পুতলাৰ খেল।
মনুষ্যই কয় - শাস্ত্ৰ
অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। শাস্ত্ৰতো আমাৰ প্ৰাণ। ‘গীতা’খনক চোৱা কিমান মান
দিয়ে। ইয়াততো তোমালোকৰ ওচৰত মুৰুলী বহুত জমা হৈ যায়। তোমালোকে ৰাখি কি কৰিবা!
দিনে-প্ৰতিদিনে তোমালোকে নতুন নতুন কথা শুনি থাকা। অৱশ্যে হয়, সাৰ কথাবোৰ লিখি ৰখাতো
বহুত ভাল। ভাষণ দিয়াৰ সময়ত আখৰা কৰি ল’ব। এইটো এইটো কথা বুজাম। বিষয় বস্তুৰ তালিকা
থাকিব লাগে। আজি এইটো বিষয়ৰ ওপৰত বুজাম। ৰাৱণ কোন, ৰাম কোন? সত্য কি, সেয়া সকলো আমি
আপোনালোকক বুজাম। এই সময়ত ৰাৱণৰাজ্য গোটেই সৃষ্টিতে আছে। 5 বিকাৰতো সকলোৰে আছে। পিতা
আহি আকৌ ৰামৰাজ্য স্থাপনা কৰে। এয়া পৰাজয় আৰু জয়ৰ খেল। পৰাজয় কেনেকৈ হয়! 5 বিকাৰ
ৰূপী ৰাৱণৰ দ্বাৰা। আগতে পৱিত্ৰ গৃহস্থ আশ্ৰম আছিল সেয়া এতিয়া পতিত হৈ গৈছে।
লক্ষ্মী-নাৰায়ণেই আকৌ ব্ৰহ্মা-সৰস্বতী হয়। পিতায়ো কয় - মই এওঁৰ বহুত জন্মৰ অন্তত
প্ৰৱেশ কৰোঁ। তোমালোকে ক’বা আমিও বহুত জন্মৰ অন্তত পিতাৰ পৰা জ্ঞান লৈ আছোঁ। এই
সকলোবোৰ বুজিবলগীয়া কথা। কোনোবা ভোদা বুদ্ধিৰ হ’লে তেতিয়া বুজি নাপায়। এয়াতো ৰাজধানী
স্থাপনা হৈ আছে। বহুত আহিল আকৌ গুচি গ'ল, তেওঁলোক আকৌ আহি যাব। প্ৰজাত পাই-পইচাৰ পদ
লৈ ল’ব। তেওঁলোকৰো প্ৰয়োজন হয় নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো
নিচাত থাকিব লাগে যে আমি এতিয়া এই পঢ়া সম্পূৰ্ণ কৰি মনুষ্যৰ পৰা দেৱতা তথা বিশ্বৰ
মালিক হ’মগৈ। আমাৰ ৰাজ্যত পৱিত্ৰতা-সুখ-শান্তি সকলো থাকিব। সেয়া কোনেও কাঢ়ি নিব
নোৱাৰে।
(2) ইপাৰৰ পৰা সিপাৰলৈ
যাবলৈ স্মৃতিৰ যাত্ৰাত ভাল সন্তৰণবিদ হ’ব লাগে। মায়াৰ দ্বাৰা শ্বাসৰুদ্ধ হ’ব নালাগে।
নিজক পৰীক্ষা কৰিব লাগে, স্মৃতিৰ খতিয়ান যথাৰ্থভাৱে বুজি লিখিব লাগে।
বৰদান:
পুৰুষাৰ্থ আৰু
প্ৰালব্ধৰ হিচাপ জানি লৈ তীব্ৰগতিৰে আগবাঢ়ি যাওঁতা জ্ঞানৱান হোৱা
পুৰুষাৰ্থৰ দ্বাৰা
প্ৰালব্ধ জমা কৰাৰ এয়াই সময় সেইবাবে জ্ঞানৱান হৈ তীব্ৰগতিৰে আগবাঢ়ি যোৱা। এই
ক্ষেত্ৰত এইটো নাভাবিবা যে আজি নহ’লেতো কাইলৈ সলনি হৈ যাম। ইয়াকেই অমনোযোগিতা বুলি
কোৱা হয়। এতিয়ালৈকে বাপদাদাই স্নেহৰ সাগৰ হৈ সৰ্ব সম্বন্ধৰ স্নেহত সন্তানসকলৰ
অমনোযোগিতা, সাধাৰণ পুৰুষাৰ্থ দেখি শুনিও অতিৰিক্ত সহায়েৰে, অতিৰিক্ত নম্বৰ দি
আগবঢ়াই লৈ গৈ আছে। গতিকে জ্ঞানৱান হৈ সাহস আৰু সহায়ৰ বিশেষ বৰদানৰ লাভ লোৱা।
স্লোগান:
প্ৰকৃতিৰ দাস হওঁতাসকলেই উদাস হয়, সেইবাবে প্ৰকৃতিজিৎ হোৱা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
যেনেকৈ কোনোবা সাগৰত
সমাহিত হৈ গ’লে সেই সময়ত সাগৰৰ বাহিৰে অন্য একো দৃষ্টিগোচৰ নহ’ব। তেনেকৈ পিতা অৰ্থাৎ
সৰ্বগুণৰ সাগৰত সমাহিত হৈ যোৱা, ইয়াকে স্নেহত লীন স্থিতি বুলি কোৱা হয়। পিতাৰ মাজত
সমাহিত হ’ব নালাগে কিন্তু পিতাৰ স্মৃতিত, স্নেহত সমাহিত হৈ যাব লাগে।