19.10.25    Avyakt Bapdada     Assame Murli     31.03.2007     Om Shanti     Madhuban


“*“সু-সন্তান হৈ নিজৰ চেহেৰাৰ দ্বাৰা পিতাৰ চিত্ৰ প্ৰত্যক্ষ কৰাবা, নিৰ্মাণ অৰ্থাৎ সেৱাৰ লগতে নিৰ্মল বাণী, নম্ৰ স্থিতিৰ সন্তুলন ৰাখিবা”*”


আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ ভাগ্যৰ ৰেখাবোৰ চাই হৰ্ষিত হৈ আছেহঁক। সকলো সন্তানৰ মস্তকত চিকমিকাই থকা জ্যোতিৰ ৰেখা জিলিকি আছে। নয়নত আত্মিকতাৰ ভাগ্য ৰেখা দৃষ্টিগোচৰ হৈ আছে। মুখত শ্ৰেষ্ঠ বাণীৰ ভাগ্য ৰেখা দৃষ্টিগোচৰ হৈ আছে। ওঁঠত আত্মিক মিচিকিয়া হাঁহি দৃষ্টিগোচৰ হৈছে। হাতত সৰ্ব পৰমাত্ম সম্পদৰ ৰেখা দৃষ্টিগোচৰ হৈ আছে। স্মৃতিৰ প্ৰতিটো খোজত পদমৰ ৰেখা দৃষ্টিগোচৰ হৈছে। প্ৰত্যেকৰে হৃদয়ত পিতাৰ প্ৰেমত লীন হোৱাৰ ৰেখা দৃষ্টিগোচৰ হৈছে। এনেকুৱা শ্ৰেষ্ঠ ভাগ্য প্ৰতিগৰাকী সন্তানে অনুভৱ কৰি আছা নহয়! কিয়নো প্ৰত্যেকৰ এই ভাগ্যৰ ৰেখাবোৰ স্বয়ং পিতাই শ্ৰেষ্ঠ কৰ্মৰ কলমেৰে টানিছে। এনেকুৱা শ্ৰেষ্ঠ ভাগ্য যি অবিনাশী, কেৱল এইটো জন্মৰ বাবে নহয় কিন্তু অনেক জন্মৰ অবিনাশী ভাগ্য ৰেখা। অবিনাশী পিতা আৰু অবিনাশী ভাগ্য ৰেখা। এই সময়ৰ শ্ৰেষ্ঠ কৰ্মৰ আধাৰত সকলো ৰেখা প্ৰাপ্ত হয়। এই সময়ৰ পুৰুষাৰ্থই অনেক জন্মৰ প্ৰালব্ধ গঢ়ি তোলে।

সকলো সন্তানে অনেক জন্মৰ যি প্ৰালব্ধ পাবলৈ আছে, বাপদাদাই সেয়া এতিয়া এই সময়ত, এইটো জন্মত পুৰুষাৰ্থৰ প্ৰালব্ধৰ প্ৰাপ্তি চাবলৈ বিচাৰে। কেৱল ভৱিষ্যতে নহয় কিন্তু এতিয়াও এই সকলো ৰেখা সদায় অনুভৱত আহে কিয়নো এতিয়াৰ এই দিব্য সংস্কাৰে তোমালোকৰ নতুন সংসাৰ গঢ় দি আছে। গতিকে পৰীক্ষা কৰা, পৰীক্ষা কৰিব জানা নহয়! নিজেই নিজৰ পৰীক্ষক হোৱা। তেন্তে সকলো ভাগ্য ৰেখা এতিয়াও অনুভৱ হয়নে? এনেকৈতো নাভাবা যে এই প্ৰালব্ধ অন্তত দৃষ্টিগোচৰ হ’ব? প্ৰাপ্তিও এতিয়াই সেয়েহে প্ৰালব্ধৰ অনুভৱো এতিয়া কৰিব লাগে। ভৱিষ্যত সংসাৰৰ সংস্কাৰ এতিয়া প্ৰত্যক্ষ জীৱনত অনুভৱ হ’ব লাগে। তেন্তে কি পৰীক্ষা কৰিবা? ভৱিষ্যত সংসাৰৰ সংস্কাৰৰ গায়ন কৰা যে ভৱিষ্যত সংসাৰত এক ৰাজ্য হ’ব। স্মৃতিত আছে নহয় সেই সংসাৰ! কিমান বাৰ সেই সংসাৰত ৰাজ্য কৰিছা? স্মৃতিত আছে নে সোঁৱৰাই দিলেহে স্মৃতিলৈ আহে? কি আছিলা, সেয়া স্মৃতিত আছে নহয়? কিন্তু সেয়াই সংস্কাৰ এতিয়াৰ জীৱনত প্ৰত্যক্ষ ৰূপত আছেনে? গতিকে পৰীক্ষা কৰা এতিয়াও মনত, বুদ্ধিত, সম্বন্ধ-সম্পৰ্কত, জীৱনত এক ৰাজ্য আছেনে? নে কেতিয়াবা কেতিয়াবা আত্মাৰ ৰাজ্যৰ লগতে মায়াৰ ৰাজ্যওতো নাই? যেনেকৈ ভৱিষ্যতৰ প্ৰালব্ধত এখনেই ৰাজ্য, দুখন নহয়। তেন্তে এতিয়াও দুখন ৰাজ্যতো নাই? যেনেকৈ ভৱিষ্যতৰ ৰাজ্যত এক ৰাজ্যৰ লগতে এক ধৰ্ম, সেয়া কোনটো ধৰ্ম? সম্পূৰ্ণ পৱিত্ৰতাৰ ধাৰণাৰ ধৰ্ম। গতিকে পৰীক্ষা কৰা যে পৱিত্ৰতা সম্পূৰ্ণ হয়নে? সপোনতো অপৱিত্ৰতাৰ নাম-চিহ্ন যাতে নাথাকে। পৱিত্ৰতা অৰ্থাৎ সংকল্প, বাণী, কৰ্ম আৰু সম্বন্ধ-সম্পৰ্কত এটাই ধাৰণা সম্পূৰ্ণ পৱিত্ৰতাৰ হওঁক। ব্ৰহ্মাচাৰী হোৱা। নিজক পৰীক্ষা কৰিব জানানে? যিসকলে নিজক পৰীক্ষা কৰিব জানা তেওঁলোকে হাত দাঙা। জানা আৰু কৰাওনে? কৰা, কৰানে? শিক্ষকসকলে জানানে? ডবল বিদেশীসকলে জানানে? কিয়? এতিয়াৰ পৱিত্ৰতাৰ কাৰণে তোমালোকৰ জড় চিত্ৰৰ পৰাও পৱিত্ৰতা বিচাৰে। পৱিত্ৰতা অৰ্থাৎ এক ধৰ্ম এতিয়াৰ প্ৰতিষ্ঠা যি ভৱিষ্যতেও চলে। এনেও ভৱিষ্যতৰ কি গায়ন আছে? এক ৰাজ্য, এক ধৰ্ম, আৰু লগতে সদায় সুখ-শান্তি, সম্পত্তি, অখণ্ড সুখ, অখণ্ড শান্তি, অখণ্ড সম্পত্তি। গতিকে এতিয়াৰ তোমালোকৰ স্বৰাজ্যৰ জীৱনত, সেয়া হৈছে বিশ্ব ৰাজ্য আৰু এই সময়ত হৈছে স্বৰাজ্য, সেয়েহে পৰীক্ষা কৰা অবিনাশী সুখ, পৰমাত্ম সুখ, অবিনাশী অনুভৱ হয়নে? কোনো সাধন বা কোনো আলম্বনৰ আধাৰত সুখৰ অনুভৱতো নহয়? কেতিয়াও কোনো কাৰণত দুখৰ লহৰ অনুভৱত আহিব নালাগে। কোনো নাম, মান-সম্ভ্ৰমৰ আধাৰততো সুখৰ অনুভৱ নহয়? কিয়? এই নাম, মান-সম্ভ্ৰম, সাধন, আলম্বন এয়া নিজেই বিনাশী, অল্পকালৰ। সেয়েহে বিনাশী আধাৰত অবিনাশী সুখ পোৱা নাযায়। পৰীক্ষা কৰি যোৱা। এতিয়াও শুনিও যোৱা আৰু নিজৰ ভিতৰত পৰীক্ষাও কৰি যোৱা তেতিয়া গম পাবা যে এতিয়াৰ সংস্কাৰ আৰু ভৱিষ্যত সংসাৰৰ প্ৰালব্ধত কিমান পাৰ্থক্য আছে! তোমালোক সকলোৱে জন্মতেই বাপদাদাক প্ৰতিশ্ৰুতি দিছা, প্ৰতিশ্ৰুতি স্মৃতিত আছেনে নে পাহৰি গ’লা? এইটোৱে প্ৰতিশ্ৰুতি দিলা যে আমি সকলো পিতাৰ সঙ্গী হৈ, বিশ্ব কল্যাণকাৰী হৈ নতুন সুখ শান্তিময় সংসাৰ গঢ় দিওঁতা হওঁ। স্মৃতিত আছেনে? নিজৰ প্ৰতিশ্ৰুতি স্মৃতিত আছেনে? যদি স্মৃতিত আছে তেন্তে হাত দাঙা। দৃঢ় প্ৰতিশ্ৰুতি নে অলপ খেলিমেলি হৈ যায়? নতুন সংসাৰ এতিয়া পৰমাত্ম সংস্কাৰৰ আধাৰত গঢ় লৈ উঠিব। সেয়েহে কেৱল এতিয়া পুৰুষাৰ্থ কৰিব নালাগে কিন্তু পুৰুষাৰ্থৰ প্ৰালব্ধও এতিয়া অনুভৱ কৰিব লাগে। সুখৰ লগতে শান্তিও পৰীক্ষা কৰা – অশান্ত পৰিস্থিতি, অশান্ত বায়ুমণ্ডল তাতো তোমালোক শান্তিৰ সাগৰৰ সন্তান সদায় পদুম ফুলৰ দৰে অশান্তিকো শান্তিৰ বায়ুমণ্ডললৈ পৰিৱৰ্তন কৰিব পাৰানে? শান্ত বায়ুমণ্ডলত তোমালোকে শান্তিৰ অনুভৱ কৰিলা, এয়া কোনো ডাঙৰ কথা নহয় কিন্তু তোমালোকৰ প্ৰতিশ্ৰুতি আছে অশান্তিকো শান্তিলৈ পৰিৱৰ্তন কৰোঁতা। গতিকে পৰীক্ষা কৰা – পৰীক্ষা কৰি আছা নহয়? পৰিৱৰ্তক হোৱা, পৰৰ বশীভূততো নোহোৱা নহয়? পৰিৱৰ্তক হোৱা। পৰিৱৰ্তক কেতিয়াও পৰৰ বশীভূত হ’ব নোৱাৰে। এইটো প্ৰকাৰে সম্পত্তি, অক্ষয় সম্পত্তি, সেয়া স্বৰাজ্য অধিকাৰীৰ বাবে কি হয়? জ্ঞান, গুণ আৰু শক্তিসমূহ - স্বৰাজ্য অধিকাৰীৰ সম্পত্তি হৈছে এয়া। তেন্তে পৰীক্ষা কৰা – জ্ঞানৰ গোটেই বিস্তাৰৰ সাৰ স্পষ্টকৈ জানি গ’লা নহয়? জ্ঞানৰ অৰ্থ এইটো নহয় যে কেৱল ভাষণ দিলা, পাঠ্যক্ৰম কৰালা, জ্ঞানৰ অৰ্থ হৈছে বোধ। গতিকে প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম, প্ৰতিষাৰ বাণী, জ্ঞান অৰ্থাৎ বিচাৰ বুদ্ধি সম্পন্ন, জ্ঞানপূৰ্ণ হৈ কৰানে? সৰ্বগুণ বাস্তৱিক জীৱনত জাগ্ৰত হৈ থাকেনে? সকলো নে যথাশক্তি? এইটো প্ৰকাৰে সৰ্বশক্তি – তোমালোকৰ উপাধি হৈছে মাষ্টৰ সৰ্বশক্তিমান, শক্তিমান নহয়। তেন্তে সৰ্বশক্তি সম্পন্ন হোৱানে? আৰু দ্বিতীয় কথা সৰ্বশক্তিয়ে সময়ত কাৰ্য কৰেনে? সময়ত হাজিৰ হয়নে নে সময় পাৰ হৈ যায় তাৰপাছত স্মৃতিলৈ আহে? গতিকে পৰীক্ষা কৰা তিনিওটা কথা এক ৰাজ্য, এক ধৰ্ম আৰু অবিনাশী সুখ-শান্তি, সম্পত্তি কিয়নো নতুন সংসাৰত এই কথাবোৰ যি এতিয়া স্বৰাজ্যৰ সময়ৰ অনুভৱ আছে, সেয়া হ’ব নোৱাৰিব। এতিয়া এই সকলোবোৰ কথা অনুভৱ কৰিব পাৰা। এতিয়াৰ পৰাই এই সংস্কাৰ জাগ্ৰত হ’লে তেতিয়া অনেক জন্ম প্ৰালব্ধৰ ৰূপত চলিব। এনেকৈতো নাভাবা যে ধাৰণ কৰি আছোঁ, হৈ যাব, অন্তলৈকেতো হৈয়েই যাব!

বাপদাদাই আগতেই ইংগিত দি দিছে যে এতিয়াৰ বহুকালৰ অভ্যাস বহুকালৰ প্ৰাপ্তিৰ আধাৰ। অন্তত হৈ যাব - এনেকৈ নাভাবিবা, হৈ যাব নহয়, হ’বই লাগিব। কিয়? স্বৰাজ্যৰ যি অধিকাৰ সেয়া এতিয়া বহুকালৰ অভ্যাস লাগে। যদি এটা জন্মত অধিকাৰী হ’ব নোৱাৰা, অধীন হৈ যোৱা তেন্তে অনেক জন্ম কেনেকৈ হ’বা! সেইবাবে বাপদাদাই চাৰিওফালৰ সকলো সন্তানসকলক বাৰে বাৰে ইংগিত দি আছে যে সময় তীব্ৰগতিত গৈ আছে সেইবাবে সকলো সন্তান এতিয়া কেৱল পুৰুষাৰ্থী হ’ব নালাগে কিন্তু তীব্ৰ পুৰুষাৰ্থী হৈ, পুৰুষাৰ্থৰ প্ৰালব্ধ এতিয়া বহুকালৰ পৰা অনুভৱ কৰিব লাগে। তীব্ৰ পুৰুষাৰ্থীৰ লক্ষণসমূহ বাপদাদাই আগতেও শুনাইছে। তীব্ৰ পুৰুষাৰ্থী সদায় মাষ্টৰ দাতা হ’ব, লওঁতা নহয় দেৱতা, দিওঁতা। এওঁ হ’লে তেতিয়া মোৰ পুৰুষাৰ্থ হ’ব, এওঁ কৰিলে তেতিয়া ময়ো কৰিম, এওঁ পৰিৱৰ্তন হ’লে ময়ো পৰিৱৰ্তন হ’ম, এওঁ পৰিৱৰ্তন হওঁক, এওঁ কৰক, এয়া দাতাবোধৰ লক্ষণ নহয়। কোনোবাই কৰক বা নকৰক, কিন্তু মই বাপদাদাৰ সমান কৰোঁ, পিতা ব্ৰহ্মাৰ সমানো, সাকাৰতো দেখিছা, সন্তানে কৰক তেতিয়া মই কৰিম – কেতিয়াও এনেকৈ নক’লে, মই কৰি সন্তানসকলৰ দ্বাৰা কৰাওঁ। তীব্ৰ পুৰুষাৰ্থৰ দ্বিতীয় লক্ষণ হ’ল, সদায় নম্ৰ, কাৰ্য কৰিও নম্ৰ, নিৰ্মাণ আৰু নম্ৰতা দুয়োটাৰে সন্তুলন লাগে। কিয়? নম্ৰ হৈ কাৰ্য কৰিলে সকলোৰে দ্বাৰা অন্তৰৰ স্নেহ আৰু আশীৰ্বাদ পোৱা যায়। বাপদাদাই দেখিছে যে নিৰ্মাণ অৰ্থাৎ সেৱাৰ ক্ষেত্ৰত আজিকালি সকলো ভাল উৎসাহ-উদ্দীপনাৰে নতুন নতুন পৰিকল্পনা কৰি আছে। ইয়াৰ বাবে বাপদাদাই চাৰিওফালৰ সন্তানসকলক অভিনন্দন জনাই আছে।

বাপদাদাৰ ওচৰলৈ নিৰ্মাণৰ, সেৱাৰ পৰিকল্পনা বহুত ভাল ভাল আহিছে। কিন্তু বাপদাদাই দেখিছে যে নিৰ্মাণৰ কাৰ্যতো বহুত ভাল কিন্তু যিমান সেৱাৰ কাৰ্যত উৎসাহ-উদ্দীপনা আছে সিমান যদি নম্ৰ স্থিতিৰ সন্তুলন থাকে তেতিয়া নিৰ্মাণ অৰ্থাৎ সেৱাৰ কাৰ্যত সফলতা আৰু বেছি প্ৰত্যক্ষৰূপত হ’ব পাৰে। বাপদাদাই আগতেও শুনাইছে – নম্ৰ স্বভাৱ, নম্ৰ বাণী আৰু নম্ৰ স্থিতিৰে সম্বন্ধ-সম্পৰ্কত আহিবা, দেৱতাসকলৰ গায়ন কৰে কিন্তু হয় ব্ৰাহ্মণসকলৰ গায়ন, দেৱতাসকলৰ কাৰণে কয় তেওঁলোকৰ মুখেৰে যি বচন ওলায় সেয়া যেন হীৰা-মুকুতা, অমূল্য, নিৰ্মল বাণী, নিৰ্মল স্বভাৱ। এতিয়া বাপদাদাই দেখিছে, ফলাফল শুনাই দিওঁনে, কিয়নো আজি এই চিজনৰ শেষৰ পাল। গতিকে বাপদাদাই দেখিছে যে নিৰ্মল বাণী, নম্ৰ স্থিতি এই ক্ষেত্ৰত এতিয়া মনোযোগৰ দৰকাৰ।

বাপদাদাৰ সম্পদৰ তিনিটা পুঁজি জমা কৰা, এয়া আগতে শুনাইছোঁ। তেন্তে ফলাফলত কি দেখিলোঁ? তিনিটা পুঁজি কোন কেইটা? সেয়াতো স্মৃতিত আছে নহয়! তথাপিও পুনৰাবৃত্তি কৰি আছোঁ – এটা হৈছে নিজৰ পুৰুষাৰ্থৰ দ্বাৰা জমা পুঁজি বঢ়োৱা। দ্বিতীয়তে হৈছে – সদায় নিজেও সন্তুষ্ট হৈ থকা আৰু আনকো সন্তুষ্ট কৰা, ভিন্ন ভিন্ন সংস্কাৰক জানিও সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা, ইয়াৰ দ্বাৰা আশীৰ্বাদৰ পুঁজি জমা হয়। যদি কিবা কাৰণত সন্তুষ্ট কৰাত খুঁত থাকি যায় তেন্তে পুণ্যৰ পুঁজি জমা নহয়। সন্তুষ্টতা হৈছে পুণ্যৰ চাবিকাঠী, লাগিলে সন্তুষ্ট হৈ থাকা বা সন্তুষ্ট কৰা। আৰু তৃতীয়তে হৈছে – সেৱাততো সদায় নিঃস্বাৰ্থ, মোৰ বোধ নাই। মই কৰিলোঁ, বা মোৰ হ’ব লাগে, এই ‘মই’ আৰু ‘মোৰ’ বোধ য’ত সেৱাত আহি যায় ত’ত পুণ্যৰ পুঁজি জমা নহয়। মোৰ বোধ, অনুভৱী হোৱা এই মাৰ্জিত ৰূপৰো ‘মোৰ’ বোধ বহুত আছে। মাৰ্জিত ৰূপৰ ‘মোৰ’ বোধৰ তালিকা সাধাৰণ ‘মোৰ’ বোধতকৈ দীঘল। গতিকে য’তেই ‘মই’ আৰু ‘মোৰ’ বোধৰ স্বাৰ্থ আহি যায়, নিঃস্বাৰ্থ নহয় তাত পুণ্যৰ পুঁজি কমকৈ জমা হয়। ‘মোৰ’ বোধৰ তালিকা আকৌ কেতিয়াবা শুনাম, বৰ দীঘল আৰু বৰ সূক্ষ্ম। গতিকে বাপদাদাই দেখিছে যে নিজৰ পুৰুষাৰ্থৰ দ্বাৰা যথাশক্তি সকলোৱে নিজৰ নিজৰ পুঁজি জমা কৰি আছে কিন্তু আশীৰ্বাদৰ পুঁজি আৰু পুণ্যৰ পুঁজি সেয়া এতিয়া ভৰপূৰ কৰাৰ আৱশ্যকতা আছে সেইবাবে তিনিওটা পুঁজি জমা কৰাৰ প্ৰতি মনোযোগ দিব লাগে। বিভিন্ন সংস্কাৰ এতিয়াও দেখিবলৈ পোৱা যাব, সকলোৰে সংস্কাৰ এতিয়া সম্পন্ন হোৱা নাই কিন্তু আমাৰ ওপৰত আনৰ দুৰ্বল স্বভাৱ, দুৰ্বল সংস্কাৰৰ প্ৰভাৱ পৰিব নালাগে। মই মাষ্টৰ সৰ্বশক্তিমান হওঁ, দুৰ্বল সংস্কাৰ শক্তিশালী নহয়। মোৰ অৰ্থাৎ মাষ্টৰ সৰ্বশক্তিমানৰ ওপৰত দুৰ্বল সংস্কাৰৰ প্ৰভাৱ পৰিব নালাগে। সুৰক্ষাৰ সাধন হৈছে বাপদাদাৰ ছত্ৰছায়াত থকা। বাপদাদাৰ সৈতে সংযুক্ত হৈ থকা। ছত্ৰছায়া হৈছে শ্ৰীমত।

আজি বাপদাদাই ইংগিত দি আছে যে নিজৰ প্ৰতি প্ৰত্যেকেই সংকল্প, বাণী, সম্বন্ধ-সম্পৰ্ক, কৰ্মত নবীনতা অনাৰ পৰিকল্পনা কৰিবই লাগে। বাপদাদাই প্ৰথমে ফলাফল চাব যে কি নবীনতা আনিছে? পুৰণা সংস্কাৰ দৃঢ় সংকল্পৰে পৰিৱৰ্তন কৰিছেনে? ইয়াৰ ফলাফল আগতে চাম। কি ভাবিছা, এয়া কৰিমনে? কৰিমনে? হাত দাঙা যিসকলে কৰিম বুলি কৈছা, কৰিবানে? বাৰু। কৰিবা নে আনক চাবা? কি কৰিবা? আনক নাচাবা, বাপদাদাক চাবা, তোমালোকৰ জ্যেষ্ঠ দাদীক চাবা। কিমান উপৰাম আৰু স্নেহী অৱস্থা। বাপদাদাই কয় যদি কাৰোবাক ‘মই’ আৰু হদৰ ‘মোৰ’ বোধৰ পৰা উৰ্দ্ধত চাব খোজা তেন্তে তোমালোকৰ বাপদাদাৰ অন্তৰাসনধাৰী দাদীক চোৱা। গোটেই জীৱন হদৰ ‘মোৰ’ বোধ, হদৰ ‘মই’ বোধ ইয়াৰ পৰা উৰ্দ্ধত থাকিল, তাৰ ফলত বেমাৰ যিমানেই নহওঁক কিন্তু দুখ বেদনাৰ অনুভৱৰ পৰা উৰ্দ্ধত। এটাই শব্দ দৃঢ়, যিয়েই সোধে দাদী কিবা বেদনা হৈছে নেকি, দাদী কিবা হৈ আছে নেকি? কি উত্তৰ পোৱা যায়? একো নাই কিয়নো নিঃস্বাৰ্থ আৰু বিশাল অন্তৰ, সকলোকে সমাহিত কৰোঁতা, সকলোৰে স্নেহী, ইয়াৰ বাস্তৱিক লক্ষণ দেখি আছা। যেতিয়া পিতা ব্ৰহ্মাৰ কথা কয়, তেতিয়া কয় তেওঁৰ মাজততো পিতা আছিল নহয়, কিন্তু দাদীতো তোমালোকৰ লগত প্ৰভু প্ৰতিপালনত থাকিল, পঢ়াত থাকিল, সেৱাত সঙ্গী হৈ থাকিল, গতিকে এগৰাকী যেতিয়া নিঃস্বাৰ্থ স্থিতিত থাকিব পাৰে, তেন্তে তোমালোক সকলো তেনে হ’ব নোৱাৰা জানো? হ’ব পাৰা নহয়! বাপদাদাৰ নিশ্চয়তা আছে যে তোমালোকেই হ’বাগৈ। এইটো উদ্দীপনাৰে, উৎসাহেৰে উৰি থাকা। পিতাৰ তোমালোকৰ ওপৰত নিশ্চয়তা আছে গতিকে তোমালোকেও নিজৰ ভিতৰত সদায় নিশ্চয়বুদ্ধি, হ’বই লাগে এনেকুৱা নিশ্চয়বুদ্ধিৰ হৈ উৰি থাকা। যেতিয়া পিতালৈ স্নেহ আছে, স্নেহত 100 শতাংশতকৈও বেছি, এনেকৈ কোৱা। এইটো ঠিকনে? যিসকল বহি আছা বা যিসকলে নিজৰ নিজৰ স্থানত শুনি আছে, চাই আছে সেই সকলোৱে স্নেহৰ বিষয়টিত নিজক 100 শতাংশ বুলি ভাবানে? তেওঁলোকে হাত দাঙা। 100 শতাংশনে? (সকলোৱে দাঙিলে) বাৰু। পিছৰসকলে দীঘলকৈ হাত দাঙা, লৰোৱা। (আজি 22 হাজাৰতকৈও বেছি ভাতৃ-ভগ্নী আহি উপস্থিত হৈছে) ইয়াৰ ভিতৰত সকলোৱে হাত দাঙিলে। তেন্তে স্নেহৰ লক্ষণ হৈছে সমান হোৱা। যাৰ সৈতে স্নেহ থাকে তেওঁৰ দৰে কোৱা, তেওঁৰ দৰে চলা, তেওঁৰ দৰে সম্বন্ধ-সম্পৰ্ক পালন কৰা, এয়া হৈছে স্নেহৰ লক্ষণ।

আজি বাপদাদাই এতিয়াই চাবলৈ বিচাৰে যে চেকেণ্ডত স্বৰাজ্যৰ আসনত নিয়ন্ত্ৰণ শক্তি, শাসন কৰা শক্তিৰ সংস্কাৰৰ ক্ষেত্ৰত জাগ্ৰত ৰূপত চেকেণ্ডত বহিব পাৰানে! তেন্তে এক চেকেণ্ডত দুই তিনি মিনিটৰ কাৰণে ৰাজ্য অধিকাৰী আসনত অধিষ্ঠিত হৈ যোৱা। বাৰু। (ড্ৰিল)

চাৰিওফালৰ সন্তানসকলৰ স্নেহপূৰ্ণ স্মৃতিৰ পত্ৰ আৰু লগতে বিজ্ঞানৰ যিয়েই সাধন আছে তাৰ দ্বাৰা স্নেহপূৰ্ণ স্মৃতি বাপদাদাৰ ওচৰত আহি পাই গৈছে। নিজৰ অন্তৰৰ খবৰো বহুত সন্তানে লিখেও আৰু আন্তৰিক বাৰ্তালাপতো শুনায়। বাপদাদাই সেই সকলো সন্তানক সঁহাৰি জনাই আছে যে সঁচা অন্তৰত চাহেব সদায় ৰাজী। অন্তৰৰ আশীৰ্বাদ আৰু অন্তৰৰ মৰম বাপদাদাৰ বিশেষ সেইসকল আত্মাৰ প্ৰতি আছে। চাৰিওফালৰ যিয়েই বাতৰি দিয়ে, সকলোৱে উৎসাহ-উদ্দীপনাৰ যিয়েই ভাল ভাল পৰিকল্পনা কৰিছে, তাৰ বাবে বাপদাদাই অভিনন্দনো জনাই আছে আৰু বৰদানো দি আছে, আগবাঢ়ি যোৱা, আগবঢ়াই নিয়া।

চাৰিওফালৰ বাপদাদাৰ কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকলক বাপদাদাৰ বিশেষ স্নেহপূৰ্ণ স্মৰণ, বাপদাদাই সকলো সন্তানক সাহস আৰু উৎসাহ-উদ্দীপনাৰ বাবে অভিনন্দনো জনাই আছে। আগলৈ তীব্ৰ পুৰুষাৰ্থী হোৱাৰ, সন্তুলন ৰখাৰ পদম-পদমগুণ বৰদানো দি আছে। সকলোৰে ভাগ্যৰ তৰা সদায় চিকমিকাই থাকক আৰু আনৰো ভাগ্য গঢ়ি থাকা ইয়াৰো আশীৰ্বাদ দি আছে। চাৰিওফালৰ সন্তানসকলে নিজৰ নিজৰ স্থানত শুনিও আছে, চায়ো আছে আৰু বাপদাদায়ো সকলো চাৰিওফালৰ দূৰৈত বহি থকা সন্তানসকলক চাই চাই আনন্দিত হৈ আছে। চাই থাকা আৰু মধুবনৰ শোভা সদায় বঢ়াই থাকা। তেন্তে সকলো সন্তানক অন্তৰৰ আশীৰ্বাদৰ সৈতে নমস্কাৰ।

বৰদান:
মনোযোগ ৰূপী ঘৃতেৰে আত্মিক স্বৰূপৰ তৰাৰ জিলিকনি বঢ়াওঁতা আকৰ্ষণ মূৰ্ত হোৱা

যিহেতু পিতাৰ দ্বাৰা, জ্ঞানৰ দ্বাৰা আত্মিক স্বৰূপৰ তৰা জিলিকি গ’ল সেয়েহে স্তিমিত হৈ যাব নোৱাৰে, কিন্তু জিলিকনিৰ শতাংশ কম আৰু বেছি হ’ব পাৰে। এই তৰা সদায় জিলিকি থাকি সকলোকে আকৰ্ষিত তেতিয়া কৰিব যেতিয়া নিতৌ অমৃতবেলা মনোযোগ ৰূপী ঘৃত ঢালি থাকিবা। যেনেকৈ দীপকত ঘৃত ঢালিলে তেতিয়া একেৰাহে জ্বলে। তেনেকৈ সম্পূৰ্ণ মনোযোগ দিয়া অৰ্থাৎ পিতাৰ সৰ্ব গুণ আৰু শক্তিসমূহ স্বয়ং ধাৰণ কৰা। এই মনোযোগেৰেই আকৰ্ষণ মূৰ্ত হৈ যাবা।

স্লোগান:
বেহদৰ বৈৰাগ্য বৃত্তিৰে সাধনাৰ বীজ প্ৰত্যক্ষ কৰা।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

যোগৰ শক্তি জমা কৰিবৰ কাৰণে কৰ্ম আৰু যোগৰ সন্তুলন বঢ়োৱা। কৰ্ম কৰিও যাতে যোগৰ শক্তিশালী স্থিতি থাকে – ইয়াৰ অভ্যাস বঢ়োৱা। যেনেকৈ সেৱাৰ কাৰণে উদ্ভাৱন কৰে তেনেকৈ এই বিশেষ অনুভৱৰ অভ্যাসৰ কাৰণে সময় উলিওৱা আৰু নবীনতা আনি সকলোৰে আগত উদাহৰণ হোৱা।

সুচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীয়ে সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ, বিশেষ যোগ অভ্যাসৰ সময়ত মাষ্টৰ সৰ্বশক্তিমান স্বৰূপত স্থিৰ হৈ প্ৰকৃতি সহিত সকলো আত্মাক পৱিত্ৰতাৰ কিৰণ দিয়া, সতোপ্ৰধান কৰি তোলাৰ সেৱা কৰা।