19.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“এতিয়া ঘৰলৈ যাব লাগে সেইবাবে দেহী-অভিমানী হোৱা, একমাত্ৰ পিতাক স্মৰণ কৰা তেতিয়া
অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব ”
প্ৰশ্ন:
চমৎকাৰী পিতাই
তোমালোকক কোনটো এটা অসাধাৰণ ৰহস্য শুনাইছে?
উত্তৰ:
বাবাই কয় - সন্তানসকল, এইখন অনাদি অবিনাশী ড্ৰামা নিৰ্ধাৰিত হৈ আছে, ইয়াত প্ৰত্যেকৰে
ভূমিকা সুনিৰ্দিষ্ট কৰি থোৱা আছে। যিয়েই হয় একো নতুন নহয়। পিতাই কয় - সন্তানসকল
ইয়াত মোৰো কোনো মহিমা নাই, ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ। পিতাই এইটো অসাধাৰণ
ৰহস্য শুনাই যেন নিজৰ ভূমিকাৰ মহত্ব কম কৰি দিয়ে।
গীত:
আখিৰ ৱহ দিন
আয়া আজ…. (অৱশেষত সেই দিনটি আজি আহিল……)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে এই গীতটি গাই আছে। সন্তানসকলে বুজি পায় যে কল্পৰ পাছত পুনৰাই আমাক ধনৱান,
স্বাস্থ্যৱান আৰু সম্পত্তিৱান কৰিবলৈ, পৱিত্ৰতা, সুখ, শান্তিৰ উত্তৰাধিকাৰ দিবলৈ
পিতা আহে। ব্ৰাহ্মণসকলেও আশীৰ্বাদ দিয়ে নহয় যে আয়ুস্মান ভৱ, ধনৱান ভৱ, পুত্ৰৱান ভৱ।
তোমালোক সন্তানসকলেতো উত্তৰাধিকাৰ পাই আছা, আশীৰ্বাদৰ কোনো কথা নাই। সন্তানসকলে পঢ়ি
আছে। জানে যে 5 হাজাৰ বছৰ পূৰ্বেও আমাক পিতাই আহি মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা
নাৰায়ণ হোৱাৰ শিক্ষা দিছিল। যিসকল সন্তানে পঢ়ে তেওঁলোকে জানে যে আমি কি পঢ়ি আছোঁ।
পঢ়াওঁতাজন কোন? সেয়াও পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানে। এনেকৈতো ক’বই যে আমি সন্তানসকলে
জানো – এয়া ৰাজধানী স্থাপনা হৈ আছে বা দৈৱী ৰাজ্য স্থাপনা হৈ আছে। আদি সনাতন
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। প্ৰথমতে শূদ্ৰ আছিলোঁ পুনৰ ব্ৰাহ্মণ হ’লোঁ আকৌ
দেৱতা হ’ব লাগে। জগতত কোনেও এইটো নাজানে যে আমি এতিয়া শূদ্ৰ বৰ্ণৰ। তোমালোক
সন্তানসকলে বুজি পোৱা এইটোতো সত্য কথা। পিতাই সত্য শুনায়, সত্যখণ্ড স্থাপনা কৰি আছে।
সত্যযুগত মিছা, পাপ আদি একোৱেই নাথাকে। কলিযুগতেই অজামিল, পাপ আত্মাসকল আছে। এতিয়া
সময় একেবাৰে ৰৌৰৱ নৰকেই হয়। দিনে-প্ৰতিদিনে ৰৌৰৱ নৰক দেখা পোৱা যাব। মনুষ্যই এনেকুৱা
কৰ্তব্য কৰি থাকিব যাৰ পৰা বুজিব যে সৃষ্টি একেবাৰে তমোপ্ৰধান হৈ গৈ আছে। ইয়াৰ
ভিতৰতো কাম মহাশত্ৰু। কোনোবা কাচিৎহে পৱিত্ৰ শুদ্ধ হৈ থাকিব পাৰে। আগতে ফকীৰসকলে
কৈছিল- এনেকুৱা কলিযুগ আহিব য’ত 12-13 বছৰীয়া কুমাৰীয়ে সন্তান জন্ম দিব। এতিয়া সেই
সময়। কুমাৰ-কুমাৰী আদি সকলোৱে বেয়া কাম কৰি থাকে। যেতিয়া একেবাৰে তমোপ্ৰধান হৈ যায়
তেতিয়া পিতাই কয় - মই আহোঁ মোৰো ড্ৰামাত ভূমিকা আছে। ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই
আছোঁ। তোমালোক সন্তানসকলৰ কাৰণে কোনো নতুন কথা নহয়। পিতাই এনেকৈয়ে বুজায়। চক্ৰ
পৰিক্ৰমা লগালা, ড্ৰামা পূৰা হয়। এতিয়া পিতাক স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান
হৈ সতোপ্ৰধান সৃষ্টিৰ মালিক হৈ যাবা। কিমান সাধাৰণ ৰীতিৰে বুজায়। পিতাই নিজৰ
ভূমিকাক ইমান মহত্ব নিদিয়ে। এয়াতো মোৰ ভূমিকা, নতুন কথা নহয়। প্ৰত্যেক 5 হাজাৰ বছৰৰ
পাছত মই আহিবলগীয়া হয়। ড্ৰামাত মই বান্ধ খাই আছোঁ। আহি তোমালোক সন্তানসকলক বহুত সহজ
স্মৃতিৰ যাত্ৰাৰ বিষয়ে শুনাওঁ। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি.... সেয়া এই সময়ৰ বাবেই
কোৱা হৈছে। এয়া অন্তকাল হয় নহয় জানো। পিতাই যুক্তি শুনায় – মামেকম্ (কেৱল মোক)
স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। সন্তানসকলেও বুজি পায় আমি নতুন সৃষ্টিৰ মালিক
হ’মগৈ। পিতাই বাৰে বাৰে কয় - একো নতুন নহয়। এটা জিনৰ কাহিনী শুনাই নহয় - সি ক’লে
কাম দিয়া, তেতিয়া ক’লে ছিৰি উঠা আৰু নামা। পিতায়ো কয় - এই খেলখনো উঠা আৰু নমাৰ খেল।
পতিতৰ পৰা পাৱন আৰু পাৱনৰ পৰা পতিত হ’ব লাগে। এইটো কোনো জটিল কথা নহয়। বহুত সহজ,
কিন্তু যুদ্ধনো কি, এইটো নুবুজাৰ কাৰণে শাস্ত্ৰত যুদ্ধৰ কথা লিখি দিছে। বাস্তৱত মায়া
ৰাৱণৰ ওপৰত জয়ী হোৱাটোতো বহুত ডাঙৰ যুদ্ধ। সন্তানসকলে দেখিবলৈ পায় যে আমি বাৰে বাৰে
পিতাক স্মৰণ কৰোঁ, আকৌ স্মৃতি ছিঙি যায়। মায়াই চাকি নুমাই দিয়ে। ইয়াৰ ওপৰত
‘গুল-বাকাৱলী’ৰো কাহিনী আছে। সন্তানসকল বিজয়ী হয়। বহুত ভালদৰে চলে আকৌ মায়া আহি চাকি
নুমাই দিয়ে। সন্তানসকলেও কয় - বাবা মায়াৰ ধুমুহাতো বহুত আহে। ধুমুহাও অনেক প্ৰকাৰৰ
সন্তানসকলৰ ওচৰত আহে। কেতিয়াবাতো এনেকৈ জোৰেৰে ধুমুহা আহে যে 8-10 বছৰৰ পুৰণা ভাল
ভাল বৃক্ষও বাগৰি পৰে। সন্তানসকলে জানে, বর্ণনাও কৰে। ভাল ভাল মালাৰ মণি আছিল। আজি
নায়েই। এয়াও দৃষ্টান্ত আছে, হাতীক ঘঁৰিয়ালে খালে। এয়া হ’ল মায়াৰ ধুমুহা।
পিতাই কয় - এই 5
বিকাৰৰ পৰা সাৱধানে থাকিবা। স্মৃতিত থাকিলে তেতিয়া শক্তিশালী হৈ যাবা। দেহী-অভিমানী
হোৱা। পিতাৰ এই শিক্ষা এবাৰেই পোৱা যায়। এনেকৈ কেতিয়াও আন কোনেও নক’ব যে তোমালোক
আত্ম-অভিমানী হোৱা। সত্যযুগতো এনেকৈ নক’ব। নাম, ৰূপ, দেশ, কাল সকলো স্মৃতিত থাকেই।
এই সময়ত তোমালোকক বুজাওঁ - এতিয়া ঘৰলৈ উভতি যাব লাগে। তোমালোক প্ৰথমতে সতোপ্ৰধান
আছিলা, সতো-ৰজো-তমোত তোমালোকে পূৰা 84 জন্ম ল’লা। তাৰ ভিতৰতো এক নম্বৰ হৈছে এওঁ (ব্ৰহ্মা)।
আনৰ 83 জন্মও হ’ব পাৰে এওঁৰ কাৰণে পূৰা 84 জন্ম। এওঁ পোন প্ৰথমে শ্ৰী নাৰায়ণ আছিল।
এওঁৰ বাবে কোৱা মানে সকলোৰে প্ৰসংগত কোৱা বুলি বুজি পায়, বহুত জন্মৰ অন্তত জ্ঞান লৈ
পুনৰ তেওঁ নাৰায়ণ হয়। বৃক্ষৰ চিত্ৰতো দেখুওৱা হৈছে নহয় - ইয়াত শ্ৰী নাৰায়ণ আৰু শেষত
ব্ৰহ্মা থিয় হৈ আছে। তলত ৰাজযোগ শিকি আছে। প্ৰজাপিতাক কেতিয়াও পৰমপিতা বুলি কোৱা
নহয়। পৰমপিতা বুলি এজনক কোৱা হয়। প্ৰজাপিতা বুলি আকৌ তেওঁক কোৱা হয়। এওঁ দেহধাৰী,
তেওঁ হৈছে বিদেহী, বিচিত্ৰ। লৌকিক পিতাক পিতা বুলি কোৱা হ’ব, এওঁক প্ৰজাপিতা বুলি
ক’ব। সেই পৰমপিতাতো পৰমধামত থাকে। প্ৰজাপিতা ব্ৰহ্মা পৰমধামত বুলি কোৱা নহ’ব। তেওঁতো
ইয়াত সাকাৰী সৃষ্টিৰ হৈ গ’ল। সূক্ষ্মলোকতো নাই। প্ৰজাতো থাকে স্থূললোকত। প্ৰজাপিতাক
ভগৱান বুলি কোৱা নহয়। ভগৱানৰ কোনো শৰীৰৰ নাম নাই। মনুষ্য তন যাৰ ওপৰত নাম ৰখা হয়,
তাৰ পৰা তেওঁ উৰ্দ্ধত। আত্মাসকল তাত থাকে সেয়েহে স্থূল নাম ৰূপৰ পৰা উৰ্দ্ধত। কিন্তু
আত্মাতো আছে নহয়। সাধু-সন্ত আদিয়ে একোৱেই নাজানে। তেওঁলোকে কেৱল ঘৰ-সংসাৰ ত্যাগ কৰে।
বাকী সৃষ্টিৰ বিকাৰৰ অনুভৱীতো হয় নহয়। সৰু শিশুৱে একোৱেই নাজানে সেইকাৰণে শিশুক
মহাত্মা বুলি কোৱা হয়। 5 বিকাৰৰ বিষয়ে সিহঁতে নাজানে। সৰু শিশুক পৱিত্ৰ বুলি কোৱা
হয়। এই সময়ততো কোনো পৱিত্ৰ আত্মা থাকিব নোৱাৰে। সৰুৰ পৰা ডাঙৰ হ’ব তথাপিও পতিত
বুলিতো কোৱা হ’ব নহয়। পিতাই বুজায় - সকলোৰে ভিন্ন ভিন্ন ভূমিকা এই ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। এই চক্ৰত কিমান শৰীৰ লয়, কিমান কৰ্ম কৰে, যিবোৰ পুনৰ পুনৰাবৃত্তি
হ’ব। পোন প্ৰথমে আত্মাক জানিব লাগে। ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা
নিহিত হৈ আছে। এইটো হৈছে সকলোতকৈ অসাধাৰণ কথা। আত্মাও অবিনাশী। ড্ৰামাও অবিনাশী, ৰচি
থোৱা। এনেকৈ কোৱা নহ’ব যে কেতিয়াৰ পৰা আৰম্ভ হ’ল, প্ৰকৃতি বুলি কয় নহয়। আত্মা
কেনেকুৱা, এইখন ড্ৰামা কেনেকৈ ৰচি থোৱা আছে, ইয়াত কোনেও একো কৰিব নোৱাৰে। যেনেকৈ
সমুদ্ৰ অথবা আকাশৰ অন্ত উলিয়াব নোৱাৰে। এইখন অবিনাশী ড্ৰামা। কিমান আচৰিত লাগে।
যেনেকৈ বাবা চমৎকাৰী তেনেকৈ জ্ঞানো বৰ চমৎকাৰী। কেতিয়াও কোনেও ক’ব নোৱাৰে। ইমান
সংখ্যক ভাৱৰীয়াই নিজৰ নিজৰ ভুমিকা পালন কৰিয়ে আহি থাকে। ড্ৰামা কেতিয়া ৰচনা কৰা হ’ল,
কোনেও এইটো প্ৰশ্ন কৰিব নোৱাৰে। বহুতে কয় - ভগৱানৰ কি দৰকাৰ আছিল যে দুখ-সুখৰ সৃষ্টি
ৰচনা কৰিলে। হেৰ’ এয়াতো অনাদি। প্ৰলয় আদি নহয়। আগতেই ৰচনা কৰি থোৱা, এনেকৈ জানো ক’ব
পাৰি যে এয়া কিয় ৰচনা কৰিলে! আত্মাৰ জ্ঞানো পিতাই তোমালোকক তেতিয়া শুনায় যেতিয়া
বুদ্ধিমান হৈ যোৱা। সেয়েহে তোমালোকে দিনে-প্ৰতিদিনে উন্নতি প্ৰাপ্ত কৰি থাকা। পোন
প্ৰথমেতো বাবাই বহুত কমকৈ শুনাইছিল। আচহুৱা কথা আছিল তথাপিও আকৰ্ষণতো আছিল। তেওঁ
আকৰ্ষণ কৰিছিল। ভাতীৰো আকৰ্ষণ আছিল। শাস্ত্ৰবোৰত আকৌ দেখুৱাইছে - শ্ৰীকৃষ্ণক
কংসপুৰীৰ পৰা উলিয়াই লৈ গ’ল। এতিয়া তোমালোকে জানা যে কংস আদিতো তাত নাথাকেই। গীতা
ভাগৱত, মহাভাৰত এই সকলোবোৰৰ মাজত সংযোগ আছে, কিন্তু তাত একোৱেই নাই। এনেকৈ ভাবে যে
এই দশহৰা আদিতো পৰম্পৰাগত ভাৱে চলি আহিছে। ৰাৱণ কি বস্তু, এইটোও কোনেও নাজানে।
যিসকল দেৱী-দেৱতা আছিল তেওঁলোক অৱনমিত হৈ হৈ পতিত হৈ গ’ল। চিয়ঁৰেও তেওঁলোকেই যিসকল
বেছিকৈ পতিত হৈ গৈছে সেইকাৰণে আহ্বনো জনায় - হে পতিত-পাৱন। এই সকলো কথা পিতাইহে বহি
বুজায়। সৃষ্টিৰ আদি-মধ্য-অন্তক অন্য কোনেও নাজানে। তোমালোকে জনা বাবে চক্ৰৱৰ্তী ৰজা
হৈ যোৱা। ত্ৰিমূৰ্তিৰ চিত্ৰত লিখা আছে - এয়া তোমালোকৰ ঈশ্বৰীয় জন্ম সিদ্ধ অধিকাৰ।
ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন….. বিনাশো
নিশ্চয় হ’ব। নতুন সৃষ্টিত বহুত কম সংখ্যক থাকে। এতিয়াতো অনেক ধৰ্ম আছে। বুজি পায় এক
আদি সনাতন দেৱী-দেৱতা ধৰ্ম নাই। নিশ্চয় পুনৰ সেই এটা ধৰ্ম লাগে, মহাভাৰতৰো গীতাৰ
সৈতে সংযোগ আছে। এই চক্ৰ ঘূৰি থাকে। এক চেকেণ্ডো বন্ধ হ’ব নোৱাৰে। কোনো নতুন কথা
নহয়, অনেক বাৰ ৰাজ্য লৈছা, যাৰ পেট ভৰপূৰ হৈ আছে তেওঁ গম্ভীৰ হৈ থাকে। অন্তৰেৰে বুজি
পায় মই কিমান বাৰ ৰাজ্য লৈছিলোঁ, কালিৰ কথা। কালি দেৱী-দেৱতা আছিলোঁ পুনৰ চক্ৰ
পৰিক্ৰমা লগাই আজি আমি পতিত হ’লোঁ আকৌ আমি যোগবলেৰে বিশ্বৰ বাদশ্বাহী লওঁ। পিতাই কয়
– কল্পই কল্পই তোমালোকেই বাদশ্বাহী লোৱা। অলপো হীনডেঢ়ি হ’ব নোৱাৰে। ৰাজ্যত কোনোবা
কম, কোনোবা উচ্চ হ’ব। এয়া পুৰুষাৰ্থৰেই হয়।
তোমালোকে জানা প্ৰথমতে
আমি বান্দৰতকৈও অধম আছিলোঁ। এতিয়া পিতাই মন্দিৰৰ যোগ্য কৰি আছে। যিসকল ভাল ভাল
সন্তান আছে তেওঁলোকৰ আত্মাই উপলব্ধি কৰে, যথাযথ আমিতো কোনো কামৰ নাছিলোঁ। এতিয়া আমি
মূল্যৱান হৈ আছোঁ। কল্পই কল্পই বাবাই আমাক মূল্যহীনৰ পৰা মূল্যৱান কৰি তোলে। কল্প
পূৰ্বৰসকলেই এই কথাবোৰ ভালকৈ বুজিব। তোমালোকেও প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা, একো
নতুন নহয়। এওঁৰ দ্বাৰাই তোমালোকে অমৰপুৰী স্থাপনা কৰি আছা। ভক্তিমাৰ্গত দেৱী আদিৰ
কিমান মন্দিৰ আছে। এই সকলোবোৰ হৈছে পূজাৰীবোধৰ সামগ্ৰী। পূজ্যবোধৰ সামগ্ৰী একোৱেই
নাই। পিতাই কয় দিনে-প্ৰতিদিনে তোমালোকক গূঢ় গূঢ় কথা বুজাই থাকোঁ। আগৰ অনেক সাৰ কথা
তোমালোকৰ ওচৰত আছে। সেয়া এতিয়া কি কৰিবা। এনেই পৰি থাকে। বৰ্তমানতো বাপদাদাই নতুন
নতুন কথা বুজাই থাকে। আত্মা ইমান সূক্ষ্ম বিন্দু, তাত গোটেই ভূমিকা ভৰপূৰ হৈ আছে।
এই কথাবোৰ আগৰ টোকা বহীত থাকিব জানো। আকৌ পুৰণি কথাবোৰ তোমালোকে কি কৰিবা। অন্তিমৰ
ফলাফলহে কামত আহে। পিতাই কয় - কল্প পূৰ্বেও তোমালোকক এনেকৈয়ে শুনাইছিলোঁ। ক্ৰমানুসৰি
পঢ়ি থাকে। কোনো বিষয়ত তল-ওপৰ হৈ থাকে। ব্যৱসায়তো গ্ৰহচাৰী বহে, এই ক্ষেত্ৰত
হাৰ্টফেইল হ’ব নালাগে। পুনৰ উঠি পুৰুষাৰ্থ কৰা হয়। মনুষ্যই দেৱলীয়া হ’লে পুনৰ বেপাৰ
আদি কৰি বহুত ধনৱান হৈ যায়। ইয়াতো কোনোবা বিকাৰত অৱনমিত হৈ যায় তথাপি পিতাই ক’ব
ভালদৰে পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা। পুনৰাই আৰোহণ কৰিবলৈ আৰম্ভ কৰা উচিত। পিতাই কয়
- অৱনমিত হৈ গ’লে পুনৰ আৰোহণ কৰা। এনেকুৱা বহুত আছে, অৱনমিত হৈ গ’লে পুনৰ উঠিবলৈ
চেষ্টা কৰে। বাবাই জানো মানা কৰিব। পিতাই জানে এনেকুৱাও বহুত আহিব। পিতাই ক’ব
পুৰুষাৰ্থ কৰা। তথাপিও কিবা নহয় কিবা সহায়কতো হৈ যাব নহয়। ড্ৰামাৰ পৰিকল্পনা
অনুসৰিয়েই ক’ব। পিতাই ক’ব – বাৰু সন্তানটি, এতিয়া তৃপ্ত হ’লানে, বহুত ককবকাই থাকিলা
এতিয়া পুনৰাই পুৰুষাৰ্থ কৰা। বেহদৰ পিতাইতো এনেকৈয়ে ক’ব নহয়। বাবাৰ ওচৰলৈ কিমান
সাক্ষাৎ কৰিবলৈ আহে। কওঁ বেহদৰ পিতাৰ কথা নামানিবানে, পৱিত্ৰ নহ’বানে! পিতাই আত্মা
বুলি বুজি আত্মাক কয় সেয়েহে তীৰে নিশ্চয় লক্ষ্য ভেদ কৰিব। ধৰি লোৱা স্ত্ৰীক তীৰে
লক্ষ্য ভেদ কৰিলে, তেতিয়া ক’ব মইতো প্ৰতিজ্ঞা কৰিছোঁ। পুৰুষক তীৰে লক্ষ্য ভেদ নকৰে।
আকৌ আগলৈ গৈ তেওঁকো উঠাবলৈ যত্ন কৰিব। আকৌ এনেকুৱাও বহুত আহে, যাক স্ত্ৰীয়ে জ্ঞানত
লৈ আনে। তেতিয়া কয় স্ত্ৰী মোৰ গুৰু হয়। সেই ব্ৰাহ্মণসকলে বিবাহ পাশত আৱদ্ধ কৰাৰ
সময়ত কয় এওঁ তোমাৰ গুৰু ঈশ্বৰ হয়। ইয়াত পিতাই কয় - তোমালোকৰ এজন পিতাই সকলো। মোৰতো
এজন দ্বিতীয় কোনো নাই। সকলোৱে তেওঁকে স্মৰণ কৰে। সেই এজনৰ সৈতেই যোগসূত্ৰ গঢ়িব লাগে।
এই দেহো মোৰ নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো
গ্ৰহচাৰী আহিলে নিৰাশ হৈ বহি যাব নালাগে। পুনৰাই পুৰুষাৰ্থ কৰি, পিতাৰ স্মৃতিত থাকি
উচ্চ পদ ল’ব লাগে।
(2) নিজৰ স্থিতি
স্মৃতিৰে এনেকৈ শক্তিশালী কৰি তুলিব লাগে যাতে মায়াৰ কোনো ধুমুহাই প্ৰহাৰ কৰিব
নোৱাৰে। বিকাৰৰ পৰা নিজক সাৱধান কৰি ৰাখিব লাগে।
বৰদান:
সৰ্ব শক্তিৰ
লাইটেৰে আত্মাসকলক মাৰ্গ-দৰ্শন কৰোঁতা চৈতন্য লাইট-হাউচ হোৱা
যদি সদায় এইটো
স্মৃতিত থাকা যে মই আত্মা বিশ্ব কল্যাণৰ সেৱাৰ বাবে পৰমধামৰ পৰা অৱতৰিত হৈছোঁ তেতিয়া
যিয়েই সংকল্প কৰিবা, বাণী উচ্চাৰিত কৰিবা তাত বিশ্ব কল্যাণ সমাহিত হৈ থাকিব। আৰু
এইটো স্মৃতিয়েই লাইট-হাউচৰ কাম কৰিব। যেনেকৈ সেই লাইট-হাউচৰ পৰা এক ৰঙৰ লাইট ওলায়
তেনেকৈ তোমালোক চৈতন্য লাইট-হাউচৰ দ্বাৰা সৰ্ব শক্তিৰ লাইটে আত্মাসকলক প্ৰতিটো খোজত
মাৰ্গ-দৰ্শন কৰাৰ কাৰ্য কৰি থাকিব।
স্লোগান:
স্নেহ আৰু সহযোগৰ লগতে শক্তি ৰূপ হোৱা তেতিয়া ৰাজধানীত নম্বৰ আগত পাই যাবা।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
যেনেকৈ কৰ্মত অহাটো
স্বাভাৱিক হৈ গ’ল তেনেকৈ কৰ্মাতীত হোৱটোও স্বাভাৱিক হৈ যাওক। কৰ্মও কৰা আৰু লগতে
স্মৃতিতো থাকা। যি সদায় কৰ্মযোগী স্থিতিত থাকে তেওঁ সহজেই কৰ্মাতীত হ’ব পাৰে।
যেতিয়াই বিচৰা কৰ্মত আহা আৰু যেতিয়াই বিচৰা উৰ্দ্ধত গুচি যোৱা – এইটো অভ্যাস কৰ্মৰ
মাজে মাজে কৰি থাকা।