20.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“বেহদৰ পিতাক স্মৰণ কৰা - এয়া হৈছে গুপ্ত কথা, স্মৃতিৰে স্মৃতি আকৃষ্ট কৰিব পৰা যায়,
যিসকলে স্মৰণ নকৰে তেওঁলোকক পিতায়ো কেনেকৈ স্মৰণ কৰিব”
প্ৰশ্ন:
সংগমত তোমালোক
সন্তানসকলে কি পাঠ পঢ়া যিটো গোটেই কল্পত পঢ়োৱা নহয়?
উত্তৰ:
জীৱন্তে শৰীৰৰ পৰা অনাসক্ত অৰ্থাৎ মৃত হোৱাৰ পাঠ এতিয়া পঢ়া কিয়নো তোমালোক কৰ্মাতীত
হ'ব লাগে। বাকী যেতিয়ালৈকে শৰীৰত আছা তেতিয়ালৈকে কৰ্মতো কৰিবই লাগে। মনো শান্ত
তেতিয়া হ'ব যেতিয়া শৰীৰ নাথাকিব সেয়েহে মনক জিনিলে জগতজিৎ নহয়, কিন্তু মায়াক
জিনিলেহে জগতজিৎ হয়।
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায় কিয়নো এইটোতো সন্তানসকলে বুজি পায় যে অবোধসকলকহে পঢ়োৱা হয়। এতিয়া
বেহদৰ পিতা উচ্চতকৈও উচ্চ ভগৱান আহে তেন্তে কাক পঢ়ায়? নিশ্চয় যিসকল উচ্চতকৈও উচ্চ
একেবাৰে অবোধ হ'ব, সেইবাবে কোৱাই হয় বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। অপ্ৰীতিকৰ বুদ্ধি
কেনেকৈ হৈ গ'ল? 84 লাখ যোনি বুলি লিখা আছে নহয়! গতিকে পিতাকো 84 লাখ জন্মত লৈ আনিলে।
কৈ দিয়ে পৰমাত্মা কুকুৰ, মেকুৰী, জীৱ-জন্তু সকলোতে আছে। সন্তানসকলক বুজোৱা হয়,
এইটোতো দ্বিতীয় নম্বৰত বুজাব লাগে। পিতাই বুজাইছে যেতিয়া কোনোবা নতুন আহে তেতিয়া
পোনতে তেওঁক হদ আৰু বেহদ পিতাৰ পৰিচয় দিব লাগে। তেওঁ বেহদৰ জ্যেষ্ঠ বাবা আৰু তেওঁ
হদৰ কনিষ্ঠ বাবা। বেহদৰ পিতা মানেই বেহদ আত্মাসকলৰ পিতা। তেওঁ হদৰ পিতা জীৱ আত্মাৰ
পিতা হৈ গ'ল। তেওঁ হৈছে সকলো আত্মাৰ পিতা। এই জ্ঞানো সকলোৱে একৰস ধাৰণ কৰিব নোৱাৰে।
কোনোৱে 1 শতাংশ ধাৰণ কৰে আকৌ কোনোৱে 95 শতাংশ ধাৰণ কৰে। এয়াতো বোধৰ কথা। সূৰ্যবংশী
ৰাজবংশ হ'ব নহয়! ৰজা-ৰাণী তথা প্ৰজা। এয়া বুদ্ধিত উদয় হয় নহয়। প্ৰজাত সকলো প্ৰকাৰৰ
মনুষ্য থাকে। প্ৰজা মানে প্ৰজা। পিতাই বুজায় এয়া হৈছে পঢ়া। নিজৰ বুদ্ধি অনুসৰি
সকলোৱে পঢ়ে। প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা পাইছে। যিয়ে কল্প পূৰ্বে যিমান পাঠ ধাৰণ
কৰিছিল সিমান এতিয়াও ধাৰণ কৰে। পঢ়া কেতিয়াও লুকাই থাকিব নোৱাৰে। পঢ়া অনুসৰিহে পদ
প্ৰাপ্ত হয়। পিতাই বুজাইছে - আগলৈ গৈ পৰীক্ষাতো হ'বই। পৰীক্ষা অবিহনে স্থানান্তৰতো
হ'ব নোৱাৰে। পাছলৈ সকলো গম পোৱা যাব। আনকি এতিয়াও বুজিব পাৰে যে মই কি পদৰ যোগ্য হওঁ।
যদিও লাজত সকলোৱে লগত হাত দাঙি দিয়ে কিন্তু অন্তৰেৰে বুজিব পাৰে মই এনেকুৱা কেনেকৈ
হ'ব পাৰিম! তথাপিও হাত দাঙি দিয়ে। বুজিও পুনৰ হাত দাঙি দিয়া ইয়াকো অজ্ঞান বুলি কোৱা
হ'ব। কিমান অজ্ঞান, পিতাইতো ততালিকে বুজি পায়। ইয়াতকৈতো সেই বিদ্যাৰ্থীসকলৰ বুদ্ধি
থাকে। সেই বিদ্যাৰ্থীয়ে বুজি পায় যে মই জলপানী পোৱাৰ যোগ্য নহয়, উত্তীৰ্ণ নহ'ম।
ইয়াতকৈতো সেই অজ্ঞানীসকল ভাল যিসকলে বুজি পায় - শিক্ষকে যি পঢ়ায় তাত মই কিমান নম্বৰ
ল'ম! এনেকৈ জানো ক'ব যে মই সন্মান সহকাৰে উত্তীৰ্ণ হ'ম। তেন্তে সিদ্ধ হয় ইয়াত
ইমানখিনিও বুদ্ধি নাই। দেহ-অভিমান বহুত আছে। তোমালোক যিহেতু আহিছাই এনেকুৱা (লক্ষ্মী-নাৰায়ণ)
হ'বলৈ তেন্তে চলন বহুত ভাল হ'ব লাগে। পিতাই কয় - কোনোবাতো বিনাশ কালত অপ্ৰীতিকৰ
বুদ্ধিৰ হয় কিয়নো নিয়মানুসৰি পিতাৰ প্ৰতি প্ৰীতি নাই, তেন্তে কি অৱস্থা হ'ব। উচ্চ
পদ পাব নোৱাৰিব।
পিতাই বহি তোমালোক
সন্তানসকলক বুজায় - বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ অৰ্থ কি - সন্তানসকলেই পূৰা বুজি
নাপায় তেন্তে আকৌ অন্যই কি বুজিব! যিসকল সন্তানে ভাবে আমি শিৱবাবাৰ সন্তান
তেওঁলোকেই পূৰা অৰ্থ বুজি নাপায়। পিতাক স্মৰণ কৰা – এইটোতো হৈছে গুপ্ত কথা। পঢ়াতো
গুপ্ত হয় নহয়। পঢ়াত ক্ৰমানুসৰি হয়। সকলোৱে জানো এনেধৰণে পঢ়িব। পিতাইতো বুজায় এওঁলোক
এতিয়া শিশু। এনেকুৱা বেহদৰ পিতাক তিনি, চাৰি মাহলৈকে স্মৰণো নকৰে। গম কেনেকৈ পোৱা
যাব যে স্মৃৰণ কৰে? যেতিয়া তেওঁলোকৰ চিঠি আহিব। আকৌ সেই চিঠিত সেৱাৰ বতৰাও থাকক যে
এইটো এইটো আত্মিক সেৱা কৰোঁ। প্ৰমাণ লাগে নহয়। এনেয়েতো দেহ-অভিমানী হয় যিয়ে কেতিয়াও
স্মৰণো নকৰে, সেৱাৰ প্ৰমাণো নিদিয়ে। কোনোৱেতো সেৱাৰ বতৰা লিখে বাবা অমুক অমুক আহিল
তেওঁলোকক এয়া বুজালোঁ, তেতিয়া পিতায়ো বুজি পায় যে সন্তানটি জীয়াই আছে। সেৱাৰ বতৰা
সঠিককৈ দিয়ে। কোনোৱেতো 3-4 মাহলৈ পত্ৰ নিলিখে। কোনো বতৰা নাই তেন্তে বুজিব মৰি গ'ল
বা বেমাৰ হৈছে! বেমাৰত মনুষ্যই লিখিব নোৱাৰে। এনেকৈও কোনোবাই লিখে যে মোৰ স্বাস্থ্য
ঠিক নাছিল সেয়েহে পত্ৰ লিখা নাই। কোনোৱেতো বেমাৰ নহ’লেও বতৰা নিদিয়ে। দেহ-অভিমান আছে।
তেন্তে পিতায়ো স্মৰণ কাক কৰিব। স্মৃতিৰে স্মৃতি আকৃষ্ট কৰিব পৰা যায়, কিন্তু
দেহ-অভিমান আছে। পিতাই আহি বুজায় মোক সৰ্বব্যাপী বুলি কৈ 84 লাখতকৈও বেছি যোনিত লৈ
যায়। মনুষ্যক কোৱা হয় পাথৰবুদ্ধি। ভগৱানৰ কাৰণেতো আকৌ কৈ দিয়ে পাথৰ-শিলগুটিত
বিৰাজমান। তেন্তে এয়া বেহদৰ গালি নহ'ল জানো! সেয়েহে পিতাই কয় - মোৰ কিমান গ্লানি কৰে।
এতিয়া তোমালোকেতো ক্ৰমানুসৰি বুজি গৈছা। ভক্তিমাৰ্গত গায়ো - আপুনি আহিলে আমি
উৎসৰ্গিত হৈ যাম। আপোনাক উত্তৰাধিকাৰী কৰিম। এয়াহে উত্তৰাধিকাৰী কৰে যে কয়
পাথৰ-শিলগুটিত আছে! কিমান গ্লানি কৰে, সেইবাবে পিতাই কয় - য়দা য়দাহি...... এতিয়া
তোমালোক সন্তানসকলে পিতাক জানা সেয়েহে পিতাৰ কিমান মহিমা কৰা। কোনোৱে মহিমাতো কি,
কেতিয়াও স্মৰণ কৰি দুটা শব্দও নিলিখে। দেহ-অভিমানী হৈ যায়। তোমালোক সন্তানসকলে বুজা
আমি পিতাক পালোঁ, আমাৰ পিতাই আমাক পঢ়ায়। ভগৱানুবাচ হয় নহয়! মই তোমালোকক ৰাজযোগ
শিকাওঁ। বিশ্বৰ বাদশ্বাহী কেনেকৈ প্ৰাপ্ত হ’ব তাৰ বাবে ৰাজযোগ শিকাওঁ। আমি বিশ্বৰ
বাদশ্বাহী ল'বৰ কাৰণে বেহদৰ পিতাৰ পৰা পঢ়োঁ - এইটো নিচা থাকিলে তেতিয়া অপাৰ আনন্দিত
হৈ যাব। যদিওবা গীতাও পঢ়ে কিন্তু সেয়া যেন সাধাৰণ কিতাপ পঢ়ে। গীতা পঢ়োঁতা বা
শুনাওঁতাসকলৰ ইমান আনন্দ নাথাকে। গীতা পঢ়ি সম্পূৰ্ণ কৰিলে আৰু কাম-কাজত ওলাই গ’ল।
তোমালোকৰতো এতিয়া বুদ্ধিত আছে - বেহদৰ পিতাই আমাক পঢ়ায়। অন্য কাৰো বুদ্ধিত এইটো উদয়
নহ’ব যে আমাক ভগৱানে পঢ়ায়। গতিকে পোন প্ৰথমতে যিয়েই আহে তেওঁলোকক দুজন পিতাৰ তত্ত্ব
বুজাব লাগে। কোৱা ভাৰত স্বৰ্গ আছিল নহয়, এতিয়া নৰক। এনেকৈতো কোনেও ক'ব নোৱাৰে যে আমি
সত্যযুগতো আছোঁ, কলিযুগতো আছোঁ। কোনোবাই দুখ পালে তেন্তে তেওঁলোক নৰকত আছে, কোনোবাই
সুখ পালে তেন্তে স্বৰ্গত আছে। এনেকৈ বহুতে কয় - দুখী মনুষ্য নৰকত আছে, আমিতো বহুত
সুখত বহি আছোঁ, মহল-গাড়ী আদি সকলোবোৰ আছে। বাহিৰৰ সুখ বহুত দেখে নহয়। এইটোও তোমালোকে
এতিয়া বুজি পোৱা যে সত্যযুগী সুখতো ইয়াত হ'ব নোৱাৰে। এনেকুৱাও নহয়, সোণালী যুগক লৌহ
যুগ বুলি ক’বা অথবা লৌহ যুগক সোণালী যুগ বুলি ক’বা কথা একেটাই। এনেকৈ বুজোঁতাসকলকো
অজ্ঞানী বুলি কোৱা হ’ব। গতিকে প্ৰথমতে পিতাৰ তত্ত্ব শুনাব লাগে। পিতাইহে নিজৰ পৰিচয়
দিয়ে। আৰুতো কোনেও নাজানে। কৈ দিয়ে যে পৰমাত্মা সৰ্বব্যাপী। এতিয়া তোমালোকে চিত্ৰত
দেখুওৱা – আত্মা আৰু পৰমাত্মাৰ ৰূপতো একেই। তেৱোঁ আত্মা কিন্তু তেওঁক পৰম আত্মা বুলি
কোৱা হয়। পিতাই বহি বুজায় - মই কেনেকৈ আহোঁ! সকলো আত্মা তাত পৰমধামত থাকে। এই
কথাবোৰ বাহিৰৰ কোনেওতো একো বুজিব নোৱাৰে। ভাষাও বহুত সহজ। গীতাত শ্ৰীকৃষ্ণৰ নাম লিখি
দিলে। এতিয়া শ্ৰীকৃষ্ণইতো গীতা নুশুনায়। তেওঁতো সকলোকে ক'ব নোৱাৰে যে মামেকম্ স্মৰণ
কৰা। দেহধাৰীৰ স্মৃতিৰেতো পাপ খণ্ডন নহয়। শ্ৰীকৃষ্ণ ভগৱানুবাচ - দেহৰ সকলো সম্বন্ধ
ত্যাগ কৰি মামেকম্ স্মৰণ কৰা কিন্তু দেহৰ সম্বন্ধতো শ্ৰীকৃষ্ণৰো আছে আৰু তেওঁতো সৰু
শিশু নহয় জানো। এয়াও কিমান ডাঙৰ ভুল। এটা ভুলৰ কাৰণে কিমান পাৰ্থক্য হৈ যায়।
পৰমাত্মাতো সৰ্বব্যাপী হ'ব নোৱাৰে। যাৰ কাৰণে কয় সকলোৰে সৎগতি দাতা তেন্তে কি তেৱোঁ
দুৰ্গতি পায় জানো! পৰমাত্মাই জানো কেতিয়াবা দুৰ্গতি পায়? এই সকলোবোৰ বিচাৰ সাগৰ
মন্থন কৰিবলগীয়া কথা। সময় নষ্ট কৰাৰ কথা নহয়। মনুষ্যইতো কৈ দিয়ে যে আমাৰ আহৰি নাই।
তোমালোকে বুজোৱা যে আহি পাঠ্যক্ৰম কৰক তেতিয়া কয় আহৰি নাই। দুদিন আহিব আকৌ চাৰিদিন
নাহিব....। নপঢ়িলে তেন্তে এই লক্ষ্মী-নাৰায়ণ কেনেকৈ হ'ব পাৰিব? মায়াৰ কিমান শক্তি
আছে। পিতাই বুজায় - যিটো চেকেণ্ড, যিটো মিনিট অতীত হয় সেয়া হুবহু পুনৰাবৃত্তি হয়।
অগণনবাৰ পুনৰাবৃত্তি হৈ থাকিব। এতিয়াতো পিতাৰ দ্বাৰা শুনি আছা। বাবাতো জন্ম-মৃত্যুত
নাহে। তুলনা কৰা হয় সম্পূৰ্ণ জন্ম-মৃত্যুত কোন আহে আৰু কোন নাহে? কেৱল এজনেই পিতা
আছে যি জন্ম-মৃত্যুত নাহে। বাকীতো সকলো আহে সেয়েহে চিত্ৰও দেখুৱাইছে। ব্ৰহ্মা আৰু
বিষ্ণু দুয়ো জন্ম-মৃত্যুত আহে। ব্ৰহ্মা তথা বিষ্ণু, বিষ্ণু তথা ব্ৰহ্মা ভূমিকা পালন
কৰিবলৈ অহা-যোৱা কৰি থাকে। অন্ত হ'ব নোৱাৰে। এই চিত্ৰ তথাপিও সকলোৱে আহি চাব আৰু
বুজিব। বহুত সহজ বুজিবলগীয়া কথা। বুদ্ধিত উদয় হ’ব লাগে আমিয়ে ব্ৰাহ্মণ আকৌ আমিয়ে
ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'মগৈ। পুনৰ পিতা আহিলে তেতিয়া আমিয়ে ব্ৰাহ্মণ হৈ যাম। এইটো
স্মৰণ কৰা তেতিয়াও স্বদৰ্শন চক্ৰধাৰী হ'লা। বহুত আছে যাৰ স্মৃতি স্থায়ী হৈ নাথাকে।
তোমালোক ব্ৰাহ্মণেই স্বদৰ্শন চক্ৰধাৰী হোৱা। দেৱতাসকল নহয়। চক্ৰ কেনেকৈ ঘূৰে, এইটো
জ্ঞান প্ৰাপ্ত কৰাৰ কাৰণে তেওঁলোক এনেকুৱা দেৱতা হৈছে। বাস্তৱত কোনো মনুষ্য
স্বদৰ্শন চক্ৰধাৰী বুলি কোৱাৰ যোগ্য নহয়। মনুষ্যৰ সৃষ্টি মৃত্যুলোকেই ভিন্ন। যেনেকৈ
ভাৰতবাসীৰ ৰীতি-প্ৰথা বেলেগ, সকলোৰে বেলেগ বেলেগ হয়। দেৱতাসকলৰ ৰীতি-প্ৰথা বেলেগ।
মৃত্যুলোকৰ মনুষ্যৰ ৰীতি-প্ৰথা বেলেগ। ৰাতি-দিনৰ পাৰ্থক্য আছে সেয়েহে সকলোৱে কয় -
আমি পতিত। হে ভগৱান, আমাক সকলোকে পতিত সৃষ্টিৰ নিবাসীসকলক পাৱন কৰি তোলক। তোমালোকৰ
বুদ্ধিত আছে পাৱন সৃষ্টি আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আছিল, যাক সত্যযুগ বুলি কোৱা
হয়। ত্ৰেতাক তেনেকৈ নকয়। পিতাই বুজাইছে - সেয়া হৈছে প্ৰথম শ্ৰেণী, এয়া হৈছে দ্বিতীয়
শ্ৰেণী। গতিকে এটি এটি কথা ধাৰণ কৰিব লাগে। যিয়েই আহে শুনি আচম্বিত হৈ যাওক।
কিছুমানতো আচম্বিত হৈ যায়। কিন্তু পুনৰ তেওঁলোকৰ আহৰি নাথাকে যে পুৰুষাৰ্থ কৰিব। আকৌ
শুনে পৱিত্ৰ নিশ্চয় হৈ থাকিব লাগিব। এই কাম বিকাৰেই মনুষ্যক পতিত কৰে। ইয়াক জিনিলেহে
তোমালোক জগতজিৎ হ'বা। পিতাই কৈছেও - কাম বিকাৰক জয় কৰি জগতজিৎ হোৱা। মনুষ্যই আকৌ কৈ
দিয়ে মনক জয় কৰি জগতজিৎ হোৱা। মনক বশ কৰা। এতিয়া মন শান্ততো তেতিয়া হ'ব যেতিয়া শৰীৰ
নাথাকিব। বাকী মন শান্ততো কেতিয়াও নহয়। দেহ পোৱাই যায় কৰ্ম কৰিবৰ কাৰণে তেন্তে আকৌ
কৰ্মাতীত অৱস্থাত কেনেকৈ থাকিব? কৰ্মাতীত অৱস্থা কোৱা হয় মৃতকৰ ক্ষেত্ৰত। জীৱন্তে
মৃত, শৰীৰৰ পৰা উপৰাম। তোমালোককো শৰীৰৰ পৰা উপৰাম হোৱাৰ পাঠ পঢ়ায়। শৰীৰৰ পৰা আত্মা
ভিন্ন। আত্মা পৰমধামৰ নিবাসী। আত্মা শৰীৰত আহিলে তেতিয়া তেওঁক মনুষ্য বুলি কোৱা হয়।
শৰীৰ পোৱাই যায় কৰ্ম কৰিবৰ কাৰণে। এটা শৰীৰ এৰি গৈ পুনৰ দ্বিতীয় এটা শৰীৰ আত্মাই
ল'বলগীয়া হয় কৰ্ম কৰিবৰ কাৰণে। শান্ত হৈতো তেতিয়া থাকিব যেতিয়া কৰ্ম কৰিবলগীয়া নহ’ব।
মূলধামত কৰ্ম নহয়। সৃষ্টিৰ চক্ৰ ইয়াত ঘূৰে। পিতাক আৰু সৃষ্টি চক্ৰক জানিব লাগে,
ইয়াকেই জ্ঞান বুলি কোৱা হয় এই দুচকু যেতিয়ালৈকে পতিত আসুৰিক হয়, তেন্তে এই দুচকুৰে
পৱিত্র বস্তু দেখা পাব নোৱাৰে সেয়েহে জ্ঞানৰ তৃতীয় নেত্ৰ লাগে। যেতিয়া তোমালোকে
কৰ্মাতীত অৱস্থা পাবা অৰ্থাৎ দেৱতা হ'বাগৈ তেতিয়া আকৌ এই দুচকুৰে দেৱতাসকলক চাই
থাকিবা। বাকী এই শৰীৰত এই দুচকুৰে শ্ৰীকৃষ্ণক চাব নোৱাৰে। বাকী সাক্ষাৎকাৰ কৰিলে
তেন্তে তাৰ দ্বাৰা কিবা পাই জানো। অল্পকালৰ কাৰণে আনন্দিত হয়, কামনা পূৰ্ণ হৈ যায়।
ড্ৰামাত সাক্ষাৎকাৰো নিৰ্ধাৰিত হৈ আছে, তাৰ পৰা প্ৰাপ্তি একো নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শৰীৰৰ পৰা
উৰ্দ্ধত আত্মা হওঁ, জীৱন্তে এই শৰীৰত থাকিও যেন মৃত - এইটো স্থিতিৰ অভ্যাসেৰে
কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে।
(2) সেৱাৰ প্ৰমাণ দিব
লাগে। দেহৰ বোধ এৰি নিজৰ সঁচা খবৰ জনাব লাগে। সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ
পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
নিজৰ শান্ত
স্বৰূপ স্থিতিৰ দ্বাৰা শান্তিৰ কিৰণ বিয়পাওঁতা মাষ্টৰ শান্তিৰ সাগৰ হোৱা
বৰ্তমান সময়ত বিশ্বৰ
অধিক সংখ্যক আত্মাক সকলোতকৈ অধিক আৱশ্যকতা হৈছে- সঁচা শান্তিৰ। অশান্তিৰ অনেক কাৰণ
দিনে-প্ৰতিদিনে বাঢ়ি আছে আৰু বাঢ়ি গৈ থাকিব। যদি নিজে অশান্ত নহ’লেও আনৰ অশান্তিৰ
বায়ুমণ্ডল, বাতাবৰণে শান্ত অৱস্থাত বহিবলৈ নিদিব। অশান্তিৰ চিন্তাৰ অনুভৱ বাঢ়িব।
এনেকুৱা সময়ত তোমালোক মাষ্টৰ শান্তিৰ সাগৰ সন্তানসকলে অশান্তিৰ সংকল্প দূৰ কৰি
বিশেষ শান্তিৰ প্ৰকম্পন বিয়পোৱা।
স্লোগান:
পিতাৰ সৰ্ব গুণৰ অনুভৱ কৰিবলৈ সদায় জ্ঞান সূৰ্যৰ সন্মুখত থাকা।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
এতিয়া সময়ৰ সঞ্চয়,
সংকল্পৰ সঞ্চয়, শক্তিৰ সঞ্চয়ৰ পৰিকল্পনা প্ৰস্তুত কৰি বিন্দু ৰূপৰ স্থিতি বঢ়োৱা।
যিমানে বিন্দু ৰূপ স্থিতি হ’ব সিমানে কোনো প্ৰেতাত্মা বা বেয়া সংস্কাৰৰ প্ৰহাৰ
তোমালোকৰ ওপৰত হ’ব নোৱাৰে, তোমালোকো তাৰ পৰা মুক্ত হৈ থাকিবা আৰু তোমালোকৰ শক্তি
ৰূপে তেওঁলোককো মুক্ত কৰি দিব।