20.04.25    Avyakt Bapdada     Assame Murli     18.01.2005     Om Shanti     Madhuban


“*“চেকেণ্ডত দেহ বোধৰ পৰা মুক্ত হৈ জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা আৰু মাষ্টৰ মুক্তি-জীৱনমুক্তি দাতা হোৱা”*”


আজি বাপদাদাই চাৰিওফালৰ ভাগ্যৱান আৰু স্নেহী সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তান স্নেহত সমাহিত হৈ আছে। এই পৰামাত্ম স্নেহ অলৌকিক স্নেহ। এই স্নেহেই সন্তানসকলক পিতাৰ কৰি তুলিছে। স্নেহেই সহজে বিজয়ী কৰি তুলিছে। আজি অমৃতবেলা চাৰিওফালৰ প্ৰতিগৰাকী সন্তানে নিজৰ স্নেহৰ মালা পিতাক পিন্ধালে কিয়নো প্ৰতিগৰাকী সন্তানে জানে যে এই পৰামাত্মা স্নেহে কিহৰ পৰা কি কৰি তোলে। স্নেহৰ অনুভূতি অনেক পৰমাত্ম সম্পদৰ মালিক কৰি তোলোঁতা হয় আৰু সকলো পৰমাত্ম সম্পদৰ সোণালী চাবি পিতাই সকলো সন্তানক দিছে। জানা নহয়! সেই সোণালী চাবি কি? সেই সোণালী চাবি হৈছে - “মোৰ বাবা”, “মোৰ বাবা” বুলি ক’লা আৰু সম্পদৰ অধিকাৰী হৈ গ’লা। সৰ্ব প্ৰাপ্তিৰ অধিকাৰেৰে সম্পন্ন হৈ গ’লা, সৰ্ব শক্তিৰে সমৰ্থ হৈ গ’লা, মাষ্টৰ সৰ্ব শক্তিমান আত্মা হৈ গ’লা। এনেকুৱা সম্পন্ন আত্মাসকলৰ অন্তৰৰ পৰা কি গীত ওলায়? অপ্ৰাপ্ত একো বস্তু নাই আমাৰ অৰ্থাৎ ব্ৰাহ্মণৰ ভঁৰালত।

আজিৰ দিনটিক স্মৃতি দিৱস বুলি কোৱা, আজি সকলো সন্তানৰ বিশেষকৈ আদি দেৱ, পিতা ব্ৰহ্মা স্মৃতিলৈ আহি আছে। পিতা ব্ৰহ্মা তোমালোক সন্তানসকলক দেখি হৰ্ষিত হয়, কিয়? প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তান কোটিৰ মাজত কোনোবা ভাগ্যৱান সন্তান। নিজৰ ভাগ্যক জানা নহয়! বাপদাদাই প্ৰতিগৰাকী সন্তানৰ মস্তকত চিকমিকাই থকা ভাগ্যৰ তৰা দেখি হৰ্ষিত হয়। আজিৰ স্মৃতি দিৱসত বাপদাদাই সন্তানসকলক বিশ্ব সেৱাৰ দায়িত্বৰ মুকুট অৰ্পণ কৰিলে। এই স্মৃতি দিৱস তোমালোক সন্তানসকলৰ ৰাজ্য তিলকৰ দিৱস। সন্তানসকলৰ বিশেষ সাকাৰ স্বৰূপত ইচ্ছা শক্তি ইচ্ছাপত্ৰ কৰি দিয়াৰ দিন। সন্তানে পিতাকক প্ৰত্যক্ষ কৰে - এই প্ৰবাদ ফাকি সাকাৰ কৰাৰ দিৱস। বাপদাদাই সন্তানসকলৰ নিমিত্ত হৈ নিঃস্বাৰ্থভাৱে কৰা বিশ্ব সেৱা দেখি আনন্দিত হয়। বাপদাদা কৰৱানহাৰ হৈ কৰণহাৰ সন্তানসকলৰ প্ৰতিটো খোজ দেখি আনন্দিত হয় কিয়নো সেৱাৰ সফলতাৰ বিশেষ আধাৰেই হৈছে - কৰাৱনহাৰ পিতাই মোৰ অৰ্থাৎ কৰণহাৰ আত্মাৰ দ্বাৰা কৰাই আছে। মই আত্মা নিমিত্ত হওঁ কিয়নো নিমিত্ত ভাৱেৰে স্থিতি স্বতঃ নম্ৰ হৈ যায়। ‘মই’ ভাৱ যিয়ে দেহ অভিমানত আনে সেয়া স্বতঃ নম্ৰ ভাৱেৰে সমাপ্ত হৈ যায়। এই ব্ৰাহ্মণ জীৱনত যদি সকলোতকৈ ডাঙৰ বিঘ্ন ৰূপ আহে সেয়া হৈছে দেহ অভিমানৰ ‘মই’ ভাৱ। কৰাৱনহাৰে কৰাই আছে, মই নিমিত্ত কৰণহাৰ হৈ কৰি আছোঁ, তেতিয়া সহজে দেহ অভিমানৰ পৰা মুক্ত হৈ যায় আৰু জীৱনমুক্তিৰ মজা অনুভৱ কৰে। ভৱিষ্যতে জীৱনমুক্তিতো প্ৰাপ্ত হয় কিন্তু এতিয়া সংগমযুগত জীৱনমুক্তিৰ অলৌকিক আনন্দ আৰুহে অলৌকিক। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা - কৰ্ম কৰিও কৰ্মৰ বন্ধনৰ পৰা উৰ্দ্ধত। জীৱনত থাকিও পদুম ফুলৰ দৰে অনাসক্ত আৰু স্নেহী। ইমান ডাঙৰ পৰিয়ালৰ দায়িত্ব, জীৱনৰ দায়িত্ব, যোগী কৰি তোলাৰ দায়িত্ব, ফৰিস্তা তথা দেৱতা কৰি তোলাৰ দায়িত্ব থকা সত্ত্বেও নিশ্চিন্ত বাদশ্বাহ। ইয়াকে জীৱনমুক্ত স্থিতি বুলি কোৱা হয় সেয়েহে ভক্তিমাৰ্গতো ব্ৰহ্মাৰ আসন পদুম ফুল দেখুৱায়। পদুম আসনধাৰী দেখুৱায়। তোমালোক সকলো সন্তানেও সংগমতে জীৱনমুক্তিৰ অনুভৱ কৰিবই লাগে। বাপদাদাৰ পৰা মুক্তি-জীৱনমুক্তিৰ বৰদান এই সময়তে প্ৰাপ্ত হয়। এই সময়তে মাষ্টৰ মুক্তি জীৱনমুক্তি দাতা হ’ব লাগে। হৈছা আৰু হ’ব লাগে। মুক্তি জীৱনমুক্তিৰ মাষ্টৰ দাতা হোৱাৰ বিধি হৈছে - চেকেণ্ডত দেহবোধৰ পৰা মুক্ত হৈ যোৱা। এইটো অভ্যাসৰ এতিয়া আৱশ্যকতা আছে। মনৰ ওপৰত এনেকুৱা নিয়ন্ত্ৰণ শক্তি থাকক, যেনেকৈ এই স্থূল কৰ্মেন্দ্ৰিয় হাত আছে, ভৰি আছে, সেইবোৰক যেতিয়া বিচৰা, যেনেকৈ বিচৰা তেনেকুৱা কৰিব পাৰা, সময় লাগে জানো! এতিয়া ভাবা হাত ওপৰলৈ কৰিব লাগে, সময় লাগিবনে? কৰিব পাৰা নহয়! তেনেকৈ মনৰ ওপৰত ইমান নিয়ন্ত্ৰণ থাকক, য’ত একাগ্ৰ কৰিব খোজা, তাতে একাগ্ৰ হৈ যাওঁক। মন যদিও হাত, ভৰিতকৈ সূক্ষ্ম কিন্তু হয়তো তোমালোকৰেই নহয় জানো! “মোৰ মন” বুলি কোৱা নহয়, “তোমাৰ মন” বুলিতো নোকোৱা নহয়! গতিকে যেনেকৈ স্থূল কৰ্মেন্দ্ৰিয় নিয়ন্ত্ৰণত থাকে তেনেকৈয়ে মন-বুদ্ধি-সংস্কাৰ নিয়ন্ত্ৰণত থাকক তেতিয়া এক নম্বৰ বিজয়ী বুলি কোৱা হ’ব। বৈজ্ঞানিকসকলেতো ৰকেটৰ দ্বাৰা বা নিজৰ সাধনৰ দ্বাৰা এইখন লোকলৈকে যায়, খুব বেছি অন্য গ্ৰহলৈ যায় কিন্তু তোমালোক ব্ৰাহ্মণ আত্মা তিনিওলোকলৈকে যাব পাৰা। চেকেণ্ডত সূক্ষ্মলোক, নিৰাকাৰী লোক আৰু স্থূল ৰূপত মধুবনলৈকেতো আহিব পাৰা নহয়! যদি মনক আদেশ দিয়া যে মধুবনলৈ যাব লাগে তেন্তে চেকেণ্ডত আহিব পাৰা নহয়? শৰীৰেৰে নহয়, মনেৰে। আদেশ দিয়া সূক্ষ্মলোকলৈ যাব লাগে, নিৰাকাৰী লোকলৈ যাব লাগে তেন্তে তিনিওলোকত যেতিয়াই বিচৰা মনক পঠিয়াব পাৰানে? অভ্যাস আছেনে? এতিয়া এইটো অভ্যাসৰ আৱশ্যকতা বেছিকৈ আছে। বাপদাদাই দেখিছে অভ্যাসতো কৰা কিন্তু যেতিয়া বিচৰা, যিমান সময় বিচৰা একাগ্ৰ হৈ যাওঁক, অবিচলিত হৈ যাওঁক, অস্থিৰতা নাহক, ইয়াৰ ওপৰত আৰু মনোযোগ দিয়া। এনেকৈ যি গায়ন আছে যে মন জয় কৰিলেই জগতজিৎ, এতিয়া কেতিয়াবা কেতিয়াবা মনে প্ৰৱঞ্চনাও কৰে।

বাপদাদাই আজিৰ সমৰ্থ দিৱসত এইটো সামৰ্থ্যৰ ওপৰতে বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে। হে স্বৰাজ্য অধিকাৰী সন্তানসকল, এতিয়া এইটো বিশেষ অভ্যাস চলোঁতে-ফুৰোঁতে পৰীক্ষা কৰা কিয়নো সময় অনুসৰি এতিয়া অকস্মাতৰ খেল বহুত দেখিবা। ইয়াৰ বাবে একাগ্ৰতা শক্তিৰ আৱশ্যক। একাগ্ৰতাৰ শক্তিৰে দৃঢ়তাৰ শক্তিও সহজে আহি যায় আৰু দৃঢ়তাই সফলতা স্বতঃ প্ৰাপ্ত কৰায়। সেয়েহে বিশেষ সমৰ্থ দিৱসত এইটো সামৰ্থ্যৰ অভ্যাসৰ প্ৰতি বিশেষভাৱে মনোযোগ দিবা সেয়েহে ভক্তিমাৰ্গতো কয় মনৰ পৰাজয়েই পৰাজয়, মনৰ জয়েই জয়। যিহেতু মোৰ মন বুলি কোৱা, তেন্তে মনৰ মালিক হৈ শক্তিসমুহৰ লেকামেৰে বিজয় প্ৰাপ্ত কৰা। এই নৱবৰ্ষত এইটো ঘৰত কৰিবলৈ কামৰ প্ৰতি বিশেষ মনোযোগ দিবা। ইয়াকেই কোৱা হয় যোগীতো হোৱা কিন্তু এতিয়া প্ৰয়োগী হোৱা।

বাকী আজিৰ দিনটোৰ স্নেহৰ আন্তৰিক বাৰ্তালাপ, স্নেহৰ আপত্তি আৰু সমান হোৱাৰ উৎসাহ-উদ্দীপনা তিনিওপ্ৰকাৰৰ আন্তৰিক বাৰ্তালাপ বাপদাদাৰ ওচৰত আহি পাইছে। চাৰিওফালৰ সন্তানসকলৰ স্নেহপূৰ্ণ স্মৃতি, স্নেহপূৰ্ণ প্ৰেম বাপদাদাৰ ওচৰত আহি পাইছে। পত্ৰও আহি পাইছে, বাৰ্তালাপো আহি পাইছে, সংবাদো আহি পাইছে, বাপদাদাই সন্তানসকলৰ স্নেহ স্বীকাৰ কৰিছে। অন্তৰেৰে প্ৰতিদানত স্নেহপূৰ্ণ স্মৰণো কৰিছে। অন্তৰৰ আশীৰ্বাদো দিছে। এজন এজনৰ নামতো ল’ব নোৱাৰোঁ নহয়। বহুত আছে। কিন্তু চুকে-কোণে, গাঁৱে-ভূঞে, চহৰে-নগৰে সকলো ফালৰ সন্তানসকলৰ, বান্ধোনত থকাসকলৰ, বিলাপ কৰোঁতাসকলৰ সকলোৰে স্নেহপূৰ্ণ স্মৃতি আহি পাইছে, এতিয়া বাপদাদাই এয়াই কয় – স্নেহৰ প্ৰতিদানত এতিয়া নিজে নিজক সলনি কৰা, পৰিৱৰ্তন কৰা। এতিয়া মঞ্চত নিজৰ সম্পন্ন স্বৰূপ প্ৰত্যক্ষ কৰা। তোমালোকৰ সম্পন্নতাৰে দুখ আৰু অশান্তি সমাপ্ত হ’ব। এতিয়া নিজৰ ভাতৃ-ভগ্নীসকলক বেছি দুখ চাবলৈ নিদিবা। এই দুখ-অশান্তিৰ পৰা মুক্তি দিয়া। বহুত ভয়ভীত হৈ আছে। কি কৰোঁ, কি হ’ব... এই অন্ধকাৰত দিগভ্ৰান্ত হৈ আছে। এতিয়া আত্মাসকলক আলোকৰ মাৰ্গ-দৰ্শন কৰা। উৎসাহ জাগেনে? দয়া জাগেনে? এতিয়া বেহদক চোৱা। বেহদলৈ দৃষ্টি দিয়া। বাৰু। ঘৰত কৰিবলৈ দিয়া কাম স্মৃতিত থাকিব নহয়! পাহৰি নাযাবা। পুৰস্কাৰ দিম। যিসকলে এমাহত মনক একেবাৰে নিয়ন্ত্ৰণ শক্তিৰে সম্পূৰ্ণ মাহটো য’ত বিচাৰে, যেতিয়া বিচাৰে ত’ত একাগ্ৰ কৰিব পাৰা, এই খতিয়ানৰ ফলাফল চাই পুৰস্কাৰ দিম। ঠিকে আছেনে? কোনে পুৰস্কাৰ ল’ব? পাণ্ডৱ, পাণ্ডৱ প্ৰথমে। পাণ্ডৱক অভিনন্দন আৰু শক্তিসকল? এ-ৱান। পাণ্ডৱ যদি এক নম্বৰ তেন্তে শক্তি এ-ৱান। শক্তিসকল যদি এ-ৱান নহয় তেন্তে পাণ্ডৱসকল এ-ৱান। এতিয়া অলপ বেগ তীব্ৰ কৰা। আৰামৰ নহয়। তীব্ৰ গতিৰেই আত্মাসকলৰ দুখ-যন্ত্ৰণা সমাপ্ত হ’ব। দয়াৰ ছত্ৰছায়া আত্মাসকলৰ ওপৰত দিয়া, বাৰু।

ডবল বিদেশী ভাতৃ-ভগ্নীসকলৰ প্ৰতি: ডবল বিদেশী, বাপদাদাই কয় “ডবল বিদেশী” অৰ্থাৎ ডবল পুৰুষাৰ্থত আগবাঢ়োঁতা। যেনেকৈ উপাধি “ডবল বিদেশী” লক্ষণ আছে নহয় তোমালোকৰ। তেনেকৈয়ে ডবল বিদেশী এক নম্বৰত অহাত ডবল বেগেৰে আগবাঢ়োঁতা। ভাল কথা প্ৰত্যেক দলত বাপদাদাই ডবল বিদেশীসকলক দেখি হৰ্ষিত হয় কিয়নো ভাৰতবাসীয়ে তোমালোক সকলোকে দেখি আনন্দিত হয়। বাপদাদাও বিশ্ব কল্যাণকাৰী উপাধি দেখি আনন্দিত হয়। এতিয়া ডবল বিদেশীয়ে কি পৰিকল্পনা কৰি আছা? বাপদাদা হৰ্ষিত হ’ল, আফ্ৰিকাবাসীয়ে তীব্ৰ পুৰুষাৰ্থ কৰি আছে। তোমালোক সকলোৱেও আশে-পাশে যিসকল ভাতৃ-ভগ্নী ৰৈ গৈছে, তেওঁলোকক সংবাদ দিয়াৰ উৎসাহ-উদ্দীপনা ৰাখা। যাতে আপত্তি নকৰে। বৃদ্ধি হৈ আছে আৰু হৈয়ো থাকিব কিন্তু এতিয়া আপত্তি সমাপ্ত কৰিব লাগে। ডবল বিদেশীসকলৰ এইটো বিশেষত্বতো শুনায়েই থাকোঁ যে হোজা পিতাক ৰাজী কৰা যি সাধন– সঁচা অন্তৰত চাহাব ৰাজী, সেইটো বিশেষত্ব ডবল বিদেশীসকলৰ আছে। পিতাক বহুত বুদ্ধিমত্তাৰে ৰাজী কৰিব জানে। সঁচা অন্তৰ পিতাৰ কিয় প্ৰিয় হয়? কিয়নো পিতাক ‘সত্য’ বুলি কোৱা হয়। “ঈশ্বৰ সত্য” বুলি কয় নহয়! সেয়েহে নিকা অন্তৰ, সঁচা অন্তৰ বাপদাদাৰ বহুত প্ৰিয়। এনেকুৱা হয় নহয়! নিকা অন্তৰ, সঁচা অন্তৰ। সত্যতাই ব্ৰাহ্মণ জীৱনৰ মহানতা। সেয়েহে ডবল বিদেশীসকলক বাপদাদাই সদায় স্মৰণ কৰে। ভিন্ন ভিন্ন দেশত আত্মাসকলক সংবাদ দিয়াৰ নিমিত্ত হৈ গ’ল। চোৱা কিমান দেশৰ আহে? গতিকে এই সকলো দেশৰ কল্যাণতো হ’ল নহয়! ইয়ালৈতো তোমালোকৰ নিমিত্তে আহিছোঁ কিন্তু চাৰিওফালৰ ডবল বিদেশী সন্তানসকলক, নিমিত্ত হোৱা সন্তানসকলক বাপদাদাই অভিনন্দন জনাই আছে, শুভেচ্ছা জনাই আছে, উৰি থাকা আৰু উৰুৱাই থাকা। উৰন্ত কলাৰে সকলোৰে কল্যাণ হৈয়েই যায়। সকলো সজীৱ হৈ আছানে? সজীৱ হ’লানে? সদায় অমৰ হৈ থাকিবা নে মধুবনতে আধা এৰি থৈ যাবা? লগত থাকিবা, সদায় থাকিবানে? অমৰ হোৱাৰ বৰদান আছে নহয়! গতিকে যি পৰিৱৰ্তন কৰিলা সেয়া সদায় বৃদ্ধি হৈ থাকিব। অমৰ হৈ থাকিব। বাৰু। বাপদাদা আনন্দিত হৈছে আৰু তোমালোকো আনন্দিত হৈছা, আনকো আনন্দিত কৰিবা। বাৰু।

জ্ঞান সৰোবৰৰ 10 বছৰ হ’ল: বাৰু। ভাল কথা, জ্ঞান সৰোবৰে এটা বিশেষত্ব আৰম্ভ কৰিলে, যেতিয়াৰ পৰা জ্ঞান সৰোবৰ আৰম্ভ হৈছে তেতিয়াৰ পৰা ভি.আই.পি., আই.পি.ৰ বিশেষ বিধি পূৰ্বক অনুষ্ঠান আৰম্ভ হৈছে। প্ৰতিটো বৰ্গৰ অনুষ্ঠান ইটোৰ পাছত সিটো চলি থাকে। আৰু দেখা গৈছে যে জ্ঞান সৰোবলৈ অহা আত্মাসকলৰ স্থূল সেৱা আৰু অলৌকিক সেৱা বহুত ভাল ৰুচিৰে কৰে সেয়েহে জ্ঞান সৰোবত থকাসকলক বাপদাদাই বিশেষ অভিনন্দন জনায় যে সেৱাৰ ফলাফলত সকলো আনন্দিত হৈ যায় আৰু আনন্দেৰে অন্য সংগীসকলক লগত লৈ আহে। জ্ঞান সৰোবৰ চাৰিওফালে আৱাজ বিয়পোৱাৰ নিমিত্ত হৈছে। গতিকে অভিনন্দন আৰু সদায় অভিনন্দন লৈ থাকিবা। বাৰু।

এতিয়া এক চেকেণ্ডত মন একাগ্ৰ কৰিব পাৰানে? সকলো এক চেকণ্ডত বিন্দু ৰূপত স্থিৰ হৈ যোৱা। (বাপদাদাই ড্ৰিল কৰালে) বাৰু - এনেকুৱা অভ্যাস চলোঁতে-ফুৰোঁতে কৰি থাকিবা।

চাৰিওফালৰ স্নেহী, স্নেহত লীন আত্মাসকলক, সদায় দয়াশীল হৈ সকলো আত্মাক দুখ-অশান্তিৰ পৰা মুক্ত কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় নিজৰ মন, বুদ্ধি আৰু সংস্কাৰক নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা নিয়ন্ত্ৰণত ৰাখোঁতা মহাবীৰ আত্মাসকলক, সদায় সংগমযুগৰ জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰোঁতা পিতাৰ সমান আত্মাসকলৰ প্ৰতি বাপদাদাৰ পদমগুণ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
সকলোকে ঠিকনা দিওঁতা দয়াশীল পিতাৰ সন্তান দয়াশীল হোৱা

দয়াশীল পিতাৰ দয়াশীল সন্তানসকলে কাকোৱে ভিক্ষাৰীৰ ৰূপত নাচাব, তেওঁলোকৰ দয়া উপজিব যে এই আত্মাটিয়েও ঠিকনা পাই যাওঁক, এওঁৰো কল্যাণ হৈ যাওঁক। তেওঁলোকৰ সম্পৰ্কত যিয়েই আহিব তেওঁলোকক পিতাৰ পৰিচয় নিশ্চয় দিব। যেনেকৈ কোনোবা ঘৰলৈ আহিলে প্ৰথমে পানী যচা হয়, এনেয়ে যদি গুচি যায় তেন্তে বেয়া বুলি ভবা হয়, তেনেকৈ যিয়েই সম্পৰ্কত আহে তেওঁলোকক পিতাৰ পৰিচয় ৰূপী পানী নিশ্চয় যাচিবা অৰ্থাৎ দাতাৰ সন্তান দাতা হৈ কিবা নহয় কিবা দিয়া যাতে তেওঁলোকেও ঠিকনা পাই যায়।

স্লোগান:
যথাৰ্থ বৈৰাগ্য বৃত্তিৰ সহজ অৰ্থ হ’ল – যিমানে উৰ্দ্ধত সিমানে স্নেহী।

সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

মই আৰু মোৰ বাবা, এইটো স্মৃতিৰে সংযুক্ত হৈ থাকা তেতিয়া মায়াজিৎ হৈ যাবা। কৰণ-কৰাৱনহাৰ - এই শব্দটিত পিতা আৰু সন্তানসকল দুয়ো সংযুক্ত হৈ আছে। হাত সন্তানসকলৰ আৰু কাম পিতাৰ। হাত আগবঢ়োৱাৰ সোণালী সুযোগ সন্তানসকলেই প্ৰাপ্ত কৰে। কিন্তু অনুভৱ হয় যে কৰাওঁতাই কৰাই আছে। নিমিত্ত কৰি চলাই আছে - এইটোৱে আৱাজ সদায় মনৰ পৰা ওলায়।