20.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বাবা তোমালোক সন্তানসকলক অবিনাশী উপাৰ্জন কৰাত সহায় কৰিবলৈ আহিছে, এতিয়া তোমালোকে জ্ঞান ৰত্ন যিমান উপাৰ্জন কৰিব বিচৰা কৰিব পাৰা”

প্ৰশ্ন:
আসুৰিক সংস্কাৰবোৰ পৰিৱৰ্তন কৰি দৈৱী কৰি তুলিবলৈ কোনটো বিশেষ পুৰুষাৰ্থৰ প্ৰয়োজন?

উত্তৰ:
সংস্কাৰবোৰ পৰিৱৰ্তন কৰিবলৈ যিমান সম্ভৱ দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰা। দেহ-অভিমানত আহিলেই আসুৰিক সংস্কাৰ গঢ় লৈ উঠে। পিতা আসুৰিক সংস্কাৰবোৰক দৈৱী সংস্কাৰ কৰি তুলিবলৈ আহিছে, পুৰুষাৰ্থ কৰা যে প্ৰথমে মই দেহী আত্মা, পাছত এই শৰীৰ।

গীত:
তুনে ৰাত গঁৱাই চ’কে, দিন গঁৱাই খাকে….. (তুমি নিশাতো শুই কটালা, দিনতো খাই কটালা….)

ওঁম্শান্তি।
সন্তানসকলে এই গীতটিতো বহুত বাৰ শুনিছা। আত্মিক সন্তানসকলক আত্মিক পিতাই সাৱধান কৰাই থাকে যে এই সময় হেৰুৱাব নালাগে। এই সময়ত বহুত শ্ৰেষ্ঠ উপাৰ্জন কৰিব লাগে। উপাৰ্জন কৰাবলৈকে পিতা আহিছে। উপাৰ্জনো প্ৰচুৰ মাত্ৰাত আছে, যিয়ে যিমান উপাৰ্জন কৰিব বিচৰা সিমান কৰিব পাৰা। এয়া হৈছে অবিনাশী জ্ঞান ৰত্নৰে বুদ্ধি ৰূপী জোলোঙা ভৰোৱাৰ উপাৰ্জন। এয়া হৈছে ভৱিষ্যতৰ বাবে। সেয়া হৈছে ভক্তি, এয়া হৈছে জ্ঞান। মনুষ্যই এইটো নাজানে যে ভক্তি তেতিয়া আৰম্ভ হয় যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয়। আকৌ জ্ঞান তেতিয়া আৰম্ভ হয় যেতিয়া পিতা আহি ৰামৰাজ্য স্থাপনা কৰে। জ্ঞান হৈছেই নতুন সৃষ্টিৰ বাবে, ভক্তি হৈছে পুৰণি সৃষ্টিৰ বাবে। এতিয়া পিতাই কয় - প্ৰথমেতো নিজক দেহী (আত্মা) বুলি বুজিব লাগে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - প্ৰথমে আমি আত্মা, পাছত শৰীৰ। কিন্তু ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলো মনুষ্য অশুদ্ধ হৈ গৈছে সেইবাবে ওলোটাকৈ ভাবি ল’লে যে প্ৰথমে আমি দেহ তাৰ পাছত দেহী। পিতাই কয় - এয়াতো বিনাশী। ইয়াক তোমালোকে লোৱা আৰু এৰা। সংস্কাৰ আত্মাত থাকে। দেহ-অভিমানত আহিলে সংস্কাৰ আসুৰিক হৈ যায়। পুনৰ আসুৰিক সংস্কাৰক দৈৱী কৰি তুলিবলৈ পিতা আহিবলগীয়া হয়। এই গোটেই ৰচনা সেই এজন ৰচয়িতা পিতাৰে। তেওঁক সকলোৱে পিতা বুলি কয়। যেনেকৈ লৌকিক পিতাকো পিতা বুলিয়ে কোৱা হয়। বাবা আৰু মম্মা এই দুয়োটা শব্দ বহুত মিঠা। ৰচয়িতা বুলিতো পিতাকেই কোৱা হ’ব। তেওঁ প্ৰথমে ‘মা’ক তুলি লয় তাৰ পাছত ৰচনা ৰচে। বেহদৰ পিতায়ো কয় যে মই আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ, এওঁৰ নাম প্ৰসিদ্ধ। কোৱাও হয় - ভাগীৰথ। মনুষ্যৰেই চিত্ৰ দেখুৱায়। কোনো ষাঁড় আদি নাই। ভাগীৰথ হৈছে মনুষ্যৰ শৰীৰ। পিতাহে আহি সন্তানসকলক নিজৰ পৰিচয় দিয়েহি। তোমালোকে সদায় কোৱা আমি বাপদাদাৰ ওচৰলৈ যাওঁ। কেৱল পিতা বুলি ক’লে সেয়া নিৰাকাৰ হৈ যায়। নিৰাকাৰ পিতাৰ ওচৰলৈতো তেতিয়া যাব পাৰিব যেতিয়া শৰীৰ এৰিব, এনেয়েতো কোনেও যাব নোৱাৰে। এই জ্ঞান পিতাইহে দিয়ে। এই জ্ঞান আছেও পিতাৰ ওচৰত। অবিনাশী জ্ঞান ৰত্নৰ সম্পদ। পিতা হৈছে জ্ঞান ৰত্নৰ সাগৰ। পানীৰ কথা নহয়। জ্ঞান ৰত্নৰ ভঁৰাল হয়। তেওঁৰ জ্ঞান আছে। পানীক জ্ঞান বুলি কোৱা নহয়। যেনেকৈ মনুষ্যৰ বেৰিষ্টাৰি, ডাক্টৰী আদিৰ জ্ঞান থাকে, এয়াও হৈছে জ্ঞান। এই জ্ঞানৰ বাবেই ঋষি-মুনি আদি সকলোৱে কৈছিল যে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আমি নাজানো। সেয়াতো একমাত্ৰ ৰচয়িতাইহে জানে। বৃক্ষৰ বীজৰূপো তেৱেঁই হয়। তেওঁৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তেওঁ যেতিয়া আহিব তেতিয়াহে শুনাব। এতিয়া তোমালোকে জ্ঞান পাইছা সেইবাবে এই জ্ঞানৰ দ্বাৰা দেৱতা হৈ যোৱা। জ্ঞান পাই পুনৰ প্ৰালব্ধ পোৱা। তাত আকৌ এই জ্ঞানৰ দৰকাৰে নাথাকিব। এনেকুৱা নহয় যে দেৱতাসকলৰ এই জ্ঞান নাই সেইবাবে অজ্ঞানী। নহয়, তেওঁলোকেতো এই জ্ঞানৰ দ্বাৰা পদ প্ৰাপ্ত কৰি লয়। পিতাক মাতেই যে বাবা আহক, আমি পতিতৰ পৰা পাৱন কেনেকৈ হওঁ, তাৰ কাৰণে ৰাস্তা অথবা জ্ঞান দিয়ক, কিয়নো নাজানে। এতিয়া তোমালোকে জানা যে আমি আত্মাসকল শান্তিধামৰ পৰা আহিছোঁ। তাত আত্মাসকল শান্ত অৱস্থাত থাকে। ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছোঁ। এইখন পুৰণি সৃষ্টি, তেন্তে নিশ্চয় নতুন সৃষ্টি আছিল। সেইখন কেতিয়া আছিল, কোনে ৰাজত্ব কৰিছিল - এয়া কোনেও নাজানে। তোমালোকে এতিয়া পিতাৰ দ্বাৰা জানিছা। পিতা হৈছেই জ্ঞানৰ সাগৰ, সৎগতি দাতা। তেওঁকেই মাতে যে বাবা আহি আমাৰ দুখ হৰণ কৰক, সুখ-শান্তি দিয়ক। আত্মাই জানে কিন্তু তমোপ্ৰধান হৈ গ’ল সেইবাবে পুনৰাই পিতা আহি পৰিচয় দি আছে। মনুষ্যই আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। আত্মাৰ জ্ঞানেই নাই যে পৰমাত্ম-অভিমানী হ’ব। আগতে তোমালোকেও নাজানিছিলা। এতিয়া জ্ঞান পাইছা সেইবাবে বুজি পোৱা যথাযথ চেহেৰা মনুষ্যৰ আছিল আৰু আচৰণ বান্দৰৰ আছিল।

এতিয়া পিতাই জ্ঞান দিছে গতিকে আমিও জ্ঞানৱান হৈ গ’লোঁ। ৰচয়িতা আৰু ৰচনাৰ জ্ঞান পাইছোঁ। তোমালোকে জানা আমাক ভগৱানে পঢ়ায়, গতিকে কিমান নিচা থাকিব লাগে। বাবা হৈছে জ্ঞানৰ সাগৰ, তেওঁৰ বেহদৰ জ্ঞান আছে। তোমালোকে যাৰেই ওচৰলৈ নোযোৱা - সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞানতো বাদেই কিন্তু আমি আত্মা কি বস্তু, সেয়াও নাজানে। পিতাক স্মৰণো কৰে, দুখ হৰ্তা, সুখ কৰ্তা, তথাপিও ঈশ্বৰ সৰ্বব্যাপী বুলি কৈ দিয়ে। পিতাই কয় - ড্ৰামা অনুসৰি তেওঁলোকৰো কোনো দোষ নাই। মায়াই একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিয়ে। পোকবোৰে আকৌ আৱৰ্জনাৰ মাজতে সুখৰ অনুভৱ কৰে। পিতা আহে আৱৰ্জনাৰ মাজৰ পৰা উলিয়াই আনিবলৈ। মনুষ্য দলনিত আবদ্ধ হৈ আছে। জ্ঞানৰ বিষয়ে নাজানেই তেন্তে কি কৰিব। পিতনিত আবদ্ধ হৈ আছে পুনৰ তেওঁলোকক তাৰ পৰা উলিওৱাটোৱেই কঠিন হৈ যায়। আধা বা তিনি চতুৰ্থাংশ উলিয়াই আনিলেও আকৌ হাত এৰি পুনৰ তলত পৰি যায়। কোনো কোনো সন্তানে আনক জ্ঞান দি দি নিজেই মায়াৰ চৰ খাই লয় কিয়নো পিতাৰ নিৰ্দেশনাৰ বিৰুদ্ধে কাৰ্য কৰি দিয়ে। অন্যক উদ্ধাৰ কৰিবলৈ যত্ন কৰোঁতে নিজেই তলত পৰি যায় আকৌ তেওঁলোকক মুক্ত কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হৈ যায় কিয়নো মায়াৰ ওচৰত পৰাজিত হৈ যায়। তেওঁলোকক নিজৰ পাপেই অন্তৰ দাহ কৰি থাকে। মায়াৰ লগত যুদ্ধ হয় নহয়। এতিয়া তোমালোক যুদ্ধক্ষেত্ৰত আছা। সেয়া হৈছে বাহুবলেৰে যুঁজা হিংসক সৈন্য। তোমালোক হৈছা অহিংসক। তোমালোকে ৰাজ্য লোৱা অহিংসাৰে। হিংসা দুই প্ৰকাৰৰ হয় নহয়। এটা হৈছে কাম কটাৰী চলোৱা আৰু আনটো হিংসা হৈছে কাৰোবাক মাৰপিত কৰা। তোমালোক এতিয়া দ্বৈত অহিংসক হোৱা। এই জ্ঞান বলৰ যুদ্ধক কোনেও নাজানে। অহিংসা কাক কোৱা হয় এইটো কোনেও নাজানে। ভক্তিমাৰ্গৰ সামগ্ৰী কিমান অনেক। গায়নো কৰে - পতিত-পাৱন আহক কিন্তু মই কেনেকৈ আহি পাৱন কৰি তোলো - এয়া কোনেও নাজানে। ‘গীতা’তেই ভুল কৰি দিছে যে মনুষ্যক ভগৱান বুলি কৈ দিছে। শাস্ত্ৰ মনুষ্যয়ে ৰচনা কৰিছে। মনুষ্যয়ে পঢ়ে। দেৱতাসকলৰতো শাস্ত্ৰ পঢ়াৰ দৰকাৰ নাই। তাত কোনো শাস্ত্ৰ নাথাকে। জ্ঞান, ভক্তি তাৰ পাছত বৈৰাগ্য। কিহৰ বৈৰাগ্য? ভক্তিৰ, পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। পুৰণি শৰীৰৰ প্ৰতি বৈৰাগ্য। পিতাই কয় -এই দুচকুৰে যি দেখিবলৈ পোৱা সেয়া নাথাকিবগৈ। এই গোটেই ছিঃ ছিঃ সৃষ্টিৰ প্ৰতি বৈৰাগ্য। বাকী নতুন সৃষ্টিৰ তোমালোকে দিব্য দৃষ্টিৰে সাক্ষাৎকাৰ কৰা। তোমালোকে পঢ়াই নতুন সৃষ্টিৰ কাৰণে। এই পঢ়া কোনো এই জন্মৰ কাৰণে নহয়। অন্য যি পঢ়া আছে সেয়া এই সময়ৰ এইটো জন্মৰ কাৰণে। এতিয়াতো হৈছে সংগম সেই কাৰণে তোমালোকে যি পঢ়া তাৰ প্ৰালব্ধ তোমালোকে নতুন সৃষ্টিত পোৱা। বেহদৰ পিতাৰ পৰা তোমালোকে কিমান শ্ৰেষ্ঠ প্ৰালব্ধ লাভ কৰা! বেহদৰ পিতাৰ পৰা বেহদ সুখৰ প্ৰাপ্তি হয়। গতিকে সন্তানসকলে পূৰা পুৰুষাৰ্থ কৰি শ্ৰীমতত চলিব লাগে। পিতা হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। তেওঁৰ দ্বাৰা তোমালোক শ্ৰেষ্ঠ হোৱা। তেওঁতো সৰ্বদা শ্ৰেষ্ঠ হয়েই। তোমালোকক শ্ৰেষ্ঠ কৰি তোলে। 84 জন্ম লৈ লৈ তোমালোক পুনৰ ভ্ৰষ্ট হৈ যোৱা। পিতাই কয় - মইতো জন্ম-মৃত্যুত নাহোঁ। মই এতিয়া ভাগ্যশালী ৰথতহে প্ৰৱেশ কৰোঁ, যাক তোমালোক সন্তানসকলে চিনি পালা। তোমালোকৰ এতিয়া সৰু বৃক্ষ। বৃক্ষত ধুমুহাও লাগে নহয়। বৃক্ষৰ পাত সৰি থাকে। অনেক ফুল ওলায় আকৌ ধুমুহা লাগিলে সৰি পৰে। কোনো কোনো ফুলৰ পৰা ভালদৰে ফল ওলায় তথাপিও মায়াৰ ধুমুহাত সৰি যায়। মায়াৰ ধুমুহা অতি তীব্ৰ। সেইফালে আছে বাহুবল, এইফালে যোগবল অথবা স্মৃতিৰ বল। তোমালোকে ‘স্মৃতি’ শব্দটি দৃঢ় কৰি লোৱা। তেওঁলোকে ‘যোগ’ শব্দটি কৈ থাকে। তোমালোকৰ হৈছে স্মৃতি। চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা, ইয়াক যোগ বুলি কোৱা নহ’ব। ‘যোগ’ শব্দটি সন্ন্যাসীসকলৰ বাবে প্ৰসিদ্ধ। অনেক প্ৰকাৰৰ যোগ শিকায়। পিতাই কিমান সহজকৈ কয় – উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰিবা। তোমালোক আধাকল্পৰ প্ৰেমিকা। মোক স্মৰণ কৰি আহিছা। এতিয়া মই আহিছোঁ। আত্মাক কোনেও নাজানে সেই কাৰণে পিতা আহি উপলব্ধি কৰায়। এয়াও বুজিবলগীয়া অতি সূক্ষ্ম কথা। আত্মা অতি সূক্ষ্ম আৰু অবিনাশী। আত্মাৰো বিনাশ নহয় আৰু আত্মাৰ ভূমিকাও বিনাশ হ’ব নোৱাৰে। এই কথাবোৰ ভোদা বুদ্ধিৰ লোকে কাচিৎহে বুজিব পাৰে। শাস্ত্ৰতো এই কথাবোৰ নাই।

তোমালোক সন্তানসকলে পিতাক স্মৰণ কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। জ্ঞানতো বহুত সহজ। বাকী বিনাশ কালত প্ৰীতি বুদ্ধি আৰু অপ্ৰীতিকৰ বুদ্ধি এয়া স্মৃতিত থকাৰ ক্ষেত্ৰত কোৱা হয়। স্মৃতি ভাল হ’লে প্ৰীতি বুদ্ধি বুলি কোৱা হয়। প্ৰীতিও অব্যভিচাৰী হোৱা উচিত। নিজক সুধিব লাগে - মই বাবাক কিমান স্মৰণ কৰোঁ? এইটোও বুজি পায় যে বাবাৰ সৈতে প্ৰীতি ৰাখি ৰাখি যেতিয়া কৰ্মাতীত অৱস্থা হ’ব তেতিয়া এই শৰীৰ এৰি দিব আৰু যুদ্ধ আৰম্ভ হ’ব। যিমান পিতাৰ প্ৰতি প্ৰীতি থাকিব সিমানে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। পৰীক্ষাতো এটা সময়তে হ’ব নহয়। যেতিয়া নিদিষ্ট সময় আহিব, সকলোৰে প্ৰীতি বুদ্ধি হৈ যাব, সেই সময়ত আকৌ বিনাশ হয়। তেতিয়ালৈকে কাজিয়া আদি লাগি থাকিব। বিলাতত থকাসকলেও বুজি পায় এতিয়া মৃত্যু সমাগত, কোনোবা প্ৰেৰক আছে, যিয়ে আমাৰ দ্বাৰা বোমা তৈয়াৰ কৰায়। কিন্তু কি কৰিব পাৰে। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে নহয়। নিজৰে বিজ্ঞানৰ বলেৰে নিজৰ কুলৰ মৃত্যু মাতি আনে। সন্তানসকলে কয় – পাৱন সৃষ্টিলৈ লৈ ব’লা, কিন্তু শৰীৰক জানো লৈ যাব। পিতা হৈছে কালৰো কাল। এই কথাবোৰ কোনেও নাজানে। গায়ন কৰা হৈছে - “মিৰুৱা মৌত মলুকা চিকাৰ” (চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা)। তেওঁলোকে কয় - বিনাশ বন্ধ হৈ যাওঁক, শান্তি হৈ যাওঁক। হেৰ’, বিনাশ নোহোৱাকৈ সুখ-শান্তি কেনেকৈ প্ৰতিষ্ঠা হ’ব সেইবাবে চক্ৰৰ বিষয়ে নিশ্চয় বুজাবা। এতিয়া স্বৰ্গৰ দ্বাৰ মুকলি হ’বৰ হৈছে। বাবাই কৈছে – ইয়াৰ ওপৰতো এখন কিতাপ ছপোৱা - শান্তিধাম-সুখধামৰ দ্বাৰ। ইয়াৰ অৰ্থও নুবুজিব। হওঁতে বহুত সহজ, কিন্তু কোটিৰ ভিতৰত কোনোবাইহে কাচিৎ বুজি পায়। তোমালোক প্ৰদৰ্শনী আদিত কেতিয়াও নিৰাশ হ’ব নালাগে। প্ৰজাতো তৈয়াৰ হয় নহয়। লক্ষ্য বহুত উচ্চ, পৰিশ্ৰম হয়। পৰিশ্ৰম হৈছে স্মৃতিত থকাৰ। এই ক্ষেত্ৰত বহুত অকৃতকাৰ্য হয়। স্মৃতিও অব্যভিচাৰী হ’ব লাগে। মায়াই বাৰে বাৰে পাহৰাই দিয়ে। পৰিশ্ৰম নকৰাকৈ কোনোবাই জানো বিশ্বৰ মালিক হ’ব পাৰে। সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে - আমি সুখধামৰ মালিক আছিলোঁ। অনেক বাৰ চক্ৰ পৰিক্ৰমা লগালোঁ! এতিয়া পিতাক স্মৰণ কৰিব লাগে। মায়াই বহুত বিঘিনি আনে। বাবাৰ ওচৰলৈ সেৱাৰো বাতৰি আহে। আজি “বিদ্বত মণ্ডলীক” বুজালে, আজি এইটো কৰিলে….. ড্ৰামা অনুসৰি মাতাসকলৰ নাম প্ৰসিদ্ধ হ’ব। তোমালোক সন্তানসকলে এইটো খেয়াল ৰাখিব লাগে, মাতাসকলক আগত ৰাখিব লাগে। এয়া হৈছে চৈতন্য দিলৱালা মন্দিৰ। তোমালোক চৈতন্য ৰূপত হৈ যাবা তেতিয়া তোমালোকে ৰাজত্ব কৰি থাকিবা। ভক্তিমাৰ্গৰ মন্দিৰ আদি নাথাকিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ প্ৰতি অব্যভিচাৰী প্ৰীতি ৰাখি ৰাখি কৰ্মাতীত অৱস্থা পাব লাগে। এই পুৰণি দেহ আৰু পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব লাগে।

(2) পিতাৰ নিৰ্দেশনাৰ বিৰুদ্ধে গৈ কোনো কাম কৰিব নালাগে। যুদ্ধক্ষেত্ৰত কেতিয়াও পৰাজিত হ’ব নালাগে। দ্বৈত অহিংসক হ’ব লাগে।

বৰদান:
শুভ-ভাৱনাৰে সেৱা কৰোঁতা পিতাৰ সমান অপকাৰীৰ প্ৰতিও উপকাৰী হোৱা

যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ তোমালোকৰ আগত যেনেকুৱাই আত্মা নাহক কিন্তু নিজৰ দয়াৰ বৃত্তিৰে, শুভ-ভাৱনাৰে তেওঁক পৰিৱৰ্তন কৰি দিয়া – এয়াই হৈছে সঁচা সেৱা। যেনেকৈ বিজ্ঞানীসকলে বালিতো খেতি উৎপাদন কৰি দিয়ে তেনেকৈ শান্তিৰ শক্তিৰে দয়াশীল হৈ অপকাৰীৰো উপকাৰ কৰি ধৰণী পৰিৱৰ্তন কৰা। স্ব-পৰিৱৰ্তনেৰে, শুভ-ভাৱনাৰে যেনেকুৱাই আত্মা নহওঁক পৰিৱৰ্তন হৈ যাব, কিয়নো শুভ-ভাৱনাই সফলতা অৱশ্যে প্ৰাপ্ত কৰায়।

স্লোগান:
জ্ঞান মন্থন কৰাটোৱেই সদায় হৰ্ষিত হৈ থকাৰ আধাৰ।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোক ব্ৰাহ্মণৰ দৰে আত্মিক ব্যক্তিত্ব গোটেই কল্পত অন্য কাৰো নাই কিয়নো তোমালোক সকলোৰে ব্যক্তিত্ব গঢ়োঁতা হৈছে উচ্চতকৈও উচ্চ স্বয়ঃ পৰম আত্মা। তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ ব্যক্তিত্ব হৈছে - সপোনতো বা সংকল্পতো সম্পূৰ্ণ পৱিত্ৰতা। এই পৱিত্ৰতাৰ লগতে চেহেৰা আৰু চলনত আত্মিকতাৰো ব্যক্তিত্ব আছে - নিজৰ এই ব্যক্তিত্বত সদায় স্থিৰ হৈ থাকা তেতিয়া সেৱা স্বতঃ হ’ব।