20.07.25    Avyakt Bapdada     Assame Murli     25.02.2006     Om Shanti     Madhuban


“*“আজি উৎসৱৰ দিনত মনৰ উৎসাহ-উদ্দীপনাৰ দ্বাৰা মায়াৰ পৰা মুক্ত হৈ থকাৰ ব্ৰত লোৱা, দয়াশীল হৈ মাষ্টৰ মুক্তিদাতা হোৱা, লগত যাবলৈ হ’লে সমান হোৱা”*”


আজি চাৰিওফালৰ অতি স্নেহী সন্তানসকলৰ উৎসাহ-উদ্দীপনা ভৰা মধুৰ স্নেহপূৰ্ণ স্মৃতি আৰু শুভেচ্ছাৰ স্ৰোত বৈ আছে। প্ৰত্যেকৰে মনত বাপদাদাৰ জন্মদিনৰ উৎসাহ ভৰা শুভেচ্ছা সমাহিত হৈ আছে। তোমালোক সকলোৱে বিশেষকৈ আজি শুভেচ্ছা জনাবলৈ আহিছা নে ল’বলৈ আহিছা? বাপদাদায়ো প্ৰতিগৰাকী অতিকৈ মৰমৰ সন্তানক, সন্তানসকলৰ জন্মদিনৰ পদম পদম পদমগুণ শুভেচ্ছা জনাই আছে। আজিৰ দিনটোৰ বিশেষত্ব যিটো গোটেই কল্পত নাই সেইটো আজি আছে যে পিতা আৰু সন্তানৰ জন্মদিন একেলগে হয়। ইয়াক কোৱা হয় বিচিত্ৰ জয়ন্তী। গোটেই কল্প পৰিক্ৰমা লগাই চোৱা এনেকুৱা জয়ন্তী কেতিয়াবা উদ্‌যাপন কৰিছেনে! কিন্তু আজি বাপদাদাই সন্তানসকলৰ জয়ন্তী উদ্‌যাপন কৰি আছে আৰু সন্তানসকলে বাপদাদাৰ জয়ন্তী উদ্‌যাপন কৰি আছে। নামতো শিৱ জয়ন্তী বুলি কয় কিন্তু এয়া এনেকুৱা জয়ন্তী যে এই এটা জয়ন্তীত বহুত জয়ন্তী সমাহিত হৈ আছে। তোমালোকো বহুত আনন্দিত হৈ আছা নহয় যে আমি পিতাক অভিনন্দন জনাবলৈ আহিছোঁ আৰু পিতা আমাক অভিনন্দন জনাবলৈ আহিছে কিয়নো পিতা আৰু সন্তানৰ একেলগে জন্মদিন এয়া অতি স্নেহৰ চিন। পিতাই সন্তানসকলৰ অবিহনে একো কৰিব নোৱাৰে আৰু সন্তানসকলে পিতাৰ অবিহনে কৰিব নোৱাৰে। জন্মও একেলগে আৰু সংগমযুগত থাকেও একেলগে কিয়নো পিতা আৰু সন্তান সংযুক্ত। বিশ্ব কল্যাণৰ কাৰ্যও একেলগে হয়, অকলে পিতায়ো কৰিব নোৱাৰে, সন্তানেও কৰিব নোৱাৰে, একেলগে হয় আৰু পিতাৰ প্ৰতিশ্ৰুতি হৈছে – লগত থাকিম, লগত যাম। লগত যাবা নহয়! প্ৰতিশ্ৰুতি আছে নহয়! পিতা আৰু সন্তানৰ ইমান স্নেহ দেখিছানে? দেখিছানে নে অনুভৱ কৰি আছা? সেইবাবে এই সংগমযুগৰ মহত্ব আছে আৰু এই মিলনৰ স্মাৰক বিভিন্ন মেলাবোৰত তৈয়াৰ কৰি থোৱা আছে। এই শিৱ জয়ন্তীৰ দিনা ভক্তসকলে আহ্বান জনাই আছে – আহক। কেতিয়া আহিব, কেনেকৈ আহিব… এইটো ভাবি আছে আৰু তোমালোকে উদ্‌যাপন কৰি আছা।

বাপদাদাৰ ভক্তসকলৰ প্ৰতি স্নেহো আছে, দয়াও ওপজে, কিমান যে যত্ন কৰে, বিচাৰি থাকে। তোমালোকে বিচাৰিলানে? নে পিতাই তোমালোকক বিচাৰি উলিয়ালে? কোনে বিচাৰিলে? তোমালোকে বিচাৰিলা জানো? তোমালোকেতো পৰিক্ৰমা লগায়েই থাকিলা। কিন্তু পিতাক চোৱা চুকে-কোণে হেৰাই যোৱা সত্ত্বেও সন্তানসকলক বিচাৰি উলিয়ালে। আজিও চোৱা ভাৰতৰ অনেক ৰাজ্যৰ পৰাতো আহিছা কিন্তু বিদেশো কম নহয়, 100খন দেশৰ পৰা আহি গৈছে। আৰু পৰিশ্ৰম কি কৰিলা? পিতাৰ হ’বলৈ পৰিশ্ৰম কি কৰিলা? পৰিশ্ৰম কৰিলা জানো? কৰিলানে পৰিশ্ৰম? হাত দাঙা যিসকলে পিতাক বিচাৰি উলিয়াবলৈ পৰিশ্ৰম কৰিছা। ভক্তিত কৰিলা কিন্তু যেতিয়া পিতাই বিচাৰি ল’লে, তাৰপাছত পৰিশ্ৰম কৰিলা জানো? কৰিলানে পৰিশ্ৰম? চেকেণ্ডত চুক্তি কৰি দিলা। এটা শব্দত চুক্তি হৈ গ’ল। সেই এটা শব্দ কি? ‘মোৰ’। সন্তানে ক’লে “মোৰ বাবা”, পিতাই ক’লে “মোৰ সন্তান”। হৈ গ’ল। সহজ চুক্তি নে কঠিন? সহজ নহয় জানো! যিসকলে ভাবা অলপ-অচৰপ কঠিন সেইসকলে হাত দাঙা। কেতিয়াবা কেতিয়াবাতো কঠিন লাগে নহয়! নে নালাগে? সহজ হয় কিন্তু নিজৰ দুৰ্বলতাই কঠিনতাৰ অনুভৱ কৰায়। বাপদাদাই দেখিবলৈ পায় ভক্তও যিসকল সঁচা ভক্ত, স্বাৰ্থপৰ ভক্ত নহয়, সঁচা ভক্ত, আজিৰ দিনটোত বৰ স্নেহেৰে ব্ৰত ৰাখে। তোমালোকেও ব্ৰততো লৈছা, তেওঁলোকে অলপ দিনৰ ব্ৰত ৰাখে আৰু তোমালোক সকলোৱে এনেকুৱা ব্ৰত ৰাখিছা যে এতিয়াৰ এই এটা ব্ৰত 21 জন্মলৈ বৰ্তি থাকে। তেওঁলোকে প্ৰত্যেক বছৰে পালন কৰে, ব্ৰত ৰাখে, তোমালোকে কল্পত এবাৰ ব্ৰত লোৱা যাৰ বাবে 21 জন্ম মনেৰেও ব্ৰত ৰাখিবলগীয়া নহয়, তনেৰেও ব্ৰত ৰাখিবলগীয়া নহয়। ব্ৰততো তোমালোকেও লোৱা, কোনটো ব্ৰত লৈছা? পৱিত্ৰ বৃত্তি, দৃষ্টি, কৃতি, পৱিত্ৰ জীৱনৰ ব্ৰত লৈছা। জীৱনেই পৱিত্ৰ হৈ গ’ল। পৱিত্ৰতা কেৱল ব্ৰহ্মচৰ্য ব্ৰতৰ নহয়, কিন্তু জীৱনত আহাৰ, ব্যৱহাৰ, সংসাৰ, সংস্কাৰ সকলো পৱিত্ৰ। এনেকুৱা ব্ৰত লৈছা নহয়? লৈছানে? কান্ধ লৰোৱা। লৈছানে? দৃঢ়তাৰে লৈছানে? দৃঢ় নে অলপ-অচৰপ কেঁচা? বাৰু, এটা মহাভূত কাম, তাৰ ব্ৰত লৈছানে নে অন্য চাৰিটাৰো লৈছা? ব্ৰহ্মচাৰীতো হ’লা কিন্তু পিছত যি চাৰিটা আছে, তাৰো ব্ৰত লৈছানে? ক্ৰোধৰ ব্ৰত লৈছানে নে সেইটোৰ অনুমতি আছে? ক্ৰোধ কৰাৰ অনুমতি পাইছা নেকি? দ্বিতীয় নম্বৰত আছে নহয় সেয়েহে কোনো কথা নাই, এনেকুৱাতো নহয়? যেনেকৈ মহাভূতক, মহাভূত বুলি বুজি মন-বাণী-কৰ্মত দৃঢ়তাৰে ব্ৰত ল’লা, তেনেকৈ ক্ৰোধৰ কাৰণেও ব্ৰত লৈছানে? যিসকলে ভাবে মই ক্ৰোধৰো ব্ৰত লৈছোঁ, সতি-সন্তান পিছতো আছে, লোভ, মোহ, অহংকাৰ কিন্তু বাপদাদাই আজি ক্ৰোধৰ ক্ষেত্ৰত সুধি আছে, যিয়ে ক্ৰোধ বিকাৰৰ পূৰ্ণ ব্ৰত লৈছে, মনতো ক্ৰোধ নাই, অন্তৰতো ক্ৰোধৰ অনুভৱ নাই, এনেকুৱা হোৱানে? আজি শিৱ জয়ন্তী হয় নহয়! গতিকে ভক্তই ব্ৰত ৰাখিব সেয়েহে বাপদাদায়ো ব্ৰতৰ কথাতো সুধিব নহয়! যিসকলে ভাবা যে সপোনতো ক্ৰোধৰ অংশ আহিব নোৱাৰে, সেইসকলে হাত দাঙা। আহিব নোৱাৰে। আহেনে? নাহে নেকি? নাহে? (কিছুসংখ্যকে হাত দাঙিলে) বাৰু, যিসকলে হাত দাঙিলে তেওঁলোকৰ ফটো লোৱা, কিয়নো বাপদাদাই তোমালোকে হাত দাঙিলেই মানি নলয়, তোমালোকৰ সংগীসকলৰ পৰাও প্ৰমাণপত্ৰ ল’ম তেতিয়া পুৰস্কাৰ দিব। ভাল কথা, কিয়নো বাপদাদাই দেখিছে যে ক্ৰোধৰ অংশও আছে, ঈৰ্ষা, খিয়াল এয়াও ক্ৰোধৰ সতি-সন্ততি। কিন্তু ভাল কথা যিসকলে সাহস কৰিছে, তেওঁলোকক বাপদাদাই এতিয়াতো অভিনন্দন জনাই আছে কিন্তু প্ৰমাণপত্ৰ পালে পাছত আকৌ পুৰস্কাৰ দিব কিয়নো বাপদাদাই যি ঘৰৰ কাম দিলে, তাৰ ফলাফলো বাপদাদাই চাই আছে।

আজি জন্মদিন উদ্‌যাপন কৰি আছা, তেন্তে জন্মদিনত কি কৰা হয়? এটাতো কেক কাটে, তেনেহ’লে এতিয়াতো দুমাহ হৈ গ’ল, এতিয়া এমাহ আছে, এই দুমাহত নিজৰ ব্যৰ্থ সংকল্পৰ কেক কাটিলানে? সেই কেকতো বৰ সহজে কাটি দিয়া নহয়, আজিও কাটিবা। কিন্তু ব্যৰ্থ চিন্তাৰ কেক কাটিলানে? কাটিবতো লাগে নহয়! কিয়নো লগত যাব লাগে, এইটোতো দৃঢ় প্ৰতিশ্ৰুতি আছে নহয়! যে লগত আছোঁ, লগত যাম। লগত যাবলৈ হ’লে তেন্তে সমানতো হ’ব লাগিব নহয়! যদি কম-বেছি পৰিমাণে থাকিও গৈছে, দুমাহতো পূৰা হৈ গ’ল, সেয়েহে আজিৰ দিনটোত জন্মদিন উদ্‌যাপন কৰিবলৈ ক’ৰ ক’ৰ পৰা আহিছা। প্লেনতো আহিছা, ট্ৰেইনতো আহিছা, গাড়ীৰেও আহিছা, বাপদাদা আনন্দিত হৈছে যে দৌৰি দৌৰি আহিছা। কিন্তু জন্মদিনত প্ৰথমে উপহাৰো দিয়ে, তেন্তে যি এমাহ বাকী আছে, হোলীও আহিবৰ হ’ল। হোলীতো কিবা জ্বলোৱাই হয়। গতিকে কম-বেছি পৰিমাণে যি ব্যৰ্থ চিন্তাৰ বীজ আছে, যদি বীজ থাকি যায় তেন্তে কেতিয়াবা কাণ্ডও ওলাই আহিব, কেতিয়াবা শাখাও ওলাই আহিব, তেন্তে আজিৰ উৎসৱৰ দিনা মনৰ উৎসাহ-উদ্দীপনাৰে, (মনৰ উৎসাহ-উদ্দীপনা, মুখৰ নহয় মনৰ, মনৰ উৎসাহ-উদ্দীপনাৰে) কম-বেছি পৰিমাণে যি থাকি গৈছে, মনতেই হওঁক, বাণীতেই হওঁক, সম্বন্ধ-সম্পৰ্কতেই হওঁক, আজি পিতাৰ জন্মদিনত পিতাক এই উপহাৰ দিব পাৰিবানে? মনৰ উৎসাহ-উদ্দীপনাৰে দিব পাৰিবানে? লাভতো তোমালোকৰে, পিতাইতো চাব লাগে। যিসকলে উৎসাহ-উদ্দীপনাৰে, সাহস কৰি, কৰিয়েই দেখুৱাব, উত্তম হৈ দেখুৱাব, সেইসকলে হাত দাঙা। এৰিব লাগিব, ভাবি লোৱা। বাণীতো যাতে নাথাকে। সম্বন্ধ-সম্পৰ্কতো নাথাকে। আছেনে সাহস? সাহস আছেনে? মধুবন নিবাসীৰো আছে, বিদেশীসকলৰো আছে, ভাৰতবাসীৰো আছে কিয়নো বাপদাদাৰ স্নেহ আছে নহয়, সেয়েহে বাপদাদাই ভাবে সকলো একেলগে যাওঁক, কোনো যাতে থাকি নাযায়। যিহেতু প্ৰতিশ্ৰুতি দিছা যে লগত যাম, তেনেহ’লে সমানতো হ’বই লাগিব। স্নেহ আছে নহয়! টানত পৰিতো হাত দঙা নাই?

বাপদাদাই এই সংগঠনৰ, ব্ৰাহ্মণ পৰিয়ালৰ পিতাৰ সমান চেহেৰা চাবলৈ বিচাৰে। কেৱল দৃঢ় সংকল্পৰ সাহস কৰা, ডাঙৰ কথা নহয় কিন্তু সহনশক্তি লাগে, সমাহিত কৰাৰ শক্তি লাগে। এই দুটা শক্তি, যাৰ সহনশক্তি আছে, সমাহিত কৰাৰ শক্তি আছে, তেওঁ ক্ৰোধমুক্ত সহজে হ’ব পাৰে। তেন্তে তোমালোক ব্ৰাহ্মণ সন্তানসকলকতো বাপদাদাই সৰ্বশক্তি বৰদানত দিছে, উপাধিয়েই হৈছে মাষ্টৰ সৰ্বশক্তিমান। বচ্‌ এটা শ্লোগান স্মৃতিত ৰাখিবা, যদি এমাহত সমান হ’বই লাগে তেন্তে এটা প্ৰতিশ্ৰুতিৰ শ্লোগান স্মৃতিত ৰাখিবা – দুখ দিবও নালাগে, দুখ ল’বও নালাগে। বহুতে এইটো পৰীক্ষা কৰে যে আজিৰ দিনটোত কাকো দুখ দিয়া নাই, কিন্তু সহজে লৈ লয় কিয়নো লওঁতে আনে দিয়ে নহয়, তেতিয়া নিজক বচাই দিয়ে, মই জানো কিবা কৰিলোঁ, অন্যই দিলে, কিন্তু ল’লা কিয়? লওঁতা তুমি নে দিওঁতাজন? দিওঁতাই ভুল কৰিলে, সেয়া পিতা আৰু ড্ৰামাই জানে তেওঁৰ হিচাপ-নিকাচ, কিন্তু তুমি ল’লা কিয়? বাপদাদাই ফলাফলত দেখিলে যে দিওঁতে তথাপিও ভাবে কিন্তু বৰ সোনকালে লৈ লয় সেইবাবে সমান হ’ব নোৱাৰিবা। কোনোবাই যিমানেই নিদিয়ক ল’ব নালাগে, নহ’লে আৱেগ-প্ৰৱণতাৰ বেমাৰ বাঢ়ি যায় সেইবাবে যদি সৰু-সুৰা কথাত আৱেগ-প্ৰৱণতা বাঢ়ে তেন্তে ব্যৰ্থ চিন্তা শেষ হ’ব নোৱাৰে তেতিয়া পিতাৰ লগত কেনেকৈ যাবা! পিতাৰ স্নেহ আছে, পিতাই তোমালোকক এৰিব নোৱাৰে, লগত লৈয়েই যাব। মঞ্জুৰ আছেনে? পচন্দ কৰা নহয়? পচন্দ কৰা যদি হাত দাঙা। পিছে-পিছেতো নাহা নহয়! যদি লগত যাব লাগে তেন্তে উপহাৰ দিবই লাগিব। এমাহ সকলোৱে অভ্যাস কৰা, দুখ নলওঁ, দুখ নিদিওঁ। এনেকৈ নক’বা মই দিয়া নাই, তেওঁ লৈ লৈছে, কিবাতো হয়। পৰদৰ্শন নকৰিবা, স্ব-দৰ্শন। হে অৰ্জুন (অৰ্জন কৰোঁতা) মই হ’ব লাগে।

চোৱা, বাপদাদাই খতিয়ান চালে, সন্তুষ্টতাৰ খতিয়ান এতিয়া গৰিষ্ঠসংখ্যকৰে নাই, সেইবাবে বাপদাদাই আকৌ এমাহৰ কাৰণে বিশেষ মনোযোগ আকৰ্ষণ কৰাইছে। যদি এমাহ অভ্যাস কৰি লোৱা তেতিয়া অভ্যাস হৈ যাব। অভ্যাসত পৰিণত কৰিব লাগে। ঢিলাই দিব নালাগে, এয়াতো হয়েই, ইমানখিনিতো চলিবই, নহয়। যদি বাপদাদালৈ স্নেহ আছে তেন্তে স্নেহৰ কাৰণে কেৱল এটা ক্ৰোধ বিকাৰ উছৰ্গিত কৰিব নোৱাৰানে? উছৰ্গিত কৰোঁতাৰ চিন হৈছে আজ্ঞা পালন কৰোঁতা। ব্যৰ্থ সংকল্পই অন্তিম মুহূৰ্তত বহুত প্ৰতাৰণা কৰিব পাৰে কিয়নো চাৰিওফালৰ পৰা দুখৰ বায়ুমণ্ডল, প্ৰকৃতিৰ বায়ুমণ্ডল আৰু আত্মাসকলৰ বায়ুমণ্ডল নিজৰ ফালে আকৰ্ষিত কৰোঁতা হ’ব। যদি ব্যৰ্থ চিন্তনৰ অভ্যাস থাকে তেন্তে ব্যৰ্থতেই ভ্ৰমিত হৈ থাকিবা। সেয়েহে বাপদাদাৰ আজি বিশেষকৈ এই সাহসৰ সংকল্প উদয় হৈছে, বিদেশতেই থাকক, বা ভাৰততে থাকক, হয়তো এক বাপদাদাৰেই সন্তান। গতিকে চাৰিওফালৰ সন্তানসকলে সাহস আৰু দৃঢ়তাৰে, সফলমূৰ্ত হৈ বিশ্বত এইটো ঘোষণা কৰি দিয়ক যে কাম বিকাৰ নাই, ক্ৰোধ নাই, আমি পৰমাত্ম সন্তান। আনৰ ক্ষেত্ৰত মদ এৰুৱায়, বিড়ি এৰুৱায়, কিন্তু বাপদাদাই আজি প্ৰতিগৰাকী সন্তানক ক্ৰোধমুক্ত, কামবিকাৰ মুক্ত এই দুয়োটাৰ সাহস যুগাই মঞ্চত বিশ্বক দেখুৱাব বিচাৰে। পচন্দ হৈছেনে? দাদীসকলৰ পচন্দ হৈছেনে? প্ৰথম শাৰীত বহাসকলৰ পচন্দ হৈছেনে? মধুবন নিবাসীৰ পচন্দ হৈছেনে? মধুবন নিবাসীৰো পচন্দ হৈছে। বিদেশীসকলৰো পচন্দ হৈছেনে? গতিকে যিটো পচন্দৰ বস্তু সেইটো কৰা কি ডাঙৰ কথা। বাপদাদায়ো অতিৰিক্ত শক্তি দিব। এনেকুৱা নক্সা দৃষ্টিগোচৰ হওঁক যে এয়া আশীৰ্বাদ দিওঁতা আৰু আশীৰ্বাদ লওঁতা ব্ৰাহ্মণ পৰিয়াল কিয়নো সময়েও আহ্বান জনাই আছে, বাপদাদাৰ ওচৰততো আগতীয়াদলৰো অন্তৰৰ আহ্বান আহে। মায়াও এতিয়া ভাগৰি পৰিছে। মায়ায়ো বিচাৰে যে এতিয়া আমাকো মুক্তি দি দিয়ক। মুক্তি দিয়ে কিন্তু মাজে মাজে অলপ বন্ধুত্ব গঢ়ি লয় কিয়নো 63 জন্ম বন্ধু আছিল নহয়! গতিকে বাপদাদাই কয় হে মাষ্টৰ মুক্তিদাতা এতিয়া সকলোকে মুক্তি দি দিয়ক কিয়নো গোটেই বিশ্বক কিবা নহয় কিবা প্ৰাপ্তিৰ অঞ্জলি দিব লাগে, কিমান কাম কৰিবলৈ আছে কিয়নো এই সময়ত, সময় তোমালোকৰ সঙ্গী, সকলো আত্মা মুক্তিত যাবই লাগিব, সময় হৈছে। অন্য সময়ত যদি তোমালোকে পুৰুষাৰ্থও কৰা, তেতিয়া সময় নহয়, সেইবাবে তোমালোকে দিব নোৱাৰা। এতিয়া সময় হৈছে সেইবাবে বাপদাদাই কয় - প্ৰথমে নিজক মুক্তি দিয়া, তাৰপাছত বিশ্বৰ সকলো আত্মাক মুক্তি দিয়াৰ অঞ্জলি দিয়া। তেওঁলোকে কাতৰে আহ্বান জনাই আছে, তোমালোকে জানো দুখীসকলৰ কাতৰোক্তি শুনিবলৈ নোপোৱা? যদি নিজৰ লগতে ব্যস্ত হৈ থাকা তেন্তে আৱাজ শুনিবলৈ নোপোৱা। বাৰে বাৰে গীত গাই আছে – দুখীসকলক কিছু দয়া কৰক…। এতিয়াৰ পৰা দয়ালু, কৃপালু, কৰুণাময় সংস্কাৰ বহুকালৰ পৰা ধাৰণ নকৰিলে তেতিয়া তোমালোকৰ জড় চিত্ৰত কৰুণা, কৃপা, ক্ষমা, দয়াৰ প্ৰকম্পন কেনেকৈ সঞ্চাৰ হ’ব।

ডবল বিদেশীসকলে বুজি পায়, তোমালোকেও দ্বাপৰত দয়াশীল হৈ নিজৰ জড় চিত্ৰৰ দ্বাৰা সকলোকে দয়া কৰিবা নহয়! তোমালোকৰ চিত্ৰ নহয় জানো নে ভাৰতবাসীৰহে? বিদেশীসকলে ভাবানে যে সেয়া আমাৰ চিত্ৰ? তেন্তে চিত্ৰই কি দিয়ে? চিত্ৰৰ ওচৰলৈ গৈ কি বিচাৰে? দয়া কৰক, দয়া কৰক বুলি জপ কৰি থাকে। গতিকে এতিয়া সংগমত তোমালোকে নিজৰ দ্বাপৰ কলিযুগৰ সময়ৰ কাৰণে জড় চিত্ৰত প্ৰকম্পনৰ সঞ্চাৰ কৰিলে তেতিয়া তোমালোকৰ জড় চিত্ৰৰ দ্বাৰা অনুভৱ কৰিব। ভক্তসকলৰ কল্যাণতো হ’ব নহয়! ভক্তসকলতো তোমালোকৰেই বংশাৱলী হয় নহয়। তোমালোক সকলো গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰৰ সন্তান। গতিকে ভক্ত হয়, যদিও দুখী কিন্তু হয়তো তোমালোকৰেই বংশাৱলী। তেন্তে তোমালোকৰ সহানুভূতি নাজাগেনে? জাগে কিন্তু অলপ-অচৰপ অন্য ক’ৰবাত ব্যস্ত হৈ যোৱা। এতিয়া নিজৰ পুৰুষাৰ্থত বেছি সময় নলগাবা। দিয়াত লগোৱা তেতিয়া দিয়াই লোৱা হৈ যাব। সৰু সৰু কথা নহয়, মুক্তি দিন উদ্‌যাপন কৰা। আজিৰ দিনটো মুক্তি দিৱস হিচাপে উদ্‌যাপন কৰা। ঠিক আছেনে? প্ৰথম শাৰী ঠিক আছেনে? মধুবন নিবাসী ঠিক আছেনে?

আজি মধুবন নিবাসীক অতি স্নেহী দেখা গৈছে কিয়নো মধুবনক বৰ সোনকালে অনুসৰণ কৰে। প্ৰত্যেক কথাতে মধুবনক সোনকালে অনুসৰণ কৰে, সেয়েহে মধুবন নিবাসীয়ে মুক্তি দিৱস উদ্‌যাপন কৰিলে তেতিয়া সকলোৱে অনুসৰণ কৰিব। তোমালোক মধুবন নিবাসী সকলো মাষ্টৰ মুক্তি দাতা হৈ যোৱা। হ’ব বিচৰানে? (সকলোৱে হাত দাঙি আছে) বৰ ভাল। বাৰু, এতিয়া বাপদাদাই সকলোকে সন্মুখত বহি থকাই হওঁক নতুবা দেশ-বিদেশত দূৰৈত বহি শুনি বা চাই থকাই হওঁক, সকলো সন্তানকে ড্ৰিল কৰাব। সকলো সাজুনে? সকলো সংকল্প সুপ্ত কৰি দিয়া, এতিয়া এক চেকেণ্ডত মন বুদ্ধিৰ দ্বাৰা নিজৰ মৰমৰ ঘৰত উপস্থিত হৈ যোৱা… এতিয়া পৰমধামৰ পৰা নিজৰ সূক্ষ্মলোকত উপস্থিত হৈ যোৱা… এতিয়া সূক্ষ্মলোকৰ পৰা স্থূল সাকাৰ লোক নিজৰ ৰাজ্য স্বৰ্গত উপস্থিত হৈ যোৱা… এতিয়া নিজৰ পুৰুষোত্তম সংগমযুগত উপস্থিত হৈ যোৱা… এতিয়া মধুবনলৈ আহি যোৱা। এনেকৈয়ে বাৰে বাৰে স্বদৰ্শন চক্ৰধাৰী হৈ চক্ৰ পৰিক্ৰমা লগাই থাকা। বাৰু।

চাৰিওফালৰ স্নেহী আৰু ভাগ্যৱান সন্তানসকলক, সদায় স্বৰাজ্যৰ দ্বাৰা স্ব-পৰিৱৰ্তন কৰোঁতা ৰজা সন্তানসকলক, সদায় দৃঢ়তাৰ দ্বাৰা সফলতা প্ৰাপ্ত কৰোঁতা সফলতাৰ তৰাসকলক, সদায় আনন্দিত হৈ থাকোঁতা ভাগ্যৱান সন্তানসকলক, বাপদাদাৰ আজিৰ জন্মদিনৰ, পিতা আৰু সন্তানসকলৰ জন্মদিনৰ বহুত বহুত অভিনন্দন, আশীৰ্বাদ আৰু স্নেহভৰা স্মৰণ, এনেকুৱা শ্ৰেষ্ঠ সন্তানসকলক নমস্কাৰ।

বৰদান:
বিশ্ব কল্যাণৰ দ্বায়িত্ব বুলি বুজি সময় আৰু শক্তিসমূহ মিতব্যয় কৰোঁতা মাষ্টৰ ৰচয়িতা হোৱা

বিশ্বৰ সকলো আত্মা তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ পৰিয়াল, পৰিয়াল যিমানে ডাঙৰ হয় সিমানে মিতব্যয়িতাৰ খেয়াল ৰখা হয়। গতিকে সকলো আত্মাক সন্মুখত ৰাখি, নিজক বেহদ সেৱাৰ অৰ্থে নিমিত্ত বুলি বুজি নিজৰ সময় আৰু শক্তিসমূহ কাৰ্যত ব্যৱহাৰ কৰা। নিজৰ প্ৰতিয়ে উপাৰ্জন কৰিলা, খালা আৰু খৰচ কৰিলা - এনেকুৱা অমনোযোগী নহ’বা। সকলো সম্পদৰ ‘বাজেট’ বনোৱা। “মাষ্টৰ ৰচয়িতা হোৱা”ৰ বৰদান স্মৃতিত ৰাখি সময় আৰু শক্তিৰ পুঁজি সেৱাৰ বাবে জমা কৰা।

স্লোগান:
মহাদানী তেওঁ যাৰ সংকল্প আৰু বাণীৰ দ্বাৰা সকলোৰে বৰদান প্ৰাপ্ত হয়।

অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

তোমালোকৰ যি সূক্ষ্ম শক্তি মন্ত্ৰী আৰু মহামন্ত্ৰী আছে, (মন আৰু বুদ্ধি) সিহঁতক নিজৰ আদেশ মতে চলোৱা। যদি এতিয়াৰ পৰা ৰাজ্য দৰবাৰ ঠিক হয় তেন্তে ধৰ্মৰজাৰ দৰবাৰলৈ নোযোৱা। ধৰ্মৰজায়ো স্বাগতম জনাব। কিন্তু যদি নিয়ন্ত্ৰণ শক্তি নাথাকে তেন্তে চুড়ান্ত ফলাফলত জৰিমনা ভৰিবলৈ ধৰ্মৰজাৰ পুৰীলৈ যাব লাগিব। এই শাস্তিয়েই জৰিমনা। পৰিশোধিত হৈ যোৱা তেতিয়া জৰিমনা ভৰিবলগীয়া নহ’ব।

সুচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীয়ে সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ, বিশেষ যোগ অভ্যাসৰ সময়ত ভক্তসকলৰ আহ্বান শুনি, নিজৰ ইষ্ট দেৱ দয়াশীল, দাতা স্বৰূপত স্থিৰ হৈ সকলোৰে মনোকামনা পূৰ্ণ কৰাৰ সেৱা কৰক।