20.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ভিকহুৰ পৰা ৰাজকুমাৰ হোৱাৰ আধাৰ হৈছে পৱিত্ৰতা, পৱিত্ৰ হ’লেহে পৱিত্ৰ সৃষ্টিৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত হয়”

প্ৰশ্ন:
এই পাঠশালাৰ কোনটো পাঠে তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তোলে?

উত্তৰ:
তোমালোকে এই পাঠশালাত নিতৌ এইটোৱেই পাঠ পঢ়া যে আমি শৰীৰ নহয় আত্মা। আত্মা-অভিমানী হ’লেই তোমালোক মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ হৈ যোৱা। এই সময়ত সকলো মনুষ্য মাত্ৰেই পূজাৰী অৰ্থাৎ পতিত দেহ-অভিমানী সেইকাৰণে পতিত-পাৱন পিতাক আহ্বান জনাই থাকে।

গীত:
চোড় ভী দে আকাশ চিংহাচন...... (আকাশ সিংহাসন এৰি দিয়া……)

ওঁম্শান্তি।
সন্তানসকলে জানে যে এয়া ‘ওঁম্‌ শান্তি’ বুলি কোনে ক’লে? কোনসকল সন্তানে? আত্মাসকলে জানে যে ‘ওঁম্‌ শান্তি’ বুলি কাৰ আত্মাই ক’লে? পৰমপিতা পৰমাত্মাই ক’লে। সন্তানসকলে জানে যে মনুষ্যৰ আত্মাই কোৱা নাই, এয়া পৰমপিতা পৰমাত্মা শিৱই ক’লে। তেওঁ সকলোৰে পিতা উচ্চতকৈও উচ্চ। এতিয়া গীতটিত শুনিলা ভাৰতত বহুত মায়াৰ প্ৰচ্ছায়া পৰি আছে। বহুত পতিত হৈ গৈছে সেইকাৰণে আহ্বান জনায় যে হে পতিত-পাৱন পুনৰাই পাৱন কৰি তুলিবলৈ আহা। আত্মাইহে আহ্বান জনায় নিজৰ পিতাক, যাক ভগৱান বুলি কয়। কয় যে তেৱেঁই পতিত-পাৱন। এজনৰেই মহিমা কৰা হয়। তেওঁ হ’ল সকলো আত্মাৰ বেহদৰ পিতা। ইয়াত সকলো পতিত হৈ গৈছে সেইবাবে আহ্বান জনায় – হে পৰমপিতা পৰমাত্মা। তেওঁ জ্ঞানৰ সাগৰো হয়, পতিত-পাৱনো হয়। তেওঁ পিতাও হয় লগতে শিক্ষকো হয় কিয়নো জ্ঞান সাগৰো হয়, জগতৰ হৰ্তা-কৰ্তাও হয়। সকলো বেদ, শাস্ত্ৰ, গ্ৰন্থক জানোঁতাও হয়। তেওঁক কোৱাই হয় জ্ঞানপূৰ্ণ। গতিকে এই সময়ত সকলোৱে পাৰলৌকিক পিতাক আহ্বান জনায় কিয়নো সকলো দুখী। ঈশ্বৰ পিতা বুলি কয়। তেওঁৰ নামো থাকিব লাগে নহয়। তেওঁৰ নাম গায়ন কৰা হৈছে - শিৱবাবা। তেৱেঁই উচ্চতকৈও উচ্চ জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, শান্তিৰ সাগৰ। এয়া মনুষ্যৰ আত্মাই নিজৰ পিতাৰ মহিমা কৰে। উচ্চতকৈও উচ্চ আত্মা কাৰ? পৰমপিতা পৰমাত্মাৰ। তেওঁ হ’ল পৰম, পতিত মনুষ্যই তেওঁক স্মৰণ কৰে। সত্যযুগত যেতিয়া পাৱন ভাৰত আছিল, দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া কোনো পতিত নাছিল। এইখন হৈছে তমোপ্ৰধান সৃষ্টি অৰ্থাৎ সৃষ্টিত যি মনুষ্য আছে সকলো পাপ আত্মা। এইখন ভাৰতেই পাৱন আছিল, এইখন ভাৰতেই পতিত হৈ গৈছে। ইয়াত কলিযুগত সকলো পতিত। তোমালোকে জানা যে জ্ঞানৰ সাগৰ, পতিত-পাৱন পৰমপিতা পৰমাত্মা পৰমধামৰ পৰা আহি আমাক ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়। নিশ্চয় তেওঁক শৰীৰতো লাগে নহয়। এই কথাবিলাক কোনো শাস্ত্ৰত নাই। জ্ঞানৰ সাগৰ যি হৰ্তা-কৰ্তা তেৱেঁই সকলো জানে। ভাৰতত চিত্ৰও দেখুৱায় বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল, তেওঁৰ হাতত শাস্ত্ৰ দিয়ে। এতিয়া বিষ্ণুৱে কোনো সকলো শাস্ত্ৰৰ সাৰ নুশুনায়। পৰমপিতা পৰমাত্মা জ্ঞানৰ সাগৰ ব্ৰহ্মাৰ দ্বাৰা সকলো শাস্ত্ৰৰ সাৰ বুজায়। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰো তেওঁ ৰচয়িতা। ব্ৰহ্মাক বা বিষ্ণুক জ্ঞানৰ সাগৰ বুলি কোৱা নহ’ব। শঙ্কৰৰ কথাতো বাদেই দিয়া। এতিয়া জ্ঞানৰ সাগৰ কোন? নিৰাকাৰ উচ্চতকৈও উচ্চ পৰমাত্মাই হৈছে পতিত-পাৱন। এই মহিমা হ’ল সেই পৰমপিতা পৰমাত্মাৰ। ইয়াতো আত্মাৰহে মহিমা হয়। আত্মাইহে শৰীৰৰ দ্বাৰা কয় – মই ৰাষ্ট্ৰপতি, মই বেৰিষ্টাৰ, মই অমুক মন্ত্ৰী। আত্মাইহে পদবী লয়। শৰীৰৰ দ্বাৰা আত্মাই কয় - মই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। এই সময়ত যেতিয়া পিতা আহে, তেওঁ কয় – সন্তানসকল, আত্মা-অভিমানী হোৱা। মই তোমালোকৰ পিতা আহিছোঁ – তোমালোকক এই পাঠটিয়ে পঢ়াবলৈ। এইখন হৈছে পাঠশালা – মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱাৰ। পিতাক সকলো আত্মাই আহ্বান জনায় যে হে পৰমপিতা পৰমাত্মা… এতিয়া নিৰাকাৰী সৃষ্টিৰ পৰা সাকাৰী সৃষ্টিলৈ আহক। ৰূপ সলনি কৰক। তোমালোক নিৰাকাৰী আত্মাসকলতো যেতিয়া শৰীৰত আহা তেতিয়া গৰ্ভত আহা, পুনৰ্জন্ম লোৱা। পিতাই বুজায় – তোমালোকে 84 জন্ম গৰ্ভৰ পৰা লৈছা। এটা শৰীৰ ত্যাগ কৰি আকৌ গৰ্ভত যোৱা, এনেকৈ 84 জন্ম লোৱা। মইতো গৰ্ভত নাহোঁ। ভাৰতবাসী আচলতে দেৱী-দেৱতা ধৰ্মৰ আছিল। আকৌ ছিৰি তললৈ নামি আহিল, ক্ষত্ৰিয় বৰ্ণত, আকৌ বৈশ্য, শূদ্ৰত কলা কম হৈ যায়। ভাৰত 16 কলা সম্পূৰ্ণ আছিল আকৌ 14 কলা হ’ল। ভাৰতবাসীয়ে নিজৰ জন্মক নাজানে। 84 জন্ম ভাৰতবাসীয়েই লয়। অন্য কোনো ধৰ্মাৱলম্বীয়ে 84 জন্ম নলয়। তোমালোক স্বদৰ্শন চক্ৰধাৰী হৈছা, এয়া জ্ঞানৰ কথা। স্বদৰ্শন চক্ৰধাৰী হ’লে তোমালোক স্বৰ্গৰ চক্ৰৱৰ্তী মহাৰজা হোৱা। তোমালোকে ভালদৰে জানা যে আমি ইয়ালৈ আহিছোঁ পতিতৰ পৰা পাৱন হ’বলৈ। এইখন হৈছেই পতিত জগত। পতিত-পাৱন, সকলোৰে সৎগতি দাতাতো এজনেই পিতা। সকলোৱে তেওঁকেই আহ্বান জনায়। পিতাক স্মৰণ কৰে, শ্ৰীকৃষ্ণক নহয়। শ্ৰীকৃষ্ণই গীতা শুনোৱা নাই। ‘গীতা’ হৈছে সকলো শাস্ত্ৰৰ শিৰোমণি। ভাৰতৰ গীতা কোনটো ধৰ্মৰ শাস্ত্ৰ? আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। কোনে গীতা শুনালে? ৰাজযোগ কোনে শিকালে? পৰমপিতা পৰমাত্মা পতিত-পাৱন পিতাই। তোমালোক আত্মা যি নিৰাকাৰ আছিলা, সেই আত্মাই এতিয়া এই সাকাৰ শৰীৰ ধাৰণ কৰিছা। সাকাৰ মনুষ্যক কেতিয়াও ভগৱান বুলি কোৱা নহয়। যদিও সত্যযুগত লক্ষ্মী-নাৰায়ণ হয় তথাপিতো ভগৱান বুলি কোৱা নহয়। এয়াতো মাথো উপাধি দি দিয়া হয়। নিয়ম অনুসৰি ভগৱান হৈছে এজন। ৰচয়িতা হৈছে এজন। বাকী তেওঁলোক হৈছে দেৱতা। 5 হাজাৰ বছৰৰ কথা। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, এওঁলোকক মহাৰজা মহাৰাণী বুলি কোৱা হৈছিল। ভগৱান মহাৰজা নহয়। তেওঁতো পিতাই হয় যিয়ে আহি ভাৰতবাসীক এনেকুৱা দেৱী-দেৱতা কৰি গঢ়ি তোলে। এতিয়াতো দেৱী-দেৱতা ধৰ্মৰ কোনোৱেই নাই। ইয়াক কোৱা হয় ৰাৱণ সম্প্ৰদায় কিয়নো ৰাৱণ ৰাজ্য। ৰাৱণক বছৰে বছৰে জ্বলাই থাকে কিয়নো ৰাৱণ পুৰণা শত্ৰু কিন্তু এওঁক ভাৰতবাসীয়ে নাজানে। শাস্ত্ৰততো বৰ্ণনা নাই যে ৰাৱণ কোন হয়। ৰাৱণৰ 10টা শিৰ কিয় দেখুৱায়। এই কথাবোৰ ভালদৰে বুজিব লাগে। মনুষ্যতো একেবাৰে পাথৰ বুদ্ধিৰ। পাৰস বুদ্ধিৰ এই লক্ষ্মী-নাৰায়ণ আদিক কোৱা হ’ব। পাৰসনাথ, পাৰসনাথিনীৰ ৰাজ্য আছিল। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। ভাৰতৰ নিচিনা সুখধাম আৰু কোনো খণ্ড নাই। যেতিয়া ভাৰতত স্বৰ্গ আছিল তেতিয়া কোনো বেমাৰ, দুখ, ৰোগ নাছিল। সম্পূৰ্ণ সুখ আছিল। গায়ন কৰা হয় – ঈশ্বৰৰ মহিমা অপৰমঅপাৰ। তেনেকৈ ভাৰতৰো মহিমা অপৰমঅপাৰ। সকলোৰে আধাৰ হৈছে পৱিত্ৰতা। আহ্বানো এইদৰেই জনায়, সকলো পতিত। শান্তি নাই, সমৃদ্ধি নাই। এতিয়া তোমালোকে বুজিছা – আমি ভাৰতবাসী সূৰ্যবংশী দেৱী-দেৱতা আছিলোঁ আকৌ লাহে লাহে পতিত হ’লোঁ। ইয়াক কোৱা হয় মৃত্যুলোক। ইয়াত এতিয়া জুই লাগিব। এয়া হৈছে “শিৱ জ্ঞান যজ্ঞ”, “ৰুদ্ৰ জ্ঞান যজ্ঞ” বুলিও কোৱা হয়। মনুষ্যই নামতো বহুত ৰাখি দিয়ে। য’তে শিৱৰ মূৰ্তি দেখে, তেতিয়া অনেক ভিন্ন ভিন্ন নাম ৰাখি দিয়ে। এজনৰে অনেক নামেৰে মন্দিৰ নিৰ্মাণ কৰে। সেয়েহে পিতাই বহি বুজায় - জ্ঞান, ভক্তি, বৈৰাগ্য। এতিয়া ভক্তি পূৰা হয়, তোমালোকৰ ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে অৰ্থাৎ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। এই পুৰণি সৃষ্টি এতিয়া বিনাশ হ’ব।

সন্তানসকলে সোধে - বাবা আমি পতিতৰ পৰা পাৱন কেনেকৈ হ’ম। নতুন কোনোবা আহিলে অনুমতি প্ৰদান কৰা নহয়। যেনেকৈ কলেজত কোনোবা নতুন ব্যক্তি গৈ বহিলে একোৱেই বুজিব নোৱাৰে আৰু কোনেও নাজানেই, মনুষ্যৰ পৰা দেৱতা কেনেকৈ হৈ আছে। মনুষ্য যি পতিত সেই মনুষ্যই পাৱন হয়। এই সময়ত ভাৰতো ভিকহু। সত্যযুগত ভাৰত ৰাজকুমাৰ আছিল। শ্ৰীকৃষ্ণ সত্যযুগৰ প্ৰথম নম্বৰৰ ৰাজকুমাৰ আছিল। তেওঁৰ সকলো আছে। ৰাজ্য লক্ষ্মী-নাৰায়ণৰ বুলি ক’ব। শ্ৰীকৃষ্ণতো ৰাজকুমাৰ আছিল, ৰাধা ৰাজকুমাৰী আছিল। ৰাজকুমাৰ শ্ৰীকৃষ্ণৰেই মহিমা গোৱা হয় – সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ….। তেওঁ কোনো ‘গীতা’ শুনোৱা নাই। তেওঁতো সত্যযুগৰ ৰাজকুমাৰ আছিল। তেওঁ পতিত মনুষ্যক পাৱন কৰি তুলিবলৈ গীতা শুনাব - এয়া হ’ব নোৱাৰে। এই সকলো শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ। শাস্ত্ৰবোৰৰ কিমান মহিমা আছে। সত্যযুগত ভক্তি মাৰ্গৰ কোনো শাস্ত্ৰ, চিত্ৰ আদি নাথাকে। তাততো জ্ঞানৰ প্ৰালব্ধ – 21 জন্মৰ বাবে। পুনৰাই সত্যযুগৰ ৰাজ্য-ভাগ্য লৈ আছে। ভাৰতবাসী সত্যযুগত 5 হাজাৰ বছৰ পূৰ্বে বিশ্বৰ মালিক আছিল আৰু কোনো বিভাজন আদি নাছিল। 5 হাজাৰ বছৰৰ কথা। এতিয়া কলিযুগৰ অন্ত নহয় জানো। বিনাশ সন্মুখত থিয় হৈ আছে। ভগৱানে এই জ্ঞান যজ্ঞ ৰচনা কৰিছে। পতিত কলিযুগক পাৱন সত্যযুগ কৰি তুলিবলৈ, তেন্তে নিশ্চয় পতিত সৃষ্টিৰ বিনাশ হ’ব। গায়নো কৰা হৈছে - ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা, সেয়া এতিয়া শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা কৰি আছে। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছা। গায়নো কৰে - পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়। তেওঁতো হ’ল প্ৰজাপিতা, সকলো তেওঁৰ সন্তান। যথাযথ ব্ৰহ্মাৰ দ্বাৰাহে স্বৰ্গৰ স্থাপনা হৈছিল। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও মই সংগমত আহিছিলোঁ – তোমালোকক এই ৰাজযোগ শিকাবলৈ। শ্ৰীকৃষ্ণ নহয়, মই আহিছিলোঁ। শ্ৰীকৃষ্ণ পতিত সৃষ্টিত আহিব নোৱাৰে। পিতাহে আহে। তেৱেঁই সকলোৰে সৎগতি দাতা। মনুষ্যই মনুষ্যক সৎগতি দিব নোৱাৰে। স্মৰণো সকলোৱে এজনকেই কৰে। পৰমপিতা পৰমাত্মা ক’ত থাকে? তোমালোক সন্তানসকলে জানা পৰমধামত থাকে। সেয়া হৈছে ব্ৰহ্ম মহাতত্ত্ব। তাত আত্মাসকল পৱিত্ৰ, যেনেকুৱা মহাত্মাসকল। ইয়াতো মহান আত্মা, পতিত আত্মা বুলি কয় নহয়। বাস্তৱত ইয়াত মহান আত্মা এটিও নাই। আত্মাই পাৱন সতোপ্ৰধান হ’ব লাগে, জ্ঞান আৰু যোগেৰে, পানীৰে নহয়। আত্মাহে পতিত হৈছে। আত্মাতেই খাদ (বিকাৰৰ লেপ) পৰে। আত্মাহে সোণ, ৰূপ, তাম, লো হয়। এতিয়া আত্মাসকল যি পতিত হয় সেই আত্মাসকলক পাৱন কোনে কৰি তুলিব! পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও পাৱন কৰি তুলিব নোৱাৰে। পিতাহে আহি বহি বুজায় – মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব। যিমানে স্মৰণ কৰিবা সিমানে পতিতৰ পৰা পাৱন হ’বা। পৰিশ্ৰম এই ক্ষেত্ৰতে হয়। জ্ঞানতো সকলো বুদ্ধিত আছে। এই চক্ৰ কেনেকৈ ঘূৰে, আমি 84 জন্ম কেনেকৈ লওঁ। সত্যযুগত কিমান সময় ৰাজত্ব চলে, আকৌ ৰাৱণ কেনেকৈ আহে! ৰাৱণ হয় কোন! এয়াও কোনেও নাজানে। কেতিয়াৰ পৰা ৰাৱণক জ্বলাই আহিছে! এইটোও কোনেও নাজানে। প্ৰতি বছৰে জ্বলায়। সত্যযুগততো নজ্বলাব। এতিয়া হয়েই ৰাৱণৰাজ্য। ৰামৰাজ্যতো কোনেও স্থাপন কৰিব নোৱাৰে। এয়াতো পিতাৰেই কাম। পতিত মনুষ্যইতো কৰিব নোৱাৰে। তেওঁলোকতো সকলো বিনাশ হৈ যাব। পতিত সৃষ্টিয়েই বিনাশ হৈ যাব। সত্যযুগত এজনেও এনেকৈ নক’ব যে হে পতিত-পাৱন আহক। সেইখনতো পৱিত্ৰ সৃষ্টি। তোমালোকে এতিয়া জানা যে এই লক্ষ্মী-নাৰায়ণক এনেকুৱা স্বৰ্গৰ মালিক কোনে কৰিলে। আকৌ তেওঁলোকে 84 জন্ম কেনেকৈ ল’লে। আদি সনাতন দেৱী-দেৱতা ধৰ্মালম্বীসকলেই 84 জন্ম লৈছে। তেওঁলোকেই এই সময়ত শূদ্ৰবংশী হৈছে। এতিয়া পুনৰ ব্ৰাহ্মণবংশী হোৱা। এতিয়া তোমালোক হৈছা সৰ্বোচ্চ ব্ৰাহ্মণ। এয়া হৈছে উচ্চতকৈও উচ্চ টিকনি (আটাইতকৈ উচ্চ অৱস্থা)। ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ কুল ভূষণ। এতিয়া তোমালোক শিৱবাবাৰ সন্তানো হোৱা। নাতি-নাতিনীও হোৱা। শিৱবংশী আকৌ ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হোৱা। উত্তৰাধিকাৰ পোৱা যায় ককাৰ পৰা। পিতাই কয় - মোক নিৰন্তৰ স্মৰণ কৰা। পৱিত্ৰ হোৱা তেতিয়া তোমালোক মোৰ ওচৰলৈ মুক্তিধামলৈ আহি যাবা। এই কথাবিলাক তেওঁলোকেই বুজিব যিসকলে কল্প পূৰ্বে বুজিছিল। সেয়াতো হাজাৰ হাজাৰ আছে। কোনোবাই সোধে – কিমান বি.কে. আছে? তেতিয়া ক’বা যে হাজাৰৰ হিচাপত আছে। এই দৈৱী বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকে। এতিয়া পুনৰ পুলি ৰোপণ কৰি থকা হৈছে - আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ, কিয়নো দেৱতা ধৰ্ম নাই। সকলোৱে নিজক হিন্দু বুলি কৈ থাকে। আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে। পুনৰ সকলো ওলাই আহিব আৰু আহি পিতাৰপৰা উত্তৰাধিকাৰ ল’ব। তোমালোক আহিছা বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ ল’বলৈ অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হ’বলৈ। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পতিতৰ পৰা পাৱন হ’বলৈ জ্ঞান আৰু যোগত বহুত মজবুত হ’ব লাগে। আত্মাত যি খাদ (বিকাৰৰ লেপ) পৰিছে সেয়া স্মৃতিত থকাৰ পৰিশ্ৰমেৰে আঁতৰাব লাগে।

(2) আমি ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ আটাইতকৈ উচ্চ - এইটো নিচাত থাকিব লাগে। ব্ৰাহ্মণেই উত্তৰাধিকাৰৰ অধিকাৰী হয় কিয়নো শিৱবাবাৰ নাতি হয়।

বৰদান:
নিজৰ শক্তিশালী বৃত্তিৰ দ্বাৰা পতিত বায়ুমণ্ডল পৰিবৰ্তন কৰোঁতা ‘মাষ্টৰ পতিত-পাৱনী’ হোৱা

যেনেকুৱাই বায়ুমণ্ডল নহওক নিজৰ শক্তিশালী বৃত্তিয়ে বায়ুমণ্ডল পৰিৱৰ্তন কৰিব পাৰে। বায়ুমণ্ডল বিকাৰী হ’লেও নিজৰ বৃত্তি যাতে নিৰ্বিকাৰী হয়। যিসকল পতিতক পাৱন কৰি তোলোঁতা, তেওঁলোক পতিত বায়ুমণ্ডলৰ বশীভূত হ’ব নোৱাৰে। ‘মাষ্টৰ পতিত-পাৱনী’ হৈ নিজৰ শক্তিশালী বৃত্তিৰে অপৱিত্ৰ বা দুৰ্বলতাৰ বায়ুমণ্ডল দূৰ কৰা, তাৰ বৰ্ণনা কৰি বায়ুমণ্ডল সৃষ্টি নকৰিবা। দুৰ্বল বা পতিত বায়ুমণ্ডলৰ বৰ্ণনা কৰাটোও এক পাপ।

স্লোগান:
এতিয়া ধৰণীত পৰমাত্ম পৰিচয়ৰ বীজ সিঁচি দিয়া তেতিয়া প্ৰত্যক্ষতা হ’ব।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

যোগ মানেই শান্তিৰ শক্তি। এই শান্তিৰ শক্তিয়ে অতি সহজে নিজক আৰু আনক পৰিৱৰ্তন কৰে, ইয়াৰ দ্বাৰা ব্যক্তিও সলনি হৈ যাব আৰু প্ৰকৃতিও সলনি হৈ যাব। ব্যক্তিসকলকতো মুখেৰে পাঠ্যক্ৰম কৰাই দিয়া কিন্তু প্ৰকৃতিক সলনি কৰিবলৈ শান্তিৰ শক্তি অৰ্থাৎ যোগবলৰহে প্ৰয়োজন। যোগত যেতিয়া আন সকলো সংকল্প শান্ত হৈ যায়, এটাই সংকল্প থাকে — "পিতা আৰু মই", ইয়াকে শক্তিশালী যোগ বুলি কোৱা হয়। পিতাৰ মিলনৰ অনুভূতিৰ বাহিৰে আন সকলো সংকল্প যেতিয়া সমাহিত হৈ যাব তেতিয়া জ্বালা ৰূপ স্মৃতি বুলি কোৱা হ’ব, যাৰ দ্বাৰা পৰিবৰ্তন হয়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]