21.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “এজন পিতাৰ স্মৃতিৰে তোমালোক উচ্চতম হ'ব লাগে গতিকে ভুলতো অন্য কাকো স্মৰণ নকৰিবা”

প্ৰশ্ন:
পিতাৰ পৰা কোনটো আশা নাৰাখি, কৃপা বিচৰাৰ সলনি, নিজৰ পৰিশ্ৰম কৰিব লাগে?

উত্তৰ:
পুৰণি শৰীৰৰ কিবা কৰ্মভোগ আছে, দেউলীয়া হ’লা বা বেমাৰ হ’ল, তেতিয়া পিতাই ক’ব এয়াতো তোমালোকৰ নিজৰ হিচাপ-নিকাচ, এইটো আশা নাৰাখিবা যে এই ক্ষেত্ৰত বাবাই কিবা কৃপা কৰক। নিজে পৰিশ্ৰম কৰি যোগবলেৰে কাম আদায় কৰা, স্মৃতিৰেহে আয়ুস বাঢ়িব। কৰ্মভোগ নিষ্পত্তি হব। পিতা যি প্ৰাণতকৈও মৰমৰ, তেওঁৰ প্ৰতি যিমানে মৰম থাকিব সিমানে স্মৃতি থাকিব আৰু কল্যাণ হৈ গৈ থাকিব।

ওঁম্শান্তি।
বেহদৰ পিতাই বহি সন্তানসকলক বুজায় - মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা আৰু নিজৰ ঘৰক স্মৰণ কৰা। ইয়াক কোৱাই হয় “শান্তিৰ স্তম্ভ”। “সুখৰ স্তম্ভ”। স্তম্ভ বহুত উচ্চ হয়। তোমালোকে তালৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছা। উচ্চতকৈও উচ্চ শান্তি স্তম্ভলৈ তোমালোক কেনেকৈ যাব পাৰা, এয়াও স্তম্ভত নিবাস কৰোঁতা পিতাই বহি শিকায়, সন্তানসকল, নিজক আত্মা বুলি বুজা। আমি আত্মাসকল শান্তিধামৰ নিবাসী। সেয়া হৈছে পিতাৰ ঘৰ। চলোঁতে-ফুৰোঁতে এনেকৈ অভ্যাস কৰিব লাগে। নিজক আত্মা বুলি বুজা আৰু শান্তিধাম, সুখধামক স্মৰণ কৰা। পিতাই জানে ইয়াতেই পৰিশ্ৰম হয়। যি আত্ম-অভিমানী হৈ থাকে তেওঁক মহাবীৰ বুলি কোৱা হয়। স্মৃতিৰেই তোমালোক মহাবীৰ, উচ্চতম হোৱা। উচ্চতম অৰ্থাৎ শক্তিমান।

সন্তানসকল আনন্দিত হোৱা উচিত - স্বৰ্গৰ মালিক কৰি তোলোঁতা বাবা, বিশ্বৰ মালিক কৰি তোলোঁতা বাবাই আমাক পঢ়াই আছে। আত্মাৰ বুদ্ধি পিতাৰ ফালে গুচি যায়। এয়া হৈছে - আত্মাৰ প্ৰেম এজন পিতাৰ সৈতে। ৰাতিপুৱাই উঠি বাবাৰ সৈতে মিঠা মিঠা কথা পাতা। বাবা আপোনাৰ চমৎকাৰ, সপোনতো নাছিল আপুনি আমাক স্বৰ্গৰ মালিক কৰি তুলিব। বাবা মই আপোনাৰ শিক্ষা অনুসৰি নিশ্চয় চলিম। কোনো পাপ কাম নকৰোঁ। বাবাই যেনেকৈ পুৰুষাৰ্থ কৰে, সন্তানসকলকো শুনায়। শিৱবাবাৰ ইমান অনেক সন্তান আছে, চিন্তাতো থাকিব নহয়। কিমান সন্তানৰ তত্ত্বাৱধান ল’বলগীয়া হয়। তোমালোক ইয়াত ঈশ্বৰীয় পৰিয়ালত বহি আছা। পিতা সন্মুখত বহি আছে। তোমাৰ সৈতে খাওঁ, তোমাৰ সৈতে বহোঁ… তোমালোকে জানা যে শিৱবাবাই এওঁৰ শৰীৰত আহি কয় - মৰমৰ সন্তানসকল মামেকম্‌ (কেৱল মোক পৰমাত্মাক) স্মৰণ কৰা। দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি যোৱা। এয়া অন্তিম জন্ম। এইখন পুৰণি সৃষ্টি, পুৰণা দেহ নাশ হৈ যাব। প্ৰবাদ আছে - তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। পুৰুষাৰ্থৰ কাৰণে সংগমৰ অলপ সময় আছে। সন্তানসকলে সোধে - বাবা এই পঢ়া কেতিয়ালৈকে চলিব? যেতিয়ালৈকে দৈৱী ৰাজধানী স্থাপন নহয় তেতিয়ালৈকে শুনাই থাকিম। তাৰপাছত নতুন সৃষ্টিলৈ স্থানান্তৰ হ'বা। এয়া পুৰণা শৰীৰ, কিবা নহয় কিবা কর্মভোগ চলি থাকে। এই ক্ষেত্ৰত বাবাই সহায় কৰিব - এইটো আশা ৰাখিব নালাগে। দেউলীয়া হ'ল, বেমাৰ হ'ল - পিতাই ক’ব এয়া তোমালোকৰ হিচাপ-নিকাচ। অৱশ্যে হয় তথাপিও যোগেৰে আয়ুস বাঢ়িব। নিজে পৰিশ্ৰম কৰা। কৃপা নিবিচাৰিবা। পিতাক যিমান স্মৰণ কৰিবা সিমান কল্যাণ হ’ব। যিমানদূৰ সম্ভৱ যোগবলেৰে কাম আদায় কৰা। গায়নো কৰে নহয় - মোক পলকত লুকুৱাই লোৱা… মৰমৰ বস্তুক চকুৰ মণি, প্ৰাণতকৈও মৰমৰ বুলি কয়। এই পিতাতো বহুত প্ৰিয়, কিন্তু গুপ্ত। তেওঁৰ প্ৰতি প্ৰেম এনেকুৱা হ'ব লাগে যে কথাই নুসুধিবা। সন্তানসকলেতো পিতাক চকুৰ পলকত লুকুৱাই ৰাখিব লাগে। পলক কোনো চকু নহয়। এয়াতো বুদ্ধিত স্মৃতি ৰাখিব লাগে। অতিকৈ মৰমৰ নিৰাকাৰ পিতাই আমাক পঢ়াই আছে। তেওঁ জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, প্ৰেমৰ সাগৰ। এনেকুৱা অতিকৈ মৰমৰ পিতাৰ প্ৰতি কিমান প্ৰেম থকা উচিত। সন্তানসকলৰ কিমান নিষ্কাম সেৱা কৰে। পতিত শৰীৰত আহি তোমালোক সন্তানসকলক হীৰাৰ দৰে কৰি তোলে। কিমান মৰমিয়াল বাবা। গতিকে সন্তানসকলো এনেকুৱা মৰমিয়াল হ’ব লাগে। কিমান নিৰহংকাৰেৰে পিতাই তোমালোকৰ সেৱা কৰে, গতিকে তোমালোক সন্তানসকলেও ইমান সেৱা কৰিব লাগে। শ্ৰীমতত চলিব লাগে। ক’ৰবাত নিজৰ মত দেখুৱালে তেতিয়া ভাগ্য ৰেখা খণ্ডিত হৈ যাব। তোমালোক ব্ৰাহ্মণ ঈশ্বৰীয় সন্তান। ব্ৰহ্মাৰ সন্তান ভাই-ভনী। ঈশ্বৰীয় নাতি-নাতিনী। তেওঁৰ পৰা উত্তৰাধিকাৰ লৈ আছা। যিমান পুৰুষাৰ্থ কৰিবা সিমান উচ্চ পদ পাবা। এই ক্ষেত্ৰত সাক্ষী হৈ থকাৰো বহুত অভ্যাস লাগে। বাবাই কয়, মৰমৰ সন্তানসকল, হে আত্মাসকল মামেকম্‌ স্মৰণ কৰা। ভুলতো পিতাৰ বাহিৰে অন্য কাকো স্মৰণ নকৰিবা। তোমালোকৰ প্ৰতিজ্ঞা হৈছে বাবা মোৰতো একমাত্ৰ আপুনিয়েই। মই আত্মা, আপুনি পৰমাত্মা। আপোনাৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে। আপোনাৰ পৰাই ৰাজযোগ শিকি আছোঁ, যাৰ দ্বাৰা ৰাজ্য-ভাগ্য পাওঁ।

মৰমৰ সন্তানসকল, তোমালোকে জানা যে এইখন অনাদি ড্ৰামা। ইয়াত জয়-পৰাজয়ৰ খেল চলে। যি হয় সেয়া ঠিক। ৰচয়িতাৰ ড্ৰামা নিশ্চয় পচন্দ হ’ব নহয়, গতিকে ৰচয়িতাৰ সন্তানসকলৰো পচন্দ হ'ব। এইখন ড্ৰামাত পিতা এবাৰেই সন্তানসকলৰ ওচৰলৈ গভীৰ আন্তৰিক প্ৰেমেৰে সেৱা কৰিবলৈ আহে। পিতাৰতো সকলো সন্তান মৰমৰ হয়। তোমালোকে জানা যে সত্যযুগততো সকলোৱে ইজনে সিজনক বহুত মৰম-চেনেহ কৰে। জন্তুবোৰৰ মাজতো মৰম-চেনেহ থাকে। এনেকুৱা কোনো জন্তু নাই যি মৰম-চেনেহেৰে নাথাকে। সেয়েহে তোমালোক সন্তানসকল ইয়াত মাষ্টৰ প্ৰেমৰ সাগৰ হ'ব লাগে। ইয়াত হ'লেহে সেই সংস্কাৰ অবিনাশী হৈ যাব। পিতাই কয় – কল্প পূৰ্বৰ দৰে হুবহু পুনৰাই মৰমৰ কৰি তুলিবলৈ আহিছোঁ। কেতিয়াবা কোনো সন্তানৰ ক্ৰোধযুক্ত বচন শুনিলে তেতিয়া পিতাই শিক্ষা দিয়ে, সন্তানসকল ক্ৰোধ কৰাতো ঠিক নহয়, ইয়াৰ দ্বাৰা তোমালোকো দুখী হ'বা আৰু আনকো দুখী কৰিবা। পিতা চিৰকালৰ কাৰণে সুখ দিওঁতা হয় গতিকে সন্তানসকলো পিতাৰ সমান হ'ব লাগে। ইজনে সিজনক কেতিয়াও দুখ দিব নালাগে।

তোমালোক সন্তানসকলে জানা যে শিৱবাবা হ'ল পুৱাৰ গোসাঁই…. ৰাতিক দিন অথবা পুৱা কৰোঁতা হয়। গোসাঁই বুলি বেহদৰ পিতাক কোৱা হয়। সেই এজনেই গোসাঁই বাবা, ভোলানাথ শিৱবাবা। নামেই হৈছে ভোলানাথ। সহজ-সৰল কন্যাসকলক, মাতাসকলক জ্ঞানৰ কলহ দিয়ে। তেওঁলোককেই বিশ্বৰ মালিক কৰি তোলে। কিমান সহজ উপায় শুনায়। কিমান প্ৰেমেৰে তোমালোকক জ্ঞানৰ প্ৰতিপালন কৰে। আত্মাক পাৱন কৰি তুলিবলৈ স্মৃতিৰ যাত্ৰাত থাকা। যোগৰ স্নান কৰিব লাগে। জ্ঞান হৈছে পঢ়া। যোগ স্নানৰ দ্বাৰা পাপ ভস্ম হয়। নিজক আত্মা বুলি বুজাৰ অভ্যাস কৰি থাকা, তেতিয়া এই দেহৰ অহংকাৰ একেবাৰে নোহোৱা হৈ যাব। যোগৰ দ্বাৰাই পৱিত্ৰ সতোপ্ৰধান হৈ পিতাৰ ওচৰলৈ যাব লাগে। বহুত সন্তানে এই কথাবোৰ ভালদৰে বুজি নাপায়। নিজৰ সঁচা খতিয়ান নুশুনায়। আধাকল্প মিছা জগতত থাকিলা সেয়েহে মিছা যেন ভিতৰত জমা হৈ গৈছে। সততাৰে পিতাক নিজৰ খতিয়ান শুনোৱা উচিত। পৰীক্ষা কৰিব লাগে - মই 45 মিনিট বহিলোঁ, এইখিনি সময়ত কিমান সময় নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলোঁ! বহুতে সঁচা কথা ক’বলৈ লাজ কৰে। এইটোতো তৎক্ষণাৎ শুনাব যে ইমান সেৱা কৰিলো, ইমানক বুজালোঁ কিন্তু কিমান সময় স্মৃতিত থাকিলোঁ, সেইটো সঁচাকৈ নকয়। স্মৃতিত নথকাৰ বাবেই তোমালোকৰ তীৰে কাকো আঘাত নকৰে (শুনোৱা জ্ঞানে প্ৰভাৱিত নকৰে)। জ্ঞান তৰোৱালত ধাৰ নহয়। কোনোৱে কয় মইতো নিৰন্তৰ স্মৃতিত থাকোঁ, বাবাই কয় - সেইটো অৱস্থা হোৱা নাই। নিৰন্তৰ স্মৃতিত থাকিলেতো কৰ্মাতীত অৱস্থা হৈ যাব। জ্ঞানৰ চৰম সীমা দেখা দিয়ক, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। বিশ্বৰ মালিক জানো এনেয়ে হৈ যাবা। এজন পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিত নাথাকে। এই দেহো যাতে স্মৃতিলৈ নাহে। এইটো অৱস্থা তোমালোকৰ অন্তিমত হ'বগৈ। স্মৃতিৰ যাত্ৰাৰেই তোমালোকৰ উপাৰ্জন হৈ থাকিব। যদিহে শৰীৰ এৰিবলগীয়া হয় তেতিয়া আকৌ উপাৰ্জন কৰিব নোৱাৰিবা। যদিও আত্মাই সংস্কাৰ লৈ যাব কিন্তু শিক্ষকতো লাগে যিয়ে সোঁৱৰাই দিব। পিতাই বাৰে বাৰে সোঁৱৰাই থাকে। এনেকুৱা বহুত সন্তান আছে যিসকল ঘৰ-সংসাৰত থাকি, চাকৰি আদিও কৰে আৰু উচ্চ পদ পোৱাৰ কাৰণে শ্রীমতত চলি নিজৰ ভৱিষ্যতলৈও জমা কৰি থাকে। পিতাৰ পৰা ৰায় লৈ থাকে। পইচা আছে তেন্তে সেয়া কেনেকৈ সফল কৰোঁ। বাবাই কয় - সেৱাকেন্দ্ৰ খোলা, যাৰ দ্বাৰা বহুতৰ কল্যাণ হ'ব। মনুষ্যই দান-পুণ্য আদি কৰে, পৰৱৰ্তী জন্মত তাৰ ফল পায়। তোমালোকেও ভৱিষ্যত 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য পোৱা। তোমালোকৰ এয়া প্ৰথম শ্ৰেণীৰ বেংক, ইয়াত 4 অনা থোৱা তেন্তে ভৱিষ্যতে হাজাৰ হৈ যাব। পাথৰৰ পৰা সোণ হৈ যাব। তোমালোকৰ প্ৰতিটো বস্তু পৰশমণি হৈ যাব। বাবাই কয় - মৰমৰ সন্তানসকল, উচ্চ পদ পাবলৈ হ'লে মাতা-পিতাক সম্পূৰ্ণ অনুসৰণ কৰা আৰু নিজৰ কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখা। যদিহে কৰ্মেন্দ্ৰিয় বশত নাথাকে, চলন ঠিক নহয় তেন্তে উচ্চ পদৰ পৰা বঞ্চিত হৈ যাবা। নিজৰ চলন শুধৰাব লাগে। বেছি আশা ৰাখিব নালাগে।

বাবাই তোমালোক সন্তানসকলক কিমান জ্ঞানেৰে অলংকৃত কৰাই সত্যযুগৰ মহাৰজা-মহাৰাণী কৰি তোলে। এই ক্ষেত্ৰত সহনশীলতাৰ গুণ বহুত ভাল হোৱা উচিত। দেহৰ প্ৰতি অত্যাধিক মোহ থকিব নালাগে। যোগবলেৰেও কাম আদায় কৰিব লাগে। বাবাৰ কিমান কাহ আদি হয় তথাপিও সদায় সেৱাত তৎপৰ হৈ থাকে। জ্ঞান যোগেৰে অলংকৃত কৰি সন্তানসকলক যোগ্য কৰি তোলে। তোমালোক এতিয়া ঈশ্বৰীয় কোলাত, মাতা-পিতাৰ কোলাত বহি আছা। পিতাই ব্ৰহ্মাৰ মুখেৰে তোমালোক সন্তানসকলক জন্ম দিয়ে গতিকে এওঁ মা হৈ গ'ল। কিন্তু তোমালোকৰ বুদ্ধি তথাপি শিৱবাবাৰ ফালে যায়। আপুনি মাতা-পিতা, আমি আপোনাৰ সন্তান…...। তোমালোক ইয়াতেই সৰ্বগুণ সম্পন্ন হ'ব লাগে। বাৰে বাৰে মায়াৰ হাতত পৰাজিত হ’ব নালাগে। পিতাই বুজায় মৰমৰ সন্তানসকল নিজক আত্মা বুলি বুজা। নিজক এনেকৈ বুজিলে কিমান ভাল লাগে। আমি কি আছিলোঁ, এতিয়া কি হৈ আছোঁ।

এই ড্ৰামাখন কিমান অপূৰ্বকৈ ৰচি থোৱা আছে এয়াও তোমালোকে এতিয়া বুজোৱা। এয়া পুৰুষোত্তম সংগমযুগ কেৱল ইমানখিনি স্মৃতিত থাকিলে তেতিয়াও নিশ্চয়তা জন্মি যায় যে আমি সত্যযুগলৈ যাওঁতা, এতিয়া সংগমযুগত আছোঁ। আকৌ নিজৰ ঘৰলৈ যাব লাগে সেয়েহে পৱিত্ৰ নিশ্চয় হ’ব লাগে। ভিতৰি বহুত আনন্দিত হোৱা উচিত। অহো! বেহদৰ পিতাই কয় মৰমৰ সন্তানসকল মোক স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হ’বা। বিশ্বৰ মালিক হ’বা। পিতাই সন্তানসকলক কিমান স্নেহ কৰে। এনেকুৱা নহয় যে কেৱল শিক্ষকৰ ৰূপত পঢ়ায় আৰু ঘৰলৈ উভতি যায়। এওঁটো পিতাও হয়, শিক্ষকো হয়। তোমালোকক পঢ়ায়ো। স্মৃতিৰ যাত্ৰাও শিকায়।

এনেকুৱা বিশ্ৱৰ মালিক কৰি তোলোঁতা, পতিতৰ পৰা পাৱন কৰি তোলোঁতা পিতাৰ প্ৰতি বহুত মৰম থাকিব লাগে। ৰাতিপুৱা উঠিয়ে প্ৰথমতে শিৱবাবাক সুপ্ৰভাত জনাব লাগে। সুপ্ৰভাত অৰ্থাৎ স্মৰণ কৰিলে বহুত আনন্দিত হ’বা। সন্তানসকলে নিজৰ অন্তৰক সুধিব লাগে যে মই ৰাতিপুৱা উঠি বেহদৰ পিতাক কিমান স্মৰণ কৰো। মনুষ্যই ভক্তিও ৰাতিপুৱা কৰে নহয়। ভক্তি কিমান প্ৰেমেৰে কৰে। কিন্তু বাবাই জানে যে বহুত সন্তানে গভীৰ আন্তৰিক প্ৰেমেৰে স্মৰণ নকৰে। ৰাতিপুৱা উঠি স্মৰণ কৰিলে, জ্ঞানৰ চিন্তনত থাকিলে আনন্দৰ সীমা বাঢ়ি থাকিব। পিতাক সুপ্ৰভাত নজনালে পাপৰ বোজা কেনেকৈ আঁতৰিব। মুখ্য হৈছে স্মৃতিত থকাটো, ইয়াৰ দ্বাৰাই তোমালোকৰ ভৱিষ্যতৰ বাবে বহুত উপাৰ্জন হ’ব। কল্প-কল্পান্তৰ এই উপাৰ্জন কামত আহিব। বহুত ধৈৰ্য্য, গাম্ভীৰ্যতাৰে, বুজি স্মৰণ কৰিব লাগে। মোটামুটিকৈ যদিও কৈ দিয়ে যে মই বাবাক বহুত স্মৰণ কৰো কিন্তু সঠিকভাৱে স্মৰণ কৰাৰ ক্ষেত্ৰত পৰিশ্ৰম আছে। যিসকলে পিতাক অধিক স্মৰণ কৰে তেওঁলোকে অধিক শক্তি প্ৰাপ্ত কৰে কিয়নো স্মৃতিৰে স্মৃতি আকৃষ্ট হয়। যোগ আৰু জ্ঞান দুটি বস্তু। যোগৰ বিষয়টি বেলেগ। বহুত মহত্ত্বপূৰ্ণ বিষয়। যোগৰ দ্বাৰাহে আত্মা সতোপ্ৰধান হয়। স্মৃতি অবিহনে সতোপ্ৰধান হোৱা অসম্ভৱ। ভালদৰে স্নেহেৰে পিতাক স্মৰণ কৰিলে আপোনাআপুনি শক্তি প্ৰাপ্ত হ’ব, স্বাস্থ্যৱান হৈ যাবা। শক্তিৰে আয়ুস বাঢ়ি যায়। সন্তানসকলে পিতাক স্মৰণ কৰে তেতিয়া পিতায়েও শক্তিৰ কিৰণ দিয়ে। পিতাই তোমালোক সন্তানসকলক কিমান শ্ৰেষ্ঠ সম্পদ দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, চকুৰ মণি স্বৰূপ সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ গভীৰ আন্তৰিক স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাক অতি ধৈৰ্য্য, গাম্ভীৰ্যতাৰে আৰু বুজি স্মৰণ কৰিব লাগে। স্মৰণ সঠিক হ’লে পিতাৰ শক্তি প্ৰাপ্ত হ’ব, আয়ুস বাঢ়িব, স্বাস্থ্যৱান হৈ যাবা।

(2) উচ্চ পদ পাবলৈ হ’লে নিজৰ চলন শুধৰাব লাগে, অধিক ইচ্ছা ৰাখিব নালাগে। কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত পূৰা নিয়ন্ত্ৰণ ৰাখিব লাগে, মাতা-পিতাক পূৰা অনুসৰণ কৰিব লাগে।

বৰদান:
“ পিতাক অনুসৰণ কৰা” আৰু “পিতাক চোৱা”ৰ মহামন্ত্ৰৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা

“পিতাক চোৱা-পিতাক অনুসৰণ কৰা” এইটো মন্ত্ৰ সদায় সন্মুখত ৰাখি আৰোহণ কলাত আগবাঢ়ি গৈ থাকা, উৰি গৈ থাকা। কেতিয়াও আত্মাক নাচাবা কিয়নো সকলো আত্মাই পুৰুষাৰ্থী, পুৰুষাৰ্থীৰ ভালো থাকে আৰু কিছু দুৰ্বলতাও থাকে, সম্পন্ন নহয়, সেই কাৰণে পিতাক অনুসৰণ কৰা, ভাই-ভনীক নহয়। তেতিয়া যেনেকৈ পিতা একৰস তেনেকৈ পিতাক অনুসৰণ কৰোঁতাসকলো একৰস স্বতঃ হৈ যাব।

স্লোগান:
পৰ-চিন্তনৰ প্ৰভাৱত নাহি শুভ-চিন্তন কৰোঁতা শুভ-চিন্তক মণি হোৱা।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

যেনেকৈ অন্য স্থূল বস্তুসমূহ যেতিয়া বিচৰা তেতিয়া লোৱা আৰু যেতিয়া বিচৰা এৰি দিয়া, তেনেকৈ দেহৰ বোধ যেতিয়া বিচৰা তেতিয়া এৰি দেহী-অভিমানী হৈ যোৱা - এইটো অভ্যাস ইমান সৰল হওঁক, যিমান সহজ কোনো স্থূল বস্তুৰ ক্ষেত্ৰত হয়। ৰচয়িতাই যেতিয়াই বিচৰা ৰচনাৰ আধাৰ লোৱা, যেতিয়াই বিচৰা ৰচনাৰ আধাৰ এৰি দিয়া, যেতিয়াই বিচৰা তেতিয়া অনাসক্ত, যেতিয়াই বিচৰা তেতিয়া স্নেহী হৈ যোৱা - ইমান বন্ধনমুক্ত হোৱা।