21.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোকক শক্তি দিবলৈ, তোমালোক দেহী-অভিমানী হ’লে, বুদ্ধিৰ যোগসূত্ৰ এজন
পিতাৰ সৈতে থাকিলে তেতিয়া শক্তি পাই থাকিবা”
প্ৰশ্ন:
সকলোতকৈ ডাঙৰ
আসুৰি স্বভাৱ কোনটো, যিটো তোমালোক সন্তানসকলৰ থাকিব নালাগে?
উত্তৰ:
অশান্তি বিয়পোৱা, এইটো হ’ল সবাতোকৈ ডাঙৰ আসুৰি স্বভাৱ। অশান্তি বিয়পোৱাসকলৰ কাৰণে
মনুষ্য অতিষ্ঠ হৈ যায়। তেওঁলোক য’লৈ যাব তাতে অশান্তি বিয়পাই দিব, সেইবাবে ভগৱানৰ
পৰা সকলোৱে শান্তিৰ বৰদান বিচাৰে।
গীত:
য়হ কহানী হে
দীৱে ঔৰ তুফান কী... (এয়া দীপক আৰু ধুমুহাৰ কাহিনী...)
ওঁম্শান্তি।
অতি মৰমৰ,
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতৰ শাৰীটি শুনিলা। এই গীতটিতো ভক্তিমাৰ্গৰ
আকৌ সেয়া জ্ঞানলৈ স্থানান্তৰ কৰা হয় আন কোনেও স্থানান্তৰ কৰিব নোৱাৰে। তোমালোকৰ
ভিতৰতো পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানিব পাৰা, দীপক কি, ধুমুহা কি! সন্তানসকলে জানে
আত্মাৰ জ্যোতি নুমাই গৈছে। এতিয়া পিতা জ্যোতি জ্বলাবলৈ আহিছে। কোনোবা মৰিলে তেতিয়াও
দীপক জ্বলায়। দীপক বহুত সাৱধানে ৰাখে। তেওঁলোকে ভাবে – যদি দীপক নুমাই যায় তেন্তে
আত্মা অন্ধকাৰেৰে যাব লাগিব সেইবাবে দীপক জ্বলায়। এতিয়া সত্যযুগততো এনেকুৱা কথা
নাথাকে। তাততো পোহৰতে থাকিব। ভোক আদিৰ কথাই নাই, তাততো বহুত সা-সামগ্ৰী পোৱা যায়।
ইয়াত হ’ল ঘোৰ অন্ধকাৰ। ছিঃ ছিঃ সৃষ্টি নহয় জানো। সকলো আত্মাৰ জ্যোতি নুমাই গৈছে।
সকলোতকৈ বেছি জ্যোতি তোমালোকৰ নুমাই গৈছে। বিশেষকৈ তোমালোকৰ বাবেহে পিতা আহে।
তোমালোকৰ জ্যোতি নুমাই গৈছে, এতিয়া শক্তি ক’ৰপৰা পাবা? সন্তানসকলে জানে শক্তিতো
পিতাৰ পৰাহে পাম। শক্তি বেগেৰে আহিলে তেতিয়া বাল্বৰ পোহৰ উজ্জ্বল হৈ যায়। গতিকে
তোমালোকে এতিয়া ডাঙৰ যন্ত্ৰৰ পৰা শক্তি লৈ আছা। চোৱা, বোম্বাইৰ (এতিয়া মুম্বাই)
নিচিনা চহৰত কিমান অনেক লোক থাকে, কিমান বেছি শক্তিৰ প্ৰয়োজন। নিশ্চয় সিমান ডাঙৰ
যন্ত্ৰ থাকিব। এয়া হ’ল বেহদৰ কথা। গোটেই সৃষ্টিৰ আত্মাসকলৰ জ্যোতি নুমাই গৈছে।
তেওঁলোকক শক্তি দিব লাগে। মূল কথা পিতাই বুজায়, বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে গঢ়া।
দেহী-অভিমানী হোৱা। কিমান উচ্চ পিতা, গোটেই জগতৰ পতিত মনুষ্যক পাৱন কৰি তোলোঁতা
সৰ্বোচ্চ পিতা সকলোৰে জ্যোতি প্ৰজ্বলিত কৰিবলৈ আহিছে। গোটেই জগতৰ মনুষ্য মাত্ৰৰে
জ্যোতি জ্বলায়। পিতা কোন, কেনেকৈ জ্যোতি জ্বলায়? এয়াতো কোনেও নাজানে। তেওঁক জ্যোতি
স্বৰূপ বুলিও কয় আকৌ সৰ্বব্যাপি বুলিও কৈ দিয়ে। জ্যোতি স্বৰূপক মাতে কিয়নো জ্যোতি
নুমাই গৈছে। অখণ্ড জ্যোতিৰ সাক্ষাৎকাৰো হয়। শাস্ত্ৰত দেখুৱায় – অৰ্জুনে ক’লে, মই
ইমান উজ্জ্বলতা সহ্য কৰিব নোৱাৰোঁ। বহুত শক্তি আছে। গতিকে, এই কথাবোৰ এতিয়া তোমালোক
সন্তানসকলে বুজি পোৱা। সকলোকে বুজাবও এইটোৱে লাগে যে আপোনালোক হৈছে আত্মা। আত্মাসকল
ওপৰৰ পৰা ইয়ালৈ আহে। প্ৰথমে আত্মা পৱিত্ৰ হৈ থাকে, আত্মাত শক্তি থাকে। সতোপ্ৰধান হয়।
স্বৰ্ণিম যুগত আত্মা পৱিত্ৰ হয় আকৌ আত্মাসকল অপৱিত্ৰও হ’ব লাগে। যেতিয়া অপৱিত্ৰ হয়
তেতিয়া ঈশ্বৰ পিতাক মাতে যে আহি মুক্ত কৰক অৰ্থাৎ দুখৰপৰা মুক্ত কৰক। মুক্ত কৰা আৰু
পৱিত্ৰ কৰি তোলা দুয়োটাৰ অৰ্থ বেলেগ বেলেগ। নিশ্চয় কাৰোবাৰ দ্বাৰা পতিত হৈছে সেইবাবে
কয় – বাবা আহক, আহি মুক্তও কৰক, পৱিত্ৰও কৰি তোলক। ইয়াৰপৰা শান্তিধামলৈ লৈ ব’লক।
শান্তিৰ বৰদান দিয়ক। এতিয়া পিতাই বুজাইছে – ইয়াত শান্ত অৱস্থাততো থাকিব নোৱাৰা।
শান্তিতো শান্তিধামতহে আছে। সত্যযুগত এক ধৰ্ম, এক ৰাজ্য থাকে সেয়েহে শান্তি থাকে।
কোনো উপদ্ৰৱ নাথাকে। ইয়াত মনুষ্য অশান্তিৰ বাবে অতিষ্ঠ হয়। এখন ঘৰতে কিমান কাজিয়া
লাগি যায়। ধৰি লোৱা, স্ত্ৰী-পুৰুষৰ কাজিয়া লাগিল তেতিয়া মা, পিতা, সন্তান, ভাই-ভনী
আদি সকলো অতিষ্ঠ হৈ যায়। অশান্তি দিওঁতা মনুষ্য য’লৈকে যাব অশান্তিয়েই বিয়পাব কিয়নো
আসুৰিক স্বভাৱৰ হয় নহয়। এতিয়া তোমালোকে জানা সত্যযুগ হৈছে সুখধাম। তাত সুখ আৰু
শান্তি দুয়োটা আছে। আৰু তাততো (পৰমধামত) কেৱল শান্তি আছে, সেইখনক কোৱা হয় মৰমৰ
শান্তিৰ ঘৰ। মুক্তিধামত যাব বিচৰাসকলক কেৱল ইমানখিনিয়ে বুজাবলগীয়া হয় – আপোনালোকে
মুক্তি বিচাৰে নহয় তেন্তে পিতাক স্মৰণ কৰক।
মুক্তিৰ পাছত
জীৱনমুক্তি নিশ্চয় আছে। প্ৰথমতে জীৱনমুক্ত হয় তাৰ পাছত জীৱনবন্ধনত আহে, আধা আধা হয়
নহয়। সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোত নিশ্চয় আহিব লাগে। শেষৰ ফালে যিসকল এটা বা দুটা
জন্মত আহিব, তেওঁলোকে কি সুখ-দুখৰ অনুভৱ কৰিব। তোমালোকেতো সকলো অনুভৱ কৰা। তোমালোকে
জানা – ইমান জন্ম আমি সুখত থাকোঁ আকৌ ইমান জন্ম দুখত থাকোঁ। অমুক অমুক ধৰ্ম নতুন
সৃষ্টিত আহিব নোৱাৰে। তেওঁলোকৰ ভূমিকাই পাছৰ ফালে, যদিও নতুন খণ্ড, তেওঁলোকৰ বাবে
যেনিবা সেয়াই নতুন সৃষ্টি। যেনেকৈ বৌদ্ধিসকলৰ খণ্ড, খ্ৰীষ্টানসকলৰ খণ্ড নতুন নহ’ল
জানো। তেওঁলোকো সতো, ৰজো, তমোৰ মাজেৰে পাৰ হ’ব লাগে। বৃক্ষতো এনেকুৱা হয় নহয়। লাহে
লাহে বৃদ্ধি হৈ গৈ থাকে। প্ৰথমতে যিসকল ওলায় তেওঁলোক তলতে থাকে। দেখিছা নহয় – নতুন
নতুন পাত কেনেকৈ ওলায়। সৰু সৰু সেউজীয়া পাত ওলাই থাকে পাছত ফুল ওলায়, নতুন বৃক্ষ
বহুত সৰু হয়। নতুন বীজ ৰোপণ কৰা হয়, সেয়া ভালকৈ প্ৰতিপালন নকৰিলে নাশ হৈ যায়।
তোমালোকেও ভালকৈ প্ৰতিপালন নকৰিলে তেতিয়া নাশ হৈ যায়। পিতা আহি মনুষ্যৰপৰা দেৱতা কৰি
গঢ়ি তোলে আকৌ তাৰ মাজত ক্ৰমানুসৰি হয়। ৰাজধানী স্থাপনা হয় নহয়। বহুত অকৃতকাৰ্য হৈ
যায়।
সন্তানসকলৰ যেনেকুৱা
অৱস্থা, তেনেকুৱা স্নেহ পিতাৰ পৰা লাভ কৰে। বহুত সন্তানক বাহিৰৰ পৰাও স্নেহ
কৰিবলগীয়া হয়। কোনো কোনোৱে লিখে – বাবা, মই অকৃতকাৰ্য হৈ গলোঁ। পতিত হৈ গলোঁ। এতিয়া
তেওঁলোকক কোনে হাত লগাব! তেওঁলোক পিতাৰ অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। পৱিত্ৰসকলকহে
পিতাই উত্তৰাধিকাৰ দিব পাৰে। প্ৰথমতে এজন এজনক সম্পূৰ্ণ বা-বাতৰি সুধি খতিয়ান লয়।
যেনেকুৱা অৱস্থা তেনেকুৱা স্নেহ। হয়তো বাহিৰৰ পৰা স্নেহ কৰিব, ভিতৰি জানে যে এওঁতো
একেবাৰেই মূৰ্খ, সেৱা কৰিব নোৱাৰে। খেয়ালতো থাকে নহয়। অজ্ঞানকালত যদি সন্তান ভাল
উপাৰ্জন কৰোঁতা হয় তেতিয়া পিতায়ো বহুত স্নেহেৰে লগ কৰিব। কোনোবা বেছি উপাৰ্জন কৰোঁতা
নহ’লে তেতিয়া পিতাৰো ইমান স্নেহ নাথাকে। ইয়াতো এনেকুৱা। সন্তানসকলে বাহিৰতো সেৱা কৰে
নহয়। যি ধৰ্মাৱলম্বীৰে নহওঁক, তেওঁলোকক বুজাব লাগে। পিতাক মুক্তিদাতা বুলি কোৱা হয়
নহয়। মুক্তিদাতা আৰু মাৰ্গ-দৰ্শক কোন হয়, তেওঁৰ পৰিচয় দিব লাগে। সৰ্বোচ্চ ঈশ্বৰ পিতা
আহে সকলোকে মুক্ত কৰে। পিতাই কয় – তোমালোক কিমান পতিত হৈ গৈছা। পৱিত্ৰতা নাই। এতিয়া
মোক স্মৰণ কৰা। পিতাতো চিৰ পৱিত্ৰ। বাকী সকলো পৱিত্ৰৰ পৰা অপৱিত্ৰ নিশ্চয় হয়।
পুনৰ্জন্ম লৈ লৈ অৱনমিত হৈ আহে। এই সময়ত সকলো পতিত, সেইবাবে পিতাই ৰায় দিয়ে –
সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা। এতিয়া মৃত্যুতো সমাগত।
পুৰণি সৃষ্টিৰ এতিয়া অন্ত হ’ব। মায়াৰ পাম্প (বাহ্যিক জাকজমকতা) কিমান, সেইবাবে
মনুষ্যই ভাবে – এয়াতো স্বৰ্গ। এৰোপ্লেন, বিজুলী আদি কি কি আছে, এই সকলোবোৰ হৈছে
মায়াৰ পাম্প। এয়া এতিয়া নাশ হ’ব। তাৰ পাছত স্বৰ্গ স্থাপনা হৈ যাব। এই বিজুলী আদি
সকলো স্বৰ্গততো থাকে। এতিয়া এই সকলোবোৰ স্বৰ্গলৈ কেনেকৈ আহিব। নিশ্চয় সেই কৌশল
জনাসকলক লাগিব নহয়। তোমালোকৰ ওচৰলৈ বহুত ভাল ভাল কাৰিকৰ লোকো আহিব। তেওঁলোকে
ৰাজত্বতো কৰিব নোৱাৰে, তথাপি তোমালোকৰ প্ৰজা হিচাপে আহি যাব। ইঞ্জিনিয়াৰিং আদিৰ
জ্ঞান থকা ভাল ভাল কাৰিকৰ আহিব। এই সকলো আদব-কায়দা বাহিৰৰ বিলাতৰ পৰা আহি থাকে।
সেয়েহে বাহিৰৰসকলকো তোমালোকে শিৱবাবাৰ পৰিচয় দিব লাগে। পিতাক স্মৰণ কৰা। তোমালোকেও
যোগত থকাৰহে বহুত পুৰুষাৰ্থ কৰিব লাগে, এই ক্ষেত্ৰতে মায়াৰ বহুত ধুমুহা আহে। পিতাই
কেৱল কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা। এয়াতো ভাল কথা নহয় জানো। যীশুখ্ৰীষ্টও
তেওঁৰ ৰচনা, ৰচয়িতা পৰম আত্মাতো এজনেই। বাকী সকলো হ’ল ৰচনা। উত্তৰাধিকাৰ ৰচয়িতাৰ
পৰাহে পোৱা যায়। এনেকুৱা যিবোৰ ভাল সাৰ কথা আছে সেয়া টুকি ৰখা উচিত।
পিতাৰ মুখ্য কৰ্তব্য
হ’ল – সকলোকে দুখৰপৰা মুক্ত কৰা। তেওঁ সুখধাম আৰু শান্তিধামৰ দ্বাৰ মুকলি কৰে।
তেওঁকে কয় – হে মুক্তিদাতা দুখৰ পৰা মুক্ত কৰি আমাক শান্তিধাম-সুখধামলৈ লৈ ব’লক।
যেতিয়া ইয়াত সুখধাম হয় তেতিয়া বাকী আত্মাসকল শান্তিধামত থাকে। স্বৰ্গৰ দ্বাৰ পিতাইহে
মুকলি কৰে। এখন দ্বাৰ মুকলি কৰে নতুন সৃষ্টিৰ, আনখন শান্তিধামৰ। এতিয়া যিসকল আত্মা
অপৱিত্ৰ হৈ গৈছে তেওঁলোকক পিতাই শ্ৰীমত দিয়ে – নিজক আত্মা বুলি বুজা, মোক স্মৰণ কৰা
তেতিয়া তোমালোকৰ পাপ খণ্ডন হ’ব। এতিয়া যিসকলে পুৰুষাৰ্থ কৰিব তেওঁলোকে আকৌ নিজৰ
ধৰ্মত উচ্চ পদ পাব। পুৰুষাৰ্থ নকৰিলে কম পদ পাব। ভাল ভাল মুখ্য কথাবোৰ টুকি ৰাখিবা
তেতিয়া সময়ত কামত আহিব পাৰে। তোমালোকে ক’বা – শিৱবাবাৰ বৃত্তিৰ বিষয়ে আমি শুনাম,
তেতিয়া মনুষ্যই ক’ব – এওঁলোক আকৌ কোন যিয়ে ঈশ্বৰ পিতা শিৱৰ বৃত্তিৰ বিষয়ে শুনায়।
তোমালোকে ক’বা – আপোনালোক আত্মা ৰূপততো সকলো ভাই ভাই। আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা
ৰচনা ৰচে সেয়েহে ভাই-ভনী হয়। ঈশ্বৰ পিতা যাক মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি কয়,
তেওঁৰ বৃত্তিৰ বিষয়ে আমি আপোনালোকক শুনাম। নিশ্চয় আমাক ঈশ্বৰ পিতাই শুনাইছে
সেইবাবেতো আপোনালোকক শুনাওঁ। সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। এয়াও বুজাব লাগে। আত্মা
একেবাৰে সূক্ষ্ম তৰা, এই দুচকুৰে আত্মাক দেখা পোৱা নাযায়। দিব্য দৃষ্টিৰে
সাক্ষাৎকাৰ হ’ব পাৰে। বিন্দু হয়, দেখিলে জানো কিবা লাভ হ’ব। পিতাও এনেকুৱা বিন্দু,
তেওঁক পৰম আত্মা বুলি কয়। আত্মা দেখিবলৈ একেই কিন্তু তেওঁ সৰ্বোচ্চ, জ্ঞানময়,
আনন্দময়, মুক্তিদাতা আৰু মাৰ্গ-দৰ্শক। তেওঁৰ বহুত মহিমা গাব লাগে। নিশ্চয় পিতা আহিব
তেতিয়াহেতো লগত লৈ যাব নহয়। আহি জ্ঞান দিব। পিতাইহে কয় – আত্মা ইমান সূক্ষ্ম, ময়ো
ইমানে সূক্ষ্ম। জ্ঞানো নিশ্চয় কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰি দিব। আত্মাৰ কাষতে আহি বহিম।
মোৰ শক্তি আছে, কৰ্মেন্দ্ৰিয় পাই গলোঁ গতিকে মই মালিক হৈ গলোঁ। এই কৰ্মেন্দ্ৰিয়ৰ
দ্বাৰা বহি বুজাওঁ, এওঁক (ব্ৰহ্মাক) আদম বুলিও কোৱা হয়। আদম হ’ল প্ৰথম মনুষ্য।
মনুষ্যৰ বংশবৃক্ষ আছে নহয়। এওঁ মাতা-পিতাও হয়, এওঁৰ পৰা আকৌ ৰচনা হয়, হওঁতে পুৰণা
কিন্তু তুলি লোৱা হৈছে, নহ’লেনো ব্ৰহ্মা ক’ৰপৰা আহিল। ব্ৰহ্মাৰ পিতাকৰ নাম কোনোবাই
কোৱাচোন। ব্ৰহ্মা, বিষ্ণু, শংকৰ এওঁলোক কাৰোবাৰ ৰচনাতো হ’ব নহয়! ৰচয়িতাতো এজনে,
পিতাইতো এওঁক তুলি লৈছে, এয়া যদি কোনোবা সৰু ল’ৰা-ছোৱালীয়েও বহি শুনায় তেতিয়া ক’ব –
এয়াতো বহুত উচ্চ জ্ঞান।
যিসকল সন্তানৰ ভালকৈ
ধাৰণা হয় তেওঁলোক বহুত আনন্দিত হৈ থাকিব, কেতিয়াও হামি নাহিব। কোনোবাই বুজি নাপালে
তেতিয়া হামিয়াই-হিকটিয়াই থাকিব। ইয়াততো তোমালোকৰ কেতিয়াও হামি অহা অনুচিত। উপাৰ্জন
কৰাৰ সময়ত কেতিয়াও হামি নাহে। গ্ৰাহক নাথাকিলে, বেপাৰ ঠাণ্ডা হ’লে তেতিয়া হামি আহি
থাকিব। ইয়াতো ধাৰণা নহয়। কোনোৱেতো একেবাৰে বুজি নাপায় কিয়নো দেহ-অভিমান থাকে।
দেহী-অভিমানী হৈ বহিব নোৱাৰিব। কিবা নহয় কিবা বাহিৰৰ কথা স্মৃতিলৈ আহি যাব। সাৰ কথা
আদিও টুকি ৰাখিব নোৱাৰিব। তীক্ষ্ণ বুদ্ধিৰসকলে তৎক্ষণাৎ টুকি ৰাখিব – এই কথাবোৰতো
বহুত ভাল। বিদ্যাৰ্থীৰ চলনো শিক্ষকে দেখা পায় নহয়। বিচাৰ বুদ্ধি সম্পন্ন শিক্ষকৰ
নজৰ সকলোফালে ঘূৰি থাকে সেইবাবেতো পঢ়াৰ প্ৰমাণপত্ৰ দিয়ে। আচৰণৰ (চৰিত্ৰৰ)
প্ৰমাণপত্ৰ উলিয়ায়। কিমান অনুপস্থিত থাকিল, সেয়াও উলিয়ায়। ইয়াত যদিও উপস্থিত থাকে
কিন্তু একোৱে বুজি নাপায়, ধাৰণা নহয়। কোনোৱে কয় – বুদ্ধি ভোদা, ধাৰণা নহয়, বাবাই কি
কৰিব! এয়া তোমালোকৰ কৰ্মৰ হিচাপ-নিকাচ। পিতাইতো পুৰুষাৰ্থ একেধৰণেই কৰায়। যদি
তোমালোকৰ ভাগ্যত নাই তেনেহ’লে কি কৰিব! স্কুলতো কোনোবা উত্তীৰ্ণ, কোনোবা অনুত্তীৰ্ণ
হয়। এয়া হ’ল বেহদৰ পঢ়া, যি বেহদৰ পিতাই পঢ়ায়। আন ধৰ্মাৱলম্বীসকলে গীতাৰ কথা বুজি
নাপাব। দেশ চাই বুজাবলগীয়া হয়। প্ৰথমতে উচ্চতকৈও উচ্চ পিতাৰ পৰিচয় দিবলগীয়া হয়। তেওঁ
কেনেকৈ মুক্তিদাতা, মাৰ্গ-দৰ্শক হয়! স্বৰ্গত এই বিকাৰ নাথাকে। এই সময়ত এইখনক কোৱা
হয় চয়তানৰ ৰাজ্য। পুৰণি সৃষ্টি হয় নহয়, ইয়াক সোণালী যুগী বুলি নকয়। নতুন সৃষ্টি
আছিল, এতিয়া পুৰণি হৈছে। সন্তানসকলৰ যাৰ সেৱাৰ চখ আছে তেওঁলোকে মুখ্য কথাবোৰ টুকি
ৰখা উচিত। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াত বহুত
উপাৰ্জন হয়, সেইবাবে আনন্দেৰে উপাৰ্জন কৰিব লাগে। পঢ়াৰ সময়ত যাতে কেতিয়াও হামি আদি
নাহে, বুদ্ধিযোগ ইফালে-সিফালে নাযায়। মূল কথাবোৰ টুকি ৰাখি ধাৰণা কৰি গৈ থাকা।
(2) পৱিত্ৰ হৈ পিতাৰ
অন্তৰৰ স্নেহ পোৱাৰ অধিকাৰী হ’ব লাগে। সেৱাত হুচিয়াৰ হ’ব লাগে, ভালকৈ উপাৰ্জন কৰিব
আৰু কৰাব লাগে।
বৰদান:
জীৱন্তে মৃত
জন্মৰ স্মৃতিৰে সকলো কৰ্মবন্ধন সমাপ্ত কৰোঁতা কৰ্মযোগী হোৱা
এইটো জীৱন্তে মৃত
দিব্য জন্ম, কৰ্মবন্ধনৰ জন্ম নহয়, এয়া কৰ্মযোগী জন্ম। এই অলৌকিক দিব্য জন্মত
ব্ৰাহ্মণ আত্মা স্বতন্ত্ৰ হয় পৰতন্ত্ৰ নহয়। এই দেহ লোণত প্ৰাপ্ত হৈছে, গোটেই বিশ্বৰ
সেৱাৰ কাৰণে পুৰণি শৰীৰত পিতাই শক্তি প্ৰদান কৰি চলাই আছে, দায়বদ্ধ হৈছে পিতা
তোমালোক নহয়। পিতাই নিৰ্দেশনা দিছে যে কৰ্ম কৰা, তোমালোক স্বতন্ত্ৰ, চলাওঁতাই চলাই
আছে। এইটো বিশেষ ধাৰণাৰে কৰ্মবন্ধন সমাপ্ত কৰি কৰ্মযোগী হোৱা।
স্লোগান:
সময়ৰ সমীপতাৰ আধাৰ হৈছে - বেহদৰ বৈৰাগ্য বৃত্তি।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যিমানে স্মৃতিত থাকিবা
সিমানে অনুভৱ কৰিবা যে মই অকলশৰীয়া নহয় বাপদাদা সদায় লগত আছে। যিকোনো সমস্যা
সন্মুখত আহিলে তেতিয়া এইটোৱে যাতে স্মৃতিত থাকে যে মই সংযুক্ত, তেতিয়া ভয়ভীত নোহোৱা।
সংযুক্ত ৰূপৰ স্মৃতিৰে যিকোনো কঠিন কাৰ্য সহজ হৈ যাব। নিজৰ সকলো বোজা পিতাৰ ওপৰত দি
নিজে পাতল হৈ যোৱা তেতিয়া নিজক সদায় ভাগ্যশালী অনুভৱ কৰিবা আৰু ফৰিস্তাৰ দৰে নাচি
থাকিবা।