21.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক আত্মাসকলৰ প্ৰেম একমাত্ৰ পিতাৰ সৈতে, পিতাই তোমালোকক আত্মাক প্ৰেম কৰিবলৈ শিকাইছে, শৰীৰক নহয়”

প্ৰশ্ন:
কোনটো পুৰুষাৰ্থতহে মায়াই বিঘিনি আনে? মায়াজিৎ হোৱাৰ যুক্তি কি?

উত্তৰ:
তোমালোকে পুৰুষাৰ্থ কৰা যে আমি পিতাক স্মৰণ কৰি নিজৰ পাপ ভস্ম কৰোঁ আৰু এই পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে মায়াৰ বিঘিনি আহে। ওস্তাদ পিতাই তোমালোকক মায়াজিৎ হোৱাৰ যুক্তি শুনায়। তোমালোকে ওস্তাদক চিনি লৈ স্মৰণ কৰিবা তেতিয়া আনন্দিত হৈও থাকিবা, পুৰুষাৰ্থও কৰি থাকিবা আৰু সেৱাও খুব কৰিবা। মায়াজিতো হৈ যাবা।

গীত:
ইস পাপ কি দুনিয়া সে….. (এই পাপৰ সৃষ্টিৰ পৰা…)

ওঁম্শান্তি।
আত্মিক সন্তানসকলে গীতটি শুনিলা আৰু ইয়াৰ অৰ্থ বুজিলা। জগতত কোনেও অৰ্থ বুজি নাপায়। সন্তানসকলে বুজি পায় আমাৰ অৰ্থাৎ আত্মাৰ প্ৰেম পৰমপিতা পৰমাত্মাৰ সৈতে। আত্মাই নিজৰ পিতা পৰমপিতা পৰম আত্মাক আহ্বান জনায়। মৰম আত্মাৰ প্ৰতি আছে নে শৰীৰৰ প্ৰতি? এতিয়া পিতাই শিকায় যে মৰম আত্মাৰ প্ৰতি থাকিব লাগে। শৰীৰতো শেষ হৈ যাব। মৰম আত্মাত আছে। এতিয়া পিতাই বুজায় - তোমালোকৰ মৰম পৰমাত্মা পিতাৰ প্ৰতি থাকিব লাগে, শৰীৰৰ প্ৰতি নহয়। আত্মাইহে নিজৰ পিতাক আহ্বান জনায় যে পুণ্য আত্মাসকলৰ সৃষ্টিলৈ লৈ ব’লক। তোমালোকে বুজি পোৱা - আমি পাপ আত্মা আছিলোঁ, এতিয়া আকৌ পুণ্য আত্মা হৈ আছোঁ। পিতাই তোমালোকক যুক্তিৰে পুণ্য আত্মা কৰি আছে। পিতাই শুনাব তেতিয়াহে সন্তানসকলৰ অনুভৱ হ’ব আৰু বুজিব যে আমি পিতাৰ দ্বাৰা পিতাৰ স্মৃতিৰে পৱিত্ৰ পুণ্য আত্মা হৈ আছোঁ। যোগবলেৰে আমাৰ পাপ ভস্ম হৈ আছে। বাকী গংগা আদিত কোনো পাপ ধুব নোৱাৰি। মনুষ্যই গংগা স্নান কৰে, শৰীৰত মাটি ঘঁহে কিন্তু তাৰ দ্বাৰা কোনো পাপ মোচন নহয়। আত্মাৰ পাপ যোগবলেৰেহে আঁতৰ হয়। খাদ (বিকাৰৰ লেপ) আঁতৰে, এয়াতো সন্তানসকলেহে জানে আৰু নিশ্চয়তা আছে যে আমি বাবাক স্মৰণ কৰিম তেতিয়া আমাৰ পাপ ভস্ম হ’ব। যদি নিশ্চয়তা আছে তেন্তে পুৰুষাৰ্থ কৰিব লাগে নহয়। এই পুৰুষাৰ্থতে মায়াই বিঘিনি আনে। বলৱানৰ লগত মায়ায়ো ভালকৈ বলৱান হৈ যুঁজে। অপৈণতসকলৰ সৈতে কি ৰ্যুঁজিব। সন্তানসকলে সদায় এইটো খেয়াল ৰাখিব লাগে যে আমি মায়াজিৎ জগতজিৎ হ’ব লাগে। “মায়াক জয় কৰাজনেই জগতজিৎ” ইয়াৰ অৰ্থও কোনেও নুবুজে। এতিয়া তোমালোক সন্তানসকলক বুজোৱা হয় - তোমালোকে কেনেকৈ মায়াৰ ওপৰত বিজয়ী হ’ব পাৰা। মায়াও সমৰ্থ হয় নহয়। তোমালোক সন্তানসকলে ওস্তাদক পাইছা। সেই ওস্তাদকো ক্ৰমানুসৰি কোনোবা বিৰলজনেহে জানে। যিয়ে জানে তেওঁ আনন্দিতও হৈ থাকে। পুৰুষাৰ্থও খুব কৰে। সেৱাও খুব কৰে। অমৰনাথলৈ বহুত লোক যায়।

এতিয়া সকলো মনুষ্যই কয় যে বিশ্বত শান্তি কেনেকৈ হ’ব? এতিয়া তোমালোকে সকলোকে সিদ্ধ কৰি কোৱা যে সত্যযুগত কেনেকুৱা সুখ-শান্তি আছিল। গোটেই বিশ্বত শান্তি আছিল। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, অন্য কোনো ধৰ্ম নাছিল। আজিৰ পৰা 5 হাজাৰ বছৰ হ’ল যেতিয়া সত্যযুগ আছিল আকৌ সৃষ্টিয়ে চক্ৰতো নিশ্চয় পৰিক্ৰমা লগাব লাগে। চিত্ৰবোৰৰ দ্বাৰা তোমালোকে একেবাৰে স্পষ্টকৈ শুনোৱা, কল্প পূৰ্বেও এনেকুৱা চিত্ৰ তৈয়াৰ কৰা হৈছিল। দিনে-প্ৰতিদিনে উন্নতি হৈ গৈ থাকে। ক’ৰবাত সন্তানসকলে চিত্ৰবোৰত তিথি-তাৰিখ লিখিবলৈ পাহৰি যায়। লক্ষ্মী-নাৰায়ণৰ চিত্ৰত তিথি-তাৰিখ নিশ্চয় থাকিব লাগে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে নহয় যে আমি স্বৰ্গবাসী আছিলোঁ, এতিয়া পুনৰ হ’ব লাগে। যিয়ে যিমান পুৰুষাৰ্থ কৰে সেই অনুসৰি পদ পায়। এতিয়া পিতাৰ দ্বাৰা তোমালোক জ্ঞানৰ হৰ্তা-কৰ্তা হৈছা। ভক্তি এতিয়া সমাপ্ত হৈ যাব। সত্যযুগ-ত্ৰেতাত জানো ভক্তি থাকিব। পাছত আধাকল্প ভক্তি চলে। এইটোও এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা। আধাকল্পৰ পাছত ৰাৱণৰাজ্য আৰম্ভ হয়। গোটেই খেলখন তোমালোক ভাৰতবাসীক লৈয়ে। 84 ৰ চক্ৰ ভাৰততে হয়। ভাৰতেই অবিনাশী খণ্ড, এইটোও আগতে জানো জানিছিলা। লক্ষ্মী-নাৰায়ণক ভগৱান-ভগৱতী বুলি নকয় জানো। কিমান উচ্চ পদ আৰু পঢ়া কিমান সহজ। এই 84ৰ চক্ৰ সম্পূৰ্ণ কৰি আকৌ আমি উভতি যাওঁ। 84ৰ চক্ৰ বুলি ক’লে বুদ্ধি ওপৰলৈ গুচি যায়। এতিয়া তোমালোকৰ মুললোক, সূক্ষ্মলোক, স্থূললোক সকলো স্মৃতিত আছে। আগতে জানো জানিছিলা - সূক্ষ্মলোক কি? এতিয়া তোমালোকে বুজি পোৱা তাত কেনেকৈ আকাৰ ইংগিতত বাৰ্তালাপ কৰে। ছায়াছবিৰ চিনেমাও ওলাইছিল। তোমালোকক বুজাবলৈ সহজ হয়। শব্দ ৰহিত (শান্তি), ছায়াছবি, বাণী। তোমালোকে লক্ষ্মী-নাৰায়ণৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সকলো জানা, গোটেই চক্ৰ বুদ্ধিত আছে।

তোমালোক গৃহস্থালিত থাকি এইটোৱে চিন্তাত থাকিব লাগে যে আমি পাৱন হ’ব লাগে। পিতাই বুজায় - গৃহস্থালিত থাকিও এই পুৰণি সৃষ্টিৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া। সন্তান আদিৰ তত্বাৱধান অৱশ্যে লোৱা। কিন্তু বুদ্ধি যাতে পিতাৰ ফালে থাকে। এনেকৈ কয় নহয় - হাতেৰে কাম কৰি থাকা, বুদ্ধি পিতাৰ সৈতে যুক্ত কৰি ৰাখা। সন্তানক খুউৱা-বুউৱা, স্নান কৰোৱা, বুদ্ধিত পিতাৰ স্মৃতি থাকক কিয়নো জানা যে শৰীৰত পাপৰ বোজা বহুত আছে সেইবাবে বুদ্ধি যাতে পিতাৰ সৈতে যুক্ত হৈ থাকে। সেইজন প্ৰেমিকক বহুত স্মৰণ কৰিব লাগে। প্ৰেমিক পিতাই তোমালোক সকলো আত্মাক কয় - মোক স্মৰণ কৰা, এইটো ভূমিকাও এতিয়া চলি আছে পুনৰ 5 হাজাৰ বছৰৰ পাছত চলিব। পিতাই কিমান সহজ যুক্তি শুনায়। কোনো কষ্ট নাই। কোনোৱে কয় - আমিতো এইটো কৰিব নোৱাৰোঁ, আমাৰ বহুত কষ্ট অনুভৱ হয়, স্মৃতিৰ যাত্ৰা অতি কঠিন। হেৰ’, তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰা! পিতাক জানো পাহৰি যাব লাগে। পিতাকতো ভালকৈ স্মৰণ কৰিব লাগে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক সৰ্বদা স্বাস্থ্যৱান হৈ যাবা। নহ'লে হ'ব নোৱাৰিবা। তোমালোকে এটাই বহুত ভাল সঠিক ৰায় পোৱা। এটাই সঠিক ঔষধ থাকে নহয়। মই তিশ্ৰুতি দিছোঁ এই যোগবলেৰে তোমালোক 21 জন্মৰ কাৰণে কেতিয়াও ৰোগী নোহোৱা। কেৱল পিতাক স্মৰণ কৰা - কিমান সহজ উপায়। ভক্তিমাৰ্গত নজনাকৈয়ে স্মৰণ কৰিছিলা। এতিয়া পিতাই বহি বুজায়, তোমালোকে বুজি পোৱা - আমি কল্প পূৰ্বেও বাবা আপোনাৰ ওচৰলৈ আহিছিলোঁ, পুৰুষাৰ্থ কৰিছিলোঁ। দৃঢ় নিশ্চয়তা জন্মি গৈছে। আমিয়েই ৰাজ্য কৰিছিলোঁ পুনৰ আমি হেৰুৱালোঁ এতিয়া পুনৰ বাবা আহিছে, তেওঁৰ পৰা ৰাজ্য-ভাগ্য ল'ব লাগে। পিতাই কয় - মোক স্মৰণ কৰা আৰু ৰাজ্য-ভাগ্যক স্মৰণ কৰা। মনমনাভৱ। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এতিয়া নাটক পূৰা হয়, উভতি যামগৈ। বাবা সকলোকে লৈ যাবলৈ আহিছে। যেনেকৈ দৰা, কইনাক নিবলৈ আহে। কইনা বহুত আনন্দিত হয়, মই নিজৰ শহুৰৰ ঘৰলৈ যাওঁ। তোমালোক সকলো হৈছা এজন ৰামৰ সীতা। ৰামেহে তোমালোকক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি লৈ যায়। মুক্তিদাতা এজনে হয়, ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰে। কয়ো - এয়া ৰাৱণৰাজ্য, কিন্তু যথাৰ্থ ৰীতিৰে বুজি নাপায়। এতিয়া সন্তানসকলক বুজোৱা হয়, অন্যক বুজাবৰ কাৰণে বহুত ভাল ভাল সাৰ কথা দিয়া হয়। বাবাই বুজাইছে - এনেকৈ লিখি দিয়া যে বিশ্বত শান্তি কল্প পূৰ্বৰ দৰেই পিতাই প্ৰতিষ্ঠা কৰি আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হৈ আছে। যেতিয়া বিষ্ণুৰ ৰাজ্য আছিল তেতিয়া বিশ্বত শান্তি আছিল নহয়। বিষ্ণুৱেই লক্ষ্মী-নাৰায়ণ আছিল, এইটোও জানো কোনোবাই বুজি পায়। বিষ্ণু আৰু লক্ষ্মী-নাৰায়ণ আৰু ৰাধা-কৃষ্ণক বেলেগ বেলেগ বুলি ভাবে। এতিয়া তোমালোকে বুজি পাইছা, স্বদৰ্শন চক্ৰধাৰীও তোমালোকেই হোৱা। শিৱবাবা আহি সৃষ্টি চক্ৰৰ জ্ঞান দিয়ে। তেওঁৰ দ্বাৰা এতিয়া আমিও মাষ্টৰ জ্ঞান সাগৰ হৈছোঁ। তোমালোক জ্ঞান নদী হোৱা নহয়। এয়াতো সন্তানসকলৰহে নাম।

ভক্তিমাৰ্গত মনুষ্যই কিমান স্নান কৰে, কিমান হাবাথুৰি খায়। বহুত দান-পুণ্য আদি কৰে, ধনৱান লোকসকলেতো বহুত দান কৰে। সোণো দান কৰে। তোমালোকেও এতিয়া বুজি পোৱা - আমি কিমান হাবাথুৰি খাইছিলোঁ। এতিয়া আমি কোনো হঠযোগীতো (শৰীৰক কষ্ট দি জোৰ কৰি কৰা যোগী) নহয়। আমিতো ৰাজযোগী। পৱিত্ৰ গৃহস্থ আশ্ৰমৰ আছিলোঁ পুনৰ ৰাৱণৰাজ্যত অপৱিত্ৰ হৈ গৈছোঁ। ড্ৰামা অনুসৰি পিতাই পুনৰ গৃহস্থ ধৰ্ম প্ৰতিষ্ঠা কৰি আছে অন্য কোনেও প্ৰতিষ্ঠা কৰিব নোৱাৰে। মনুষ্যই তোমালোকক কয় যে তোমালোক সকলো যদি পৱিত্ৰ হোৱা তেন্তে সৃষ্টি কেনেকৈ চলিব? তেতিয়া ক’বা, ইমানবিলাক সন্যাসী পৱিত্ৰ হৈ থাকে তাৰ বাবে সৃষ্টি স্তব্ধ হৈ গৈছে নেকি? হেৰ’ সৃষ্টি ইমান বাঢ়ি গ'ল, খাবৰ কাৰণে খাদ্য শস্যও নাই সৃষ্টিৰ আৰু কি বৃদ্ধি কৰাবা। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, বাবা আমাৰ সন্মুখত হাজিৰ হৈ আছে, কিন্তু তেওঁক এই দুচকুৰে দেখা পোৱা নাযায়। বুদ্ধিৰে জনা যায়, বাবাই আমাক অৰ্থাৎ আত্মাসকলক পঢ়ায়, হাজিৰ হৈ আছে।

যিসকলে ‘বিশ্ব শান্তি’ৰ কথা কয়, তেওঁলোকক তোমালোকে ক’বা যে বিশ্বত শান্তিতো পিতাই প্ৰতিষ্ঠা কৰি আছে। তাৰ কাৰণেই পুৰণি সৃষ্টিৰ বিনাশ সমাগত, 5 হাজাৰ বছৰ পূৰ্বেও বিনাশ হৈছিল। এতিয়াও সেই বিনাশ সমাগত পুনৰ বিশ্বত শান্তি হৈ যাব। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এই কথাবোৰেই আছে। জগতত কোনেও নাজানে। কোনো নাই যাৰ বুদ্ধিত এই কথাবোৰ আছে। তোমালোকে জানা সত্যযুগত গোটেই বিশ্বত শান্তি আছিল। একমাত্ৰ ভাৰত খণ্ডৰ বাহিৰে দ্বিতীয় কোনো খণ্ড নাছিল। পাছলৈ অন্য খণ্ডবোৰ হ'ল। এতিয়া কিমান খণ্ড আছে। এতিয়া এই খেলৰো অন্ত হোৱাৰ সময়। কয়ো যে ভগৱান নিশ্চয় আছে, কিন্তু ভগৱান কোন আৰু কি ৰূপত আহে এইটো নাজানে। শ্ৰীকৃষ্ণতো হ'ব নোৱাৰে। নতুবা কোনো প্ৰেৰণাৰে বা শক্তিৰে কাম কৰাব পাৰে। পিতাতো অতিকৈ মৰমৰ, তেওঁৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। পিতাইহে স্বৰ্গ স্থাপনা কৰে আকৌ তেওঁ নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশো কৰাব। তোমালোকে জানা যে সত্যযুগত এই লক্ষ্মী-নাৰায়ণ আছিল। এতিয়া পুনৰ নিজে পুৰুষাৰ্থৰ দ্বাৰা এনেকুৱা হৈ আছে। নিচা থাকিব লাগে নহয়। ভাৰতত ৰাজত্ব কৰিছিল। শিৱবাবাই ৰাজ্য দি গৈছিল, এনেকৈ কোৱা নহ’ব যে শিৱবাবাই ৰাজত্ব কৰি গৈছিল। নহয়। ভাৰতক ৰাজ্য দি গৈছিল। লক্ষ্মী-নাৰায়ণে ৰাজ্য কৰিছিল নহয়। পুনৰ বাবা ৰাজ্য-ভাগ্য দিবলৈ আহিছে। তেওঁ কয় – অতি মৰমৰ সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা। তোমালোকেই 84 জন্ম লৈছা। কম পুৰুষাৰ্থ কৰিলে তেতিয়া বুজিবা এওঁ কম ভক্তি কৰিছে। বেছিকৈ ভক্তি কৰোঁতাসকলে পুৰুষাৰ্থও বেছিকৈ কৰিব। কিমান স্পষ্টকৈ বুজায় কিন্তু বুদ্ধিত ধাৰণ হ’লেহে। তোমালোকৰ কাম হ'ল পুৰুষাৰ্থ কৰা। যদিহে কম ভক্তি কৰিছা তেন্তে যোগযুক্ত হ’ব নোৱাৰিবা। শিৱবাবাৰ স্মৃতি বুদ্ধিত স্থায়ী হৈ নাথাকিব। পুৰুষাৰ্থত কেতিয়াও ঢিলা হ'ব নালাগে। মায়াক শক্তিশালী ৰূপত দেখি হার্ট ফেইল হোৱা উচিত নহয়। মায়াৰ ধুমুহাতো বহুত আহিব। পিতাই এয়াও সন্তানসকলক বুজাইছে, আত্মায়ে সকলো কৰে। শৰীৰ বিনাশ হৈ যাব। আত্মা ওলাই গ’ল, শৰীৰ মাটি হৈ গ'ল। সেয়াতো আৰু পোৱা নাযায়। আকৌ তেওঁক স্মৰণ কৰি কন্দা-কটা কৰি লাভেই বা কি। সেইটোৱে বস্তু (মৃতকক) পুনৰ ঘূৰাই পাবা জানো। আত্মাতো গৈ অন্য এটা শৰীৰ ধাৰণ কৰিলে। তোমালোকে এতিয়া কিমান উচ্চ উপাৰ্জন কৰা। তোমালোকৰহে জমা হয়, বাকী সকলোৰে নোহোৱা হৈ যাব।

বাবা ভোলা বেপাৰী সেইবাবেতো তোমালোকক চাউল মুঠিৰ সলনি 21 জন্মৰ কাৰণে মহল দি দিয়ে, কিমান সুত দিয়ে। তোমালোকে যিমান বিচৰা ভৱিষ্যতৰ কাৰণে জমা কৰা। কিন্তু এনেকুৱা নহয়, অন্তিমত আহি ক’বা জমা কৰক, তেতিয়া সেই সময়ত লৈ কি কৰিব। অজলা বেপাৰীতো নহয়। কামতেই নাহে আৰু সুতসহ দিব লাগে। এনেকুৱাসকলৰ পৰা কিয় ল’ব। তোমালোকে চাউল মুঠিৰ সলনি 21 জন্মৰ কাৰণে মহল পাই যোৱা। কিমান সুত পোৱা। বাবাই কয় –এক নম্বৰ ভোলাতো মই হওঁ। চোৱা, তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ, কেৱল তোমালোকে মোৰ হৈ সেৱা কৰা। ভোলানাথ হয় সেইবাবেতো তেওঁক সকলোৱে স্মৰণ কৰে। তোমালোক এতিয়া জ্ঞানমাৰ্গত আছা। এতিয়া পিতাৰ শ্রীমতত চলা আৰু বাদশ্বাহী লোৱা। সন্তানসকলে কয়ো যে বাবা আমি ৰাজ্য-ভাগ্য ল’বলৈ আহিছোঁ। সেয়াও সূৰ্যবংশীত। বাৰু, তোমালোকৰ মুখ মিঠা হওঁক। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত চলি বাদশ্বাহী ল’ব লাগে। চাউল মুঠি দি 21 জন্মৰ কাৰণে মহল ল’ব লাগে। ভৱিষ্যতৰ কাৰণে উপাৰ্জন জমা কৰিব লাগে।

(2) গৃহস্থালিত থাকি এই পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই সম্পূৰ্ণ পাৱন হ'ব লাগে। সকলো কৰিও বুদ্ধি যাতে পিতাৰ লগত যুক্ত হৈ থাকে।

বৰদান:
মনৰ শুভ-ভাৱনাৰ দ্বাৰা ইজনে-সিজনক আগবঢ়াই লৈ যাওঁতা বিশ্ব কল্যাণকাৰী হোৱা

যদি কোনোবাই কিবা ভুল কৰি আছে তেন্তে তেওঁক পৰৰ বশীভূত বুলি বুজি দয়াৰ দৃষ্টিৰে পৰিৱৰ্তন কৰা, আলোচনা নকৰিবা। যদি কোনোবা পাথৰৰ বাবে ৰৈ যায় তেন্তে তোমালোকৰ কাম হৈছে পাৰ হৈ গুচি যোৱা আৰু তেওঁকো সংগী কৰি লৈ পাৰ কৰি লৈ যোৱা। ইয়াৰ বাবে প্ৰত্যেকৰে বিশেষত্বসমুহক চোৱা, ত্ৰুটিসমূহ এৰি গৈ থাকা। এতিয়া কাৰোবাক বাণীৰে সাৱধান কৰাৰ সময় নাই কিন্তু মনৰ শুভ-ভাৱনাৰ দ্বাৰা ইজন-সিজনৰ সহযোগী হৈ আগবাঢ়ি যোৱা আৰু আগবঢ়াই লৈ যোৱা তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ’ব।

স্লোগান:
দৃঢ় সংকল্পৰ পেটী বান্ধি লোৱা তেতিয়া আসনৰ পৰা বিচলিত নোহোৱা।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

প্ৰত্যক্ষতাৰ সূৰ্য উদয় তেতিয়া হ’ব যেতিয়া পৱিত্ৰতাৰ অগ্নি শিখা চাৰিওফালে জ্বলাবা। যেনেকৈ সেই অগ্নি শিখা লৈ পৰিক্ৰমা লগায়, তেনেকৈ পৱিত্ৰতাৰ অগ্নি শিখা চাৰিওফালে জকমকাই দিয়া তেতিয়া সকলোৱে পিতাক দেখিব পাৰিব, চিনিব পাৰিব। পৱিত্ৰতাৰ অগ্নি শিখা যিমানে অচল হ’ব সিমানেই সহজে সকলোৱে পিতা চিনিব পাৰিব আৰু পৱিত্ৰতাৰ জয়জয়কাৰ হ’ব।