21.06.26    Avyakt Bapdada     Assame Murli     15.11.2010     Om Shanti     Madhuban


“*“স্ব-পৰিৱৰ্তনৰ গতি তীব্ৰ কৰি সংস্কাৰ-স্বভাৱ সমাপ্তিৰ সমাৰোহ উদ্‌যাপন কৰা, প্ৰতিটো সংকল্প, বাণী আৰু কৰ্মত পিতা ব্ৰহ্মাক অনুকৰণ কৰা”*”


আজি বাপদাদাই সকলোৰে মস্তকত তিনিটা ভাগ্যৰ জিলিকি থকা চিহ্ন চাই আছেহঁক। এটা হ’ল পিতাৰ দ্বাৰা প্ৰতিপালনৰ ভাগ্য, দ্বিতীয়তো হৈছে শিক্ষক ৰূপত শিক্ষাৰ ভাগ্য, তৃতীয়টো হ’ল সৎগুৰুৰ দ্বাৰা বৰদানৰ ভাগ্য। তিনিওটা ভাগ্য জিলিকি থকা চাই আছে। প্ৰতিগৰাকীৰে মস্তক তিনিওটা ভাগ্যৰে জিলিকি আছে। এনেকুৱা ভাগ্য অন্য কাৰো মস্তকত জিলিকি থকা দেখা পোৱা নাযায়। কিন্তু তোমালোক সকলোৰে মস্তক ভাগ্যৰে জিলিকি আছে। তোমালোক সকলোৱেও নিজৰ ভাগ্য দেখি আছা নহয়! বাপদাদাই দেখিছে ভাগ্যতো সকলোৱে পাইছে কিন্তু ভাগ্যৰ জিলিকনি সকলোৰে একে সমান নহয়। কোনোজনৰ জিলিকনি বহুত উজ্বল, কোনোজনৰ জিলিকনি অলপ কম দেখিবলৈ পোৱা গৈছে। এনেও বাপদাদাই সকলোকে একেলগে একে নিচিনাই ভাগ্য দিছে। পঢ়া একেই পঢ়ায়। প্ৰতিপালন একে নিচিনাই কৰে আৰু বৰদানো একে নিচিনাই দিয়ে। আদি ৰত্ন বা পিছত অহাসকল সকলোৱে একেই মুৰুলীৰ দ্বাৰা প্ৰতিপালন পায়, পাঠ পায়। বৰদানো একেই সকলোৱে পায়। আদি ৰত্নৰ মুৰুলী বেলেগ নহয়, একেই। কিন্তু ক্ৰমানুসৰি জিলিকি থকা ভাগ্য দেখিবলৈ পোৱা গৈছে। পিতাৰ স্নেহৰ প্ৰতিপালন সকলোৱে একে নিচিনাই পাই আছে। প্ৰত্যেকৰে মুখেৰে এইটো ওলায় “মোৰ বাবা” যাকেই সোধা পিতাৰ পৰা স্নেহ পাইছানে? তেতিয়া গৌৰৱেৰে কয় মই পিতাৰ স্নেহ সকলোতকৈ বেছিকৈ পাইছোঁ। এই “মোৰ বাবা” বুলি অন্তৰেৰে কওঁতাজনে গৌৰৱেৰে কি কয়? যে মোৰ স্নেহ সকলোতকৈ বেছি। বাবাৰ স্নেহ প্ৰথমে মোলৈ আছে কিয়নো স্নেহেই পিতাৰ প্ৰতিপালন। এই “মোৰ বাবা” বুলি মানি লোৱাৰ কাৰণে তোমালোক পিতাৰ হৈ গ’লা আৰু পিতা তোমালোকৰ হৈ গ’ল।

আজি তোমালোক সকলো আহিছা তেন্তে স্নেহৰ প্লেনত আহিছা নহয়! স্নেহে টানি সকলোকে ইয়ালৈ লৈ আহিছে। সকলো স্নেহৰ দ্বাৰা আৰামত আহি পালা। এই পৰমাত্ম স্নেহ কেৱল এতিয়া সংগমত প্ৰাপ্ত হয়। ভৱিষ্যতে দেৱ আত্মাসকলৰ স্নেহ প্ৰাপ্ত হ’ব কিন্তু পৰমাত্ম স্নেহ এই এটা জন্মতে প্ৰাপ্ত হয়। গতিকে বাপদাদায়ো এনেকুৱা পাত্ৰ আত্মাসকলক দেখি কি কয়? বাঃ! সন্তান বাঃ! তোমালোকেই কোটিৰ মাজত কোনোবা পাত্ৰ হৈছা আৰু প্ৰতিটো কল্পত তোমালোকেই পাত্ৰ হ’বা। এনেকুৱা নিচা চলোঁতে ফুৰোঁতে থাকে নহয়! তোমালোকৰ অন্তৰেও এইটো গীত গায় বাঃ! মোৰ ভাগ্য! এইটো গীত গাই থাকা নহয়! পিতাও আনন্দিত হয় যে এই সকলো সন্তান অধিকাৰী। নিজক কোনেও পৰমাত্ম স্নেহত কম বুলি নাভাবে। স্নেহত সকলো উত্তীৰ্ণ। বাপদাদাই সোধে যে সকলোতকৈ বেছি স্নেহ কাৰ? তেতিয়া কোনে ক’ব? সকলোৱে জানে যে মোৰ স্নেহ কম নহয়, পিতায়ো কয় যে স্নেহৰ বিষয়টিত সকলো উত্তীৰ্ণ সেয়েহে “মোৰ বাবা” বুলি কয়। কিমান স্নেহ, সেয়া প্ৰতিগৰাকীয়ে জানে। গতিকে বাপদাদাই দেখিছে যে স্নেহততো সকলো উত্তীৰ্ণ কিন্তু এতিয়া সময় অনুসৰি স্ব-পৰিৱৰ্তন, তাৰো আৱশ্যকতা আছে। কেৱল স্ব-পৰিৱৰ্তন, বিশেষকৈ কৈছিলোঁ যে এই সময়ত স্ব-পৰিৱৰ্তনত বিশেষকৈ সংস্কাৰ পৰিৱৰ্তন, স্বভাৱ পৰিৱৰ্তন, তাৰ আৱশ্যকতা আছে।

এতিয়া স্ব-পৰিৱৰ্তনৰ গতি তীব্ৰ হ’ব লাগে। কৰাও, মনোযোগো আছে কিন্তু গতি এতিয়া তীব্ৰ হ’ব লাগে। বাপদাদাৰ স্মৃতিত আছে আগতেও পিতাৰ সৈতে প্ৰতিজ্ঞা কৰিছা যে নতুন বছৰত স্ব-পৰিৱৰ্তন, সংস্কাৰ পৰিবৰ্তন কৰিবই লাগিব কিন্তু বাপদাদাই দেখিছে যে সংস্কাৰ পৰিবৰ্তনত যিমান তীব্ৰ পুৰুষাৰ্থৰ প্ৰয়োজন, তাৰ গতি আৰু বেছি তীব্ৰ হ’ব লাগে। তোমালোক সকলোৱে কি ভাবা যে সময় অনুসৰি যিমান তীব্ৰ গতি লাগে, সেই অনুসৰি প্ৰত্যেকৰে তীব্ৰ পুৰুষাৰ্থ আছেনে নে আৰু হ’ব লাগে? কিয়নো সময় অনুসৰি, সময়ৰ পৰিবৰ্তন বৰ তীব্ৰতাৰে হৈ আছে, গতিকে তোমালোকৰো তীব্ৰ পৰিবৰ্তন তেতিয়াহে হ’ব যেতিয়া সংকল্প কৰিলা আৰু হৈ গ’ল, অযথাৰ্থ সংকল্প এনেকৈ সমাপ্ত হ’ব লাগে যেনেকৈ কাগজত বিন্দু বহুওৱা। বিন্দু বহুৱাবলৈ কিমান সময় লাগিব? অযথাৰ্থ অৰ্থাৎ অপ্ৰয়োজনীয় সংকল্প, ইমান তীব্ৰতাৰে পৰিবৰ্তন হ’ব লাগে। বাপদাদাই বিচৰাৰ দৰে এনে গতি তোমালোকে আনিব পাৰিবানে? সাহস আছেনে? যিসকলে ভাবা যে এতিয়াৰে পৰা ইমান তীব্ৰ গতিৰে বিন্দু বহুৱাব পাৰা, সন্তানৰ সাহস, পিতাৰ সহায়, তেওঁলোকে হাত দাঙা। বাপদাদাই সন্তানসকলৰ দৃঢ় সংকল্প দেখি অভিনন্দন জনাইছে। বাপদাদাই আগতেও শুনাইছে যে দৃঢ় সংকল্পৰ অৰ্থ হ’ল- কৰিবই লাগিব। গতিকে আজিৰ সভাত সকলোৱে এইটো দৃঢ় সংকল্প কৰিছা নহয়! তোমালোকে দেখিলা, দাদীসকলে দেখিলে, সকলোৱে গৰিষ্ঠ সংখ্যকে হাত দাঙিলে। দেখিলা! গতিকে কাইলৈৰ পৰা স্বভাৱ-সংস্কাৰ সমাপ্তিৰ উৎসৱ পালন কৰিব লাগে। পালন কৰোঁনে? যিসকলে হাত দাঙিলা তেওঁলোকে হাত দাঙা, উৎসৱ পালন কৰোঁনে? ইয়াৰ উৎসৱ বৰ উলহ-মালহেৰে পালন কৰিবা। যেনেকৈ লক্ষ্য সাহসৰ ৰাখিছা, তেনেকৈ লক্ষণো সাহসৰ ৰাখিলে কোনো ডাঙৰ কথা নহয়। যেতিয়া লক্ষ্যই হৈছে পিতাৰ সমান হোৱাৰ, তেন্তে এতিয়া লক্ষ্য আৰু লক্ষণ এক কৰিব লাগে- পিতা ব্ৰহ্মাক অনুসৰণ কৰা। যিয়েই সংকল্প, বাণী বা কৰ্ম কৰা, প্ৰথমে পিতা ব্ৰহ্মাৰ সৈতে মিলাই লোৱা। নকল কৰা। জগতত নকল কৰাটো নিষেধ, কিন্তু বাপদাদাই কয় পিতা ব্ৰহ্মাক নকল কৰা। নিৰাকাৰ পিতাৰ বাবেতো ক’ব যে তেওঁৰ দেহ নাই, তেন্তে কি দেহভান! কিন্তু পিতা ব্ৰহ্মা দেহধাৰী হৈ আছে। বাস্তৱত চোৱা তোমালোক যিসকল সমৰ্পিত হ’লা, সমৰ্পিত হোৱাসকলে হাত দাঙা। যেতিয়া সমৰ্পণ হ’লা তেতিয়া কি সংকল্প কৰিলা? বাবা, এই তন, মন, ধন সকলো আপোনাৰ, এনেদৰেই কৰিলা নহয়? কৰিলানে? ইয়াত হাত দাঙা। গতিকে এতিয়া সমৰ্পণ হ’লা যেতিয়া মোৰ বুলি একো নাই, তনো মোৰ নহয়, ধনো মোৰ নহয়, যেনেকৈ পিতা ব্ৰহ্মাই সেৱাৰ অৰ্থে শৰীৰ দি দিলে, গতিকে পিতা ব্ৰহ্মাই জানিছিল যে এই শৰীৰ মোৰ নহয়, সেৱাৰ বাবেহে। যিহেতু তোমালোকে তন, মন, ধন তিনিওটাই অৰ্পণ কৰিলা, গতিকে তোমালোকৰ শৰীৰো পিতাৰ সেৱাৰ নিমিত্তেহে। যেনেকৈ পিতা ব্ৰহ্মাৰ শৰীৰ সেৱাৰ অৰ্থে আছিল, তেনেকৈ তোমালোকৰ শৰীৰো তোমালোকৰ নহয়, সেৱাৰ বাবেহে। তেনেহ’লে এয়া যি দেহ-অভিমান বা দেহবোধৰ সংস্কাৰ, এয়া থাকিব লাগে জানো? যদি এইটো স্মৃতি ৰাখা যে এই শৰীৰ বিশ্ব সেৱাৰ বাবেহে, মোৰ নহয়, পিতাই তোমালোকক সেৱাৰ অৰ্থে দিছে। তেতিয়া দেহবোধ বা দেহ-অভিমান, দেহ-অভিমানে বেছি ক্ষতি কৰে। দেহবোধ তাতকৈ অলপ পাতল, কিন্তু যেতিয়া দুয়োটাই দি দিলা, প্ৰ-পত্ৰ পূৰণ কৰোঁতে কি লিখা? শিক্ষকসকলে প্ৰ-পত্ৰ পূৰণ কৰোৱা নহয়, তেতিয়া কি লিখিবলৈ দিয়া? যে মোৰ এই জীৱন এতিয়া সেৱাৰ প্ৰতি। যিসকল ব্ৰাহ্মণ হৈছে, সেই সকলোৰে পিতাৰ আগত প্ৰতিশ্ৰুতি আছে - তন, মন, ধন পিতাৰ, মোৰ নহয়। গতিকে এয়া যি সংস্কাৰ উৎপন্ন হয়, সেয়া দেহবোধ বা দেহ-অভিমানৰ পৰাই হয়, সেইবাবে আজিকালি যি প্ৰতিশ্ৰুতি দিছা সংস্কাৰ সমাপ্তিৰ, কাৰণ পিতাক প্ৰত্যক্ষ কৰাত যিবোৰে বিঘিনি জগায়, সকলোৰে উৎসাহ এইটো, বাপদাদাই শুনি থাকে আৰু কৈও থাকে যে পিতাক প্ৰত্যক্ষ কৰিব লাগে। এতিয়ালৈকে ব্ৰহ্মাকুমাৰী আৰু ব্ৰহ্মাকুমাৰসকলহে প্ৰত্যক্ষ হৈছে, ভগৱান পিতা আহি গ’ল - পিতাৰ এই প্ৰত্যক্ষতা এতিয়াও গুপ্ত হৈ আছে। পুৰুষাৰ্থ কৰি আছে কিন্তু প্ৰত্যক্ষতাৰ এইটো আৱাজ বিয়পি যাওক যে আমাৰ বাবা আহি গ’ল, এয়া ভগৱানৰ কথা, ব্ৰহ্মাকুমাৰীসকলৰ কথা নহয়। এতিয়া এইটো প্ৰত্যক্ষতা হ’বই লাগিব, এই স্বভাৱ সংস্কাৰ পৰিবৰ্তন হ’লে তোমালোক প্ৰত্যেকৰে চেহেৰা আৰু চাল-চলনেৰে প্ৰত্যক্ষ হ’ব। পিতাক প্ৰত্যক্ষ কৰিব লাগে, কৰিও আছা, কিন্তু সকলোৰে কাণত এইটো আৱাজ অনুৰণিত হ’ব লাগে যে ভগৱান আহি গ’ল, বাবা আহি গ’ল, হ’ব লাগে নহয়! হাত দাঙা, হ’ব লাগেনে? হাততো বৰ ভালকৈ দাঙিলা। বাপদাদা আনন্দিত হৈছে যে সকলোৰে মনত নিষ্ঠা আছে আৰু হ’বই। ইয়াৰ বাবে যেনেকৈ কাইলৈৰ পৰা সংস্কাৰ স্বভাৱ পৰিবৰ্তন কৰিবা, ঠিক তেনেকৈ তাৰ সাধন হৈছে যে প্ৰত্যেকে যিয়েই ব্ৰাহ্মণ আছে, প্ৰত্যেক ব্ৰাহ্মণে নিজৰ খতিয়ানত শুভ ভাৱনা আৰু শুভ কামনাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। যেনেকৈ জগতৰ লোকক কাম দিলা যে কিমান সময় শুভ ভাৱনা, কামনা ৰাখিব পাৰে, তেওঁলোকক ক’লা যে ৰাখিব পাৰে আৰু তোমালোকেতো ৰাখিবই পাৰা। যিকোনো সময়ত কাৰোবাৰ স্বভাৱ-সংস্কাৰে তেতিয়াহে বাধা দিয়ে, যেতিয়া সেই আত্মাটিৰ প্ৰতি সেই সময়ত শুভ ভাৱনা, শুভ কামনা নাথাকে। গতিকে তোমালোকেও যদি অমৃতবেলাৰ পৰাই এইটো সংকল্প কৰা যে মই প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা, শুভ কামনা ৰাখিবই লাগে, তেন্তে যি সংকল্প কৰিলা, পৰিবৰ্তন কৰিবই লাগিব, সেয়া পূৰণ কৰিব পাৰিবা। পৰিস্থিতি আহিব, পৰিস্থিতিৰ কাম হৈছে অহা, মায়া আছে নহয়! আৰু তোমালোকৰ কাম হৈছে বিজয় প্ৰাপ্ত কৰা। গতিকে কাইলৈ পৰস্পৰ দল বান্ধি যিসকল নিমিত্ত হৈছে, তেওঁলোকে পৰস্পৰ আলোচনা কৰি যি সংকল্প লৈছা, সেয়া আগলৈ কেনেকৈ বাস্তবায়িত কৰিব পাৰি, তাৰ ওপৰত বাৰ্তালাপ কৰিবা। একেবাৰে শেষ, বিন্দু (যতি) বহুৱাই দিয়া। হাততো দাঙিছা নহয়! আগত থকাসকলে হাত দাঙিলা। গতিকে তোমালোক নিমিত্ত হ’ব লাগিব। যেনেকৈ ব্ৰহ্মা বাবাৰ সন্মুখত প্ৰথমতে কিমান বেলেগ বেলেগ সংস্কাৰ থকা লোক আহিল, আদিত পিতা ব্ৰহ্মাই কিমান সংস্কাৰৰ খেল দেখিলে। কিন্তু পিতাৰ সহযোগত আগবাঢ়ি গ’ল আৰু আনকো আগবঢ়াই লৈ গ’ল, যাৰ ফলাফলস্বৰূপে আজি কিমান সংখ্যা বাঢ়ি গ’ল। বিচলিত কৰিব পৰা পৰিস্থিতি অহা সত্ত্বেও অটল হৈ থাকিল। তাৰ পৰিণাম স্বৰূপে কিমান সেৱাকেন্দ্ৰ মুকলি হ’ল, কিমান অনুষ্ঠান হৈ আছে।

আজিকালি কিমান অনুষ্ঠান হৈ আছে? হৈছে নহয়! এই গোটেই ফলাফল পিতা ব্ৰহ্মাৰ সাহসৰ বাবেই হ’ল, প্ৰথমতে পিতা ব্ৰহ্মা অকলে আছিল, তোমালোক পিছত আহিছা কিন্তু তেওঁ অকলে সাহস ৰাখি আগবাঢ়ি গ’ল। ফলাফলস্বৰূপে বাস্তৱিক প্ৰমাণ তোমালোক সকলো সংগী। গতিকে সাহস আছে নহয়! পিতা ব্ৰহ্মাই অকলে সাহস কৰিলে, তোমালোকৰ বহুত সংগী আছে। গতিকে পিতাক অনুসৰণ কৰা। সকলোৱে নিজক পিতা ব্ৰহ্মাৰ সন্তান, সংগী সন্তান বুলি বুজা নহয়, একেলগে আছোঁ, একেলগে যাম আৰু পিতা ব্ৰহ্মাৰ সৈতে ৰাজ্যত আহিম। গতিকে এতিয়া সময় আছে, যেনেকৈ পিতা ব্ৰহ্মাই সাহস ৰাখিলে, ফলাফল দেখি আছা, তেন্তে ইমান ডাঙৰ সংগঠনত সাহসৰ খোজ দিলে কি হ’ব নোৱাৰে! কল্পই কল্পই হৈছে আৰু হ’বই।

তেন্তে এতিয়া পিতাই কি বিচাৰে, সেয়া শুনালে। কেৱল তোমালোক সকলোৱে এটা কাম কৰা, সেইটো হৈছে সাধাৰণ পুৰুষাৰ্থক তীব্ৰ পুৰুষাৰ্থলৈ পৰিবৰ্তন কৰা। বাপদাদাই দেখিলে যে ক’ৰবাত ক’ৰবাত অমনোযোগিতা আহি যায়, হৈয়েই যাব, বিজয়তো আমাৰ জন্মসিদ্ধ অধিকাৰ, এনেকৈ জ্ঞানৰ হিচাপত নিশ্চিত কিন্তু অমনোযোগিতাতো এই কথাবোৰেই আহে যে আমাৰ বিজয়তো নিশ্চিত, হৈয়েই আছে। কোনো কাম ৰৈ থকা নাই, হ’বই। এটা হৈছে পুৰুষাৰ্থৰ এই শব্দ আৰু আনটো হৈছে অমনোযোগিতাৰো এয়াই শব্দ। কোনো কাম ৰৈ নাথাকে, হ’বই... গতিকে এয়া হৈছে অমনোযোগিতা, এই সংস্কাৰো পৰীক্ষা কৰিবা। অমনোযোগিতাৰ লক্ষণ হৈছে যে তেওঁলোকৰ জীৱনত সৰু সৰু কথাত ভাগৰ বা ক্লান্তি দেখা পোৱা যাব। মুখমণ্ডলত সেই আনন্দৰ চমক দেখা পোৱা নাযাব, সেৱাৰ দ্বাৰা পুণ্য অৰ্জন হৈছে, গতিকে চেহেৰাত আনন্দ থকা উচিত। কিবা নহয় কিবা প্ৰকাৰৰ ক্লান্তিৰ কাৰণ হ’ল কিবা নহয় কিবা কথাত অমনোযোগিতা। যিহেতু কৰিবই লাগে, তেন্তে আনন্দেৰে কৰা। চেহেৰাই তোমালোকৰ সেৱা কৰক, চলনে তোমালোকৰ সেৱা কৰক। গতিকে আজি গৰিষ্ঠসংখ্যকে সংস্কাৰ সমাপ্তিৰ বাবে হাত দঙা দেখি বাপদাদাই বাৰে বাৰে অভিনন্দন জনাই আছে।

বাৰু, এইটো দলত যিসকল প্ৰথমবাৰ আহিছা তেওঁলোক থিয় হোৱা। দেখিলা কিমান আছে? বহুত আছে। হাত জোকাৰা। যিসকল প্ৰথমবাৰ আহিছে, তেওঁলোকক নিজৰ পিতাৰ সৈতে মিলনৰ বাবে অভিনন্দন। গতিকে বিশেষ সময়ৰ অনুসৰি এতিয়া তোমালোকে তীব্ৰ পুৰুষাৰ্থ কৰিব লাগিব আৰু বাপদাদাৰ কথা এইটোৱেই যে যিয়ে তীব্ৰ পুৰুষাৰ্থ কৰিব, ঢিলা নহয়, তেওঁলোক শেষত আহিও তীব্ৰগতিৰে আৰু তীব্ৰগতিৰে প্ৰথম হৈ যাবা। এনেকুৱা চমৎকাৰ কৰিবা। সুযোগ আছে। এনেকৈ নাভাবিবা যে আমিতো শেষত আহিছোঁ, নহয়, তীব্ৰ গতিৰে যাব পাৰা। কিন্তু সকলো সময়তে তীব্ৰ পুৰুষাৰ্থ কৰিবই লাগিব। সলনি হ’বই লাগিব। ‘ম’ ‘ম’ নকৰিবা, চাম, ভাবিম….. ‘ম’ ‘ম’ নকৰিবা। ভাল কথা, নিজৰ ঘৰ, দাতাৰ ঘৰ ভাল লাগিল নহয়! সকলো ভাই-ভনীয়েও তোমালোকক স্বাগতম জনাই আছে। বাৰু।

এতিয়া চাৰিওফালৰ ব্ৰাহ্মণ সন্তানসকলে বাপদাদাৰ স্নেহ ভৰা স্মৃতি স্বীকাৰ কৰিবা, বাপদাদাই জানে দূৰৈত বহিও বহুত সন্তানে চায়ো আছে, মিলনো উদ্‌যাপন কৰি আছে, সেই চাৰিওফালৰ সন্তানসকলক বাপদাদাই এইটোৱে কয় যে যেনেকৈ এতিয়া গৰিষ্ঠ সংখ্যকে হাত দাঙিলে, সংস্কাৰ সমাপ্ত, এতিয়া তোমালোক সকলোৱে মিলি একেটাই সংকল্প ৰূপী হাত দাঙিয়েই আছা যে আমি সকলোৱে মিলি সমাপ্তিৰ সময় সমীপত আনিবলৈ এইটো সংকল্প কৰি আছোঁ আৰু চাৰিওফালে সময় সম্পূৰ্ণ হ’লে পিতা ব্ৰহ্মা আৰু শিৱ পিতা দুয়োকে প্ৰত্যক্ষ কৰিম যে আমাৰ বাবা আহি গ’ল। সকলোৰে মুখত পিতা প্ৰত্যক্ষতা হৈ যাওক, এতিয়া এইটো বছৰত এইটোৱে দৃঢ় সংকল্প কৰা যে পিতাক প্ৰত্যক্ষ কৰিবই লাগিব। আধা কামতো কৰিলা, সন্তানসকলক পিতাই বিশ্বৰ আগত প্ৰত্যক্ষ কৰিলে, এতিয়া সন্তানসকলৰ কাম হৈছে ভগৱান আহি গ’ল- এইটো আৱাজ বিশ্বৰ প্ৰতিগৰাকী সন্তানৰ ওচৰলৈ লৈ যোৱা। গতিকে সকলোকে বাপদাদাই দেখি প্ৰত্যেককে অন্তৰৰ স্নেহ, অন্তৰৰ প্ৰেম আৰু অন্তৰৰ উৎসাহ-উদ্দীপনা সহিত স্নেহপূৰ্ণ স্মৰণ কৰি আছে। বাৰু।

সেৱাৰ পাল কৰ্ণাটক মণ্ডলৰ:- সেৱাৰ সুযোগ লোৱা অৰ্থাৎ পিতাৰ সমীপত অহাৰ সুযোগ পোৱা। চোৱা, সেৱাৰ বাবেই কিমান মানুহ অহাৰ সুযোগ পায়। সকলোৰে আশীৰ্বাদ তোমালোক নিমিত্ত শিক্ষকসকলে পোৱা, কাৰণ সেৱাৰ সাহস কৰিলা আৰু ইমানবিলাকে সুযোগ পালে। বাপদাদাই দেখিলে যে নতুন নতুনো প্ৰথমবাৰৰ বাবে বহুত আহিছে, যিসকল প্ৰথমবাৰ আহিছে কৰ্ণাটকৰ, তেওঁলোকে দীঘলকৈ হাত দাঙা। প্ৰথমবাৰৰ বাবেও বহুত আহিছে, ভাল কথা। কৰ্ণাটকৰ বৃদ্ধি ভাল হৈছে, এতিয়া যেনেকৈ বৃদ্ধি হৈছে, ঠিক তেনেকৈ তীব্ৰ পুৰুষাৰ্থৰ বিধিৰো চাৰিওফালে লহৰ তুলি দিয়া। নম্বৰ লৈ লোৱা। সংস্কাৰ সমাপ্তিৰ নম্বৰ লৈ লোৱা। ল’ব পাৰানে? যিসকলে ভাবা যে আমি প্ৰথম নম্বৰ ল’ব পাৰোঁ, তেওঁলোকে হাত দাঙা, বাৰু। এনেকৈ পৰস্পৰ সংগঠন কৰি কাৰ্যসূচী হাতত লোৱা, সকলো এক। ভিন্ন ভিন্ন স্থান হ’লেও সকলো এক। এইটো চমৎকাৰ কৰি দেখুওৱা। সাহস আছে নহয়? সাহস আছেনে? বাপদাদাৰ ওচৰলৈ বাৰ্তাতো আহিই থাকে। গতিকে মধুবনলৈ প্ৰতিমাহে নিজৰ পৰিবৰ্তনৰ খবৰ লিখিবা। লিখিবা নহয়! প্ৰতিমাহৰ খবৰ। যি পাৰ হৈ গ’ল সেয়া অতীত গ’ল, এতিয়া এক নম্বৰ হৈ দেখুওৱা। বাৰু। বাপদাদাই দেখিলে সেৱা ভাল হৈছে, এতিয়া সংগঠন চাব বিচাৰে। উদাহৰণ হোৱা। সাজু। সাজু হৈছানে? হাত দাঙা। তোমালোকে দেখিবা, এমাহৰ ভিতৰতে ফলাফল আহিব। বাৰু, বহুত বহুত বিশেষ স্নেহসহিত স্মৰণ। ওঁম্ শান্তি।

বৰদান:
সম্পূৰ্ণ সমৰ্পণৰ বিধিৰ দ্বাৰা নিজস্ব বোধৰ অধিকাৰ সমাপ্ত কৰোঁতা সমান সংগী হোৱা

যি প্ৰতিশ্ৰুতি আছে যে একেলগে থাকিম, একেলগে চলিম আৰু একেলগে ৰাজত্ব কৰিম- এইটো প্ৰতিশ্ৰুতি তেতিয়াহে ৰক্ষা কৰিব পাৰিবা যেতিয়া সংগীৰ সমান হ’বা। সমৰ্পণ বোধৰ দ্বাৰা সমানতা আহে। যেতিয়া সকলো সমৰ্পণ কৰি দিলা, তেন্তে নিজৰ বা আনৰ অধিকাৰ সমাপ্ত হৈ গ’ল। যেতিয়ালৈকে কাৰোবাৰ ওপৰত অধিকাৰ থাকে, তেতিয়ালৈকে সৰ্ব সমৰ্পণত অভাব থাকে, সেইবাবে সমান হ’ব নোৱাৰে। গতিকে একেলগে থাকিবলৈ, একেলগে উৰিবলৈ সোনকালে সমান হোৱা।

স্লোগান:
নিজৰ সময়, শ্বাস আৰু সংকল্প সফল কৰাটোৱেই সফলতাৰ আধাৰ।

অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

বিশেষ সূচনা-
মাহৰ তৃতীয় দেওবাৰৰ যোগ অভ্যাস:

আজি মাহৰ তৃতীয় দেওবাৰ, সকলো ভাই-ভনীয়ে একগোট হৈ সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈ নিজৰ ফৰিস্তা স্বৰূপৰ দ্বাৰা দিগভ্ৰান্ত, দুখী আৰু অশান্ত আত্মাসকলক সুখ-শান্তিৰ পবিত্ৰ কিৰণ প্ৰদান কৰি তেওঁলোকক আলম্বন দিওতা পৰমাত্মা পিতাৰ স্মৃতি সোঁৱৰাই দিয়াৰ সেৱা কৰক।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]