21.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পুৰুষাৰ্থ কৰি দৈৱী গুণ যথা ৰীতি ধাৰণ কৰিব লাগে, কাকোৱে দুখ দিব নালাগে, তোমালোকৰ কোনো আসুৰিক কৰ্মকাণ্ড হ’ব নালাগে”

প্ৰশ্ন:
কোনটো আসুৰিক গুণে তোমালোকৰ শোভা নষ্ট কৰি দিয়ে?

উত্তৰ:
পৰস্পৰ হাই-কাজিয়া কৰা, বিতুষ্ট হোৱা, সেৱাকেন্দ্ৰত হুলস্থুলৰ সৃষ্টি কৰা, দুখ দিয়া - এইবোৰ হৈছে আসুৰিক গুণ, যিবোৰে তোমালোকৰ শোভা নষ্ট কৰি দিয়ে। যিসকল সন্তান পিতাৰ হৈ উঠিও এই আসুৰিক গুণবোৰ ত্যাগ নকৰে, ওলোটা কৰ্ম কৰে, তেওঁলোকৰ বহুত লোকচান হৈ যায়। হিচাপেই হিচাপ। পিতাৰ লগত ধৰ্মৰজাও আছে।

গীত:
ভোলেনাথ চে নিৰালা……. (ভোলানাথতকৈ অনন্য…..)

ওঁম্শান্তি।
আত্মিক সন্তানসকলেতো এইটো ইতিমধ্যে জানিছে যে উচ্চতকৈও উচ্চ হৈছে ভগৱান। মনুষ্যই গায়ন কৰে আৰু তোমালোকে দিব্য দৃষ্টিৰে দেখা পোৱা। তোমালোকে বুদ্ধিৰেও জানা যে তেওঁ আমাক পঢ়াই আছে। আত্মাইহে শৰীৰৰ দ্বাৰা পঢ়ে। সকলো আত্মাইহে শৰীৰৰ দ্বাৰা কৰে। শৰীৰ হৈছে বিনাশী, যাক আত্মাই ধাৰণ কৰি ভূমিকা পালন কৰে। আত্মাতেই সকলো ভূমিকা নিহিত হৈ আছে। 84 জন্মৰো ভূমিকা আত্মাতেই নিহিত হৈ আছে। পোন প্ৰথমেতো নিজক আত্মা বুলি বুজিব লাগে। পিতা হৈছে সৰ্ব শক্তিমান। তেওঁৰ পৰা তোমালোক সন্তানসকলে শক্তি পোৱা। যোগৰ দ্বাৰা শক্তি বেছিকৈ পোৱা যায়, যাৰ দ্বাৰা তোমালোক পাৱন হোৱা। পিতাই তোমালোকক বিশ্বত ৰাজত্ব কৰাৰ শক্তি দিয়ে। ইমান মহান শক্তি দিয়ে, সেই বিজ্ঞান অভিমানী আদিয়ে ইমানবোৰ সামগ্ৰী তৈয়াৰ কৰে বিনাশৰ বাবে। তেওঁলোকৰ বুদ্ধি হৈছে বিনাশৰ বাবে, তোমালোকৰ বুদ্ধি হৈছে অবিনাশী পদ প্ৰাপ্তিৰ বাবে। তোমালোকে বহুত শক্তি পোৱা যাৰ দ্বাৰা তোমালোকে বিশ্বত ৰাজত্ব কৰিবলৈ পোৱা। তাত প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য নহয়। তাত হয়েই ৰজা-ৰাণীৰ ৰাজ্য। উচ্চতকৈও উচ্চ হৈছে ভগৱান। স্মৰণো তেওঁকেই কৰে। লক্ষ্মী-নাৰায়ণৰ কেৱল মন্দিৰ নিৰ্মাণ কৰি পূজা কৰে। তথাপিও উচ্চতকৈও উচ্চ বুলি ভগৱানৰে গায়ন কৰা হয়। এতিয়া তোমালোকে বুজি পোৱা যে এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। উচ্চতকৈও উচ্চ বিশ্বৰ বাদশ্বাহী বেহদৰ পিতাৰ পৰা পোৱা যায়। তোমালোকে কিমান উচ্চ পদ পোৱা। তেন্তে সন্তানসকল কিমান আনন্দিত হ’ব লাগে। যাৰ পৰা কিবা পোৱা যায় তেওঁক স্মৰণ কৰা হয় নহয়। কন্যাৰ স্বামীৰ প্ৰতি কিমান মৰম থাকে, কিমান স্বামীৰ বাবে প্ৰাণ আহুতি দিয়ে। স্বামীৰ মৃত্যু হ’লে হাহাকাৰ কৰি দিয়ে। এওঁতো স্বামীসকলৰো স্বামী, তোমালোকক কিমান অলংকৃত কৰি আছে - এয়া উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰাবৰ বাবে। গতিকে তোমালোক সন্তানসকলৰ কিমান নিচা থাকিব লাগে। দৈৱীগুণো তোমালোকে ইয়াতেই ধাৰণ কৰিব লাগে। বহুতৰে এতিয়াও আসুৰিক অৱগুণ আছে, হাই-কাজিয়া কৰা, বিতুষ্ট হোৱা, সেৱাকেন্দ্ৰত হুলস্থুলৰ সৃষ্টি কৰা……… বাবাই জানে বহুত গোচৰ আহে। কাম মহাশত্ৰু তেন্তে ক্ৰোধো কোনো কম শত্ৰু নহয়। অমুকৰ প্ৰতি মৰম, মোৰ প্ৰতি কিয় নাই! অমুক কথাটি এওঁক সুধিলে, মোক কিয় নুসুধিলে! এনেকৈ কোৱা সংশয় বুদ্ধিৰ বহুত আছে। ৰাজধানী স্থাপনা হয় নহয়। এনেকুৱাসকলে কি পদ পাব। পদমৰ্যাদাততো বহুত পাৰ্থক্য থাকে। মেতৰকো চোৱা ভাল ভাল মহলত থাকে, কোনোবা ক’ত থাকে। প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থ কৰি দৈৱীগুণ যথা ৰীতি ধাৰণ কৰিব লাগে। দেহ-অভিমানত আহিলে আসুৰিক কৰ্মকাণ্ড হয়। যেতিয়া দেহী-অভিমানী হৈ যথা ৰীতি ধাৰণ কৰি থাকিবা তেতিয়াহে উচ্চ পদ পাবা। পুৰুষাৰ্থ এনেকুৱা কৰিব লাগে, দৈৱীগুণ ধাৰণ কৰাৰ, কাকো দুখ দিব নালাগে। তোমালোক সন্তানসকল দুখ-হৰ্তা, সুখ-কৰ্তা পিতাৰ সন্তান। কাকোৱেই দুখ দিব নালাগে। যিয়ে সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লয় তেওঁলোকৰ ওপৰত বহুত দ্বায়িত্ব আছে। যেনেকৈ পিতাই কয় - সন্তানসকল, যদি কিবা ভুল কৰা তেন্তে এশ গুণ দণ্ড হৈ যায়। দেহ–অভিমানত আহিলে বহুত লোকচান হয় কিয়নো তোমালোক ব্ৰাহ্মণসকল শুধৰাবৰ বাবে নিমিত্ত হৈছা। যদি নিজেই শুধৰণি নোহোৱা তেন্তে আনক কি শুধৰাবা। বহুত লোকচান হৈ যায়। পাণ্ডৱ চৰকাৰ আছে নহয়। উচ্চতকৈও উচ্চ হৈছে পিতা তেওঁৰ লগত ধৰ্মৰজাও আছে। ধৰ্মৰজাৰ দ্বাৰা বহুত কাঢ়া শাস্তি ভোগে। এনেকুৱা কোনো কৰ্ম কৰিলে বহুত লোকচান হৈ যায়। হিচাপেই হিচাপ, বাবাৰ ওচৰত সম্পূৰ্ণ হিচাপ থাকে। ভক্তিমাৰ্গতো হিচাপেই হিচাপ। এনেকৈ কয়ো যে ভগৱানে তোমাৰ হিচাপ ল’ব। ইয়াত পিতাই নিজেই কয় ধৰ্মৰজাই বহুত হিচাপ ল’ব। তেতিয়া সেই সময়ত কি কৰিব পাৰিবা! সাক্ষাৎকাৰ হ’ব - মই এইটো এইটো কৰিলোঁ। তাততো অলপ মাৰ খাবলগীয়া হয়, ইয়াততো বহুত মাৰ খাবলগীয়া হ’ব। তোমালোক সন্তানসকল সত্যযুগত গৰ্ভ কাৰাগাৰত আহিব নালাগে। তাততো হৈছে গৰ্ভ মহল। কোনো পাপ আদি নকৰে। গতিকে এনেকুৱা ৰাজ্য-ভাগ্য পাবৰ কাৰণে সন্তানসকল বহুত সাৱধান হ’ব লাগে। বহুত সন্তান ব্ৰাহ্মণীতকৈও তীক্ষ্ণ হৈ যায়। ভাগ্য ব্ৰাহ্মণীতকৈও উচ্চ হৈ যায়। এইটোও পিতাই বুজাইছে - যদি ভালদৰে সেৱা নকৰা তেন্তে জন্ম-জন্মান্তৰলৈ দাস-দাসী হ’বাগৈ।

পিতা সন্মুখত আহিয়েই সন্তানসকলক সোধে - সন্তানসকল, দেহী-অভিমানী হৈ বহিছানে? পিতাৰ সন্তানসকলৰ প্ৰতি মহাবাক্য হৈছে - সন্তানসকল, আত্ম-অভিমানী হ’বলৈ বহুত পুৰুষাৰ্থ কৰিব লাগে। ঘূৰোঁতে-ফুৰোঁতেও বিচাৰ সাগৰ মন্থন কৰি থাকিব লাগে। বহুত সন্তান আছে যিসকলে ভাবে যে আমি অতি সোনকালে এই নৰকৰ ছিঃ ছিঃ সৃষ্টিৰ পৰা সুখধামলৈ যাম। পিতাই কয় - ভাল ভাল মহাৰথী যোগত বহুত অকৃতকাৰ্য হয়। তেওঁলোককো পুৰুষাৰ্থ কৰোৱা হয়। যোগযুক্ত হৈ নাথাকিলে একেবাৰে অৱনমিত হৈ যাবা। জ্ঞানতো বহুত সহজ। বুৰঞ্জী-ভূগোল সকলো বুদ্ধিত আহি যায়। বহুত ভাল ভাল কন্যা আছে যিয়ে প্ৰদৰ্শনী বুজোৱাত বহুত তীক্ষ্ণ। কিন্তু যোগ নাই, দৈৱীগুণো নাই। কেতিয়াবা কেতিয়াবা খেয়াল হয়, সন্তানসকলৰ এতিয়াও অৱস্থা কি হৈ আছে। জগতত কিমান দুখ আছে। অতি সোনকালে এয়া শেষ হৈ যাওঁক। অপেক্ষা কৰি বহি আছে, অতি সোনকালে সুখধামলৈ যাওঁ। ব্যাকুল হৈ থাকে। যেনেকৈ পিতাক লগ পাবলৈ ব্যাকুল হৈ থাকে, কিয়নো বাবাই আমাক স্বৰ্গৰ ৰাস্তা দেখুৱায়। এনেকুৱা পিতাক চাবলৈ ব্যাকুল হৈ থাকে। ভাবে এনেকুৱা পিতাৰ সন্মুখত গৈ সদায় মুৰুলী শুনোঁ। এতিয়াতো বুজি পোৱা যে ইয়াত কোনো জঞ্জালৰ কথা নাথাকে। বাহিৰত থাকিলেতো সকলোৰে লগত এৰা-ধৰাকৈ চলিবলগীয়া হয়। নহ’লেতো খামখেয়ালি হৈ যাব সেইবাবে সকলোকে ধৈৰ্য প্ৰদান কৰে। ইয়াত বহুত গুপ্ত পৰিশ্ৰম হয়। স্মৃতিত থকাৰ পৰিশ্ৰম কাৰো দ্বাৰা নহয়। গুপ্তভাৱে স্মৃতিত থাকিলে তেতিয়া পিতাৰ নিৰ্দেশনা মতেও চলিব। দেহ-অভিমানৰ কাৰণে পিতাৰ নিৰ্দেশনা মতে নচলেই। কওঁ যে খতিয়ান ৰাখা তেতিয়া বহুত উন্নতি হ’ব। এয়া কোনে ক’লে? শিৱবাবাই। শিক্ষকে যদি কাম দিয়ে তেন্তে সেয়া কৰি আনে নহয়। ইয়াত ভাল ভাল সন্তানসকলকো মায়াই কৰিবলৈ নিদিয়ে। ভাল ভাল সন্তানৰ খতিয়ান পিতাৰ ওচৰলৈ পঠিয়ালে তেতিয়া বাবাই ক’ব চোৱা কেনেকৈ স্মৃতিত থাকে। বুজি পায় যে আমি আত্মাসকল এজন প্ৰেমিকৰ প্ৰেমিকা। সেই পাৰ্থিৱ (দৈহিক) প্ৰেমিক-প্ৰেমিকাতো অনেক প্ৰকাৰৰ হয়। তোমালোক বহুত পুৰণি প্ৰেমিকা। এতিয়া তোমালোক দেহী-অভিমানী হ’ব লাগে। কিবা নহয় কিবা সহ্য কৰিবই লাগিব। নিজকে বৰ সিয়ান বুলি ভাবিব নালাগে। বাবাই জানো এনেকৈ কয় যে হাড় দি দিয়া (শৰীৰৰ হানি কৰি সেৱা কৰা)। বাবাইতো কয় স্বাস্থ্য ভালে ৰাখা তেতিয়াহে সেৱাও ভালদৰে কৰিব পাৰিবা। যদি বেমাৰ হয় তেন্তে পৰি থাকিবা। কোনো কোনোৱে হস্পিতালতো বুজোৱাৰ সেৱা কৰেগৈ তেতিয়া ডাক্টৰসকলে কয় এওঁলোকতো ফৰিস্তা। চিত্ৰ লগত লৈ যায়। যিসকলে এনেকৈ সেৱা কৰে তেওঁলোকক দয়াশীল বুলি ক’ব। সেৱা কৰিলে তেতিয়া অন্য কোনোবাও ওলাই আহে। যিমানে স্মৃতিৰ বলত থাকিবা সিমানে তোমালোকে মনুষ্যক আকৰ্ষিত কৰিবা, ইয়াতেই শক্তি আছে। পৱিত্ৰতা হৈছে প্ৰথম। কোৱাও হয় প্ৰথমে পৱিত্ৰতা, শান্তি, পাছত সমৃদ্ধি। স্মৃতিৰ বলেৰেই তোমালোক পৱিত্ৰ হোৱা। তাৰপাছত হৈছে জ্ঞানৰ বল। স্মৃতিত দুৰ্বল নহ’বা। স্মৃতিত থকাৰ ক্ষেত্ৰতেই বিঘিনি আহিব। স্মৃতিত থাকিলে তোমালোক পৱিত্ৰও হ’বা আৰু দৈৱীগুণো আহিব। পিতাৰ মহিমাতো জানা নহয়। পিতাই কিমান সুখ দিয়ে। 21 জন্মৰ কাৰণে তোমালোকক সুখৰ লায়ক কৰি তোলে। কেতিয়াও কাকো দুখ দিব নালাগে।

বহুত সন্তানে অহিত কৰি নিজেই নিজক যেন অভিশপ্ত কৰি দিয়ে, আনক বহুত অশান্তি দিয়ে। কু-সন্তান হ’লে নিজেই নিজক অভিশপ্ত কৰি দিয়ে। অহিত কৰিলে একদম অৱনমিত হৈ যায়। বহুত সন্তান আছে যি বিকাৰত অধঃপতিত হৈ যায় অথবা ক্ৰোধ কৰি পঢ়িবলৈ এৰি দিয়ে। ইয়াত অনেক প্ৰকাৰৰ সন্তান বহি আছে। যেতিয়া ইয়াৰ পৰা সজীৱ হৈ যায় তেতিয়া ভুলৰ বাবে অনুতাপ কৰে। তথাপি অনুতাপৰ দ্বাৰা কোনো ক্ষমা পাব নোৱাৰে। পিতাই কয় - ক্ষমা নিজেই নিজৰ ওপৰত কৰা। স্মৃতিত থাকা। পিতাই কাকো ক্ষমা নকৰে। এয়াতো হৈছে পঢ়া। পিতাই পঢ়ায়, সন্তানসকলে নিজৰ ওপৰত কৃপা কৰি পঢ়িব লাগে। আচৰণ ভাল কৰি ৰাখিব লাগে। বাবাই ব্ৰাহ্মণীক কয়, ৰেজিষ্টাৰ লৈ আহা। এজন এজনৰ খবৰ শুনি বুজনি দিয়া হয়। গতিকে ভাবে ব্ৰাহ্মণীয়ে গোচৰ দিলে, গতিকে আৰু বেছিকৈহে অহিত কৰিবলৈ লাগি যায়। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মায়া ডাঙৰ শত্ৰু। বান্দৰৰ পৰা মন্দিৰৰ লায়ক হ’বলৈ নিদিয়ে। উচ্চ পদ পোৱাৰ পৰিৱৰ্তে আৰু বেছিকৈহে অৱনমিত হৈ যায়। তাৰপাছত কেতিয়াও উঠিব নোৱাৰে, মৰি যায়। বাবাই সন্তানসকলক বাৰে বাৰে বুজায় – এয়া অতি উচ্চ লক্ষ্য, বিশ্বৰ মালিক হ’ব লাগে। ডাঙৰ ঘৰৰ সন্তানসকল বহুত মাৰ্জিত হৈ চলে। যাতে পিতাৰ সন্মান হানি নহয়। ক’ব তোমাৰ পিতা কিমান ভাল, তুমি কিমান কু-সন্তান। তুমি তোমাৰ পিতাৰ সন্মান হানি কৰাই আছা! ইয়াততো প্ৰত্যেকেই নিজৰ সন্মান হানি কৰায়। বহুত শাস্তি খাবলগীয়া হয়। বাবাই সাৱধান কৰি দিয়ে, বহুত সাৱধানে চলিবা। কাৰাগাৰৰ কয়দী নহ’বা। কাৰাগাৰৰ কয়দীও ইয়াত থাকে, সত্যযুগততো কোনো কাৰাগাৰ নাথাকে। তথাপিও পঢ়ি উচ্চ পদ পাব লাগে। গাফিলতি নকৰিবা। কাকোৱেই দুখ নিদিবা। স্মৃতিৰ যাত্ৰাত থাকিবা। স্মৃতিয়েই কামত আহিব। প্ৰদৰ্শনীতো মুখ্য কথা এইটোৱেই শুনাবা। পিতাৰ স্মৃতিৰ দ্বাৰাই পাৱন হ’বাগৈ। পাৱন হ’বলৈতো সকলোৱে বিচাৰে। এইখন হয়েই পতিত সৃষ্টি। সকলোৰে সৎগতি কৰিবলৈ এজনেই পিতা আহে। যীশুখ্ৰীষ্ট, বুদ্ধ আদিয়ে কাৰো সৎগতি কৰিব নোৱাৰে। আকৌ ব্ৰহ্মাৰো নাম লয়। ব্ৰহ্মাকো সৎগতি দাতা বুলি ক’ব নোৱাৰি। যি দেৱী-দেৱতা ধৰ্মৰ নিমিত্ত হয়। যদিও দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা শিৱবাবাই কৰে তথাপিও নামটোতো আছে নহয় – ব্ৰহ্মা–বিষ্ণু-শংকৰ…..। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ দিয়ে। পিতাই কয় – এৱোঁ (ব্ৰহ্মাও) গুৰু নহয়। গুৰুতো এজনেই, তেওঁৰ দ্বাৰা তোমালোক আত্মিক গুৰু হোৱা। বাকী সেইসকল হৈছে ধৰ্ম প্ৰতিষ্ঠাপক। ধৰ্ম প্ৰতিষ্ঠাপকক সৎগতি দাতা বুলি কেনেকৈ ক’ব পাৰি, এয়া বুজিবলগীয়া অতি গভীৰ কথা। অন্য ধৰ্ম প্ৰতিষ্ঠাপকেতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে, যাৰ পাছত সেই ধৰ্মৰ সকলো আহি যায়, ধৰ্ম প্ৰতিষ্ঠাপকে সকলোকে উভতাই লৈ যাব নোৱাৰে। তেওঁলোকতো পুনৰ্জন্মত আহিবই লাগে, এই বুজনি সকলোৰে বাবে। এজনো গুৰু সৎগতিৰ বাবে নহয়। পিতাই বুজায় - গুৰু পতিত-পাৱন এজনেই, তেৱেঁই সকলোৰে সৎগতিদাতা, মুক্তিদাতা, ক’ব লাগে আমাৰ গুৰু এজনেই, যিয়ে সৎগতি দিয়ে, শান্তিধাম, সুখধামলৈ লৈ যায়। সত্যযুগৰ আদিত বহুত কমসংখ্যক থাকে। তাত কাৰ ৰাজত্ব আছিল, চিত্ৰতো দেখুৱাবা নহয়। ভাৰতবাসীয়েহে মানিব, দেৱতাসকলৰ পূজাৰীয়ে তৎক্ষণাত মানি ল’ব যে যথাযথ এওঁলোকতো স্বৰ্গৰ মালিক হয়। স্বৰ্গত এওঁলোকৰ ৰাজত্ব আছিল। বাকী সকলো আত্মা ক’ত আছিল? নিশ্চয় ক’ব নিৰাকাৰী সৃষ্টিত আছিল। এয়াও তোমালোকে এতিয়া বুজি পোৱা। আগতে একোৱেই জনা নাছিলা। এতিয়া তোমালোকৰ বুদ্ধিত চক্ৰ ঘূৰি থাকে। যথাযথ 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত এওঁলোকৰ ৰাজত্ব আছিল, যেতিয়া জ্ঞানৰ প্ৰালব্ধ পূৰা হয় তেতিয়া পুনৰ ভক্তিমাৰ্গ আৰম্ভ হয় তাৰপাছত লাগে পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। বচ্‌, এতিয়া আমি নতুন সৃষ্টিলৈ যাম। পুৰণি সৃষ্টিৰ প্ৰতি থকা অন্তৰৰ আকৰ্ষণ নোহোৱা হৈ যায়। তাত স্বামী, সন্তান আদি সকলো এনেকুৱা পাবা। বেহদৰ পিতাইতো আমাক বিশ্বৰ মালিক কৰি তোলে।

যিসকল বিশ্বৰ মালিক হওঁতা সন্তান আছে, তেওঁলোকৰ খেয়াল বহুত উচ্চ আৰু চলন বহুত মাৰ্জিত হ’ব। ভোজনো বহুত কম, বেছি লোভ থাকিব নালাগে। স্মৃতিত থকাসকলৰ ভোজনো বহুত কম হ’ব। বহুতৰ খোৱাৰ প্ৰতিয়ে বুদ্ধি গুচি যায়। তোমালোক সন্তানসকলৰতো বিশ্বৰ মালিক হোৱাৰ আনন্দ আছে। কোৱা হয় যে আনন্দৰ দৰে পথ্য নাই। এনেকুৱা আনন্দত সদায় থাকিলে তেতিয়া খোৱা-বোৱাও বহুত কম হৈ যাব। বহুত খালে গধুৰ হৈ যায় তাৰপাছত টোপনিয়াই থাকে। তেতিয়া ক’ব - বাবা টোপনি আহে। ভোজন সদায় একে হিচাপত হ’ব লাগে, এনেকুৱা নহয় যে খাদ্য ভাল হ’লে বহুত খাব লাগে! ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি দুখ-হৰ্তা, সুখ-কৰ্তা পিতাৰ সন্তান, আমি কাকো দুখ দিব নালাগে। অহিত কৰি নিজে নিজক অভিশপ্ত কৰিব নালাগে।

(2) নিজৰ চিন্তাধাৰা বহুত উচ্চ আৰু মাৰ্জিত কৰি ৰাখিব লাগে। দয়াশীল হৈ সেৱাত তৎপৰ হৈ থাকিব লাগে। খোৱা-বোৱাৰ প্ৰতি থকা লালসা ত্যাগ কৰিব লাগে।

বৰদান:
সৎ হৈ নিজক পিতাৰ আগত স্পষ্ট কৰোঁতা আৰোহণ কলাৰ অনুভৱী হোৱা

নিজক যি হোৱা যেনেকুৱা হোৱা তেনেকৈয়ে পিতাৰ আগত প্ৰত্যক্ষ কৰা – এইটোৱে সকলোতকৈ শ্ৰেষ্ঠ আৰোহণ কলাৰ সাধন। বুদ্ধিত যি অনেক প্ৰকাৰৰ বোজা আছে সেয়া সমাপ্ত কৰাৰ এইটোৱে সহজ উপায়। সৎ হৈ নিজক পিতাৰ আগত স্পষ্ট কৰা অৰ্থাৎ পুৰুষাৰ্থৰ মাৰ্গ স্পষ্ট কৰা। চতুৰালিৰে যদি কেতিয়াবা নিজৰ মত আৰু পৰৰ মতৰ পৰিকল্পনা কৰি পিতা বা নিমিত্ত হোৱা আত্মাসকলৰ আগত কিবা কথা উপস্থাপন কৰা তেন্তে এয়া সততা নহয়। সততা অৰ্থাৎ যেনেকৈ পিতা যি হয় যেনেকুৱা হয় তেনেকৈয়ে সন্তানসকলৰ আগত প্ৰত্যক্ষ হৈছে তেনেকৈ সন্তানসকল পিতাৰ আগত প্ৰত্যক্ষ হওঁক।

স্লোগান:
সঁচা তপস্বী তেওঁ যি সদায় সৰ্বস্ব ত্যাগী স্থিতিত থাকে।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

বৰ্তমান হৈছে ভৱিষ্যতৰ দৰ্পণ। বৰ্তমানৰ অৱস্থা অৰ্থাৎ দৰ্পণৰ দ্বাৰা ভৱিষ্যত স্পষ্টকৈ চাব পাৰা। ভৱিষ্যতে ৰাজ্য-অধিকাৰী হ’বলৈ পৰীক্ষা কৰা যে বৰ্তমান মোৰ শাসন কৰাৰ শক্তি কিমানলৈকে আছে? প্ৰথমে সূক্ষ্ম শক্তিসমূহ, যি বিশেষ কাৰ্যকৰ্তা আছে – সংকল্প শক্তিৰ ওপৰত, বুদ্ধিৰ ওপৰত পূৰা অধিকাৰ থাকিলে তেতিয়াহে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰিবা।