21.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়ালৈকে তোমালোক আনৰ মুখৰ পৰা শুনা কথামতে চলি আহিছা, এতিয়া পিতাই তোমালোকক
পোনপটীয়াকৈ শুনাই নিজৰ সমান জ্ঞানপূৰ্ণ কৰি তোলে”
প্ৰশ্ন:
ভাল পুৰুষাৰ্থী
সন্তানসকলৰ চিন তথা তেওঁলোকৰ অৱস্থাৰ গায়ন কি?
উত্তৰ:
ভাল পুৰুষাৰ্থী সন্তানে - মাতা, পিতাক পূৰা পূৰা অনুসৰণ কৰিব। নিজৰ জীৱনৰ প্ৰতি দয়া
উপজিব। পূৰা পূৰা মনোযোগ দিব। অলপ সময় উলিয়াই হ’লেও বাবাৰ স্মৃতিত নিশ্চয় বহিব।
তেওঁলোকৰ অৱস্থাৰ গায়ন হৈছে - অচল, অটল, স্থিৰ। তেওঁলোককহে মহাবীৰ বুলি কোৱা হয়।
গীত:
ভোলেনাথ সে
নিৰালা…. (ভোলানাথতকৈ অনন্য….)
ওঁম্শান্তি।
ভক্তিমাৰ্গত
জগতে কেৱল গায়ন কৰে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা - ভক্তিমাৰ্গত আমিও গায়ন
কৰিছিলোঁ। এতিয়া সেইজন ভোলানাথেই সন্মুখত আছে, ‘ভোলানাথ’ শব্দটি ভক্তিমাৰ্গৰ।
জ্ঞানমাৰ্গৰ শব্দ হৈছে ‘শিৱবাবা’। তোমালোকে বুজি পোৱা যে অনাদি পূৰ্ব নিৰ্ধাৰিত
ড্ৰামাৰ পৰিকল্পনা অনুসৰি এতিয়া সংগমযুগত পিতা আহি আমাৰ দ্বাৰা এইটো পুৰুষাৰ্থ
কৰাবই লাগে। কল্পই কল্পই পুৰুষাৰ্থ কৰাই আহিছে। কিমান সময় তোমালোক সন্তানসকলে ভক্তি
কৰিলা, এইটোও সিদ্ধ কৰি শুনায়। যিসকলে পোন-প্ৰথমে ভক্তি আৰম্ভ কৰিছে তেওঁলোকেই আহি
জ্ঞান ল’ব আৰু পুনৰ সূৰ্যবংশী হ'ব। সত্যযুগত কেৱল এযোৰা লক্ষ্মী-নাৰায়ণতো নাহে।
তেওঁলোকৰ ৰাজবংশও আছে নহয়। তাক কোৱা হয় দৈৱী বৰ্ণ। এতিয়া হৈছে আসুৰিক বৰ্ণ। এয়া হৈছে
সংগম। এতিয়া আসুৰিকৰ পৰা দৈৱী বৰ্ণত যাব লাগে। যথাযথ এয়া মহাভাৰতৰ যুদ্ধও সেইখনেই
হয় যিখনৰ বিষয়ে গায়ন কৰা হয়। কেৱল নাম ‘শিৱ’ৰ সলনি ‘কৃষ্ণ’ লিখি দিলে। এখন গীতা
খণ্ডন হ'লে সকলো শাস্ত্ৰ খণ্ডন হৈ যায়। মূল কথা হৈছা গীতাৰ। গীতা পাঠশালা বা গীতা
ভৱন কিমান আছে! গীতা জ্ঞান শুনাৰ পাঠশালা। স্বয়ং শুনাওঁতাজন নাই। যিবোৰ হৈ যায় তাৰ
আকৌ গায়ন চলে। সন্তানসকলকতো নিতৌ পিতাই বহুত মৰমেৰে বুজায়। সন্তানসকলে জানে - বাবা
প্ৰেমৰ সাগৰ হয়। সকলোকে প্ৰেমেৰে শিকায়। বাবাই কেতিয়াও খং নকৰে, সদায় প্ৰেমেৰে
বুজায়। সন্তানসকল তোমালোক সতোপ্ৰধান আছিলা আকৌ পুনৰ্জন্ম লৈ আহিছা। তোমালোক
ভাৰতবাসীয়েই আচল দেৱী-দেৱতা ধৰ্মৰ হোৱা। এয়াও শুনায়। পোন-প্ৰথমে উত্তৰাধিকাৰ ল'বলৈ
কোন আহিব? যিসকলে কল্প পূৰ্বে লৈছে, তেওঁলোকেই ক'ব বাবা আপোনাৰ বাহিৰে আমাৰ সহায়ক
আৰু কোনো নাই। পিতাই ক্ষমাও তেতিয়া কৰিব যেতিয়া সংগমযুগ হ’ব। এয়াতো সন্তানসকলে বুজি
পায় যে ৰাৱণৰাজ্য আৰু ৰামৰাজ্য ইয়াতেই হয়। ৰাৱণৰাজ্য হয় সেই কাৰণেইতো ৰামৰাজ্য
বিচাৰে। তোমালোকে যেতিয়া শিৱবাবা বুলি কোৱা তেতিয়া বুদ্ধি নিৰাকাৰজনৰ ফালে হৈ যায়।
নিৰাকাৰেই স্মৃতিলৈ আহে। আত্মাইহে পিতাক আহ্বান কৰে। এনেকুৱাও নহয় যে পৰমাত্মাই বহি
শুনায়। পিতাই বুজায় - ড্ৰামাৰ পৰিকল্পনা অনুসৰি পতিতসকলক পাৱন কৰি তুলিবলৈকেতো মই
শৰীৰত আহোঁ। এনেকুৱা নহয় যে আহ্বান শুনি আহোঁ। ভক্তি যেতিয়া পূৰা হয় তেতিয়া মই
আহিবই লাগে। এয়া বুজিবলগীয়া কথা। সেই সময় আহে, সন্তানসকলে আহ্বান জনাবলৈ ধৰে। এইটোতো
ক'তো লিখা নাই যে কেতিয়া আহিব? তেওঁলোকে কল্পৰ আয়ুস ভুলকৈ লিখি দিছে। এই চিত্ৰখন ঘৰে
ঘৰে থাকিব লাগে। যিখন সদায় চাব আৰু স্মৰণ কৰিব যে এওঁ বাবা, এওঁ দাদা, এয়া
উত্তৰাধিকাৰ। পিতাই কয় - সন্তানসকল সতোপ্ৰধান হ'বলৈ মোক স্মৰণ কৰা তেতিয়া খাদ (বিকাৰৰ
লেপ) আঁতৰি যাব। এই যুক্তি (উপায়) পিতাইহে বুজায়। এইজন পিতায়ো (ব্ৰহ্মায়ো) কয় ময়ো
পুৰুষাৰ্থ কৰোঁ। সন্তানসকলে ইজনে-সিজনক সাৱধান কৰি উন্নতি সাধন কৰিব লাগে। এই
চিত্ৰবোৰৰ বুজনি বহুত ভাল। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰাই আছে। সন্মুখত
ভয়ানক মহাভাৰতৰ যুদ্ধ থিয় হৈ আছে। ইমানবোৰ অনেক ধৰ্মৰ বিনাশ হ’ব, তাৰ বাবে যুদ্ধ
নিশ্চয় লাগে। এই কথাবোৰ সন্তানসকলে পাহৰিব নালাগে। যথাযথ এতিয়া কলিযুগ ঘোৰ অন্ধকাৰ।
কিমান অনেক মনুষ্য আছে, নিশ্চয় বিনাশ হ'ব। সত্যযুগত এটাই ধৰ্ম হ'ব। নিশ্চয় 84 জন্মৰ
চক্ৰও তেওঁলোকেই পৰিক্ৰমা লগাইছে। এয়াতো সহজ। বাকী ইমানবোৰ ধৰ্মৰ নিশ্চয় বিনাশ হ'ব।
পুনৰ এক ধৰ্মৰ প্ৰতিষ্ঠা যথাযথ হৈ আছে। সকলোৰে সৎগতি দাতা হৈছে পিতা। পিতাৰ পৰাহে
সন্তানসকলে উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। সন্তানসকলে জানে - আমি যিসকলে এই পঢ়া পঢ়োঁ সেয়া
ভৱিষ্যত 21 জন্মৰ কাৰণে পঢ়োঁ। ভগৱানুবাচ (ভগৱানে কয়) - মই তোমালোকক পঢ়াই 21 জন্মৰ
কাৰণে স্বৰ্গৰ মালিক কৰি তোলোঁ। সূৰ্যবংশী, চন্দ্ৰবংশী কুল যথাযথ প্ৰতিষ্ঠা হয়। যিয়ে
যিমান পুৰুষাৰ্থ কৰিব, সিমান উচ্চ পদ পাব, গতিকে শিৱবাবাই কয় - এওঁলোক মাতা-পিতাক
অনুসৰণ কৰা। এওঁলোকক সূক্ষ্মলোক, বৈকুণ্ঠতো দেখিবলৈ পোৱা। নিজকো দেখা, আমিও মহাৰজা,
মহাৰাণী হওঁ। বৈকুণ্ঠৰো সাক্ষাৎকাৰ হয়। মানিও লয় যথাযথ ভাৰত বৈকুণ্ঠ আছিল,
শ্ৰীকৃষ্ণপুৰী আছিল। আজি কংসপুৰী, কালিলৈ শ্ৰীকৃষ্ণপুৰী হ'ব। ৰাতি সলনি হৈ দিন হ'ব।
এয়া হৈছে আধাকল্প বেহদৰ দিন আৰু আধাকল্প বেহদৰ ৰাতি। অন্ধকাৰত ঠেকা-খুন্দাই খাই থাকে।
ব্ৰহ্মাৰ ৰাতি মানে ব্ৰাহ্মণসকলৰ ৰাতি। পুনৰ তোমালোক ব্ৰাহ্মণৰ পৰা দেৱতা হোৱা।
সত্যযুগত ব্ৰাহ্মণ নাথাকে, দেৱতাসকল থাকে।
এয়াও সন্তানসকলে জানে
যে ভাৰত পৱিত্ৰ ৰাজস্থান আছিল আকৌ অপৱিত্ৰ ৰাজস্থান হ’ল। ভাৰত সৰ্বদা ৰাজস্থান হৈ
আছে। ৰাজত্ব চলি আহিছে অন্য ধৰ্মাৱলম্বীসকলৰ আৰম্ভণিৰে পৰাই ৰাজত্ব নচলে। ভগৱানেই
ৰাজ্য স্থাপনা কৰে। ভগৱানহে আহি ৰাজযোগ শিকায়। তেওঁ হৈছে নিৰাকাৰ জ্ঞানৰ সাগৰ, সুখৰ
সাগৰ... তোমালোকে জানা যে বাবাৰ পৰা আমি উত্তৰাধিকাৰ পাই আছোঁ। নিশ্চয় আমাৰ
পুৰুষাৰ্থত পলম হৈ আছে। যিমানে যিয়ে পুৰুষাৰ্থ কৰিব, সিমানে পথ দেখুৱাব। পিতাই কয় –
মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা,
কিমান সহজ। লৌকিক মা-পিতা যদি জ্ঞানত চলে তেন্তে সন্তানসকলকো নিজৰ সমান কৰি তুলিব
লাগে। মা-পিতাই সঁচা উপাৰ্জন কৰে তেন্তে সন্তানসকলক সঁচা উপাৰ্জন কৰোৱাব লাগে।
কিছুমান সন্তান ভাল হয়। কয় - মই আত্মিক পঢ়া পঢ়ি ঘৰে ঘৰে এই বাৰ্তা দি থাকিম। পিতায়ো
কয় যে পয়গম্বৰ (দূত) আৰু বাৰ্তাবাহক মই হওঁ, তোমালোকক বাৰ্তা দিওঁ যে ঘৰলৈ ব’লা
অন্য ধৰ্ম প্ৰতিষ্ঠাপকেতো কেৱল আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। মই সকলোকে বাৰ্তা
দিওঁ যে এতিয়া উভতি যাব লাগে। এইখন সৃষ্টি এতিয়া নিবাস কৰাৰ যোগ্য নহয়। মোক স্মৰণ
কৰা তেতিয়া পাৱন হৈ যাবা। তোমালোক পাৱন আছিলা পুনৰ ৰাৱণে পতিত কৰি দিছে। মই পুনৰ
পাৱন কৰি তুলিবলৈ আহিছোঁ। অলপ সময়ৰ ভিতৰতেই এই বোমা আদি নিক্ষেপ কৰিব তেতিয়া বুজিব
যে সেয়াই মহাভাৰতৰ যুদ্ধ। তেন্তে নিশ্চয় ভগৱানো থাকিব। কিন্তু তেওঁলোকে বুজি লয় যে
গীতাৰ ভগৱান হৈছে শ্ৰীকৃষ্ণ। কিমান বিবুদ্ধিত পৰি আছে। বিবুদ্ধিত নপৰাহেঁতেন ভগৱানৰ
অহাৰেই কি দৰকাৰ। ভক্তিমাৰ্গক পাকচক্ৰৰ খেল বুলি কোৱা হয়। এতিয়া পিতাই কয় - মোক
স্মৰণ কৰিলে সকলো ভুল সমাপ্ত হৈ যাব। আগতে নিজক দেহ বুলি বুজিছিলা। এতিয়া নিজক দেহী
(আত্মা) বুলি বুজা। এনেকৈ পিতাইহে সাৱধান কৰি দিয়ে যে সন্তানসকল দেহী-অভিমানী হোৱা।
ইয়াত তোমালোক পিতাৰ সন্মুখত বহি আছা। তাত সেৱাকেন্দ্ৰসমূহত কন্যাসকলে বহি বুজাব যে
শিৱবাবাই এনেকৈ কয়। ইয়াততো পোনপটীয়াকৈ পিতাই কয় - মই আত্মাসকলৰ সৈতে বহি বাৰ্তালাপ
কৰোঁ। তোমালোক সন্তানসকলে জানা যে বাবাই এওঁৰ দ্বাৰা আমাক বুজাই আছে। এয়া বৰ
কল্যাণকাৰী মেলা। পিতাই কয় - নিৰন্তৰ মোক স্মৰণ কৰা। বাবাৰ পৰা আমি স্বৰ্গৰ
উত্তৰাধিকাৰ ল’ব লাগে। পিতা আৰু স্বৰ্গক স্মৰণ কৰিব লাগে। কোনো বিকৰ্ম কৰিব নালাগে।
যদি বিকৰ্ম কৰা তেন্তে এশগুণ হৈ যাব। বিকৰ্ম কৰাওঁতা হৈছে মায়া, মায়াৰ ওপৰত জয়ী হ’ব
লাগে সেইকাৰণে হনুমান মহাবীৰৰ কাহিনী আছে। তোমালোক হনুমান মহাবীৰ হোৱা নহয়। আমিতো
বাবাৰ হৈ গ’লোঁ। মায়াৰ হাতত পৰাজিত হ’ব নোৱাৰোঁ। গতিকে বাবাক স্মৰণ কৰি কৰি
সতোপ্ৰধান, বিকৰ্মাজিৎ হৈ যাবা। যদি নোহোৱা তেন্তে নিজৰ পদ ভ্ৰষ্ট কৰিবা। যিসকল
পুৰুষাৰ্থী সন্তান তেওঁলোকৰ নিজৰ জীৱনৰ প্ৰতি দয়া উপজে। যিয়েই নহওঁক স্মৃতিৰ
যাত্ৰাত থাকিব, অচল-অটল স্থিৰ হৈ থাকিব। বিনাশতো হ’বই। সকলোৰে ককা, খুড়া, মামা, গুৰু,
গোঁসাই আদি সকলো নাশ হৈ যাব। সৎগুৰুৱে কয় - মই তোমালোকক লগত লৈ যাওঁতা হওঁ। মনুষ্যতো
একেবাৰে অন্ধকাৰত আছে, তোমালোকে জানা যে শিৱবাবাই আমাক লগত লৈ যাব। এনেকৈ কয় নহয় যে
কালে খাই পেলালে। কিন্তু মইতো তোমালোকক শান্তিধামলৈ লৈ যাওঁ। আত্মা শৰীৰ এৰি গুচি
যায়। কালে লৈ নাযায়, আত্মা ওলাই যাবলগীয়া হয়। এতিয়াতো মই নিজেই আহিছোঁ – তোমালোকক
উভতাই লৈ যাবলৈ। বাবা মাৰিবলৈ আহিছে জানো? নহয়। তোমালোকে পুৰণা শৰীৰ ত্যাগ কৰিব লাগে।
আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। এতিয়া 5 তত্ত্বও তমোপ্ৰধান, সেইকাৰণে
শৰীৰো এনেকুৱা হৈছে। তাত সতোপ্ৰধান তত্ত্বৰে তোমালোকৰ শৰীৰো বগা (পাৱন) হ’ব। পিতাই
কয় - মই আকৌ সত্যযুগী আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। তোমালোকেই 84 জন্ম
ভোগ কৰিছা। তোমালোকে নিজৰ ধৰ্মক পাহৰি গৈছা অন্য কোনেও নিজৰ ধৰ্মক পাহৰা নাই।
তোমালোকে এতিয়া জানা যে আমি প্ৰকৃত দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল ইমান উচ্চৰ পৰা কেনেকৈ
নীচ হৈ গ’লোঁ। পিতাই বহি কল্পই কল্পই তোমালোককে বুজায়। তোমালোকে আকৌ অন্যক বুজাই
থাকিবা। এতিয়া 84ৰ চক্ৰ পূৰা হয়, বিনাশ সমাগত। স্বৰ্গৰ মালিক হ’বলৈ নিজক যোগ্য কৰি
তুলিব লাগে। সেয়া হ’ব লাগে স্মৃতিৰে। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰা। বাবা বিস্ময়কৰ
– আপুনি কেনেকৈ আহে। গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিলে কিন্তু এয়াতো এতিয়া জানোঁ - আপুনি
সন্মুখত বাৰ্তালাপ কৰি আছে। সেয়া হৈছে আনৰ মুখৰ পৰা শুনা ভক্তিমাৰ্গৰ কথা। এতিয়াতো
আমি আত্মাসকলে আপোনাক অৰ্থাৎ পিতাক পাইছোঁ, আত্মাই পিতাক পালে গতিকে সেই মৰমত আহি
মিলিত হয়। সন্তানসকলে পিতাৰ সৈতে বহুত মৰমেৰে মিলিত হয়। ইয়াততো সেই নিৰাকাৰ পিতা
হৈছে গুপ্ত সেইকাৰণে বাবাই সদায় কয় - এওঁক লগ কৰোঁতে শিৱবাবাক স্মৰণ কৰি লগ কৰিবা।
মনুষ্যইতো একোৱেই নাজানে। তোমালোকৰ ভিতৰতো যিসকলে জানে, মোৰ হৈ পুনৰ পাহৰি যায়।
দেহ-অভিমানত আহি যায়। প্ৰতিজ্ঞাও কৰে – বাবা মই আপোনাৰ হৈ গ’লোঁ। পুৰুষেই হওঁক বা
মহিলাই হওঁক, দুয়োৰে আত্মাই কয়। কিন্তু শৰীৰত থাকিলে পুৰুষে কয় - মই আপোনাৰ হৈ গ’লোঁ।
মহিলাই ক’ব - মই হৈ গ’লোঁ। বাবা মই আপোনাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ম। পূৰা স্মৰণ
কৰিম। স্মৃতি অবিহনে মামৰ আঁতৰিব নোৱাৰে, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব নোৱাৰে।
সত্যযুগত তোমালোকে অখণ্ড অটল, সুখ-শান্তি, সম্পত্তিৰ 21 জন্ম ৰাজ্য পোৱা। স্বৰ্গৰ
ৰচয়িতা পিতাই নিশ্চয় নিজৰ উত্তৰাধিকাৰ দিব। গায়নো কৰে - চিন্তা আছে সিপাৰে ব্ৰহ্মত
থকা পৰমপিতা পৰমাত্মাৰ। তেওঁতো এবাৰে আহে। এয়াও বুজিবলগীয়া কথা হয় নহয়। বহুতেতো
বুজিয়েই নাপায়, আগলৈ গৈ চকু মুকলি হ'ব। অলপ ডাঙৰ যুদ্ধ লাগক। বাস্তৱত এই যজ্ঞ ৰচি
থোৱা আছে। যুদ্ধও আছে। এই যজ্ঞৰ কথা কোনেও গম নাপায়। ৰুদ্ৰ জ্ঞান যজ্ঞ এইবাবেই
ৰচিছিল যাতে বিনাশ হয়। তেওঁলোকে আকৌ যজ্ঞ ৰচে যাতে বিনাশ নহয়, শান্তি হৈ যায়। এই
যজ্ঞ আকৌ ৰচিব। তেওঁলোকে এইটো গম নাপায় যে বিনাশ হ'ব তাৰপাছত কি থাকিব? তোমালোক
সন্তানসকলে এতিয়া গোটেই বিশ্বৰ আদি-মধ্য-অন্তক জানা। সকলোৰে বেহদৰ জন্ম কাহিনীক জানা।
এনেকুৱা কোনো নাই, যিয়ে ক’ব যে পৰমপিতা পৰমাত্মাৰ আমি জীৱন কাহিনী শুনাওঁ।
পৰমাত্মাকে সকলোৱে আহ্বান জনায় নহয়। ঘনে ঘনে স্মৰণ কৰে। এনেকৈ কয় নহয় যে ভগৱানে এই
সন্তানটি দিলে, এইটো কৰিলে। কোনো কোনোৱে এয়া বুজি পায় - যাৰ বস্তু আছিল, তেওঁ লৈ
ল’লে। এনেকুৱাও কোনো কোনো বুদ্ধিমান পুৰুষ থাকে। অনেক প্ৰকাৰৰ মনুষ্য আছে। তোমালোকে
এতিয়া পিতাক পাইছা গতিকে পিতাকেই স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাই উপাৰ্জন হয়।
তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবাগৈ। তোমালোকে সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে
গোটেই চক্ৰক জানা। তোমালোকৰ বুদ্ধিত হুবহু এনেকৈ আছে, যেনেকৈ পিতাৰ বুদ্ধিত আছে
সেইবাবে তেওঁক জ্ঞানৰ সাগৰ, জ্ঞানপূৰ্ণ বুলি কোৱা হয়। তোমালোকে এতিয়া পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছা। তোমালোক সন্তানসকল অবিচলিত স্থিৰ হৈ থাকিব লাগে। এনেকুৱা নহয়
যে মায়াই বাৰে বাৰে আহি বিচলিত কৰিব। নিলাজী বনৰ দৰে (অতি স্পৰ্শকাতৰ) হ’ব নালাগে।
পিতাক স্মৰণ নকৰিলে মৰহি যায়। পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ তোমালোকে কৰি আছা। সময়
সমীপত আহিব, তেতিয়া তোমালোকে দেখিবা আমাৰ পুৰুষাৰ্থ এতিয়া পূৰা হ'ল। অন্ত আহি গ'ল।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক পঢ়া
পঢ়ি সঁচা উপাৰ্জন কৰিব আৰু কৰাব লাগে। ঘৰলৈ উভতি যোৱাৰ বাৰ্তা সকলোকে দিব লাগে।
এতিয়া কোনো বিকৰ্ম কৰিব নালাগে।
(2) পুৱাতে (অমৃতবেলা)
উঠি মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। সৰু-বৰ কথাত নিলাজী বনৰ দৰে (অতি স্পৰ্শকাতৰ)
হ’ব নালাগে। অৱস্থা অচল-অটল কৰি তুলিব লাগে।
বৰদান:
জ্ঞানৰ লাইট
আৰু মাইটৰ দ্বাৰা নিজৰ ভাগ্য জগাই তোলোতা সদায় সফলতামূৰ্ত হোৱা
যিসকল সন্তানে জ্ঞানৰ
লাইট আৰু মাইটৰ দ্বাৰা আদি-মধ্য-অন্তক জানি পুৰুষাৰ্থ কৰে, তেওঁলোকে সফলতা অৱশ্যে
প্ৰাপ্ত কৰে। সফলতা প্ৰাপ্ত কৰাটোও ভাগ্যৰ চিন। জ্ঞানৱান হোৱাটোৱেই ভাগ্য জগাই
তোলাৰ সাধন। জ্ঞান কেৱল ৰচয়িতা আৰু ৰচনাৰ নহয়, জ্ঞানৱান অৰ্থাৎ প্ৰতিটো সংকল্প,
প্ৰতিটো শব্দ আৰু প্ৰতিটো কৰ্মত জ্ঞান স্বৰূপ হোৱা তেতিয়া সফলতামূৰ্ত হ’বা। যদি
পুৰুষাৰ্থ সঠিক হোৱা সত্ত্বেও সফলতা দৃষ্টিগোচৰ নহয়, তেন্তে এনেকৈয়ে বুজিব লাগে যে
এয়া অসফলতা নহয়, পৰিপক্কতাৰ সাধনহে।
স্লোগান:
অনাসক্ত হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰোৱা, তেতিয়া কৰ্মাতীত স্থিতিৰ অনুভৱ সহজে
কৰিব পাৰিবা।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যেতিয়া যোগত বহা,
তেতিয়া সমাহিত কৰা শক্তি ছেকেণ্ডত ব্যৱহাৰ কৰা। সেৱাৰ সংকল্পও সমাহিত হৈ যাওক, ইমান
শক্তি থাকিব লাগে যাতে ৰ’বলৈ ক’লেই ৰৈ যায়। পূৰা ব্ৰেক লাগি যায়, ঢিলা ব্ৰেক নহয়।
যদি এক ছেকেণ্ডৰ পৰিৱৰ্তে অধিক সময় লাগি যায়, তেন্তে সমাহিত কৰা শক্তি দুৰ্বল বুলি
কোৱা হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]